একমুখী নীতি-নিয়মেৰে এখন সমাজে আন এখন সমাজক বিপদে-আপদে উদ্ধাৰ কৰিব পৰাকৈ নটা মৌজাৰ এশ বাইশখনৰো অধিক গাঁৱৰ প্ৰতিনিধি মিলি প্ৰতি বছৰে পৃঠক নামঘৰত যোৰহাট জিলাৰ সাৰ্বজনীন আঞ্চলিক ভিত্তিত অখণ্ড ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ দক্ষিণ যোৰহাটৰ নামনি তিমতিমীয়া নামঘৰত আয়োজন চলিছে। শিশু-মহিলা সকলোকে সমানে অগ্ৰাধিকাৰ প্ৰদানেৰে ৩০ জানুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ ষোল্ল দিনীয়া বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। বিস্তৃত কাৰ্যসূচীৰ প্ৰচাৰ সমল গায়ন-বায়ন, দবা-শংখ বাদন তথা আধ্যাত্মিকতাৰে শুভাৰম্ভ হৈ যায়। কেন্দ্ৰীয় সমিতিৰ সভাপতি ভোলাৰাম গগৈ, সাধাৰণ সম্পাদক ডম্বৰুধৰ গগৈ, উপ-সভাপতি ঠগীৰাম বৰা, গাণনিক আনন্দৰাম গগৈ, চক্ৰ সভাপতি হিৰেণ বৰুৱা, পুলিন গগৈ, খগেশ্বৰ গগৈকে ধৰি ভক্ত প্ৰতিনিধি, আই-মাতৃসকলে তথ্য-সমল উন্মোচন কৰে। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল প্ৰাণ গগৈ আৰু সাহিত্য সমিতিৰ সম্পাদক বিনোদ গগৈ পৰিচালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানত নামঘৰৰ সম্পাদক টেপুৰাম গগৈ, স্মৃতিগ্ৰন্থৰ সহযোগী সম্পাদক ৰাণাজিৎ গগৈ, উত্তম কুমাৰ শইকীয়া, নৱজ্যোতি গগৈ, দিহানাম প্ৰতিযোগিতাৰ কাৰ্যকৰী সভাপতি বিনয় কুমাৰ শইকীয়া প্ৰমুখ্যে বিভিন্ন বিষয়ববীয়াসকল উপস্থিত থাকে।
চাপৰ ৰাজহ চক্ৰৰ তহচিল বিভাগত চলিছে অৰাজকতা
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘ দিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্থি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৃহত্তৰ অঞ্চলৰ ৰাইজে চৰকাৰী নিৰ্দেশ অনুযায়ী বছৰেকীয়া ভুমিৰ খাজনা দিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিদিনে কাৰ্যালয়ত সময় মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী সকল । বিভিন্ন অঞ্চলৰ পৰা খাজনা পৰিশোধ কৰিবলৈ অহা ৰাইজে খাজনা দিবলৈ আহি বিমুখ হৈ উভতি যোৱাৰ অভিযোগ উদত্থাপন ।খাজনা লবলৈ কৰ্মচাৰী সকলে যি ক্ষিপ্ৰতা দেখুৱাব লাগিছিল তাকে নকৰি শামুকীয়া গতিৰে খাজনা লোৱা বুলিও অভিযোগ উদত্থাপিত হৈছে।যাৰ বাবে ৰাতিপুৱা খাজনা দিবলৈ অহা ৰাইজ দিনৰ দিনটো অতিবাহিত কৰাৰ পিছত বিমুখ হৈ উভতি যাব লগা হৈছে।জানিব পৰা মতে কাৰ্যালয়টোত চাৰিগৰাকী বিষয়া কৰ্মৰত নিয়োজিত হৈ আছে, তেখেতৰ নাম ক্ৰমে ৰমেন দাস, নিখিল ব্ৰহ্ম, শীলা চক্ৰবৰ্তী আৰু নমিতা দাস । কিন্তু ৰাতিপুৱা ১১ বজাৰ পিছত কেৱল মাত্ৰ নমিতা দাসক হে কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হল। বাকি কৰ্মচাৰী সকল চৰকাৰৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই সময়ত কাৰ্যালয়ত উপস্থিত নহোৱাত যামৰ যাতনা ভুগিছে স্হানীয় ৰাইজ।যি সময়ত সাধাৰণ জনতাই নিজৰ মাটিৰ কৰ আদায় দিয়াত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে তেনে সময়ত এই সকল বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক।গতিকে এই সকল কৰ্তব্যত ফাকি দি অহা বিষয়া কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ ৰাজহ মন্ত্ৰীক দাবী জনাইছে সচেতন মহলে ।
দুলীয়াজান ৰজা আলি ফুটবল দল ছেম্পিয়ন
টিংৰাই শাখা ছাত্ৰ সন্থাৰ উদ্যোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত স্থানীয় টিংৰাই ৰাজহুৱা খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা অনুষ্টিত হোৱা ৩৫ সংখ্যক শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা- ২০২১ বৰ্ষৰ কাৰ্যসূচী যোৱা ১৪ নৱেম্বৰত সফল সামৰণি পৰে ৷ দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা চূড়ান্ত খেলত দুলীয়াজান ৰজা আলি ফুটবল দলে স্থানীয় হোলোংহাবি চাহ বাগিচা ফুটবল দলক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে ৷ বহু সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্টিত তীব্ৰ উত্তেজনাময় খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত সমাপ্ত হয় ৷ খেলৰ প্ৰথম হাফৰ ২৬ মিনিটত হোলোংহাবি ফুটবল দলৰ আগশাৰী খেলুৱৈ জেবিয়া কেৰকেটাছৰ গলৰ জড়িয়তে অগ্ৰগতি লাভ কৰে যদিও দ্বিতীয় হাফৰ ৪৮ মিনিটত ৰজা আলি দলৰ নিৰ্ভযোগ্য খেলুৱৈ জিতুল বৰুৱাৰ আকৰ্ষনীয় গলেৰে খেলত সমতা স্থাপন কৰে ৷ দুয়োটা দলৰ খেলুৱৈ সকলে এক সুন্দৰ খেল প্ৰৰ্দশন কৰি ৰাইজৰ সহাৰি লাভ কৰে ৷ পাছত খেলৰ ফলাফলৰ বাবে মেছ ৰেফাৰীয়ে পেনাল্টিৰ সহায় লয় ৷ পেনাল্টিত ৭ গৰাকী খেলুৱৈ ভিতৰত ৰজা আলি ফুটবল দলৰ ৬ গৰাকীয়ে সফল হোৱাৰ বিপৰিতে হোলোংহাবি চাহ বাগিচা ফুটবল দলৰ ৫ গৰাকী খেলুৱৈয়ে সফল হোৱাত সামগ্ৰীকভাৱে ৰজা আলি ফুটবল দলে হোলোংহাবি চাহ বাগিচা দলক ৭-৬ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৫ সংখ্যক শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ ছেম্পিয়ন দলৰ ট্ৰফী লাভ কৰে ৷ চূড়ান্ত খেলৰ লগত সংগতি ৰাখি অভ্যৰ্থনা সমিতিৰ সভাপতি মাখন শৰ্মাৰ সভাপতিত্বত অনুষ্টিত হোৱা বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্যকৰী সভাপতি শেখৰজ্যোতি গগৈ, প্ৰাক্তণ ৰাষ্ট্ৰীয় ৰেফাৰী লগতে প্ৰতিযোগিতাৰ মেছ কমিছনাৰ দ্বায়িত্বত থকা মনোজ কুমাৰ গগৈ, প্ৰাক্তণ ৰাষ্ট্ৰীয় খেলুৱৈ যোগেন পাটোৱাৰী, বিশিষ্ট সাহিত্যিক যুদ্ধবীৰ ৰানা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিখিল কোঁচ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা, উপ-সভাপতি যদু সোনোৱাল, যুটীয়া সম্পাদক দেৱজিৎ সোনাৰ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, সহকাৰী সম্পাদক জিতেন্দ্ৰ চুতীয়া, কাৰ্যনিৰ্বাহক বসন্ত চুতিয়া, ভৱেন খেৰুৱাৰ, হিৰণ্য মৰাণ, বদৌচা স্পৰ্টছ ক্লাৱৰ ফুটবল সম্পাদক দ্ৰোণকান্ত মৰাণ, ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি বিনন্দ কুমাৰ কোঁৱৰ, প্ৰাক্তণ ছাত্ৰ কৰ্মী পংকজ বৈদ্য, প্ৰাক্তণ খেলুৱৈ বগাধৰ মৰাণ, মতিৰাজ বৰুৱা, খেল পৰিচালক অসীম সোনোৱাল, সমীৰণ নাগ, গোপাল দাস, কুলেশ্বৰ মৰাণ, কাস্মিৰ কুজুৰ, ডেভিদ তাঁতী, বাবলু মুড়া, অৰুণ উৰাং, সমাজকৰ্মী মনোজ বৰুৱা, শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ দাতা খগেন ডেকা, অনুৰাগ চিৰিং, শিল্পী ৰূপম কাশ্যপ, সংবাদকৰ্মী দ্বীপেন শইকীয়া, খগেশ্বৰ বৰুৱা, টিংৰাই আছুৰ সভাপতি গুদ্দু নাপিত, ভাৰপ্ৰাপ্ত সম্পাদক দীপাংকৰ বড়া আদি কৰি বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ টিংৰাই ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতৰ পাছতে চূড়ান্ত খেলত ভাগ লোৱা দুয়োটা দলৰ খেলুৱৈ সকলৰ সৈতে অতিথিৰ চিনাকী পৰ্বৰ পাছত জাতীয় শ্বহীদ সকলৰ আত্মাৰ সদগতি কামনাৰে খেলপথাৰত সমবেত সকলোৱে এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰে ৷ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক টংকেশ্বৰ শইকীয়াই আতঁধৰা বঁটা বিতৰণি সভাত উদ্দেশ্য ব্যাখ্যাৰ পাছতে অঞ্চলটোৰ তিনিগৰাকী প্ৰাক্তণ ফুটবল খেলুৱৈ ক্ৰমে মুকুট ফুকন, জিতেন গড় আৰু সোণাৰাম নাগক অভ্যৰ্থনা সমিতি আৰু টিংৰাই শাখা ছাত্ৰ সন্থাৰহৈ বিশিষ্ট অতিথি সকলে ফুলাম গামোচা, চেলেং, সফুৰা আৰু সম্বৰ্ধনা পত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বিশিষ্ট অতিথি সকলৰ হৈ যুদ্ধবীৰ ৰাণা, কাঞ্চন বৰা, নিখিল কোঁচ, মনোজ কুমাৰ গগৈ, যোগেন পাটোৱাৰী, সম্বৰ্ধিত ব্যক্তি মুকুট ফুকন, সমৰজ্যোতি গোহাঁইয়ে বক্তব্য প্ৰদান কৰে ৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে হোলোংহাবি দলৰ খেলুৱৈ অৰুণ পুৰ্টি, শ্ৰেষ্ঠ গলদাতা জেবিয়া কেৰকেটাছ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ পাৰ্লোচ অৰিয়া, উদীয়ামান খেলুৱৈ টিংৰাই ফুটবল দলৰ দীপ ৰাউতীয়া আৰু শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰে ৰজা আলি দলৰ খেলুৱৈ জগত প্ৰসাদ নায়কে লাভ কৰে ৷ সভাত প্ৰতিযোগিতা ৰানাছ আপ হোলোংহাবি চাহ বাগিচা ফুটবল দলক চলন্ত ট্ৰফী সহ নগদ দহ হাজাৰ এটকা, অভ্যৰ্থনা সমিতিৰ ছেক, মেডেল আৰু উপহাৰ প্ৰদান কৰা লগতে ছেম্পিয়ন দল দুলীয়াজান ৰজা আলি ফুটবল দলক চলন্ত ট্ৰফী সহ নগদ বিশ হাজাৰ এটকা, ছেক, মেডেল আৰু এটি উপহাৰ প্ৰদান কৰে উপস্থিত বিশিষ্ট অতিথি সকলে ৷ সভাপতি মাখন শৰ্মাৰ বক্তব্য পাছতে শলাগ জ্ঞাপনেৰে ১১ দিনীয়া কাৰ্যসূচী সফল সমাপ্তিৰ ঘোষণা কৰে ৷ ৰেফাৰী: অসীম সোনোৱাল, লাইনত গোপাল দাস, কাস্মিৰ কুজুৰ, চতুৰ্থ সমীৰণ নাগ ৷
লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন
দেৰগাঁও বিধানসভা সমষ্টিৰ ৪০ নং উত্তৰ পৰ্বতীয়া জনজাতি গাঁও পঞ্চায়তৰ অগ্ৰনী শিক্ষানুষ্ঠান লাখেৰাজ জনজাতি হাইস্কুলৰ মুল তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। বিদ্যালয় খনৰ ভুমি দাতা ভাতৃদ্বয় স্বৰ্গীয় মাগুৰাম পেগু আৰু স্বৰ্গীয় চকীৰাম পেগুৰ সোঁৱৰণত স্থাপন কৰিবলৈ লোৱা এই মুল তোৰণৰ ১৫ নবেম্বৰত আধাৰশিলা স্থাপন কৰে লাখেৰাজ জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰাতুল বৰাই। মাঙ্গলিক উৰুলি ধ্বনিৰে স্থাপন কৰা আধাৰশিলা অনুষ্ঠানত দাতা পৰিয়ালৰ দিলীপ পেগু, নোমল পেগু আৰু মিলন পেগু, পুৱ বৰমুকলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপালী বৰা, প্ৰাক্তন শিক্ষক দিলীপ বৰা, শিক্ষক দিলীপ পেগু, দীপক গগৈ, আৰু পাৰ্থবিজয় বৰাৰ লগতে বহু কেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে।
অসমীয়া যুৱকৰ উদ্যমী যুবকৰ প্ৰচেষ্টাত ওৰাঙ ডিপাৰ্টমেণ্টেল ষ্টোৰ মুকলি
বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্যবাসীক চিন্তিত কৰি তোলা সময়তে ওদালগুৰি জিলাৰ ওৰাঙৰ উদ্যমী যুৱক দিপক বৰ্মন নামৰ লোকজনে আৰম্ভ কৰিছে “মা ফুড ডিপুট “নামৰ এক প্ৰশংসনীয় সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান । ৭০ন মাজবাট বিধান সভা সমষ্টিৰ তথা বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত ওৰাং মাজবাট ৰোডত শুভাৰম্ভণি কৰা উক্ত সেৱা মুলক ব্যৱসায় প্ৰতিষ্ঠান টোত মানুহৰ দৈনন্দিন জীৱনত অৰ্হনিশে ব্যৱহাৰ হোৱা সকলো ধৰণৰ খাদ্য সামগ্ৰী যেনে ডাইল ,চেনী,চাউল আদি সকলো সামগ্ৰী পেকেটিং কৰি গ্ৰাহক সকলক সুলভ মুল্যত যোগান ধৰিছে । ওৰাঙৰ উদ্যমী যুৱক দিপক বৰ্মনৰ “মা ফুড ডিপুট নামৰ ব্যৱসায় প্রতিষ্ঠান খনে খাদ্য সামগ্ৰীৰ লগতে দৈনন্দিন জীৱনত নিত্য নৈমিত্তিক প্ৰয়োজনীয় সকলো ধৰণৰ সা – সামগ্ৰী যোগান ধৰি ৰাইজক নিষ্ঠা ,দায়িত্ব সহকাৰে সেৱা কৰাৰ লগতে নিজা নিজা সেৱামূলক প্ৰতিষ্ঠান আগুৱাই লৈ যোৱাৰ প্ৰয়াস কৰিছে । ৰাজ্যত বহিৰাজ্যৰ পৰা আহি বহু লোকে ব্যৱসায় কৰি থকা সময়তে অসম সন্তান খিলঞ্জীয়া যুৱক সকলে অকল চৰকাৰী চাকৰিৰ ওপৰত নিৰ্ভৰ নাথাকি এইধৰণৰ ব্যৱসায় আৰম্ভ কৰাত অঞ্চল বাসীয়ে উদ্যমী যুৱক তথা নিবনুৱা যুৱক যুৱতী সকলৰ বাবে এক উদাহৰণ স্বৰূপ হৈ উঠা উক্ত ব্যৱসায়ৰ স্থলীৰ স্বত্বাধিকাৰী বৰ্মনক স্থানীয় ৰাইজে শলাগিছে । স্বত্বাধিকাৰী বৰ্মনে জানিব দিয়া মতে তেওঁৰ দোকানত মাহেলি অতি কমেও এবাৰত ১০০০ টকাৰ সামগ্ৰী ক্ৰয় কৰা গ্ৰাহক সকলৰ মাজত লটাৰী খেল পাতি প্ৰতিমাহে গ্ৰাহক সকলক উপহাৰ দিয়াৰো চিন্তা চর্চা আগবঢ়াইছে ।
নন্দেশ্বৰ দৈমাৰীৰ চুটি গল্পৰ কিতাপ জিউ সফৰনি দাখোন ৰ উন্মোচন
১৫নবেম্বৰত অসমীয়া আৰু বডো ভাষাৰ বিশিষ্ট লেখক নন্দেশ্বৰ দৈমাৰীৰ চুটি গল্পৰ কিতাপ জিউ সফৰনি দাখোনৰ ওদালগুৰি স্থিত লেখকৰ নিজ বাস ভৱনত অনুষ্ঠিত সাহিত্য অনুষ্ঠানত লেখক তথা সাংবাদিক বৈদ্যনাথ উপাধ্যায়ে উন্মোচন কৰে। একেখন সভাত নৱ লেখিকা ধনুশ্ৰী বসুমতাৰীৰ চুটি গল্পৰ কিতাপ ‘আং থৈনায়নি উনাৱ’ খনো বৈদ্যনাথ উপাধ্যায়ে উন্মেচন কৰে। তেখেতে লেখকক শুভেচ্ছা প্ৰদান কৰি আশা ব্যক্ত কৰে যে বডো পাঠক সমাজে চুটি গল্প সমূহ পঢিব আৰু বডো ভাষা সাহিত্যৰ উত্তৰনৰ বাবে চিন্তা কৰিব। সভাত অধ্যক্ষতা কৰে বডো সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নীলকান্ত গয়াৰীয়ে। সভাত বডোলেণ্ড স্বায়ত্ত শাসনৰ পূৰ্বৰ উপ প্ৰমূখ প্ৰদীপ কুমাৰ দৈমাৰী, লিখক নবীন মল্ল বৰো, পালক জিত্চন দৈমাৰী, হেমন্ত স্বৰ্গিয়াৰী আৰু ওদালগুৰি কলেজৰ অধ্যক্ষ ড. লুক দৈমাৰীয়ে লেখক নন্দেশ্বৰ দৈমাৰীৰ লিখনিবোৰৰ ওপৰত বক্তব্য আগবঢায়। ২৫ মে ১৯৫৫ চনত ওদালগুৰি জিলাৰ অম্বাগাওঁৰ ওচৰৰ ঝকৰা গাওঁত জন্মগ্ৰহণ কৰা নন্দেশ্বৰ দৈমাৰীয়ে পঞ্চম মান শ্ৰেণীত পঢি থকা অৱস্থাৰ পৰাই চেগা চোৰোকাকৈ লিখিবলৈ আৰম্ভ কৰিছিল। এখেতে লিখা উপন্যাস মঞ্জুবালা দেবী গুৱাহাটী বিশ্ববিদ্যালয়ৰ বডো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। তেখেতৰ আন গ্ৰন্থবোৰ হৈছে- থাংনায়নি দাৱহা, বক্সিং, অবে নেনায় দালাঙা বায়গ্ৰেবনায়চো, হাদাননি ফানজাৰি, আং খুদ্ৰিদোং, বৰবাদ আৰু অসমীয়া ভাষাত নৰেশ্বৰৰ পৰা ভুপেন হাজৰিকালৈ আৰু প্ৰাসংগিক প্ৰসংগ। অসম চৰকাৰে তেখেতৰ সাহিত্যিক অবদানৰ বাবে চন ২০০০ চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰিছে। ২০০৯ চনত ৰাজ্যিক শিক্ষক পুৰস্কাৰো প্ৰদান কৰা হৈছে। নন্দেশ্বৰ দৈমাৰীয়ে চুটি গল্পৰ বাবে ১৯৭১ চনত দৈনিক অসমৰ পুৰস্কাৰ, ১৯৯৫ চনত বডো সাহিত্য সভাৰ সোমেশ্বৰী ব্ৰহ্ম পুৰস্কাৰ, ২০০৭ চনত মংগলচণ্ডি ব্ৰহ্ম পুৰস্কাৰ, ২০১৮ চনত শ্বহীদ ফোৰদানা দৈমাৰী পুৰস্কাৰ, ২০১৯ ত বডো ৰাইটাৰ্চ একাদেমী পুৰস্কাৰ প্ৰাপ্ত কৰিছে। নন্দেশ্বৰ দৈমাৰীক মানুহে সহজ সৰল স্বভাৱ আৰু তেওঁৰ গল্পবোৰৰ বাবে জানে।
জনজাতীয় সমাজৰ অৱদানক সন্মান:প্ৰধানমন্ত্ৰী মোডী
আজি ভাৰতে ইয়াৰ প্ৰথম ‘জনজাতিয়া গৌৰৱ দিৱস’ উদযাপন কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ কলা, সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক গৌৰৱেৰে স্মৰণ কৰা হৈছে আৰু সন্মান জনোৱা হৈছে,” প্ৰধানমন্ত্ৰী মোডীয়ে কয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে (১৫ নৱেম্বৰ, ২০২১) ভূপালৰ জনজাতিয়া গৌৰৱ দিৱস মহাসন্মলানত এক সমাৱেশক সম্বোধন কৰি জনজাতীয় সম্প্ৰদায়ৰ কিংবদন্তি স্বাধীনতা সংগ্ৰামী বিৰচা মুণ্ডাক তেওঁৰ জন্ম জয়ন্তীত পুষ্পাঞ্জলি জ্ঞাপন কৰে।অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ অৱদানক গৌৰৱেৰে সন্মান আৰু স্মৰণ কৰা হৈছে।”আজি ভাৰতে ইয়াৰ প্ৰথম ‘জনজাতিয়া গৌৰৱ দিৱস’ উদযাপন কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে জনজাতীয় সমাজৰ কলা, সংস্কৃতি আৰু স্বাধীনতা সংগ্ৰাম আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক গৌৰৱেৰে স্মৰণ আৰু সন্মান জনোৱা হৈছে,” ভূপালৰ জনজাতীয়া গৌৰৱ দিৱস মহাসন্মিলনত প্ৰধানমন্ত্ৰী মোডীয়ে কয়।প্ৰধানমন্ত্ৰী মোডীয়ে কয়, “আম্বেদকাৰ জয়ন্তী, গান্ধী জয়ন্তী আৰু একে ধৰণৰ অন্যান্য দিনৰ দৰে ভগৱান বীৰচা মুণ্ডাৰ জয়ন্তী (জন্ম জয়ন্তী) প্ৰতি বছৰে ১৫ নৱেম্বৰত উদযাপন কৰা হ’ব।””মই উল্লেখযোগ্য ইতিহাসবিদ আৰু পদ্ম বিভূষণ বাবাচাহেব পুৰন্দৰেকো মনত ৰাখিব বিচাৰো। মই আজি ৰাতিপুৱা গম পাইছিলো যে তেওঁৰ মৃত্যু হৈছে। ছত্ৰপতি শিৱাজী মহাৰাজৰ ইতিহাস সাধাৰণ লোকলৈ লৈ যোৱাত তেওঁৰ অৱদান অমূল্য,” প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়।প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে পূৰ্বৰ (কংগ্ৰেছ) শাসনকালত পিছ পৰা ১০০ খন উচ্চাকাংক্ষী জিলাত এতিয়া উন্নয়ন ঘটিছে।অনুষ্ঠানটোত প্ৰধানমন্ত্ৰীয়ে জনজাতিয়া সম্প্ৰদায়ৰ কল্যাণৰ বাবে একাধিক পদক্ষেপৰ শুভাৰূধৰ কৰে, যাৰ ভিতৰত আছে মধ্যপ্ৰদেশত ‘ৰেচন আপকে গ্ৰাম’ আঁচনি। এই আঁচনিখনৰ উদ্দেশ্য হৈছে প্ৰতি মাহে তেওঁলোকৰ নিজৰ গাওঁৰ জনজাতিয়া সম্প্ৰদায়ৰ হিতাধিকাৰীসকলক পিডিএছ ৰেচনৰ মাহিলী কোটা প্ৰদান কৰা যাতে তেওঁলোকে তেওঁলোকৰ ৰেচন সংগ্ৰহ কৰিবলৈ ফেয়াৰ প্ৰাইচ শ্বপলৈ যাত্ৰা কৰিব নালাগে।মোডীয়ে হিতাধিকাৰীসকলক আনুবংশিক পৰামৰ্শ কাৰ্ডপ্ৰদান কৰে, যাৰ দ্বাৰা মধ্য প্ৰদেশচিকল চেল (হিমোগ্লোবিনোপেথি) মিছন আৰম্ভ কৰা হয়, যাক চিকল চেল ৰক্তহীনতা, থেলাচেমিয়া আৰু অন্যান্য হিমোগ্লোবিনোপেথিত ভুগি থকা ৰোগীসকলৰ পৰীক্ষা আৰু ব্যৱস্থাপনা কৰিবলৈ আৰু এই ৰোগবোৰৰ বিষয়ে জনসজাগতা বৃদ্ধি কৰাৰ বাবে বিকশিত কৰা হৈছে, যাৰ প্ৰভাৱ মধ্য প্ৰদেশৰ জনজাতিয়া সম্প্ৰদায়ৰ ওপৰত অধিক গভীৰ হোৱা দেখা গৈছে।তদুপৰি, প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, ত্ৰিপুৰা আৰু দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু দিউকে ধৰি বিভিন্ন ৰাজ্য আৰু ৰাজ্যিক অঞ্চলত ৫০ খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।
ভেৰগাঁৱত শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৬ তম জন্ম জয়ন্তী পালন
ওদালগুৰি জিলা ভেৰগাঁও আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা’ৰ উদ্যোগত সোমবাৰে ১৪৬ তম ৰাষ্ট্ৰীয় শ্বহীদ বীৰ ”বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী দিৱস পালন কৰে।হয়””!! আদিবাসী সম্প্ৰদায়ৰ এগৰাকী মহান ৰাষ্ট্ৰীয় শ্বহীদ বীৰ, বিৰছা মুণ্ডাই উনোবিংশ শতিকাত আদিবাসী সম্প্ৰদায়ক দি যোৱা অৱদানৰ বাবে তেখেতৰ জন্ম দিৱস বিগত ১৪৫ টা বছৰে আদিবাসী সকলে উলহ-মালহৰে উদযাপন কৰি আহিছে।পৰিপেক্ষিতত বিভিন্ন প্ৰান্তৰ লগতে এইবেলিও ওদালগুৰি জিলা ভেৰগাঁও আঞ্চলিক আছা’ৰ উদ্যোগতো ভেৰগাঁও আছা কাৰ্যালয়ত অনুষ্টুপীয়াকৈ ৰাষ্ট্ৰীয় শ্বহীদ বীৰ ‘বিৰছা মুণ্ডাৰ ১৪৬ তম জন্ম জয়ন্তী দিৱস উদযাপন কৰে।
মুহুৰ্ততে থানবান হোৱা এটি সপোন
পুত্ৰৰ জন্মদিনত ঘৰলৈ অহাৰ কথা আছিল জোৱান সুমন স্বগীয়াৰীৰ ।জন্মদিনৰ আয়োজন কৰিবলৈ পত্নীক দিছিল দায়িত্ব, কিন্তু মুহুৰ্ততে থানবান হৈ গ’ল এই সপোন।পঞ্চভূতত বিলীন শ্বহীদ সুমন স্বগীয়াৰীৰ নশ্বৰ দেহ।পিতৃক সেৱা কৰি বিদায় জনালে এতিয়াও মৃত্যু কি বুজি নোপোৱা সুমন স্বগীয়াৰীৰ কণমানি পুত্ৰই।আনহাতে স্বামীক শেষবাৰৰ বাবে বিদায় জনালে পত্নীয়ে।
উল্লেখযোগ্য যে,মণিপুৰত উগ্ৰপন্থীৰ এম্বুশ্বত নিহত সুমন স্বৰ্গীয়াৰীৰ ঘৰত কেৱল কান্দোন আৰু কান্দোন।পুত্ৰৰ জন্মদিনত চুটি লৈ ঘৰলৈ অহাৰ কথা আছিল জোৱান সুমন স্বগীয়াৰী৷শেষবাৰৰ বাবে বিগত জুলাই মাহৰ ১০ তাৰিখে ঘৰত চুটিত আহি প্ৰায় ১৫ দিন পৰিয়ালৰ সৈতে থাকি পুনৰ কৰ্তব্যত যোগদান কৰিছিল৷তিনি বছৰীয়া পুত্ৰৰ জন্মদিনত ডিচেম্বৰৰ ৫ তাৰিখে পুনৰ চুটিত ঘৰলৈ অহাৰ কথা আছিল৷নিজ কৰ্তব্যৰ পৰাই পুত্ৰ জন্মদিনৰ বিশেষ আয়োজন কৰিবলৈ পত্নীক দিছিল দায়িত্ব৷জন্মদনিৰ আয়োজনত ব্যস্ত হৈ পৰিছিল পৰিয়ালবৰ্গ৷পিছে এই সপোন যেন মুহুৰ্ততে থানবান হৈ গ’ল৷উখল-মাখল পৰিবেশৰ মাজতে অহা এটি ফোনকলে সকলো স্তব্ধ কৰি তুলিছিল
চৰম হাৰাশাস্থিৰ সন্মুখীন সাধাৰণ জনতা
ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তহচিল বিভাগে দীৰ্ঘ দিনৰ পৰা মাটিৰ খাজনা দিবলৈ অহা সাধাৰণ জনতাক হাৰাশাস্থি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বৃহত্তৰ অঞ্চলৰ ৰাইজে চৰকাৰী নিৰ্দেশ অনুযায়ী বছৰেকীয়া ভুমিৰ খাজনা দিবলৈ আগবাঢ়ি আহে যদিও প্ৰতিদিনে কাৰ্যালয়ত সময় মতে উপস্থিত নহয় বিষয়া কৰ্মচাৰী সকল । বিভিন্ন অঞ্চলৰ পৰা খাজনা পৰিশোধ কৰিবলৈ অহা ৰাইজে খাজনা দিবলৈ আহি বিমুখ হৈ উভতি যোৱাৰ অভিযোগ উদত্থাপন ।খাজনা লবলৈ কৰ্মচাৰী সকলে যি ক্ষিপ্ৰতা দেখুৱাব লাগিছিল তাকে নকৰি শামুকীয়া গতিৰে খাজনা লোৱা বুলিও অভিযোগ উদত্থাপিত হৈছে।যাৰ বাবে ৰাতিপুৱা খাজনা দিবলৈ অহা ৰাইজ দিনৰ দিনটো অতিবাহিত কৰাৰ পিছত বিমুখ হৈ উভতি যাব লগা হৈছে।জানিব পৰা মতে কাৰ্যালয়টোত চাৰিগৰাকী বিষয়া কৰ্মৰত নিয়োজিত হৈ আছে, তেখেতৰ নাম ক্ৰমে ৰমেন দাস, নিখিল ব্ৰহ্ম, শীলা চক্ৰবৰ্তী আৰু নমিতা দাস । কিন্তু ৰাতিপুৱা ১১ বজাৰ পিছত কেৱল মাত্ৰ নমিতা দাসক হে কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হল। বাকি কৰ্মচাৰী সকল চৰকাৰৰ নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই সময়ত কাৰ্যালয়ত উপস্থিত নহোৱাত যামৰ যাতনা ভুগিছে স্হানীয় ৰাইজ।যি সময়ত সাধাৰণ জনতাই নিজৰ মাটিৰ কৰ আদায় দিয়াত নিজৰ দায়িত্ব পালন কৰা দেখা গৈছে তেনে সময়ত এই সকল বিষয়া কৰ্মচাৰীৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে সাধাৰণ জনতাক।গতিকে এই সকল কৰ্তব্যত ফাকি দি অহা বিষয়া কৰ্মচাৰীৰ ওপৰত বিহীত ব্যৱস্থা গ্রহন কৰিবলৈ ৰাজহ মন্ত্ৰীক দাবী জনাইছে সচেতন মহলে ।











