Home Blog Page 2543

ছিপাঝাৰত সত্ৰৰ নামত সংৰক্ষিত ভুমি গোপনে নামজাৰি দুষ্ট চক্ৰৰ: ৰাইজৰ ক্ষোভ

যি সময়ত সত্ৰ তথা দেৱালয় আদিৰ নামত সংৰক্ষিত বেদখলকৃত ভুমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তেনে সময়তে ছিপাঝাৰত এখন সত্ৰৰ নামত দীৰ্ঘদিন ধৰি সংৰক্ষিত হৈ অহা ভুমি এটা দুষ্ট চক্ৰ‌ই গোপনে নিজৰ নামত নামজাৰি কৰাক লৈ ক্ষোভিত হৈ পৰিছে সত্ৰখনৰ লগত জড়িত ৰাইজ।উল্লেখযোগ্য যে ছিপাঝাৰৰ বিজুলীবাৰীৰ “শ্ৰী শ্ৰী ৰঘুনাথ সোৱৰি সত্ৰ”ৰ নামত প্ৰায় বিয়াল্লিছ বিঘা ভুমি সংৰক্ষিত হৈ আছিল।কিন্তু উক্ত ভুমিৰ প্ৰায় সাত বিঘা ভুমি এটা দালাল চক্ৰ‌ই ১৯৯৫চনতে নামজাৰি কৰা বুলি শেহতীয়াকৈ দখল কৰিবলৈ যোৱাৰ পিছত ক্ষোভিত হৈ পৰে ৰাইজ।

আনকি ইয়াকে লৈ প্ৰশাসনৰ লোকৰ সন্মুখতে ৰাইজে প্ৰকাশ কৰে ক্ষোভ।কেনেকৈ সত্ৰৰ নামত সংৰক্ষিত ভুমি নামজাৰি কৰিব পাৰিলে সেয়া ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে । তদুপৰি ৯৫চনতে নামজাৰি মাটি এতিয়াহে কিয় দখল কৰিবলৈ গৈছে তাক লৈও ৰাইজে প্ৰশ্ন তুলিছে।

জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফ’ৰ আসামৰ ধেমাজি জিলা সমিতি গঠন

অসমৰ সাংবাদিক সকলৰ অন্যতম এটা সংগঠন জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম চমুকৈ (জাফা) ৰ ধেমাজি জিলা সমিতি গঠনাৰ্থে ধেমাজি জিলা জনজাতি জিৰণিচৰা প্ৰেক্ষাগৃহত আজি এখন সভা অনুষ্ঠিত হয়। জাফা-ৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু লখিমপুৰ জিলা সমিতিৰ হেমন্ত হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত সভাখনি আঁত ধৰে ধেমাজিৰ প্ৰাগ নিউজৰ সাংবাদিক ৰাজীৱ দেউৰীয়ে । জেষ্ট সাংবাদিক বনমালি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত জিলাখনৰ গোগামুখ, ধেমাজি, চিচিবৰগাওঁ, চিলাপথাৰ, জোনাই আদি বিভিন্ন অঞ্চলৰ পৰা একত্ৰিত বিভিন্ন ছপা ও বৈদ্যুতিক মাধ্যমৰ সাংবাদিক সকলে সৰ্বসন্মতি ক্ৰমে বানমালি মহন্তক সভাপতি, ৰাজীৱ দেউৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া জাফা ৰ ধেমাজি জিলা সমিতি গঠন কৰে।

জাফা ৰ সাংবিধান অনুসৰি নতুন ধেমাজি জিলা সমিতিৰ লগতে জিলাখনৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত জাফাৰ কেন্দ্ৰীয় সমিতিয়ে জিলা সমিতিক লগত লৈ অনাগত দিনত হাতত হাত ধৰি কাম কৰি যাব বুলি সংবাদ মাধ্যমক অৱগত কৰে জাফাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়াই।

ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তা সকলে ৪০ খন জিলাতে শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থানত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে।

শ্বহীদ ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱক স্মৰণ কৰি আজি সমগ্ৰ অসমতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে বিজেপিৰ 40খন সাংগঠনিক জিলাতে বিভিন্ন শ্বহীদ স্মাৰক, ধৰ্মীয় অনুষ্ঠান, ইতিহাস প্ৰসিদ্ধ স্থান সমূহত স্বচ্ছতা কাৰ্য্যসূচী ৰূপায়ণ কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চা দক্ষিণ গুৱাহাটী মণ্ডলৰ উদ্যোগত সনাতন ধৰ্ম নামঘৰতো এক স্বচ্ছতা অভিযান অনুষ্ঠিত কৰা হয়।
এই অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা যু্ৱ মৰ্চা,অসম প্ৰদেশৰ মাননীয় সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা , ৰাজ্যিক সাধাৰণ সম্পাদক হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়া, গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাৰ সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে ধৰি বিভিন্ন বিষয়ববীয়াসকল ।


উল্লেখ্য যে , আজিৰ দিনটোতে ভগৎ সিঙ, ৰাজগুৰু, আৰু সুখদেৱক বৃটিছে ফাচিকাঠত ওলোমাই হত্যা কৰিছিল ।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

পুনৰ ঘোষণা হল বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক তামুলপুৰ অধিৱেশনৰ তাৰিখ।

২৯ এপ্ৰিলত তামুলপুৰলৈ আহিব ভাৰতৰ ৰাষ্ট্ৰপতি।

৬১ সংখ্যক বড়ো সাহিত্য সভা মুকলি সভাত অংশগ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী।

উল্লেখ্য যে মহামাৰী কভিডৰ বাবে বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰৰ বাবে আগন্তুক এপ্ৰিল মাহৰ ২৭, ২৮ আৰু ২৯ তাৰিখে অনুষ্ঠিত হব বড়ো সাহিত্য সভাৰ অধিৱেশন।

বড়ো সাহিত্য সভাৰ মুকলি অধিবেশনত উপস্থিত থাকিব ৰাষ্ট্ৰপতি গৰাকী।

আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োই বড়ো সাহিত্য সভাৰ সভাপতি সমন্বিতে অধিৱেশনৰ স্থান পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হব বড়ো সাহিত্য সভা।

ৰিণিমা বেগমৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত জুম্মাৰ পৰিয়ালৰ দাবী-‘হত্যাত জড়িত নহয় জুম্মা’৷

বৰপেটা চহৰৰ বিলৰটাৰী হাটীত ৰাজপথতে ৰিনিমা বেগম নামৰ যুৱতী অধিবক্তা গৰাকীৰ হত্যাকাণ্ডৰ নতুন মোৰ ৷
পূৰ্বে হত্যাৰ অভিযোগত অভিযুক্ত আছিল ৰিনিমা বেগম ৷প্ৰায় ১২ বছৰ পূৰ্বে তুম্মা নামৰ এগৰাকী লোকক নিশা নিজ ঘৰতে হত্যা কৰাৰ অভিযোগত অভিযুক্ত আছিল ৰিনিমা বেগম ৷ হত্যাৰ অভিযোগত কাৰাবাস খটা ৰিনিমা বেগমৰ বিৰুদ্ধে এতিয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে গোচৰ ৷ৰিনিমা বেগমে হত্যা কৰা বুলি অভিযোগ উঠা মৃত তুম্মাৰ জ্যেষ্ঠ ভাতৃ আব্দুৰ ৰহমান ওৰফে জুম্মাক যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পিচতেই ঘটনাই লৈছে নতুন মোৰ ৷আৰক্ষীয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰা আব্দুৰ ৰহমান ওৰফে জুম্মা ৰিনিমা হত্যাৰ সৈতে জৰিত নহয় বুলি পৰিয়ালৰ লোকে দাবী কৰিছে ৷ জুম্মাৰ পত্নীৰ দাবী হত্যাকাণ্ডৰ সময়ত পত্নীৰ সৈতে বজাৰ কৰাত ব্যস্ত আছিল স্বামী আব্দুৰ ৰহমান ওৰফে জুম্মা৷

বৰপেটা মেডিকেল কলেজ হস্পিটালত কৰ্মৰত পত্নীক হস্পিটালৰ পৰা লৈ অহাৰ পিচত বজাৰ কৰাতহে স্বামী ব্যস্ত আছিল বুলি পত্নীয়ে দাবী কৰিছে৷ইপিনে পুৰণি গোচৰৰ প্ৰতিশোধকল্পেই ৰিনিমা বেগমৰ হত্যাৰ সৈতে আব্দুৰ ৰহমান ওৰফে জুম্মাক জৰিত কৰি এজাহাৰ দিয়া বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷ আনকি নিশাৰ আন্ধাৰত ৰিনিমা বেগমৰ জ্যেষ্ঠ ভগ্নীয়ে হত্যাকাৰীক চিনি পোৱা বুলি কৰা দাবী কিমান যুক্তিসংগত সেই সম্পৰ্কেও প্ৰশ্ন উত্থাপন কৰিছে হত্যাত অভিযুক্ত জুম্মাৰ পৰিয়ালৰ লোকে ৷

লেতেৰা দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ।

সমাগত নিৰ্বাচন।এজন কাউন্সিলাৰে লেতেৰা দুৰ্গন্ধময় নলা পৰিস্কাৰৰ বাবে নিজেই নামিল কাউন্সিলাৰ।তেওঁৰ সমৰ্থক সকলে দুগ্ধস্নান কৰোৱালে।এই ঘটনা দিল্লীৰ শাস্ত্ৰী পাৰ্কৰ,এটা আৱৰ্জনা ভৰ্তি নলা চাফা কৰিবলৈ নামি পৰিল পূব দিল্লীৰ আপ কাউন্সিলাৰ হাচিব-উল-হাছানক। কাউন্সিলাৰগৰাকীয়ে নলা চাফা কৰাৰ এটা ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কাউন্সিলাগৰাকীয়ে নলাৰ পৰা উঠি অহাৰ পিছত তেওঁক দুগ্ধস্নান কৰোৱাই তেওঁৰ সমৰ্থক সকলে। কাউন্সিলাৰ গৰাকীক দুগ্ধস্নান কৰোৱাই বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ে।খবৰ অনুসৰি স্থানীয় বিজেপি বিধায়ক অনিল কুমাৰ বাজপা আৰু স্থানীয় কাউন্সিলাৰে লেতেৰা, দুৰ্গন্ধময় নলাটো চাফা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

স্থানীয় ৰাইজে বাৰাম্বাৰ আবেদন কৰাৰ পিছতে বিধায়কগৰাকীয়ে নলাটো পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আপৰ পৰিষদেই নিজে নলা চাফাৰ দায়িত্ব গ্ৰহণ কৰে আৰু আপৰ কাউন্সিলাৰ গৰাকীয়ে নিজে নলা চাফা কৰা কামত নামি পৰে।

গোৱালিয়ৰত ফৌজীৰ গৰ্ভৱতী পত্নীক ধৰ্ষণৰ ভাবুকি

গোৱালিয়ৰত, এজন সৈনিকৰ গৰ্ভৱতী পত্নীৰ ওপৰত আক্ৰমণৰ এটা ঘটনা আৰক্ষীৰ সন্মুখত পোহৰলৈ আহিছে। সেই সময়ত, মহিলাগৰাকীয়ে তেওঁৰ ভায়েকক বচাবলৈ চেষ্টা কৰি আছিল। মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে অভিযুক্তজনে তাইৰ কাপোৰ ছিঙি পেলাইছিল আৰু তাইক লাথি আৰু ঘুঁচি মাৰিছিল। তেওঁ তাইক ধৰ্ষণ কৰাৰ ভাবুকিও দিছিল। মহিলাগৰাকী ৪ মাহৰ গৰ্ভৰ। আৰক্ষী থানাত অভিযোগ কৰাৰ পিছত, আৰক্ষীয়ে সৰু-সুৰা ধাৰাৰ অধীনত এটা প্ৰতিবেদন পঞ্জীয়ন কৰিছিল। যাৰ পিছত মহিলাগৰাকী এছএছপি কাৰ্যালয়ত উপস্থিত হৈছিল আৰু অভিযোগ কৰিছিল।জিৱাজীগঞ্জৰ বাসিন্দা মহিলাগৰাকী বহোদাপুৰৰ সিন্ধিয়া নগৰৰ বাসিন্দা তেওঁৰ ভায়েকৰ ওচৰলৈ আহিছিল। তেওঁৰ ভায়েকৰ তেওঁৰ ভায়েক অনিল ৰাজপুত, ধৰ্মেন্দ্ৰ ৰাজপুত আৰু চুবুৰীয়াত বাস কৰা তেওঁলোকৰ দেউতাক হাকীম সিং ৰাজপুতৰ সৈতে তৰ্ক হৈছিল। মহিলাগৰাকীয়ে কৈছিল যে তিনিওজন আৰু তেওঁলোকৰ সহযোগীসকলে তেওঁলোকৰ ভায়েকক আক্ৰমণ কৰি আছিল। যেতিয়া তাই উদ্ধাৰ কৰিবলৈ গৈছিল, ভাতৃজনে তেওঁক এটা কোঠাত বন্দী কৰি তেওঁৰ জীৱন ৰক্ষা কৰিছিল, কিন্তু অভিযুক্তজনে তেওঁক ধৰি ৰাখিছিল।

মহিলাগৰাকীয়ে অভিযোগ কৰিছিল যে চাৰিৰ পৰা পাঁচজন যুৱকে তেওঁক সাগৰৰ পাৰৰ ৰাস্তাত টানি নি তেওঁলোকৰ কাপোৰ খুলিবলৈ চেষ্টা কৰিছিল। ধৰ্ষণ আৰু হত্যাৰ ভাবুকি দিয়া হৈছিল। তেওঁ তেওঁলোকৰ কবলৰ পৰা পলাই গৈছিল আৰু আৰক্ষীক খবৰ দিছিল। যেতিয়া আৰক্ষীসকল ঘৰলৈ আহিছিল, অভিযুক্তজনে আৰক্ষীৰ সন্মুখত তেওঁলোককো আক্ৰমণ কৰিছিল। আৰক্ষীয়ে তেতিয়া দুয়োটা পক্ষৰ বিৰুদ্ধে এটা ক্ৰছ গোচৰ ৰুজু কৰিছিল। মহিলাগৰাকীয়ে উৎপীড়নৰ এটা ভিডিঅ’ দেখুৱাইছে আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।ভিডিঅ’ৰ আধাৰত শাখাবোৰ বৃদ্ধি কৰা হ’ব চিএছপি নগেন্দ্ৰ সিঙে কৈছিল যে সিন্ধিয়া নগৰত দুটা পৰিয়ালৰ মাজত কাজিয়া আৰু আক্ৰমণৰ বিষয়ে আলোচনা হৈছে, দুয়োজন নিকট আত্মীয়। দুয়োপক্ষৰ অভিযোগৰ ওপৰত এটা ক্ৰছ কেছ পঞ্জীয়ন কৰা হৈছে। যদি মহিলাগৰাকীৰ ওচৰত আক্ৰমণ আৰু উৎপীড়নৰ কোনো ভিডিঅ’ থাকে, তেন্তে তাৰ আধাৰত, এটা তদন্ত কৰা হ’ব আৰু শাখাবোৰ বৃদ্ধি কৰি ব্যৱস্থা লোৱা হ’ব।

হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ভিজে সমালোচনা কৰে কংগ্ৰেছক

হাৰিয়ানাৰ গৃহ মন্ত্ৰী অনিল ভিজে এবাৰ কাশ্মীৰ সমস্যাৰ ওপৰত কংগ্ৰেছক সমালোচনা কৰিছে। ভিজে বুধবাৰে টুইট কৰিছিল যে কংগ্ৰেছৰ নীতিয়েকাশ্মীৰী পণ্ডিতসকলৰ শোষণ আৰু প্ৰস্থানক বাধ্য কৰিছিল। ধৰ্মৰ ভিত্তিত ভাৰতৰ কিছু অংশত বিভিন্ন সন্ত্ৰাসবাদী গোটৰ বিভাজন, ১৯৮৪ চনত শিখসকলৰ নিৰ্মম হত্যা, সুভাষ চন্দ্ৰ বসু, লাল বাহাদুৰ শাস্ত্ৰী আৰু আন বহুতৰ মৃত্যুৰ অমীমাংসিত ৰহস্য। ভিজে তেওঁৰ টুইটত ওপৰোক্ত সকলো বিষয়ৰ বাবে কংগ্ৰেছক দায়ী কৰিছে। অৱশ্যে, ভিজৰ টুইটটো সমালোচনা কৰা হৈছে।মন্ত্ৰীপদত বহি মিছা কোৱাত লাজ।সমালোচক ব্ৰিজেশ পাণ্ডে তেওঁক কৈছিল যে আপুনি মন্ত্ৰীপদত বহি মিছা কোৱাত লাজ পাব। আপুনি দেশক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰে। সকলো বোৰ আপোনাৰ দলৰ পৰা কৰা হৈছে। ভিপি চৰকাৰে ষড়যন্ত্ৰ কৰি কাশ্মীৰী পণ্ডিতসকলক পলায়ন কৰিবলৈ বাধ্য কৰিছিল, কিয়নো আপুনি কাৰ্যসূচীৰ দ্বাৰা বিদ্বেষীসকলক বুজাইছে, দেশৰ কথাবোৰ আপোনাৰ মুখৰ পৰা হাস্যকৰ যেন লাগিছে।

শিখ দাঙ্গাৰ ওপৰত এখন চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছিল।ইয়াৰ পূৰ্বেও, অনিল ভিজে কাশ্মীৰৰ ফাইলটো চাই কৈছিল যে সকলোৱে এই ছবিখন চাব লাগে। কাশ্মীৰ সমস্যাৰ বাবে কংগ্ৰেছ দায়বদ্ধ। একে সময়তে, শিখ দাঙ্গাৰ ওপৰত এখন চলচ্চিত্ৰও নিৰ্মাণ কৰা উচিত।

ভয়ংকৰ অগ্নিকাণ্ডত শুই থকা অৱস্থাতে ১১ জন শ্ৰমিকৰ মৃত্যু।

এক ভয়ংকৰ অগ্নিকাণ্ড।যি অগ্নিকাণ্ডত ১১ জন শ্ৰমিকৰ মৃত্যু হৈছে।এই ঘটনা হায়দৰাবাদত সংঘটিত হৈছে। এই ভয়ংকৰ ঘটনাত এটা গুদামত জুই লগাৰ ফলত ১১ জনকৈ শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে।হায়দৰাবাদৰ বায়োগুড়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা।অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে মাত্ৰ এজন শ্ৰমিকহে।আৰক্ষীৰ সূত্ৰ অনুসৰি আজি পুৱা ৪ বজাত অগ্নিকাণ্ড সংঘটি হয়।সেই সময়ত গুদামটোত ১২ জন শ্ৰমিক শুই আছিল। ইয়াৰে এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

এই ঘটনাৰ পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চি আ ৰাওৱে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে।লগতে মৃতকৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে।

গুৱাহাটীত পানী টেংকাৰ খুন্দাত নিহত এজন

গুৱাহাটী মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা।পানী টেংকাৰৰ দৌৰাতম্যত পুৱাই নিহত এজন।টেংকাৰৰ খুন্দাত মৃত্যু হোৱা লোকজন এপ’ল হাস্পতালৰ কৰ্মচাৰী আছিল।টেংকাৰ খুন্দাত নিহত লোকজন দ্বিজেন বৈশ্য।চিটি চেণ্টাৰলৈ পানী কঢ়িয়াই নিছিল দুৰ্ঘটনা সংঘটিত টেংকাৰ বাহনখনে।জু-ৰোডৰ চিটি চেণ্টাৰ সন্মুখতেই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।পানী ভৰ্তি টেংকাৰ বাহনখন লোকজনৰ গাৰ ওপৰেৰে উঠি যায়।থিতাতে নিহত হয় লোকজন।উল্লেখ্য টেংকাৰখনৰ চালক গৰাকী সুৰামত্ত অৱস্থাত আছিল।

টেংকাৰখনৰ চালক গৰাকী মুকবিৰ তামাং।প্ৰত্যক্ষদৰ্শীয়ে উত্তম-মধ্যম সোধাই সুৰামত্ত চালক গৰাকীক।টেংকাৰখনৰ নম্বৰ এএছ ০১এম-১২৫১।তাপৰ্যপূৰ্ণ কথা যে নিহত দ্বিজেন বৈশ্য ঘৰ নলবাৰী জাগ্ৰত।