Home Blog Page 2563

সৃজনগ্ৰামত ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ…

শুক্ৰবাৰে বঙাইগাও জিলাৰ সৃজনগ্ৰামত এক উৎসৱ মুখৰ পৰিবেশ ৷ জিলাখনৰ সৃজনগ্ৰামৰ আমগুৰি  সস্তৰত অৱস্থিত শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰত ৰাজদৌল মহোৎসৱ পালন কৰে  অঞ্চলটোৰ ২৬ ৰাইজে ৷ লোকবিশ্বাস অনুসৰি এই মন্দিৰটোৰ আছে বিশেষ তাৎপৰ্য্য ৷ মন্দিৰটোত যদি শুদ্ধচিত্তে প্ৰাৰ্থনা কৰে তেন্তে মনোবাঞ্চা পূৰণ হয় বুলিও দাবি উত্থাপন কৰে ৰাইজে ৷ আনহাতে শ্ৰীশ্ৰী ৰাম চন্দ্ৰৰ বহি থকা সেউজীয়া ৰঙৰ মূৰ্তি ভাৰতৰ ভিতৰত দ্বিতীয় আৰু অসমৰ ভিতৰত প্ৰথম বুলি প্ৰকাশ কৰিছিল ড° ইন্দিৰা গোস্বামীয়ে ৷

এই মন্দিৰটোত আছে ৬১ খনকৈ সাঁচিপাতৰ পুথি ৷সেয়েহে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ এই বিশেষ  দিনটোত সমাগম ঘটিল সত্ৰখনত ৷উল্লেখযোগ্য যে ৰাজদৌল মহোৎসৱত উপস্থিত  থাকে KAC ৰ  মুখ্য কায্যবাহি সদস্য গকুল বৰ্মন, আভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰকে ধৰি  বিশেষ বিশেষ ব্যক্তিসকল ৷

বিশ্বৰেকৰ্ড স্পৰ্শ ভাৰতীয় অধিনায়কৰ….

মহিলা বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আন এটা ব্যক্তিগত মাইলৰ খুঁটি স্পৰ্শ কৰিছে অধিনায়ক মিতালী ৰাজে। বিশ্বকাপত সৰ্বাধিক অৰ্ধশতকৰ কৃতিত্ব অৰ্জন মিতালী ৰাজৰ। শনিবাৰে অকলেণ্ডৰ ইডেন পাৰ্কত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মিতালীয়ে ৬৩ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। চলিত বৰ্ষৰ এয়া মিতালীৰ প্ৰথমটো অৰ্ধশতক। বিশ্বকাপত সৰ্বাধিক ১২ টা অৰ্ধশতক অৰ্জনৰ বিশ্ব অভিলেখো স্পৰ্শ কৰে মিতালীয়ে। উল্লেখ্য যে, নিউজিলেণ্ডৰ প্ৰাক্তন বেটছমেন ডেবি হকলেৰেই বিশ্বকাপত ১২ টা অৰ্ধশতক অৰ্জন কৰিছিল। ইংলেণ্ডৰ প্ৰাক্তন বেটছমেন চাৰ্লট এডৱাৰ্ডছকো অতিক্ৰম মিতালীৰ।

বেটছমেন হিচাপে যুটীয়াভাৱে তেওঁ শীৰ্ষস্থানত থাকিলেও এগৰাকী অধিনায়ক হিচাপে বিশ্বকাপত সৰ্বাধিক অৰ্ধশতক অৰ্জনকাৰীৰ অভিলেখ গঢ়িছে মিতালীয়ে। বিশ্বকাপত অধিনায়ক হিচাপে মিতালীৰ এইটো অষ্টম অৰ্ধশতক। দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ছুজী বেটছ। বিশ্বকাপত অধিনায়ক হিচাপে ছুজীৰ বেটৰ পৰা আহিছে ৬টা অৰ্ধশতক।


ইফালে, চলিত মহিলা বিশ্বকাপত ভাৰতীয় মহিলা দলৰ অধিনায়কক ইমান দিন ধৰি ছন্দত দেখা নাছিল অনুৰাগীয়ে। দলটোৰ প্ৰাৰম্ভিক বেটিং বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰিবলৈ গৈ তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬৮ ৰানৰ দুৰ্দান্ত ইনিংছ খেলে। ইয়াৰ পূৰ্বে, মিতালীয়ে চলিত বিশ্বকাপৰ ৪খন খেলত মাত্ৰ ৪৬ ৰানহে সংগ্ৰহ কৰিছিল।

শক্তিশালী মিছাইলেৰে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ…

অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ। ইয়াৰ মাজতে শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰুছ সেনাই ইউক্ৰেইনৰ পশ্চিম দিশত এই মিছাইলেৰে আক্ৰমণ কৰে।

ৰুছ সেনাই ইয়াৰ পূৰ্বে কেতিয়াও স্বীকাৰ কৰা নাছিল যে তেওঁলোকে ইউক্ৰেইৰ ওপৰত শক্তিশালী মিছাইলেৰে আক্ৰমণ কৰিছে।কিন্তু কিঞ্জল হাইপৰছোনিক মিছাইলেৰে আক্ৰমণ কৰা বুলি ৰুছৰ সংবাদ মাধ্যমটো প্ৰকাশ পাই।

উল্লেখ্য যে, ৰাছিয়াই অব্যাহত ৰাখিছে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ। ইতমধ্যে কেইবাখনো চহৰত ধ্বংসলীলা কৰিছে ৰাছিয়াই কিন্তু তাৰ পাছতো ইউক্ৰেইনে ইয়াৰ মোকাবিলা কৰি গৈছে।

২২ মাৰ্চৰ পৰা প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ…

মহানগৰীৰ কৰ্তব্যৰত সাংবাদিক- সংবাদ কৰ্মীৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱে হাতত লৈছে আন এক কল্যাণকামী পদক্ষেপ। অহা ২২ মাৰ্চৰ পৰা গুৱাহাটী প্ৰেছ ক্লাৱত প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ। কোভিড-১৯ৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাৱৰ যুঁজ অব্যাহত আছে।

কৰোনাৰ সংহাৰৰ সময়ত গুৱাহাটী প্ৰেছ ক্লাৱে সাংবাদিক- সংবাদ কৰ্মীৰ মাজত সফলতাৰে প্ৰদান কৰিছিল ভেকচিনৰ দুটা ড’জ। কাৰোনাক সম্পূৰ্ণৰূপে পৰাস্ত কৰাৰ বাবে অতি প্ৰয়োজনীয় বুষ্টাৰ ডজ প্ৰদান কৰা হ’ব এক শিবিৰত।

জেনেৰেল বিপিন ৰাৱাটলৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ…

দেশৰ প্ৰথম গৰাকী চিডিএছ বিপিন ৰাৱটক মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব ভাৰতৰ অন্যতম অসামৰিক সন্মান পদ্ম বিভূষণ। ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসমাৰিক সন্মান হৈছে পদ্মবিভূষণ। ২১ মাৰ্চত তেওঁৰ কন্যা কৃতিকা আৰু তাৰিণীয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰণ কৰিব এই সন্মান।

উল্লেখ্য যে, ২৬ জানুৱাৰীত ১২৮ গৰাকী লোকলৈ পদ্ম সন্মান ঘোষণা কৰা হৈছিল। ইয়াৰ ভিতৰত ৪ টা পদ্মবিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ, ১০৭ গৰাকী লোকলৈ পদ্মশ্ৰী সন্মান ঘোষণা কৰা হৈছিল।

বিগত বৰ্ষৰ ৮ ডিচেম্বৰত তামিলনাডুত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল বিপিন ৰাৱাটৰ। জেনেৰেল ৰাৱাটক ২০১৯ চনৰ ৩১ ডিচেম্বৰত ভাৰতৰ প্ৰথম চিডিএছ হিচাপে নিযুক্তি দিয়া হৈছিল।

তামুলপুৰৰ জোকমাৰী নিজডেফেলী দৌল মহোৎসৱৰ সোণালী জয়ন্তীৰ আয়োজন

তামুলপুৰ জিলাৰ অন্তৰ্গত জোকমাৰী নিজ-ডেফেলী মিলন দৌল মন্দিৰ প্ৰাংগণত দৌল মহোৎসৱৰ ৫০ বছৰ পূৰ্তি উপলক্ষে অহা ১৭ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ছয়দিনীয়া কাৰ্যসূচীৰে ৫১ সংখ্যক জোকমাৰী নিজ ডেফেলী মিলন দৌল মহোৎসৱ আৰু সোণালী জয়ন্তী বৰ্ষ উৎসৱ পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।ইতিমধ্যে প্ৰফুল্ল ৰাম দাসক সভাপতি আৰু অপূৰ্ব কোঁৱৰক সম্পাদক হিচাপে লৈ দৌল মহোৎসৱৰ সোণালী জয়ন্তী উদযাপন সমিতি এখন গঠন কৰা হৈছে৷সোতৰ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হব লগা এই সোনালী জয়ন্তী মহোৎসৱ উপলক্ষ্যে স্বচ্ছ অভিযান ,গোসাই আদৰণি, বহ্নোৎসৱ, নাম প্ৰসংগ , পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছ পুলি ৰোপণ, মুখ্য দ্বাৰ উদঘাটন, কাৰ্যালয় উদ্বোধন, শাস্ত্ৰ পাঠ, সম্বৰ্ধনা অনুষ্ঠান , নাগাৰা নাম, ঢুলীয়া আৰু সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ধৰ্মালোচনী সভা আৰু মুকলি সভাৰ আয়োজন কৰা হৈছে ৷

দৌল উপলক্ষ্যে ৬ দিনীয়া বাণিজ্য মেলাৰো আদি আয়োজন কৰা হৈছে৷ৰাইজৰ সহায় সহযোগিতা উদযাপন সমিতিয়ে কামনা কৰিছে ৷

ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম চিচিবৰগাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা

নিজৰ প্ৰতিভাৰ বলত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২২ ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে চিচিবৰগাঁৱৰ চৌখামটিং গাঁৱৰ ত্ৰিবেণী ৰাইদঙীয়া ভূঞা নামৰ বোৱাৰীগৰাকীয়ে।৫৬ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ এখন বাঁহৰ ডলাত ১১০ গৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰি ত্ৰিবেণীয়ে লাভ কৰিবলৈ সক্ষম হৈছে এই বিৰল সন্মান ।এক্ৰাইলিক কালাৰৰ দ্বাৰা ৪ ছেন্টিমিটাৰ প্ৰতিখন ফটোৰ জোখত ষ্টেন্সিল আৰ্ট পদ্ধতিৰে ৭ ঘন্টা ২৯ মিনিট ৬ চেকেণ্ড সময়ৰ ভিতৰত বাঁহৰ ডলাখনৰ ভিতৰত ১১০ গৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰতিচ্ছবি অংকন কৰে ত্ৰিবেণীয়ে।আজি ত্ৰিবেণীৰ ৰেকৰ্ডৰ প্ৰমানপত্ৰ ঘৰ আহি পোৱাৰ পিছত নিজৰ সপোন বাস্তৱ হোৱাৰ বাবে আনন্দিত হৈ পৰিছে ত্ৰিবেণী।

চৌখামটিং গাঁৱৰ দীপাংকৰ ভূঞাৰ পত্নী তথা চিচিবৰগাঁও বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ত্ৰিবেণীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ চিচিবৰগাঁওবাসী।

বিগত বৰ্ষৰবোৰৰ দৰে এইবৰ্ষতো চিলাপথাৰত চলিছে বিহুৰ কৰ্মশালা।

বহাগ বিহু সমাগত । বিগত বৰ্ষৰবোৰৰ দৰে এইবৰ্ষত চিলাপথাৰত চলিছে বিহুৰ কৰ্মশালা। দুইশতাধিক শিক্ষাৰ্থীৰ যোগদান অসমীয়াৰ হেঁপাহৰ বহাগ বিহুলৈ মাজত মাথো এটা মাহ বাকী । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এতিয়া হেঁপাহৰ বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্ততি। বিহুৰ কৰ্মশালাত ব্যস্ত হৈ পৰিছে এতিয়া নাচনী , ঢুলীয়া সকল। এই দৃশ্য চিলাপথাৰ অসমী সংঘৰ বাকৰিৰ । দহদিনীয়াকৈ অনুষ্ঠিত হৈছে বিহু নাচ, ঢোল বাদন আৰু পেঁপা বাদনৰ কৰ্মশালা ।চিলাপথাৰ বিহুৱা শিল্পী সমাজ, অসমী সংঘ আৰু পূৰ্বজ্যোতি সংঘৰ যৌথ উদ্যোগত চিলাপথাৰ অসমী সংঘৰ বাকৰিত দহদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা। উদ্যোক্তাসকলে জনোৱা মতে বৰ্তমানলৈকে ২০০ শ ৰো অধিক কণ কণ শিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।

চিলাপথাৰৰ জনপ্ৰিয় বিহুৱা দিপক গগৈৰ নেতৃত্বত আৰু ঢোলবাদক বিনন্দ বৰুৱা,জগত কোঁৱৰ,লিখন গগৈ,সঞ্জীৱ ৰাজকোঁৱৰ সহযোগত চলি আছে কৰ্মশালা। অতিথি প্ৰশিক্ষক হিচাপে উপস্থিত আছে ডি ৱাই বিহুৰাণী ২০২১ খিতাপ প্ৰাপক নৃত্যাংগণা নগাঁওৰ নিৰ্জুমা কাকতি। অসমৰ জাতীয় পৰিচয়স্বৰূপ বিহু বিষয়টো পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বিহু কমিটিক উদযাপনৰ বাবে ডেৰলাখকৈ টকা চৰকাৰী অনুদান ঘোষনাক আদৰণি জনায় বিহুৰাণী গৰাকীয়ে।

“দ্য কাশ্মীৰ ফাইলছ” ছবিখন চাই চকুলো টুকিলে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজে

কাশ্মীৰৰ ফাইল ছবিখন চাই গিৰিৰাজে কান্দিছিল, কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছিল- যদি এই ছবিখন নহ’লহেঁতেন, দেশখনে কাশ্মীৰৰ সত্যতা নাজানিলেহেঁতেন, ইয়াক গাওঁৰ পৰা গাওঁলৈ দেখুওৱা উচিত।কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে মঙলবাৰে কাশ্মীৰী পণ্ডিতসকলৰ গণহত্যাৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ চোৱাৰ পিছত কান্দিবলৈ আৰম্ভ কৰিছিল। বিজেপিৰ ফায়াৰ ব্ৰেণ্ডনেতাৰ প্ৰতিচ্ছবি থকা গিৰিৰাজ সিঙে থিয়েটাৰৰ পৰা ওলাই অহাৰ পিছত কয় যে যদি এই ছবিখন নহ’লহেঁতেন, তেন্তে দেশখনে কাশ্মীৰসম্পৰ্কে সত্য জানিব নোৱাৰিলেহেঁতেন। এই সময়ছোৱাত তেওঁৰ চকুৰ পৰা চকুপানী বৈ আহিছিল। তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলক এই ছবিখন গাওঁৰ পৰা গাওঁলৈ লৈ যাবলৈ আৰু সমগ্ৰ দেশতে দেখুৱাবলৈ আহ্বান জনাইছিল।আনকি দিনটোত, তেওঁ ছবিখনক লৈ কংগ্ৰেছক লক্ষ্য কৰি লৈছিল।


গিৰিৰাজ সিঙে মঙলবাৰে দিনটোৰ আৰম্ভণিতে কাশ্মীৰ ফাইলছ চলচ্চিত্ৰক লৈ কংগ্ৰেছক লক্ষ্য কৰি লৈছিল। তেওঁ পাটনাত কয় যে লাখ লাখ পণ্ডিতৰ দুৰ্দশাৰ বাবে চকুপানী শুকাই যোৱা ছবিখনে তেওঁৰ কান্দোন বৃদ্ধি কৰিছে। শোষণৰ ৰাজনীতিৰ খেল এতিয়া সকলোৰে সন্মুখত ওলাই আহিছে। কংগ্ৰেছে ভাৰতৰ পণ্ডিতসকলৰ সৈতে কি কৰিছিল? এতিয়া মানুহে জানে।গিৰিৰাজে কয় যে ৰাহুল গান্ধীৰ দৰে মানুহে আজি কাশ্মীৰ সন্দৰ্ভত যি মন্তব্য দিছে, তাৰ পৰা এনে লাগিছে যে তেওঁলোকে দুই ৰাষ্ট্ৰৰ নীতি অনুসৰণ কৰি আছে আৰু মুছলমানসকলক উত্তেজিত কৰিবলৈ কাম কৰি আছে। এনে লাগে যে ভোটৰ বাবে দেশ খন ভাঙি পৰিছে, কিন্তু ভোট ভংগ হোৱা নাই, সেইটোৱেই তেওঁলোকৰ নীতি। গিৰিৰাজ সিঙে সকলোকে কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখন চাবলৈ আহ্বান জনাইছিল আৰু কৈছিল যে দেশৰ ১২৫ কোটি লোকৰ সত্য জানিবলৈ অধিকাৰ আছে। কংগ্ৰেছে ইয়াৰ শাসনকালত কাশ্মীৰক ভোটবেংক হিচাপে গণ্য কৰিছিল, ৰাষ্ট্ৰ হিচাপে নহয়।

প্ৰধানমন্ত্ৰী মোডীয়েও ছবিখনৰ পক্ষ লৈছিল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও মঙলবাৰে দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ পক্ষ লৈছিল। “আজিকালি কাশ্মীৰৰ ফাইলসমূহৰ বিষয়ে আলোচনা চলি আছে আৰু যিসকলে মত প্ৰকাশৰ স্বাধীনতাৰ পতাকা বহন কৰে, সেই লোকসকল যোৱা ৫-৬ দিন ধৰি উত্তেজিত হৈ আছে। “মোৰ আগ্ৰহ সেই ছবিখনত নহয়, কিন্তু মোৰ কথা টো হ’ল যে সকলোৰে সন্মুখত সঠিক ৰূপত যি সঁচা তাক অনাটো দেশৰ বাবে ভাল।এম জে আকবৰে প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বক্তব্য মনত পেলাইছে ,প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেতা এম জে আকবৰে দ্য কাশ্মীৰ ফাইলছ চলচ্চিত্ৰখনৰ তদানীণ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ বক্তব্যৰ কথা মনত পেলাইছিল। যিটো তেওঁ সাংবাদিক হিচাপে এই গণহত্যাসম্পৰ্কে আকবৰৰ হৈ কৰা এটা প্ৰশ্নৰ উত্তৰত দিছিল। আকবৰে মঙলবাৰে কয়, “সেই সমস্যাটো অতি বেদনাদায়ক আছিল, সেই সময়ৰ ঘটনাবোৰৰ বাবে মই গভীৰভাৱে দুখিত। মই দেখা নাই যে আমাৰ দেশৰ এটা সম্প্ৰদায় শৰণাৰ্থী হ’ব লগা হৈছিল।

জ্যেষ্ঠ সাংবাদিক আকবৰে কয়, “যেতিয়া মই তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক ‘কাশ্মীৰী পণ্ডিত’ৰ প্ৰস্থানসন্দৰ্ভত এটা প্ৰশ্ন সুধিছিলো, তেতিয়া তেওঁ এটা অতি ৰাজনৈতিক উত্তৰ দিছিল। ৰাজীৱে কৈছিল যে কাশ্মীৰত ফাৰুক আব্দুল্লাৰ চৰকাৰ আছে আৰু কেন্দ্ৰই ইয়াৰ কামত হস্তক্ষেপ কৰিব নোৱাৰে। আকবৰে লগতে কয়, “কিন্তু এনে ঘটনাৰ ওপৰত ব্যৱস্থা লোৱাটো চৰকাৰৰ দায়িত্ব আছিল। কেন্দ্ৰীয় চৰকাৰে এনে এক ভয়ংকৰ ঘটনাত অন্ধভাৱে বহিব নোৱাৰিলেহেঁতেন।

উপাসনা সিং আৰু জুনিয়ৰ মেহমুদৰ যুগলবন্দীয়ে গুৱাহাটীবাসীক প্ৰদান কৰিলে মনোৰঞ্জন

কাৰোবাৰ মুখলৈ হাঁহি অনা আৰু তেওঁলোকক মুকলিকৈ হাঁহিবলৈ সুযোগ দিয়াটো সহজ কথা নহয়, কিন্তু বলীউডৰ বিখ্যাত অভিনেত্ৰী আৰু কৌতুক অভিনেতা উপাসনা সিং তথা প্ৰখ্যাত কৌতুক অভিনেতা জুনিয়ৰ মেহমুদে এই অসাধ্য সাধন কৰি দেখুৱাইছে। গুৱাহাটীৰ হুনাৰ হাটত এই দুয়োগৰাকী শিল্পীয়ে দৰ্শকক হঁহুৱাই পেটৰ নাড়ী ডাল-ডাল কৰিছে৷

মঙলবাৰে, হুনাৰ হাটৰ সন্ধিয়াটো হাস্যৰসৰ নামত আছিল। উপাসনা সিং আৰু জুনিয়ৰ মেহমুদৰ যুঁটিটোৱে মঞ্চত তেওঁলোকৰ অভিনয় আৰু কৌতুকৰ জৰিয়তে উপস্থিত দৰ্শকক যথেষ্ট মনোৰঞ্জন দিয়ে। মঞ্চত দুয়োজনৰ যুগলবন্দীটো বৰ সুন্দৰ হয়।

গুৱাহাটীৰ দৰ্শকে তেওঁলোকক বাৰে বাৰে প্ৰশংসা কৰে আৰু কাৰ্যসূচীৰ পিছত উপাসনা সিং আৰু জুনিয়ৰ মেহমুদেও গুৱাহাটীৰ লোকসকলক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰিও, দুয়োজনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিক হুনাৰ হাটৰ চিন্তা-ধাৰা আৰু ইয়াক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে প্ৰশংসা কৰে।