অস্কাৰৰ দৰে অনুষ্ঠানত এনে ব্যৱহাৰৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰিছিল স্মিথে। কিন্তু তেওঁৰ ব্যৱহাৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে Academy of Motion Picture Arts and Sciencesৰ বিশেষ বৰ্ডে। অৱশ্যে এই ব্যৱহাৰৰ পাছতেই একাডেমীৰ পৰা অব্যাহতি লৈছিল স্মিথে।
নলবাৰী জিলাৰ নাট্যমন্দিৰত ভাৰতীৰ সেনা বাহিনীৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী আইডল শীৰ্ষক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান । ভাৰতীৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই সংগীত অনুষ্ঠানত বৃহস্পতিবাৰে ছেমি ফাইনেল ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল । সেই মৰ্মে আজি এই অনুষ্ঠানৰ ফাইনেল সংগীত প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় । এই সংগীত অনুষ্ঠানত নলবাৰী জিলাৰ লগতে অন্য জিলাৰ প্ৰতিযোগী সকলে অংশ গ্ৰহণ কৰে । ৭ এপ্ৰিলত অনুষ্ঠিত প্ৰাৰম্ভিক ৰাউণ্ডত মুঠ 70 জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।
আনহাতে দুদিনৰ ভিতৰত প্ৰতিযোগী সকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে পূজা কলিতাই এই বছৰ “নলবাৰী আইডল”2022 জয় লাভ কৰে লগতে ভাৰতীয় সেনা বাহিনীৰ পৰা তেওঁক নগদ ধন আৰু মানপত্ৰৰে পুৰষ্কৃত কৰা হয় । আনহাতে ভৰ্গাবি গোস্বামী প্ৰথম ৰানাৰ্চ আপ, ধৃতিদীপ কাশ্যপক দ্বিতীয় ৰানাৰ্চ আপ এই প্ৰতিযোগিতাত ঘোষণা কৰা হয় । এই অনুষ্ঠানত ভাৰতীৰ সেনা বাহিনীৰ শীৰ্ষ বিষয়া-জোৱান সহ সংগীত প্ৰেমী ৰাইজ উপস্থিত থাকে ।
হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক তীব্ৰ সমালোচনা ।
অমিত শ্বাহৰ ঘোষণা অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহত হিন্দী শিক্ষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা ঘোষণা লগে লগে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
হিন্দী ভাষা জাপি দিয়াটো ভাৰতৰ একতা আৰু বৈচিত্ৰতাৰ বাবে উদ্বেগজনক:অসম অসমীয়া জাতীয়তাবাদৰ ওপৰত ১৮ নং মোগল আক্ৰমণ বিজেপিৰ ।
বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব । বিজেপি আৰ এচ এচয়ে সৰু সৰু জনগোষ্ঠী নৃগোষ্ঠীয় ভাষাক ধ্বংস কৰাৰ এক অভিসন্ধি কৰিছে । অসমীয়া জাতীয়তাবাদ আৰু উত্তৰ পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে বিজেপিয়ে ।ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঠনিক আঘাত কৰিছে বিজেপিয়ে । বিজেপিয়ে প্ৰচাৰ কৰাৰ দৰে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় অফিচিয়েল ভাষাহে । গেৰুৱা জাতীয়তাবাদক সাংস্কৃতিক সন্ত্ৰাসবাদ বুলি অভিহিত ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰৰ ।
হিন্দী কোনো কাৰণতে ৰাষ্ট্ৰ ভাষা নহয় । সংবিধানত কোনো ৰাষ্ট্ৰ ভাষা বুলি কোনো কথা নাই । হিন্দী ইংৰাজীৰ লগতে অফিচিয়েল লেংগুৱেজহে , ৰাষ্ট্ৰভাষা নহয় ।এই সম্পৰ্কত ছাত্ৰ মুক্তিৰ সভাপতিজনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান – যদি অসমীয়া তেজ আছে তেন্তে ইয়াৰ বিৰোদ্ধাচৰণ কৰক ।
মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩ শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন কৰে স্কুলৰ অধ্যক্ষ ছুলমান আলীয়ে।
উল্লেখ্য যে মুঠ ২০ জন শিক্ষক শিক্ষয়িত্ৰীক বিভিন্ন শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠদানৰ ওপৰত , ছাত্র ছাত্রী সকলৰ পাঠ গ্রহণত আগ্ৰহী কৰা, শিক্ষক আৰু ছাত্র ছাত্রী সকলৰ মাজত শৈক্ষিক পৰিবেশ উন্নত কৰা আদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰশিক্ষণ চলি থকা অৱস্থাত প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ নিজৰ শ্ৰেণীৰ পাঠদানৰ ওপৰত ৪৫ মিনিটকৈ উদাহৰন দিয়ে।
শেষৰ দিনা বিশিষ্ট অতিথি হিচাপে তিনিচুকীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক আব্দুল আলীয়ে পাঠদানৰ ওপৰত উদাহৰন দিয়ে। অৱশ্যে ৯ এপ্রিলত স্কুলৰ অধ্যক্ষ আৰু উপাধ্যক্ষই বিশেষ বক্তব্য ৰাখে, লগতে শৈক্ষিক দিনপঞ্জিও তৈয়াৰ কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীক দায়িত্ব অৰ্পণ কৰে।
এইক্ষেত্ৰত ৰাজ্য চৰকাৰ সাংস্কৃতিক বিভাগৰ নিৰ্বিকাৰ ভুমিকা তথা থলুৱা শিল্পৰ সমূহৰ সংৰক্ষণৰ প্ৰতি মাহীআইৰ দৃষ্টি আদি কাৰকৰ বাবেও পুঁজিপতি সুবিধাবাদি বনিকগোষ্ঠীয়ে অসমৰ বৰঘৰত সুমাই অসমীয়া সংস্কৃতিক যে কোঠাৰাঘাট কৰি গৈছে সেই কথা ধ্ৰৰূপ ৷