Home Blog Page 2520

৫৪ টা বসন্ত অতিক্ৰম কৰিলে অসম কৃষি বিশ্ববিদ্যালয়ে…

বহনক্ষম কৃষি উৎপাদন বৃদ্ধিৰ বাবে উচ্চ কৃষি শিক্ষাৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ । এই জ্ঞানে গৱেষণা সামৰ্থতাৰ বিকাশ তথা চলিত প্ৰযুক্তি আৰু নতুন কাৰ্যকুশলতা বৃদ্ধিত সহায় কৰিব পাৰে । কৃষি উদ্যোগ অতি সংবেদনশীল আৰু প্ৰযুক্তিগতভাবে উচ্চ আৰু জটিল । সেয়ে এই দিশত সামৰ্থতা থকা ব্যক্তিৰ অতি প্ৰয়োজন ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত বক্তৃতা আগবঢ়াই এই মত ব্যক্ত কৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান (কৃষি শিক্ষা) ড° আৰ চি আগৰৱালে । ‘পৰিবৰ্তিত পৰিস্থিতিত কৃষি শিক্ষাৰ প্ৰাসংগিকতা ‘ শীৰ্ষক এই বক্তৃতাত তেখেতে লগতে কয় যে দেশৰ কৃষি গৱেষণা আৰু উন্নয়নত বৰ্ধিত কৰ্মকুশলতা আৰু মানৰ সম্পদৰ সামৰ্থতা বৃদ্ধি কৰাটো প্ৰধানিক দায়িত্ব । যথোচিত শিক্ষাৰ জৰিয়তে অধিক যোগ্য ,জ্ঞান পিপাসু, বহুল আৰু বহনক্ষম কৰি তুলি নতুন আৰু অধিক শক্তিশালী প্ৰত্যাহ্বান মোকাবিলা কৰি অসাধাৰণ সম্ভাৱনাসমূহৰ সমাধানসূত্ৰ উলিওৱাৰ দিশত ভূমিকা গ্ৰহণ কৰিব লাগিব ।লগতে তেওঁ কয় যে, সমগ্ৰ ভূমিখণ্ডৰ পৰিসৰত অহা কেইটামান বছৰত কৃষিক্ষেত্ৰত লেখত লবলগীয়া পৰিবৰ্তন হব । সেয়ে এই ক্ষেত্ৰই শিক্ষিত পেচাদাৰী যথোচিত ভাবে যোগান ধৰি ভৱিষ্যতৰ খাদ্য সুৰক্ষাৰ দিশত যত্নবান হব লাগে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত বক্তৃতানুষ্ঠানটোত দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানীগৰাকীয়ে লগতে কয় যে, সামৰ্থবৃদ্ধি আৰু সীমাৰেখা উন্নয়নৰ জৰিয়তে দেশৰ ভৱিষ্যতৰ মানৱ সম্পদ গঢ় দি কৃষি যোগান শৃংখলদাল সমৃদ্ধ কৰি ভৱিষ্যতৰ কৃষিৰ প্ৰত্যাহ্বান সমুহ মোকাবিলা কৰিবলৈ ভাৰতীয় কৃষি গৱেষণা পৰিষদে পদক্ষেপ গ্ৰহণ কৰিছে । কৃষি শিক্ষা আৰু গৱেষণাৰ জৰিয়তে বৰ্ধিত কৃষি উৎপাদন , অৰ্থনৈতিক প্ৰভাব আদিৰ দিশবোৰ বিবেচনা কৰি কৃষি আৰু কৃষক কল্যাণ বিভাগ, গ্ৰাম্য উন্নয়ন, খাদ্য সংসাধন উদ্যোগ আদি ক্ষেত্ৰলৈও অৰিহণা যোগাইছে । সেই দিশেৰে কৃষি বিশ্ববিদ্যালয় সমুহেও সম্পদ আহৰণ কৰি নিজকে স্বনিৰ্ভৰ কৰি তুলিবলৈ আচনি যুগুত কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে ।

আদৰণি ভাষণত উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকা ই কয় যে ৫৪ বছৰ পূৰ্বে আশাৰ সপোনেৰে আৰম্ভ হোৱা আমাৰ বিশ্ববিদ্যালয়খনে এই সুদীৰ্ঘ পৰিক্ৰমাত বহু উল্লেখনীয় সফলতা লাভ কৰিছে ।আমাৰ বিজ্ঞানী গৱেষকৰ আশাসুধীয়া প্ৰচেষ্টাৰ বাবে খাদ্যশস্যৰ উৎপাদন বৃদ্ধিত বহু সফল হব পৰা গৈছে ।ৰাজ্যৰ সমগ্ৰ কৃষিভূমিৰ প্ৰায় ৬২ শতাংশ ভূমি আমাৰ উদ্ভাৱিত বীজেৰে পৰিপূৰ্ণ হৈ আছে । ১•৫ লাখ হেক্টৰ ভূমি আমাৰ উদ্ভাৱিত ৰঞ্জিত ধানেৰে ভৰি আছে । একেদৰেই আমাৰ প্ৰযুক্তিৰে ৰবি শস্যৰ দিশটো গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিব পৰা গৈছে । আমাৰ কঠোৰ কৰ্মসূচীৰ বাবেই আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো। আমি এই অংশৰ শক্তিশালী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছো আৰু কৃষি শিক্ষা,গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আমাৰ নিত্যনতুন প্ৰয়াস অব্যাহত থাকিব ।

হৃষীকেশত বিগ বি, অনুৰাগীৰ ভিৰ….

বলীউড অভিনেতা অমিতাভ বচ্চনৰ কিছুমান ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত অতি দ্ৰুতগতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোত, তেওঁক উত্তৰাখণ্ডৰ ঋষিকেশত পূজা আৰু গংগা আৰতি কৰা দেখা গৈছে। চিদানন্দ সৰস্বতীকো তেওঁৰ সৈতে দেখা গৈছে। এই সময়ছোৱাত, য’ত তেওঁৰ দলটো হৃষীকেশত বিগ বি-ৰ সৈতে উপস্থিত আছিল, স্বামী চিদানন্দ আৰু তেওঁৰ অনুগামীসকলও বৃহৎ সংখ্যাত উপস্থিত আছিল। এই বিশেষ অনুষ্ঠানত, বিগ বি-ক এক জাতিগত ৰূপত দেখা যায়। অনুৰাগীসকলে বিগ বি-ৰ এক আভাস পাবলৈ ব্যাকুল দেখা গৈছিল আৰু তেওঁলোকক ফটো-ভিডিঅ’ বনোৱা দেখা গৈছিল।

বিগ বি চিদানন্দ সৰস্বতীৰ সৈতে দেখা যায় ।অমিতাভে তেওঁৰ ব্লগত কিছুমান ফটোও শ্বেয়াৰ কৰিছিল, য’ত তেওঁক গংগা ঘাটৰ পাৰত বহি থকা দেখা গৈছে। তেওঁ স্বামী চিদানন্দ সৰস্বতীৰ সৈতে ফটোও শ্বেয়াৰ কৰিছিল। স্বামী চিদানন্দ সৰস্বতী পৰমাৰ্থ নিকেতনৰ সভাপতি। ফটোবোৰত, তেওঁক কুৰ্তা পায়জামা আৰু নেহৰু জেকেটত দেখা গৈছে। চিদানন্দে বিগ বিৰ প্ৰশংসা কৰে ।ভিডিঅ’টোত দেখা গৈছে যে বিগ বি-ক পৰমাৰ্থ নিকেতনলৈ স্বাগতম জনাই চিদানন্দে কয়, “তেওঁৰ কলাৰ আধাৰত বিগ বিয়ে বহুতো অভিলেখ স্থাপন কৰি দেশলৈ সুনাম কঢ়িয়াই আনিছে। দৰাচলতে, উত্তৰাখণ্ডত, বিগ বিয়ে তেওঁৰ আহিবলগীয়া ছবি ‘গুডবাই’ৰ দৃশ্যগ্ৰহণ কৰি আছে। ইয়াৰ ফলত, বিগ বি ঋষিকেশৰ গংগা ঘাটত উপস্থিত হয়।

বিগ বিৰ ৱৰ্কফ্ৰণ্ট ।বিগ বি-ৰ কৰ্মক্ষেত্ৰৰ বিষয়ে ক’বলৈ গ’লে, তেওঁক শেষবাৰৰ বাবে নাগৰাজ মঞ্জুলেৰ ‘ঝুণ্ড’ত দেখা গৈছিল। এই চলচ্চিত্ৰখনৰ উপৰিও, তেওঁক ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্ট, অজয় দেৱগানৰ ‘ৰানৱে ৩৪’, ৰশ্মিকা মান্দন্নাৰ ‘গুডবাই’ আৰু দীপিকা পাডুকনৰ সৈতে ‘দ্য ইণ্টাৰ্ন’ৰ সৈতে ‘ব্ৰহ্মাস্ত্ৰ’ৰ হিন্দী ৰিমেকত দেখা যাব।

জনপ্ৰতিনিধি-চৰকাৰৰ বঞ্চনাঃ ৰিজ’লোচন একাডেমীয়ে মেৰামতি কৰিলে জৰাজীৰ্ণ পথ

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ বঞ্চনা আৰু প্ৰতাৰণাই ধেমাজি জিলাৰ গোগামুখবাসীক অতিষ্ঠ কৰি তুলিছে ৷ খেনোক দেখি ৰন্ধা-বঢ়া, খেনোক দেখি দুৱাৰ বন্ধা চৰকাৰ আৰু জনপ্ৰতিনিধি সমূহৰ নীতিৰ বাবে বহু শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ প্ৰাপ্ত অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে ৷ চৰকাৰ-জনপ্ৰতিনিধিৰ এনে নীতিৰ অন্যতম সাক্ষী হৈছে উত্তৰ অসমৰ ব্যক্তিগতখণ্ডৰ অন্যতম আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গোগামুখ ৰিজ’লোচন একাডেমী ৷

চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে বঞ্চনা আৰু পক্ষপাতিত্বত অতিষ্ঠ হৈ গোগামুখ ৰিজ’লোচন একাডেমীয়ে তেওঁলোকৰ ৰিজ’লোচন ট্ৰাষ্টৰ টকাৰে লাখ টকা খৰচ কৰি ডেৰ কিলোমিটাৰ জৰাজীৰ্ণ পথ মেৰামতি কৰে ৷ উল্লেখনীয় যে, ২২ নং গোগামুখ-ঢকুৱাখনা ৰাজ্যিক ঘাই পথৰ পৰা মিছন বালিগাঁও হৈ উত্তৰ অসমৰ লেখত ল’বলগা ব্যক্তিগত খণ্ডৰ বিদ্যালয় গোগামুখ ৰিজ’লোচন একাডেমী আৰু পূৱ বালিগাঁৱলৈ ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ পথটো গোগামুখৰ অতি গুৰুত্বপূৰ্ণ পথ হিচাপে চিহ্নিত ৷

ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ এই পথেৰেই গোগামুখৰ প্ৰায়বোৰ শিক্ষানুষ্ঠান তথা বহু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানলৈ শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে শ শ সাধাৰণ লোক নিতৌ অহা-যোৱা কৰে ৷ ৰিজ’লোচন একাডমীৰ পৰিয়ালে পথটো মেৰামতিৰ বাবে চৰকাৰ আৰু জনপ্ৰতিনিধি সকলক দীৰ্ঘদিনে অনুৰোধ কৰি আহিছে ৷ মিচিং স্বায়ত্তশাসিত পৰিষদকো বিষয়টো কৰ্ণগোচৰ কৰিছিল ৷ মিচিং স্বায়ত্তশাসিত পৰিষদে বহু বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ নামত বহু আঁচনি ৰূপায়ণ কৰিলে যদিও পৰিষদৰ নিচেই কাষত থকা ৰিজ’লোচন একাডেমীত পৰিষদৰ আঁচনিয়ে স্পৰ্শ নকৰাটো দুখৰ বিষয় হিচাপে চিহ্নিত হৈছে ৷ চৰকাৰ আৰু জনপ্ৰতিনিধিৰ এনে পক্ষপাতিত্ব আৰু অন্যায়ৰ বাবে ৰিজ’লোচন একাডেমীৰ পৰিয়ালে দুখন জে চি বি, এখন ৰোলাৰ, দুখন ট্ৰেক্টৰ, দুখন ডাম্পাৰ লগাই জৰাজীৰ্ণ পথচোৱা মেৰামতি কৰে ৷ইয়াত সহযোগ কৰে ৰিজ’লোচন একাডেমীৰ দশম আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ ৰিজ’লোচন একাডেমীৰ এই দায়বদ্ধশীল ৰাজহুৱা কামৰ বাবে একাডেমীৰ পৰিয়ালক গোগামুখবাসীয়ে ধন্যবাদ জ্ঞাপন কৰাৰ বিপৰীতে চৰকাৰ আৰু জনপ্ৰতিনিধিসকলক ধিক্কাৰ দিছে ৷

ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যাৰম্ভ উৎসৱ

চৰকাৰে জাৰি কৰা সকলো নীতি নিৰ্দেশনা পালন কৰি ৰঙিয়াৰ কোঠৰা উচ্চ মাধ্যমিক আৰু শ্বহীদ সুনন্দ শালৈ মধ্য ইংৰাজী বিদ্যালয়ত আজিৰে পৰা বিদ্যাৰম্ভ উৎসৱ পালন কৰা হয়। সেই হিচাপে আজি পুৱা বিদ্যালয়ৰ ছাত্র ছাত্ৰী, শিক্ষক কৰ্মচাৰী আৰু অভিভাৱক সকলে বিদ্যালয় খন চাফ চিকুণ কৰে।অনুস্থানটি শুভাৰম্ভ কৰে মধ্য শাখা পৰিচালনা সমিতিৰ সভাপতি নবীন দাসে।

চাকিবন্তি জ্বলাই উচ্চ শাখাৰ সভাপতি দেবেন শৰ্মাই।ছাত্র ছাত্ৰী সকলে প্ৰাৰ্থনা কৰে‌।এই উপলক্ষে আয়োজিত শুভাৰম্ভনি সভাখন পৰিচালনা কৰে উচ্চ শাখাৰ প্ৰধান শিক্ষক পঙ্কজপল্লৱ শৰ্মাই।শিক্ষক ছাত্র ছাত্ৰী আৰু অভিভাৱকৰ এই মধুৰ  সম্পৰ্কই এক বিশেষ শৈক্ষিক পৰিবেশৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

সভাত অংশগ্ৰহণ কৰি এম ই শাখাৰ প্ৰধান শিক্ষক গজেন চন্দ্ৰ লহকৰে চৰকাৰৰ এনে নিৰ্দেশনাক স্বাগতম জনাই এই ধৰণৰ আৰম্ভনিয়ে ছাত্ৰ ছাত্ৰীক উৎসাহী কৰি তুলিব বুলিও আশা প্ৰকাশ কৰে।আন এগৰাকী সহশিক্ষক জীতেন চন্দ্ৰ দাসে চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনায়।সভাত কৃতি শিক্ষক যাদৱ কুমাৰ কলিতা,সমাজ কৰ্মী দক্ষ ডেকা,উপেন দাস, ভগবান শৰ্মা প্ৰমুখ্যে বহু অভিভাৱক আৰু শিক্ষক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে।

গোৱালপাৰাৰ খেৰোপাৰাত ছাত্ৰ নিৰুদ্দেশ

গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰাত এগৰাকী ছাত্ৰ নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁওখনৰ মাহালম শ্বেইখৰ পুত্ৰ মনিৰুল ইছলাম (১৮) যোৱা ২৯ মাৰ্চৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ ঘৰে ঘৰে খৱৰ কৰিও মনিৰুল ইছলামৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰি কালি শিমলীতোলা আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে। কোনো লোকে মনিৰুল ইছলামৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানা অথবা ৯১০১২৯৫৪১০ নম্বৰত পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

নাজিৰা ৰহদৈস্থ কৃষি বিজ্ঞান কেন্দ্ৰত বিজ্ঞানসন্মত ঔষধি গছৰ খেতিৰ প্ৰশিক্ষণ

নাজিৰা মহকুমাৰ ৰহদৈস্থ শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰত ২৮ , ২৯ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে বিজ্ঞান সন্মত পদ্ধতিৰে বনষৌধি উদ্ভিদৰ খেতিৰ ওপৰত এক প্ৰশিক্ষণ শিৱিৰ সফলতাৰে সম্পন্ন হৈ যায় ।প্ৰশিক্ষণৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ বিভিন্ন ধৰণৰ ঔষধি আৰু সুগন্ধিযুক্ত উদ্ভিদৰ বিজ্ঞানসন্মত খেতিৰ ওপৰত আলোচনা কৰাৰ উপৰিও বৰ্তমান এই খেতিৰ বজাৰ ব্যৱস্থা তথা কোনবিলাক ঔষধি গছৰ খেতি কৰিলে কৃষক সকল বেছিকৈ লাভাম্বিত হ’ব এনে তথ্যৰ ওপৰত আলোকপাত কৰা হয় ।

প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ঈশ্বৰৰ চন্দ্ৰ বৰুৱাই বিভিন্ন ঔষধি গছৰ গুণাগুণৰ ওপৰত ব্যাখ্যা দাঙি ধৰি প্ৰশিক্ষাৰ্থী সকলক ঔষধি গছ সমূহ চিনাক্ত কৰাই দিয়ে । প্ৰশিক্ষণত আন এগৰাকী সমল ব্যক্তি কলিয়াবৰ নাৰ্ছাৰীৰ ৰঞ্জিত বৰাই কৃষক তথা প্ৰশিক্ষাৰ্থী সকলৰ লগত মতবিনিময়ো কৰে । শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ শস্য বিজ্ঞান বিভাগৰ বিশেষজ্ঞ প্ৰিয়ংকা দত্তই প্ৰশইক্ষণটোৰ দুয়োটা দিনৰ কাৰ্যসূচী আত  ধৰে ।

বিশ্বনাথ হাজাৰ হাজাৰ ভূমি বেদখল, পেটুলিবাৰীৰ ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমিত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ ৰাজহচক্ৰৰ অন্তৰ্গত বিশ্বনাথৰ  কেইবা হাজাৰ চৰকাৰী ভূমি বেদখল হৈ আছে। জিলা খনৰ বিশ্বনাথ, বিহালী বৰঝাৰণীকে ধৰি বিশ্বনাথ চাৰিআলি  পেটুলিবাৰীৰ চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি  ধৰি খেতি -বাতি কৰি নিজৰ দখলত ৰাখি থোৱা তথ্য প্ৰকাশ পাইছিল। ইফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহা পিছতে উক্ত ভূমি সমূহ বেদখল মুক্ত কৰা কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে।ইফালে ৰাজ্য বিভিন্ন ঠাইত চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ উচ্চেদ চলাই থকা সময়তে শুক্ৰবাৰে বিশ্বনাথ ৰাজহ চক্ৰ অন্তৰ্গত পেটুলিবাৰীত  ৩৪ বিঘা ১ কঠা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বিশ্বনাথ জিলা প্ৰশাসনে অভিযান চলাই।

বিশ্বনাথ জিলা প্ৰশাসনে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল লগত লৈ এই ভূমি বেদখল মুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।উল্লেখ্য যে বিশ্বনাথৰ পেটুলিবাৰী অঞ্চলৰ চৰকাৰী ভূমি বেদখল কৰা লোক সকলে বিশ্বনাথ জিলা প্ৰশাসনৰ এই অভিযানত স্বতঃষ্ফুত ভাবে নিজ নিজ ঘৰ দুৱাৰ ভাঙি সহযোগিতা আগবঢ়ায়।


কোনো ধৰণৰ আইন শৃংখলাজনীত পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে বৰ্তমানো উচ্ছেদ চলি আছে উক্ত চৰকাৰী ভূমিত বেদখলকাৰী লোকসকল আৰু আমছু,নেমছুৰ নেতা কৰ্মীয়েও এই উচ্ছেদ অভিযানত প্ৰশাসনক সহযোগীতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি উচ্ছেদিত লোক সকলে।ইফালে এই সকলক  পুনৰ সংস্থাপনৰ দাবী জনাই আমছুয়ে।


ইফালে সচেতন ৰাইজৰ  অভিযোগ এই স্থানত নিদিষ্ট কেইজনমান লোকৰ বিৰুদ্ধেহে  অভিযান চলাইছে জিলা প্ৰশাসনে।
এই অঞ্চলত ১০০ বিঘাতকৈ অধিক চৰকাৰী ভূমি বেদখলকাৰীৰ দখলৰ পৰা মুক্ত কৰিবলৈ আহবান জনাই আমছু,নেমছু তথা ৰাইজে। আনহাতে বান খহনীয়াৰ কবলত পৰি বিভিন্ন স্থানৰ পৰা অহা এই লোক সকলক দালাল চক্ৰই এই ভুমি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে উক্ত দাদলি সমূহক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দল সংগঠনে দাবী জনাইছে।


যাৰ বাবে উচ্ছেদিত লোক সকল আৰু আমছু,নেমছুয়ে এই চৰকাৰী ভূমি কি দৰে দালাল চক্ৰই বিক্ৰী কৰিবলৈ পালে তাৰ ওপৰতো এক তদন্ত দাবী জনাই।ইফালে বিশ্বনাথৰ সদৰ মহকুমাধিপতি বিশ্বজিৎ শইকীয়াই  জানিব দিয়া অনুসৰি উক্ত ভূমি সমূহ দখল কৰি ৰখাৰ লোক সকলৰ অন্য ঠাইত নিজা ভুমি থকা পিছতো এই চৰকাৰী ভুমিত বেদখল কৰি ৰাখিছিল শীঘ্ৰে সকলো ভূমি বেদখল মুক্ত কৰা হ’ববুলি প্ৰকাশ কৰে।

চিলাপথাৰৰ চিলিত বাহনৰ খুন্দাত এটি হাতী পোৱালীৰ কৰুণ মৃত্যু

চিলাপথাৰৰ পৰা ডিমৌ দিশলৈ গৈ থকা অৱস্থাত কালি নিশা এখন তীব্ৰ বেগী বাহনে খুন্দিওৱাৰ ফলত এটি পোহনীয়া হাতী পোৱালীৰ থিতাতে মৃত্যু হয়। হাতী পোৱালিটো মাকৰ সৈতে চিলাপথাৰৰ চিলিস্হিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেদি দুজন গৰাকীৰ সৈতে গৈ থকা অৱস্থাত একে দিশৰ পৰা তীব্ৰ বেগীত অহা AS 06M – 8128 নম্বৰৰ বাহনখনে প্ৰচণ্ড ভাৱে হাতী পোৱালীটোক খুন্দা মৰাত পোৱালি টো থিতাতে মৃত্যু হয় ।

হাতীৰ মাউত দুজন লগতে গাড়ী চালক জন গুৰুত্বৰ ভাবে আহত হৈছে ৷ ঘটনাস্থলীত আৰক্ষীলোক উপস্থিত হৈ আহত ব্যক্তিকেইগৰাকীক উন্নত চিকিৎসাৰ কাৰণে চিলাপথাৰলৈ প্ৰেৰণ কৰে ৷ ইপিনে মাকে হাতী পোৱালীটোক বিচাৰি নাপাই , ভয় খাই সেই স্হান ত্যাগ কৰি চুবুৰীয়া এখন গাঁৱত প্ৰৱেশ কৰা বুলি স্হানীয় লোকে জানিব দিছে ৷পৰশুৰাম নামৰ হাতী পোৱালি টোৰ মৃত্যুত অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ শোঁকৰ ছাঁ পৰে ।

মাতৃ হোৱাৰ কেইদিনমান আগতে ভয় খাইছে ভাৰতী সিঙে

ভাৰতী প্ৰথমবাৰৰ বাবে এগৰাকী মাতৃ হব । যিহেতু ভয় আছে, লগতে উত্তেজনাও আছে। মাতৃ হোৱাৰ খবৰৰ পৰা, তেওঁ বিভিন্ন সময়ত এই বিষয়ে মুকলিকৈ কৈছে।

হাতত মাত্ৰ কেইদিনমান হে আছে। ইয়াৰ পিছত হৰ্ষ লিম্বাচিয়া আৰু ভাৰতী সিঙে দুইৰ পৰা তিনিলৈ অনুসৰণ কৰিব। তাই এপ্ৰিলৰ প্ৰথম সপ্তাহত সন্তান জন্ম দিব। ইয়াৰ মাজতে, তেওঁৰ বিষয়ে মিছা বাতৰি আছে। বাতৰিটো খণ্ডন কৰি ভাৰতীয়ে কয়, “মই ভয় কৰোঁ… “।

তেওঁৰ সৈতে কি হৈ আছে? তাই মাতৃ হোৱাৰ আগতে, তাই মাতৃ হৈছিল। তাই এটা কন্যা সন্তান জন্ম দিছিল। ভাৰতীৰ ফোন আৰু সামাজিক মাধ্যমৰ হেণ্ডেলবোৰ অভিনন্দন বাৰ্তাৰে ভৰি পৰিছিল। ইফালে, কৌতুক অভিনেতাজনে দৃশ্যগ্ৰহণ কৰি আছিল। পৰিস্থিতি টো ইমানেই হাতৰ পৰা ওলাই গৈছিল যে ভাৰতীয়ে লাইভ আহিলে মুখ খুলিবলৈ বাধ্য হৈছিল। তেওঁ ক’লে, “মোৰ এজনী ছোৱালী আছে। এই বাতৰিটো সঁচা নহয়। মই ‘খটৰা খাত্ৰ’ৰ ছেটত আছো। মই এতিয়াও কাম কৰি আছো। কিন্তু মই ভয় কৰোঁ। তাৰিখটো ওচৰ চাপি আহিছে।”

অৱশ্যে, ইয়াৰ মাজতে, তেওঁ সচৰাচৰ ধৰণে ধেমালি কৰা বন্ধ কৰা নাছিল। ভাৰতীয়ে কৈছিল, “হৰ্ষ আৰু মই আমাৰ সন্তানৰ বিষয়ে বহুত কথা কওঁ। কিন্তু এটা কথা আমি দুয়োবিশ্বাস কৰোঁ যে আমাৰ সন্তানবহুত আনন্দিত হ’ব। কাৰণ আমি দুয়ো ধেমেলীয়া মানুহ। “

প্ৰথমবাৰৰ বাবে, মাতৃ হৈছে ভাৰতী। যিহেতু ভয় আছে, লগতে উত্তেজনাও আছে। মাতৃ হোৱাৰ খবৰ ৰ পৰা, তেওঁ বিভিন্ন সময়ত এই বিষয়ে মুকলি কৈছে। তেওঁ কেইদিনমান আগতে কোৱাৰ দৰে, তেওঁৰ মাক প্ৰথম আঢ়ৈ মাহ আছিল বা তেওঁ এইটো উপলব্ধি কৰা নাছিল। ভাৰতীয়ে কৈছিল যে তাইৰ ওজনৰ বাবেই তাই অনুভৱ কৰা নাছিল যে তাই গৰ্ভৱতী আছিল। তেওঁ কৈছিল, “শকত মানুহে বুজিব নোৱাৰে। আমি খাচ্ছিলাম, শ্যুটিং করছিলাম। মই ডান্স দিৱানেলৈ গৈছিলো আৰু নাচি আছিলোঁ। হঠাতে, মোৰ এনে লাগিছিল যেন মোক এবাৰ পৰীক্ষা কৰা হ’ব। মই এইটো কৰিলোঁ। মই ওলাই আহিলো। মই পৰীক্ষণ কিটত দুটা শাৰী দেখিছিলো। তেওঁ নিজেই হৰ্ষক ক’বলৈ গৈ বহুত সুখী। কিন্তু পৰিকল্পনাৰ একো হোৱা নাছিল। যোৱা ডিচেম্বৰত, কৌতুক অভিনেতাজনে ভাংৰা নৃত্যৰ এটা আকৰ্ষণীয় ভিডিঅ’ মুকলি কৰি মাতৃ হোৱাৰ বাতৰি ঘোষণা কৰিছিল। মাত্ৰ আৰু কেইদিনমান অপেক্ষা কৰক। ঘৰলৈ এজন নতুন অতিথি আহিল।

ৰাছিয়াই ৱিকিপিডিয়া-গুগলত মিলিয়ন ডলাৰ জৰিমনা আৰোপ কৰিব পাৰে, কিয় জানেনে আপুনি ?

ৰাছিয়াৰ গণ মাধ্যম সংস্থাই কৈছিল যে তেওঁলোকে ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযানৰ বিষয়ে ৰাছিয়াৰ ব্যৱহাৰকাৰীসকলক ভুল অৱগত কৰিবলৈ চেষ্টা কৰি আছে। সেই তথ্যই সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।

ইতিহাসৰ পৰা সাহিত্যলৈকে, যিকোনো বস্তুৰ বিষয়ে সকলো প্ৰশ্নৰ উত্তৰ ৱিকিপিডিয়াত দিব পাৰি। গুগল পৃথিৱীৰ যিকোনো সৰু আৰু ডাঙৰ বিষয়ৰ সকলো তথ্যৰ সৈতে সাজু। এটা ক্লিকত, সকলো তথ্য হাতত আহে। অৱশ্যে, দুয়োটা ৱেবছাইটে এতিয়া এক বৃহৎ জৰিমনা পৰিশোধ কৰিব লাগিব পাৰে। ৰাছিয়াই ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনৰ যুদ্ধৰ ভুল অৱগত কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ওপৰত প্ৰতিবেদন প্ৰকাশ কৰাৰ বাবে ৱিকিপিডিয়াই ৪ মিলিয়ন ৰুবেল জৰিমনা ভৰিব পাৰে। একে সময়তে, ভুল তথ্যৰে ভৰ্তি প্ৰতিবেদনটো আঁতৰাবলৈও নিৰ্দেশ দিয়া হৈছে।

ৰাছিয়াৰ গণ মাধ্যম সংস্থাই কৈছিল যে তেওঁলোকে ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযানৰ বিষয়ে ৰাছিয়াৰ ব্যৱহাৰকাৰীসকলক ভুল অৱগত কৰিবলৈ চেষ্টা কৰি আছে। সেই তথ্যই সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। ইয়াৰ আগতে, ৰাছিয়াই কৈছিল যে গুগলৰ পৰা 8 নিযুত ৰুবেল (91,533 ডলাৰ) বা ৰাছিয়াত গুগলৰ বাৰ্ষিক লাভৰ 20 শতাংশ আদায় কৰা হ’ব। ৰাছিয়াই এইটোও দাবী কৰিছে যে গুগলে ৰাছিয়াৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰি আছে। ইউটিউবক যুদ্ধসম্পৰ্কে ৰাছিয়াৰ বিষয়ে ভুল তথ্য প্ৰচাৰৰ অন্যতম মাধ্যম বুলিও অভিযোগ কৰা হৈছে।

ইতিমধ্যে টুইটাৰ আৰু মেটাৰ অধীনত থকা ফেচবুক আৰু ইনষ্টাগ্ৰাম ইতিমধ্যে ৰাছিয়াত নিষিদ্ধ কৰা হৈছে। এপবোৰ নিষিদ্ধ কৰাৰ কাৰণ হৈছে যুদ্ধৰ বিষয়ে ভুল তথ্য প্ৰচাৰ কৰা। আনহাতে, যুদ্ধআৰম্ভ হোৱাৰ পৰা কেইবাটাও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংস্থাই ৰাছিয়াত তেওঁলোকৰ সেৱা স্থগিত ৰাখিছে। তাত মেকডনাল্ডৰ দৰে ফাষ্ট ফুড কোম্পানীও আছে। অৱশ্যে, ৰাছিয়াৰ কৰ্মচাৰীসকলক দৰমহা দিয়া হ’ব, কোম্পানীটোৱে কয়।