Home Blog Page 2621

নগৰবেৰাৰ বদলা ৰাঙ্গাপানী বজাৰত বন বিভাগৰ অভিযান

কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বদলা ৰাঙ্গাপানী বজাৰত আকস্মিকভাৱে বন বিভাগে এক অভিযান চলাই। ডি এফ অ ডিম্পী বৰাৰ নিৰ্দেশত বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দল এটাই বুধবাৰে সন্ধিয়া বদলা ৰাঙ্গাপানী বজাৰত উপস্থিত হৈ বজাৰখনত অনুজ্ঞাপত্ৰ থকা জাহিদুল টিম্বাৰ ছপ কাঠ মিলটোৰ নথি পত্ৰ লগতে হাতে হাতে ফিতা লৈ জোখ-মাপ কৰি কাঠফলা মিলটোৰ বিভিন্ন সামগ্ৰী নিৰীক্ষণ কৰে অভিযানকাৰী দলটিয়ে।

নিৰীক্ষণৰ অন্তত সকলো ঠিকেই আছে বুলি কয়, কাঠফলা মিলটোৰ দহ ইঞ্চি কাঠ ফলাৰ অনুমতি থকা বুলি জানিবলৈ দিয়ে অভিযানকাৰী দলক নেতৃত্ব দিয়া বন বিষয়া গৰাকীয়ে। বামুণীগাঁও বন সুৰক্ষা কাৰ্যালয়ৰ দুগৰাকীকৈ বন বিষয়া ক্ৰমে উপেন দাস আৰু নুৰুল হাছান শইকীয়াৰ নেতৃত্বত চলে এই অভিযান। কাঠফলা মিলটোৰ বৈধ অনুজ্ঞা পত্ৰ থকাৰ বাবে উভতি যাবলগা হয় বন বিভাগৰ দলটি।

কৰ্ণাটকৰ হিজাব বিতৰ্ক সন্দৰ্ভত মালালা ইউছুফাইজাই

কৰ্ণাটকৰ হিজাব বিতৰ্কত এইবাৰ প্ৰৱেশ কৰিলে শান্তিৰ নবেল বিজয়ী মালালা ইউছুফাইজাইৰ। ৰাজ্যখনত নতুন ইউনিফৰ্ম নীতি জাৰি কৰাৰ লগে লগেই বিতৰ্কৰ সূচনা হৈছে। হিজাব পৰিহিত মুছলমান ছাত্ৰীৰ শিক্ষানুষ্ঠানত প্ৰৱেশত বাধা দিয়াক কেন্দ্ৰ কৰি ৰাজ্যখনত মুছলমান আপু হিন্দু শিক্ষাৰ্থীসকলৰ মাজত সংঘাত সৃষ্টি হৈছে। পৰিস্থিতি ইমানেই ভয়াবহ হৈ পৰিছে যে ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ ৩ দিনৰ বাবে বন্ধ ৰাখিবলৈ বাধ্য হৈছে।

কৰ্ণাটকৰ এই ঘটনাই সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পিছতেই এই বিষয়টোত জপিয়াই পৰিছে মালালা। তেওঁ ছাত্ৰীসকলৰ হিজাব পৰিধান কৰা বিষয়টোত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছে যে, মুছলমান ছোৱালীসকলক হিজাব পিন্ধি মহাবিদ্যালয়লৈ যোৱাত বাধা দিয়াটো ভয়ংকৰ কথা। মালালাই টুইট কৰি কৈছে: “কম বেছি পৰিমাণে কাপোৰ পিন্ধাৰ বাবে মহিলাসকলক অপমান কৰা হয়। ভাৰতীয় নেতাসকলে মুছলমান মহিলাসকলক উপেক্ষিত হোৱাৰ পৰা বাধা দিয়া উচিত।

আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ আনন্দ মিশ্ৰক বদলি কৰা হ’ল কিয়?

কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনাৰ তদন্ত শেষ হোৱাৰ পিছতে এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তৎকালিনভাৱে নগাঁৱৰ পৰা বদলি কৰা হৈছে। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে গোটেই ঘটনাৰ তদন্ত সামৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই স্পষ্ট হৈছিল কীৰ্তিকমল বৰাক গুলীচালনা কৰাৰ ঘটনা আছিল সম্পূৰ্ণ উদ্দেশ্যপ্ৰণোদিত। ইয়াৰ পিছতে শাস্তিমূলক ব্যৱস্থা হিচাপে এই ঘটনাৰ লগত জড়িত এছ আই প্ৰদীপ বণিয়াক নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি ইয়াৰ সদস্যসকলক বেলেগ বেলেগ জিলালৈ বদলি কৰা হৈছে।

ইয়াৰ পিছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসন্তুষ্টি ব্যক্ত কৰিছিল। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আনন্দ মিশ্ৰক আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হৈছে আৰু নগাওঁ জিলাৰ নতুন আৰক্ষী অধীক্ষক নিযুক্তি নিদিয়া পৰ্যন্ত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাক ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।

বিগত প্ৰায় ৬ টা মাহত আইপিএছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱাৰ লগতে বহু ম’ষ্ট ৱাণ্টেড অপৰাধীক গ্ৰেপ্তাৰ কৰি চৰ্চিত হৈ পৰাৰ সমান্তৰালকৈ ধাৰাবাহিকভাৱে গুলীচালনা কৰি চৰ্চিত হোৱাৰ সমান্তৰালকৈ বিতৰ্কতো সোমাই পৰিছিল। কীৰ্তিকমল বৰা কাণ্ডৰ পিছত এণ্টি নাৰ্কোটিক স্কোৱাডৰ সকলো সদস্যৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও এছ পি আনন্দ মিশ্ৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰা হোৱা নাছিল। সেয়ে জৰুৰীভাৱে আনন্দ মিশ্ৰক কিয় নগাঁৱৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ বদলি কৰা হ’ল সেই বিষয়ে কোনো তথ্য ৰাজহুৱা কৰা হোৱা নাই। অৱশ্যে কীৰ্তিকমল বৰা কাণ্ডৰ বাবেই যে এইদৰে বদলি কৰা হৈছে সেই বিষয়টো প্ৰায় স্পষ্ট হৈছে।

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ অনুষ্ঠিত হৈ আছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। মুঠ ৫৮ টা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটগ্ৰহণ পুৱা ৯ বজালৈকে ৭.৯৩ শতাংশ ভোটদান হৈছে। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা জিলাসমূহৰ ভিতৰত বৰ্তমানলৈকে সৰ্বাধিক ভোটদান হৈছে বাগপত জিলাত। জিলাখনত ৮.৯৩ শতাংশ ভোটদান হৈছে। আনহাতে বৰ্তমানলৈকে একেবাৰে কম ভোটদান হৈছে গাজিয়াবাদত। জিলাখনত বৰ্তমানলৈকে ৭.৩৭ শতাংশ ভোটদান সাব্যস্তব্য হৈছে।

আনহাতে চামলি জিলাত ৭.৭০ শতাংশ, মুজাফৰনগৰত ৭.৫০ শতাংশ, মেৰথ জিলাত ৮.৪৪ শতাংশ, গৌতমবুদ্ধ নগৰত ৮.৩৩ শতাংশ, হাপুড়ত ৮.২০ শতাংশ, বুলন্দচহৰত ৭.৫১ শতাংশ, আলিগড়ত ৮.২৬ শতাংশ, মথুৰাত ৮.৩০ শতাংশ আৰু আগ্ৰাত ৭.৫৩ শতাংশ ভোটদান সাব্যস্ত হৈছে। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত ৫৮ টা সমষ্টিত বিজেপি, সমাজবাদী, বহুজন সমাজবাদী পাৰ্টী, কংগ্ৰেছক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এই প্ৰাৰ্থীসকলৰ মাজত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰীও আছে।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱা এই নিৰ্বাচনত মূল যুঁজখন অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু যোগী আদিত্যনাথৰ বিজেপিৰ মাজতে হোৱাৰ সম্ভাৱনা অছে। ৫৮ টা সমষ্টিৰ আটাইকেইটাতে এই দুয়োটা দল সৱল স্থিতিত আছে।

পুনৰ বৃদ্ধি হ’ব মোবাইলৰ বিভিন্ন সেৱাৰ মূল্য

পুনৰ বৃদ্ধি হ’ব পাৰে মোবাইলৰ বিভিন্ন সেৱাৰ মূল্য। ভাৰতী এয়াৰটেলৰ মতে ২০২২ চনত সকলো ধৰণৰ মোবাইল সেৱাৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। কোম্পানীৰ বিশিষ্ট অধিকাৰীয়ে কয় যে এয়াৰটেলে মাচুল বৃদ্ধি কৰাৰ বাবে কুণ্ঠাবোধ নকৰে।কোম্পানীটোৱে প্ৰতিজন গ্ৰাহকৰ গড় ৰাজহ (এআৰপিইউ) ২০০ টকালৈ আনিব বিচাৰে। ২০২১ চনৰ নৱেম্বৰত, এয়াৰটেলে প্ৰথমে মোবাইল আৰু সেৱাৰ হাৰ ১৮ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰিছিল।

ভাৰতী এয়াৰটেলৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইও) গোপাল ভিট্টালে কয়,   ”মই ভাৱো যে ২০২২ চনত শুল্ক বৃদ্ধি পাব।অৱশ্যে এয়া আগন্তুক তিনি চাৰিমাহলৈ নহয়। মই আশা কৰোঁ পৰৱৰ্তী পৰ্যায়ৰ মাচুল বৃদ্ধি হ’ব। অৱশ্যে, এইটো প্ৰতিদ্বন্দীসকলে নিৰ্ণয় কৰিব লাগিব।”

তেওঁ কোম্পানীৰ বিভিন্ন দিশৰ ফলাফল ঘোষণা কৰাৰ সময়ত বিশ্লেষকসকলৰ এটা প্ৰশ্নত এই কথা উল্লেখ কৰে। ডিচেম্বৰ তিনিমাহৰ বাবে ভাৰতী এয়াৰটেলৰ একত্ৰিত মুঠ লাভ ২.৮ শতাংশ হ্ৰাস হৈ ৮৩০ কোটি টকালৈ হ্ৰাস পাইছে। তিনিমাহৰ ভিতৰত কোম্পানীটোৰ একত্ৰিত উপাৰ্জন ১২.৬ শতাংশ বৃদ্ধি হৈ ২৯,৮৬৭ কোটি টকাহৈছে। উল্লেখ্য যে, ভাৰতত, এয়াৰটেলৰ নেটৱৰ্কত প্ৰতিজন গ্ৰাহকৰ ডাটাৰ ব্যৱহাৰ ১১.৭ শতাংশ বৃদ্ধি হৈ ১৬.৩৭ গিগাবিট (জিবি)ৰ পৰা ১৮.২৮ জিবি হৈছে।

যোগীঘোপাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই এটা পিষ্টল, বৃহৎ পৰিমাণৰ নিচা জাতীয় ঔষধ সহ তিনিজন ধৃত ড্ৰাগ্‌ছ ব্যৱসায়ীক আটক কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে। আটকাধীন যুৱক তিনিজন ক্ৰমে কাবাইটাৰীৰ ছফিকুল মণ্ডল, মোৱাজ্জেম হুছেইন আৰু মুন্না হ’ক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত যোগীঘোপা আৰক্ষীৰ এটা বৃহৎ দলে এক গোপন খবৰৰ ভিত্তিত যোৱা নিশা যোগীঘোপাৰ চলন্তাপাৰা ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছ বিৰুদ্ধে অভিযান চলায় । উক্ত অভিযানত কাবাইটাৰীত ড্ৰাগছ ব্যৱসায়ী ছফিকুল মণ্ডলক আটক কৰি তেঁওৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেট উদ্ধাৰ কৰে।

আৰক্ষীয়ে ছফিকুলক আটক কৰি সোধা-পোচা কৰাৰ অন্তত তেওঁৰ স্বীকাৰক্তিৰ ভিত্তিত কাবাইটাৰীস্থিত মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলায় । আৰক্ষীয়ে মোৱাজ্জেম হুছেইনৰ বাসগৃহত অভিযান চলাই এটা পিষ্টল (ফেক্টৰী মেড), নিচাজাতীয় টেবলেটসহ নগদ ধন উদ্ধাৰ কৰে । দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত মোৱাজ্জেম হুছেইনৰ লগতে তেওঁৰ পুত্ৰ মুন্না হককো আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে তিনি ধৃত ড্ৰাগছ ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰ্বমুঠ এটা পিস্তল, ৭২০ টা নিচাজাতীয় কেপচুল আৰু ৪১২০ টকা নগদ ধন উদ্ধাৰ কৰিব’লৈ সক্ষম হয় । আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী তিনিজনৰ বিৰুদ্ধে যোগীঘোপা থানাত ২৩/২০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি আজি উত্তৰ শালমাৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে ড্ৰাগছৰ এই ব্যৱসায়ীৰ সৈতে জড়িত থকা মোৱাজ্জেম হুছেইন আৰু তেওঁৰ পুত্ৰ মুন্নাক পূৰ্বে যোগীঘোপা আৰক্ষীয়ে কেইবাবাৰো ড্ৰাগছসহ হাতে-লোটে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । মোৱাজ্জেমে জেল হাজোতৰ পৰা কিছুদিন পিছত জামিনত মুকলি হৈ আহি পুনৰ ড্ৰাগছৰ এই ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰে । মোৱাজ্জেম হুছেইনৰ পৰা এনে মৰনাস্ত্ৰ উদ্ধাৰে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

মাজবাট মহাবিদ্যালয়ত উৰুলি উন্মোচন

৯ ফেব্ৰুৱাৰীত ওদালগুৰি জিলাৰ মাজবাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ উৰুলি উন্মোচন কৰা হয়৷ মুখপত্ৰখন উন্মোচন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীপ কুমাৰ শৰ্মাই৷ শিক্ষা বিভাগৰ মুৰব্বী জয়ন্ত কলিতাই অনুষ্ঠানৰ আত ধৰে৷ জয়ন্ত শৰ্মাই আত ধৰা সভাত ড° প্ৰদীপ কুমাৰ শৰ্মাই  কয় যে ক্ষুদ্ৰ ক্ষুদ্ৰ মুখপত্ৰই বিভাগৰ কৰ্ম খতিয়ান দাঙি ধৰাৰ লগতে বছৰেকীয়া তথ্যৰ সম্ভেদ পোৱা যায়৷

তেওঁ  কয় যে প্ৰত্যেক বিভাগে এনেধৰণৰ  মুখপত্ৰ প্ৰকাশ কৰা প্ৰয়োজন ৷সভাত  মিনতি পাটোৱাৰী আৰু ড° গীতা কলিতা লহকৰেও  বক্তব্য আগবঢ়ায় ৷শেষত বিভাগীয় মুৰব্বী জয়ন্ত  কলিতাই  সকলোকে ধন্যবাদ জনায় ৷উল্লেখযোগ্য যে -২০২০বৰ্ষৰ  লক ডাউণ্ডৰ সময়ছোৱাত বিভাগে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়  আলোচনা চক্ৰত দেশ বিদেশৰ ২৭ গৰাকী সমল ব্যক্তিয়ে অংশ গ্ৰহন কৰি বক্তব্য আগবঢ়ায় ৷

মেকিপুৰ চাহ বাগিছাত “পৰিয়াল পৰিকল্পনা মেলা ” সম্পন্ন

নাজিৰা মহকুমাৰ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত মেকিপুৰ চাহ বাগিছাৰ প্ৰেক্ষাগৃহত  এখনি “পৰিয়াল পৰিকল্পনা মেলা” অনুষ্ঠিত হয়। এই উপলক্ষে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বি চি এম মৃদুপৱন পাত্ৰই উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে । সভাত মুখ্য অতিথি হিচাপে নাজিৰাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ উপস্থিত থাকি চাহ বাগিছা এলেকাত অনুষ্ঠিত এনেধৰণৰ মেলাই বাগিছাৰ লোকসকলৰ সুস্থ পৰিয়াল গঢ়ি তোলাত বিশেষ ভাৱে সহায় কৰিব বুলি উল্লেখ কৰে। শিৱসাগৰ জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হেমন্ত বৰুৱাই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্হায়ী পদ্ধতি সমূহ কেনেকৈ চৰকাৰে বিনামূলীয়াকৈ ৰাইজৰ বাবে আগবঢ়াইছে তাৰ বিস্তৃত বিৱৰণ দাঙি ধৰি এই সুবিধা গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ মুবিদুৰ ৰহমানে বৰ্তমান সময়ত পৰিয়াল পৰিকল্পনাৰ আৱশ্যকতাৰ ওপৰত তথ্য সহকাৰে বক্তব্য প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ বহু বিবাহ, বাল্য বিবাহ আদি বন্ধ হলেহে চৰকাৰৰ আঁচনি সমূহ সফল হব বুলি উল্লেখ কৰে। নাজিৰা লিগিৰীপুখুৰীস্হিত মহকুমা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কুকিল গগৈয়ে ভাষণ প্ৰসংগত স্কুলীয়া শিক্ষাৰ পাঠ্যক্ৰমত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা আৰু যোগাত্মক দিশটোৰ প্ৰতি লক্ষ্য ৰখাৰ প্ৰয়োজন বুলি উল্লেখ কৰি পৰিয়াল পৰিকল্পনাই সমাজত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী কৰাত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।

সভাত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বিনা বৰদলৈ, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া (নাজিৰা সদৰ) ডাঃ প্ৰদ্যুৎ কোঁৱৰ, আঠখেল জিলা পৰিষদৰ সদস্য হেমন্ত ৰাজখোৱা, মেকিপুৰ চাহ বাগিছাৰ পৰিচালক অজয় কুমাৰ ত্ৰিপাঠী, অসম চাহ মজদুৰ সন্থাৰ সাধাৰণ সম্পাদক দেবেন ৰবিদাস, বিভিন্ন খণ্ডৰ চিকিৎসা বিষয়া ডাঃ বিপুল বৰুৱা, ডাঃ প্ৰাঞ্জল চহৰীয়া, ডাঃ উত্তৰা ফুকনকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট ব্যক্তিৰ লগতে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ সকলো স্বাস্থ্য কৰ্মী, আশা চুপাৰভাইজাৰ, আশাকৰ্মী সকল আৰু শতাধিক স্হানীয় ৰাইজ উপস্থিত থাকে ।উল্লেখযোগ্য যে – গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ চালমা চুলতানা আহমেদৰ সক্ৰিয় তত্বাৱধানত অনুষ্ঠিত এই পৰিয়াল পৰিকল্পনা মেলাত অন্তৰা টিকাকৰণ, ক’পাৰ টি, নিৰোধ, গৰ্ভনিৰোধকৰ বড়িৰ বিপনীৰ লগতে বিনামূলীয়াকৈ মধুমেহ ৰোগ আৰু ৰক্তচাপ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়।

আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন্ন

বজালী ব্লকৰ আৰ্যভট্ট কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা সমুহ যোৱা পৰহি হৈ যোৱা(৭ ফেঃ) পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনত অনুষ্ঠিত হৈ যায়৷  কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷

মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু আৰ্য ভট্ট বিজ্ঞান কেন্দ্ৰৰ ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা সম্পন হয়। কোভিড প্ৰটোকল অনুসৰন কৰি বিজ্ঞানৰ আৰ্হি, পোষ্টাৰ দ্ৰয়িং, ধাৰণা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ উক্ত প্ৰতিযোগিতাত প্ৰায় দহ খন বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে৷এই প্ৰতিযোগিতাৰ পুৰ্বে ভাৰতৰত্ন বটা বিজেতা সদ্যপ্ৰয়াত লতা মুগেশকাৰৰ মৃত্যুত শোক প্ৰকাশ কৰা হয়৷ এই অনুষ্ঠানৰ আঁত ধৰে শিক্ষক দ্বিপেন দাসে৷ আৰ্যভট্টৰ প্ৰতাকৃতিত মাল্যাৰ্পন তথা বন্তি প্ৰজ্বলন কৰে  জিলা সমন্বয়ক মৃন্ময় শৰ্মাই৷ অনুষ্ঠানত গছপুলি ৰোপন কৰে  পৰিচালনা সমিতিৰ উপসভাপতি  বীৰেন্দ্ৰ নাথ কলিতা আৰু সম্পাদক জৌতিষ কাকতিয়ে৷ প্ৰতিযোগিতাৰ শুভৰাম্ভ কৰে  স্কুল পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱ চৌধুৰীয়ে৷ প্ৰতিযোগিতা সমুহ পৰিচালনাৰ বাবে আমন্ত্ৰণ কৰি অনা  ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক কনক দাস, দীপক বৰুৱা, পাটাছাৰকুছি বিদ্যাপীঠৰ বিষয় শিক্ষক পৰেশ কলিতা, দ্বিজেন দাস, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী,দক্ষিন বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কাবেৰী দাস, পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য ৰবেন কলিতা কিশোৰ শৰ্মা আৰু দিলিপ দাসে প্ৰতিযোগিতা সমুহ পৰিচালনা কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষনা কৰে৷ মডেল প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ  মৌচম দাস আৰু মাধুৰ্য দাসে৷ দ্বিতিয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ ভাৰ্গব শৰ্মা আৰু বিজিতা গোস্বামীয়ে৷

পোষ্টাৰ অকা প্ৰতিযোজিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ ছাত্ৰ স্পণ্ডননীল দাসে আৰু দ্বিতীয় স্থান লাভ কৰে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতনৰ  বিজিতা গোস্বামীয়ে৷ ধাৰনা প্ৰতিযোগিতাত  প্ৰথম স্থান লাভ কৰে পাঠশালা পাব্লিক স্কুলৰ  ছাত্ৰ দেবাঞ্জন দাসে৷ দ্বিতীয় স্থান লাভ কৰে নিত্যানন্দ শংকৰদেৱ শিশু নিকেতনৰ  ভায়োলিনা দাসে৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে পাঠশালা শিক্ষাপীঠৰ প্ৰজ্ঞান কলিতা আৰু দ্বিতীয় স্থান লাভ কৰে কনিমাৰা হাইস্কুলৰ ৰিকিৰাজ কলিতাই৷প্ৰতিযোগিতাৰ অন্তত বটা বিতৰনী সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি পুলীন বিহাৰী দেৱচৌধুৰীয়ে৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে ব্লক সমন্বয়ক প্ৰানকৃষ্ণ  কলিতাই৷মুখ্য অতিথিৰ আসন গ্ৰহন কৰি কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাসে ছাত্ৰ ছা্ত্ৰী সকলক উদ্দেশ্যি এক প্ৰেৰণামুলক ভাষন প্ৰদান কৰে৷

মাজবাটলৈ সুনাম কঢ়িয়াই আনিছে সপ্তম শ্ৰেনীৰ মীমাংসা কাশ্যপে

প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন গুৱাহাটীৰ প্ৰাগজ্যোতি চেণ্টাৰত কৰিবলৈ সক্ষম হৈছে। সৰুৰে পৰাই  মডেল প্ৰতিযোগিতাত  মডেলিঙৰ অনুশীলন আৰম্ভ কৰিছিল ৷ছাত্ৰী গৰাকীয়ে স্থানীয় বিভিন্ন মঞ্চৰ জৰিয়তে নিজৰ প্ৰতিভা প্রতিযোগিতাৰ কিড্‌ছৰ শাখাত অংশগ্রহণ বিকশিত কৰা মীমাংশা কাশ্যপৰ বাবে কৰি  ২০১৯ বৰ্ষৰ ৮ডিচেম্বৰত  উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত মিছ নৰ্থইষ্ট কিডছ মিছ শৰাইঘাট ইণ্ডিয়া ,নেশ্বনেল ডিভা ২০১৯উইনাৰৰ খিতাপ অর্জন প্রতিযোগিতাত অংশগ্ৰহণ কৰি কৃতিত্ব কৰি ওদালগুৰি জিলা বাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷মীমাংশা কাশ্যপে খিতাপ অর্জনেৰে নিজৰ দক্ষতা প্রতিপন্ন কৰিছে ৷কাশ্যপে  (১২ ) পুনৰ সৌন্দৰ্য সক্ষম হোৱাৰ পিছত যোৱা ২৩ জানুৱাৰীত  মিছ কিডছ ইণ্ডিয়া প্রতিযোগিতাত অংশগ্ৰহণ কৰি ইন্টাৰনেশ্বনেল ষ্টাৰ আইকন মিছ ৱল্ডৰ খিতাপ অৰ্জনেৰে পুনৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

গুৱাহাটীৰ প্ৰাগজ্যোতিষ  প্রেক্ষাগৃহত ২০২২বৰ্ষৰ  ২৩ জানুৱাৰীত অনুষ্ঠিত হোৱা  প্রতিযোগিতাত অংশগ্ৰহণ কৰি মীমাংশা কাশ্যপে  আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷অহা অক্টোবৰ মাহত ডুবাইত  অনুষ্ঠিত হ’ বলগীয়া ইণ্টাৰনেচনেল ইউনিভাৰ্ছ কিছু প্রতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ওদালগুৰি জিলাৰ ৭০নং মাজবাট বিধান সভা সমষ্টি তথা মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ  ওদালগুৰি মহকুমাৰ অন্তৰ্গত ধনশ্ৰী টি কোম্পানীৰ  বাহিপুখুৰী চাহ বাগিচা নিৱাসী  ধৰ্মেশ্বৰ গোৱালা  আৰু  মামু গোৱালা  জীয়াৰী তথা হাবিগাওঁৰ খ্ৰীষ্টজ্যোতি  বিদ্যালয়ৰ  সপ্তম শ্ৰেণীৰ ছাত্রী। মীমাংশা কাশ্যপে সৰুৰে পৰা নিজৰ পাৰদৰ্শিতাৰে সৌন্দৰ্য প্ৰতিযোগিতাত আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি ডুবাই  আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰা  সমগ্ৰ মাজবাট বাসীৰ লগতে জিলা বিভিন্ন  অঞ্চলৰ ৰাইজে আশীর্বাদ সহ ,আন্তৰিক অভিনন্দন জনোৱাৰ লগতে  শুভেচ্ছা জ্ঞাপন কৰি শলাগ লৈ প্ৰশংসা কৰিছে ৷মীমাংসাই  বৰ্তমাৰ মাজবাটৰ  মালেছিয়া কাশ্যপৰ  তত্ত্বাৱধানত মডেলিঙৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আছে।