Home Blog Page 2446

হাজোৰ ৯৬ নং শনিয়াদী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ত এখনি বিশেষ গাওঁসভা সম্পণ্ণ……

হাজোৰ ৯৬ নং শনিয়াদী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ত এখনি বিশেষ গাওঁসভা সম্পণ্ণ । আঁচনিৰ ধন লাভৰ বাবদ কোনো হিতাধিকাৰীয়ে মধ্যভোগী দালালক এটকাওঁ ঘোচ নিদিবলৈ আজিৰ সভাত বিনম্ভ্ৰভাৱে ৰাইজক আহ্বান পঞ্চায়ত সভাপতি ৰবিউল হুছেইন’ৰ।

কামৰূপ জিলাৰ হাজো ৰাজহচক্ৰৰ অন্তৰ্গত ৯৬ নং শনিয়াদী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ত আজি এখনি বিশেষ গাওঁসভা সম্পণ্ণ হ’য়।
সভাৰ সভাপতিত্ব কৰে শনিয়াদী পঞ্চায়তৰ সভাপতি ৰবিউল হুছেইনে।সভাৰ উদ্দেশ্য বাখ্যা কৰে পঞ্চায়ত সচীব কিশোৰ কুমাৰ ডেকাই।বিশেষকৈ ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে পি এ’ম কিষান আঁচনিৰ সুবিধাসমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্য উক্তসভাখনি অনুষ্ঠিত কৰা হ’য়।

উক্ত সভাত যিসকল কৃষকে পি.এম.কিষান আঁচনিৰ ধন লাভ কৰিছে নাইবা যিসকল কৃষকে প্ৰথম ,দ্বিতীয় কিস্তিৰ ধন লাভৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ ধন লাভ কৰা নাই তেওঁলোকক চি.এচ.চি’ৰ জঢ়িয়তে আধাৰ লিংকৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ লগতে যিসকল কৃষকে এতিয়াওঁ পি.এম.কিষান আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকক পুনৰ আৱেদন জনাবলৈ দিহা পৰামৰ্শ প্ৰদান কৰে পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে।

অৱশ্যে আঁচনিৰ ধন লাভৰ বাবদ কোনো হিতাধিকাৰীয়ে মধ্যভোগী দালালক এটকাওঁ ঘোচ নিদিবলৈ আজিৰ সভাত বিনম্ভ্ৰভাৱে ৰাইজক আহ্বান জনায় পঞ্চায়ত সভাপতি ৰবিউল হুছেইনে । তদুপৰি উক্ত সভাত উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃষি বিষয়া তাহেৰ আলী,অৱসৰী শিক্ষক আবুল আলী,সমাজসেৱক ফাজিৰ আলী,চি.এচ.চি ৰহমান আলী,হাফিজুৰ ৰহমানকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক বিশিষ্ট ব্যক্তি ও অৰ্ধ শতাধিক ৰাইজ ।

ভৰিৰ ছাল ভালে ৰখাৰ উপায়

স্বাস্থ্যৰ পৰামৰ্শ: মহিলাসকলে তেওঁলোকৰ ছালৰ কিমান নিবিড় যত্ন লয়, কিন্তু ধুলি, মাটি, সূৰ্যৰ সংস্পৰ্শ আদিৰ বাবে, ভৰি বেয়া দেখাবলৈ আৰম্ভ কৰে।

স্বাস্থ্যৰ পৰামৰ্শ: যেতিয়াই আমি কোনো জোতা পিন্ধো, বিশেষকৈ মহিলাসকলে, এনেদৰে, সেয়া চেণ্ডেল হওঁক বা আন যিকোনো ধৰণৰ জোতা হওঁক, তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ভৰি পৰিষ্কাৰ, কোমল আৰু ধুনীয়া দেখায়। কাৰণ আমি সকলোৱে জানো যে এগৰাকী মহিলাই তেওঁৰ ছালৰ কিমান নিবিড় যত্ন লয়। কিন্তু ধুলি, মাটি, সূৰ্যৰ সংস্পৰ্শ আদিৰ বাবে ভৰি বেয়া লাগিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত, আমি আপোনাৰ ওচৰলৈ কিছুমান পৰামৰ্শ আনিছোঁ যাৰ সহায়ত আপুনি আপোনাৰ ভৰি পৰিষ্কাৰ, ধুনীয়া, মসৃণ ৰাখিব পাৰে।

এক্সফলিয়েট – সপ্তাহত এবাৰ কৈ আপোনাৰ ভৰি উলিয়াব লাগে। ই আপোনাৰ ভৰিত থকা মৃত ছালৰ কোষবোৰ আঁতৰ কৰে আৰু লগতে মসৃণ ভৰিও দৃশ্যমান হয়। যদি আপোনাৰ ভৰি শুকান হয়, তেন্তে আপুনি ঘৰত চেনী বা মৌৰ ঘঁহনি বনাব লাগিব আৰু ইয়াৰ পৰা ভৰি পৰিষ্কাৰ কৰিব লাগিব।

ভৰি দীঘলীয়া সময়ৰ বাবে পানীত তিয়াই নাৰাখিব – হয়তো আপুনি পৰিষ্কাৰ কৰিবলৈ আপোনাৰ ভৰি দীঘলীয়া সময়ৰ বাবে পানীত ডুবাই ৰাখিব পাৰে, কিন্তু আপোনাৰ ভৰি গৰমত পানীত ৰাখিলে নিশ্চিতভাৱে শীতলতা হ’ব পাৰে, কিন্তু ই আপোনাৰ ছাল সংকুচিত কৰে।

পিউমিচ শিলৰ ব্যৱহাৰ – আপুনি আপোনাৰ শুকান ছাল আঁতৰাবলৈ পিউমিচ শিল ব্যৱহাৰ কৰিব পাৰে। পিউমিচ পাথৰে আপোনাৰ ভৰিত হোৱা সমস্যাবোৰ হ্ৰাস কৰে আৰু কোমল হৈ পৰে।

ময়েশ্চাৰাইজিং – অত্যাধিক খোজ কঢ়াটোৱে আমাৰ সম্পূৰ্ণতা গোৰোহাৰ ওপৰত ৰাখে আৰু যাৰ ফলত গোৰোহা আটাইতকৈ শুকান হৈ পৰে। আপোনাৰ গোৰোহা ডাঠ ছালৰ পৰা সুৰক্ষিত থাকে, যাৰ অৰ্থ হৈছে যে তেওঁলোকৰ ময়েশ্চাৰাইজ হ’বলৈ সময় লাগে। আৰ্দ্ৰতা বাহাল ৰাখিবলৈ, আপুনি গা ধোৱাৰ পিছত ময়েশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব লাগিব। ই আপোনাৰ ভৰিৰ আৰ্দ্ৰতা ৰাখিব।

বলীউডৰ অভিনেত্ৰী জেৰিন খানৰ মাতৃ আইচিইউত ভৰ্তি, অভিনেত্ৰী গৰাকীয়ে কয় – মোৰ মাৰ বাবে প্ৰাৰ্থনা কৰক

জেৰিন খানৰ মাতৃচিকিৎসালয়ত ভৰ্তিঃ বলীউডৰ অভিনেত্ৰী জৰিন খানৰ মাতৃৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল যাৰ বাবে তেওঁক খঙত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল। জেৰিন খানৰ মাতৃচিকিৎসালয়ত ভৰ্তিঃ বলীউডৰ অভিনেত্ৰী জৰিন খানৰ মাতৃৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছিল যাৰ বাবে তেওঁক খঙত চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।জাৰিন খানে তাইৰ অনুৰাগীসকলক এটা সামাজিক মাধ্যমৰ পোষ্টৰ জৰিয়তে এই বিষয়ে অৱগত কৰিছিল। তেওঁ তেওঁৰ ইনষ্টাগ্ৰামত এটা কাহিনী পোষ্ট কৰিছিল য’ত তেওঁ কৈছিল যে তেওঁৰ মাতৃৰ স্বাস্থ্য হঠাতে অৱনতি হৈছে আৰু তেওঁক আইচিইউত ভৰ্তি কৰা হৈছে। তেওঁ অনুৰাগীসকলক তেওঁৰ মাতৃৰ বাবে প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল। তেওঁ তেওঁৰ কাহিনীত লিখিছিল “মোৰ মাৰ স্বাস্থ্য হঠাতে পুনৰ অৱনতি ঘটিছে আৰু যোৱা নিশা তেওঁক খঙত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান আইচিইউত আছে। মই আপোনালোক সকলোকে মোৰ মাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছো। “আমি ইয়াত আপোনাক কওঁ যে এইটো প্ৰথম বাৰৰ বাবে নহয় যে জৰিন খানৰ মাকক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।

যোৱা বছৰো, তেওঁক হঠাতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে, জাৰিনে তাইক চিকিৎসালয়লৈ লৈ যোৱা ৰোগটোৰ বিৱৰণ ভাগ-বতৰা কৰা নাছিল। আপোনাক কওঁ যে জৰিন খান আপোনাৰ পিতৃ-মাতৃৰ অতি ঘনিষ্ঠ। তাইক প্ৰায়ে তেওঁলোকৰ সৈতে সময় কটোৱা দেখা যায়। জৰিনক তাইৰ মাক আৰু দেউতাকৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে। কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, জৰিন খানক সোনকালেই এটা ট্ৰেকত দেখা যাব। এই গানটো ঈদত মুক্তি দিয়া হ’ব। গানটোৰ শীৰ্ষক হৈছে ‘ঈদ হো জায়েগী’, য’ত উমাৰ ৰিয়াজকো জাৰিনৰ সৈতে দেখা যাব।

ধুমুহাই তচনচ কৰা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজ লৈ সহায়ৰ হাত আগবঢ়ালে বিৰোধী দলপতি দেৱব্ৰত  শইকীয়াই…..

কালি প্ৰৱল ধুমুহাই তচনচ কৰি ব্যাপক ক্ষতিগ্ৰস্ত কৰা নাজিৰা মহকুমাৰ গেলেকীৰ বিভিন্ন প্ৰান্তৰ পৰিয়ালৰ গৃহে গৃহে গৈ ক্ষেত্ৰৰয় – ক্ষতিৰ বুজ ললে সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

পুৱা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ নাজিৰা ৰাজহ চক্ৰ বিষয়াই সংগ দিয়া অৱস্থাত গেলেকী , ন – পাম বাৰুতীয়া , আঠখেল , নামৰূপ গাওঁ দোলাকাষৰীয়া , মিছাজান আদি বিভিন্ন স্থানৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰে ঘৰে গৈ ক্ষয় – ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক বিৰোধী দলপতি গৰাকীয়ে নিজা ববীয়াকৈ খাদ্য – সামগ্ৰী , ঘৰ নিৰ্মাণৰ কিছু বা – সৰঞ্জাম আদি প্ৰদান কৰি সহায়ৰ হাত আগবঢ়ায় ।

নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কালি সমষ্টিটোৰ  ধুমুহাই তচনচ কৰি ক্ষতিগ্ৰস্ত কৰা পৰিয়ালসমূহক চৰকাৰ তৰফৰ পৰা তৎকালীনভাৱে সহায়ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নাজিৰা মহকুমা প্ৰশাসন , শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰকাৰী দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী তথা চৰকাৰলৈ কামৰ আহ্বান জনাইছে । 

ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘৰিটাক উষ্ম আদৰণি মাৰ্ঘেৰিটাত….

বিশাল সমদলেৰে সাংসদ গৰাকীক নিজৰ গৃহলৈ আদৰি আনিলে দলীয় কৰ্মী তথা শুভাকাংক্ষীয়ে । মাৰ্ঘেৰিটাৰ সুন্তান সাংস্কৃতিক কৰ্মী তথা ৰাজ্যসভাৰ নৱ নিৰ্ৱাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক আজি মাৰ্ঘেৰিটাত উষ্ম আদৰণি জনোৱা হয়।ৰাজ্যসভা সাংসদ ৰূপে নিৰ্বাচিত হোৱা পাছত প্ৰথমবাৰৰ বাবে নিজা ঠাই মাৰ্ঘেৰিটাত আহি উপস্থিত হয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা।এক বিশাল সমদলেৰে সাংসদ গৰাকীক নিজৰ বাসগৃহলৈ আদৰি আনে দলীয় কৰ্মী তথা শুভাকাংক্ষীয়ে।

ইয়াৰ পিছতে উত্তৰ মাৰ্ঘেৰিটাৰ ৰঙ্গমঞ্চৰ পে্ক্ষাগৃহত নৱ নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক স্থানীয় বিভিন্ন দল সংগঠন তথা শুভাকাংক্ষীয়ে ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰে।সম্বৰ্ধনা গ্ৰহণ কৰি ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই অসম আৰু অসমীয়া তথা দেশৰ স্বাৰ্থত সদায় নিষ্ঠাৰে কাম কৰি যাব বুলি পুনৰ দোহাৰে।

সাংসদগৰাকীক স্থানীয় বহু- দল সংগঠনৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সন্থাইয়ো এখনি ফুলাম গামোচা আৰু এটি ফুলাম জাপিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে।ৰাইজৰ আশা মাৰ্ঘেৰিটা সু-সন্তান তথা সাংস্কৃতিক কৰ্মী পবিত্ৰ মাৰ্ঘেৰিটাই মাৰ্ঘেৰিটা লগতে অসমবাসীৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাওঁক।

পানী নিষ্কাশনৰ নলা বন্ধ , কৃত্ৰিম বানত বুৰ যোৱাৰ শংকা মুদৈজানৰ কেইবাখনো গাঁও ……..

টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত মুদৈজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৱা নলা বন্ধ হৈ পৰাত বৃহত্তৰ মুদৈজান অঞ্চলৰ প্ৰায় ১০ খনত কৈ অধিক গাঁও কৃত্ৰিম বান পানীৰ কৱলত পৰাৰ আশংকা কৰি স্থানীয় লোক সকলে বন্ধ নলাটো খুলি দিয়াৰ ব্যৱস্থা কৰিবলৈ টীয়ক ৰাজহ চক্ৰৰ বিষয়াক আবেদন জনাইছে ।কেইবা গৰাকী স্থানীয় গাঁও প্ৰধান , পঞ্চায়তৰ সভাপতি , সদস্য কে ধৰি অঞ্চলটোৰ সচেতন ব্যক্তিৰ স্বাক্ষৰিত সেই আবেদনত উল্লেখ কৰা অনুসৰি মুদৈজানৰ ইছাৰ তেল ডিপুৰ মাজেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা কালভাটৰ্টো  বৃহত্তৰ অঞ্চলটোৰ পানী ওলাই যোৱাৰ একমাত্ৰ পথ ।

কেইৱাদৰ্শকো ধৰি বাৰিষা অঞ্চলটোৰ দক্ষিণ দিশৰ আৱদ্ধ পানী ওলাই যোৱাৰ বাবে ৰাইজে সকাহ পাই আহিছে । বাৰিষা মুদৈজান নদীৰ বাঢ়নি আৰু বৰষুণৰ পানী বাইলুং গাঁও,চাওদাং গাঁও ,দুৱৰা গাঁও ,পুৰনি গজপুৰীয়া,নতুন গজপুৰীয়া,নেপাম গোহাঁই গাঁও,নতুন চাপৰি গাঁও, বাদুলী পুখুৰী মাজ গাঁও ,মুদৈজান ভৰলুুৱা ,২ নং মুদৈজান ভৰলুৱা গাঁও,আদি ৰাজহ চক্ৰৰ লগতে আখৈদিচা আৰু দময়ন্তি চাহ বাগিছাৰ মাজেদি  বাগৰি আহি এই কালভাৰ্তটোৱে ওলাই যায় ।

কিন্তু কালভাৰ্তটোৰ সন্মুখত উত্তৰ দিশে ওখকৈ মাটি পেলাই দিয়াৰ ফলত বন্ধ হৈ যায় ।ফলত আগন্তুক বাৰিষাত যে মুদৈজান নদীৰ বাঢ়নি পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিব দক্ষিণ পাৰৰ  দহখনতকৈ অধিক গাঁও । তদুপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিও ভাবুকি সৃষ্টি  কৰিব ।

নলবাৰী আৰক্ষীৰ হাতত নিচাজাতীয় সামগ্ৰীসহ সৰবৰাহকাৰী আটক ……

নলবাৰী জিলাত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ ।যাৰ বাবে এই ড্ৰাগছ সৰবৰাহকাৰীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে নলবাৰী আৰক্ষীয়ে । সেইমৰ্মে নলবাৰী জিলাৰ বিজুলি নগৰৰ পৰা নলবাৰী সদৰ থানাৰ টাউন ডাৰোগা দ্বীপ জ্যোতি শৰ্মাৰ নেতৃত্বত নলবাৰী আৰক্ষীৰ এটি সজাতি দলে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে ।

নলবাৰী বিজুলি নগৰত জিলাখনৰ এলেঙ্গীদলৰ আলাউদ্দিন আলি নামৰ এগৰাকী যুৱকে নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰিবৰ অহাৰ সময়ত নলবাৰী আৰক্ষীয়ে হাতে-লটে ধৰা পেলাই আটক কৰে যুৱক জনক । নলবাৰী আৰক্ষীয়ে যুৱক জনৰ পৰা ২৮০ টা নিচাজাতীয় কেপচুল জব্দ কৰে । বৰ্তমান নলবাৰী আৰক্ষীয়ে যুৱকজনৰ পৰা সোধ -পোচ অব্যাহত ৰাখিছে  ।

ডবকাত আৰক্ষীৰ জালত মনিপুৰৰ শিক্ষকসহ ৬ ড্ৰাগছ পেডলাৰ….

ড্ৰাগছ ব্যৱসায়ত জড়িত মনিপুৰৰ শিক্ষক৷ ডবকাত আৰক্ষীৰ জালত মনিপুৰৰ শিক্ষকসহ ৬ ড্ৰাগছ পেডলাৰ৷ জব্দ প্ৰায় এক কোটি টকাৰ ড্ৰাগছ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত হোজাই, মোৰাঝাৰ আৰু লংকা আৰক্ষীয়ে হোজাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে সৰবৰাহকাৰী কেইজনক৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হল হোজাই লংকাৰ ৱাহিদুৰ ৰহমান, মোৰাঝাৰৰ জীয়াবুৰ ৰহমান আৰু তাজ উদ্দিন, লংকা নখুটিৰ বাবুল হুছেইন, মনিপুৰৰ মহাব উদ্দিন আৰু বি এম ৱাৰিছ বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷ ইয়াৰে বি এম ৱাৰিছ মনিপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক হয়৷ ধৃত আটাইকেইজনৰ পৰা প্ৰায় ১২০ গ্ৰাম হেৰইন উদ্ধাৰ কৰে আৰক্ষীয়ে৷

সম্প্ৰতি আটাইকেইজনকে মোৰাঝাৰত জেৰা চলাই আছে আৰক্ষীয়ে৷ জেৰাৰ অন্তত আন বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিব বুলি জানিবলৈ দিছে হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাই৷

সূতাৰপাৰাত পকী -পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি-অনিয়ম ,ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ….

অভিযোগ অনুসৰি গোৱালপাৰা জিলাৰ মাটিয়াৰ পৰা শিমলিতোলালৈ যোৱা (এ.এছ-০৭-৪০৫)পে কেজ নম্বৰৰ পথটি নিৰ্মাণৰ দুই মাহ সম্পূৰ্ণ নোহোৱতেই বিভিন্ন ঠাইত ব্লেক টুপিং বোৰ বখলা-বখলে উঠি যোৱাত ৰাইজ অতিষ্ঠ হৈ পৰিছে।
নিম্নমানৰ কামৰ বাবেই ভৰিৰে গচকিলে উঠি যায় ব্লেক টপিং ।

বাইক বা গাড়ী আদিৰ ব্ৰেক মাৰিলেও চকাৰ লগত উঠি আহে কাৰ্পেটিং।যাৰ ফলত মাজে সময়ে সংঘটিত হয় দূৰ্ঘটনা।জয়ন্তী কন্ট্ৰাক্টৰচ & ইঞ্জিনিয়াৰ লিমিটেডে অতি নিম্নমানৰ কাম কৰাৰ লগতে ৰাস্তাটোৰ ছাইট বামৰ কামো ভালকৈ নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। বাৰাম্বাৰ বিভাগীয় কতৃপক্ষ তথা ঠিকাদাৰক অৱগত কৰিও নাপালে হেনো সুফল।উপায়ন্তৰ হৈ ৰাস্তাৰ মাজতে লোক নিৰ্মাণ বিভাগ তথা ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে।

প্ৰশ্ন হয় স্বয়ং মূখ্যমন্ত্ৰীৰ হাতত থকা লোক- নিৰ্মাণ বিভাগৰ বিৰুদ্ধে ৰাইজে কৰা এনে প্ৰতিবাদে বিভাগীয় কতৃপক্ষৰ গা লৰিব নে?এনেদৰে একাংশ ঠিকাদাৰে চলাই যাব লুণ্ঠন।সেয়া হে হ’ব লক্ষণীয়!!

বৰপেটাৰ কাছুমাৰাত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু


বুধবাৰে পুৱাৰ ভাগত অহা তীব্রবেগী ধুমুহাই কাল হ’ল এগৰাকী বৃদ্ধাৰ। বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাদিয়াত ধুমুহাৰ তাণ্ডৱত এগৰাকী বৃদ্ধাৰ মৃত্যু হয়। জানিব পৰা মতে দক্ষিণ মৈৰাদিয়া গাঁওৰ ৭৫ বছৰীয়া, আন্না খাতুন নামৰ বৃদ্ধা গৰাকীয়ে সুলভ মূল্যৰ চাউল লৈ ঘৰলৈ উভতাৰ পথত প্ৰচণ্ড ধুমুহাৰ মুখামুখি হয়।

এই ধুমুহাত বতাহৰ গতিবেগ ইমানেই বেছি আছিল যে, বামত থকা এখন প্ৰকাণ্ড নাও উৰুৱাই বৃদ্ধা গৰাকীৰ ওপৰত পেলায়। যাৰফলত ঘটনাস্থলীতে মৃত্যু হয় বৃদ্ধা গৰাকীৰ। এই ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলটোত। ইপিনে প্ৰচণ্ড ধুমুহাত দক্ষিণ মৈৰাদিয়া গাঁওৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে আৰু কৃষি পথাৰতো বিস্তৰ -ক্ষতি সাধন কৰে। বুধবাৰে পুৱাৰ ভাগত অকষ্মাতে অহা ধুমুহাত আতংকিত হৈ পৰে অঞ্চলবাসী ।