ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘ দিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্থি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৃহত্তৰ অঞ্চলৰ ৰাইজে চৰকাৰী নিৰ্দেশ অনুযায়ী বছৰেকীয়া ভুমিৰ খাজনা দিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিদিনে কাৰ্যালয়ত সময় মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী সকল । বিভিন্ন অঞ্চলৰ পৰা খাজনা পৰিশোধ কৰিবলৈ অহা ৰাইজে খাজনা দিবলৈ আহি বিমুখ হৈ উভতি যোৱাৰ অভিযোগ উদত্থাপন ।খাজনা লবলৈ কৰ্মচাৰী সকলে যি ক্ষিপ্ৰতা দেখুৱাব লাগিছিল তাকে নকৰি শামুকীয়া গতিৰে খাজনা লোৱা বুলিও অভিযোগ উদত্থাপিত হৈছে।যাৰ বাবে ৰাতিপুৱা খাজনা দিবলৈ অহা ৰাইজ দিনৰ দিনটো অতিবাহিত কৰাৰ পিছত বিমুখ হৈ উভতি যাব লগা হৈছে।জানিব পৰা মতে কাৰ্যালয়টোত চাৰিগৰাকী বিষয়া কৰ্মৰত নিয়োজিত হৈ আছে, তেখেতৰ নাম ক্ৰমে ৰমেন দাস, নিখিল ব্ৰহ্ম, শীলা চক্ৰবৰ্তী আৰু নমিতা দাস । কিন্তু ৰাতিপুৱা ১১ বজাৰ পিছত কেৱল মাত্ৰ নমিতা দাসক হে কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হল। বাকি কৰ্মচাৰী সকল চৰকাৰৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই সময়ত কাৰ্যালয়ত উপস্থিত নহোৱাত যামৰ যাতনা ভুগিছে স্হানীয় ৰাইজ।যি সময়ত সাধাৰণ জনতাই নিজৰ মাটিৰ কৰ আদায় দিয়াত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে তেনে সময়ত এই সকল বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক।গতিকে এই সকল কৰ্তব্যত ফাকি দি অহা বিষয়া কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ ৰাজহ মন্ত্ৰীক দাবী জনাইছে সচেতন মহলে ।
বৰপেটাত অব্যাহত বগা চাউলৰ ক’লা ব্যৱসায়
এইবাৰ বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত পুখুৰীৰ পাৰত উদ্ধাৰ হ’ল সুলভ মূল্যৰ চাউল । সৰ্থেবাৰী আৰক্ষী থানাৰ তৎপৰতাত জব্দ হ’ল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল । দুখীয়াৰ বাবে আবন্টিত চাউল এতিয়া হৈ পৰিছে মাছৰ খাদ্য ।সৰুক্ষেত্ৰীত দুখীয়াৰ পেটত লাট মাৰি মাছক খুৱাইছে চৰকাৰী চাউল ।সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাইহাত আজি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল উদ্ধাৰ হোৱাৰ পিছতেই এই ঘটনা পোহৰলৈ আহিছে । ঘটনাৰ বিৱৰণী অনুসৰি সৰ্থেবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক দ্বীপুল শৰ্মাই এক গোপন খবৰৰ ভিত্তিত সৰুক্ষেত্ৰীৰ বাইহাত উদ্ধাৰ কৰে ১৪ বস্তা চাউল ।চাউল সমূহ এটি পুখুৰীৰ পাৰত প্লাষ্টিকেৰে মেৰাই থোৱা অবস্থাত উদ্ধাৰ কৰা হয় ১৪ বেগ সুলভ মূল্যৰ চাউলৰ লগতে খলিহৈ গুৰি উদ্ধাৰ কৰে সৰ্থেবাৰী আৰক্ষীয়ে । বাইহাৰ সুলভ মূল্যৰ দোকানী আনোৱাৰ খানে এই চাউল বিক্ৰী কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । অভিযোগ মতে সাধাৰণ গ্ৰাহকক ৰামঠগন দি সুলভ মূল্যৰ দোকানী আনোৱাৰ খানে চৰকাৰী চাউল ক’লা বজাৰত বিক্ৰী কৰি আহিছে পূৰ্বৰে পৰা । জানিব পৰা মতে বাইহাৰ ছহিদ খানৰ পুখুৰীৰ পাৰত উদ্ধাৰ কৰা হৈছে এই চাউলখিনি । সৰ্থেবাৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপুল শৰ্মাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চাউলখিনি জব্দ কৰি সৰ্থেবাৰী আৰক্ষী থানালৈ আনে ।ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই যায় পুখুৰীৰ স্বত্বাধিকাৰ ছহিদ খান আৰু সুলভ মূল্যৰ দোকানী আনোৱাৰ খান । সম্প্ৰতি পলাতক হৈ আছে অভিযুক্ত আনহাতে ঘটনা সম্পৰ্কত সৰ্থেবাৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ।
গোসাইগাঁৱৰ শ্ৰীৰামপুৰত চোৰাং গৰু সৰবৰাহকাৰী জব্দ
ৰাজ্যত চোৰাং গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে চোৰাং সৰবৰাহ কাৰী সকলে ন ন কৌশল অবলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।চোৰাং গৰু মাফিয়াই আজি ৰাতিপুৱা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ পৰা দুখন বলেৰো পিকআপ ভানত মুঠ ৩১ টা গৰু বোজাই কৰি গৰু সমূহ অসমৰ গৌৰীপুৰলৈ সৰবৰাহ কৰাৰ সময়ত যাতে বাহিৰৰ পৰা কোনোবাই প্ৰত্যক্ষ কৰিব নোৱাৰে তাৰ বাবে গৰু সমূহৰ ওপৰত ধানৰ তুষ ভৰ্তি বস্তা দি বোজাই কৰি আনিছিলWB 63A 7288,WB73F 1119 গাড়ী দুখনত৷ গাড়ী দুখনৰ ওপৰত শিমুলটাপু আৰক্ষীৰ সন্দেহ হোৱাত গাড়ী দুখন ৰখাই তলাচী চলোৱাত তুষৰ বস্তাবোৰৰ তলত গৰু থকা প্ৰত্যক্ষ কৰি গৰুসহ বলেৰো পিকআপ গাড়ী দুখন জব্দ কৰাৰ লগতে চাৰিজনক আটক কৰে।আটক কৰা লোক সকলৰ দুজন কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ ক্ৰমে আবুল হুছেইন (২৩),অমল ৰায় (৪৫)আৰু। আন দুজন কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ ক্ৰমে ইলিয়াছ শ্বেখ (২৪)আৰু জাহিদ শ্বেখ(১৮)বুলি চিনাক্ত কৰা হৈছে।
গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ৩১ টা গৰুসহ দুখন বলেৰো পিক আপ ভান জব্দ
ৰাজ্যত চোৰাং গৰু সৰবৰাহ কাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে চোৰাং সৰবৰাহ কাৰী সকলে ন ন কৌশল অবলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে।চোৰাং গৰু মাফিয়াই আজি ৰাতিপুৱা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ পৰা দুখন বলেৰো পিকআপ ভানত মুঠ ৩১ টা গৰু বোজাই কৰি গৰু সমূহ অসমৰ গৌৰীপুৰলৈ সৰবৰাহ কৰাৰ সময়ত যাতে বাহিৰৰ পৰা কোনোবাই প্ৰত্যক্ষ কৰিব নোৱাৰে তাৰ বাবে গৰু সমূহৰ ওপৰত ধানৰ তুষ ভৰ্তি বস্তা দি বোজাই কৰি আনিছিলWB 63A 7288,WB73F 1119 গাড়ী দুখনত৷ গাড়ী দুখনৰ ওপৰত শিমুলটাপু আৰক্ষীৰ সন্দেহ হোৱাত গাড়ী দুখন ৰখাই তলাচী চলোৱাত তুষৰ বস্তাবোৰৰ তলত গৰু থকা প্ৰত্যক্ষ কৰি গৰুসহ বলেৰো পিকআপ গাড়ী দুখন জব্দ কৰাৰ লগতে চাৰিজনক আটক কৰে।আটক কৰা লোক সকলৰ দুজন কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ ক্ৰমে আবুল হুছেইন (২৩),অমল ৰায় (৪৫)আৰু। আন দুজন কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ ক্ৰমে ইলিয়াছ শ্বেখ (২৪)আৰু জাহিদ শ্বেখ(১৮)বুলি চিনাক্ত কৰা হৈছে।
২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন
পলাশবাৰীৰ সমষ্টিৰ শ্ৰীশ্ৰীচতুৰ্ভূজ গোঁসাই সত্ৰ, গড়গৰাত আজি অসম সত্ৰ মহাসভাৰ অন্তৰ্গত দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ ২১ সংখ্যক সত্ৰীয়া সংস্কৃতি দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় । ৰাতিপুৱা ভৱিত দাসে উষা কীৰ্ত্তন পাঠ কৰাৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে দক্ষিণ কামৰূপ জিলা সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই । তাৰ পিছত একাদিক্ৰমে স্মৃতি তৰ্পন, বৃক্ষৰোপন, নাম-প্ৰসংগ কৰা হয় । লগতে সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখনি ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাখন সঞ্চালন কৰে কামৰূপ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি অখিল মহন্তই। আলোচক হিচাপে উপস্থিত থাকে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° গজেন্দ্ৰ অধিকাৰী , দক্ষিণ কামৰূপ ছোৱালী মহাবদ্যালয়ৰ অধ্যাপক ড° নৱকান্ত অধিকাৰী লগতে যুৱ বক্তা হিচাপে যুৱ লেখক ধনমণি দাস উপস্থিত বিষয়বস্তুৰ ওপৰত ভাষণ প্ৰদান কৰে।
চাবুৱাত ঝুমুই সম্ৰাট-পদ্মশ্ৰী দুলাল মানকীক বিপুল সম্বৰ্ধনা
সাংস্কৃতিক আৰু অন্যান্য ক্ষেত্ৰলৈ নিৰন্তৰে সেৱা আগবঢ়াই যোৱা সাধকসকলক দেশৰ সৰ্বোচ্চ সাংবিধানিক মুৰব্বী তথা দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে প্ৰদান কৰি আহিছে পদ্মশ্ৰী সন্মান । তেনে সময়তে অসমৰ কে’বাজনকো এই বৰ্ষ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই যোৱা কেইবাজনকো পদ্মশ্ৰী সন্মানেৰে ইতিমধ্যে সন্মানিত কৰিছে। উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ নিবাসী তথা চাহ বাগানীয়াসকলৰ জনপ্ৰিয় গায়ক তথা ঝুমুই সম্ৰাট দুলাল মানকীক ভাৰত চৰকাৰে ‘পদ্মশ্ৰী’ সন্মান প্ৰদান কৰাৰ পিছত আজি গৃহভূমিলৈ ৰাওনা হোৱাৰ পথত চাবুৱা নগৰত উপস্থিত হয়। অসম চাহ জনজাতি ডিব্ৰুগড় জিলা সমিতিয়ে পদ্মশ্ৰী মানকীক বিপুল সম্বৰ্ধনা জনায় । সম্বৰ্ধনাত সংগঠনটোৱে ফুল থোপা , ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰৰে শুভেচ্ছা জ্ঞাপন কৰে । সম্বৰ্ধনা গ্ৰহণ কৰি পদ্মশ্ৰী মানকীয়ে বক্তব্যত চাহ বাগিচাৰ ঝুমুই গীতৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেখেতে কয় যে এতিয়াও চাহ জনগোষ্ঠীৰ বহু পুৰণি গীত আছে যিসমূহ আজিৰ প্ৰজন্মই পৰিবেশন কৰিবলৈ নিবিচাৰে । এতিয়াও বহু গীত প্ৰচাৰ হ’বলৈ বাকী আছে । সকলোৱে এই গীতবোৰ উলিয়াই অনাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে।
দেওমৰনৈ ভলীবল দলৰ খিতাপ দখল
দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দৰং জিলা ভিত্তিত অনুষ্ঠিত শ্বহীদ চিত্ত গোস্বামী সোঁৱৰণী প্ৰাইজমানি দিবা-নৈশ ভলীবল প্ৰতিযোগিতা দেওবাৰে অনুষ্ঠিত হয় ৷ ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰে, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সীমান্ত চহৰীয়াই, বন্তি প্ৰজ্বলন কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অপূৰ্ব শৰ্মাই, শ্বহীদ চিত্ত গোস্বামীৰ প্ৰতিচ্ছবি ত মাল্যাপৰ্ণ কৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা কৰুনা বৰুৱা ই, শ্বহীদ চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদ চিত্ত গোস্বামীৰ ভাতৃ ত্ৰৈলোক্য মোহন গোস্বামীয়ে, খেলপথাৰ উদ্বোধন কৰে দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়াই ৷ ভলীবল প্ৰতিযোগিতাত বিশেষ ভাৱে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া,সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকা ৰ লগতে জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, মহকুমা, আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া,মঙলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়া, ছিপাঝাৰ আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱা, লংকা আৰক্ষী থানা ৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা,পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা,দেওমৰনৈ গাঁও পঞ্চায়তৰ সভানেত্ৰী পদ্মাৱতী দেৱী,সৰভোগ উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বিপুল ডেকা, সৰাবাৰী মৌজাৰ মৌজাদাৰ বিনয় কুমাৰ বৰুৱা, ক্ৰীড়া সংগঠক প্ৰফুল্ল কুমাৰৰ লগতে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহিত কৰে। নিশা ১-০০ বজাত দেওমৰনৈ ভলীবল দল আৰু কটাহী ভলীবল দলৰ মাজত অনুষ্ঠিত হয় চূড়ান্ত খেলখন ৷ বিশিষ্ট উদ্যোগপতি ক্ৰীড়া সংগঠক তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰীকেট সম্পাদক প্ৰমোদ ৰাজবংশীয়ে উদ্বোধন কৰা খেলখনত দেওমৰনৈ দলে কটাহী দলক পোনপটীয়া চেটত হৰুৱাই চূড়ান্ত বিজয়ৰ সন্মান লাভ কৰে ৷ খেলখনত অবিভক্ত দৰং জিলাৰ আঠটা দলে অংশগ্ৰহণ কৰা খেলখন পৰিচালনা কৰে কুমুদ বৰা,শিৱপ্ৰসাদ শৰ্মা,কৰুণা বৰুৱা আৰু পংকজ শৰ্মাই ৷ খেলৰ সকলো অনুষ্ঠান ৰ আঁত ধৰে দেওমৰনৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই ।
সদৌ অসম উন্নয়ন পৰিষদৰ নুনমাটি বামুনীমৈদাম আঞ্চলিক গঠন
গুৱাহাটী কলেজত কালি ১৪ নৱেম্বৰ ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।
পাইথন উদ্ধাৰৰ বাবে যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ
বাৰপেটাৰোড : এছএছবি ২৭ তম কৰ্পছ আৰু বন পৰিসৰকাৰ্যালয় মানস ভূঞাপৰাৰ বি.ও.পি. ভূঞাপাৰাই এক যুটীয়া উদ্ধাৰ অভিযানত এটা পাইথন উদ্ধাৰ কৰিছে। এই গোটটো স্থাপনৰ দ্বাৰা ভাগ বতৰা কৰা বাস্তৱ সময়ৰ তথ্যৰ ওপৰত আধাৰিত কৰি, বন পৰিসৰ কাৰ্যালয় ভূঞাপৰাৰ সৈতে ২৭ কৰ্পছ সশস্ত্ৰ সীমা বলৰ বি.ও.পি. ভূঞাপাৰা কৰ্মীয়ে ১৪.১১.২০২১ আবেলি ৩.৩০ বজাৰ পৰা ৫ বজালৈ এক যুটীয়া উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু ১ ড্ৰেগনউদ্ধাৰ কৰে। পি.এছ. শালবাৰী, জিলাৰ তকুয়াপাৰা গাওঁ। উদ্ধাৰ অভিযান সফল হৈছিল আৰু ঘটনামুক্ত আছিল। ড্ৰেগনটো বন পৰিসৰৰ কাৰ্যালয় মানস ভূঞাপৰাক হস্তান্তৰ কৰা হৈছে। এই ঠাইখন আইবিবি স্তম্ভ নম্বৰ ২১২ ৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ দূৰত।
সদৌ অসম উন্নয়ন পৰিষদৰ নুনমাটি বামুনীমৈদাম আঞ্চলিক গঠন ।
ৰবিবাৰে সদৌ অসম উন্নয়ন পৰিষদৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়। এই সভাতে সংগঠনটোৰ নুনমাটি-বামুনিমৈদাম আঞ্চলিক সমিতিখন গঠন কৰা হয় । কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰৰ সভাপতিত্বত অনুস্হিত হোৱা এই সভাত কেন্দ্ৰীয় সাধাৰন সম্পাদক চন্দন বৰদলৈ, সম্পাদক জয়ন্ত গগৈ, ক্ৰীড়া সম্পাদক শান্তনু শইকীয়া, কামৰূপ জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতিম বৰদলৈ, গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি কৌশিক বৰাৰ লগতে বিভিন্ন বিষয়ববীয়াসকল উপস্হিত অাছিল । কালি ৰবিবাৰৰ এইখন সভাতে ডেৰ শতাধিক সদস্যই উন্নয়ন পৰিষদত যোগদান কৰে । পৰিষদৰ সভাপতি মৌচুম কুমাৰ উজীৰে কালিৰ সভাত নিজৰ ভাষণত সকলোকে জাতিৰ প্ৰতি দায়বদ্ধ হৱলৈ অাহ্বান জনায় । অসমীয়া ভাষা সৰ্বষ্টৰত প্ৰয়োগ অাৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক অাৰ্থ সামাজিক উন্নয়নৰ দিশত মনোনিৱেশ কৰিবৰ বাবে অাহ্বান জনায় সভাপতি গৰাকীয়ে । ইয়াৰ লগতে কালি এই সভাতে ৩১ জনীয়া এখন শক্তিশালী নুমমাটি-বামুনিমৈদাম আঞ্চলিক সমিতি গঠন কৰা হয় । অাগন্তুক দিনত এই নতুন সমিতিখনে ৰাইজৰ স্বাৰ্থত কাম-কাজ কৰিব বুলি অাশা প্ৰকাশ কৰিছে সদৌ অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ সমনিতে অন্য বিষয়ববীয়া সকলে।









