Home Blog Page 2444

বৰপেটাৰ মৌটুপুৰীত সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ৷

বৰপেটাৰ মৌটুপুৰীত অৱস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ জৰিয়তে অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বালিকা বিদ্যালয় পৰিদৰ্শন লখিমী দত্তৰ ৷ বৰপেটাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই বিদ্যালয়খন পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে ৷ বিশেষকৈ বিদ্যালয়খন চাফ চিকুনকৈ ৰখাৰ বাবে বিদ্যালয়খনৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলক প্ৰশংসা কৰে বিষয়াগৰাকীয়ে ৷ ইপিনে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তোলাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ কৰে শিক্ষা বিষয়া লখিমী দত্তই ৷

বিশেষকৈ ছাত্ৰীসকলক তাঁত শালত কাপোৰ বোৱা, মেচিনত কাপোৰ চিলোৱাৰ লগতে সংগীত, নৃত্য আৰু সমৰ কলাৰো শিক্ষাও প্ৰদান কৰা হয় ৷ ছাত্ৰীসকলে প্ৰদৰ্শন কৰ নৃত্য আৰু সমৰ কলাৰ প্ৰদৰ্শন চাই অতিকে সন্তোষ প্ৰকাশ কৰে লখিমী দত্তই ৷

টেঙাখাতৰ মাজ মজিয়াত বিধংসী অগ্নিকাণ্ড।

ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানা অন্তগত টেঙাখাত মাজ মজিয়াত এক বিধংসী অগ্নিকান্দ সংঘটিত হয়৷জানিব পৰামতে আজি পিছ নিশা প্ৰায় ৩ মান বজাত টেঙাখাত মাজমজিয়াত থকা কেবাখনো দোকানক নিমিখতে জ্বলি শেষ হৈ যায় ৷এই বিধংসী অগ্নিকান্দ কি দৰে সংঘটিত হল বাতৰি লিখা লৈকে জানিব পৰা হোৱা নাই ৷আৰু লগে লগে অগ্নিনিৱাপন বাহিনী খবৰ দিয়াত অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্তলীত উপস্থিত হৈ টেঙাখাত আৰক্ষী লগতে স্থানীয় ৰাইজৰ সহযোগত জুই নুমিয়াবলৈ সক্ষম হয় যদিও ইতিমধ্যে সকলো জুইত জ্বলী শেষ হৈ যায়৷


প্ৰায় ১ কোটি কৈ অধিক সা-সম্পতি ক্ষতিসাধন হয়৷লগতে ঘটনাটো কি দৰে সংঘটিব পালে টেঙাখাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত বি,টি,আৰ প্ৰধান প্ৰমোদ বড়ো৷

গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত বি,টি,আৰ প্ৰধান প্ৰমোদ বড়ো ।বিজেপিৰ সহযোগী দল ইউ,পি,পি,এলৰ অধ্যক্ষ গৰাকীয়ে গৰুখুটি কৃষি প্পকল্প ভ্ৰমণ কৰি প্ৰকল্পটোত চলি থকা কাম- কাজৰ বুজ লয়৷প্ৰকল্পটোত থকা বয়ন শিল্প কেন্দ্ৰটো পৰিদৰ্শন কৰি শিপিনীসকলৰ লগত মত বিনিময় কৰাৰ লগতে পৰিদৰ্শন কৰে গো-শালা৷ইয়াৰ পিচতে ঢলপুৰ শিৱধামত সেৱা লৈ প্ৰাচীন মন্দিৰৰ অলপতে উদ্ধাৰ হোৱা পুৰাতাত্বিক সমলসমুহ নিৰীক্ষণ কৰে৷

ঢলপুৰ শিৱধামে অতীত অসম আৰু ভাৰতৰ সমৃদ্ধিশালী সভ্যতা আৰু ইতিহাসৰ স্বাক্ষৰ বহন কৰিছে বুলি মন্তব্য কৰে বি,টি,আৰ প্ৰধানগৰাকীয়ে৷ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প আৰু ঢলপুৰ শিৱধামৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ প্ৰশংসা কৰে প্ৰমোদ বড়োৱে৷

তিয়ঁহৰ উপকাৰিতাৰ বিষয়ে জানেনে?

ভাৰতৰ সকলো ঠাইতে সহজলভ্য এবিধ পাছলি হ’ল তিয়ঁহ। তিয়ঁহ খালে শৰীৰ শিতল হয় আৰু কঠোৰ পৰিশ্ৰমৰ বাবে হোৱা ভাগৰ দূৰ হয়। তিয়ঁহৰ পৰা আমাৰ শৰীৰত কি কি উপকাৰ হয় আহকছোন আমি জানি থওঁ

১) তিয়ঁহত আমাৰ শৰীৰৰ বাবে মূল্যবান খণিজ পোৱা যায় আৰু সেইবোৰ বাকলিৰ তলতে থাকে। সেয়ে তিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়। ইয়াৰ উপৰিও সকলো ধৰণৰ তৰকাৰীৰ লগত তিয়ঁহ যোগ দিলে খাদ্য গুণ বৃদ্ধি পায়।

২) শৰীৰৰ ভিটামিনৰ শূণ্যতা দূৰ কৰাৰ ক্ষেত্ৰতো তিয়ঁহৰ ভূমিকা অপৰিসীম। কিয়নো তিয়ঁহত এ, বি আৰু চি ভিটামিন থাকে।

৩) তিয়ঁহ, শৰীৰৰ খাৰ অম্লৰ ভাৰসাম্য ৰক্ষা কৰা উৎকৃষ্ট খাদ্য। তিয়ঁহ নিয়মিত খালে প্ৰস্ৰাৱৰ গতিবেগৰ ভাৰসাম্য ৰক্ষা হয়।

৪) তিয়ঁহ কেচাঁয়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় দৈহিক ওজন কমায়।

৫) নিয়মীয়াকৈ তিয়ঁহ খালে ব্লাড প্ৰেছাৰৰ লগতে ডায়েবেটিজ নিয়ন্ত্ৰণত থাকে।

৬) তিয়ঁহ ছালৰ বাবেও অতি উপকাৰী। তিয়ঁহ চকলিয়াই চকু, গাল, মুখ ডিঙিত ব্যৱহাৰ কৰিলে শালমইনা নোলায়। দাগ দূৰ হয়, ছাল সোতোৰা নপৰে আৰু মুখৰ শুকান ভাব আতঁৰে।

স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো খাদ্য কণিকা তিয়ঁহত পোৱা যায়। ৰান্ধিয়েই খাওক বা কেচাঁয়ে খাওক লিখি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ। আহকছোন আমি সদায়ে খাবলৈ লওঁ।

শুকান বতাহে মধ্যপ্ৰদেশত গৰম বৃদ্ধি কৰিছে

ভূপাল, গোৱালিয়ৰ, ৰটলাম, সাগৰ, খাণ্ডৱাত তাপ প্ৰবাহৰ সতৰ্কতা, আজিৰ পৰা তিনিদিনৰ বাবে পাৰা বৃদ্ধি হ’ব।মধ্য প্ৰদেশত, শুকান বতাহৰ বাবে, দিনটোৰ পাৰা এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে। বতৰ বিজ্ঞানী পিকে সাহাৰ মতে, মঙলবাৰৰ পৰা একেৰাহে তিনি দিনৰ বাবে পাৰা বৃদ্ধি হ’ব। এই সময়ছোৱাত ধাৰ, খাণ্ডৱা, ৰটলাম, গোৱালিয়ৰ, গুণা, সাগৰ আৰু ভূপালত তাপ প্ৰবাহৰ পৰিস্থিতি বিৰাজ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, নিশাৰ তাপমাত্ৰা ২০ অতিক্ৰম নকৰিব। ৰাতি গৰমৰ পৰা কিছু সকাহ পাব।বতৰ বিজ্ঞানীজনৰ মতে, শুকান বতাহৰ বাবে দিনটোৰ পাৰা বাঢ়ি ছে। ইয়াৰ ফলত, ৰাজ্যখনৰ বেছিভাগ অঞ্চলত পাৰা ৪২ অতিক্ৰম কৰিছে। ইন্দোৰ আৰু ভূপালত, আজি ই ৪০ অতিক্ৰম কৰিব পাৰে। একে সময়তে, পৰিষ্কাৰ আকাশৰ বাবে, নিশাৰ তাপ সোনকালে হ্ৰাস হয়। যাতে ৰাতিৰ পাৰা বাঢ়ি নাযায়। দুপৰীয়া ২ বজাৰ পিছত.m, বতৰত সামান্য ঠাণ্ডা হয়।

নিশাৰ পাৰা আধা এমপিত ঘূৰিছে ।মধ্য প্ৰদেশত, বেতুল আৰু ভূপালকে ধৰি আধা জিলাত নিশাৰ পাৰা হ্ৰাস পাইছে। ভূপালত সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২ ডিগ্ৰী। ইয়াৰ উপৰিও, বেতুল, গুণ, খাণ্ডৱা, খাৰগোন, উজ্জয়িনী আৰু সাগৰত সৰ্বনিম্ন তাপমাত্ৰা হ্ৰাস পাইছে। ইফালে, ইন্দোৰ আৰু জবলপুৰকে ধৰি ৰাজ্যখনৰ বেছিভাগ অঞ্চলত নিশাৰ পাৰা বৃদ্ধি পাইছে। ৰাজ্যজুৰি নিশাৰ তাপমাত্ৰা প্ৰায় ২০ ডিগ্ৰী আছিল।

জয়পুৰকে ধৰি ২০ খন চহৰত ৪০ ডিগ্ৰীতকৈ অধিক তাপমাত্ৰা

ৰাজস্থানত, তাপ প্ৰবাহ মাৰ্চমাহৰ দৰে হৈ পৰিছিল। জয়পুৰকে ধৰি ৰাজ্যখনৰ বেছিভাগ চহৰত দিনটোৰ পাৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে। পিলানিৰ গংগানগৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৯ ডিগ্ৰী চেলচিয়াছ অধিক বৃদ্ধি পাইছে। বতৰ বিভাগে পৰৱৰ্তী চাৰি দিনৰ বাবে ৰাজ্যখনত তীব্ৰ তাপ প্ৰবাহৰ পৰিস্থিতিৰ সতৰ্কবাণীও জাৰি কৰিছে। ইয়াৰ সৈতে, পশ্চিম ৰাজস্থানৰ জিলাসমূহকে ধৰি ২০ খন জিলাত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে, য’ত তাপ প্ৰবাহৰ সতৰ্কবাণী জাৰি কৰা হৈছে।জয়পুৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ৰাধেশ্যাম শৰ্মাই কয় যে বৰ্তমান বায়ুমণ্ডলত গুজৰাট, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান অঞ্চলত ঘূৰ্ণীবতাহ বিৰোধী প্ৰবাহ বিকশিত হৈছে। এইটোৱে এই ক্ষেত্ৰসমূহত এক চাপৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। একে সময়তে, ৰাজ্যখনত পশ্চিমীয়া বতাহও কাৰ্যকৰী হয়। ইয়াৰ বাবে, তাপমাত্ৰা বৃদ্ধি পাইছে। একে সময়তে, বহুতো জিলাত শক্তিশালী হিটৱেভৰ সম্ভাৱনা আছে।

তেওঁ কৈছিল যে এই ব্যৱস্থাৰ প্ৰভাৱ ১ এপ্ৰিললৈকে থাকিব। ২ এপ্ৰিলৰ পৰা প্ৰণালীটো শেষ হোৱাৰ সৈতে, আকৌ এবাৰ তাপমাত্ৰা সামান্য হ্ৰাস হ’ব। গৰম বতাহে সকাহ দিব বুলি আশা কৰা হৈছে।যদি আপুনি তাপমাত্ৰাৰ স্থিতি লক্ষ্য কৰে, জয়পুৰত প্ৰথমবাৰৰ বাবে, এই ঋতুত সৰ্বাধিক দিনৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছত উপনীত হৈছে। আজমেৰ, ভিলৱাৰা, চিতোৰগড়, উদয়পুৰ, আলৱাৰ, চিৰোহীক বাদ দি, ৰাজ্যখনৰ বাকী চহৰবোৰত পাৰা ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰত নথিভুক্ত কৰা হৈছিল। জয়সলমেৰে কালি সৰ্বাধিক তাপমাত্ৰা ৪২.৪ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰিছিল, যি চহৰখনৰ ইতিহাসত মাৰ্চৰ দ্বিতীয় গৰম দিন আছিল। ইয়াৰ আগতে ২০১৮ চনত, ৩১ মাৰ্চত, জয়সলমেৰৰ তাপমাত্ৰা আছিল ৪২। তাপমাত্ৰা ৭ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল, যি টো আটাইতকৈ গৰম দিন আছিল।

ৰাজ্যখনত তীব্ৰ গৰমৰ বাবে, কিছুমান চহৰৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৯ ডিগ্ৰী চেলচিয়াছতকৈ অধিক থাকিবলৈ আৰম্ভ কৰিছে। শ্ৰীগঙ্গানগৰ য’ত মাৰ্চৰ গড় তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ থাকে। তাপমাত্ৰা ৪০ ৰ ওপৰলৈ গৈছিল। ঝুনঝুনুৰ পিলানীৰ এইপৰিস্থিতি। ইয়াতো কালি দিনটোৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ৯ ডিগ্ৰী চেলচিয়াছ অধিক আছিল। জয়সলমেৰ, আলৱাৰ, বিকানেৰ, চুৰুৱেও দিনটোৰ পাৰা স্বাভাৱিকতকৈ ৭ ডিগ্ৰী চেলচিয়াছ অধিক ৰেকৰ্ড কৰিছিল।

শব্দ প্ৰদূষণত শীৰ্ষ স্থানত আছে ঢাকা।

বিশ্বত দিনক দিনে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা।শেহতীয়াকৈ ‘ব্লেজ এণ্ড অমিলছ’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এক তথ্য।কোনকেই খন চহৰত আটাইতকৈ প্ৰদূষণৰ মাত্ৰা বেছি।এই প্ৰতিবেদনত পাঁ‌চ খন চহৰৰ নাম প্ৰকাশ পাইছে।শব্দ প্ৰদূষণত বিশ্বৰ ভিতৰতে শীৰ্ষ স্থানত আছে বাংলাদেশৰ ঢাকা। দ্বিতীয়ত স্থানত আছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদ।তৃতীয় স্থানত আছে পাকিস্তানৰ ইছলামাবাদ।চতুৰ্থ স্থানত আছে বাংলাদেশৰ অন্য এখন চহৰ ৰাজশাহী।আনহাতে পঞ্চম স্থানত আছে ভিয়েটনামৰ হো চি মিন চিটি।প্ৰতিবেদন খনত উল্লেখ কৰা হৈছে যে বাংলাদেশৰ ঢাকাত ১১৯ ডিবি আৰু ৰাজশাহীত ১০৩ ডিবি শব্দৰ স্তৰ আছে।যাৰ ফলত বাংলাদেশৰ এই চহৰ দুখনত ভয়ংকৰ মাত্ৰাত বৃদ্ধি পাইছে শব্দ প্ৰদূষণ।প্ৰতিবেদনখনত কোৱা হৈছে যে “গাড়ীৰ শব্দ, উৰণ, ৰে’ল যাতায়ত, যন্ত্ৰপাতি, উদ্যোগ আৰু বিভিন্ন উৎসৱৰ শব্দ প্ৰদূষণে।মানুহৰ শাৰীৰিক আৰু মানসিক সুস্থতাৰ ওপৰত প্ৰভাৱ পেলায়।অৱশ্যে প্ৰতিবেদনখনত তথ্য কেনেদৰে সংগ্ৰহ কৰা হৈছিল।ঢাকাৰ যিকোনো এলেকাত শব্দ প্ৰদূষণ কেনেদৰে গণনা কৰা হৈছিল সেই বিষয়ে উল্লেখ কৰা হোৱা নাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যেআৱাসিক এলেকাৰ বাবে অনুমোদিত শব্দৰ স্তৰ হৈছে ৫৫ ডিবি আৰু বাণিজ্যিক এলেকাৰ বাবে ৭০ ডিবি,শব্দ প্ৰদূষণৰ শীৰ্ষ ৫ খন চহৰৰ ভিতৰত ৪ খনেই হৈছে দক্ষিণ এছিয়াৰ।

চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী।

চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদানৰ সপোন সপোন হৈয়ে ৰব । চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে দেখা সপোনত চেঁচাপানী ।এই গুৰুতৰ তথ্য সদৰি কৰিছে চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ কমিটীয়ে।শিৱসাগৰৰ অডিঅ” চিটি কনফাৰেন্স হলত এক সংবাদমেলযোগে মংগলবাৰে এই শংকা প্ৰকাশ কৰে কমিটিৰ সভাপতি ড° জীতেন বৰপাত্ৰগোঁহাই আৰু সদস্য ড° জাকিৰুল আলমে।‌চুকাফাৰ সৈতে তাই খামটিলৈকে মুঠ ৭ জন ৰজাই ১৩৭ বছৰ ৰাজত্ব কৰিছিল।বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে জনোৱা আবেদনৰ লগত যি প্ৰামাণিক তথ্য দিয়া হৈছে তাত এই ৭ জন ৰজাৰ মৈদাম অন্তৰ্ভুক্ত হোৱা নাই। কেৱল ইমানেই নহয়, গড়গাঁও ৰাজধানী কালত থকা ৰজাসকলৰ বেছি সংখ্যক ৰজাৰ মৈদাম dossier বা ত উল্লেখ নাই। চাওলুং চুকাফাৰ মৈদামেই অন্তৰ্ভুক্ত হোৱা নাই ।অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগে কৰা নাই অন্তৰ্ভুক্ত ।এনেদৰে অধিকাংশ ৰজাৰ মৈদাম DOSSIER ত অন্তৰ্ভুক্ত নোহোৱা বাবেই চৰাইদেউ বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ আশা নিৰ্বাপিত হ’বলৈ ধৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে সংবাদমেলত।

চৰাইদেউক বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিবলৈ এটা চক্ৰই ষড়যন্ত্ৰ কৰা বাবেই মৈদাম অধ্যয়নৰ এক্সপাৰ্ট সকলক বৰ্তমান জৰীপ আৰু আলোচনা কালত এলাগি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে ।

আগন্তুক গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা আপৰ

গণেশগুৰিত আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল

আগন্তুক গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে তৃতীয়খন প্ৰাৰ্থীৰ তালিকা ঘোষণা

ঘোষণা কৰে আপৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক ৰাজেশ শৰ্মাই

মুঠ ৩৭ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা

প্ৰথম তালিকা ১০ টা, দ্বিতীয় তালিকাত ১৫ টা আৰু তৃতীয় তালিকা ১২ টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা

মহানগৰীৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আপে

চতুৰ্থখন প্ৰাৰ্থীৰ তালিকাও শীঘ্ৰেই ঘোষণা কৰিব আপে

খ্ৰীষ্টিয়ানবস্তিৰ নলিনীবালা দেৱী পথত নিশা লাগিল হুৱাদুৱা।

খ্ৰীষ্টিয়ানবস্তিৰ নলিনীবালা দেৱী পথত নিশা লাগিল হুৱাদুৱা ।

নিশা নিহাৰিক এপাৰ্টমেণ্টৰ লিফ্টত আবদ্ধ হৈ পৰিল ৩জন পুৰুষ আৰু এগৰাকী বৃদ্ধ মহিলা।

প্ৰায় ১ ঘণ্টা ধৰি লিফ্টত ভিতৰত আবদ্ধ হৈ থাকিল ৪ জন লোক ।

অৱশেষত SDRFএ মেছিনেৰে লিফ্ট কাটি উদ্ধাৰ কৰে লোককেইজনক।

নিহাৰিক এপাৰ্টমেণ্টটো IDBI বেংকৰ officers Quarter ।