Jammu & Kashmir । জম্মু আৰু কাশ্মীৰত আকৌ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বুধবাৰে নিশা জম্মুৰ বহু স্থানত ভয়ংকৰ ড্ৰ’ন আক্ৰমণৰ ঘটনা সংঘটিত হয়। স্থানীয় উৎস অনুসৰি, নিশা প্ৰায় ৫-৬ খন বিস্ফোৰণৰ শব্দ শুনা যায়, যাৰ ফলত সমগ্ৰ অঞ্চলতে তীব্ৰ আতংক পৰিলক্ষিত হয়। এই আক্ৰমণৰ পিছতে জম্মুত ব্লেক আউট জাৰি কৰা হয় আৰু এয়াৰ ছাইৰেন বজাই জনগণক ঘৰত থকাৰ নিৰ্দেশ দিয়ে প্ৰশাসনে।
ড্ৰ’ন আক্ৰমণৰ লগে লগে এয়াৰ ডিফেন্স চিষ্টেম সক্ৰিয় কৰা হয় আৰু সতৰ্কবাণী ঘোষণা কৰা হয়। আনহাতে, কাশ্মীৰৰ কুপবাড়া অঞ্চলৰ পৰা সন্ত্ৰাসবাদীসকলে গুলীবৰ্ষ আৰম্ভ কৰে। এই ঘটনাবোৰে এটা বৃহৎ সামৰিক ষড়যন্ত্ৰৰ সংকেত দিছে বুলি আশংকা প্ৰকাশ কৰিছে নিৰাপত্তা সংস্থাসকলে।
উল্লেখযোগ্য যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰস্বৰূপে ভাৰতৰ সেনাই চলাইছিল ‘অপাৰেশ্যন সেন্দূৰ’। তাৰ পাছতে পাকিস্তানে ভাৰতৰ ওপৰত কেইবাটাও মিছাইল নিক্ষেপ কৰে, যদিও সেইবোৰ ভাৰতৰ এয়াৰ ডিফেন্সে সফলতাৰে ধ্বংস কৰে।
এই উপলক্ষে এক ৰাজহুৱা অনুষ্ঠান আয়োজন কৰা হয়, য’ত সেনাৰ সাহস আৰু বলিদানক স্মৰণ কৰি স্থানীয় ৰাইজে গভীৰ শ্ৰদ্ধাৰে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে, ৭ মে’ নিশা ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ‘অপাৰেচন সিন্দূৰ’ নামেৰে এক সফল সামৰিক অভিযান সম্পন্ন কৰিছিল। এই অভিযানৰ পাছতে পাকিস্তানৰ সেনাই সীমান্ত সংলগ্ন ভাৰতীয় আবাসিক অঞ্চলসমূহলৈ লক্ষ্য কৰি অপৰোচিতভাৱে গুলীচালনা কৰে, যাৰ ফলত কেইবাগৰাকী ভাৰতীয় সেনা শ্বহীদ হয়।
শ্বহীদসকলৰ ভিতৰত অসম সন্তান বীৰ লেন্স নায়ক দীনেশ কুমাৰ শৰ্মাও আছিল। তেওঁৰ অসীম সাহস আৰু বলিদানক স্মৰণ কৰি উপস্থিত সকলোৱে ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।
লিডুৰ তিনি আলি বাছ আস্থানত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বহু সংখ্যক স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানত AIKS ৰ অসম ৰাজ্যিক কমিটিৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলী উপস্থিত থাকি, অপাৰেচন সিন্দূৰৰ সফলতাৰ বাবে ভাৰতীয় সেনাক অভিনন্দন জনায়।
পহলগাম আক্ৰমণৰ প্ৰত্যুত্তৰত বায়ুসেনাৰ কাৰ্য্য: 410 খনতকৈ অধিক বিমান বাতিল, 27 টা বিমানবন্দৰ সাময়িকভাৱে বন্ধ । Flights Channel
নতুন দিল্লী, ৮ মে’, ২০২৫ — FlightsChannel । পহলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰে পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাঁটিত কৰা সফল আক্ৰমণৰ পাছত দেশজুৰি বিমান সেৱাত ব্যাপক প্ৰভাৱ পৰিছে। যাত্ৰীসুৰক্ষাৰ কথা বিবেচনা কৰি উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ ২৭ টা বিমানবন্দৰ ১০ মে’ পৰ্যন্ত সাময়িকভাৱে বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
এই সিদ্ধান্তৰ ফলত বৃহস্পতিবাৰে মুঠ ৪১০ খনতকৈ অধিক বিমান বাতিল কৰা হয়, যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী বিপাকে পৰিছে। বন্ধ কৰা বিমানবন্দৰসমূহৰ ভিতৰত শ্ৰীনগৰ, জম্মু, অমৃতসৰ, লেহ, চণ্ডীগড়, ধৰ্মশালা, বিকানেৰ, যোধপুৰ, গোৱালিয়ৰ, কিষাণগঞ্জ, ৰাজকোট আৰু হিন্দন বিমানবন্দৰ অন্তর্ভুক্ত। এই বিমানবন্দৰসমূহৰ কেইটামানত আন্তঃৰাষ্ট্ৰীয় বিমানেও চলাচল কৰে, যিসকলক বৰ্তমানে অন্য স্থানলৈ ডাইভাৰ্ট কৰা হৈছে।
ইয়াৰ পূৰ্বে, বুধবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৪ খন আন্তঃৰাষ্ট্ৰীয় আৰু ১৩১ খন ঘৰুৱা বিমান বাতিল কৰা হৈছিল। লগতে, ৩০০ খনতকৈ অধিক বিমান গড়ে ৭৪ মিনিটকৈ পলম হৈছিল। বাতিল হোৱা আন্তঃৰাষ্ট্ৰীয় বিমানসমূহৰ ভিতৰত ২ খন অৱতৰণ কৰাৰ কথা আছিল আৰু বাকী ২ খনে প্ৰস্থান কৰিবলৈ আছিল।