Home Blog Page 2539

বিহালী স্নাতক মহাবিদ্যালয়ত কেৰিয়াৰ সম্পৰ্কে সজাগতা সভা

বিহালী সমষ্টিৰ এক মাত্র উচ্চ শিক্ষা অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু অবিভক্ত শোনিতপুৰ জিলাৰ ৮ খন মহাবিদ্যালয়ৰ ছাত একতা সভাৰ সভাপতি সম্পাদকক লৈ ছাত্ৰ-ছাত্ৰীৰ কেৰীয়াৰ সম্পৰ্কত সজাগতা মুলক সভা বিহালী স্নাতক মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কৰা হয়। আই কিউ এ চি’ৰ সহকাৰী সমন্বয়ক ড° বিনোদ চুবেদীয়ে আতঁ ধৰা সভাত বিহালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জীৱন চন্দ্ৰ নাথে সভাপতিত্ব কৰে।

সমল ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰীক বিভিন্ন দিশৰ ওপৰত বুজনি দিয়ে মহাবিদ্যালয় খনৰ অধ্যাপক ড°প্ৰাঞ্জল মহন্তই।এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ সহকাৰী,অধ্যাপক বিৰদেউ গঞাৰী” বিহালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰমেন বৰা,আই কিউ এ চি’ৰ সমন্বয়ক ড°বিজয় মণ্ডল আদিয়ে ।অন্যহাতে ছয়খন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি সম্পাদক সকলৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকা সকলে অংশ লয়। শেষত শলাগৰ শৰাই আগবঢ়াই বিহালী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি চয়নিকা ভদ্ৰাজে ।

কামৰূপৰ দীৰ্ঘেশ্বৰীত চৌধুৰী বয়জ চেম্পিয়ন

কামৰূপ জিলাৰ উত্তৰ -গুৱাহাটীৰ দীৰ্ঘেশ্বৰী ডেকাবাৰী উত্তৰ ফুলুং খেল পথাৰত মা দীৰ্ঘেশ্বৰী নৱমিলন ক্লাবৰ উদ্যোগত দীৰ্ঘেশ্বৰী আঞ্চলিক ক্ৰীড়া সংঘৰ সহযোগত সদৌ অসম ভিত্তিক তিনিদিনীয়াকৈ অনুষ্ঠিত দিবা নৈশ প্ৰাইজমানী টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাত চৌধুৰী বয়জ ক্ৰিকেট দলে বিজয় শিতাপ দখল কৰিবলৈ সক্ষম হয়।

ৰবিবাৰে নিশা অনুষ্ঠিত হোৱা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনত মুখ্যমন্ত্ৰীৰ OSD তথা দুৰ্দান্ত খেলুৱৈ হেমন্ত চৌধুৰীৰ দল “চৌধুৰী বয়জে” H. B. D. ক্ৰিকেট ক্লাবক পৰাস্ত কৰি বিজয় সিতাপ দখল কৰে। ৩০ তাৰো অধিক দলে অংশগ্ৰহণ কৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত খেলৰ বিজয়ী দল চৌধুৰী বয়জক প্ৰথম পুৰস্কাৰ ৬০,০০০ টকা লগতে ট্ৰফী আৰু ৰানাৰ-আপ টিমক দ্বিতীয় পুৰস্কাৰ ৩০,০০০ টকা লগতে ট্ৰফী প্ৰদান কৰা হয়। মেন অফ দ্য মেথচ্ চৌধুৰী বয়জ টিমৰ আৰ্গৌ চৌধুৰী মেন অব দা চিৰিচ চৌধুৰী বয়জৰ কমল কলিতাক প্ৰদান কৰা হয়।

শিৱসাগৰত জয়মতী কোঁৱৰীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস পালন

আজি মহাসতী জয়মতীৰ ৩৪২ সংখ্যক মৃত্যু দিৱস।সতী জয়মতীৰ আত্মবলিদান অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায়।লৰা ৰজাৰ কুশাসনৰ পৰা দেশ মুক্ত কৰিবৰ বাবে তঙংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাধৰক পলুৱাই পঠিয়াই নিজে চাওদাঙৰ অসহনীয় অত্যাচাৰ মূৰপাতি লৈছিল জয়মতী কোঁৱৰীয়ে।এইগৰাকী আহোম ৰমনীয়ে কুটকৰা গছত বান্ধ খাই,চাওদাঙৰ সৌকাৰ কোব পৰাৰ পাছতো দিয়া নাছিল গদাধৰৰ ঠিকনা।লৰা ৰজাৰ অত্যাচাৰ সহি অৱশেষত প্ৰাণ ত্যাগ কৰা জয়মতীয়ে দেশপ্ৰেমৰ এক বিৰল গাঁথা দি ইতিহাসক দি থৈ গল।মৃত্যুৰ ৩৪২ বছৰৰ পাছতো আজিও অসমৰ প্ৰেক্ষাপটত প্ৰাসংগিক জয়মতী।

সেয়েহে আজি আহোম সেনাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক ফাকুৱা দ’লত সতী গৰাকীক স্মৰণ কৰি পালন কৰা হৈছে বানফি।উপৰিপুৰুষৰ এই স্মৰণ অনুষ্ঠানত সতী গৰাকীক সোঁৱৰাৰ লগতে দেশ আৰু জাতিৰ প্ৰতি আগবঢ়াই যোৱা ত্যাগক শ্ৰদ্ধা প্ৰদৰ্শন কৰা হয়।সেইদৰে টাইপা,আহোম সেনা,আহোম জাতীয় মহাসভা আৰু সদৌ অসম আহোম সভাৰ উদ্যোগত জয়মতীৰ স্মৃতি বিজড়িত জয় দ’লত পালন কৰা হয় ফুৰালং।মুঠৰ ওপৰত সতী জয়মতীয়ে শেষনিশ্বাস ত্যাগ কৰা জয়সাগৰ পুখুৰীৰ পাৰত আজি জয়া দিৱসত সতী গৰাকীক স্মৰণ কৰাৰ লগতে অকৃত্ৰিম শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে মহানগৰীত উত্তাল প্ৰতিবাদ

চৰকাৰৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ মহানগৰীত । গুৱাহাটী ক্লাৱত CITU ৰ প্ৰতিবাদ ।

বিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জনবিৰোধী নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ যৌথ মঞ্চৰ দুদিনীয়া দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত মহানগৰীত উত্তাল প্ৰতিবাদ ট্ৰেড ইউনিয়ৰ ৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক কল -কাৰখানা, উদ্যোগ আদিৰ লগতে বেংক, ৰেল, জীৱন বীমা নিগম আদি লাভজনক ক্ষেত্ৰসমুহ ব্যক্তিগতকৰণ বন্ধৰ দাবীত কৃষক আৰু শ্ৰমিক সংগঠনসমুহৰ যৌথ মঞ্চৰ প্ৰতিবাদ ।

মহানগৰীৰ গুৱাহাটী ক্লাৱত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহতি । প্ৰতিবাদকাৰীক আটক কৰি লৈ যায় আৰক্ষীয়েবিজেপি চৰকাৰৰ শ্ৰমিক বিৰোধী আৰু জন বিৰোধী নীতি প্ৰত‍্যাহাৰৰ দাবী২৮ আৰু ২৯ মাৰ্চত দেশজোৰা ধৰ্মঘটৰ আংশিক প্ৰভাৱ মহানগৰীত ।কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচন সমূহৰ যৌথ মঞ্চত এই কাৰ্য্যসূচী ।

বিগত দহ দিন ধৰি নিখোজ হৈ আছে ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী

ধেমাজি চৌখাম গাঁৱৰ এগৰাকী বোৱাৰী বিগত দহ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । বোৱাৰী গৰাকী হৈছে চৌখাম গাঁৱৰ অমৃত বৰা নামৰ লোকজনৰ পত্নী তৰা মিলি বৰা । দৈনিক কাম কৰি পৰিয়াল চলোৱা অমৃত বৰাই আন দিনাৰ দৰে যোৱা ২০ মাৰ্চৰ পুৱাই কামলৈ ওলাই যায় ।

দুপৰীয়া কামৰ পৰা ঘূৰি আহি পত্নীক ঘৰত নেদেখি কাষতে থকা পৰিয়ালৰ লোকক সোধাত ধেমাজিৰে বঙালমাৰীত থকা মাকৰ ঘৰলৈ ওলাই গৈছে বুলি কৈ যোৱাৰ কথা কয় ।পূৰ্বৰ কোনো আলোচনা নোহোৱাকৈ মাকৰ ঘৰলৈ যোৱাত সন্দেহ ওপজে অমৃতৰ আৰু শহুৰেকৰ ঘৰত খবৰ কৰি তালৈ নাই যোৱা বুলি জানি সাম্ভাব্য সকলো স্থানতে খবৰ কৰে যদিও একো সম্ভেদ নোপোৱাত ধেমাজি আৰক্ষীৰ ওচৰত নিৰুদ্দেশৰ জাননী দিয়ে । যদি কোনো লোকে মহিলাগৰাকীৰ সম্ভেদ পায় তেন্তে ওচৰৰ আৰক্ষীক খবৰ দিবলৈ আহ্বান জনাইছে অমৃতৰ পৰিয়ালৰ লোকে ।

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা’ৰ বাৰ্ষিক সভা

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা’ৰ অন্তৰ্গত উত্তৰ-পূব যোৰহাট আঞ্চলিক সমিতিৰ অষ্টম ত্ৰি-বাৰ্ষিক কাৰ্যকালৰ প্ৰথম বাৰ্ষিক সাধাৰণ সভাখন দেওবাৰে কলিয়াপানীৰ টীপমিয়া গাঁও স্থিত কাৰ্যালয় গৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ৮ বজাত সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ গগৈ দেৱে পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা এই কাৰ্যক্ৰমণিকাৰ সাধাৰণ সভাত বিশেষভাৱে উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সভাপতি ৰাজেন বৰা,

সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈ, যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, কাৰ্যকৰী সভাপতি নাছিৰুদ্দিন আহমেদ, উপ-সভাপতি দিগন্ত প্ৰদীপ নেওগ, সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা, সহকাৰী সম্পাদক মন্টু বুঢ়াগোহাঁই ৰ লগতে তিনি শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ উপস্থিতিত কেইবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সাধাৰণ সভাতে মেধাৱী ছাত্ৰ-ছাত্ৰী ক্ৰমে প্ৰিয়ানুজ শইকীয়া আৰু সৃষ্টি সুমন বৰুৱাক বিশেষ ভাৱে অভিনন্দন জ্ঞাপন কৰা হয়।।

ক’লা বিকিনি পিন্ধি উৰ্ফি জাভেদে নিজকে ঈশ্বৰ উপহাৰ বুলি অভিহিত কৰিছে

অনুৰাগীসকলে সদায় ইণ্টাৰনেট সংবেদন উৰ্ফি জাভেদৰ সাহসী আৰু চুপাৰ চিজলিং ষ্টাইলত তেওঁলোকৰ হৃদয় হেৰুৱায়। যদি অভিনেত্ৰীগৰাকীৰ ষ্টাইল ইমান ধুনীয়া তেন্তে হৃদয় হেৰুওৱা টো সম্ভৱ নহয়। শেহতীয়া ছবিবোৰত, উৰ্ফিক আকৰ্ষণীয় ৰূপত দেখাইছে।বিকিনিৰ সৈতে, উৰ্ফিয়ে তাইৰ মেকআপ কম কৰি ৰাখিছে। লিপষ্টিক আৰু আইলাইনাৰত অভিনেত্ৰীগৰাকীৰ চেহেৰাটো চোৱাৰ যোগ্য। অভিনেত্ৰীগৰাকীয়ে ক’লা বিকিনিৰ সৈতে ৰূপালী হুপচ কাণফুলি লৈ গৈছে। খোলা কোঁকড়ানো চুলি উৰ্ফিৰ সৌন্দৰ্যৰ উত্তৰ নহয়।ক’লা বিকিনি পিন্ধি, উৰ্ফিক বেলেগ ধৰণে পোজ দিয়া দেখা গৈছে। ফটোএখনত কেমেৰালৈ চাই, তাৰ পিছত অভিনেত্ৰীগৰাকীৰ ভংগীমাবোৰ ফটোত মূৰত হাত ৰাখি আশ্চৰ্যজনক। উৰ্ফিয়ে ক’লা বিকিনিপিন্ধা ফটোশ্বেয়াৰ কৰাৰ সময়ত এটা অতি বিশেষ শিৰোনামও লিখিছে, যি বহুতো ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উৰ্ফিয়ে লিখিছিল, “মই ভাবো মই ঈশ্বৰৰ পৰা উপহাৰ।” উৰ্ফিৰ শিৰোনামত, এজন ব্যৱহাৰকাৰীয়ে লিখিছিল – চিন্তা কৰাৰ দৰে অনুভৱ কৰা যিকোনো বস্তুৰ বিষয়ে চিন্তা কৰক।

একেটা নম্বৰৰে দুখনকৈ ডাম্পাৰ জব্দ।

ধনশিৰি মহকুমাৰ অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত চাঞ্চল্য । একেটা পঞ্জীয়ণ নম্বৰকে ব্যৱহাৰ কৰি চলাই থকা ভাৰতবেঞ্জ কোম্পানীৰ দুখনকৈ ১০ চকীয়া ডাম্পাৰ জব্দ কৰিছে আৰক্ষীয়ে। পৰিবহন বিভাগ, আৰক্ষী তথা বন বিভাগৰ চকুত ধূলি দি ডাম্পাৰ দুখনে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৰ নেফানীৰ পৰা শিল সৰবৰাহ কৰি আহিছিল।

জব্দ কৰা ডাম্পাৰ দুখনে ৰাজস্থানত পঞ্জীয়ণ ভুক্ত RJ-14-GK-2994 নম্বৰটো ব্যৱহাৰ কৰিছিল। উল্লেখ্য একেটা পঞ্জীয়ণ নম্বৰৰে চলাই থকা ১০ চকীয়া ডাম্পাৰ দুখনৰ স্বত্বাধিকাৰী ৰাজস্থানৰ। কৰ ফাঁকি, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা বাচিবলৈকে ডাম্পাৰৰ গৰাকীয়ে এনে কাণ্ড সংঘটিত কৰিছে বুলি ধনশিৰি মহকুমা আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইপিনে ডাম্পাৰৰ মালিকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে উৰিয়ামঘাট থানাত।

একেটা পঞ্জীয়ণ নম্বৰকে ব্যৱহাৰ কৰি সুদুৰ ৰাজস্থানৰ পৰা কেনেকৈ উৰিয়ামঘাট পালেহি আৰু কাৰ ছত্ৰছাঁয়াত এনেদৰে ডাম্পাৰ দুখন দীৰ্ঘদিনৰ পৰা চলি আছিল সেই কথা আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

WWE তাৰকা ট্ৰিপল এইচ-এ আনুষ্ঠানিকভাৱে ইন-ৰিং প্ৰতিযোগিতাৰ পৰা অৱসৰ ঘোষণা কৰে

ডাব্লিউডাব্লিউই মল্লযোদ্ধা ট্ৰিপল এইচ, এ.কে.এ. পল লেভেস্কে প্ৰকাশ কৰিছিল যে তেওঁ এজন সক্ৰিয় মল্লযোদ্ধা হিচাপে নিৰ্বাচন কৰা হৈছে আৰু ইন-ৰিং প্ৰতিযোগিতাৰ পৰা অৱসৰ ঘোষণা কৰিছে। যোৱা ছেপ্টেম্বৰত লেভেস্কৰ হৃদযন্ত্ৰৰ সমস্যা হৈছিল, আৰু ৰিংটোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ইয়াৰ ফলস্বৰূপে। ট্ৰিপল এইচ হিচাপে ‘দ্য গেম’ক মৰমেৰে কোৱা হয়, স্বীকাৰ কৰে যে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যাটো জীৱনৰ বাবে বিপদজনক আছিল আৰু তেওঁ হৃদযন্ত্ৰবিফলতালৈ গৈছিল আৰু কৈছিল যে এনে কিছুমান উদাহৰণ আছে যিয়ে তেওঁ এইটো কৰিব নে নাই সেই বিষয়ে সন্দেহ কৰিছিল।৫২ বছৰীয়া লেভেস্কে কৈছিল যে তেওঁ নিউমোনিয়াত আছিল, যাৰ ফলত তেওঁৰ হাঁওফাঁও আৰু বাহুত তৰল ভৰি পৰিছিল।

এটা সাধাৰণ হাৰ্ট ইজেকচন ফ্ৰেকচন ৫৫-৬০ শতাংশত কাম কৰে কিন্তু লেভেস্কৰ 12 শতাংশলৈ হ্ৰাস পাইছিল “মই জৰুৰীকালীন কোঠালৈ যোৱাৰ সময়ত, মোৰ ইজেকচন ভগ্নাংশ ২২ লৈ হ্ৰাস পাইছিল,” ট্ৰিপল এইচ-এ ইএচপিএনৰ ফাৰ্ষ্ট টেকত ষ্টিফেন এ. স্মিথক কৈছিল।”যিটো, মই হৃদযন্ত্ৰৰ বিফলতাত আছিল। পিছদিনা ৰাতিপুৱালৈকে – যিহেতু তেওঁলোকে সেই সন্ধিয়াটো বুজি পাইছিল – পিছদিনা ৰাতিপুৱা তেওঁলোকে এম.আৰ.আই. সম্পন্ন কৰাৰ লগে লগে আৰু তেওঁলোকে মোক হৃদযন্ত্ৰ স্কেন ৰ বাবে পঠিয়াই ছিল। মোৰ ইজেকচন ফ্ৰেকচন ১২ লৈ হ্ৰাস পাইছিল। সেয়েহে, আপুনি য’ত থাকিব বিচাৰে – বা আপুনি আপোনাৰ পৰিয়াল আৰু আপোনাৰ ভৱিষ্যতৰ বাবে য’ত থাকিব নিবিচাৰে, তাৰ এক গজৰ শাৰীত মই নাক ডুবাই আছিলোঁ।”তেওঁৰ বাবে ভৱিষ্যত কি হ’ব বুলি সোধাত ট্ৰিপল এইচ-এ পোনপটীয়াকৈ কৈছিল, “মই নকৰো – মই আৰু কেতিয়াও কুস্তি নকৰো। প্ৰথমে, মোৰ বুকুত ডিফিব্ৰিলেটৰ আছে। যিটো, লাইভ টিভিত জাপ কৰাটো সম্ভৱতঃ মোৰ বাবে ভাল ধাৰণা নহয়।”


ইয়াৰ অৰ্থ হৈছে যে ট্ৰিপল এইচৰ অন্তিমখন টেলিভিছন মেচ ২০১৯ ৰ ডাব্লিউডাব্লিউই চুপাৰ শ্বডাউনত ৰেণ্ডি অৰ্টনৰ বিৰুদ্ধে আছিল। ১৪ বাৰ বিশ্ব চেম্পিয়ন হোৱা ট্ৰিপল এইচ-এ ১৯৯২ চনত তেওঁৰ কুস্তি কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ হাণ্টাৰ হিয়ৰ্ষ্ট হেল্মছলী হিচাপে ডাব্লিউডাব্লিউইলৈ জঁপিয়াই পৰাৰ আগতে দুবছৰ ৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ কুস্তিৰ সৈতে আছিল। ১৯৯৭ চনত, তেওঁ ডাব্লিউডাব্লিউই হল অফ ফেমাৰ আৰু শ্ৰেষ্ঠ বন্ধু শ্বন মাইকেলছৰ সৈতে কুখ্যাত গোট ডি-জেনাৰেচন এক্স আৰম্ভ কৰে।খেলখনে ১৯৯৯ চনত ৰ’ৰ মূল প্ৰতিযোগিতাত মিক ফোলীক পৰাস্ত কৰি তেওঁৰ প্ৰথম ডাব্লিউডাব্লিউই খিতাপ জয় কৰে। তাৰ পৰা, তেওঁ চুপাৰষ্টাৰডমৰ মৰ্যাদালৈ উঠিব। তেওঁ দুবাৰকৈ ৰয়েল ৰাম্বল জিকিছিল – ২০২২আৰু ২০১৬ চনত আৰু মুখ্য-ইভেণ্ট একাধিক ৰেচেলমেনিয়া। আণ্ডাৰটেকাৰৰ পিছত, ট্ৰিপল এইচ ডাব্লিউডাব্লিউইৰ এটা চেল মেচত আটাইতকৈ বেছি হেলত উপস্থিত হৈছে আৰু ব্যৱসায়টোৱে আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠৰ ওপৰত জয় পঞ্জীয়ন কৰিছে।

২০১১ চনত, তেওঁ কোম্পানীটোৰ কাৰ্যবাহী উপ-সভাপতিৰ ভূমিকা গ্ৰহণ কৰাৰ পিছত আংশিক সময়ৰ বাবে ৰিংত প্ৰদৰ্শন কৰা আৰম্ভ কৰে। তেওঁ এনএক্সটি ব্ৰেণ্ডৰ কাৰ্যবাহী প্ৰযোজক আৰু অনুষ্ঠানটোৱে এক প্ৰচণ্ড স্বীকৃতি লাভ কৰাৰ বাবে দায়বদ্ধ।

নদীবান্ধ বিৰোধী ছবি অংকন কৰা বাবে চিত্ৰশিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ অৰুণাচল আৰক্ষীৰ

বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি দেৱাল লিখাৰ বাবেই অসমৰ চিত্ৰশিল্পীক গ্ৰেপ্তাৰ।অৰুণাচল আৰক্ষীয়ে লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিলে চিত্ৰশিল্পী নীলিম মহন্তক।অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ।ইটানগৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত গোচৰ ৰুজু।লখিমপুৰৰ পৰা শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ কৰি অৰুণাচলৰলৈ নিলে আৰক্ষীয়ে।