চৌধুৰীয়ে উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পায় নিজকে অত্যন্ত সুখী অনুভৱ কৰাৰ লগতে অৰ্জুন দাসৰ লগত কটোৱা স্মৃতি ৰোমন্ঠন কৰি কয় অৰ্জুন দাস এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰিও সমাজত এজন সমাজ কৰ্মী আৰু সমাজ সংগঠক হিচাপে বিশেষ জনপ্ৰিয়তা আছিল।
অনুষ্ঠানটিত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই কয় অৰ্জুন দাস ছাৰ আছিল শিক্ষক, শিক্ষাবিদ আৰু শিক্ষা সংগঠক এই ত্ৰিবেনী সংগম হৈছিল তেওৰ ব্যক্তিত্ব ৷ তেও আছিল সমাজ সেৱক, সমাজ সংগঠক আৰু সাংস্কৃতিক সেৱক, সাংস্কৃতিক সংগঠক ৷ বৃহত্তৰ বৰপেটা অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জৰিত আছিল তেও ৷ তেও এই স্মৃতিগ্ৰন্থ খনে তেওৰ স্মৃতি বহন কৰিব ৷ এই গ্ৰন্থখনৰ যোগেদি তেও বহু বছৰ জীয়াই থাকিব আৰু নতুন পুৰুষে তেওৰ স্মৃতি সোৱৰি উপকৃত অনুপ্ৰানিত হব ৷অনুষ্ঠানত বিশিষ্ট লেখক দয়ানন্দ পাঠক, অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই অৰ্জুন দাসৰ কৰ্ম জীৱনৰ লগতে এজন সমাজৰ আদৰ্শ ব্যক্তি হিচাপে আলোকপাত কৰে।
চৰাইদেউ জিলাৰ বাণিজ্য শিক্ষাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান সোণাৰি কমাৰ্চ কলেজত আজি প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিপুল দে’ৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠান খনৰ প্ৰবক্তা মণ্ডলীৰ লগতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। সভাত বিশেষকৈ আগন্তুক দিনত মহাবিদ্যালয়খন পৰিদৰ্শন তথা মূল্যায়নৰ বাবে “NAAC” ৰ বিষয়ববীয়া সকলৰ আগমণ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ কৰণীয় সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়।
আনহাতে “NAAC”ৰ সদস্য আগমণৰ আগমূহুৰ্তত ইতিমধ্যে শিক্ষা সাং কৰি মহাবিদ্যালয়খনৰ পৰা ওলাই বিভিন্ন ক্ষেত্ৰত জড়িত হৈ থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এটা ডাটাবেছ প্ৰস্তুত কৰা সন্দৰ্ভত আলোচনা কৰা হয়। ইফালে অহা এক মে’ দেওবাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ এখন সতীৰ্থ সন্মিলন তথা সেই অনুষ্ঠানতে “সোণাৰি কমাৰ্চ কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন”ৰ সমিতিখন নতুনকৈ গঠন কৰা সন্দৰ্ভতো আলোচনা কৰা হয়।