শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষা এলাগী হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে শৈক্ষিক ক্ষেত্ৰত উড়িয়া ভাষাক ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায় ।উড়িয়া জনগোষ্ঠীৰ লোকসকলে সাংবিধানিকভাবে জনজাতীয় পৰিচয় পত্ৰ লাভ কৰে যদিও বহু আসোঁৱাহ আছে গতিকে অতি শীঘ্ৰে আসোঁৱাহসমূহ দূৰ কৰি উড়িয়াসকলক জনজাতীয় পৰিচয় পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় ।
অসমত বিভিন্ন জনজাতিৰ উৎসৱ পাৰ্বনত চৰকাৰীভাৱে সন্মান জনায় বন্ধ দিয়ে যদিও উড়িয়া সকলৰ মূল উৎসৱ নোৱাখাই পৰ্বত আজিলৈ স্বীকৃতি প্ৰদান কৰি কোনো বন্ধ ঘোষণা কৰা নাই । সেয়েহে উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই অসমৰ মুখ্যমন্ত্ৰী গৰাকীক অতি শীঘ্ৰে স্বীকৃতি প্ৰদান কৰাৰ লগতে উক্ত দিনত চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ আহ্বান জনায় ।