অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক তথা বোলছবি নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি ৭১ সংখ্যক মৃত্যু দিৱস ৷ এই উপলক্ষে ৰাজ্যজুৰি পালন কৰা হৈছে শিল্পী দিৱস ৷ শিল্পীগৰাকীক স্মৰণ কৰি ঠায়ে ঠায়ে শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷
অসম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত খৈৰাবাৰীত “নেঘেৰী নাচনী” বৰ বিহুৱতী আৰু সৰু বিহুৱতীৰ প্ৰতিযোগিতা
অসম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ওদালগুৰি জিলা খৈৰাবাৰী চিনাকোনা সাৰেং নৱজ্যোতি যুৱ সংঘ তথা অঞ্চলবাসী ৰাইজৰ সহযোগত খৈৰাবাৰী সাৰেং দক্ষিণ চিনাকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত ভোগালী বিহু উপলক্ষে দিনযোৰা কাৰ্যসূচীৰে “নেঘেৰী নাচনী” সৰু বিহুৱতী আৰু বৰ বিহুৱতীৰ প্ৰতিযোগিতা সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰে।পুৱা ৮ বজাত অসম সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলণ আৰু ৮ঃ৩০ বজাত নৱজ্যোতি যুৱ সংঘৰ পতাকা উত্তোলণৰে আৰম্ভণি কৰা অনুষ্ঠানৰ কাৰ্যসূচী মৰ্মে, স্মৃতি তৰ্পন, বৃক্ষৰোপণ, চিত্ৰাংকণ প্ৰতিযোগিতা আৰু বিহুৱতী প্ৰ্তিযোগিতাকে লৈ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত কৰে। আনহাতে বিহুৰ সাধক নিৰঞ্জন গোস্বামীয়ে মঞ্চ উদ্ধোধনী কৰা বিহুৱতী প্ৰতিযোগিতাখন সঞ্চলনা কৰে ২০১৯ বৰ্ষৰ ডি ৱাই বিহুৰাণী হিৰন্ময়ী কলিতা, বাপুজী কোঁৱৰ, আৰু মনোজ হালৈয়ে।

পেন্সন বিচাৰি চৰকাৰক কাতৰ অনুৰোধ লামডিঙৰ জেষ্ঠ আন্ত: ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ফনি ভূষণ চক্ৰৱৰ্তীৰ
বছৰ পৰ বছৰ অসম বাসীৰ প্ৰতি মৰম আৰু দেশৰ প্ৰতি মৰম থকাৰ বাবে অসমৰ ৰেলৱে নগৰী লামডিং পৰা ফনি ভূষণ চক্ৰৱৰ্তী নামৰ এজন জেষ্ঠ স্টেনংন্থ লিফটিং আৰু বেঞ্চ প্ৰেচ, খেলুৱাৰৰ প্ৰতিভাৰ পৰিচয় ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিছিল । আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বৰ্ণপদকৰ লগতে চিলভাৰ আৰু ব্ৰোঞ্জ পদকৰ কৃতিত্ব অৰ্জন কৰি ভাৰতৰ লগতে অসম বাসীক গৌৰৱান্বিত কৰে।কিন্তু এতিয়া নিজৰ জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এইজন খেলুৱাৰ বহু কষ্টৰ সম্মুখীন হ’বলগীয়া হৈ আছে । যেহেতু তেওঁ নিজৰ প্ৰতিভাক পৰ্দশন কৰিবলৈ বহু পৰিমাণ ধনৰ প্ৰয়োজন হয় তাৰোপৰি তেওঁ বিভিন্ন মানুহৰ সহযোগীতাৰ ফলত স্বৰ্ণপদক আৰু বহু মূল্যৱান পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল, কিন্তু সাংবাদিকৰ কেমেৰাৰ আগত কয় যে , আৰু কিমান দিন ভিক্ষা কৰি নিজৰ প্ৰতিভা দেখুওৱাব লাগিব , চৰকাৰ কাষত কাতৰ অনুৰোধ কৰে যে চৰকাৰ যাতে তেওঁক চৰকাৰী অনুদান আগবঢ়ায় অনাগত দিনবোৰত খেলৰ কাৰনে।এইজন খেলুৱাৰ চৰকাৰী কোনোধৰণৰ সা-সুবিধা পোৱা নাই পেঞ্চনৰ পৰাও বঞ্চিত থাকিবলগীয়া হয়।কিন্তু কিয় ? আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কৃতিত্ব অৰ্জন কৰাৰ পিছতো চৰকাৰৰ অনুদানৰ পৰা বঞ্চিত থাকিবলগীয়া হ’ল এজন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱাৰ ফনি ভুচন চক্ৰৱৰ্তীক।
ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা অসমৰ যুদ্ধ
কাৰ্বিয়াংলং আৰক্ষীয়ে আজি পুৱা খাটখাটিত ১.৬ কিলোগ্ৰাম হেৰোইন জব্দ কৰে। লগতে চুবুৰীয়া ৰাজ্যৰ পৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।কাৰ্বিয়াংলং আৰক্ষীৰ এটা দলে এটা সূত্ৰ অনুসৰণ কৰি সেই অপৰাধীসকলক ধৰা পেলায় ।


কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ পৰলোক প্ৰাপ্তি
কিংবদন্তী কথক নৃত্যশিল্পী বিৰজু মহাৰাজৰ ১৭ জানুৱাৰীৰ পুৱতি নিশা ইয়াত তেওঁৰ ঘৰত মৃত্যু হয়। তেওঁ অহা মাহত ৮৪ বছৰীয়া হ’লহেঁতেন।

মহাৰাজ-জী, যিহেতু তেওঁ জনপ্ৰিয় আছিল, তেওঁৰ পৰিয়াল আৰু শিষ্যৰ দ্বাৰা পৰিবেষ্টিত হৈ মৃত্যুবৰণ কৰিছে । ৰাগিণী মহাৰাজে কয় যে তেওঁলোকে ৰাতিৰ আহাৰৰ পিছত ‘অন্তক্ষৰী’ খেলি আছিল যেতিয়া তেওঁ হঠাতে অসুস্থ হৈ পৰিছিল ।
ভাৰতৰ অন্যতম জনাজাত আৰু আটাইতকৈ প্ৰিয় শিল্পী বিৰজু মহাৰাজ লক্ষ্ণৌৰ কালকা-বিন্দাদিন ঘৰানাৰ আছিল। তেওঁ পাঁচটা সন্তান, তিনিজনী কন্যা আৰু দুটা পুত্ৰ আৰু পাঁচগৰাকী নাতি-নাতিনীক এৰি থৈ গৈছে।

তেওঁ বৃক্কৰ ৰোগত ভুগি আছিল আৰু উচ্চ ডায়েবেটিচৰ বাবে যোৱা মাহধৰি চিকিৎসাধীন আছিল। তেওঁৰ নাতিনীয়ে কৈছিল, তেওঁ সম্ভৱতঃ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ।
ছিপাঝাৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা
অসম চৰকাৰৰ বিজ্ঞান- প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ ছিপাঝাৰ খণ্ডৰ সৌজন্যত অলপতে বৰদৌলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক’ভিড প্ৰট’কল মানি বিজ্ঞান ভিত্তিক বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। অলপতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহ আছিল বিজ্ঞানৰ আৰ্হি , চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু বিজ্ঞানৰ ধাৰণা ।প্ৰতিযোগিতাৰ আৰম্ভণিতে প্ৰাচীন গণিতজ্ঞ আৰ্যভট্টৰ প্ৰতিকৃতিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰি দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে বৰদৌলগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰশান্ত ডেকাই।
তাৰপিছতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ ফলাফল বিচাৰক সকলে ঘোষণা কৰে। ফলাফল অনুসৰি বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেবৰ্ষী কলিতা, চিন্ময় শৰ্মাৰ “সূতা কটা যন্ত্ৰ” , দ্বিতীয় স্থান লাভ কৰে ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আশাপৰ্না গৌতম, দীপাশ্ৰী চহৰীয়াৰ “পানী নিগৰুৱা পদ্ধতি” আৰু তৃতীয় স্থান জাতীয় বিদ্যালয় অসম, হাজৰিকাপাৰাৰ ছাত্ৰ ।
পল্লৱী ডেকা, চিন্ময়ী ডেকাই প্ৰদৰ্শন কৰা “আধূনিক কৃষি পদ্ধতি কৌশল” আৰ্হিটোৱে। আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম স্থান ।
মৃগাংগ কলিতা ( হাজৰিকাপাৰা গান্ধীস্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়) দ্বিতীয় স্থান ৰিপ্সিতা শিৱম (ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় ) আৰু তৃতীয় স্থান লাভ কৰে অসীম জ্যোতি শৰ্মা ( লেঙ্গেৰীঝাৰ হাইস্কুল)। উদগণি বঁটা আগবঢ়োৱা হয় ।
নাৰ্গিছ চুলতানালৈ (বৰদৌলগুৰি হাইস্কুল)।
পোষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম
সঞ্জয় কুমাৰ নাথ (ৰূপকোৱৰ জ্যোতিপ্ৰসাদ হাইস্কুল ), দ্বিতীয় ৰিপ্সিতা শিৱম ( ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু তৃতীয় স্থান নিহাৰিকা দেৱী ( অসম জাতীয় বিদ্যালয় , হাজৰিকাপাৰা) আৰু প্ৰাণ কিশোৰ নাথে ( ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বিদ্যাপীঠ)। বিজ্ঞানৰ ধাৰণা প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে ক্ৰমে দেবাংগ ডেকা আৰু
অনিৰুদ্ধ ডেকা দুয়ো অসম জাতীয় বিদ্যালয় , হাজৰিকাপাৰাৰ ছাত্ৰ , তৃতীয় স্থান পায় জ্যোতিস্মিতা ডেকা
ভূপালী নাথে (বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়) ।
ফলাফল ঘোষণা কৰাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় কুমাৰ নাথে ছাত্ৰ ছাত্ৰী সকলক বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ হকে সকলো কথাতে যুক্তি যুক্ততা বিচাৰ কৰি চাবলৈ আহ্বান জনায়। সকলো ঘটনাৰ আঁৰতে যে কিবা কাৰণ লুকাই থাকে, কাৰণ অবিহনে কোনো ঘটনা নঘটে সেই বিষয়ে চালি জাৰি চাবলৈ তেওঁ কয়। অসম বিজ্ঞান সমিতি , ছিপাঝাৰ শাখাৰ যুটীয়া সম্পাদক ইকবাল ৰছিদ হাজৰিকাই আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ত্ৰৈলোক্য মোহন গোস্বামী , বাপুজী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিৰণ্য কুমাৰ নাথ, ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চায়েন্স ফেছিলেটৰ ৰাজকৃষ্ণ ডেকা, বৰদৌলগুৰি হাইস্কুলৰ শিক্ষক মুকুট শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সকলে জিলা পৰ্যায়ত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাত অংশ লব পাৰিব বুলি ছিপাঝাৰ খণ্ড সমন্বয়ক মণিষা শৰ্মাই জনাইছে।
নলবাৰীৰ এদল মহিলা ড্ৰাগছ বিৰোধী অভিযানত
নলবাৰীৰ বিভিন্ন ঠাইত চলি থকা ড্ৰাগছ তথা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নলবাৰী জিলা প্ৰশাসন তথা নলবাৰী জিলা স্বাস্থ্য বিভাগে চলাই গৈছে তালাচী অভিযান কিন্তু প্ৰশানৰ এনে তালাচী অভিযানক আঙুষ্ঠ প্ৰদৰ্শন কৰি বিভিন্ন জনে চলাই গৈছে ড্ৰাগছ,মদ,ভাংঙকে ধৰি বিভিন্ন ধৰনৰ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। নলবাৰী ত ইতিমধ্যে নিচাজাতীয় সামগ্ৰী সেৱন কৰি বহুতো যুৱক-যুৱতী মৃত্যু বৰণ কৰিছে তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈ গল যোৱা মাঘ বিহুৰ উৰুকাৰ দিনা উৰুকাৰ দিনা নলবাৰী গোপাল বজাৰ নিবাসী অনিল তালুকদাৰ আৰু ৰেখা তালুকদাৰৰ একমাত্ৰ পুত্ৰ ভাস্কৰ তালুকদাৰ ড্ৰাগছ আসক্ত হৈ মৃত্যু বৰণ কৰিব লগীয়া হৈছিল। সেয়েহে আজি নলবাৰী গোপাল বজাৰ আৰু অন্য অঞ্চলৰ প্ৰায় শতাধিক মহিলা লগ হৈ ড্ৰাগছ বিৰুদ্ধে ওলাই আহি এখন ড্ৰাগছ বিৰোধী সজাগতা সভা আমন্ত্ৰণ কৰে । এই অঞ্চলত চলি থকা বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সাংবাদিকৰ আগত ক্ষোভ উজাৰি অতি শীঘ্ৰে নলবাৰী জিলা প্ৰশাসন আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনক অতি শীঘ্ৰে ড্ৰাগছ আৰু অন্য নিচাজাতীয় সামগ্ৰী সমূহ নিৰ্মূল কৰিবলৈ স্থানীয় মহিলাই দাবী জনায়। লগতে সভা খনৰ অন্তত ড্ৰাগছ নিৰ্মূল কৰক , ড্ৰাগছ ব্যৱসায়ী সকল হুচিয়াৰ আদি শ্লোগানেৰে সভা স্থলী উত্তাল কৰি তোলে।

পশ্চিম নলবাৰীত বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেট জব্দ: দুজনক গ্ৰেপ্তাৰ বেলশৰ আৰক্ষীৰ
নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত পশ্চিম চামতা আৰু শোলমাৰী ভয়ৰাৰ দুই ড্ৰাগচ সৰবৰাহ কাৰীক বৃহৎ পৰিমানৰ নিচাজাতীয় টেবলেটসহ আটক কৰি গ্ৰেপ্তাৰ কৰিছে ৷ আৰক্ষীসূত্ৰে জানিব পৰামতে পৰহি নিশা পশ্চিম চামতাৰ নয়ন বৰ্মন(২১)ক ৩৬০ টা নিচাজাতীয় ডাইক্লোমিন হাইড্ৰোক্লোচিড ট্ৰামাদ’ল টেবলেট সহ:আটক কৰে আৰু শোলমাৰী ভয়ৰাৰ লটিফ আলী অ’ৰফে ধনক আটক কৰি আজি দুয়োকে গ্ৰেপ্তাৰ কৰি নলবাৰী জেল হাজোটলৈ প্ৰেৰন কৰিছে ৷ বেলশৰ থানৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দুই ড্ৰাগচ সৰবৰাহকাৰীক নিজ নিজ ঘৰৰ পৰা আটক কৰিছিল ৷ আৰক্ষীৰ এনে পদক্ষেপক পশ্চিম নলবাৰীৰ সচেতন ৰাইজে শলাগ লৈছে ৷

লাহৰীঘাট গল্ডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নৱাগত আদৰণি সভা
মৰিগাঁও জিলাৰ লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি উৎসৱ পালন- প্ৰত্যেক বছৰৰ দৰে এই বেলি লাহৰীঘাট গ’লডেন ছিনিয়ৰ স্কুলত ১৫ আৰু ১৬ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে নৱাগত আদৰণি পালন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিলচৰ বি এড কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা USTM কলেজ মেঘালয়ৰ অধ্যাপক ওমৰ শুছেইন মেহদী চাহাব,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মুজিবৰ ৰহমান, নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰফিকুল ইছলাম,লাহৰীঘাট শিক্ষা খণ্ডৰ বি আৰ পি হবিবুৰ ৰহমান, কনিষ্ঠ সহায়ক লিগেল মেট্ৰলজি নগাঁওৰ আকাবৰ আলী,লাহহৰীঘাট কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ফাইজুৰ ৰহমান,লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সভাপতি হাৰুন উল ৰশ্বিদ খান, প্ৰৱক্তা ক্ৰমে খলিলুৰ ৰহমান,ছাদ্দাম শুছেইন,ছাজিদুৰ ৰহমানৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।

প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা বজাত পতাকা উত্তোলন, উত্তোলন কৰে-মজিবুৰ ৰহমান অধ্যক্ষ লাহৰীঘাট গ’লডেন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল।৯:৩০ বজাত বৃক্ষ ৰুপন- বৃক্ষ ৰুপন- কৰে ফাইজুৰ ৰহমান আৰু হাৰুন উল ৰশ্বিদ খান চাহাব।১০-১১ বজালৈ এনাজৰী- পৰিচালনা কৰে প্ৰৱক্তা ছাদ্দাম শুছেইনে,১১বজাত মুকলি সভাৰ সভাপতি প্ৰতিত্ব কৰে অধ্যক্ষ মুজিবৰ ৰহমানে।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিচালনা সমিতিৰ সম্পাদক আকাবৰ আলীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱা ৯-১২ বজালৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত- নৃত্য পৰিবহণ।১-৪ বজালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিবশনৰ পিছতে দুদিনীয়া কাৰ্যসূচীৰ অন্ত পৰে।
স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা
মৰিগাঁও জিলাৰ নোৱাগাওঁ ৰাভা স্মৃতি যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত স্বৰ্গীয়া নিৰেমাই দেৱী সোঁৱৰণী দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক দিবানৈশ চলন্ত ট্ৰফি প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত ৰাজ্যৰ আঠোটা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। সম্পূৰ্ণ ক’ভিড বিধি অনুযায়ী অনুস্থিত হোৱা প্ৰতিযোগিতাখন ৰাতি প্ৰায় এঘাৰ মান বজাত সফলভাৱে সামৰণি পৰে। এইবাৰৰ প্ৰতিযোগিতাখনত মিৰ্জাৰ আৰিয়ান ভলীবল দলে তেজপুৰ ভলীবল দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে নগাঁও জিলাৰ ভলীবল দলটিয়ে তৃতীয় স্থানতে থমকি ৰয়। Best Ateker আৰু Best Blocker হিচাপে আৰিয়ান ভলীবল দলৰ খেলুৱৈ ক্ৰমে মধু আৰু আৰিফুল হকে বঁটা লাভ কৰাৰ সমান্তৰালকৈ তেজপুৰ ভলীবল দলৰ খেলুৱৈ মানস হাজৰিকাই Setter হিচাপে বটাঁ লাভ কৰে।











