Home Blog Page 2649

পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি

পঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাক লৈ হেতালি খেলা বাবে আজি অৰ্থাৎ শুকুৰবাৰে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। ন্যায়ালয়ে আবেদনকাৰীক আৱেদনখনৰ প্ৰতিলিপি পঞ্জাৱ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ বিচাৰপীঠৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংঘটিত হোৱা ত্ৰুটিৰ বিষয়টো উত্থাপন কৰিছিল।

উল্লেখ্য যে পঞ্জাৱত প্ৰধানমন্ত্ৰীয়ে বুধবাৰে প্ৰথমে ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকত উপস্থিত হৈ প্ৰকল্পসমূহ উদ্বোধন কৰাৰ কথা আছিল। তেওঁ ইয়াৰ বাবে হেলিকপ্টাৰেৰে যাত্ৰা কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শেষ মুহূৰ্তত স্থলপথেৰে গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়। কিন্তু প্ৰধানমন্ত্ৰীৰ কনভয় যাত্ৰা কৰা পথটোত একাংশ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ পোৱাৰ পিছত তেওঁৰ কনভয় গন্তব্যস্থানৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৰ ফ্লাই অভাৰত প্ৰায় ২০ মিনিট সময় আৱদ্ধ হৈ থাকে।

তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি আহে।আনহাতে যি ঠাইত প্ৰধানমন্ত্ৰীৰ কনভয় আবদ্ধ হৈ পৰিছিল, সেই স্থানৰ পৰা ভাৰত-পাক সীমান্তলৈ মাত্ৰ ১০ কিলোমিটাৰ। গতিকে এনেক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটো অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হ’ব লাগিছিল কিন্তু কাৰ্যত সেয়া নহ’ল।এই ঘটনাৰ পিছতই সমগ্ৰ দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা দিশটোলৈ সংশয় নামি অহাত সকলোৱে কঠোৰ সমালোচনা কৰিছে পঞ্জাৱ চৰকাৰক। কিন্তু পঞ্জাৱ চৰকাৰে এই অভিযোগ নাকচ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচী বাতিল কৰি উভতি যোৱাৰ সৈতে নিৰাপত্তাৰ ক্ৰুটিৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিত সিং চন্নীয়ে। মোদীয়ে এয়া ৰাজনৈতিক নাটক ৰচনা কৰা বুলি অভিযোগ তুলিছে কংগ্ৰেছ দলে। জ্যেষ্ঠ অধিবক্তা মনিন্দৰ সিঙে কয় যে ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে পেছাদাৰী আৰু দক্ষ তদন্তৰ প্ৰয়োজন। ইয়াৰ লগতে মনিন্দৰ সিঙে নিৰাপত্তা উলংঘনৰ পুংখানুপুংখ তদন্তৰ লগতে পঞ্জাৱৰ ডিজিপি আৰু মুখ্য সচিবক নিলম্বন কৰাৰ দাবী জনায়।

শ্বিলঙলৈ এতিয়া যাওঁ বুলিলেই যাব নোৱাৰিব! কঠোৰ মেঘালয় ভ্ৰমণৰ নীতি-নিয়ম

দেশজুৰি ক’ভিড আৰু অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধি তথা চুবুৰীয়া ৰাজ্য অসমত কভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতিও লক্ষ্য ৰাখি তত্পৰ হৈছে মেঘালয় চৰকাৰ। ৰাজ্যখনত ৫ জানুৱাৰীৰ পৰা জাৰী কৰা হৈছে একাধিক নিষেধাজ্ঞা। ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয়, “আমি ৰাজহুৱা সমাৱেশৰ ওপৰত পুনৰ নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছো। আমি কেৱল কিছুমান উদ্দেশ্যৰ বাবে অতি সীমিত সংখ্যাৰ সৈতে সমাৱেশৰ অনুমতি দিম।”

৫ জানুৱাৰীৰ পৰা শ্বিলং চহৰ আৰু পূব খাচী পাহাৰৰ বেছিভাগ অঞ্চলতে সকলো ব্যক্তিগত বাহন অড-ইভেন আধাৰত চলাচল কৰিব। দুপালি ভেকচিন লোৱাৰ ওপৰিও ৰাজ্যখনত প্ৰৱেশ কৰা বাহিৰৰ লোকসকলে ৭২ ঘণ্টাৰ ভিতৰত আৰটি-পিচিআৰ ঋণাত্মক পৰীক্ষা প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব অন্যথা তেওঁলোকক মেঘালয়ৰ প্ৰৱেশ বিন্দুত পৰীক্ষা কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে শ্বিলং চহৰ আৰু আন সকলো জিলাত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ পুনৰ জাৰি হ’ব। সৰ্বাধিক ১০০ জন লোক উপস্থিত থকাৰ সৈতে বিবাহৰ অনুমতি দিয়া হ’ব। আনহাতে সৰ্বাধিক ৫০ জন ব্যক্তিক অন্ত্যেষ্টিক্ৰিয়াৰ অনুমতি দিয়া হ’ব। তদুপৰি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে যে কভিড বাঢ়িলেও চৰকাৰে নিশ্চিত কৰিব যে অৰ্থনৈতিক কাৰ্যকলাপসমূহ যাতে কম প্ৰভাৱিত হয় আৰু সুচাৰুৰূপে চলি থাকে।

বঙাইগাঁৱত কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত যুৱ মৰ্চাৰ ধৰ্ণা

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ শাষিত ৰাজ্য পঞ্জাৱৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে বাধাৰ সন্মুখীন হৈ উভতি আহিবলগীয়া হোৱা ঘটনাৰ প্ৰতিবাদ জনাই বৃহস্পতিবাৰে সন্ধিয়া বঙাইগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বঙাইগাঁও জিলা সমিতিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

যুৱ মৰ্চাৰ সদস্য সকলে কংগ্ৰেছ মুৰ্দাবাদ , বিজেপি জিন্দাবাদ আদি ধ্বনি দিয়াৰ লগতে কংগ্ৰেছ আৰু পাকিস্তানৰ মাজত পাৰ্থক্য নাই বুলিও মন্তব্য কৰে ৷ কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এই ধৰ্ণা কাৰ্যসূচীকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ 

বিহালী মহাবিদ্যালয় শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

বিহালীৰ উচ্চ শিক্ষানুষ্ঠান ‘বিহালী  মহাবিদ্যালয়ৰ শিক্ষক গোটে বিভিন্ন সময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত অন্ন-বস্ত্ৰ প্ৰদান  কৰি  ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা বিকাশৰ ক্ষেত্ৰখনত প্ৰেৰণা যোগাই  আহিছে । বৃহস্পতিবাৰে মহাবিদ্যালয় খনৰ শিক্ষক গোটৰ সভাপতি তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড°টুনটুন বৰা’শিক্ষক গোটৰ  সম্পাদক অধ্যাপক ড°বিনুদ চুবেদী’অসমীয়া বিভাগৰ  অধ্যাপক ড°হেমন্ত বৰা” ,অধ্যাপক  ৰাজীব মহন্ত , চঞ্জিব কুমাৰ ছেত্রী, ড মিতালী দাস, ড বৰ্ণালী মহন্ত, ড মধুস্মিতা চৌধুৰী , জয়ন্ত হাজৰিকা, নকুল কালন্দী , উপেন ভুমিজ আধাৰ  কালন্দী  , ড গুণজিৎ কলিতা, সুনিল দাস, মুকুল হাজৰিকা, ৰবিন গোস্বামী আদিৰ নেতৃত্বত দক্ষিণ মৰাণ গাওঁ প্ৰাৰ্থমিক বিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী থানেশ্বৰী কুৰ্মী গঞ্জু  শিক্ষক মুনিন বৰাৰ লগতে বৰগাং অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী প্ৰেমলাল গঞ্জুৰ উপস্থিতিত সভাখন অনুষ্ঠিত হয় ।ড°টুনটুন বৰাই আতঁ ধৰা সভাখনত  অধ্যাপক সকলৰ লগতে সমাজ কৰ্মী প্ৰেমলাল গঞ্জু ‘সাংবাদিক খগেন মটক আদিয়ে বক্তব্য ৰাখে ।ভবিষ্যতে বিহালীৰ সীমামূৰীয়া অঞ্চলত এই কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে ।

লাহৰীঘাট ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ মহিলাক আটক

মৰিগাঁও জিলাৰ লাহৰীঘাটত পুনৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহ কাৰীক  ৭৯ টা ড্ৰাগছ ভৰ্তি কনটেইনাৰ সহ আটক কৰিছে।  গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে  চেনিমাৰী গাঁৱৰ  এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহ কাৰীক লাহৰীঘাট আৰক্ষীয়ে আটক কৰে।ধৃত মহিলা গৰাকীৰ নাম হাফিজা খাতুন বুলি জানিব পৰা গৈছে।

মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে ৭৯ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। বৰ্তমান সময়ত  কিছু সময় আটক কৰা আৰু ২ জন পুৰুষ ড্ৰাগছ সৰবৰাহ কাৰী আৰু মহিলাক   লাহৰিঘাট আৰক্ষীয়ে সোধ-পোছ  আব্যহত ৰাখিছে। 

অমিক্ৰণৰ পৰা হাত সাৰিবলৈ কি কি খাব?

শীতৰ বতৰত আকৌ এবাৰ ভয়ানক ৰূপ লৈছে কৰোণা ভাইৰাছে। কভিড আৰু অমিক্ৰনৰ সংক্ৰমণ দেশে দেশে বাঢ়িছে। ভাৰততো একেই ছবি এখন দেখিবলৈ পোৱা গৈছে। অমিক্ৰনৰ পৰা হাত সাৰিবলৈ তথা ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াবলৈ কি খাব পাৰে সেই বিষয়ে চিকিৎসকে কোৱা কেইবিধমান খাদ্যৰ কথা উল্লেখ কৰিব বিচাৰিছো।

ঘিঁউঃ আয়ুৰবেদৰ মতে, ঘিঁউ খুব সোনকালে হজম হোৱা চৰ্বি। শৰীৰ গৰম কৰি ৰখাৰ উপৰি তাক্ষণিক শক্তি প্ৰদান কৰে। আমাৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত ই বিশেষ ভূমিকা পালন কৰে।


মিঠা আলুঃ ভিটামিন এ, পটেছিয়ামৰে ভৰপুৰ মিঠা আলু কোষ্ঠকাঠিন্য দূৰ কৰাত যথেষ্ট সহায়ক। লগতে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


আমলখিঃ ভিটামিন চি সমৃদ্ধ এটি ৰোগ প্রতিৰোধক ক্ষমতা বৃদ্ধিকাৰী ফল আমলখি। ইয়াত থকা সকলো পুষ্টিগুণ শৰীৰৰ বাবে অত্যন্ত উপকাৰী।

খেঁজুৰঃ খেঁজুৰ প্ৰায় সকলো খাদ্যতে ব্যৱহাৰ কৰা হয়। ই ভিটামিন, মিনাৰেল আৰু ফাইবাৰ সমৃদ্ধ। খেজুৰত পোৱা কেলছিয়াম হাড় আৰু দাঁতৰ বাবে উপকাৰী। বিশেষজ্ঞৰ মতে, খেজুৰ আমাৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ বাবে খুব ভাল।

গুড়ঃ গুড় ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাত এটি দুর্দান্ত ফর্মুলা। সাধাৰণ চর্দিৰ পৰাও দ্রুত মুক্তি দিয়ে। গুড়ত থকা আয়ৰণ, মেগনেছিয়াম, জিংক, পটেছিয়ামে ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।


আদাঃ আদাত থকা অক্সিডেটিভ তথা এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্যই ডিঙিৰ ৰোগ উপশম কৰে। অকল সেয়াই নহয়, আদাই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়।

টেঙা ফলঃ মৌছুমী, কমলা বা নেমুৰ দৰে ছাইট্ৰিক এচিডযুক্ত ফল খাবলৈ নাপাহৰিব। এই ফলবোৰত ভিটামিন-চি থাকে সকলোতকৈ বেছি।

গোগামুখ ক্ৰিকেট লীগত পমুৱা একাদশ চেম্পিয়ন

ধেমাজি জিলাৰ গোগামুখৰ গোগামুখস্থিত গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আটাই ইউনাইটেড ক্লাবৰ উদ্যোগত এন এইচ পি চিৰ আৰু এম এ চিৰ আৰ্থিক সাহায্যত অনুষ্ঠিত হৈ থকা গোগামুখ ক্ৰিকেট লীগ প্ৰতিযোগিতাত পমুৱা ক্ৰিকেট একাদশে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ৷ বুধবাৰে লীগৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলত পমুৱা ক্ৰিকেট একাদশে লটিয়া ক্ৰিকেট একাদশক পৰাজিত কৰি চেম্পিয়নৰ সন্মান লাভ কৰে ৷

খেলৰ অন্তত বিজয়ী দলক নগদ ৩০ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু বিজিত দলক ২০ হাজাৰ টকাৰ লগতে মেন অৱ দ্যা মেচ আৰু মেন অৱ দ্যা ছিৰিজৰ সন্মান লাভ কৰা খেলুৱৈ সকলকো নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয় ৷ বঁটা বিতৰণি সভাত সভাপতিত্ব কৰে অটাই ইউনাইটেডৰ সভাপতি খনিন্দ্ৰ কামানে ৷ আঁত ধৰে সম্পাদক চন্দন দলেয়ে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীৰ লগতে বহু ক্ৰীড়া সংগঠক ৷

সকলোৰে ওচৰত থাকে এই গোপন ধন, ভাগ-বতৰা কৰিলেও নহয় কম!

আচাৰ্য চাণক্যৰ নীতিবোৰ বহুতৰ বাবে সঠিক যেন নালাগিব পাৰে, কিন্তু তেওঁ কোৱা বহুতো কথাই জীৱনত কোনোবাখিনিত কোনো প্ৰকাৰে সত্য প্ৰদৰ্শন কৰে। আচাৰ্য চাণক্য এজন চতুৰ কূটনীতিবিদ, এজন মহান অৰ্থনীতিবিদ হিচাপে জনাজাত। চাণক্যই আমাৰ জীৱনৰ সৈতে সম্পৰ্কিত বহুতো নীতি কৈ গৈছে। তেওঁ গভীৰ চিন্তা, জীৱনৰ অভিজ্ঞতা, গভীৰ অধ্যয়নৰ দ্বাৰা এই জ্ঞান আহৰণ কৰিছিল। যিসমূহক পাছত তেওঁৰ নীতি হিচাপে প্ৰকাশ কৰে।

চাণক্যই তেওঁৰ শ্লোকত উল্লেখ কৰিছে যে জ্ঞান এনে এক বস্তু যি কেতিয়াও শেষ নহয়, আপুনি যিমানেই খৰচ নকৰক। যিধৰণে কামধেনু গৰুবোৰে কেতিয়াও ফল দিয়া বন্ধ নকৰে। একেদৰে বিদ্যাও আপুনি যিমানে খৰচ কৰিব, সিমানে ই বৃদ্ধি পাব। যিদৰে এগৰাকী মাতৃয়ে প্ৰতিটো সন্ধিক্ষণতে নিজৰ সন্তানক সুৰক্ষা দিয়ে। একেদৰে যদি আপোনাৰ জ্ঞানৰ ভঁৰাল আছে, আপুনিও প্ৰতিটো সমস্যা সহজে দূৰ কৰিব পাৰিব আৰু নিজৰ লগতে পৰিয়ালকো সুৰক্ষা দিব পাৰিব। সেয়েহে জ্ঞানক গোপন ধন বুলিও কোৱা হয়।

আফগানিস্তানলৈ ১০লাখ ক’ভিড ভেকচিন প্ৰেৰণ ভাৰতৰ

কৰ’না ভাইৰাছৰ নতুন প্ৰকাৰ অ’মিক্ৰনে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে। নতুন এই প্ৰজাতিৰ সৈতে যুঁজিবলৈ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই বৰ্তমান সাজু হৈছে৷ শেহতীয়াকৈ ভাৰতে চুবুৰীয়া দেশলৈ সহায়ৰ হাত আগবঢ়াইছে। নৰেন্দ্ৰ মোদীৰ চৰকাৰে আফগানিস্তানলৈ ১০ লাখ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে। তালিবানে আফগানিস্তান দখল কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ভাৰতে দেশখনলৈ ক’ভিড-১৯ ভেকচিন প্ৰেৰণ কৰিছে।

খবৰ অনুসৰি, ভাৰতে আফগানিস্তান বায়োটেক ৰেডিটক ভাৰতত নিৰ্মিত থলুৱা কৰ’না ভেকচিন ক’ভাক্সিন প্ৰদান কৰিছে। নতুন দিল্লীৰ পৰা নতুন বছৰৰ প্ৰথম দিনটোতে আফগানিস্তানলৈ ৫০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰিছিল। বাতৰিটো নিশ্চিত কৰি এজন কেন্দ্ৰীয় বিষয়াই কয় যে শনিবাৰে মাহান এয়াৰৱেজৰ দ্বাৰা আফগানিস্তানৰ ৰাজধানী কাবুললৈ ৫,০০,০০০ পালি ক’ভাক্সিন প্ৰেৰণ কৰা হৈছিল। বাকী ৫ লাখ পালি জানুৱাৰীৰ দ্বিতীয় সপ্তাহত প্ৰেৰণ কৰা হ’ব।

নৰেন্দ্ৰ মোদী চৰকাৰে ইয়াৰ পূৰ্বে বিশ্বৰ নিম্ন উপাৰ্জন আৰু উন্নয়নশীল দেশসমূহক ক’ভিড ভেকচিন প্ৰদান কৰাৰ বাবে ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছিল। সেই কাৰ্যসূচীৰ অধীনত ভাৰতে উপহাৰ হিচাপে আফগানিস্তানলৈ ভেকচিন যোগান ধৰিছে৷ ইয়াৰ পূৰ্বে বাংলাদেশ, নেপাল, ম্যানমাৰ, ভূটান, শ্ৰীলংকা, মালদ্বীপ, ব্ৰাজিল, মৰক্কো, দক্ষিণ আফ্ৰিকা, ডি আৰ কঙ্গো, নাইজেৰিয়াকে ধৰি বহুতো দেশে নৰেন্দ্ৰ মোদী চৰকাৰৰ ‘ভেকচিন বন্ধুত্ব’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ পৰা লাভান্বিত হৈছে। ইয়াৰ পূৰ্বেও ভাৰতে আফগানিস্তানক ভেকচিন প্ৰদান কৰিছিল।

বৰ্তমানে, প্ৰতিমাহে ভাৰত বায়োটেকে প্ৰায় ৭০ নিযুত পালি ক’ভিড-১৯ ভেকচিন উৎপাদন কৰে। প্ৰতিষ্ঠানটোৰ গৱেষকসকল আশাবাদী যে অহা কেইমাহমানৰ ভিতৰত ইয়াৰ উৎপাদন ১ বিলিয়নলৈ বৃদ্ধি পাব। ভাৰত বায়’টেকে ইতিমধ্যে ইয়াৰ ক’ভিড ভেকচিন উৎপাদনৰ কেন্দ্ৰশাখা হায়দৰাবাদৰ পৰা অংকলেশ্বৰ, পুণে আৰু মালুৰলৈ সম্প্ৰসাৰিত কৰিছে। কোম্পানীটোৱে অনাগত দিনবোৰতো ইয়াৰ শাখা আৰু সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা ৰাখিছে।

উল্লেখ্য যে, এতিয়ালৈকে ভাৰত বায়োটেকৰ ক’ভিড ভেকচিন কেৱল প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ বছৰীয়া লোকৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। দেশখনৰ কোম্পানীটোৱে শেহতীয়াকৈ ১৫ বছৰীয়া শিশুৰ পৰা ১৮ বছৰীয়া শিশুৰ বাবে কৰ’না ভেকচিন ক’ভাক্সিন মুকলি কৰিছে। ই ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভ কৰিছে।

চৰাইদেউৰ সাপেখাতীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

চৰাইদেউৰ সাপেখাতীত বৃহস্পতিবাৰে উপস্থিত হ’লহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰপৰা পোনে পোনে চৰাইদেউ জিলাৰ কলাকটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰ অৱতৰণ কৰাৰ পাছতেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি মুখ্যমন্ত্ৰীক স্ব চক্ষুৰে চাবলৈ ওলাই আহি মুখ্যমন্ত্ৰীক নৱবৰ্ষৰ শুভকামনা যাচে।

তাৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ বিমলাপুৰৰ নগাহাট স্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা । যোৱা ১৮ নৱেম্বৰত সাংসদ তপন কুমাৰ গগৈৰ মাতৃ সৰুমাই গগৈৰ বিয়োগ হৈছিল ৷ বিয়োগ হোৱাৰ পাছত পোন প্ৰথম বাৰৰ বাৱে উপস্থিত হয় সাংসদ গৰাকীৰ বাসগৃহত ৷ সাংসদ গগৈৰ ঘৰত দলীয় কৰ্মীৰ লগত কিছু মত বিনিময় কৰাৰ লগতে স্থানীয় লোকৰ অভাৱ অভিযোগ সন্দৰ্ভত স্মাৰকপত্ৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ সৈতে সংগ দিয়ে মন্ত্ৰী বিমল বৰা আৰু যোগেন মহনে ৷ লগতে উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোৱঁৰ ৷