Home Blog Page 2545

পানীতোলাত ঢোল বাদনৰ কৰ্মশালা…

অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক আদৰাৰ মানসেৰে  পানীতোলা আঞ্চলিক ৰঙালী বিহুসন্মিলন আৰু পানীতোলা শৈক্ষিক বিকাশ মঞ্চই ৰঙালী বিহুৰ লগত সংগতি ৰাখি ১-১২ এপ্ৰিললৈকে পানীতোলা ন-গাঁও খেলপথাৰত ১০ দিনীয়াকৈ ঢোলবাদন কৰ্মশলা অনুষ্ঠিত কৰিছে।কৰ্মশালা বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে আয়োজকে ।প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট ঢোলবাদক তথা ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বঁটাপ্ৰাপক বিতুপন দুৱাৰাই।

পানীতোলা শৈক্ষিক বিকাশ মঞ্চৰ সভাপতি প্ৰশান্ত বৰুৱা,সম্পাদক উজ্জ্বল বৰুৱা আৰু পানীতোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সম্পাদক প্ৰণৱ বৰুৱাই বৃহত্তৰ পানীতোলা অঞ্চলৰ সকলো ছাত্ৰ-ছাত্ৰীকে কৰ্মশলাখনত অংশগ্ৰহণ কৰাৰ লগতে সকলো অভিভাৱকৰ সহায়-সহযোগিতা,দিহা -পৰামৰ্শ কামনা কৰিছে।সবিশেষ জানিবৰ বাবে ৯৪৩৫০০২০১৪ ,৯৬৭৮৩৩৯৮৩৮, ৮৬৩৮৬২৯৬৩০,৭০০২৬৬৯৬৮৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সমিতিয়ে জনাইছে। 

মধুপুৰ শ্মশানৰ পৰিত্যক্ত ভূমিত উদ্যান স্হাপনৰ পৰিকল্পনা…

নগাঁও চহৰৰ সমীপৰ খাগৰিজান মহাবিদ্যালয়ৰ সন্মুখৰ আৰু মধুপুৰ শ্মশানৰ কাষৰ খালী ভূমিত মাটি পেলাই পৰিপূৰ্ণ কৰা আৰু চাৰিসীমাৰ পকীবেৰ দিয়া কামৰ আজি আধাৰশিলা স্থাপন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । ডাকৰঘাট গাঁও পঞ্চায়তৰ অধীনত এম জি এনৰেগা আঁচনিৰ জৰিয়তে হবলগীয়া মাটি পৰিপূৰ্ণ আৰু চাৰিসীমাৰ বেৰ কামৰ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে মধুপুৰ শ্মশানৰ কাষৰ দ -ভূমিত মাটি পেলাই ওখ কৰি উক্ত স্থানত এখন আটকধুনীয়া উদ্যান নিৰ্মানৰ পৰিকল্পনা কৰা হৈছে।

সেই উদ্দেশ্যেৰে আজি মাটি পৰিপূৰ্ণ আৰু চাৰিসীমা বেৰ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰা হৈছে।উক্ত স্থানত নিৰ্মাণ হবলগীয়া উদ্যান খনৰ জৰিয়তে নগাঁও বাসী ৰাইজ উপকৃত হব বুলিও বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে।আজি আধাৰশিলা অনুষ্ঠানত পাখিমৰীয়া উন্নয়ন খন্ডৰ খণ্ড উন্নয়ন বিষয়া দীনেশ পেগু, খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ৰমেশ নাথ প্ৰমুখ্যে পঞ্চায়তৰ সদস্য সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। অঞ্চলটোৰ অৱহেলিত  পৰিত্যক্ত ভূমিত উদ্যান স্হাপনৰ সিদ্ধান্তক স্হানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে বিধায়ক ৰূপক শৰ্মাৰ এনে পদক্ষেপক প্ৰশংসা কৰে ।

ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান APDCLৰ

APDCLৰ বিশেষ টুইট ।ৰাজ্যবাসীলৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে জনাইছে এক বিশেষ আহ্বান।আজি নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈকে বিদ্যুতৰ ছুইছ বন্ধ ৰখাৰ আহ্বান জনাইছে APDCL-এ।

উল্লেখ্য যে, আজি নিশা ৮.৩০ মিনিটৰ পৰা ৯.৩০ বজালৈ সমগ্র বিশ্বতে পালন কৰা হ’ব ‘ধৰিত্রী ঘণ্টা’।এঘণ্টাজোৰা এই সময়ছোৱাত পৰিহাৰ কৰা হ’ব বৈদ্যুতিক পোহৰ।WWF-Indiaৰ সমর্থনত ভাৰতৰ বিভিন্ন প্ৰান্ততো ‘ধৰিত্রী ঘন্টা’ পালন কৰা হ’ব।

‘ধৰিত্রী ঘন্টা’ৰ সময়ছোৱাত সকলো লাইটৰে ছুইছ অফ কৰি ৰাখিবলৈ ৰাজ্যবাসীক অনুৰোধ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ। উক্ত সময়খিনিত কেৱল অত্যন্ত প্রয়োজনীয় লাইটসমূহে জ্বলাবলৈহে অনুৰোধ APDCLৰ। টুইট কৰাৰ পিছতেই তোলপাৰ সামাজিক মাধ্যম

কণ কণ ছাত্ৰ -ছাত্ৰীৰ জীৱনকলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগ চৰম হেতালি ;

ছমাহ আগতে জলজীৱন আঁচনিৰ কাম কৰি টেংকী স্থাপন নকৰালৈকে থ’লে পেলাই ; দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন দেৱ শিশুৰ ।

চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰ সমূহত স্থাপন কৰা জলজীৱন আঁচনিখন কাৰ্যত ভেঁকোভাওনাত পৰিণত হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে দৰঙৰ ছিপাঝাৰত। অভিযোগ অনুসৰি দৰঙৰ ছিপাঝাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ দিমীলাপাৰ প্ৰাথমিক বিদ্যালয়ৰ সমীপত থকা দুৰদুৰীয়া অংগনৱাড়ী কেন্দ্ৰত মঙলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে ঠিকাদাৰে বিশুদ্ধ খোৱা পানী যোগান আঁচনি এখন ৰূপায়ণ কাম কৰিবলৈ লৈ আধাতে সামৰি বাদ দিয়াত কেন্দ্ৰটোৰ কণ কণ শিশু সকলে দমকলৰ আয়ৰণযুক্ত বৰবিষ ৰূপী পানীকেই সেৱন কৰিবলগীয়া হোৱাত অভিভাৱক সকলে নিজৰ সন্তানে বেমাৰত আক্ৰান্ত হোৱাৰ শংকাত ভুগিছে।

অভিযোগ অনুসৰি আঁচনি খনৰ পানী টেংকী স্থাপন নকৰি পেলাই থোৱাত টেংকী স্থাপনৰ লোৰ সামগ্ৰী সমূহ মামৰ খাই ছিগি পৰাৰ সম্ভাৱনাই যথেষ্ট হৈ পৰিছে।চৰকাৰে ভৱিষ্যতৰ মানৱ সম্পদৰূপী দেৱ শিশুসকলৰ প্ৰতি চিন্তা কৰি গ্ৰহন কৰা আদৰণীয় কাৰ্যত সকলোৱে ভাল পাইছিল যদিও আঁচনিৰ নামত শিশু সকলৰ জীৱনলৈ  চৰম  হেতালি খেলাৰহে সামগ্ৰী হৈ পৰাৰ দিশে গতি লোৱাত চিন্তিত হৈ পৰিছে।সচেতন একাংশ লোকে বিভাগক এয়েই নেকি জলজীৱন আঁচনিৰ  জীয়া ছবি বুলি প্ৰশ্ন কৰি চৰকাৰৰ জৰুৰী দৃষ্টি আকৰ্ষণ কৰিছে ।

ইটাখোলাৰ বালিজুৰিত ভয়ংকৰ অগ্নিকাণ্ড।নিহত এজন একাদশ শ্ৰেণীৰ ছাত্ৰ

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-আৰক্ষী চকীৰ অন্তৰ্গত বালিজুৰি কৈলাস পুৰত ভয়াবহ অগ্নিকান্ডৰ ঘটনাত নিহত হয় একাদশ শ্ৰেণীৰ এজন ছাত্ৰ । ঘটনাৰ বিৱৰনি মতে ইটাখোলাস্থিত বালিজুৰিৰ কৈলাশপুৰত কালি নিশা প্ৰায় ৭ঃ৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকানন্ডৰ ঘটনা সংঘটিত হৈছিল । ধান খেৰত জুই লাগি সংঘটিত হোৱা ঘটনা বুলি অনুমান কৰা এই অগ্নি কান্ডৰ ফলত অতি দুৰ্ভাগ্যজনক ভাবে এজন একাদশ শ্ৰেণীৰ ছাত্ৰ যাদৱ শৰ্মা (১৭) ৰ মৃত্যু ঘটে ।

উল্লেখযোগ্য যে অগ্নিদ্গ্ধ হোৱা নিজ পুত্ৰক বচাবলৈ গৈ পিতৃ ইন্দ্ৰ লাল শৰ্মাও  গুৰুত্বৰ ভাৱে আহত হৈ সম্প্ৰতি তেজপুৰ মেডিকেল কলেজত মৃত্যুৰ সৈতে যুঁজি আছে বুলি জানিব পৰা গৈছে । এই নিদাৰুণ ঘটনা সমগ্ৰ বালিজুৰি অঞ্চলত শোকৰ ছাঁ পৰিছে।   

হাৰিয়ানাৰ পালৱালৰ অৰণ্যত নাবালিকা এগৰাকীক দলবদ্ধ ধৰ্ষণ

হাৰিয়ানাৰ পালৱালৰ এখন গাঁৱৰ এগৰাকী নাবালিকা ছোৱালীক নিশা কিছুমান যুৱকে তাইৰ ঘৰৰ পৰা নিচাযুক্ত পদাৰ্থ শুঙাই অপহৰণ কৰিছিল। পিছত তেওঁলোকে তাইক অৰণ্যলৈ লৈ গৈছিল আৰু তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। তাইক হত্যা কৰাৰ ভাবুকি দি, তেওঁলোকে নাবালিকাগৰাকীক এখন গাওঁৰ পৰা আন এখনলৈ লৈ গৈছিল আৰু তাইক লুকুৱাই ৰাখিছিল। তাই কেনেবাকৈ তেওঁলোকৰ কবলৰ পৰা পলাই গৈ ঘৰত উপস্থিত হৈছিল আৰু পৰিয়ালটোক ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল। আৰক্ষীয়ে ছোৱালীগৰাকীৰ দেউতাকৰ অভিযোগত ছয়জন যুৱকৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

পালৱাল জিলাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাশ চান্দ ভাদানাই কয় যে অভিযোগত থকা এজন ব্যক্তিয়ে কৈছে যে তেওঁ আৰু নাবালিকা গৰাকীৰ পৰিয়ালৰ সদস্যসকলে নিশা ঘৰটোত শুই আছিল। নিশাৰ সময়ত, অভিযুক্ত ৰফিক, চাকিৰ, সুহাইল, চলমান, চৱন আৰু চাকিৰ এখন বোলেৰো গাড়ীত আহিছিল। ১৫ বছৰীয়া জীয়েকক ড্ৰাগছ দিছিল আৰু তাইক অচেতন অৱস্থাত অপহৰণ কৰি গাড়ীত লৈ গৈছিল ।অভিযুক্তজনে তেতিয়া হোদালৰ অৰণ্যত তাইক দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। তাৰ পিছত, তেওঁলোকে তাইক নুহ জিলাৰ দুখন পৃথক গাওঁলৈ লৈ যায় আৰু লগতে আকৌ এবাৰ ধৰ্ষণ কৰে আৰু নাবালিকাগৰাকীক ঘৰত লুকুৱাই ৰাখে।

যেতিয়া তেওঁলোকে ৰাতিপুৱা তেওঁলোকৰ ছোৱালীবিচাৰি নাপালে, তেওঁলোকে তেওঁলোকৰ ছোৱালীক বিচাৰিবলৈ আৰম্ভ কৰিলে। যেতিয়া তেওঁ এই বিষয়ে জানিব পাৰিছিল, তেওঁ পৰিয়ালৰ সদস্যসকলক নুহ জিলাৰ উক্ত গাওঁলৈ লৈ গৈছিল, য’ত তেওঁ তেওঁৰ জীয়েকক বিচাৰি পাইছিল। কিন্তু অভিযুক্তজন পলাই গৈছিল। তেওঁৰ জীয়েকে তেওঁক গোটেই ঘটনাটোৰ বিষয়ে কৈছিল। অভিযুক্ত ৰফিকে আগতে তাইক অৰণ্যত অকলে দেখি ধৰ্ষণ কৰিছিল, কিন্তু তাই কাৰোবাক ক’লে তাইক আৰু তাইৰ পৰিয়ালক হত্যা কৰাৰ ভাবুকি দিছিল। ছোৱালীগৰাকীয়ে ভয় আৰু লাজৰ বাবে কাকো কোৱা নাছিল। পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে দলবদ্ধ অপহৰণ আৰু ধৰ্ষণকে ধৰি বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।

নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক ভাল খবৰ

অসম চৰকাৰৰ ষ্টেট লেভেল ৰিক্ৰুইটমেন্ট কমিছন অৰ্থাৎ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে এক জাননী জাৰি কৰিছে য’ত জনোৱা হৈছে যে ২৬ সহস্ৰাধিক গ্ৰেড থ্ৰী (তৃতীয় বৰ্গ) আৰু গ্ৰেড ফ’ৰ (চতুৰ্থ বৰ্গ) পদত নিযুক্তি বিচৰা হৈছে। গ্ৰেড থ্ৰী আৰু গ্ৰেড ফ’ৰ মুঠ পদ আছে ২৬,৪৪১টা। ইয়াৰে গ্ৰেড থ্ৰীত ১৩,১৪১ টা আৰু গ্ৰেড ফ’ৰত ১৩,৩০০টা পদ আছে। গ্ৰেড থ্ৰীৰ কেটেগৰী-১ত ৮,৩৩১টা, কেটেগৰী-২ত ৩৬৯০টা, কেটেগৰী-৩ত ১১২০টা পদ আছে। ইফালে, গ্ৰেড ফ’ৰ অৰ্থাৎ চতুৰ্থ বৰ্গৰ অষ্টম পাছৰ বাবে ৯ হাজাৰ আৰু মেট্ৰিক পাছৰ বাবে ৪৩০০টা পদত নিযুক্তি লোৱা হ’ব। এই পদসমূহত ইছ্যুক প্ৰাৰ্থীসকলে অনলাইনযোগে আৱেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, কেটেগৰী অনুসৰি শিক্ষাগত অৰ্হতাও পৃথক পৃথক হ’ব।

উল্লেখ্য যে, তৃতীয় বৰ্গৰ কেটেগৰী-১ত থকা পদ সমূহ ক্ৰমে- একাউন্টেন্ট, কেশ্বিয়াৰ, জুনিয়ৰ এছিছটেন্ট, এলডিএ, ষ্টেনোগ্ৰাফাৰ আদি। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে কমেও স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব আৰু কম্পিউটাৰ চাৰ্টিভিকেট অথবা ৬ মাহৰ ডিপ্লমা থকা হ’ব লাগিব।

ঠিক একেদৰে তৃতীয় বৰ্গৰ কেটেগৰী-২ত থকা পদসমূহ ক্ৰমে- ফিল্ড এছিছটেন্ট, ফিল্ডমেন, ফৰমেন, ছেকশ্যন এছিছটেন্ট, ছইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ জুনিয়ৰ, এগ্ৰিকালছাৰ এক্সটেনশ্যন অফিচাৰ। এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে দ্বাদশ শ্ৰেণী পাছ কৰিব লাগিব। আৰু কিছুমান পদত বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী পাছ কৰিলেহে আৱেদন কৰিব পৰা যাব। তাৰপাছত তৃতীয় বৰ্গৰ কেটেগৰী-৩ত আছে চালক অৰ্থাৎ ড্ৰাইভাৰৰ পদ। এই পদত আৱেদন কৰিবলৈ আৱেদনকাৰীসকলে মেট্ৰিক পাছ কৰা হ’ব লাগিব।

এই পদসমূহত আৱেদন কৰিবলৈ আৱেদনকাৰীৰ বয়স ২০২২ৰ ১ জানুৱাৰী অনুসৰি, ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে এছচি-এছটি, অবিচি, পিডব্লিউডি চাৰ্টিফিকেট থকা প্ৰাৰ্থীসকলৰ বাবে বয়সৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে। জাননীখনত উল্লেখ কৰা অনুসৰি, এই পদসমূহত আৱেদন কৰা সকলৰ এমপ্লয়মেন্ট এক্সছেঞ্জত নামভৰ্তি কৰা নথিপত্ৰ থাকিব লাগিব আৰু তেওঁলোক ভাৰতীয় নাগৰিক হ’ব লাগিব।

আৱেদন মাচুলঃ

তৃতীয় বৰ্গৰ পদসমূহত আৱেদন কৰিবলৈ অবিচি/এমঅবিচিৰ আৱেদনকাৰীসকলে ৩৫০ টকা আৰু চতুৰ্থ বৰ্গৰ পদসমূহৰ বাবে ২০০ টকা মাচুল জমা কৰিব লাগিব। আনহাতে, এছচি/এছটি আৱেদনকাৰীসকলে তৃতীয় বৰ্গৰ পদসমূহৰ বাবে ২৫০ টকা আৰু চতুৰ্থ বৰ্গৰ বাবে ১৫০ টকা জমা দিব লাগিব। উল্লেখ্য যে, আৱেদনৰ মাচুল কেৱল অনলাইনযোগেহে জমা কৰিব পাৰিব।

মন কৰিবলগীয়া যে, এই পদসমূহত আৱেদনৰ তাৰিখ আৰম্ভ হ’ব ১১ এপ্ৰিল, ২০২২ৰ পৰা, আৰু আৱেদন কৰাৰ অন্তিম তাৰিখ ৩০ মে’, ২০২২। এই পদসমূহত আৱেদন কৰাৰ নিয়মাৱলী- প্ৰথমে https://www.assamcareer.com/2022/03/assam-direct-recruitment.html ত ক্লিক কৰক। তাৰপাছত তললৈ গৈ Important Web-Links sectionত দেখিব। তাত “Online Registration”ত ক্লিক কৰি সকলো পঞ্জীয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। তাৰ পাছৰ পেজত “Online Application” লিংকত ক্লিক কৰি Login কৰি ল’ব। আপোনাৰ ব্যক্তিগত আৰু শৈক্ষিক সকলো প্ৰয়োজন নথিপত্ৰ আপলোড কৰিব। তাৰপাছত অনলাইন মাচুল জমা দি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন প্ৰিন্ট আউট উলিয়াব পাৰিব।

কাজিৰঙাত ১৪ সংখ্যক গঁড় গণনা আৰম্ভঃ ৮৪ টা খণ্ডত হ’ব গণনা…

বিশ্বৰ সর্বাধিক এটা খর্গ থকা গঁড়ৰ বাসস্থান স্থল বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪ সংখ্যক গঁড় গণনাৰ কাম আজিৰে পৰা আৰম্ভ হৈছে । বন বিভাগৰ তথ্য মতে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় গণনা অনুষ্ঠিত হ’ব । এই সম্পর্কে ২৫ মাৰ্চত কাজিৰঙাৰ কঁহৰাত অৱস্থিত বন বিভাগৰ পৰমানন্দ লাহন শতবৰ্ষ আলোচনা গৃহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই বন সংমণ্ডল বিষয়া, বনাঞ্চলিক বিষয়া, গৱেষণা বিষয়াৰ লগতে তিনিদিনীয়া এই গণনাত ৬৩ গৰাকী বিশেষ বিশেষজ্ঞক আমন্ত্ৰণ কৰি গঁড় গণনাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ৷ লগতে গঁড় গণনাৰ বাবে সংবাদ মাধ্যম, স্বেচ্ছাসেৱক, বনকৰ্মী আৰু কৰ্মকৰ্তাকে ধৰি ১০০ ৰো অধিক লোকক নিয়োজিত কৰি পৰিচয় পত্ৰ বিতৰণ কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা ডিফলু নদীখন দুটা ভাগত ভাগ কৰাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৮৪ টা খণ্ডত গঁড়ৰ গণনাৰ কাম আৰম্ভ হ’ব ।

তিনিদিনীয়াকৈ হোৱা এই গণনাত আজি পুৱাৰে পৰা ডিফলু নদীৰ দক্ষিণ পাৰৰ ৪৮ টা খণ্ডত গঁড় গণনা আৰম্ভ হৈছে । কাইলৈ অৰ্থাৎ ২৭ মাৰ্চত ডিফলু নদীৰ উত্তৰ পাৰৰ ২৮ টা খণ্ড আৰু বিশ্বনাথৰ ৮ টা খণ্ডক সামৰি মুঠ ৩৬ টা খণ্ডত গঁড় গণনাৰ কাম আৰম্ভ হ’ব । গঁড় গণনাৰ বাবে বনবিভাগে চৰকাৰী আৰু বেচৰকাৰী ৪৫ টা হাতী ব্যৱহাৰ কৰিছে । গঁড় গণনাত হাতী ব্যৱহাৰ কৰিব লগা হোৱাৰ বাবেই উদ্যানখনত পৰ্যটকৰ বাবে হাতী ছাফাৰী সম্পূৰ্ণৰূপে বন্ধ ৰখা বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই জানিবলৈ দিয়ে । অহা ২৮ মাৰ্চত গঁড়ৰ লিংগ নিৰ্ণয় আৰু বয়স আদি নিৰ্ধাৰণৰ পাছত ৩০ মাৰ্চত গঁড় গণনাৰ ফলাফল প্ৰকাশ কৰিব উদ্যান কতৃপক্ষই ৷ উদ্যানখনত ১৯৬৬ চনত পোন প্ৰথমবাৰৰ বাবে গঁড় গণনা আৰম্ভ হৈছিল আৰু সেইবাৰ উদ্যানখনত গঁড়ৰ সংখ্যা আছিল ৩৬৬ টা । আনহাতে শেহতীয়াকৈ উদ্যানখনত ২০১২ চনত কৰা গণনাত গঁড়ৰ সংখ্যা আছিল ২,২৯০ টা । ইফালে ২০১৩ বৰ্ষত ২.৩২৯ টালৈ বৃদ্ধি পাইছিল । শেহতীয়াকৈ ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙাত ২,৪১৩ টা গঁড় পোৱা গৈছিল ৷ আজিৰে পৰা হোৱা গঁড় গণনাত পূৰ্বতকৈ গঁড়ৰ সংখ্যা কাজিৰঙাত বৃদ্ধি পাব বুলি আশা প্রকাশ কৰিছে উদ্যান কতৃপক্ষই । অন্যহাতে আজিৰে পৰা হোৱা গঁড় গণনাৰ বাবে ২৬, ২৭ আৰু ২৮ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাকাৰী বন্ধ থাকিব বুলি বনবিভাগৰ সূত্ৰত প্ৰকাশ ৷ উল্লেখযোগ্য যে গঁড় গণনাৰ পূৰ্বে উদ্যানখনৰ অৰণ্য বিশেষকৈ খেৰনি, ইকৰানি, নদী, বিলৰ পাৰ আদি এলেকা অর্থাৎ যিবোৰ সম্ভাব্য স্থানত গঁড়ে বিচৰণ কৰি থাকে তেনে এলেকাবোৰত জুই দি পৰিষ্কাৰ কৰাটো অতি প্রয়োজন । তেতিয়াহে গণনাকাৰীসকলে গঁড়ক প্রত্যক্ষ কৰি গণনা কৰাত সুবিধা হয় ।

ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি, বুঢ়াপাহাৰ আদি বনাঞ্চলৰ নিৰ্বাচিত অৰণ্যত বনকৰ্মীয়ে জুই দিয়া কাম সমাপ্ত কৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই জানিবলৈ দিয়া মতে, এইবাৰ কাজিৰঙাৰ অৰণ্যত জুই দিয়া হৈছে যদিও ঘাঁহনি, ইকৰানি আদি এতিয়ালৈকে ভালকৈ জ্বলা নাই । ইকৰানি আৰু ঘাঁহনি বৰ্তমান কেঁচা হৈ থকাৰ লগতে বতাহো পর্যাপ্ত বলা নাই । যাৰ ফলত জুইৰ প্ৰকোপ কম হৈ আছে । এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৯৫০ চনৰ পৰাই অৰণ্যত জুই দিয়া যাক ইংৰাজীত কন্ট্রল বার্নিং আৰম্ভ কৰা হৈছিল । প্ৰথম অৱস্থাত ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত কুঠৰীৰ এলেকাত অৰণ্যত পৰীক্ষামূলকভাৱে জুই দিয়া আৰম্ভ কৰা হৈছিল আৰু পৰৱৰ্তী কালত ৰাষ্ট্ৰীয় উদ্যানৰ আটাইকেইটা বনাঞ্চলতেই এই ব্যৱস্থা প্রয়োগ কৰা হয় বিশেষকৈ উদ্যানখনৰ তৃণভোজী বন্যপ্ৰাণীৰ কাৰণে । তৃণভোজী বন্যপ্ৰাণীৰ সংখ্যা দিনক দিনে উদ্যানখনত বৃদ্ধি পাই থকাত ঘাঁহনি এলেকা বহু প্ৰয়োজন হৈ পৰিছে । উল্লেখযোগ্য যে কাজিৰঙাত বহু ঘাঁহনি এলেকা বর্তমান কাঠনিলৈ পৰিণত হৈ পৰিছে । এইটো তৃণভোজী প্ৰাণীৰ কাৰণে শুভ লক্ষণ নহয় । উদ্যান কর্তৃপক্ষই গৱেষণাৰ জৰিয়তে কেনেকৈ কাঠনি এলেকা হ্ৰাস কৰি ঘাঁহনি এলেকা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা সময় থাকোতেই নললে ভৱিষ্যতে ভীষণ সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলিও প্রাণীবিদসকলে মত প্রকাশ কৰিছে ।

বকোৰ যুৱক আব্দুৰ ৰফিকৰ স্বাৱলম্বিতাৰ নিদৰ্শন…

নিজৰ স্বকীয় কৰ্মৰাজিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এগৰাকী যুৱ ব্যৱসায়ীয়ে। জানিব পৰা মতে ; কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত  বৰুৱা বালিঝাৰৰ শিক্ষীত যুৱক আব্দুৰ ৰফিকে নিজৰ গৃহতেই মুকলি কৰিছে আধুনিক ডিজাইনৰ ইলেকট্ৰনিক এল এ ডি বাল্প। উল্লেখ্য যে উচ্চ শিক্ষা সমাপ্ত কৰি ৰফিকে কলিকতাৰ এটা প্ৰতিষ্ঠানত এল এ ডি বাল্ব প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ লৈ নিজাববীয়াকৈ ৰফিক ইন্ডাষ্ট্ৰী গঢ়ি তুলি জীৱিকা উপাৰ্জনৰ কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ হৈ পৰিছে।প্ৰতিষ্ঠানটোত ইতিমধ্যে বিভিন্ন ঠাইৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী সমূহ খুচুৰা বিক্ৰীৰ উপৰিও পাইকাৰী ভাৱেও ক্ৰয় কৰিবলৈ আহি আছে।

ইয়াৰ জৰিয়তে অধিক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হৈছে ইন্ডাষ্ট্ৰিটোৰ সত্তাধীকাৰী আব্দুৰ ৰফিকে ।সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ ৰফিকে কয় যে, শিক্ষা কেৱল চাকৰিৰ বাবে অৰ্জন কৰা ঠিক নহয়, ইচ্ছা কৰিলে ভাল ব্যৱসায় কৰিলেও জীৱনত সাফল্য লাভ কৰিব পাৰি। তেওঁ আৰু জানিবলৈ দিয়ে যে  অতি সুলভ মুল্যত বিক্ৰী কৰা হয় বাল্ব সমুহ।যদি কোনো ব্যক্তিক কাৰিকৰী প্ৰশিক্ষণ, নিৰ্মাণ সামগ্ৰীৰ আৱশ্যক হয় তেন্তে +917002831934 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মান কৰা বাল্ব সমূহে অঞ্চলটোৰ লগতে বিভিন্ন ঠাইৰ ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে আব্দুৰ ৰফিকৰ এনে কাৰ্য্যৰ বাবে আদৰণিয় আৰু প্ৰসংশাৰ পাত্ৰ হৈ পৰিছে।

১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেৰাচিটামল ঔষধৰ…

পেট্ৰল-ডিজেল, ৰন্ধন গেছ চিলিণ্ডাৰৰ পিছত সাধাৰণ লোকক মাধমাৰ শোধাই দাম বাঢ়িব জীৱদায়িনী ঔষধৰ। পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি পাব বহু ঔষধৰ দাম। হ’লচেল প্ৰাইচ ইনডেক্সৰ পৰিৱৰ্তন হোৱাৰ লগে লগে অধিক দাম ভৰিব লাগিব ৰোগীয়ে। ১ এপ্ৰিলৰ পৰা উচ্চ ৰক্তচাপ, ৰক্তহীনতা, ছাল, জ্বৰ, সংক্ৰমণ, হৃদৰোগৰ ঔষধৰ দাম বৃদ্ধি পাব।

যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ঔষধৰ দাম ১০.৭ শতাংশ বৃদ্ধি পাব। নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটী অৱ ইণ্ডিয়াই পাইকাৰী দৰ সূচকৰ পৰিৱৰ্তন কৰা বুলি ঘোষণাৰ লগে লগে কমেও ৮০০ বিধ মেডিচিনৰ দাম বৃদ্ধি পাব।