ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।
মানস ভূঞাপৰাই অজগৰ উদ্ধাৰ কৰে
বৰপেটাৰোড ,প্ৰতিবেদক-এছএছবি ২৭ তম কৰ্পছ আৰু বন পৰিসৰকাৰ্যালয় ভূইয়াৰপাৰাৰ বি.ও.পি. ভূঞাপাৰাই এক যুটীয়া উদ্ধাৰ অভিযানত এটা পাইথন উদ্ধাৰ কৰিছে। এই গোটটো স্থাপনৰ দ্বাৰা ভাগ বতৰা কৰা বাস্তৱ সময়ৰ তথ্যৰ ওপৰত আধাৰিত কৰি, বন পৰিসৰ কাৰ্যালয় ভূইয়ানপাৰাৰ সৈতে ২৭ কৰ্পছ সশস্ত্ৰ সীমা বলৰ বি.ও.পি. ভূঞাপাৰা কৰ্মীয়ে কালি আবেলি প্ৰায় 3.30 বজাৰ পৰা ৫ বজালৈ এক যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ১ ড্ৰেগনউদ্ধাৰ কৰে। পি.এছ. চালবাৰী, জিলাত তকুয়াপাৰা গাওঁ। উদ্ধাৰ অভিযান সফল হৈছিল আৰু ঘটনামুক্ত আছিল। ড্ৰেগনটো বন পৰিসৰৰ কাৰ্যালয় ভূইয়াৰপাৰাক হস্তান্তৰ কৰা হৈছে। এই ঠাইখন আইবিবি স্তম্ভ নম্বৰ ২১২ ৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত।
মধ্যপ্ৰদেশৰ ভূপালত প্ৰৰ্দশিত হ’ল অসমৰ বিহু
অসমৰ বিহুনৃত্য প্ৰৰ্দশন হ’ল ভূপালত ।অসমৰ এক শিল্পীৰ দলে ভূপালৰ এক সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰে বিহু নৃত্য। অসমৰ বিহুনৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ভূপালবাসী ।ভূপালত যোৱা ১১ নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা থকা “সংস্কৃতি আৰু প্ৰকৃতি” শীৰ্ষক এক সাংস্কৃতিক অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰিলে নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে। অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দলটিয়ে উক্ত অনুষ্ঠানত অসমীয়াৰ স্বাভিমান বিহু পৰিৱেশন কৰাৰ লগে লগে উপস্থিত সকলো উৎফুল্লিত হৈ পৰে ।অসমৰ বিহুক ভূপালৰ সাংস্কৃতিক কাৰ্যসূচীত প্ৰৰ্দশন কৰি নগাঁৱৰ “সুত্ৰধাৰ” নামৰ অনুষ্ঠানটোৱে বিহুক চিনাকী কৰি দিয়াৰ যি প্ৰচেষ্টা চলাইছে সেইবাবে এতিয়া সমগ্ৰ অসমৰ লগতে নগাঁৱবাসী উৎফুল্লিত হৈ পৰিছে ।
যুৱ পৰিষদৰ সজাতি দলে বুজ ললে বনৰীয়া হাতীৰ বিচৰণ
:বোকাখাত বিধান সভা সমষ্টিৰ মহুৰামুখৰ নৈ পৰীয়া অফলা,কেমেৰী,ৰোহিতাত কেবাদিনো ধৰি মুক্ত বিচৰণ কৰা হাতীৰ জাকতো আজিও বৰবালি ঘাটৰ সমীপৰ পগলা চাপৰিত অৱস্হান কৰি আছে৷জানিব পৰা মতে দিনত চাপৰিৰ মাজত থকা এটা পুখুৰীত আত্মগোপন কৰি থাকি ৰাতি অঞ্চলতোৰ ৰাইজৰ খেতি নষ্ট কৰি আহিছে৷আজি কেইবাদিনো ধৰি উক্ত স্হানত অৱস্থান কৰি থকা হাতীৰ জাকটোৱে খেতি অনিষ্ট কৰা অফলা,ৰোহিতা আৰু কেমেৰীৰ ৰাইজৰ স’তে মত বিনিময় কৰে অসম গণ পৰিষদৰ বোকাখাত বিধান বিধান সভাৰ যুৱ পৰিষদৰ সভাপতি দিম্পল ঢেকীয়াল ফুকনৰ সাধাৰণ সম্পাদক বিজয় লইংৰ লগতে এটা সজাতি দলে৷ক্ষতিগ্ৰস্ত তিনিওখন গাওঁ পৰিদৰ্শন কৰি ৰাইজৰ স’তে মত বিনিময়ৰ লগতে গাওঁৰ ৰাইজে হাতী খেদাৰ সুবিধা হোৱাকৈ টৰ্চ লাইট,ফটকা আদি ৰাইজক প্ৰদান কৰে৷(হাতী জাকৰ ফটো আৰু যুৱ পৰিষদৰ সজাতি দলৰ ফটো মেইল কৰা আছে৷)
ধুবুৰী জিলা বিজেপিৰ তিনিদিনীয়া আৱাসিক প্ৰশিক্ষনৰ সামৰনি
১৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া আৱাসিক কাৰ্য্যৰে ধুবুৰীৰ জিলা পুথিভৰাল প্ৰংগনত অনুস্ঠিত হোৱা আৱাসিক প্ৰশিক্ষন আজি আনুস্ঠানিক ভাৱে সামৰনি পৰে ৷ ধুবুৰী জিলা বিজেপিৰ শতাধিক সক্ৰিয় সদস্যলৈ আৰম্ভ হোৱা আৱাসিক প্ৰশিক্ষনত জিলা বিজেপিৰ কেউটা মৰ্চাৰ শিবিৰত ভাগ লয় ৷ তদুপৰি ধুবুৰী টাউন মণ্ডল, গৌৰীপূৰ টাউন মণ্ডল আৰু গোলকগঞ্জ টাউন মণ্ডৰ উপৰীয় ৰূপসী , গোলকগঞ্জ ধৰ্মশালা আৰু আগমনী মণ্ডলৰ সভাপতি সকলেও এই প্ৰশিক্ষন শিবিৰত ভাগ লয় ৷ ৰাজ্য বিজেপিৰ নিৰ্দেশ অনুসৰি মূলতঃ বিজেপিৰ সকলো সদস্যক প্ৰশিক্ষিত কৰি ৰাইজৰ সেৱাৰ মনোবাৱেৰে ৰাজ্যবাসীৰ কাষত থিয় দিয়াৰ বাবে একডজনৰো অধিক আলোচনা অনুস্ঠিত হয় ৷ উক্ত আলোচনা চক্ৰত জিলা তথা ৰাজ্যৰ বিজেপিৰ সমল ব্যক্তি উপস্হিত থাকে ৷ উক্ত অনুস্ঠানৰ তে অলপতে ভাৰত চৰকাৰে নিযুক্তি দিয়া নিপকোৰ সঞ্চালক বিমল ওছোৱালক ধুবুৰী জিলা বিজেপিৰ তৰফৰ পৰা আনুস্ঠানিক সম্বোৰ্ধনা অনুস্ঠানো অনুস্ঠিত হয় ৷ নিপকোৰ নৱনি়ুক্ত সঞ্চালক বিমল ওছোৱাল ধুবুৰী জিলাৰ জেস্ঠ্য বিজেপি নেতা তথা ধুবুৰী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বিমল ওছোৱালক ধুবুৰী জিলা বিজেপিৰ তৰফৰ পৰা আনুস্ঠানিক সম্বোৰ্ধনা অনুস্ঠিত কৰা হয় ৷ উক্ত সম্বোৰ্ধনা অনুস্ঠানত ধুবুৰী জিলা সভাপতি ডাঃ দেৱময় স্যান্যাল, উপ সভাপতি প্ৰসেনজিত দত্ত , জিলা বিজেপিৰ সম্পাদক বিশ্বজিত ৰায়ও উপস্হিত থাকে ৷প্ৰনৱাশীষ ৰয় ধুবুৰী
ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ঝাৰখণ্ডৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ আশা কৰিছিল যে ভগৱান বিৰচা মুণ্ডাৰ এই ঐতিহাসিক ভূমিউন্নয়নৰ পথত আগবাঢ়ি যাওক।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ নৱেম্বৰ, ২০২১ তাৰিখে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব আৰু দুপৰীয়া প্ৰায় ১:৩০ বজাত চুলতানপুৰ জিলাৰ কাৰৱালখেৰীত পূৰ্বাঞ্চল এক্সপ্ৰেছৱে উদ্বোধন কৰিব।উদ্বোধনৰ পিছত, প্ৰধানমন্ত্ৰীয়ে জৰুৰীকালীন অৱস্থাত ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমানৰ অৱতৰণ/উৰণ সক্ষম কৰাৰ বাবে চুলতানপুৰ জিলাৰ এক্সপ্ৰেছৱেত নিৰ্মাণ কৰা ৩.২ কিলোমিটাৰ দীঘল এয়াৰষ্ট্ৰিপত ভাৰতীয় বায়ু সেনাৰ এয়াৰশ্ব’ও প্ৰত্যক্ষ কৰিব।
পাৰ্কাৰ চ’লাৰ প্ৰোব মানৱ-নিৰ্মিত দ্ৰুততম মহাকাশযান
পাৰ্কাৰ চ’লাৰ প্ৰোব যি সূৰ্যৰ অধ্যয়ন কৰি আছে, ২১ নৱেম্বৰত আমাৰ তাৰকাৰ সৈতে ইয়াৰ দশম ঘনিষ্ঠ দৃষ্টিভংগী প্ৰস্তুত কৰিবলৈ সাজু হৈছে। মহাকাশযানখনে ফ্লাইবাইৰ সময়ত নিজৰ অভিলেখ ভংগ কৰিব কিয়নো ই প্ৰতি ঘণ্টাত ৫,৮৬,৮০০ কিলোমিটাৰ গতি লাভ কৰিব।মহাকাশযানখন ওচৰলৈ আহিব। প্ৰচণ্ড তৰাটোৰ পৃষ্ঠলৈ ৮.৫ নিযুত কিলোমিটাৰ দূৰত্বত অভিযন্তাসকলে ইয়াৰ উৎসৰ ওচৰত সৌৰ বায়ুৰ গুণাগুণ জোখাৰ বাবে ইয়াৰ বিজ্ঞান সঁজুলিবোৰ শাৰী পাতি ছিল। মহাকাশযানখনে ১৬ অক্টোবৰত শুক্ৰৰ ওপৰেৰে দোলা দিয়াৰ পিছত সূৰ্যৰ ফালে আগবাঢ়ি ছে, সফলতাৰে গ্ৰহটোৰ মাধ্যাকৰ্ষণ ব্যৱহাৰ কৰি আমাৰ তৰাৰ পৰৱৰ্তী নিকটতম প্ৰৱেশৰ বাবে ইয়াৰ পথ আকাৰ দিছে।”আমি সূৰ্যৰ ওচৰত আশা কৰা পৰিমাণতকৈ অধিক ধুলি লক্ষ্য কৰি আছোঁ। ইয়াৰ বিষয়ে আকৰ্ষণীয় কথাটো হ’ল ই আমাৰ হেলিঅ’স্ফিয়াৰৰ আভ্যন্তৰীণ অঞ্চলবোৰৰ বিষয়ে আমাৰ বুজাবুজি যথেষ্ট উন্নত কৰি তুলিছে, যি আমাক এনে এক পৰিৱেশৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰিছে যিটো এতিয়ালৈকে সম্পূৰ্ণ ৰহস্য আছিল,” জনছ হপকিন্স এপ্লাইড ফিজিক্স লেবৰেটৰী (এপিএল)ৰ পাৰ্কাৰ সৌৰ প্ৰোব প্ৰকল্পৰ বিজ্ঞানী নুৰ ৰাউয়াফিয়ে কয়। যেতিয়া সূৰ্যৰ আটাইতকৈ ওচৰত, যোৱা মাহত শুক্ৰৰ পৰা মাধ্যাকৰ্ষণ সহায়ৰ বাবে প্ৰতি ঘণ্টাত ৫,৮৬,৮০০ কিলোমিটাৰ বেগত উৰিব। মহাকাশযানখনে ইয়াৰ কক্ষীয় শক্তি হ্ৰাস কৰিবলৈ শুক্ৰপৃষ্ঠৰ পৰা ৩৮১৪ কিলোমিটাৰ ওপৰেৰে গৈছিল যাৰ ফলত ই সূৰ্যৰ ওচৰলৈ যাব পাৰে আৰু ইয়াৰ উৎসৰ ওচৰত সৌৰ বায়ুৰ গুণাগুণ জোখাত অনুমতি দিয়ে।এইটো সাতটা পৰিকল্পিত শুক্ৰ মাধ্যাকৰ্ষণ সহায়ৰ ভিতৰত পঞ্চম আছিল। পাৰ্কাৰ চ’লাৰ প্ৰোবে ২১নৱেম্বৰত ইয়াৰ নিকটতম পদ্ধতিত নিজৰ দূৰত্ব আৰু গতিৰ ৰেকৰ্ড ভাঙিব, যি আগৰ পদ্ধতিতকৈ ১.৯ নিযুত কিলোমিটাৰ ওচৰত। নাছাই কৈছিল যে আগষ্ট ২০২৩আৰু নৱেম্বৰ ২০২৪-ত আৰু দুটা শুক্ৰ ফ্লাইবাইৰ দ্বাৰা সহায় কৰা, প্ৰোবটো অৱশেষত ডিচেম্বৰ ২০২৪-ত সৌৰ পৃষ্ঠৰ ৬.২নিযুত কিলোমিটাৰ ভিতৰত আহিব।
চনু সুদে ৰাজনৈতিক দলত যোগদান কৰাৰ কথা অস্বীকাৰ কৰিছে
২০২২ চনত পঞ্জাৱত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পূৰ্বে চনু সুদে কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা অস্বীকাৰ কৰে। ইফালে, তেওঁৰ ভগ্নী মালবিকা সুদে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু হৈছে।অভিনেতাজনে দেওবাৰে বাতৰিটো নিশ্চিত কৰি কয় যে মালবিকা সুদে যোগদান কৰিব লগীয়া পাৰ্টিটোত ফোন কৰা হোৱা নাই।ৰাজনীতিত যোগদান কৰাৰ নিজৰ অভিপ্ৰায় অস্বীকাৰ কৰি চনু সুদে দাবী কৰে যে তেওঁৰ পৰিয়ালৰ স্বাৰ্থ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আছে। তেওঁ যোগ দিছিল যে তেওঁলোকে পঞ্জাৱৰ লোকসকলক সেৱা কৰিব বিচাৰে।অৱশ্যে চনু সুদে যিকোনো মঞ্চত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে যিয়ে তেওঁক জনসাধাৰণৰ বাবে কাম কৰিবলৈ স্বাধীনতা প্ৰদান কৰিব।”মই যিকোনো মঞ্চত যোগদান কৰিম য’ত ভৰি টানি বলৈ আৰু কাম কৰিবলৈ স্বাধীনতা নাই। মঞ্চখন ৰাজনৈতিক আৰু অৰাজনৈতিক হ’ব পাৰে,” অভিনেতাজনে কয়।মালবিকা সুদে কোনটো দলত যোগদান কৰিব বুলি সোধাত অভিনেতাজনে কয়, “পাৰ্টি গুৰুত্বপূৰ্ণ নহয় কিন্তু নীতিটো হৈছে। মোৰ ভনীয়েকে মানুহ আৰু সমাজৰ সেৱা কৰিব।”তেওঁ লগতে কয়, “আপ আৰু কংগ্ৰেছ দুয়োটাই ভাল দল।”ইয়াৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীৰ সৈতে সাক্ষাৎ কৰা চনু সুদে নিশ্চিত কৰে যে তেওঁ শিৰোমণি অকালি দলৰ সভাপতি সুখবীৰ সিং বাদলকো সাক্ষাৎ কৰিব।
বাঁহীৰ অমিয়া সুৰে মুগ্ধ কৰিলে শ-শ লোকক৷
জামুগুৰিহাট, প্ৰতিবেদক: ৰাসৰ এটি বাঁহীৰ সুৰ৷যিটো সুৰ বাজি উঠাৰ লগে লগে ৰাসৰ গোপ গোপীসকল আপোন পাহৰা হৈ উঠে আৰু নৃত্যত মগন হৈ পৰে৷তিনিবছৰ পূৰ্ৱেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আৰু সকলোৱে আদৰি লোৱাৰ উপৰিও আজিও জনপ্ৰিয় সেই বাঁহীৰ সুৰ সৃষ্টিকাৰী নগাঁৱৰ বাঁহীবাদক নৱজিত বৰা নামঘৰনগৰী জামুগুৰিহাটৰ কেবাখনো ভাঁওনা গৃহত অলপতে আহি উপস্থিত হোৱাত উৎফুল্লিত হৈ পৰে লোকসকল৷বিশেষকৈ বাৰেচহৰীয়া ভাঁওনাৰে গৰিমামণ্ডিত নামঘৰনগৰী জামুগুৰিহাটত এতিয়া গাঁৱে গাঁৱে অনুষ্ঠিত হৈ আছে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজী ভাঁওনা৷শতাধিক গাঁও থকা জামুগুৰিহাটত প্ৰতিখন গাঁৱতেই আছে একো একোটি নামঘৰ৷য’ত গাঁওবাসী লোকসকলে একতাৰ বন্ধোন মজবুত কৰি ৰাখিবৰ বাবেই প্ৰতিবছৰে অনুষ্ঠিত কৰে ভাঁওনা৷বিগত বৰ্ষসমুহত ক’ভিড পৰিস্থিতিৰ বাবে এই ভাঁওনা অনুষ্ঠিত কৰিবপৰা নাছিল যদিও এইবেলি ক’ভিড পৰিস্থিতি কিছু সাম কটাত পুণৰ অঞ্চলটোলৈ ঘুৰি আহিছে এক সাংস্কৃতিক পৰিৱেশ৷তাৰমাজতেই বাঁহীবাদক তথা সকলোৰে আপোন বাঁহীবাদক-শিল্পী নৱজিত বৰাক কাষত পাই ভাঁওনাগৃহলৈ অহা ভক্তপ্ৰান লোকসকলৰ লগতে অন্যান্য কলা কুশলি সকলো আনন্দিত হৈ পৰে৷বিশেষ কাম লৈ জামুগুৰিহাটলৈ অহা বাঁহীবাদক গৰাকী এইদৰে সাংস্কৃতিক নগৰী জামুগুৰিহাটৰ ভাঁওনা স্ব-চক্ষে প্ৰত্যক্ষ কৰি উপভোগ কৰিবলৈ আহিছিল যদিও সকলোৰে বাবেই পৰিচিত শিল্পীগৰাকীক হঠাৎ প্ৰত্যক্ষ কৰি উদ্যোক্তাসকলো আনন্দিত হৈ শিল্পীগৰাকীক উষ্ম সম্বৰ্ধনা জনাই৷অঞ্চলটোৰ বাহদোঙা বৰাচুক,বৰভগীয়া গাঁৱৰ ভাঁওনাথলীত শিল্পীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে বাঁহীৰ অমীয়া সুৰেৰে ৰাজ্যবাসীক মুগ্ধ কৰা শিল্পীগৰাকীৰ বাঁহীৰ সুৰো শুনিবলৈ সাৰ্থক হয় উপস্থিত লোকসকল৷জামুগুৰিবাসীৰপৰা এইদৰে মৰম পাই আপ্লুত হৈ পৰাৰ লগতে উঠি অহা প্ৰজন্মৰ বাঁহীৰ সুৰৰ প্ৰতি আগ্ৰহি সকলোকে একান্তচিত্তে এই বাদ্যৰ প্ৰতি মনোযোগ দি এগৰাকী সুনিপুন বাঁহীবাদক হৈ উঠিবৰ বাবেও আহবান জনাই বাঁহীবাদক শিল্পী নৱজিত বৰাই।
জামুগুৰিহাটত শামুকীয়া গতিৰে চলিছে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম
,জামুগুৰিহাট,প্ৰতিবেদক:- জামুগুৰিহাটত শামুকীয়া গতিৰে চলিছে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য। চকীঘাটৰ পৰা জামুগুৰিহাটৰ পেট্ৰ’ল ডিপোলৈকে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা ছিমপ্লেক্স নামৰ কোম্পানীটোৱে লেহেম গতিৰে কাম চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত এতিয়া অস্বস্তিত পৰিছে অঞ্চলটোৰ ৰাইজ।নিৰ্মাণ কাৰ্য চলি পথৰ মাজত নিৰ্মাণকাৰী সংস্থাই অৰ্ধ নিৰ্মিত অৱস্থাত ৰাখি থোৱা পকী কালভাৰ্ট সমূহেও ৰাইজক বিপদত পেলাইছে। উন্মুক্ত অৱস্থাত থকা এই অৰ্ধ নিৰ্মিত পকী কালভাৰ্টত পৰি ইতিমধ্যে বহু লোক ঘুণীয়া হৈছে। অতিকৈ লেহেমীয়া গতিৰে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা এই ছিমপ্লেক্স কোম্পানীৰ পৰা এতিয়া দায়িত্ব কৰ্তন কৰি অন্য কোনো পথ নিৰ্মাণকাৰী সংস্থাক পথ নিৰ্মাণৰ দায়িত্ব দিবলৈ ৰাইজে দাবী জনাইছে।











