Home Blog Page 2658

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ দেহত অমিক্ৰণৰ আশংকা!

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰোনাৰ অমিক্ৰনৰ আতংক!আকৌ এনেবোৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্রৰ দেহত অমিক্ৰনৰ সন্দেহ ঘনীভূত হোৱাত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।আকৌ বহুতৰে আশংকা ডিব্ৰুগড় পালেহি নেকি অমিক্ৰম?জানিব পৰা মতে দক্ষিণ আফ্ৰিকাৰ পৰা অহা এজন ছাত্ৰৰ দেহত প্ৰাথমিক পৰীক্ষাত অমিক্ৰনৰ সন্দেহ হৈছে যদিও এতিয়াও সুস্পষ্ট হোৱা নাই।প্ৰায় এসপ্তাহৰ পূৰ্বে দক্ষিণ আফ্ৰিকা পৰা আহিছিল ছাত্র জন।

আফ্ৰিকা মহাদেশৰ টানঞ্জানিয়াৰ পৰা অহা এজন মনিপুৰৰ ব্যক্তিৰ দেহত অমিক্ৰন ধৰা পৰাৰ কথা ভাৰতীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ইতিমধ্যে সদৰী কৰিছে।সন্দেহযুক্ত ছাত্ৰ গৰাকীৰ লাহোৱালৰ আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰৰ পৰীক্ষাগাৰত পজিটিভ ধৰা পৰাত যোৰহাটলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নমুনা।

বৰ্তমানে ডিব্ৰুগড়ৰ জকাই ক’ভিড হস্পিটেলৰ আইচলেশ্যনত ৰখা হৈছে ছাত্র জনক।জানিব পৰা মতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফাৰ্মাষ্টিটিকেল চাইঞ্চত অধ্যয়নৰত আছিল ছাত্র জন।এই সৰ্ম্পকত ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ ক’ভিডৰ নৰ্ডেল বিষয়া ডা° নৱজ্যোতি গগৈয়ে জানিবলৈ দি কয়—ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ পূৱ আফ্ৰিকাৰ পৰা আহিছিল আৰু সংগ্ৰহ কৰা চেম্পলত পজিটিভ পোৱা গৈছিল।যেতিয়া লাহোৱালৰ আই চি এম আৰত চেম্পলটোৰ চিকুৱেঞ্চিং কৰা হয়,তেতিয়া কিছু সন্দেহ হয় আৰু ৰোগী গৰাকীৰ চিটি ভ্যেলু ৩২ আছিল।সেয়ে কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কন্টেক্ট ট্ৰেচিং কৰাত ৰাজ্যৰ বাহিৰৰ এজনৰ ৰেট পজিটিভ পোৱা হয়।কিন্তু সেইজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিল।পাছত সংগ্ৰহ কৰা সকলো চেম্পল চিকুৱেঞ্চিং কৰি থকা হৈছে।কিছু সন্দেহ হোৱাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হয় আৰু চাৰিদিনৰ ভিতৰতে ফলাফল পাম বুলি চিকিৎসা বিষয়া ডাঃ নৱজ্যোতি গগৈয়ে সদৰী কৰে। এই সময়ত অমিক্ৰনেই হওক বা ডেল্টা ভেৰিয়েন্ট;সেয়া কোনো ডাঙৰ কথা নহয় বুলি ডাঃ গগৈয়ে উল্লেখ কৰি পুনৰাই কয়-কথাতো হল যে,অমিক্ৰনেই হওক,ডেল্টাই হওক বা ইউ কে ভেৰিয়েন্ট।মুঠৰ ওপৰত চিকিৎসা একেধৰণৰ।মাত্ৰ কাৰোবাৰ বাবে কম বা বেছি।সেয়ে জনসাধাৰণে অতি সচেতন আৰু সজাগ নহলে কিন্তু অতি কম সময়ৰ ভিতৰত এই অমিক্ৰন ৰোগ বিয়পি এক বিভীষিকাময় পৰিস্থিতিৰ স্বৃষ্টি কৰিব পাৰে আৰু যিটো পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণৰ বাহিৰত যোৱাৰ সম্ভাৱনা আছে বুলি ডাঃ গগৈয়ে লগতে উল্লেখ কৰে।

আনহাতে উত্তৰ পূৱাঞ্চলৰ মনিপুৰত ধৰা পৰা ব্যক্তি গৰাকীও আফ্ৰিকাৰ টানঞ্জানিয়াৰ পৰা অহাৰ লগতে ডিব্ৰুগড়ত সন্দেহ কৰা ছাত্ৰ গৰাকীও সেই একেখন দেশৰ পৰা অহাত অমিক্ৰণৰ সন্দেহ কৰা হৈছে।যদিহে ডিব্ৰুগড়ৰ এইজন ছাত্ৰৰ দেহত অমিক্ৰণ থকাতো সুনিশ্ছিত হয়,তেন্তে নি:সন্দেহে অসমৰ বাবে এক ভয়ানক খবৰ।ইফালে লাহোৱালৰ আই চি এম আৰৰ বিজ্ঞানীয়ে বহু পৰীক্ষা-নিৰক্ষা কৰি দুই ঘন্টাতে অমিক্ৰণ ভাইৰাছ ধৰা পেলাব পৰা কিট গৱেষণাৰ অন্তত বজাৰত মুকলি কৰাৰ কথা আছিল যদিও,সেয়া কাৰ্যত এতিয়াও ফুটুকাৰ ফেনত!

পশ্চিম নলবাৰীত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ কৰ্মশালা

নলবাৰী জিলাৰ পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ উদ্যোগত কালি  দিনজোৰা কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০” সন্দৰ্ভত এদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় অ’ডিটৰিয়ামত অনুষ্ঠিত এই কৰ্মশালাত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ মুঠ ২৪৩ খন শিক্ষানুষ্ঠানক সামৰি লোৱা হয় ৷ প্ৰতিখন শিক্ষানুষ্ঠানৰপৰা একোগৰাকীকৈ শিক্ষকক এই কৰ্মশালাত মুঠ ২৪৩ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এই কৰ্মশালাত “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ ওপৰত প্ৰথমবাৰৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

উল্লেখ্য যে কোনো ধৰণৰ চৰকাৰী আঁচনি অৱিহনে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য আৰু শিক্ষা খণ্ডটোৰ CRCC সকলৰ একক প্ৰচেষ্টা আৰু ব্যক্তিগত আৰ্থিক সাহায্যৰে এই কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০”ৰ ওপৰত ৰাজ্যৰ শিক্ষা বিভাগে কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী গ্ৰহণৰ পূৰ্বেই পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডই নিজাববীয়াকৈ অসমৰ ভিতৰতে প্ৰথমটো কৰ্মশালা অনুষ্ঠিত কৰা বিষয়টোৱে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ আজি ৰাতিপুৱা ৯:৩০ বজাত নলবাৰী জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলাখনৰ ভাৰপ্ৰাপ্ত বিদ্যালয় পৰিদৰ্শক সীমান্ত কুমাৰ ডেকাই আজিৰ কৰ্মশালা আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে ৷

অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ ওপৰত তথ্য সমৃদ্ধ ভাষণ ৰাখে ৷ নলবাৰী জিলাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক ভূপেন শৰ্মা,.পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শিখামণি বৰা ,সমগ্ৰ শিক্ষা নলবাৰীৰ জিলা আঁচনি বিষয়া আবেদুৰ ৰহমান আৰু পূৱ নলবাৰী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইনামূল মজিদ অনুষ্ঠানত উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য ৰাখে ৷ইয়াৰ পূৰ্বে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই আদৰণি ভাষণ প্ৰদান কৰে ৷

সৰিয়হ ফুলা বতৰত বৰনৈ বাকৰিত উন্মোচিত হল “মাজুলীৰ কনেং-২”

মহুৰামুখৰ উত্তৰ অংশৰ বানে বিধস্ত কৰা বংকোৱাল অঞ্চলৰ বহু কেইবাগৰাকী শিল্পীৰ প্ৰচেষ্টাত ময়ূৰ প্ৰডাকচনে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে ৷ সৰিয়হ ফুলা বতৰত মহুৰামুখৰ বংকোৱাল অঞ্চলৰ উদীয়মান কণ্ঠ শিল্পী নিয়ৰ পল আৰু  মৃদুস্মিতা ডেকাৰ কন্ঠত “মাজুলি কনেং-২” নামৰ এটি নতুন মিছিং ঐনিতম সুৰীয়া অসমীয়া গীত অসমৰ সংগীত জগতত সংযোজন কৰাইছে।ময়ুৰ প্ৰডাকচনৰ বেনাৰত মন পৰশা ঐনিতম সুৰীয়া অসমীয়া গীতটোৰ কথা-সুৰ নিয়ৰ পলৰ,গীতটোৰ সংগীত আৰু শব্দ সংমিশ্ৰণৰ কৰিছে বিশ্বজিত মৰাঙে।

আজি এই উপলক্ষে বংকোৱাল বালিচাপৰি নাট্য মন্দিৰত যুৱ সমাজকৰ্মী  লুহিত মৰাঙে আঁতধৰা অনুষ্ঠানত গীতটি উন্মোচন কৰে বংকোৱাল অপৰাজিতা শিল্পী গোষ্ঠীৰ সভাপতি ভৱেশ দাৱে।  গীতটোৰ শুভ মুক্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৯০ দশকৰ জনপ্ৰিয় কন্ঠশিল্পী ললিত লইঙ ,জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম গোলাঘাট জিলা সমিতিৰ সম্পাদক চন্দন বৰা , শিক্ষক তৰুন দাও , সাংস্কৃতিক কৰ্মী ডিমেশ্বৰ দাৱে উপস্থিত থাকি  শুভেচ্ছামূলক বক্তব্য আগবঢ়াই । অনুষ্ঠানত শিক্ষক নয়ন জ্যোতি বাৰুকিয়াল, সাংবাদিক বলোৰাম কামান , সংগীত পৰিচালক বিশ্বজিত মৰাং , কন্ঠ শিল্পী পিকে ৰাজ আদি উপস্থিত থাকে । ময়ুৰী  প্ৰডাকচনৰ বেনাৰত উদিয়মান কন্ঠ শিল্পী নিয়ৰ পলৰ কথা আৰু সুৰ কৰা  বিহুসুৰীয়া গীতটো ময়ুৰী প্ৰডাকচনৰ ইউটিউব চেনেলত উপলব্ধ হব। আনহাতে গীতটোক লৈ আশাবাদী কন্ঠ শিল্পী নিয়ৰ পল ।

ভাইজানে কেটে জনোৱা জন্মদিনৰ শুভেচ্ছাৰ সঁহাৰি জনালে নে?

তিনি দশকৰো অধিক সময় ধৰি হিন্দী চলচ্চিত্ৰ উদ্যোগত তেওঁ আধিপত্য বিস্তাৰ কৰি আছে৷ ১২৫ খনতকৈয়ো অধিক চলচ্চিত্ৰত অভিনয় কৰিছে তেওঁ৷ তেওঁ হ’ল বলীউডৰ ছল্লু ভাই খ্যাত ছলমান খান৷ বলীউডৰ ভাই ছলমানে তেওঁ শক্তিভৰা প্ৰদৰ্শনেৰে সকলোকে মুগ্ধ কৰি আহিছে। আজি বলীউড ভাইজানৰ জন্মদিন৷ ছলমানে আজি ৫৬ বছৰ বয়সত ভৰি দিলে৷ পানভেল ফাৰ্ম হাউছত তেওঁৰ ৫৬সংখ্যক জন্মদিনৰ পৰিয়ালৰ কেইজনমান ঘনিষ্ঠলোকৰ সৈতে জন্মদিন উদযাপন কৰিছে ছলমান খানে। ছলমানৰ অসংখ্য গুণমুগ্ধৰ লগতে বলীউড তাৰকাসকলে সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই পেলাইছে অভিনেতাজনক ৷

পিছপৰি ৰোৱা নাই বলীউডৰ চিকনী চামেলী কেটৰিনা কাঈফো৷ ব্যতিক্ৰমী ৰূপত কেটে ছল্লু ভাইক জনালে জন্মদিনৰ শুভেচ্ছা৷ কেটে তেওঁৰ ইনষ্ট্ৰাগাম একাউণ্টত ছলমানক শুভেচ্ছা জনাই লিখিছে- “@beingsalmankhan জন্মদিনৰ শুভেচ্ছা আপোনালৈ (এটা বগা হৃদয়ৰ ইমোজি) আপোনাৰ সৈতে থকা পোহৰ, প্ৰেম, বুদ্ধিমত্তা আপোনাৰ বাকী জীৱনৰ বাবে আপোনাৰ সৈতে সদায়েই থাকক।” কেটে পোষ্টটোৰ সৈতে ছলমানৰ এখন একৰঙী ফটোও সন্নিৱিষ্ট কৰিছে ৷

উল্লেখ্য যে, কেটৰিনা কাঈফ আৰু ছলমান খান দুয়োজনে তেওঁলোকৰ জন্মদিনত ইজনে সিজনক শুভেচ্ছা জনাবলৈ কোনোবাৰেই পাহৰা নাই৷ যেতিয়া ২০২১চনৰ ১৬ জুলাইত কেটৰিনাৰ বয়স ৩৮ বছৰ হৈছিল, ছলমানে দুয়োৰে এখন ধুনীয়া ফটো পোষ্ট কৰিছিল, আৰু এক শুভেচ্ছা বাৰ্তা লিখিছিল। ইয়াৰ মাজতে, ছলমানৰ এক দুৰ্ঘটনা সংঘটিত হয়। ছলমানক শনিবাৰে নিশা এটা বিষহীন সাপে দংশন কৰিছিল। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু তাত তেওঁক এণ্টি-পইজন বেজি দিয়া হৈছিল। বৰ্তমান ছলমান খান সম্পূৰ্ণ সুস্থ৷

নিটি আয়োগৰ স্বাস্থ্যখণ্ডৰ সূচাংকত দ্রুত অগ্রগতি অসমৰ

স্বাস্থ্যখণ্ডত অতি দ্রুতগতিত আগবাঢ়িছে অসম ৷ ২০১৮–১৯ আৰু ২০১৯–২০ বিত্তীয় বর্ষৰ তুলনামূলক বিশ্লেষণত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এই ইতিবাচক দিশ বিচাৰি পাইছে নিটি আয়োগে ৷ নিটি আয়োগে  প্রকাশ কৰা ৰাজ্যভিত্তিক স্বাস্থ্য সূচকৰ চতুর্থ সংস্কৰণত দেখা গৈছে ২০১৮–১৯ বিত্তীয় বর্ষতকৈ ২০১৯–২০ বিত্তীয় বর্ষত অসমৰ স্বাস্থ্য খণ্ডত সামগ্রিকভাৱে ৪.৩৪ শতাংশ উন্নতি ঘটিছে৷ স্বাস্থ্যখণ্ডৰ আনুপাতিক উন্নয়নৰ হাৰত উত্তৰ প্রদেশৰ (৫.৫২) পাছত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে অসমে

উল্লেখ্য যে ২০১৮–১৯ বিত্তীয় বর্ষত স্বাস্থ্যখণ্ডত দেশৰ ১৯খন বৃহৎ ৰাজ্যৰ ভিতৰত অসমৰ স্থান আছিল ১৫ নম্বৰত৷ পিছে নিটি আয়োগৰ ২০১৯–২০ বিত্তীয় বর্ষৰ সমীক্ষাত দেখা গ’ল অসমে পূর্বৰ ১৫ নম্বৰ স্থানৰ পৰা ১২ নম্বৰ স্থানলৈ উন্নীত হৈছে ৷ মন কৰিবলগীয়া যে তালিকাত ৩টা ঊর্ধ্বমুখী স্থান দখল কৰা দেশৰ একমাত্র ৰাজ্যখন হৈছে অসম৷ সেই হিচাপত স্বাস্থ্যখণ্ডত আটাইতকৈ উন্নীত ৰাজ্য হিচাপে অসমে বৃহৎ ৰাজ্যসমূহৰ ভিতৰত স্থান লাভ কৰিছে ৷ উল্লেখ্য যে নিটি আয়োগে প্রকাশ কৰা তথ্য অনুসৰি বর্তমানে (২০১৯–২০) স্বাস্থ্যখণ্ডত অসমৰ সূচক হৈছে ৪৭.৭৪ ৷ ২০১৮–১৯ত আছিল ৪৩.৪০

আনহাতে দেশৰ ৮খন সৰু ৰাজ্যৰ ভিতৰত যোৱা এবছৰত স্বাস্থ্যখণ্ডত আটাইতকৈ উন্নতি সাধন কৰা ৰাজ্যখন হৈছে মিজোৰাম ৷ মিজোৰামে ২০১৮–১৯ বিত্তীয় বর্ষতকৈ ২০১৯–২০ বিত্তীয় বর্ষত ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত সামগ্রিকভাৱে ১৮.৪৫ শতাংশ উন্নতি ঘটিছে৷ কেন্দ্রীয়শাসিত ৰাজ্যসমূহৰ ভিতৰত দিল্লীয়ে আটাইতকৈ উন্নতি সাধন কৰাৰ লগতে ৯.৬৮ শতাংশ সূচক আগবাঢ়িছে ৷ মন কৰিবলগীয়া যে স্বাস্থ্যখণ্ডৰ সার্বিক বিকাশত কেৰালা পূর্বৰ দৰে এতিয়াও বৃহৎ ৰাজ্যৰ তালিকাত প্রথম স্থান (৮২.২০) দখল কৰি ৰাখিছে ৷ আনহাতে উত্তৰ প্রদেশে পূর্বতকৈ ২০১৯–২০ চনৰ স্বাস্থ্য সূচকত যথেষ্ট উন্নতি সাধন কৰিছে যদিও সামগ্রিকভাৱে ১৯খন বৃহৎ ৰাজ্যৰ তালিকাত সর্বনিম্ন (৩০.৫৭) স্থান দখল কৰিছে ৷

ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চিপিআইএমৰ যৌথ গন অৱস্থান

বৰপেটাৰোডৰ উৰণীয়া সেতু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি অনতিপলমে যাতায়াতৰ বাবে সুচল কৰি দিয়াৰ দাবীত সোমবাৰে গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু চি পি আই এমৰ যৌথ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে অংশলৈ কয় ৰেলৱে লাইনৰ ওপৰত এখন অভাৰব্ৰীজ নিৰ্মাণৰ বাবে বৰপেটাৰোডৰ ৰাইজে সুদীৰ্ঘ দুটা দশক আন্দোলন কৰিছিল ৷

ফলত বিগত ২০১৮ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তদানীন্তন গড়কাপ্তানি মন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্হাপন কৰিছিল ৷ উল্লেখ্য যে উৰণীয়া সেতু নিৰ্মাণৰ সময়সীমা দুই বছৰ আছিল যদিও কিন্তু বিগত তিনিটা বছৰ অতিক্ৰম হোৱাৰ পাছতো উৰণীয়া সেতু নিৰ্মাণ কাৰ্য সমাপ্ত নোহোৱাত উৰণীয়া সেতুৰ দুয়ো পাৰত বসবাস কৰা ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ উৰণীয়া সেতুৰ দুয়োপাৰে নিৰ্মাণ কাৰ্য হৈছে যদিও ৰেলৱে লাইনৰ ওপৰত সেতু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ৰূপে বন্ধ হৈ থকাত উদ্বিগ্নতা প্ৰকাশ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

তাৰোপৰি বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ পৰা তিনি কিলোমিটাৰ দূৰৈত মাত্ৰ এটা ৰেলৱে ক্ৰছিং গেটৰ আছে যদিও ৰেলৱে ষ্টেচনৰ পশ্চিম প্ৰান্তত কোনো ৰেলৱে ক্ৰছিং গেট নথকাত বিধায়ক মনোৰঞ্জন তালুদাৰে ক্ষোভ প্ৰকাশ কৰে ৷ সেয়ে ৰেলৱে ষ্টেচনৰ পশ্চিম প্ৰান্ততো এটা ৰেলৱে ক্ৰছিং গেট নিৰ্মাণ কৰাৰ দাবী জনাই বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ অধীক্ষকৰ জৰিয়তে এন এফ ৰেলৱেৰ জি এমলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সৈতে কংগ্ৰেছ নেতা আব্দুছ ছামাদ আহমেদ আৰু ৰাজীৱ হকৰ উপৰিও চি পি আই এম- কংগ্ৰেছৰ বহুসংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷

নিকুঞ্জ দাসৰ “অভিজ্ঞতা” গ্ৰন্থ উন্মোচন

ছাত্র-ছাত্ৰী সকলে জীৱনত সফল হবলৈ, মানুহ হিচাপে নিজকে প্ৰস্তুত কৰিবলৈ আৰু বৰ্তমান মানুহৰ জীৱন-ধাৰা সম্পৰ্কে যিবোৰ কথা শিকাৰ প্ৰয়োজনীয়তা আছে সেই প্ৰসংগ শীৰ্ষক বিশটা প্ৰৱন্ধৰে ন-লেখক নিকুঞ্জ দাসে ৰচনা কৰিছে “অভিজ্ঞতা” নামৰ গ্ৰন্থ খ। “অভিজ্ঞতা” তেওঁৰ শিক্ষক জীৱনৰ ফচল ।

২৬ ডিচেম্বৰ ৰবিবাৰে গুৱাহাটীৰ অসম সাহিত্য ভৱনৰ লক্ষ্মী বৰুৱা সদনত “মুক্ত কবি কণ্ঠ আন্তৰ্জাতিক কবি মঞ্চ” ই আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে অষ্ট্ৰেলিয়াত থকা বিশিষ্ট কবি, সমালোচক দেৱজিত ভূঞাদেৱে । অনুষ্ঠানত অসমৰ বাহিৰেও অন্য ৰাজ্যৰ বিশিষ্ট লেখক তথা সমালোচক সকলৰ উপস্থিতিত উন্মোচন কৰা গ্ৰন্থ খন নিশ্চয় পাঠক সমাজে আদৰি লব । নিকুঞ্জ দাস বৰ্তমান কাটাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (বানীকান্ত)ত উপাধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰি আছে ।

১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ পীয়ুষক

কোটি কোটি টকা নগদ উদ্ধাৰ হৈছিল কানপুৰৰ ব্যৱসায়ীৰ ঘৰৰ পৰা৷ সুগন্ধিৰ বৃহৎ ব্যৱসায়েৰে প্ৰতিষ্ঠা লাভ কৰা ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত আয়কৰ বিভাগে চলোৱা অভিযানত বৰ্তমানলৈ উদ্ধাৰ হৈছিল প্ৰায় ২৫৭ কোটি টকা। বিগত সপ্তাহতে আয়কৰ বিভাগে পীয়ুষ জৈনৰ বাসগৃহত আৰম্ভ কৰিছিল অভিযান।

GST ফাঁকিৰ দোষত গ্ৰেপ্তাৰ হোৱা পীয়ুষক ১৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়৷ আৰক্ষীৰ সূত্ৰ অনুসৰি বিভিন্ন সামগ্ৰী ভুৱা SGT আৰু E-WAY BILL বিহীনভাৱে ব্যৱসায় চলোৱাৰ বাবে টকাসমূহ মজুত ৰাখিছিল ব্যৱসায়ীজনে। ৩-৪ দিন ধৰি মাৰাথন অভিযান চলিছিল পীয়ুষ জৈনৰ বাসগৃহত। কেইবাটাও টকা গণনা কৰা যন্ত্ৰৰে গণনা কৰা হৈছিল টকাসমূহ। সমগ্ৰ ঘটনাৰ পৰিপ্ৰেক্ষিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক।

উল্লেখ্য যে কেমিষ্ট পিতৃৰ পৰা সুগন্ধি তৈয়াৰ কৰাৰ ফৰ্মুলা আয়ত্ত কৰিছিল পীয়ুষে। ১৫ বছৰ পূৰ্বে পীয়ুষ আৰম্ভ কৰিছিল সুগন্ধিৰ ব্যৱসায়। বিগত ১৫ বছৰত ব্যৱসায়ৰ প্ৰসাৰ বৃদ্ধি কৰে সমগ্ৰ দেশতে। বৰ্তমান মু্ম্বাই আৰু গুজৰাটতো সুগন্ধিৰ ব্যৱসায়েৰে খোপনি পুতিছে পীয়ুষে। ভাতৃ অম্বৰিশৰ সৈতে কণৌজত বৃহৎ ব্যৱসায় পীয়ুষৰ। কিন্তু কণৌজৰ স্থানীয় লোকৰ ভাষ্য অনুসৰি অতি সাধাৰণভাৱে থাকে পীয়ুষ জৈন। পীয়ুষৰ বাসগৃহৰ পৰা ২৫০ কেজি সোণ আৰু ৰূপ, বহু পৰিমাণৰ চন্দন কাঠৰ তেল, সুগন্ধি জব্দ কৰে তদন্তকাৰী দলে।

ম্যানমাৰৰ পাশৱিক হত্যাৰ তদন্তৰ দাবী ৰাষ্ট্রসংঘৰ

ম্যানমাৰত সেনাই নৃশংসভাৱে শিশু–মহিলাসহ ৩৮গৰাকী অসামৰিক লোকক গুলীয়াই হত্যা কৰি বাহনৰ ভিতৰত এই লোকসকলৰ মৃতদেহ জ্বলাই দিয়া ঘটনাক লৈ বিশ্বজুৰি প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে ৰাষ্ট্রসংঘই স্বচ্ছ আৰু বিস্তাৰিত তদন্ত দাবী কৰিছে৷ উল্লেখনীয় যে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে জনসাধাৰণে প্রতিবাদ অব্যাহত ৰাখিছে৷

শেহতীয়াকৈ কায়াহ প্রদেশত এখন গাঁৱত নির্বিচাৰভাৱে নিৰীহ লোকসকলক হত্যা কৰিছে ম্যানমাৰৰ সেনাই৷ সেনাই সন্ত্রাসবাদী সংগঠনৰ সদস্যক গুলীয়াই হত্যা কৰা বুলি দাবী কৰিছে যদিও দেশখনৰ মানৱাধিকাৰ সংগঠন এটাই সেনাৰ পাশৱিক আতিশয্যৰ তথ্য পোহৰলৈ আনিছে৷ শেহতীয়াকৈ সেনাই বর্বৰভাৱে নিৰীহ লোকসকলক হত্যা কৰা ঘটনাৰ আলোকচিত্রও মুকলি কৰি দিছে মানৱাধিকাৰ সংগঠনটোৱে৷ ইয়াৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে চাঞ্চল্য৷ স্মর্তব্য যে সংবাদ সংস্থা বি বি চিৰ তদন্ততো সেনাই ম্যানমাৰত নিৰীহ লোকক হত্যা কৰি গণকবৰত মৃতদেহ ৰখাৰ তথ্য পোহৰলৈ আহিছে৷

ৰাজ্যৰ প্রথম মহিলা আইজিপি ভায়োলেট বৰুৱা

অসম চৰকাৰৰ গৃহ বিভাগে সোমবাৰে এক নির্দেশযোগে ৯ আই পি এছ বিষয়াক আই জি পি হিচাপে পদোন্নতি দিয়ে৷ ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ পদোন্নতি দিয়া বিষয়াসকল হৈছে– সম্প্রতি উত্তৰ প্রদেশত আন্তঃৰাজ্যিক ডেপুটেচনত থকা আনন্দ প্রকাশ তিৱাৰী, গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দিগন্ত বৰা, অসম আৰক্ষীৰ কাহিলিপাৰাস্থিত বিশেষ শাখাৰ ডি আই জি লাচিত বৰুৱা, বি টি আৰৰ ডি আই জি ভায়োলেট বৰুৱা, চি আই ডিৰ ডি আই জি দেৱৰাজ উপাধ্যায়, যোৰহাটৰ পূর্বোত্তৰ ৰেঞ্জৰ ডি আই জি মৃদুলানন্দ শর্মা, বঙাইগাঁৱৰ পশ্চিম ৰেঞ্জৰ ডি আই জি দিলীপ কুমাৰ দে’, তেজপুৰৰ উত্তৰ ৰেঞ্জৰ ডি আই জি প্রশান্ত কুমাৰ ভূঞা আৰু অসম আৰক্ষীৰ ডি আই জি (প্রশাসন) নিতুল গগৈ৷

উল্লেখ্য যে সোমবাৰে আই জি পি হিচাপে পদোন্নতি লাভ কৰা ভায়োলেট বৰুৱা হৈছে অসমৰ প্রথমগৰাকী মহিলা আই জি পি৷ ২০০৪ বর্ষৰ আই পি এছ বিষয়া ভায়োলেট বৰুৱা ২০১৮ চনত ডি আই জি হৈছিল৷ নিজৰ কর্মদক্ষতাৰ বাবে বৰুৱাই এই বছৰ ৰাষ্ট্রপতিৰ পদকো লাভ কৰিছে৷ আনহাতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালকপ্রধান হীৰেন চন্দ্র নাথক মুখ্যমন্ত্রীৰ ভিজিলেঞ্চ শাখাৰ তদন্ত নিৰীক্ষণৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে৷