Home Blog Page 2542

চিলাপথাৰৰ মাদুৰিপথাৰত সতী জয়মতী স্মৃতি দিৱস উদযাপন

অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালি মাদুৰিপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনৰ লাচিত ক্ষেত্ৰত মাদুৰিপথাৰ মহিলা সমাজ আৰু ধেমাজি জিলা লেখিকা সমাজৰ যৌথ উদ্যোগত আজি চতুৰ্থ বাৰ্ষিক সতী জয়মতী স্মৃতি দিৱস উদযাপন কৰে | কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভানেত্ৰী চুনুমনি বৰুৱাই , শ্বহীদ তৰ্পন কৰে ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈয়ে ।

ইয়াৰ পাছত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা চাও দুলাল বৰুৱাই , জয়মতীৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ন কৰে চিলাপথাৰ মজলীয়া বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী সোনপাহি ফুকনে ,জয়মতীৰ ফলক উন্মোচন কৰে মাদুৰিপথাৰ মহিলা সমাজৰ সম্পাদিকা যোগ গগৈয়ে , স্বৰ্গীয়া কল্পনা শইকীয়াৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আঁত ধৰে মাদুৰিপথাৰ মহিলা সমাজে , বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰে ধেমাজি জিলা লেখিকা সমাজৰ সভানেত্ৰী জয় জ্যোতি চুতীয়াই । ইয়াৰ পাছতেই চিলাপথাৰ ভক্তি মন্থন দিহা নাম দলৰ নাম পৰিবেশনেৰে মঞ্চ উদ্ধোধন কৰা হয় ।

কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে পিতৃ

এক হৃদয় বিদাৰক ঘটনা।চকুত চকুপানী, কান্ধত কন্যাৰ নিষ্প্ৰাণ দেহ।এনেদৰে কন্যাৰ মৃতদেহ কান্ধত তুলি পদব্ৰজে আগবাঢ়িছে তেওঁ।এই দৃশ্য চাই হয়তো চকু সেমেকি উঠিব আপোনাৰো।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ছত্ৰিশগড়ৰ সুৰগুজা জিলাত।ঈশ্বৰ দাস নামৰ এই গৰাকী ব্যক্তিয়ে তেওঁৰ ৭ বছৰীয়া কন্যা কিছুদিনৰ পৰা জ্বৰত ভূগি থকাৰ বাবে শুকুৰবাৰে পুৱতি নিশা লক্ষণপুৰস্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে লৈ যায় কিন্তু চিকিৎসা চলি থকাৰ সময়তে স্বাস্থ্যৰ অধিক অৱনতি ঘটাত প্ৰায় ৭.৩০ মিনিটত মৃত্যু হয় কন্যা গৰাকীৰ।তাৰ পিছতেই কন্যাৰ মৃতদেহ ঘৰত নিবলৈ কোনো বাহন নাপায় এনেদৰেই কান্ধত তুলি ১০ কিঃমিঃ দূৰত্বৰ ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে।

বৰ্তমান এই দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখযোগ্য যে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা অনুসৰি সেই সময়ত চিকিৎসালয়খনত মৃতদেহ কঢ়িওৱা কোনো বাহন নাছিল আৰু হস্পিটেল কৰ্তৃপক্ষই প্ৰায় ৯.৩০ বজাত বাহন আহি পাব বুলি পৰিয়ালৰ লোকক জনাইছিল। কিন্তু কন্যাৰ আকস্মিক মৃত্যুৰ শোঁক সহিব নোৱাৰি বাহনলৈ অপেক্ষা নকৰি কন্যাৰ মৃতদেহ এনেদৰেই কান্ধত তুলি ঘৰলৈ ৰাওনা হয় ঈশ্বৰ দাসে। ছ’চিয়েল মিডিয়াত এই দৃশ্য ভাইৰেল হোৱাৰ পিছতেই ছত্ৰিশগড়ৰ স্বাস্থ্য মন্ত্ৰী T.S Singh Deo য়ে এক তদন্তৰ নিৰ্দেশ দিয়ে।

শিৱসাগৰত আৰক্ষীৰ গুণ্ডাগিৰি ,খাকী পোচাকত কলংকৰ দাগ ৷

মুখ্যমন্ত্ৰীৰ আহব্বানক কুঠাৰ ঘাত ৷চেৰেকাপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তাণ্ডৱ ।নিশা সুৰাৰ ৰাগীত মাতাল হৰদেব সিঙৰ নিৰ্বিচাৰ মাৰপিট ,মহিলাসহ বহুজন আহত । উল্লেখ্য যে চেৰেকাপাৰৰ ৰাজীৱ গগৈ নামৰ ব্যক্তিজনৰ ঘৰত চুৰি হৈছিল পানী মটৰৰাইজে মুহিবুল আলি নামৰ এজনক সন্দেহবশত কৰায়ত্ত কৰি লৈ গৈছিল চেৰেকাপাৰ আৰক্ষী চকীলৈ ।

কিন্তু আৰক্ষী চকীখনৰ সুৰাসক্ত আৰক্ষী বিষয়া হৰদেব সিঙ খৰ্গহস্তহৈ পৰে ৰাইজৰ ওপৰত । পুৰুষ মহিলা নিৰ্বিশেষে আৰক্ষী বিষয়াজনে মাৰপিট কৰে গোচৰীয়া পদকীয়া দুয়ো পক্ষকআৰক্ষী বিষয়াজনৰ মাৰত গুৰুতৰভাৱে আহত হয় ৰেণু ৰবি দাস, বাসু ৰবি দাস, পিটল গগৈ, ৰাহুল গগৈ,সুখদেৱ ৰবি দাসকে ধৰি দহজনৰো অধিক লোকগোচৰীয়া ৰাজীৱ গগৈও আহত। পিষ্টল দেখুৱাই সকলোকে প্ৰাণে মৰাৰ ভাবুকি আৰক্ষী বিষয়া হৰদেব সিঙৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত ৰাইজৰ এজাহাৰ ।

হিছাৰত পথ দুৰ্ঘটনাত চালকৰ মৃত্যু

নিশা টোছাম ৰোডৰ গুঞ্জাৰৰ ওচৰত ট্ৰলীৰ খুন্দাত কেণ্টাৰ হাৰিয়ানাত । নিশা হিছাৰৰ টোছাম ৰোডত এখন ট্ৰলীয়ে এটা কেণ্টাৰত খুন্দা মাৰে। কেণ্টাৰ চালক সুনীলৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। দুৰ্ঘটনাটোৰ পিছত ট্ৰলী চালকজন ঘটনাস্থলীৰ পৰা পলাই গৈছিল। সদৰ আৰক্ষী থানাই দেওবাৰে মৃতকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰি উত্তৰাধিকাৰীসকলক গতাই দিয়ে।

তোছামৰ পৰা ঘৰলৈ আহি আছিলে। খবৰ অনুসৰি হিছাৰৰ বুদাক গাঁৱৰ বাসিন্দা সুনীল কুমাৰে চালক হিচাপে কাম কৰিছিল। শনিবাৰে ৰাতি, তেওঁ টোছামৰ পৰা হিছাৰলৈ তেওঁৰ কেণ্টাৰলৈ লৈ গৈছিল। তেওঁ এইমাত্ৰ গুঞ্জাৰ গাঁৱৰ ওচৰ পাইছিল যেতিয়া সন্মুখৰ পৰা অহা ট্ৰলী এখনে তেওঁৰ আইছাৰ কন্টৰক পোনপটীয়াকৈ খুন্দা মাৰিছিল। তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু ঘটনাস্থলীতে মৃত্যু বৰণ কৰিছিল। দুৰ্ঘটনাটোৰ পিছত, ট্ৰলীখনৰ চালকজনে ইয়াক তাত এৰি ঘটনাস্থলীৰ পৰা পলাই যায়।

লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন

আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুত অসম ক্ষুদ্ৰ-বিত্তীয় উদগণি আৰু সাহায্য আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ শুভ উদ্ধোধন। ডিগবৈ সমষ্টিৰ তিনিখন আৰু মাৰ্ঘেৰিটা সমষ্টিৰ ১৩খন গাঁও পঞ্চায়তৰ প্ৰায় ৪৫০০ হিতাধীকাৰিক আজি চেক প্ৰদান কৰা হয়।


উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ আৰ্থিক ভাৱে দুৰ্বল যি সকল মহিলাৰ বন্ধন বেংক ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়াই পূৰণ কৰাৰ উদ্দেশ্যৰে আজি এই শোভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অসমত প্ৰায় বাৰ হেজাৰ কোটি টকাৰ এক বৃহৎ ঋণ মাফ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰে মূখ্য মন্ত্ৰীয়ে। যি সকল মহিলায় নিয়মীতভাৱে বন্ধন বেংক ঋণ পৰিশোধ কৰি আহিছে সেই সকল মহিলাকেই আজি এই অনুষ্ঠানত চেক প্ৰদান কৰা হয়।


আজিৰ এই অনুষ্ঠানত মূখ্য অতিথি ৰূপে উপস্থিত থাকে ডিগবৈ সমষ্টিৰ বিধায়ক সূৰেন ফুকন, লগতে মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ বিষয়া উৰ্বশী চেতিয়া, আঞ্চলিক পঞ্চায়ত সদস্য সুখদেব শৰ্মা, জিলা পৰিষদ সদস্য দিবাকৰ ঠাকুৰ, পঞ্চায়তৰ সভাপতি-সভানেত্ৰীকে ধৰি বহু গণ্য-মাণ্য ব্যক্তি উপস্থিত থাকে।

মহুৰামুখ জাতীয় বিদ্যালয়ত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন

বোকাখাত প্ৰয়াস অধ্যয়ন চক্ৰ অন্যতম নিবেদন মহুৰামুখ জাতীয় বিদ্যালয় তথা শিল্পী মোহিনী ৰাজকুমাৰী ক্ষেত্ৰত গীত-মাতৰ এদিন আৰু বিজ্ঞান প্ৰদৰ্শনি আয়োজন কৰা হয়।বিদ্যালয়ৰ জেষ্ঠ শিক্ষক জীতেন দত্তই আঁত ধৰা প্ৰথম কাৰ্যসূচী শিল্পী মোহিনী ৰাজকুমাৰী প্ৰতিমূৰ্ত্তিত বন্তি প্ৰজ্বলন কৰে সাংস্কৃতিক কৰ্মী তথা বিদ্যালয়ৰ অভিভাৱক স্বৰূপ প্ৰাক্তন ভাৰতীয় সেনা বাহিনীৰ জোৱান লৱন ফুকনে আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে বুধবাৰী বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক দুলৰ্ভ ডেকাই।দ্বাৰ উদ্মোচন কৰি ডেকাই ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে কয় যে ছাত্ৰ অৱস্থাপৰাই বিজ্ঞান শিক্ষা প্ৰয়োজনীয়তা সম্পৰ্কে সজাগ আৰু সচেতনতাৰ হোৱাটো অত্যন্ত জৰুৰী আৰু বাস্তৱ জীৱনৰ লগত ইয়াৰ সফল প্ৰয়োগ কৰিলে সমাজ তথা দেশ  উন্নতিপথত আগুৱাব পাৰি।

মহুৰামুখ জাতীয় বিদ্যালয়ে এই ধাৰা ২০১৫ চনৰ পৰাই অব্যাহত ৰখা বাবে তেখেতে বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশংসা কৰে।বিজ্ঞান প্ৰদৰ্শনিত ১১ টা প্ৰকল্পত মুঠ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।বিজ্ঞান প্ৰদৰ্শনীৰ তত্ত্বৱধায়কদ্বয় অনুৰাজ লয়িং আৰু দীপশিখা দৈমাৰী বড়িৰ প্ৰচেষ্টাক অভিভাৱক তথা উপস্থিত ৰাইজে শলাগ লয়।বিজ্ঞান প্ৰদৰ্শনী পিছতেই গীত-মাতৰ এদিন অনুষ্ঠানৰ মঞ্চ মুকলি কৰে বিদ্যালয়ৰ প্ৰধান তথা সমগ্ৰ মহুৰামুখ অঞ্চলৰ তিনিটা প্ৰজন্মক শিক্ষা প্ৰদান কৰা ইন্দ্ৰেশ্বৰ বৰুৱাই।বৰুৱাই ভাষণত কয় “অসমত মাতৃভাষা সংকটৰ সময়ত চৰকাৰী বিদ্যালয়ৰ সমান্তৰালকৈ অসম জাতীয় বিদ্যালয়ৰ পৰিয়ালবৰ্গই ভাষাৰ চৰ্চা লগতে কৃষ্টি-সংস্কৃতি ধৰি ৰখা প্ৰয়াস কৰিছে তাৰ ফলশ্ৰুতিতেই আজি ২০১৫ চনৰ পৰাই মহুৰামুখ জাতীয় বিদ্যালয়ে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক ভাৱে সাৰ -পানী যোগান ধৰি আছে।”গীত-মাতৰ এদিন অনুষ্ঠানটোৰ পৰিচালনা কৰে বিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী প্ৰতিমা ভৰালী আৰু প্ৰাক্তন সংগীত শিক্ষয়িত্ৰী সন্ধানী ৰাজখোৱা গগৈয়ে।অনুষ্ঠানত অংকুৰ প্ৰাক-প্ৰাথমিকৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ভংগিমা গীত ,কবিতা আবৃত্তিত অংশগ্ৰহণ কৰে আৰু প্ৰাক-প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলক পৰিচালনা কৰে শিক্ষয়িত্ৰী ৰেখা দত্ত দুৱৰা আৰু ঊষা বৰুৱাই।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক কৰ্মী পৱন গগৈ উপস্থিত থাকে। বিজ্ঞান প্ৰদৰ্শনি আৰু গীত-মাতৰ এদিন অনুষ্ঠানৰ পিছতেই বিদ্যালয়ৰ বছেৰেকীয়া পৰীক্ষা ফলাফল ঘোষণা কৰা হয় আৰু বিদ্যালয়ত এশ শতাংশ  উপস্থিত থকা দ্বিতীয় শ্ৰেণী ছাত্ৰ শশাঙ্কৰ পাঠৰীক এখন গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত বিদ্যালয়ৰ সম্পাদকে শলাগৰ শৰাই আগবঢ়াই আৰু  সকলো ছাত্ৰ-ছাত্ৰী আৰু অভভিভাৱকসকলে ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি মাৰে।

লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ আটক ১

 লামডিঙ ষ্টেচনত বৃহত পৰিমাণৰ গাঞ্জা জব্দ লগতে এজনক আটক।আটকাধিন গাঞ্জা সৰবৰাহকাৰীৰ  নাম মতিন আলি ঘৰ হোজাই হাবাইপুৰ। আকৌ লামডিঙ ৰেল আৰক্ষীৰ বৃহত সফলতা।আজি নামনিমুৱা নং 15666 বি জি এক্সপ্ৰেছ ট্ৰেইনত 11 সময়ত লামডিঙ ৰেল আৰক্ষীয়ে অভিযান চলাই বৃহত পৰিমাণৰ গাঞ্জা জব্দ কৰে ।

লগতে মতিন আলি নামৰ এজনক আটক কৰে।গাঞ্জা খিনিৰ বজাৰ মূল্য আনুমানিক 3 লক্ষ্য টকা হব বুলি কয়।জব্দ কৃত গাঞ্জা খিনি ডিমাপুৰৰ পৰা লৈ অনা হৈ্ছে আৰু গুৱাহাটী লৈ যোৱাৰ কথা আছিল  কিন্ত লামডিঙ ৰেল আৰক্ষীয়ে বি জি এক্সপ্ৰেছ ট্ৰেইনত অভিযান চলাই গাঞ্জা খিনি জব্দ কৰিবলৈ সক্ষম হৈছে।প্ৰায় 30 কেজি গাঞ্জা জব্দ কৰে ৰেল আৰক্ষী চলিত মাহত প্ৰায় অষ্টআশি (88) কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈ্ছে।

বৃহত্তৰ মৈৰাবাৰীৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰত মমবাতি জ্বলাই ৰোগীক চিকিৎসা প্ৰদান চিকিৎসকৰ

প্ৰায় আঢ়ৈ লাখ জনসংখ্যাৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ মৈৰাবাৰী হস্পিতালত নাই এখন জেনেৰেটৰ।নাই কোনো পানীতোলা টিউবেল। ৰাতিৰ আন্ধাৰত ৰোগীয়ে মমবাতি কিংবা টৰ্চ লাইটৰ পোহৰত লবলগীয়া হৈছে চিকিৎসা।পোহৰাবলগীয়া হৈছে হস্পিতালৰ ৰোগী কক্ষ।চাওক আমাৰ সাংবাদিকৰ কেমেৰাত বন্দী কেণ্ডেল লাইটৰ পোহৰত মৈৰাবাৰী হস্পিতালৰ চিকিৎসকে চিকিৎসা প্ৰদান কৰাৰ এক দৃশ্য।সাধাৰণতে প্ৰত্যেক চিকিৎসা কেন্দ্ৰত থাকিব লাগে জেনেৰেটৰ বা ইনভাৰটাৰৰ সুবিধা, কিন্তু মৈৰাবাৰী হস্পিতালত আজি প্ৰায় ছয় মাহে বিকল হৈ আছে জেনেৰেটৰ, কানহাৰ নাই হস্পিতাল কৰ্তৃপক্ষৰ।হস্পিতাল খনৰ পৰিচালনা কমিটিৰ সভাপতি তথা ধিঙৰ বিধায়ক আমিনুল ইছলামক বহুবাৰজনোৱাৰ পিছতো পোৱা নাই কোনো সুফল।
বিধায়ক ডাঙৰীয়া, আপুনি যোৱা দহটা বছৰে মৈৰাবাৰী হস্পিতাল খনৰ পৰিচালনা সমিতিৰ সভাপতি দায়িত্বত আছে। অতি দুৰ্ভাগ্যৰ বিষয় আপোনাৰ দিনতে মৈৰাবাৰী হস্পিতাল খনৰ FRU কৰ্তন কৰা হৈছিল।

আপোনাৰ দ্বাৰা পৰিচালিত হস্পিতাল খনত কি চলি আছে খবৰ ৰাখিছে নে ?মৈৰাবাৰীৰ দৰে এখন ঠাইত হস্পিতাল এখনৰ এনে পুতৌলগা দৃশ্য সচাকৈ দুৰ্ভাগ্যজনক।ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হস্পিতাল কৰ্তৃপক্ষৰ এনে কাণ্ডৰ বাবে চৰকাৰৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা লব সেয়া সময়ত হব লক্ষ্যনীয়।

তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

প্ৰস্তাবিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ খেল পথাৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশনৰ লাইখুটা স্থাপন।

আজি এক মাংগলিক পৰিবেশত সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়মেৰে আগন্তুক বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ উপৰিও বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, এমচিএলএ, বড়ো সাহিত্য সভাৰ বিষয় ববীয়া, অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়া, স্থানীয় ৰাইজ।

উল্লেখযোগ্য যে বড়ো সাহিত্য সভাৰ আগন্তুক উপস্থিত থাকিব ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

শুকুৰবাৰে মহানগৰীৰ চানমাৰীত দাৰ্জিলিং ম’ম’জৰ পঞ্চমখন বিপণীৰ শুভাৰম্ভণি কৰা হয়।

শুকুৰবাৰে মহানগৰীৰ চান্দমাৰীত দাৰ্জিলিং ম’ম’জৰ পঞ্চমখন বিপণীৰ শুভাৰম্ভণি কৰা হয়।3 way point নামৰ ৰেষ্টুৰেণ্টখনৰ স্বত্ত্বাধিকাৰী নয়ন ডেকাৰ সহযোগিতাত এই নতুন ম’ম’জ খনৰ আৰম্ভণি কৰা হয়। বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়কে আদি কৰি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ কাৰণে দাৰ্জিলিং ম’ম’জত ম’ম’ উপলব্ধ হ’ব বুলি বিপণীখনৰ স্বত্তাধিকাৰীয়ে জানিবলৈ দিয়ে। আছাম ষ্টাৰ্ট আপৰ সৈতেও দাৰ্জিলিং ম’ম’জ জড়িত হৈ আছে। নতুনকৈ শুভাৰম্ভণি হোৱা এই দাৰ্জিলিং ম’ম’জখন তেওঁলোকৰ পঞ্চমখন ম’ম’জ বিপণী। তেওঁলোকৰ আন আন চাৰিখন বিপণী মহানগৰীৰ চাৰিখনকৈ ব্যস্ত ঠাইত আছে বুলিও জানিবলৈ দিছে।

যুৱ উদ্যমী শ্বাহৰূখ চিদ্দিকী আৰু ৰেজাউল চৌধুৰীকে ধৰি সৰ্বমুঠ ১৫জনীয়া সদস্যৰ এটা দলে ম’ম’জ ব্ৰেণ্ড দাৰ্জিলিং ম’ম’জৰ সৈতে আৰম্ভণিৰে পৰা জড়িত হৈ আছে বুলি সংবাদমাধ্যমৰ সন্মুখত শ্বাহৰূখ চিদ্দিকীয়ে জানিবলৈ দিয়ে।