নাজিৰা ,প্ৰতিবেদক :- নাজিৰা গেলেকীত স্থানীয় সচেতন যুৱকৰ তৎপৰতাত যোৱা নিশা বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হয় । নাজিৰাৰ গেলেকী সীমান্তৱৰ্তী শিঙিবিল বি অ’ পি ৰ সমীপত স্হানীয় যুৱককেইজনমানে পথেৰে গৈ থকা অৱস্থাত ট্ৰাকখনে আগা – ভেটা কৰাত যুৱককেইজনে ট্ৰাকখন ৰখাই চোৱাত চিমেণ্টৰ বস্তাৰ তলত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা দেখা পাই লগে লগে গেলেকীৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যথা স্থানত উপস্থিত হৈ যুৱক সকলৰ তৎপৰতাত আৰক্ষীয়ে তদন্ত চলাই ট্ৰাকখন সহ চালকজনক আটক কৰে ।AS03BC 9710 নম্বৰ ডাম্পাৰখনত আমগুৰি হালোৱাটিংৰ পৰা নাগালেণ্ডৰ ইয়ংলক বস্তিলৈ অবৈধ ভাৱে কঢ়িয়াই নিছিল এই অৰুণাচলী সুৰাখিনি।চিমেণ্ট ভৰ্তি এই ডাম্পাৰখনৰ পৰা সৰ্বমুঠ ২১০টা অবৈধ অৰুণাচলী সুৰাৰ কাৰ্টুন জব্দ কৰা হয়।১০০বেগ চিমেণ্টৰ ভিতৰত ২১০কাৰ্টুন অবৈধ অৰুণাচলী সুৰা কঢ়িয়াই আনিছিল ডাম্পাৰৰ চালকে।ডাম্পাৰৰ চালক ৰুবুল হুছেইনক ইতিমধ্যে গেলেকীৰ আৰক্ষীয়ে আটক কৰি সুধা – পোচা অব্যাহত ৰাখিছে ।
দেশত নিৰ্মাণ বিশ্বমানৰ ষ্টেচনসমূহ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূপালত নতুন বিশ্বমানৰ ৰে’ল ষ্টেচন উদ্বোধন কৰিব। ইয়াক ৰাণী কমলাপতি (আগতে হাবিবগঞ্জ) ষ্টেচন নাম দিয়া হৈছে। ইয়াক ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব (পি) আৰ্হিত বিকশিত কৰা হৈছে। বিলাসী সুবিধাৰে সজ্জিত এই ষ্টেচনৰ সন্মুখত বিমানবন্দৰটো নিস্তেজ দেখাযাব। এইটো দেশৰ পি মডেলৰ ওপৰত নিৰ্মিত প্ৰথম ৰেল ষ্টেচন। একেটা মডেলত নাগপুৰ, গোৱালিয়ৰ, অমৃতসৰ আৰু চাবৰমতীত বিশ্বমানৰ ৰে’ল ষ্টেচন স্থাপন কৰা হ’ব।চৰকাৰে দেশৰ ১১০ টা ৰে’ল ষ্টেচন পুনৰ বিকশিত কৰিবলৈ সাজু। ইয়াৰ ভিতৰত, ভাৰতীয় ৰে’ল ষ্টেচন উন্নয়ন নিগমৰ (আইআৰএছডিচি) দ্বাৰা ৬০ টা আৰু ৰে’লৱে ভূমি পুনৰ্বিকাশ কৰ্তৃপক্ষৰ (আৰএলডিএ) দ্বাৰা 50 টা ষ্টেচন বিকশিত কৰা হ’ব। ৰে’ল মন্ত্ৰালয়ৰ প্ৰস্তুত অংশগ্ৰহণমূলক নীতি ২০১২ অনুসৰি, পি মডেলত ১৩ টা প্ৰকল্প বিকশিত কৰা হ’ব। ৬,১৭৬ কোটি টকা। ১১ টা প্ৰকল্পত ২২,০৯৮ কোটি টকা ব্যয় কৰা হ’ব। ইয়াত কয়লা আৰু বন্দৰ সংযোগো থাকিব। আন ৭টা প্ৰকল্পত ১৩,৪২১টা ব্যয় কৰা হ’ব।
অষ্ট্ৰেলিয়াৰ খেলুৱৈসকলৰ বিজয় উদযাপন
অষ্ট্ৰেলিয়া হিচাপে বিশ্বই টি-২০ বিশ্বকাপৰ ৰূপত নতুন চেম্পিয়ন লাভ কৰিছে। মেথিউ ৱেড আৰু মাৰ্কাছ ষ্টইনিছ এই বিজয়ত অভিভূত হৈ নৃত্য কৰে।টি-২০ বিশ্বকাপৰ ফাইনেলত কেংগাৰুসকলে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰে। অষ্ট্ৰেলিয়াই টি-২০ চেম্পিয়ন হ’বলৈ সম্পূৰ্ণ ১৪ বছৰ অপেক্ষা কৰিব লগা হৈছিল। দলটোৱে 2010 চনত প্ৰতিযোগিতাখন জিকাৰ সুযোগ পাইছিল, কিন্তু ইংলেণ্ডে দলটোৰ সপোন পূৰা কৰিবলৈ নিদিলে। টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰাৰ পিছত অষ্ট্ৰেলিয়াই ড্ৰেছিং ৰুমত ৰাতিটো বিজয় উদযাপন কৰে।
লাহৰীঘাটৰ টেঙাগুৰিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এম্বুলেন্স উদ্বোধন
ভূৰাগাঁও ,প্ৰতিবেদক ;- মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি স্হিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পূজিৰ ধনেৰে এম্বুলেন্স সেৱা মুকলি কৰে। এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানটি সঞ্চালনা কৰে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে। অনুষ্ঠানটিত চিকিৎসক ও স্বাস্থ্য কৰ্মী সকলৰ লগতে জিলা কংগ্রেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, ব্লক সভাপতি ইব্রাহীম আলী, হস্পিটেলৰ ভুমিদাতা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল হাছান, অসম প্ৰদেশ বি জে পি সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন উপ সভাপতি জাবেদ আলী আহমেদ,কুশতলি মন্ডল বি জে পিৰ সম্পাদিকা তচলিমা বেগমৰ উপৰিও কেবা শতাধিক স্হানীয় ৰাইজ উপস্থিত আছিল। অৱশ্যে মূল অনুষ্ঠানৰ আগতে বিধায়ক গৰাকীয়ে নবনির্মিত টেঙাগুৰি বজাৰ গৃহৰ উদ্বোধন কৰে। শেহতীয়াকৈ ৰাজ্যৰ ৫ গৰাকী কৈ কিশোৰীয়ে আলফাত যোগদান সন্দৰ্ভত নগাঁও লোক সভা সমষ্টিৰ সাংসদৰ প্ৰতিক্ৰিয়া। ইপিনে চৰ-চাপৰিত প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ জনে। উল্লেখ্য যে এই এম্বুলেন্স সেৱাই টেঙাগুৰি অঞ্চলৰ এক আপুৰুগীয়া সমস্যাৰ সমাধান হোৱাত স্হানীয় ৰাইজে স্বস্তি প্ৰকাশ কৰে।
মৰিগাঁও WUSHU Association প্ৰশংসনীয় পদক্ষেপ
ভূৰাগাঁও ,প্ৰতিবেদক :- ভাৰত তথা অসমৰ খেলুৱৈ সকলে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্জ্বল কৰা সময়ছোৱাত মৰিগাঁও WUSHU Association ৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় | মৰিগাঁও কাৰাটে খেলুৱৈ সকলৰ প্ৰতিভা বিশ্ব দৰবাৰলৈ প্ৰেৰণ কৰা স্বাৰ্থত মৰিগাৱত দুদিনীয়াকৈ মৰিগাঁও জিলা য়ুছো এছছিয়েচনে মৰিগাঁও স্কুল খেল পথাৰত আয়োজন কৰা জিলা ভিত্তিত য়ুছো প্ৰতিযোগিতাৰ সুফল সমাপ্তি ঘটে । এই প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ কেইবাটাও দলে যোগদান কৰিছিল আৰু সোন, ৰুপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় । সদৌ শেষত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা খেল খনত য়ুছো সন্থাৰ সভাপতি বিমলজোতি বৰদলৈয়ে মন্তব্য কৰে যে মৰিগাঁও পৰা নতুন নতুন খেলুৱৈ ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাবে উলিয়াই নিব কাৰণে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছিল ।
টীয়কৰ কবি ববী দত্তলৈ “কাব্যস্বৰ্ণ বঁটা”
কাকজান,প্ৰতিবেদক : সদৌ অসম সাহিত্য সংস্কৃতি মূলক অনুষ্ঠান “সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ,অসম “য়ে টীয়কৰ যুগসম্ভৱা কবি ববী দত্তলৈ আগবঢ়াইছে “কাব্য স্বৰ্ণ বঁটা”। সাহিত্য আৰু কাব্য জগতলৈ আগবঢ়োৱা বহুমূলীয়া বৰঙণিৰ বাবে তেখেতলৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়। ২৮ নৱেম্বৰ ২০২১ তাৰিখে “অসম সাহিত্য সভা ভৱনৰ ,জয়ন্ত বৰুৱা সভাকক্ষ”ত “সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চ,অসম’ৰ বাৰ্ষিক অধিবেশনত এই বঁটা প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।ববী দত্ত বৰ্তমান সময়ৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত কবি। ববী দত্তই বৰ্তমান লৈকে বহু কেইখন কাব্য গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে। এই কাব্য গ্ৰন্থ সমূহৰ ভিতৰত শীতৰ হিমাদ্রি পুৱা,মাটিত পৃথিৱীৰে মিঠা,ববী দত্তৰ লিমাৰিক,প্ৰণয়ৰ নূপুৰ ৰাগিনী,এটা মৌন প্ৰাৰ্থনা :ঈশ্বৰৰ কথা, হেঁপাহৰ ভৰুণ পৃথিৱী,মৰ-চেওঁৰা,আৰু দ্বী ভাষিক কাব্য গ্ৰন্থ(অসমীয়া আৰু ইংৰাজী ভাষাত) “‘Love:The Melodies of Anklet”কাব্য গ্ৰন্থই বিপুল জনপ্ৰিয়তা লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰাবলৈ সক্ষম হোৱা ববী দত্তই নেপাল কাঠমাণ্ডুত অনুষ্ঠিত “আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন”তো অংশ গ্ৰহণ কৰিছিল,বিশেষ ভাবে নিমন্ত্ৰণ লাভ কৰি। উল্লেখযোগ্য যে ববী দত্তৰ আৰু তিনিখন কাব্য গ্ৰন্থ অহা জানুৱাৰী মাহত উন্মোচনৰ বাবে সাজু হৈছে ।এই সমূহৰ মাজৰে “আই-পিতাই” কাব্যগ্ৰন্থ খন চাৰিটা ভাষাত (অসমীয়া,ইংৰাজী,হিন্দী,আৰু বাংলা)প্ৰকাশৰ পথত।বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ববী দত্ত তামুলিছিগা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰী লীলা কান্ত দত্ত আৰু ৰিনা দত্তৰ জ্যেষ্ঠ কন্যা।
সাহপুৰ ৰাজঘাটত শিশু দিৱস উদযাপন
পশ্চিম নলবাৰী,প্ৰতিবেদক :“মানুহে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি সমাজ গঢ় দিয়ে । আকাশ ,নদী ,পথাৰ ,গছ , চৰাই-চিৰিকটি ,জীৱ-জন্তু আদিৰ সহাৱস্থানত মানুহে সভ্যতা-সংস্কৃতিৰ জন্ম দিয়ে ।মানৱ সমাজত ধৰ্ম ,ভাষা ,জাতিৰ মাজতো সহাৱস্থান গঢ়ি উঠে ”। এই মন্তব্য অধ্যাপক ড: অৱনী কুমাৰ ভাগৱতীৰ । পশ্চিম নলবাৰীৰ অন্যতম সমাজ-সাংস্কৃতিক অনুষ্ঠান সাহপুৰ ৰাজঘাটস্হ ধৰ্মপুৰ জ্ঞানদায়িনী নাট্যসমাজৰ শিশু দিৱসৰ অনুষ্ঠান এটিত আজি তেখেতে বক্তব্য আগবঢ়ায় । নাট্যসমাজৰ সভাপতি দীপক কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অংকিতা তালুকদাৰ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ দ্বাৰা ৰচিত ‘ পণ্ডিত প্ৰৱৰ ভৱদেৱ ভাগৱতী ‘ শীৰ্ষক পুস্তিকা এখন ড: ভাগৱতীয়ে উন্মোচন কৰে । সভাত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি গণেশ বৰ্মনেও শিশু সকলক সাহিত্য ৰচনাৰ ক্ষেত্ৰত উৎসাহ যোগায় । আজি শিশুদিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটিৰ উদ্যোগত শিশুৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল ।অনুষ্ঠানৰ আঁত ধৰে বিপুল বৰ্মনে ।# চামতাত শিশু দিৱস উদযাপন :- চামতাৰ পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চ সূৰ্য ধৰনী বৰ্মন সোৱৰণী প্ৰেক্ষাগৃহত সৃষ্টি ডেন্স এণ্ড ড্ৰামা ফাউণ্ডেচনে আজি শিশুৰ মাজত চিত্ৰাংকণ , খেল ধেমালী প্ৰতিযোগিতাৰে শিশু দিৱস উদযাপন কৰে ৷ এই অনুষ্ঠানত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য অতিথি হিচাবে উপস্হিত থাকি শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি শিশু সকলক ভাল মানুহ হবলৈ উৎসাহিত কৰে
উদ্বিগ্ন অৰণ্যমানব যাদব পায়েং
নগাঁও প্ৰতিবেদক: পৃথিবীলৈ ভাবুকি আহিছে ৷ আমি পৰিবেশ সুন্দৰ কৰিবলৈ গছ গছনি ৰোপন কৰিব লাগিব – এই মন্তব্য যাদব পায়েঙৰ ৷আজি নগাঁৱত সামাজিক অনুষ্ঠান “পৰিকল্পনা” উদ্যোগত অনুষ্ঠিত হোৱা ” পৰিকল্পনাৰ” প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যাদব পায়েঙে পৃথিবী সেউজীকৰণ কৰাৰ এক জাগৰন বিশ্বত আৰম্ভ হোৱা বুলি উল্লেখ কৰি লগতে কয় যে ভাৰতে বিশ্ব সেউজীকৰণৰ কৰাৰ ক্ষেত্ৰত নেত্বত্ব দিব লাগিব ৷ কাৰন ভাৰতৰ আদৰ্শ বিশ্বই গ্ৰহণ কৰিছে ৷ আদিম যুগতে ভাৰতীয় মানুহে গছ ৰোপন কৰিছিল ৷ ভাৰতীয় আদৰ্শ গ্ৰহণ কৰি বিশ্বই পৃথিবী সেউজীকৰণ কৰিবলৈ ওলোৱাটো এক আশা আৰু গৌৰবৰ কথা ৷ বৃক্ষ ৰোপন কৰা লোকক সংবাদ মাধ্যমক উৎসাহিত কৰিবলৈ আহ্বান জনাই যাদব পায়েঙে ৷ লগতে প্ৰকৃতি আৰু পাৰিপাশ্চিকতাৰ ক্ষেত্ৰত দেখা দিয়া ভাবুকিক লৈ উদ্বিগ্ন হৈ পৰে অৰণ্যমানব যাদব পায়েং ৷সামাজিক অনুষ্ঠান “পৰিকল্পনা “ৰ প্ৰথম প্ৰতিষ্ঠা দিবস উপলক্ষে নগাওঁ আৰক্ষী চাউনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই মন্তব্য আগবঢ়াই প্ৰকৃতিবিদ যাদব পায়েং ৷ সন্ধ্যা অনুষ্ঠিত হোৱা সভাখনত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা , পৰিকল্পনাৰ সভানেত্ৰী অৰ্চনা তিৱাৰী ,নয়নজ্যোতি শইকীয়া ,ধ্ৰুব বৰা আদিয়ে অংশ গ্ৰহণ কৰে ৷ শিশু দিবস উপলক্ষে দিনৰ ভাগত সামাজিক অনুষ্ঠান পৰিকল্পনাৰ উদ্যোগত নগাঁও চহৰত সজাগতা উপলক্ষে বাটৰ নাট আদি অনুষ্ঠিত কৰে ৷
আদিবাসী সকলক চাহ জনগোষ্ঠী কৰাৰ ষড়যন্ত্ৰৰ পৰা বিৰত থকাৰ আহ্বান
ওদালগুৰি, প্ৰতিবেদক: অসমৰ আদিবাসী জনগোষ্ঠীৰ অন্তভূক্ত মুণ্ডা, উৰাং, কল, ভিল, কয়া, চাওৰা, চৱৰ, কুৰ্মি, খাড়িয়া আাদি জনগোষ্ঠীসমূহক চাহ জনগোষ্ঠী ৰূপ দিব বিচৰা কাৰ্য্যক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ‘আছা’ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে তীব্ৰ বিৰোধিতা কৰিছে আৰু ই অতিকৈ দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ‘আছা’ৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে এটা প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াত উৰাওঁ, মুণ্ডা, চাওঁতাল, খাড়ীয়া, ভূমিজ আদি বিভিন্ন জনগোষ্ঠী জনজাতি হিচাপে পৰিগণিত হৈ আহিছে । অসমত তেওঁলোক অনুসূচীত নহ’ব পাৰে কিন্তু জনগোষ্ঠীসকলক জনজাতি সজোৱাটো ভুল। যিহেতু অসমত এওঁলোক অবিচি তালিকাভুক্ত, তেনেক্ষেত্ৰত তেওঁলোকৰ চাৰ্টিফিকেটত উপৰিঞ্চি চাহ জনগোষ্ঠী বুলি সংযোজিত কৰিব বিচৰাটো দূৰ্ভাগ্যজনক। যিহেতু একে জনগোষ্ঠীয় সংগঠন হিচাপে আছা, আকছু, এছুক নিমন্ত্রণ নজনোৱাকৈ এনে কাৰ্য্যৰ জৰিয়তে বৃহৎ জনগোষ্ঠীটোক শাসকৰ স্বাৰ্থত বহুদ্ধা বিভক্ত কৰিব বিচৰা কাৰ্য্যক ‘আছা’ই কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। অসমত আমাৰ লোকসকল ইতিমধ্যেই সৰ্বাধিক শোষিত, বঞ্চিত হৈ আহিছে। গতিকে জাতিগত প্ৰমাণ পত্ৰৰ কথা উল্লেখিত হৈছে, তেনেক্ষেত্ৰত খৰখেদা কৰি আৰু এক ঐতিহাসিক ভুল কৰাতকৈ বিজ্ঞজনৰ মতামত লৈ ধীৰে সুস্থিৰে এক গ্ৰহণযোগ্য সহমতত উপনীত হোৱাটো উচিত হ’ব বুলি উনুকিয়াই নেতাদ্বয়ে কয় একেটা জনজাতি বা জনগোষ্ঠীৰ মাজত কেইবাটাও সুকীয়া সমাজ থাকিব পাৰে। তাৰ বাবে আমি ৰেজিষ্টাৰ জেনেৰেল অৱ ইণ্ডিয়াৰ নিচিনা সংস্থাৰ তথ্য পাতি লৈ আগবঢ়াটো উচিত। অন্যথা আছাকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনে দীৰ্ঘ দিন ধৰি কৰি অহা অনুসূচীকৰণৰ দাবীক স্বজাতীয় সংগঠনেই মষিমুৰ কৰাহে হ’ব। যিহেতু গোটেই বিষয়বস্তুটো জাতিগত প্ৰমাণ পত্ৰৰ লগত জড়িত, তেনেক্ষেত্ৰত কেৱল কেইটামান নিজকে অসমভিত্তিক বুলি কোৱা অথচ কেৱল কেইখনমান জিলাত উপস্থিতি ৰখা সংগঠনে কিদৰে এই কাম কৰিব পাৰে। ১৯৭৫ চনৰ ২৭ নবেম্বৰ তাৰিখৰ অন্যান্য পিছপৰা শ্ৰেণীৰ TAD/BC/268/795/37 ৰ অধিসূচনাত উল্লেখিত ৯০ টা জাতি/জনজাতি (Caste) ৰ মাজত বহু জনগোষ্ঠী (Tribes) আছে, যাৰ জনগোষ্ঠীবিলাকে আজিও নিজ নিজ স্বকীয় পৰিচয় (ভাষিক, গতৰ (Totemic), সাংস্কৃতিক) বজাই ৰাখিছে। তেনেক্ষেত্ৰত কি দৰে সকলোকে একে শ্ৰেণীত অন্তর্ভুক্ত কৰিব পাৰি। যিহেতু Cast certificate OBC ব’ৰ্ডৰ কাম তেনে ক্ষেত্ৰত আমি এই দায়িত্ব বেলেগ এটা সংগঠনক প্ৰদান কৰি কি স্বচ্ছতা আনিব পাৰিম সেইটোৱেও এটা চিন্তনীয় বিষয় ৷এনে জাতি-জনগোষ্ঠীৰ বহু লোক বাগিছাৰ বাহিৰত বসবাস কৰি আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ আছে। গতিকে ৰুদ্ধদ্বাৰ বৈঠকত মাত্ৰ কেইজনমান ব্যক্তি বা সংগঠনে কৰা এনে কাৰ্য মুঠেই সমৰ্থন যোগ্য নহয়। ন্যস্ত স্বাৰ্থ জনিত এনে কুচক্ৰান্তৰ পৰা আতৰি আহি গঠনমূলক ভাবে সকলো স্বজাতীয় লোকৰ অধিকাৰ আৰু উন্নয়নৰ বাবে সকলোকে একেলগে একে মঞ্চৰ পৰা কাম কৰিবলৈ সদৌ অসম আদিবাসী ছাত্র সন্থা আছাই আহ্বান জনাইছো। অন্যথাই আছাই তেওঁলোকৰ বিৰুদ্ধে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ লগতে আইনী প্রক্রিয়াৰ সহায় ল’বলৈ বাধ্য হ’ব বুলি আছাৰ কেন্দ্ৰীয় সমিতিয়ে সকিয়াই দিয়ে ৷
ভৱানীপুৰৰ হৰিপুৰত কাতিমহীয়া নাম সম্পন্ন
ভৱানীপুৰ, প্ৰতিবেদক : ভৱানীপুৰৰ হৰিপুৰৰ নৱমিলন থিয়নাম দলৰ উদ্যোগত আৰু হৰিপুৰ গঞা ৰাইজৰ সহযোগত প্ৰতিবেলিৰ দৰে এইবেলিও হৰিপুৰ নামঘৰ প্ৰাঙ্গণত দিনযোৰা কাৰ্যসূচীৰে কাতিমহীয়া নামৰ আয়োজন কৰে। কালি পুৱাৰ ভাগৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে অষ্টম সংখ্যক কাতিমহীয়া নাম উদযাপন কৰি ভক্তিৰসত বিলীন হৈ পৰে হৰিপুৰবাসী ৰাইজ। কাৰ্যসূচীমৰ্মে পুৱাৰ ভাগত প্ৰসংগ কৰে স্থানীয় ভকত ৰবীন দাসে, ভাগৱত পাঠ কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক খনীন্দ্ৰ তালুকদাৰে। আবেলি স্থানীয় আয়তীৰ দ্বাৰা নাম-প্ৰসংগ কৰা হয়। সন্ধিয়াপৰত হৰিপুৰৰ প্ৰতিঘৰ লোকৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতেই নাম সমাৰোহ আৰম্ভ হয় । নাম সমাৰোহ উদ্বোধন কৰে ভৱানীপুৰ সত্ৰৰ প্ৰাক্তন মুখ্য পাঠক কৃষ্ণকান্ত নাথে। সমাৰোহত মৌটুপুৰীৰ যুৱ থিয় নামদল, ভৱানীপুৰৰ পদ্মপ্ৰিয়া আয়তী থিয় নামদল আৰু নৱমিলন থিয় নামদলে নাম পৰিৱেশন কৰে। শেষত সকলোৱে মিলি সিদ্ধ আহাৰ গ্ৰহণ কৰাৰ পাছতেই নামভাগিৰ সমাপন ঘটে।











