Home Blog Page 2619

নব প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫দিনীয়া ফুটবল প্ৰশিক্ষণ শিবিৰ

ওদালগুৰিত  SSBৰ 23BN  লালপুল শিৱিৰৰ  প্ৰশংসণীয় পদক্ষেপ ৷নৱ প্ৰজন্মক খেলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ  শিবিৰ আয়োজন কৰা হৈছে ৷ওদালগুৰি জিলাৰ সোনাই খেল পথাৰত আয়োজন কৰে এই বিনামূলীয়া প্ৰশিক্ষণ কেন্দ্ৰ৷উক্ত প্ৰশিক্ষণ কেন্দ্ৰ নিৰীক্ষণ কৰিবলৈ দিনৰ প্ৰায়  ৪বজাত উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG  D. K সিনহা ওদালগুৰি জিলাৰ লালপুল 23BN SSB শিবিৰৰ প্ৰশংসনীয় পদক্ষেপ৷লালপুল সীমান্ত শাখাই বিগত দিনত নিজৰ দায়িত্ব আৰু কৰ্তব্য  পালন কৰাৰ লগতে  নিৰপেক্ষ ভাৱে সামাজিক কাম কাজ কৰি আহিছে।

এইবেলিও শিক্ষিত নৱ প্ৰজন্মক খেল ধেমালিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ যোৱা ৮ফেব্ৰৱাৰী তাৰিখৰ পৰা ওদালগুৰি সোনাই খেল পথাৰত ৪৫ দিনীয়া বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ শুভাৰম্ভ কৰি প্ৰশিক্ষণ দি থকাৰ সময়তে উক্ত কেন্দ্ৰটো নিৰীক্ষণ কৰিবলৈ উপস্থিত হয় তেজপুৰ সীমান্ত শাখাৰ DIG D.K সিনহা৷ উক্ত প্ৰশিক্ষণ কেন্দ্ৰটো নিৰীক্ষণ কৰি DIG গৰাকীয়ে কয় যে আগন্তুক দিনতো সীমান্ত শাখাৰ তৰফৰ পৰা শিক্ষিত নৱ প্ৰজন্মক উৎসাহিত কৰিবলৈ এনে কাৰ্যসূচী চলাই থাকিব৷SSBৰএনে পদক্ষেপক ওদালগুৰিৰ স্থানীয় ৰাইজে  প্ৰশংসা কৰা পৰিলক্ষিত হয়৷

ধনশ্ৰী চাহ বাগিছাত যক্ষ্মা আৰু কভিডৰ টিকাকৰণৰ সম্পৰ্কে সচেনতা

১২ফেব্রুৱাৰী ২০২২ তাৰিখে ওদালগুৰি জিলাৰ পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্ৰত ১৫৪দিন ভেকচিনেচন কাৰ্যসূচীত সুকলমে সম্পূৰ্ণ হয় আৰু  বৰ্তমানলৈ সৰ্বমুঠ দুয়োটা পালি মিলি ১০,৬১০পালি ক’ভিড ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হৈছে।এই তথ্য পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকলে জানিবলৈ দিয়ে। আনহাতে  ১১ফেব্ৰুৱাৰী লৈকে পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়ৰ ক’ভিড পৰীক্ষা  কেন্দ্ৰত ১৬৭  সৰ্বমুঠ  গৰাকীক  ক’ভিড পৰীক্ষা অন্তত ক’ভিড পজিটিভৰ সংখ্যা ২৩ জন  আছিল । এই পজিটিভৰ সংখ্যা ১৫ গৰাকীলৈ ক’ভিড পজিটিভৰ সংখ্যা হ্ৰাস পাইছে।

আনহাতে ক’ভিড-১৯ মহামাৰীৰ পৰা সৰ্বসাধাৰণ ৰাইজক সুৰক্ষিত কৰি ৰাখিবলৈ ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্য কৰ্মী আৰু কৰ্তিপক্ষ সমূহে   স্বাস্থ্য বিভাগক ১০০ শতাংশ ভেকচিন প্রদান কৰিবলৈ অহৰহ সহাই কৰি আহিছে। ধনশ্ৰী চাহ বাগিচাৰ স্বাস্থ্যকর্মীসকলে গাঁৱে গাঁৱে, ঘৰে ঘৰে গৈ স্বাস্থ্য বিভাগৰ লক্ষ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপ্রাণ চেষ্টা চলাই আহিছে। তেনে সময়তে ওদালগুৰি জিলাৰ  ওৰাং মৌজাৰ  অন্তৰ্গত  ওৰাং খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ  ৯ফেব্ৰুৱাৰীত ধনশ্ৰী চাহ বাগিচাৰ কেইবাখনো ভিতৰুৱা গাঁৱৰ ৰাইজৰ মাজত স্বাস্থ্য কৰ্মী ভৱেশ শৰ্মা আৰু সহকাৰী পৰিচালক প্ৰাঞ্জল বৰাৰ সহযোগত     ” আশ্বাসন ” আৰু উচ্চাকাঙ্খী জিল্লাৰ সহযোগিতা কর্মসূচিৰ অধীনত পিৰামল স্বাস্থ্যৰ দ্বাৰা যক্ষ্মা আৰু কোভিড টিকাকৰনৰ সম্পর্কে সচেতনতা তথা চলিত ৰোগীক চিনাক্ত কৰন  কায্য সম্পূৰ্ণ ৰূপে  সমাপ্ত  কৰা হয়। ইয়াৰে কায্য সূচী সমুহত   পূৰবী খাকলাৰী-কমিউনিটি এনগেজমেন্ট লিড, মৰমি দৈমাৰী,-ডিস্ট্রিক্ট প্রোগ্রাম লিড, এডিচি কোভিড ভ্যাকশ্বিনেশ্যন,সমৰদীপ বৰ কটকী-কমিউনিটি মোবিলাইজাৰ,জুলিনা বসুমটাৰী-প্যাৰামেডিক্যাল কর্মী, যশোদা পাইক – আশা কৰ্মী,অঞ্জো চাস্নী – আশা কৰ্মী আদিয়ে সহযোগিতা কৰে ৷

যমৰ যাতনাত সোণতলীৰ অৰ্ধশতাধিক গাঁৱৰ ৰাইজ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ নতুন কাঠমী পৰা ডেকাচাং বজাৰ হৈ মালিবাৰীলৈ যোৱা পথ এজাক বৰষুণতে স্তব্ধ হৈ পৰে যাতায়ত৷ পথটোত কেইবা ঠাইত পুখুৰী সদৃশ্য গাঁতৰ সৃষ্টি তথা বিধ্বস্ত ৰূপ ধাৰণ কৰাত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে বৃহৎসংখ্যক ৰাইজে যাতায়াতৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগিবলগীয়া হৈছে৷ বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ সময়ৰে পৰা সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত বাট-পথ, খোৱাপানী, স্বাস্থ্য সেৱা আদি উন্নয়নৰ ক্ষেত্ৰত সৰ্বত্ৰ অৱহেলিত হৈ আছে৷ এজাক বৰষুণতে পথত একাঁঠু পানী জমা হোৱাত পথচাৰীসকল সমস্যাত পৰিছে৷ বকো সমষ্টিৰ ছমৰীয়া-সোণতলী গড়কাপ্তানি পথ সংলগ্ন নতুন কাঠমী চাৰিআলি চ’ক-ডেকাচাং মালিবাৰীলৈ প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিধ্বস্ত পথছোৱাৰে বৃহত্তৰ অঞ্চলবাসীয়ে খোজকাঢ়ি, চাইকেল, মটৰ চাইকেল ঠেলি প্ৰতিদিনে বিপদসংকুলভাৱে বহিঃজগতৰ লগত সম্পৰ্ক ৰাখিবলগীয়া হৈছে৷

আনহাতে নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ বিধ্বস্তপ্ৰায় পথটো খৰালিত ধুলি-বালি, বাৰিষাত বোকা-পানী গচকি অঞ্চলবাসী ৰাইজৰ লগত শিক্ষাৰ্থীসকলে যাতায়াত কৰিবলগীয়া হৈছে। উক্ত অঞ্চলৰ একমাত্ৰ পকী পথটোৰ অধিকাংশই জহি-খহি যোৱাৰ ফলত পথটো খুবেই শোচনীয়ৰূপ ধাৰণ কৰিছে। পথটি মেৰামতিৰ বাবে দাবী জনাই অহাৰ পিচতো স্থানীয় বিধায়িকা নন্দিতা দাসে আজিলৈকে কোনোধৰণৰ গুৰত্ব দিয়া পৰিলক্ষিত নহ’ল। উল্লেখ্য যে অঞ্চলটোৰ বাট-পথবোৰ শোচনীয় ৰূপ ধাৰণ কৰাত স্বাস্থ্য বিভাগৰ জৰুৰীকালীন সেৱা ১০২ আৰু ১০৮ মৃত্যুঞ্জয় আদি গাড়ীৰে কঢ়িওৱা প্ৰসূতি তথা জটিল ৰোগত আক্ৰান্ত ৰোগী চিকিৎসালয়ত নিৰ্দিষ্ট সময়ত গৈ নাপায়৷ নতুন কাঠমী চাৰিআলি-ডেকাচাং বজাৰৰ গুৰুত্বপূৰ্ণ পথটি অতিশীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে৷

দেশত আত্মহত্যা কৰা লোকৰ সংখ্যা জানিলে দুচকু সেমেকিব আপোনাৰো

ক্ৰমবৰ্ধমান আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে ক’ভিড-জৰ্জৰিত ভাৰতক৷ ২০১০ বৰ্ষত ভাৰতত আত্মহত্যা কৰিছে সৰ্বাধিক নিবনুৱাই৷ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে বুধবাৰে ৰাজ্যসভাত এই সম্পৰ্কত তথ্য সদৰী কৰি কয় যে, দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ১৬,০০০ৰো অধিক লোকে আত্মহত্যা কৰিছে ভাৰতবৰ্ষত৷ আনহাতে, ২০১৮ৰ পৰা ২০২০চনৰ ভিতৰত কৰ্মসংস্থাপনহীনতাৰ বাবে ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছে৷

কৰ্মসংস্থাপনহীনতাৰ বাবে দুবছৰত ৯,১৪০গৰাকী লোকে আত্মহত্যা কৰিছিল‍৷ অথচ, এটা বছৰতে, অৰ্থাৎ ২০২০ বৰ্ষত ৩,৫৪৮গৰাকী লোকে আত্মহত্যা কৰিছে৷ ২০২০ বৰ্ষত এই তিনি সহস্ৰাধিক লোকে, এনে সময়ত আত্মহত্যা কৰিছে, সিসময়ত ক’ভিড-১৯ৰ বাবে দেশত লকডাউন আৰোপ কৰা হৈছিল আৰু বহুতো খণ্ডত কৰ্মৰত শ্ৰমিক আৰু কৰ্মচাৰীয়ে চাকৰি হেৰুওৱা আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ খবৰ পোৱা গৈছিল।

গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ২০২০ চনত দেউলীয়া বা ঋণগ্ৰস্ততাৰ বাবে ৫,২১৩ জন, ২০১৯ চনত ৫,৯০৮ জন আৰু ২০১৮ চনত ৪,৯৭০ জন লোকে আত্মহত্যা কৰিছিল। ২০২০ চনত নিবনুৱাৰ বাবে মুঠ ৩,৫৪৮ জন, ২০১৯ চনত ২,৮৫১ জন আৰু ২০১৮ চনত ২,৭৪১ জন লোকে আত্মহত্যা কৰিছিল৷

সমাজবাদী পাৰ্টীৰ সুখৰাম সিং যাদৱৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে সামাজিক সুৰক্ষাৰ লাভালাভ আৰু নিযুক্তি পুনৰুদ্ধাৰৰ লগতে নিয়োগকৰ্তাসকলক নতুন চাকৰি সৃষ্টিৰ বাবে উৎসাহিত কৰাৰ বাবে আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ জৰিয়তে নাগৰিকসকলৰ বাবে নিযুক্তি আৰু উপাৰ্জন উৎপাদনৰ বাবে কেইবাটাও কাৰ্যসূচী আৰম্ভ কৰিছে। লিখিত উত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মেক ইন ইণ্ডিয়া, ডিজিটেল ইণ্ডিয়া, স্বচ্ছ ভাৰত মিছন, স্মাৰ্ট চিটী মিছন, পুনৰুজ্জীৱিতকৰণ আৰু নগৰ পৰিৱৰ্তনৰ বাবে অটল মিছন, সকলোৰে বাবে গৃহ নিৰ্মাণ, আন্তঃগাঁথনি উন্নয়ন আৰু ঔদ্যোগিক কৰিড’ৰ আদি কাৰ্যসূচীৰ কথাও উল্লেখ কৰে৷ যিবোৰ আঁচনিয়ে ভৱিষ্যতে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

বিহালীৰ অনিল কুৰ্মীৰ হত্যাকাৰীক কৰায়ত্বৰ দাবীত প্ৰতিবাদী সভা

বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ  অন্তৰ্গত ৰতোৱাৰ অনিল কুৰ্মী নামৰ শ্ৰমিক জনৰ মৃত্যুক লৈ আজিও উত্তেজনা অব্যাহত আছে। ৪ ফেব্ৰুৱাৰী তাৰিখে প্ৰথম খন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ পিছত আজি এই সন্দৰ্ভত দ্বিতীয় খন ৰাজহুৱা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে,৪ ফেব্ৰুৱাৰীত হোৱা সভাৰ সিদ্ধান্ত মৰ্মে আজি হত্যাকাৰী কৰায়ত্বৰ দাবীত থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল। ইতিমধ্যে আৰক্ষীয়ে কিছু পৰিমাণে তৎপৰতা প্ৰদৰ্শন কৰি সন্দেহত দুজন লোকক আটক কৰাত উক্ত ঘেৰাও কাৰ্যসূচী স্থগিত ৰখা বুলি জানিব পৰা গৈছে। তাৰোপৰি হত্যাকাৰীক সোনকালেই ধৰিব বুলি জিনজিয়া আৰক্ষীয়ে সংগঠনৰ নেতৃত্বকাৰীক প্ৰতিশ্ৰুতি দিয়াত এই ধৰ্না কাৰ্যসূচী বাতিল কৰা বুলি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বিশ্বনাথ চাৰ্কোল সমিতিৰ সভাপতি নৰোত্তম চুণ্ডীয়ে জানিবলৈ দিয়ে।

আনহাতে, আজি অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে কৃষক মহাসভাৰ বিহালীৰ নেতা লক্ষ্মীকান্ত কুৰ্মীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে নৰোত্তম চুণ্ডীয়ে। সভাত আটছা নেতা আকাশ কিচান, আদিবাসী ছাত্ৰ সন্থাৰ নেতা অজিৎ কুৰ্মী,কাছাৰ নেতা জ্যোতিপ্ৰকাশ বৰা,চিপিআই(এম-এল)ৰ অনন্ত হাজৰিকাৰ লগতে স্থানীয় গোলোক কুৰ্মী, প্ৰেম তেলী,দ্বীজেন কুৰ্মী, সমাজ সেৱিকা ৰেজিয়া খান লস্কৰ আদিয়ে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে,ৰতোৱাৰ নিৰ্মাণৰত ক্ষুদ্ৰ চাহ উদ্যোগটোত নৈশ চকীদাৰ হিচাপে কৰ্মৰত আছিল অনিল কুৰ্মী নামৰ লোকজন। বিগত ২৪ ডিচেম্বৰৰ নিশা কৰ্মৰত অৱস্থাতে তেওঁৰ হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন উঠি আছে ।

শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মাৰ দেহাৱসান

  • শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাক্তন সচিব গৌতম শৰ্মা আৰু নাই।

  • কিছুদিন অসুস্থ হৈ আছিল শৰ্মা।

  • দীৰ্ঘসময় ধৰি কলাক্ষেত্ৰৰ সচিবৰ দায়িত্বত আছিল তেওঁ।

  • শৰ্মাৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ।

  • জি এম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।

হিজাব বিৰ্তকক লৈ উত্তৰাখণ্ডত মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে শুকুৰবাৰে উত্তৰাখণ্ডত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উত্তৰাখণ্ডৰ দেৰাদুনত শনিবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলাব শৰ্মাই।

শুকুৰবাৰে এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন কটাক্ষমূলক মন্তব্য কৰে শৰ্মাই । তেওঁ কয় যে কংগ্ৰেছে মুছলমান সকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকে মুছলমান সকল ডাক্তৰ,ইঞ্জিনিয়াৰ হোৱাটো নিবিচাৰে। কিন্তু বিজেপিয়ে বিচাৰে মুছলমান সকলো ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাটো যাৰ বাবে অসমত মাদ্ৰাছা বন্ধ কৰা হৈছে।

কৰ্ণাটকৰ হিজাব সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শৰ্মাই কয় যে ”হিজাব পৰিধান কৰাক লৈ মোৰ আপত্তি নাই কিন্তু কোনোৱে যদি স্কুল-কলেজত হিজাব পৰিধান কৰি যায় তেন্তে পিছত আন ধৰ্মৰ লোক সকলেও ধৰ্মীয় পোচাক পৰিধান কৰিব বিচাৰিব। কলেজ আৰু স্কুল অধ্যয়ন কৰাৰ বাবেহে,ফেশ্বন শ্ব’ৰ বাবে নহয়। সকলোৱে মনত ৰাখিব লাগে যে মুছলমান ছোৱালী সকলৰো পঢ়াৰ অধিকাৰ আছে। হিজাব পৰিধান কৰক কিন্তু স্কুল কলেজত কেৱল ইউনিফৰ্ম পিন্ধিব লাগে তেতিয়াহে সমানতা থাকে। কিন্তু কংগ্ৰেছে এতিয়া তেওঁলোকক হিজাব বিতৰ্কত সোমাই দিছে।’‘।

উল্লেখ্য যে,১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰু ভোটগণনা হ’ব ১০ মাৰ্চত। বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যেৰে এদিনীয়া কাৰ্যসূচীৰে উত্তৰাখণ্ডত উপস্থিত হোৱা শৰ্মা শনিবাৰে নিশা ৰাওনা হ’ব গুৱাহাটীলৈ।

লাহৰীঘাট মহাবিদ্যালয়ত ২০২২ বৰ্ষৰ ছাত্র একতা সভাৰ শপত গ্রহণ

মৰিগাঁও জিলাৰ লাহৰীঘাট মহাবিদ্যালয়ত ২০২২ বৰ্ষৰ বাবে নিৰ্বাচিত হোৱা ছাত্র একতা সভাৰ শপত গ্রহণ অনুষ্ঠানটি সুকলমে সম্পন্ন হয়। ৩ ফেব্ৰুৱাৰীত ছাত্র একতা সভাৰ সদস্য পদৰ বাবে মনোনয়ন পত্র দাখিল কৰিছিল, আৰু সেই মৰ্মে ১০ ফেব্ৰুৱাৰীত মহাবিদ্যালয়ৰ নিৰ্বাচন কতৃপক্ষই বিভিন্ন পদত বিজয়ী হোৱা প্ৰাৰ্থী সকলৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে। ২০২২ বৰ্ষৰ ছাত্র একতা সভাৰ বিভিন্ন পদত বিজয়ী হোৱা সদস্য সকল ক্ৰমে উপ সভাপতি বাহাৰুল ইছলাম, সাধাৰণ সম্পাদক মুক্তাৰ হুছেইন, সহকাৰী সাধাৰণ সম্পাদক পাৰবেজ মোশাৰফ, সাংস্কৃতিক সম্পাদক ফৰিদুল ইছলাম, ক্ৰীড়া সম্পাদক জাহাৰুল ইছলাম, আলোচনী সম্পাদক ৰিয়াজুল আহমেদ, ছাত্র জিৰণি কোঠাৰ সম্পাদক ৰাশিদুল ইছলাম, আৰু ছাত্রী জিৰণি কোঠাৰ  সম্পাদিকা ইয়াচমিন ছুলতানা।

তাৰে লগত সংগতি ৰাখি আজি দিনৰ ১১ বজাত মহাবিদ্যালয় শ্ৰেণী কক্ষত  নিৰ্বাচিত হোৱা সদস্য সকলক শপত গ্ৰহণ  গ্রহণ কৰোৱা হয়। শপত গ্রহণ অনুষ্ঠানটি সঞ্চালনা কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা ছাত্র একতা সভাৰ সভাপতি ছফিৰ উদ্দিন আহমেদে। সভাৰ উদ্দেশ্য বাখ্যা ও আদৰণি পৰ্বৰ আঁত ধৰে প্ৰবক্তা আবুল ফজলে। শপত গ্রহণ কৰোৱাই নব নিৰ্বাচিত ছাত্র একতা সভাৰ সদস্য সকলক একোখনকৈ ফুলাম গামোচা প্ৰদান কৰাৰ লগতে সকলোকে বিজয়ী পত্ৰ দিয়া হয়। উল্লেখ্য যে মনোনয়ন পত্র দাখিল কৰা ছাত্র ছাত্রী সকলৰ মাজত সকলো পদৰ বাবে কোনো বিৰোধী প্ৰতিদ্বন্দিতা নকৰাত বিনা প্রতিদ্বন্দ্বিতাই বিজয়ী বুলি মহাবিদ্যালয়ৰ নিৰ্বাচন কতৃপক্ষই আনুষ্ঠানিকভাবে ভাবে ঘোষণা কৰে। শপত গ্রহণ অনুষ্ঠানত মহান প্ৰবক্তা গোটৰ লগতে ছাত্র ছাত্রী সকল উপস্থিত আছিল। 

জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ দুৰৱস্থা

Exif_JPEG_420

“আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল”এই আপ্ত বাক্যশাৰী যেন প্ৰতিফলিত হৈছে জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয় খনৰ ক্ষেত্ৰত । বুঢ়া পঞ্চায়তৰ  জয়ন্তীপুৰত ১৯৯৮ চনতে স্থাপন কৰা  ৰাজ্যিক পশু চিকিৎসালয় খনত নাই পশু চিকিৎসক, নাই কোনো সা-সুবিধা, নাই কোনো পৰিবেশ।আনকি ফলকতে আৱদ্ধ এই খন ৰাজ্যিক চিকিৎসালয় হিচাপে ।কামকাজ কিন্তু পশু চিকিৎসা উপ কেন্দ্ৰ হিচাপে চলি আছে প্ৰতিষ্ঠাৰ পৰা ।  নতুনকৈ চিকিৎসালয় এটা  ভৱনটো নিৰ্মাণ কৰিছে কিন্তু সন্মুখত থকা পুৰণি জৰাজীৰ্ণ ঘৰতোৰে সৈতে এক শ্মশান সদৃশ পৰিবেশে বিৰাজ কৰি আছে চিকিৎসালয় খনৰ চৌহদত ।

তাৰোপৰি এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু এজন ভি পি এফৰ দ্বাৰা পৰিচালিত হৈ আছে এই চিকিৎসালয় খন। নিয়োজিত কৰ্মচাৰীৰ অনিয়মীয়া উপস্থিতিৰ বাবে চিকিৎসালয় খনলৈ অহা  পশু পালক সকলে উপদেশ লবলৈ আহে যদিও ঘৰলৈ উভতি যাবলগীয়াত  পৰে। ইপিনে চিকিৎসালয় খনত উন্নত গো প্ৰজনন ৰ ক্ষেত্ৰত এই অঞ্চলৰ ৰাইজ বঞ্চিত হব লগাত পৰিছে উপযুক্ত পৰিৱেশ নথকাত। প্ৰকৃতাৰ্থত গৰু, ছাগলী,হাহ, কুকুৰা, গাহৰি আদিৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল এই অঞ্চলৰ কৃষক ৰাইজে উপকৃত হ’ব পৰাকৈ কোনো সা-সুবিধা নথকাত বিমোৰত পৰিছে। স্হানীয় ৰাইজে শীঘ্ৰে জয়ন্তীপুৰ ৰাজ্যিক পশু চিকিৎসালয় খনত আন্তঃগাথঁনি সুদৃঢ় কৰি পশু চিকিৎসক নিযুক্তিৰ দাবী জনাইছে ।

কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত আজি হালধাত এটি এদিনীয়া ৰেছম প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়। কৰ্মশালাখন উদ্বোধন কৰে ছিপাঝাৰ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা চিব্বিক আহমেদে। হালধা বৰনদী প্ৰগতি সংঘৰ সভাগৃহত আৰম্ভ হোৱা সভাত উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কিদৰে মুগা, এৰি আৰু পাটসুতা কাটিব পাৰি ইয়াৰ প্ৰশিক্ষণ দিয়া হয়। বৃক্ষ ৰোপণৰে আৰম্ভণি কৰা খানাপাৰা কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ মুৰব্বী তথা জ্যেষ্ঠ বিজ্ঞানী ড: জয়ন্ত ঘোসে ৰেছম বোৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কে আলোকপাত কৰে। স্থানীয় শিক্ষক তথা বিজ্ঞান কৰ্মী হিৰণ্য কুমাৰ নাথে আঁত ধৰা সভাখনত প্ৰতিনিধি সকলৰ সৈতে  অন্তৰংগ আলাপত ভাগ লৈ জ্যেষ্ঠ বিজ্ঞানী জনে উপস্থিত অংশগ্ৰহণকাৰী সকলৰ সৈতে মত বিনিময় কৰি পলুপালিকা সকলক উদ্বুদ্ধ কৰে।

লগতে তেওঁ কেন্দ্ৰীয় ৰেছম বোৰ্ডৰ কাৰ্যাৱলী সম্পৰ্কে সভাক অবগত কৰে। আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়ায় স্বচ্ছ আৰু আদৰ্শ গাওঁ নিৰ্মাণ অভিযানৰ সৰ্বাধিনায়ক ভাস্কৰ জ্যোতি নাথে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চি এছ বি , খানাপাৰাৰ সমন্বয়ক মুনীন্দ্ৰ দাসে। মুগা, এৰি, পাট পলু কটাৰ ব্যবহাৰিকতা সম্পৰ্কে কাৰিকৰী বিশেষজ্ঞা দিপালী ৰাভাই। মেছিন কিদৰে সহজ লভ্য ভাৱে পাব পাৰি সেই বিষয়ে বিস্তৃত ভাৱে বিবৰি কয় আন এগৰাকী বিভাগৰ বিষয়া তথা বৈজ্ঞানিক ড: ৰাজীৱ মুঞ্চীয়ে । দিপালী ৰাভাৰ সহযোগত প্ৰশিক্ষণ স্থলীতে ব্যৱহাৰিকভাৱে মেচিন ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে। সভাত গাওঁ প্ৰধান ৰমেশ চৌধুৰী , স্থানীয় সংঘৰ সভাপতি মদন চন্দ্ৰ নাথ প্ৰমুখ্যে কেইবা গৰাকী লোক উপস্থিত আছিল। সামৰণিত শলাগৰ শৰাই আগঢ়াই স্থানীয় অভিজ্ঞ পলু পালক ৰেৱন চৌধুৰীয়ে।