Home Blog Page 2628

দুষ্ট চক্ৰৰ হাতত নিধন মাজুলীলৈ অহা পৰিভ্ৰমী চৰাই

শীত আৰম্ভ হোৱাৰ লগে লগে পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত হৈ পৰা সত্র নগৰী মাজুলীত এতিয়া সুৰক্ষিত নহয় পৰিভ্ৰমী চৰাইবোৰ। নদী দ্বীপটোৰ বিভিন্ন জলাশয়ত এতিয়া দেখিবলৈ পোৱা  পক্ষীৰ মিলন মেলা যেন লাহে লাহে ম্লান পৰিবলৈ ধৰিছে । এই পৰিভ্রমী চৰাই চাবলৈ হাতত কেমেৰা লৈ আহে দূৰ দূৰণিৰ পৰ্যটক । ব্যস্ত জীৱনৰ ক্লান্তি আঁতৰাই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ অহা বিভিন্ন জনৰ মনত এতিয়া শংকাই দেখা দিছে । অতি দুৰ্ভাগ্যজনক কথাটো হ’ল মাজুলীলৈ লাহে লাহে আগমণ কম হৈছে পৰিভ্ৰমী চৰাইৰ । ইয়াৰ মূলতেই হ’ল এচাম দুষ্ট চক্ৰ মানুহৰ অসৎ মনোভাৱ ।

বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰি বিভিন্ন ঠাইত পক্ষী নিধন যজ্ঞ অব্যাহত ৰাখিছে এই চাম দুষ্ট চক্ৰৰ লোকে। এনে ঘটনা সংঘটিত হ’ল কালি দক্ষিণপাট অঞ্চলত । ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱ গোস্বামীয়ে সত্রৰ ৫০ বিঘা মাটি পক্ষী বিচৰণ কৰিবৰ বাবে এৰি দিছিল । সত্রই পক্ষীৰ বাবে এৰি দিয়া এই মাটিলৈ আহে বিভিন্ন প্ৰকাৰৰ পৰিভ্রমী চৰাই,  এই পৰিভ্রমী চৰাই চাবলৈ আগমণ ঘটে দেশ বিদেশৰ বিভিন্ন লোকৰ । এচাম দুষ্ট চক্ৰৰ হাতত পৰিছে মাজুলীলৈ অহা এই পৰিভ্ৰমী চৰাইবোৰ । যাৰ ফলত মৃত্যুৰ  মুখত পৰিছে এই চৰাইবোৰ । মাজুলীৰ সচেতন লোক , প্ৰকৃতিপ্ৰেমীয়ে  তাত্ক্ষণিক ব্যৱস্হা গ্ৰহণ কৰি অতি সোনকালে এই চৰাইবোৰৰ সুৰক্ষা প্ৰদান কৰক। অন্যথা প্ৰকৃতিৰ ৰম্যভূমি মাজুলীৰ এই বিল জলাশয় সমূহ এদিন হয়তো কালৰ বুকুত হেৰাই যাব। চৰকাৰ তথা প্ৰশাসনক অতি শীঘ্ৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দক্ষিণপাট অঞ্চলৰ সচেতন ৰাইজে আহ্বান জনাইছে।

গুৱাহাটীত ১৮ দিনত ১২,৬৬১জন আক্রান্ত ক’ভিডত

ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো উদ্বেগজনকভাৱে ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ ক’ভিডৰ ভয়াৱহ সংক্রমণৰ পাছতো একাংশ অসচেতন লোকে মাস্ক পৰিধান নকৰাকৈ ওলোৱা–সোমোৱা কৰি থকাৰ লগতে ক’ভিড বিধি উলংঘা কৰাত মহানগৰীত ভয়াৱহভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি পাইছে ৷ বিগত ১৮টা দিনত গুৱাহাটী মহানগৰীত মুঠ ১২,৬৬১জন লোক ক’ভিডত আক্রান্ত হৈছে ৷ ক’ৰোনাৰ এই ভয়াৱহ সংক্রমণৰ মাজতো মহানগৰীৰ একাংশ বিদ্যালয়ে অব্যাহত ৰাখিছে পাঠদান৷ বিদ্যালয় কর্তৃপক্ষৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ বাবে এতিয়া একাংশ আগশাৰীৰ বিদ্যালয়ত অধ্যয়নৰত শিক্ষার্থী আৰু অভিভাৱকে ক’ভিড–১৯ৰ ভয়াৱহতাক লৈ চিন্তিত হৈ পৰিছে৷ মহানগৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্রামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ৩০জনকৈ শিক্ষক–কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ বিদ্যালয়খনৰ মুঠ ১৪৪জন শিক্ষক–কর্মচাৰী ক’ভিড পৰীক্ষা কৰাত ২২গৰাকী শিক্ষক আৰু ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ পাছতে বিদ্যালয়খনৰ শিক্ষক, শিক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত ক’ভিডৰ আতংকই বিৰাজ কৰিছে৷

উল্লেখ্য যে ৪ দিন পূর্বে বিদ্যালয়খনৰ ৮গৰাকী কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ ইয়াৰ পাছতো বিদ্যালয় কর্তৃপক্ষই নৱম আৰু দশম শ্রেণীৰ পাঠদান অফলাইনত অব্যাহত ৰাখিছিল৷ অভিভাৱকৰ অভিযোগৰ পাছতে আজি স্বাস্থ্য বিভাগৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ শিক্ষক–কর্মচাৰীসক্ ক’ভিড পৰীক্ষা কৰাৰ পাছতেই ক’ভিডত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ পাছতে জিলা প্রশাসনে অনির্দিষ্টকাললৈ বিদ্যালয়খনৰ পাঠদান বন্ধ কৰি দিয়ে৷ ইফালে, পশ্চিম গুৱাহাটী মহাবিদ্যালয়তো ৪জনকৈ শিক্ষকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ উপৰি কেইবাজনো শিক্ষক আৰু কর্মচাৰী জ্বৰ–কাহত ভুগি থকা বুলি জানিব পৰা গৈছে৷ অহা ২০ জানুৱাৰীৰ পৰা মহাবিদ্যালয়খনত পাঠদান প্রক্রিয়া আৰম্ভ হ’ব৷ সেয়েহে মহাবিদ্যালয়খনৰ আন আন শিক্ষক–কর্মচাৰীকো ক’ভিড টেষ্ট কৰাবলৈ জিলা প্রশাসনক আহ্বান জনাইছে অঞ্চলটোৰ সচেতন লোকসকলে৷ উল্লেখ্য যে আজি গুৱাহাটী মহানগৰীত সর্বাধিক ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে৷ পহিলা জানুৱাৰীৰ পৰা আজিৰ তাৰিখলৈকে গড় হিচাপত প্রতিদিনে ৭০৩ জনকৈ লোক ক’ভিডত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগে প্রকাশ কৰা তথ্য অনুসৰি পহিলা জানুৱাৰীত ৭৬, ২ জানুৱাৰীত ৭৮, ৩ জানুৱাৰীত ১৬৪, ৪ জানুৱাৰীত ১৯০, ৫ জানুৱাৰীত ২৭৯, ৬ জানুৱাৰীত ৩৬৯, ৭ জানুৱাৰীত ৫১৭, ৮ জানুৱাৰীত ৪৭২, ৯ জানুৱাৰীত ৪৯০ আৰু ১০ জানুৱাৰীত ৭৬০জন, ১১ জানুৱাৰীত ৮৭০, ১২ জানুৱাৰীত ১১৩৮, ১৩ জানুৱাৰীত ১০৭০, ১৪ জানুৱাৰীত ৮৭০, ১৫ জানুৱাৰীত ৯১৯, ১৬ জানুৱাৰীত ৯১২, ১৭ জানুৱাৰীত ১৪৯১ আৰু ১৮ জানুৱাৰীত ১৯৯৬গৰাকী লোক ক’ভিডত আক্রান্ত হৈছে।

ঘোষণা হ’ল কনিষ্টবল–এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ সূচী

অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) আৰু কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে ৷ অহা ২০ ফেব্রুৱাৰীত বিভিন্ন শাখাৰ কনিষ্টবলৰ পৰীক্ষাসমূহ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব ৷ সেইদৰে অহা ২৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব অসম ঔদ্যোগিক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবলৰ বিশেষ পৰীক্ষা ৷ এই পৰীক্ষা কেৱল এছপি’সকলৰ বাবেহে অনুষ্ঠিত হ’ব ৷ এই বিশেষ পৰীক্ষা কেৱল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ আনহাতে উপ–পৰিদর্শক আৰু আন একাংশ কনিষ্টবল পদৰ বাবে অহা ২৪ এপ্রিলত অনুষ্ঠিত হ’ব পৰীক্ষা ৷

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে প্রকাশ কৰা জাননী অনুসৰি, ২০ ফেব্রুৱাৰীত ২,৩৯১টা ইউ বি কনিষ্টবল আৰু ৪,২৭১টা এ বি কনিষ্টবল পদৰ বাবে ২০ ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ এই একেটা দিনতে এপিআৰৰ ৮১৩টা কনিষ্টবল পদ আৰু জৰুৰীকালীন সেৱাৰ ৭৮৮টা পদৰ উপৰি গৃহৰক্ষী বাহিনীৰ অধীনত ৭৫৪টা কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ আনহাতে ২৪ এপ্রিলৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ইউ বি শাখাৰ ৩০৬টা উপ–পৰিদর্শক, এ বি শাখাৰ ৩২০টা উপ–পৰিদর্শক পদৰ উপৰি ১০টা সহকাৰী উপ–নিয়ন্ত্রক (জুনিয়ৰ) পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷

সেইদিনাই দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ৭০৫টা ইউ বি শাখাৰ কনিষ্টবল পদ আৰু ১,৪২৯টা এ বি শাখাৰ কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই৷ ন’ডেল এজেঞ্চী হিচাপে ছেবাক দায়িত্ব অর্পণ কৰিলেও জিলা পর্যায়ত সুচলভাৱে পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হ’ব নিৰীক্ষণ কমিটী৷ এ আই এছ এফ বেটেলিয়নৰ বাহিৰে আন পদসমূহৰ বাবে লিখিত পৰীক্ষাসমূহ ৰাজ্যৰ ১০টা স্থানত অনুষ্ঠিত কৰা হ’ব৷ এই স্থানসমূহ হৈছে– তিনিচুকীয়া, ডিফু, যোৰহাট, শিলচৰ, গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰ, তেজপুৰ, নগাঁও আৰু হাফলং৷

জেৰাইত পঞ্চায়তৰ গাঁও সভা

ৰাজ্যখনৰ শ্ৰমজীৱী কৃষকৰ আয় বৃদ্ধিৰ জৰিয়তে তেখেতলোকৰ আৰ্থিক অৱস্থা  স্বচ্ছল কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰখনে সম্প্ৰতি এখন ধান ক্ৰয় আঁচনিৰ জৰিয়তে প্ৰতি কুইন্টল ধানক ১৯৪০ টকাৰ নিৰিখত চৰকাৰৰ অনুমোদিত ধান বিক্ৰী কেন্দ্ৰত বিক্ৰীৰ বাবে কৃষকক সজাগ কৰি তোলাৰ অৰ্থে ইতিমধ্যে পঞ্চায়তে পঞ্চায়তে গাঁও সভা অনুষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত চাবুৱা পানীতোলা উন্নয়ন খণ্ডৰ অন্তৰ্গত জেৰাই পঞ্চায়তৰ এখন গুৰুত্বপূৰ্ণ গাঁও সভা ১৬ জানুৱাৰীত অনুষ্ঠিত হৈ যায়। চাবুৱা নিকটৱৰ্তী জেৰাই গাঁৱত অৱস্থিত কাৰ্যালয়ত অনুষ্ঠিত উক্ত সভাত পানীতোলা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াকে ধৰি চাবুৱা বিধায়কৰ প্ৰতিনিধিৰ লগতে চি ই অ ৰীণা মেছ, জিলা কৃষি বিষয়াকে ধৰি অন্যান্য বহু গণ্যমাণ্য লোকৰ উপৰি বহুকেইগৰাকী কৃষক  উপস্থিত থাকে।

জেৰাই পঞ্চায়তৰ সভানেত্ৰী মেদিনা মেচ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত গাঁও সভাত কৃষৰ উৎপাদিত ধানৰ উচিত মূল্যৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বান্ধি দিয়া ১৯৫০ টকা নিৰিখত কি প্ৰক্ৰিয়াৰে অংশগ্ৰহণ কৰিব পাৰিব সেই সন্দৰ্ভত বিস্তাৰিত আলোচনা হয় গাঁও সভাখনত । এই সন্দৰ্ভত জিলা কৃষি বিষয়াকে ধৰি খণ্ড উন্নয়ন বিষয়াই 

কিয় সুখী নহয় মেছীৰ পত্নী? হঠাতে কি হৈছে মেছী পত্নীৰ!

কোপা আমেৰিকাত বিজয়ী হাঁহি মৰাৰ পাছত হুকহুকাই কান্দিব লগা হৈছিল তাৰকা ফুটবলাৰ মেছীয়ে। বহু প্ৰচেষ্টাৰ পাছতো মেছীয়ে তেওঁৰ প্ৰিয় ক্লাব বাৰ্চিলোনাত থাকিব নোৱাৰিলে। বাৰ্চিলোনা ত্যাগ কৰা আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনৰ নতুন পৰিচয় হৈ পৰিছিল পেৰিছ ছেইণ্ট জাৰ্মেইন অৰ্থাৎ পিএছজি। পিএছজিত যোগদানৰ পাছত মেছীৰ আগৰ উন্নত প্ৰদৰ্শন দেখিবলৈ পোৱা নাই অনুৰাগীয়ে। ফ্ৰেঞ্চ লীগতো মেছীৰ ভৰিৰ পৰা আহিছে মাত্ৰ এটা গ’ল।

আৰ্জেণ্টিনাৰ ছুপাৰষ্টাৰজনে নিজকে ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰা নাই নেকি বুলিও চৰ্চা হৈছিল। এনে বহু কথাৰ মাজতে শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক আশ্চৰ্যকৰ তথ্য। জানিবলৈ পোৱা মতে, সুখী নহয় মেছী পত্নী। কেবল মেছীয়েই নহয় তেওঁৰ সন্তানো এতিয়াও ফ্ৰান্সৰ পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাব পৰা নাই। এল নেচনেল আৰু ইংৰাজী দৈনিক মিৰ’ৰে জনোৱা অনুসৰি, মেছী পত্নী এণ্টোনেলো ৰক্কুজ্জো পেৰিছত মুঠেও সুখী নহয়। সেয়েহে, তেওঁ বাৰ্চিলোনালৈ উভতি যাবলৈ বিচাৰিছে।

এইবিষয়ে পত্নীয়ে ইতিমধ্যে মেছীৰ কাষত কাকূতি-মিনতিও কৰিছে বুলি প্ৰকাশ পাইছে। পেৰিছৰ পৰিৱেশৰ সৈতে কেইবাটাও কাৰণত মোকাবিলা কৰিব পৰা নাই মেছী পত্নী আৰু সন্তানে। ইয়াৰ মূলতঃ ভাষিক সমস্যাই বাটৰ কাঁইট হৈ দেখা দিছে। নিজ মাতৃভাষা স্পেনিছ এৰি ফৰাচী শিকিব লগীয়া হৈছে। এতিয়াও এই ভাষাটো কোৱাত অভ্যস্ত হোৱা নাই তেওঁলোক। তাৰোপৰি বাৰ্চিলোনাৰ বন্ধুবৰ্গলৈও বৰকৈ মনত পৰি আছে মেছী সন্তানৰ। ইফালে, বাৰ্চিলোনাই পুনৰ বিচাৰিছে মেছীক।

ক্ৰমাৎ নিশকতীয়া হৈ পৰা বাৰ্চিলোনাত এতিয়া বাৰ্টেমিউ, লামোৰ্টা, কোমানৰ কোনো নাই। মেছীৰ এসময়ৰ সতীৰ্থ জাভী হাৰ্নান্দেজে বাৰ্চিলোনাৰ নতুন প্ৰশিক্ষক হিচাপে যোগদান কৰিছে। আন এজন সতীৰ্থ ডানী আলভেছে এজন ফুটবলাৰ হিচাপে ক্লাবলৈ উভতি আহিছে। জাভী আৰু আলভেছ দুয়োজনে পুনৰ বাৰ্চিলোনাত বিচাৰিছে মেছীক। এই সকলোবোৰৰ মাজতে পত্নী এণ্টোনেলোৰ মুখত হেৰুওৱা হাঁহি কিদৰে ওভতাই আনে সেয়াহে হ’ব লক্ষ্যণীয়!

ভাৰতৰ আটাইতকৈ ধুনীয়া ৫খন গাঁও! ক’ত আছে এইকেইখন গাঁও?

প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে আকৰ্ষিত কৰে। কোৱা হয় যে, ভাৰতৰ আত্মা ইয়াৰ গাঁওবোৰত আছে। আনহাতে দেশখনে পৃথিৱীৰ কিছুমান ধুনীয়া গাঁৱক লৈ গৌৰৱ কৰে। এই গাঁওবোৰে নিশ্চিতভাৱে ভাৰতৰ সৌন্দৰ্য প্ৰতিফলিত কৰে আৰু তেওঁলোকৰ সৰল গ্ৰাম্য জীৱনৰ বাবে মুখ্য আকৰ্ষণ, আধুনিকতাৰ দ্বাৰা অস্পৃশ্য হয়। এক প্ৰকাৰৰ শান্তি আৰু সমৃদ্ধি আছে যি এই গাঁওবোৰক বিশেষ কৰি তোলে। গাঁওসমূহত সমৃদ্ধ সাংস্কৃতিক ব্যৱস্থা যিয়ে তেওঁলোকক স্বীকৃতিৰ যোগ্য কৰি তোলে। ভাৰতৰ ভিতৰত লুকাই আছে সৌন্দৰ্যৰে ভৰপূৰ সেই মনোমোহা ৰত্নবোৰ। চহৰৰ উন্মত্ত জীৱনৰ পৰা আঁতৰি আপোনাক প্ৰয়োজনীয় শান্তি প্ৰদান কৰাত সহায় কৰে সৌন্দৰ্যৰে ভৰপূৰ গাঁওসমূহে। তলত ভাৰতৰ কেইখনমান ধুনীয়া গাঁৱৰ তালিকা সন্নিবিষ্ট কৰা হৈছে।

মেঘালয়ৰ মাওলিননংঃ এছিয়াৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে খ্যাত মাওলিননং। মেঘালয়ৰ অৱস্থিত এই সৰু গাঁওখন ভ্ৰমণ কৰাটো অতি আৱশ্যক। আপুনি গাঁওখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে! গাঁওখনৰ জীৱন আৰু সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰাতো ন্যিতান্তই প্ৰয়োজনীয়। গাঁওখনৰ বাসিন্দাসকল উষ্ম আৰু আতিথ্যশীল, আৰু তেওঁলোকে তেওঁলোকৰ গাঁও আৰু পৰিৱেশ-অনুকূল জীৱন ধাৰণৰ বাবে গৌৰৱান্বিত। গছৰ শিপাৰ পৰা সৃষ্টি হোৱা লিভিং ৰুটছ ব্ৰীজপাৰ, যিবোৰ হাজাৰ বছৰতকৈয়ো অধিক পুৰণি বুলি কোৱা হয়।

হিমাচল প্ৰদেশৰ মালানাঃ মালানা সঁচাকৈয়ে কুল্লু উপত্যকাত অৱস্থিত এখন ধুনীয়া, প্ৰাচীন গাঁও। এই গাঁওখন উৎকৃষ্ট মানৰ হেছ উৎপাদিত মালানা ক্ৰীমৰ বাবেও বিখ্যাত। যদিও গাঁওখনত মাত্ৰ কেইজনমান লোক বাস কৰে, ই দুঃসাহসিক প্ৰেমী আৰু ট্ৰেকাৰসকলৰ মাজত অতি জনপ্ৰিয়। আপুনি মালানাক ইয়াৰ সতেজ বতাহ আৰু প্ৰকৃতিৰ মহান দৃষ্টিভংগীৰ বাবে ভ্ৰমণ কৰিব লাগিব। ইয়াত থকা লোকসকল তেওঁলোকৰ পুৰণি ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতি অতি সুৰক্ষামূলক।

দক্ষিণ ছিকিমৰ ৰাভাংলাঃ যদি আপুনি বিশুদ্ধ নিৰ্ভেজাল প্ৰকৃতি বিচাৰি আছে, তেন্তে কাঞ্চনজংঘাৰ বৰফভৰ্তি শৃংগৰ পটভূমিত স্থাপিত এই ধুনীয়া গাঁও ৰাভাংলা অভিমুখে যাত্ৰা কৰক। বিচিত্ৰ গাঁওখনে উপত্যকা আৰু গভীৰ হিমালয়ৰ অৰণ্য আৰু প্ৰকৃতি প্ৰেমীসকলৰ বাবে সঁচাকৈয়ে এক আশ্ৰয়স্থল। উদ্ভিদ আৰু প্ৰাণীৰ বৈচিত্ৰ্যৰ বাবে ই সুপৰিচিত, দৰ্শনাৰ্থীসকলে ইয়াৰ প্ৰাচীন ৰালান আৰু বন মঠৰ বাবে গাঁওখন ভ্ৰমণ কৰে। সেইবোৰৰ বাহিৰেও, ইয়াত বিভিন্ন ধৰণৰ হিমালয় চৰাই আছে যি ইয়াক পক্ষী পৰ্যৱেক্ষকসকলৰ বাবে এক স্বৰ্গ হিচাপে গঢ়ি তোলে।

হিমাচল প্ৰদেশৰ জানজেহলীঃ হিমাচল প্ৰদেশৰ বিচিত্ৰ সৰু গাঁও জানজেহলী সঁচাকৈয়ে ভাৰতৰ আটাইতকৈ ধুনীয়া গাঁওবোৰৰ ভিতৰত এখন। মাণ্ডি জিলাত অৱস্থিত, গাঁওখন চহৰখনৰ বাণিজ্যিক জীৱনৰ পৰা বহু দূৰত আৰু চহৰবোৰৰ ব্যস্ত জীৱনৰ পৰা কিছু শান্তিপূৰ্ণ আৰু শান্ত সময় বিচাৰি থকাসকলৰ বাবে সঠিক অৱকাশ প্ৰদান কৰে। ইয়াত বহুতো মন্দিৰ আছে যাক আপুনি দৰ্শন কৰিব পাৰে। যেনে চিকাৰী মাতা মন্দিৰ। দুঃসাহসিক প্ৰেমীসকলৰ বাবে, হাইকিং, ট্ৰেকিং, নাইট ছাফাৰী, আৰু পৰ্বতাৰোহণৰ দৰে যথেষ্ট ক্ৰীড়া আছে।

লাহৌল স্পিতিত নাকোঃ ই এটা সৌন্দৰ্যৰে ভৰপূৰ হ্ৰদ। এই হ্ৰদৰ সৌন্দৰ্য অন্বেষণ কৰক আৰু উপভোগ কৰক যিটো বহুতৰ বাবে জ্ঞাত নহয়। ভাৰত-চীন সীমান্তত অৱস্থিত, ই সঁচাকৈয়ে দেশৰ আটাইতকৈ ধুনীয়া গাঁওবোৰৰ ভিতৰত এটা য’ত বৰফৰে আবৃত পৰ্বত আৰু সেউজীয়াৰে ভৰা উপত্যকাৰ পৃষ্ঠভূমিৰ সৈতে প্ৰাচীন সংযুক্ত হৈ আছে। শীতকালত, গাঁওখন বৰফৰ চাদৰত মেৰিয়াই থাকে । আনহাতে গ্ৰীষ্মকালত নাও চলোৱাৰ বাবে উপযোগী। এই গাঁওখনত এটা মন্দিৰ আছে। যিটো প্ৰাচীন কালৰে পৰা অৱস্থিত বুলি গণ্য কৰা হয়।

বঙাইগাঁওৰ দুৰ্বিষহ জীৱন কটোৱা সুশীলা ৰায়ৰ গৃহত আক্ৰাছুৰ সজাতি দল

সদৌ বঙাইগাঁও জিলা কোচ-ৰাজবংশী ছাত্র সন্থাৰ এটি সঁজাতি দলে সোমবাৰে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত উত্তৰ শালমাৰা পাহাৰতলিত ৰে’ল বিভাগে ৰে’ল লাইনৰ বাবে দুবিঘা মাটি কাঢ়ি নি এটকাও ক্ষতিপূৰণ নিদিয়া, দুৰ্বিষহ জীৱন যাপন কৰি থৰা এগৰাকী অতি দুখীয়া অকলশৰীয়া বৃদ্ধা সুশীলা ৰায়ৰ ঘৰত খা-খবৰ লবলৈ উপস্থিত হয়। ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধি দলে বৃদ্ধা সুশীলা ৰায়ৰ খা-খবৰ লোৱাৰ লগতে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে কম্বল, তচক, উৰা চাদৰ আদি প্ৰদান কৰে ৷ বৃদ্ধা গৰাকীক  সকলো সা-সুবিধা প্ৰদানৰ বাবে প্ৰশাসনৰ লগত যোগাযোগ কৰে প্ৰতিনিধি দলটেৱে ৷

উল্লেখ্য যে প্ৰশাসনে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে সংগঠনটোক প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিনিধি দলটোত সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ সভাপতি সঞ্জীৱ কোচ, কেন্দ্রীয় আক্ৰাছুৰ প্ৰচাৰ সম্পাদক ধীৰাজ পাঠক, বঙাইগাঁও জিলা আক্ৰাছুৰ সাধাৰণ সম্পাদক শিৱেন নাৰায়ণ দেৱ, বঙাইগাঁও জিলা আক্ৰাছুৰ বিভিন্ন বিষয়ববীয়া আৰু উত্তৰ  শালমাৰা আঞ্চলিকৰ সভাপতি, সম্পাদক তথা  আঞ্চলিকৰ বিষয়ববীয়াসকলে দলটিত সৈতে সংগ দিয়ে ৷

খৈৰাবাৰীত অসম ভিত্তিত ১৭সংখ্যক চিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতাৰ প্ৰস্ত্তুতি

ওদালগুৰি জিলাৰ খৈৰাবাৰীত  অনুষ্ঠিত হ’ব ১৭ সংখ্যক ছিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতা। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত অহা ২১,২২আৰু ২৩ জানুৱাৰীত  অনুষ্ঠিত হ’বলগীয়া  প্ৰতিযোগিতাৰ বাবে অনুশীলনত ব্যস্ত ওদালগুৰি,ভেৰগাওঁ জিলাৰ আৰ্চাৰী খেলুৱৈ সকল। আন্তঃগাঠনিৰ অভাৱৰ মাজতে ওদালগুৰি জিলাৰ খৈৰাবাৰী ক্ৰীড়া সন্থাৰ খেল পথাৰত ল’ৰা-ছোৱালী উভয়ে ব্যস্ত লক্ষ্য ভেদ কৰি পদক অৰ্জন কৰিবলৈ। খেলুৱৈ সকলৰ বাবে আন্ত: গাঠনিক ওপৰত গুৰুত্ব দিবলৈ অসম চৰকাৰ আৰু বিটিচি চৰকাৰৰ প্ৰতি খেলুৱৈ সকলে  আহ্বান জনাইছে।

অনিমেষ হত্যাকাণ্ডঃ ক’লা ল’ৰাসহ ১৪জনৰ বিৰুদ্ধে ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট

সমগ্র ৰাজ্য কঁপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ গোচৰত আজি ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে৷ এই গোচৰৰ মূল অভিযুক্ত তথা আৰক্ষীৰ এনকাউণ্টাৰত নিহত নীৰজ দাস ওৰফে ক’লা ল’ৰাসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত যোৰহাট আৰক্ষীয়ে এই চার্জশ্বীট দাখিল কৰে৷ অভিযুক্তসকলৰ ভিতৰত এজন নাবালকো আছে৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে চার্জ ৰিপ’ট দাখিল কৰিছে৷ এই ঘটনাত মুঠ ১৫জনক অভিযুক্ত কৰা হৈছিল যদিও ইয়াৰে এজনৰ বিৰুদ্ধে কোনো তথ্য–প্রমাণ লাভ নকৰাত তেওঁৰ নাম অৱেশষত প্রত্যাহাৰ কৰা হয়৷ সোমবাৰে এই কথা সদৰী কৰিছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে৷ তেওঁ প্রকাশ কৰা অনুসৰি এই ঘটনাত মুঠ ৭৬জন লোকে সাক্ষ্যদান কৰিছিল৷ তদুপৰি ৮জনীয়া এটা বিশেষ তদন্তকাৰী গোটে এই গোচৰৰ তদন্ত চলাইছিল৷ আৰক্ষী বিষয়া ক্ষীতেশ্বৰ বণিয়াৰ নেতৃত্বত এই তদন্তকাৰী গোটটোৱে সমগ্র ঘটনাৰ তদন্ত কৰিছিল৷ ৰাজ্য কঁপোৱা এই গণপ্রহাৰৰ ঘটনাৰ তদন্তকাৰী বিষয়া আছিল দণ্ডীৰাম বৰা৷

ইপিনে এই ঘটনাৰ বিচাৰ প্রক্রিয়া ফার্ষ্ট ট্রেক আদালতত কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক জৈনে৷ তেওঁ লগতে কয় যে সকলো তথ্য–সমল সন্নিৱিষ্ট কৰি এখন সঠিক অভিযোগনামা দাখিল কৰা হৈছে৷ বিচাৰ প্রক্রিয়াৰ অন্তত এই গোচৰত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে আশা প্রকাশ কৰে৷ ইতিমধ্যে এই গোচৰটোত যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে৷

উল্লেখ্য যে যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মত্ত লোকৰ প্রহাৰত প্রাণ হেৰুৱাইছিল গোলাঘাটৰ ছাত্র নেতা অনিমেষ ভূঞাই৷ দিন–দুপৰতে ছাত্র নেতাজনক এনেদৰে গণপ্রহাৰ কৰি হত্যা কৰা ঘটনাই সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এই ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদানৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ২৬২০/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ছাত্র নেতাজনক হত্যাৰ ক্ষেত্রত আগভাগ লোৱা ক’লা ল’ৰা ওৰফে নীৰজ দাসসহ কেইবাজনো অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ আৰক্ষীৰ গুলীত ইতিমধ্যে মৃত্যু ঘটিছে৷ কেছ ডায়েৰীসহ অভিযোগনামাৰ মূল পৃষ্ঠাৰ সংখ্যা হৈছে ৮৮০৷

খাউৰাঙত “আমাৰ গাওঁ আমাৰ প্ৰশাসন” সজাগতা সভা

ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত  খাউৰাঙৰ গাওঁবুঢ়া বস্তিত ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ১৭ জানুৱাৰীত শ্ৰীশ্ৰীৰাধাকৃষ্ণ মন্দিৰ প্ৰাঙ্গণত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে জনসাধাৰনক প্ৰদান কৰা বিভিন্ন আচনী আৰু সেৱা সমুহৰ বিষদ বিৱৰণ ৰাইজৰ পৰা জানিব বিছাৰে। উপায়ুক্ত পি উদয় প্ৰবীনৰ উপস্থিতিত কৃষি বিষয়া, জনস্বাস্থ্য কাৰিকৰি বিষয়া, সমাজ কল্যাণ বিষয়া, হেণ্ডলুম বিষয়া, মধ্যাহ্ন ভোজন, জবকাৰ্ড, ৰাচিন কাৰ্ড আদিৰ বিষদ তথ্য প্ৰত্যেক জন বিষয়াৰ পৰা ৰাইজৰ আগত অৱগত কৰাবলৈ আৰু ৰাইজৰ পৰা উক্ত সুবিধাৰ পৰা উপকৃত হৈছে নে নাই সেই বিষয় বিতংকৈ জানিব বিচাৰে।

সভাত বহু সংখ্যক ৰাইজৰ আগত নিজ নিজ বিভাগৰ বিষয়া সকলে ৰাইজৰ আগত তথ্য সহকাৰে আচনী সমুহৰ বিষয় অৱগত কৰোৱায়ে আৰু ৰাইজেও উক্ত আচনী সমুহৰ পৰা কিমান সকাহ পাইছে সেই বিষয় সভাত ব্যক্ত কৰে। উক্ত আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত বৃহত্তৰ খাউৰাংবাসী ৰাইজ উপস্থিত হৈ চৰকাৰে প্ৰদান কৰা আচনী আৰু সুবিধা সমুহ পোৱা-নোপোৱা বিষয় উপায়ুক্ত পি উদয় প্ৰবীনৰ আগত ব্যক্ত কৰে। ভাৰত স্বাধীনতাৰ সাত দশকৰ পিছত পোন প্ৰথম বাৰে অনুষ্ঠিত হোৱা আমাৰ গাওঁ আমাৰ প্ৰশাসন অনুষ্ঠানত উপস্থিত হৈ ৰাইজে বহুত জানিব লগীয়া আৰু গোপনীয় ভাৱে ৰখা আচনী সমুহৰ বিতং তথ্য জানিব পোৱাত খাউৰাংবাসী ৰাইজে ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীনক ধন্যবাদ জ্ঞাপন কৰে। ৰাইজে উপায়ুক্তৰ সম্মুখত নিজ অঞ্চল আৰু এচাম ৰাজনৈতিক দলৰ কাৰ্য্যকৰ্তাই ৰাইজৰ পৰা গোপন কৰি ৰখা বিভিন্ন অনুদান আৰু আচনীসমুহৰ বিষয় তন্ন তন্নকৈ জানিবলৈ পোৱাত নথৈ আনন্দিত হৈছে।