Home Blog Page 2756

অসম হাইস্কুল শিক্ষক সন্থাৰ বিভিন্ন দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা

অসম হাইস্কুল শিক্ষক সন্থাৰ এটি সঁজাতি দলৰ সৈতে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় ভৱনত অনুস্থিত এই আলোচনাত অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাও উপস্থিত আছিল ৷ অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী, সম্পাদক আনোৱাৰ হুছেইন,খগেন কলিতা, ফূলেশ্বৰ বৰুৱাই অংশগ্ৰহণ কৰা আলোচনাত অসম শৈক্ষিক ক্ষেত্ৰত থকা সমস্যা সম্পৰ্কে আলোচনা কৰে। বিশেষকৈ ২০০৬ চনৰ আগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ বিষয় আৰু খালী শিক্ষক পদত নিযুক্তি, শিক্ষক কৰ্মচাৰীৰ আৰ্জিত ছুটী বছৰেকত ১০ দিনৰ পৰিবৰ্তে ৩০ দিনলৈ বৃদ্ধি, হাইস্কুলৰ শিক্ষককে লাভ কৰা তিনিশ টকাৰ বিশেষ ভাট্টা মুল দৰমহাৰ লগত যোগ কৰাকে প্ৰমুখ্য কৰি কেইবাটাও বিষয় আলোচনাত স্থান পায় বুলি সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামী আৰু সম্পাদক আনোৱাৰ হুছেইনে জানিবলৈ দিয়ে। এক সৌহাদ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত এই আলোচনাৰ অন্তত বিষয়সমূহৰ গুৰুত্ব বুজি মুখ্যমন্ত্ৰী গৰাকীয়ে অসম হাইস্কুল শিক্ষক সন্থাৰ লগত আলোচনা কৰি অতি শীঘ্ৰে সমস্যা সমূহ সমাধান কৰিবলৈ শিক্ষামন্ত্ৰী ডাঃৰণোজ পেগুক পৰামৰ্শ দিয়ে ৷ এই আলোচনাত শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া সকলো উপস্থিত থাকে ৷

বৰপেটাৰ ভেল্লাত বিশ্ব বৰেণ্য ব্যক্তি ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি।

বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ দশমতম মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাৰ বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ভেল্লাত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উদ্যোগত  সুধাকণ্ঠ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ প্ৰতিছবিত মাল্যৰ্পন কৰে ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদে। প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি তেওঁ মানুহৰ হৃদয় স্পৰ্শ কৰিব পৰা কথা ভূপেনৰ গীতত আবদ্ধ আছে বুলি কৈ ভূপেনৰ মৃত্যুৰ পিছতহে সেই গীত আৰু কথাৰ মাধুৰ্যতা উপলব্ধি কৰিছো আমি বুলি কয় তেওঁ। সকলোকে মৰমেৰে উপচাই পেলাবলৈ বিদেশতো গান গাই  ভূপেন হাজৰিকাই যাযাবৰী জীৱন কটাইছে বুলি কৈ অসমক প্ৰাণেৰে ভালপোৱা লোক ভূপেন হাজৰিকা আছিল বুলি কয় তেওঁ । ভাৰতীয় লোকক একত্ৰিত কৰিবলৈ ভূপেন হাজৰিকাই ৰচনা কৰিছে বহু কালজয়ী গীত আৰু সেই গীত, মাতে একতা আৰু ভাতৃত্ববোধেৰে সকলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে বুলিও কয় আনচাৰী আলী আহমেদে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ উপ সভাপতি সেখ ৰহমত উল্লাহে আৰু পূস্পাঞ্জলি জ্ঞাপন কৰে বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ কাৰ্যকৰ্তা ছফিকুৰ ৰহমানে। অনুষ্ঠানত বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱৰ সভাপতি আজিজুল হক, কাৰ্যালয় সম্পাদক মুকুট আলীৰ লগতে কেইবাগৰাকীও স্থানীয় ব্যক্তি উপস্থিত থাকে।

বঙাইগাঁৱৰ উপায়ুক্তৰ বিভাগীয় উন্নয়নমূলক কামৰ পৰ্যালোচনা

 বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঃ এম এচ লক্ষ্মী প্ৰিয়াই শুকুৰবাৰে তেওঁৰ কাৰ্যালয় কক্ষত কেবাটাও বিভাগৰ বিষয়াৰ সৈতে বিভাগীয় উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা কৰে। জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাস আৰু সহকাৰী আয়ুক্ত শিল্পীৰেখা পণ্ডিতৰ উপস্থিতিত উপায়ুক্তগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, ৰাষ্ট্ৰীয়  নগৰীয়া জীৱিকা মিছনৰ বঙাইগাঁৱৰ জিলা প্ৰকল্প প্ৰবন্ধক, জিলা মীন উন্নয়ন বিষয়া, হস্ততাঁত-বস্ত্ৰশিল্প বিভাগৰ বঙাইগাঁৱৰ অধীক্ষক, ভূমি সংৰক্ষণ তথা জিলা পশুপালন বিষয়াৰ পৰা তেওঁলোকৰ বিভাগীয় উন্নয়নমূলক কাম-কাজৰ বিষয়ে বুজ লয়। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে বঙাইগাঁৱত চেনিটাৰী নেপকীন বনোৱা প্ৰশিক্ষণ এটি অচিৰেই অনুষ্ঠিত কৰা হ’ব। ইয়াৰ বাবে নাবাৰ্ডে এটি মেচিন আৰু যাৱতীয় খৰচ প্ৰদান কৰিব। আনহাতে গ্ৰামীণ জীৱিকা মিছনৰ অধীনত ৯০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক গাহৰি পালনৰ সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হ’ব। গাঁও এলেকাৰ ৬০ গৰাকী আৰু চহৰ এলেকাৰ ৩০গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক তিনিটা গ্ৰুপত ভাগ কৰি ১৫ দিনীয়াকৈ মুঠ ৪৫ দিন এই প্ৰশিক্ষণ দিয়া হ’ব।জিলাখনৰ ডাংতল, সৃজনগ্ৰাম আৰু মাণিকপুৰ উন্নয়ন খণ্ডত এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব আৰু পশুপালন বিভাগৰ বিশেষজ্ঞই  প্ৰশিক্ষণ দিব। আনহাতে নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প প্ৰবন্ধকে জনোৱা মতে PM-SVANidhi আঁচনিৰ অধীনত জিলাখনৰ চহৰাঞ্চলৰ ৭৫৮ গৰাকী পদপথৰ ব্যৱসায়ীক এতিয়ালৈকে ১০,০০০ (দহ হেজাৰ) টকাকৈ প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত জিলাখনে অসমৰ ভিতৰতে এটা উল্লেখযোগ্য স্থানত আছে। তদুপৰি বঙাইগাঁও চহৰৰ হোটেল  জাহ্নৱীত শুকুৰবাৰৰ পৰা ৩দিনীয়াকৈ চহৰখনৰ ৩০ গৰাকী আত্ম-সহায়ক গোটৰ সদস্যক অতিথি আপ্যায়ণ সন্দৰ্ভত (Catering) প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। সভাত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই মীন বিভাগৰ অধীনত বঙাইগাঁও ইকো-পাৰ্কত বনাই থকা পাব্লিক একুৱাৰিয়ামৰ কামৰ বুজ লয় আৰু জিলা মীন উন্নয়ন বিষয়াক সংশ্লিষ্ট সকলো কাম ভালদৰে তদাৰক কৰিবলৈ কয়। ইয়াৰ উপৰিও উপায়ুক্তগৰাকীয়ে বিভাগীয় বিষয়াৰ সৈতে হস্ততাঁত-বস্ত্ৰশিল্প,ভূমি সংৰক্ষণ,পশুপালন আদি বিভাগৰ কামৰো পৰ্যালোচনা কৰে।

ওদালগুৰি জিলাৰ ৰৌতা জাতীয় বিদ্যালয়ত গ্ৰন্থ উন্মোচনী সভা

ওদালগুৰি জিলাৰ ৰৌতাৰ জাতীয় বিদ্যালয়ত অহা ৭ নবেম্বৰত সামাজিক আৰু ছপা মাধ্যমৰ এগৰাকী বিশিষ্ট লেখক-শিক্ষক খজেন ডেকাৰ “জীৱনৰ ধূসৰিত পৃষ্ঠাবোৰ”শীৰ্ষক তৃতীয়খন গ্ৰন্থ উন্মোচন কৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰিসংখ্যা বিষয়া নগেন্দ্ৰ মোহন ভট্টাচাৰ্য্যই।গুৱাহাটীৰ ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থ খনি দিনৰ ১১বজাত অনুষ্ঠিত্যব গ্ৰন্থ উন্মোচনী সভাত ওদালগুৰি জিলা সাহিত্য সভাৰ সভপতি হৰেশ্বৰ কলিতা আৰু সম্পাদক ড° পবিত্ৰ শৰ্মাৰ লগতে কেইবাগৰাকীও লেখক-বন্ধু উপস্থিত থাকিব। উল্লেখযোগ্য যে, লেখক খজেন ডেকাৰ ইতিমধ্যে প্ৰকাশিত আনদুখন গ্ৰন্থ হৈছে উপন্যাস সেউজীয়া সপোনৰ ৰং আৰু প্ৰৱন্ধ সংকলন জীৱন উপন্যাসৰ পমখেদি। গ্ৰন্থ উন্মোচনী সভাৰ আহ্বায়কদ্বয় ক্ৰমে অপূৰ্ব ডেকা আৰু দীপজ্যোতি নাথে নিমন্ত্ৰণ কৰা গ্ৰন্থ প্ৰেমী সকলক উপস্থিত থাকি অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে।

স্মৃতিদিৱসত গীত-কথাৰে ভূপেন হাজৰিকাক স্মৰণ কলংপাৰ বিদ্যাপীঠত

 “ড° ভূপেন হাজৰিকাৰ মৃত্যু হোৱা নাই, তেওঁ আমাৰ মাজত জীয়াই আছে । তেওঁ জীয়াই আছে তেওঁৰ গীতসমূহৰ মাজত, প্ৰতিগৰাকী অসমীয়াৰ মাজত, তেওঁৰ লক্ষ লক্ষ গুণমুগ্ধৰ মাজত।”—আজি নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান কলংপাৰ বিদ্যাপীঠত আয়োজিত ভূপেন হাজৰিকাৰ স্মৃতি দিৱসৰ অনুষ্ঠানত এই মন্তব্য বিশিষ্ট শিল্পী সমৰ হাজৰিকাৰ । ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ চৰ্চা হওক, সেই উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানত যান্ত্ৰিক কৌশলেৰে গুৱাহাটীৰ পৰা সংযোগ হোৱা শিল্পী সমৰ হাজৰিকাই লগতে কয় যে “ভূপেন হাজৰিকাৰ গীত মানেই এটা সমাজবাৰ্তা । তেওঁৰ প্ৰতিটো গীত সমাজৰ একোখন ছবি । সেই গীতবোৰ আছে মানেই ভূপেন হাজৰিকা আছে ।” সুধাকণ্ঠৰ ব্যক্তিগত জীৱনৰ কিছু দিশ ৰোমন্থন কৰি শিল্পীগৰাকীৰ কনিষ্ঠ ভাতৃগৰাকীয়ে ভূপেন হাজৰিকাৰ এটি যুগজয়ী গীত পৰিৱেশন কৰে । কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা শিল্পীগৰাকীয়ে কলংপাৰ বিদ্যাপীঠে ছাত্ৰ-ছাত্ৰীক লৈ ভূপেন হাজৰিকাৰ চৰ্চা কৰাৰ বাবে ভূয়সী প্ৰশংসা কৰে আৰু এই অনুষ্ঠানটিৰ জৰিয়তেই মৃত্যু তিথিত শিল্পী ভাতৃক শ্ৰদ্ধা জনাবলৈ পাই পৰম আনন্দ প্ৰকাশ কৰে । অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা কলংপাৰ বিদ্যাপীঠৰ অধ্যক্ষ পদুম ৰাজখোৱাৰ সঞ্চালনত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পী- সাহিত্যিক ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট একৰ্ডিয়ান শিল্পী চিত্ৰদেৱ মহন্ত আৰু পৰিচিত মেণ্ডোলিন বাদক অঞ্জলি মহন্তই । পুষ্পাঞ্জলি তৰ্পণ কৰে জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি, সুলেখিকা কৰবী দেৱী লিগিৰা, শিল্পী দীপিকা মহন্ত আৰু কলংপাৰ বিদ্যাপীঠ শাখা সাহিত্য সভাৰ সম্পাদক অতুলচন্দ্ৰ বৰুৱাই । স্মৃতি দিৱসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি উদ্বোধন কৰে শিল্পী চিত্ৰদেৱ মহন্তই । নিজৰ ভাষণত মহন্তই মাজে মাজে সঙ্গীতসূৰ্যৰ গীতৰ কলি গাই গাই ভূপেন হাজৰিকাৰ সৈতে হোৱা সান্নিধ্য আৰু শিল্পীজনৰ সঙ্গীত জীৱনৰ বিভিন্ন সৰু সৰু স্মৰণীয় মুহূৰ্তৰ কথাবোৰ শ্ৰদ্ধাৰে ৰোমন্থন কৰে । অসমত ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীৰ জন্ম অসমবাসীৰ পৰম সৌভাগ্যৰ ফল বুলিও তেওঁ মন্তব্য দিয়ে । সুৰজিৎ দেৱনাথ, জ্যোতিমণি ডেকা, ইন্দ্ৰমোহন বৰা, মৃগাশ্ৰী বৰা লক্ষ্যজ্যোতি দেৱী, জিমি  বৰকাকতী, টিনা বৰঠাকুৰ, শুভাশিস বৰগোহাঁই আদি শিক্ষক তথা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানত  শিল্পী অঞ্জলি মহন্তই মেণ্ডোলিত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । বিশেষ অতিথি কবি কৰবী দেৱী লিগিৰাই নিজৰ ভাষণত সংক্ষেপে ড° ভূপেন হাজৰিকাৰ বিশাল প্ৰতিভা আলোকপাত কৰে । লেখিকাগৰাকীয়ে ভূপেন হাজৰিকাক বিৰল ক্ষণজন্মা পুৰুষ বুলি উল্লেখ কৰি ভূপেন হাজৰিকাক অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীসকলে সদায় সুবাটে অগ্ৰসৰ হ’ব পাৰিব বুলি মন্তব্য দিয়ে । ছাত্ৰী ৰাজটিকা ডেকাৰজাই ভূপেন হাজৰিকাৰ গীতত নৃত্য পৰিৱেশন কৰা অনুষ্ঠানত ছাত্ৰ কুনালদীপ বৰদলৈ, দীপজ্যোতি নাথ আৰু ভণিতা দেৱীয়ে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰে । ভাষা বিষয়ক বৰেণ্য স্মৰণ শিতানত আয়োজন কৰা অনুষ্ঠানত শিক্ষক অতুলচন্দ্ৰ বৰুৱাই গীতকথাৰে ভূপেন হাজৰিকাক স্মৰণ কৰে । অনুষ্ঠানত অসমৰ সংগীত ক্ষেত্ৰৰ এটি জনপ্ৰিয় ভাতৃজুটি শিল্পী মনমিৎ মহন্ত আৰু মনদীপ মহন্তই ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে । শেষত সমস্বৰে গোৱা “মানুহে মানুহৰ বাবে” গীতেৰে স্মৃতি দিৱসৰ অনুষ্ঠানৰ সামৰণি পৰে

ওদালগুৰিৰ পুৰণি থানাত অনুষ্ঠিত আন্ত জিলা দ্বিতীয় বাৰ্ষিক বক্সিং চেম্পিয়নশ্বিপৰ সামৰণি

৬ নবেম্বৰ:ধনেশ্বৰ বসুমতাৰী বক্সিং ট্ৰেইনিং চেন্টাৰৰ উদ্যোগত, ওদালগুৰি জিলা বক্সিং এচ’চিয়েশন আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত যোৱা ২নবেম্বৰৰ পৰা অনুষ্ঠিত  দ্বিতীয় বাৰ্ষিক আন্ত জিলা বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনি  ৩ নবেম্বৰত সামৰণি পৰে।ওদালগুৰি জিলা ভিত্তিত আয়োজিত চাব জুনিয়ৰ,(ল’ৰা), জুনিয়ৰ (ল’ৰা),যুৱ আৰু মহিলা শাখাত মুঠ ৯৯ গৰাকী পুৰুষ মহিলাই বক্সিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।কালি সামৰণি পৰা উক্ত প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত উপস্থিত থাকি বিটিচি ৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।উঠি অহা যুৱক যুৱতী সকলক খেলৰ প্ৰতি আগ্ৰাহ্নিনত হ’বলৈ আহ্বান জনায়।কিয়নো ভাল খেলুৱৈ এগৰাকীয়ে   দেশৰ সুনাম অৰ্জন কৰিব পাৰে। উক্ত বঁটা বিতৰণী সভাত ভাৰতীয় খেল প্ৰাধিকাৰীৰ সঞ্চালক ড° সুভাষ বসুমতাৰী, জিলা ক্ৰীড়া প্ৰাধিকাৰী বিষয়া সৌমদৌম মোছাহাৰী,শাৰিৰীক শিক্ষা বিষয়া বিক্ৰম সিং দৈমাৰী, বড়োলেণ্ড বস্কিং সন্থাৰ সাধাৰণ সম্পাদক কৰে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল।বিজয়ী প্ৰতিযোগী সকলক শাখা অনুযায়ী সোন ,ৰূপ আৰু ব্ৰঞ্জৰ মেডেল উপহাৰ দিয়া হয়

ওদালগুৰিৰ চিজৌগুৰিত বাথৌ ধৰ্মীয় আলোচনা চক্ৰ

ওদালগুৰিৰ চিজৌগুৰিত সদৌ বাথৌ মহাসভাৰ যুৱ সমাজৰ ২০ স‍ংখ্যক বাথৌ ধৰ্মীয় আলোচনা চক্ৰ ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ উদ্যোগত আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত অনুষ্ঠিত হৈ যায়।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সভাপতি সমৰসিং দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ধৰ্মালোচনী সভাখনি উদ্বোধন কৰে ওদালগুৰি জিলা বাথৌ ধৰ্ম মহাসভাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ বড়োই।ওদালগুৰি আঞ্চলিক যুৱ সমিতিৰ সম্পাদক শুকুৰাম বড়োই আঁতধৰা সভাত প্ৰাৰ্থনাৰে  সজয় দৈমাৰীয়ে দান কৰে আৰু আনসকলে বৰঙনি সংগ্ৰহত সহযোগিতা আগবঢ়ায়।  সভাত আদৰণি বক্তব্য ৰাখে অভ্যৰ্থনা সমিতিৰ সভাপতি কুলেন দৈমাৰীয়ে।মুকলি সভাত উপস্থিত থাকি সমাজকৰ্মী ৰিঞ্জয় বড়োই বাথৌ ধৰ্মত আধ্যাত্মিকৰ ক্ষেত্ৰত যুৱক যুৱতী সকলৰ দায়িত্ব আৰু কৰ্তব্যত কিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে সেই সন্দৰ্ভত বক্তব্য ৰাখে।নিজৰ ধৰ্মৰ পবিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত শিক্ষিত নৱ প্ৰজন্মক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।কিয়নো বাথৌ ধৰ্ম এক বিজ্ঞান সন্মত ধৰ্ম।ধৰ্মীয় অনুভূতিৰে সঠিক পথৰ সন্ধান বিচাৰিব লাগিব। আধ্যাত্মিক ভাবধাৰা বজাই ৰাখিব পৰাটোহে আচল জীৱনৰ মাহাত্ম বুলি তেওঁ লগতে উল্লেখ কৰে।পুৱা ৭.৩০বজাত ধৰ্মধ্বজা উত্তোলন কৰে ওদালগুৰি আঞ্চলিক বাথৌ ধৰ্ম মহাসভাৰ সভাপতি সমৰসিং দৈমাৰীয়ে।পুৱা ৮ বজাত যেপ্ৰাৰ্থনা সভা উদ্বোধন কৰে আঞ্চলিকৰ উপদেষ্টা নিতুল বড়োই।

ওদালগুৰিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী উদযাপন

বিভিন্ন প্ৰান্তৰ লগতে ৫নবেম্বৰত  ওদালগুৰি শতদল সাহিত্য সভাৰ উদ্যোগত আৰু ভূপেন হাজৰিকা প্ৰতিমুৰ্তি অৱৰক্ষণ সমিতিৰ সহযোগত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ দশম মৃত্যু দিৱসটি পালন কৰা হয়।
ভূপেন হাজৰিকাৰ দশম মৃত্যু দিনৰ কাৰ্যসূচী অনুসৰি পুৱা ১০বজাত বন্তি প্ৰজ্বলন কৰে শতদল সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত ডাঙৰ বন্তি প্ৰজ্বলন কৰে আৰু ১০.১৫বজাত  সুধাকণ্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তি অৱৰক্ষন সমিতিৰ সভাপতি গৌতম জ্যোতি  তালুকদাৰে মাল্যাৰ্পণ কৰে।সম্পাদক অজয় কলিতাই আঁতধৰা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মৃতিত স্মৃতিচাৰণ সভাত গীত-মাত কবিতা আবৃত্তিৰ অনুষ্ঠানত হিতৈষী সদস্য নৃপেন্দ শৰ্মা, অৱৰক্ষণ সমিতিৰ সম্পাদক অখিল কলিতা, আজীৱন সদস্য গগন লহকৰ আৰু দ্বিজেন বায়নে হাজৰিকাৰ ওপৰত বক্তব্য ৰাখে ।ইয়াৰ উপৰিও হাজৰিকাদেৱৰ গীত আৰু কবিতা পাঠ কৰে ক্ৰমে-মধু পাটৌৱাৰী,তুলিকা তালুকদাৰ,মেঘমালা সূত্ৰধাৰ,অঞ্জু গোস্বামী কলিতা,আৰতি দেৱী,হিমাৰাণী বৰ্মন আদিয়ে। সন্ধিয়া ৫বজাত  সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিৰ বেদীৰ সমুহীয়াকৈ বন্তি প্ৰজ্বলন কৰে ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৰেশ্বৰ ডেকা,উপ সভাপতি বিষ্ণু শৰ্মা নেওপান, বিশিষ্ট সাহিত্যিক বিদ্যাপতি দাহাল,আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাকে ধৰি শিল্পী, সাহিত্যিক, সাংবাদিক সকলে ।

ওৰাঙৰ গেলাবিলত বিহ খুৱাই হত্যা ২৪টা হাঁহ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলত ৫নবেম্বৰত  ২৪ টাকে হাঁহ হত্যাৰ অতি দুখজনক ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । গাঁওখনৰ নিবাসী দুই ভাই-ককাই ক্ৰমে শ্ৰমজীৱি প্ৰদীপ বৈশ্য আৰু ব্যৱসায়ী লোহিত বৈশ্যৰ প্ৰতিজনৰে ১২টাকৈ মুঠ ২৪ টা পোহনীয়া হাঁহ দুস্কৃতিকিৰীয়ে বিহ মিহলি ভাত খুৱাই নিষ্ঠুৰভাৱে হত্যা কৰে । এই সন্দৰ্ভত ভূক্তভোগী প্ৰদীপ বৈশ্যই নিকট প্ৰতিবেশী নিজ খুৰাক প্ৰয়াত আনন্দ বৈশ্যৰ পুত্ৰ হেমন্ত বৈশ্যই( লেকৌ) হাঁহকেইটা হত্যা কৰা বুলি  অভিযোগ তুলি ওৰাং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । ইয়াৰ পিছতে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰিয়াংকুৰ হাজৰিকাৰ নিৰ্দেশ ক্ৰমে সহকাৰী উপ পৰিদৰ্শক নৃপেন চন্দ্ৰ  তামুলীৰ  নেতৃত্বত যোৱা এটি আৰক্ষী দলে বিয়লি হেমন্ত বৈশ্যক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে পাচটা মতা  আৰু ১৯ টা মাইকী নোদোকা তথা তজবজীয়া হাঁহ নিধনকাৰী হেমন্ত বৈশ্য এজন উচ্ছৃংখল , আসামাজিক , মদমত্ত যুৱক । সততে নিজ মাতৃক শাৰীৰিক ভাৱে  অপদস্থ আৰু প্ৰহাৰ কৰাৰ চুবুৰীয়াৰ অভিযোগো আছে হেমন্তৰ বিৰুদ্ধে । এজাহাৰকাৰীয়ে সন্দেহ কৰা মতে হাঁহ হত্যাৰ ঘটনাৰ একাধিক ব্যক্তি জড়িত আছে । সঠিক অনুসন্ধান আৰু কঢ়া সোধ-পোছ ( জেৰা) হ’লে ঘটনাৰ সত্য ৰহস্য ফাদিল হ’ব বুলি ৰাইজে দাবী তুলিছে । দোষীয়ে সমূচিত দণ্ড পাব লাগে বুলিও সচেতন নাগৰিক সকল আশা বাদী ।

দেৰগাঁৱত শিল্পী ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী পালন

 দেৰগাঁৱৰ অগ্ৰনী সাংস্কৃতিক অনুষ্ঠান বহ্নিমান সাংস্কৃতিক মঞ্চৰ উদ্যোগত দেৰগাঁৱৰ লোক নিৰ্মাণ কাৰ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ দশম মৃত্যু বাৰ্ষিকী।বহ্নিমান সাংস্কৃতিক মঞ্চৰ সম্পাদিকা গায়ত্ৰী দেৱীয়ে উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰা অনুষ্ঠানটিত প্ৰান গোপাল বৰঠাকুৰে সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভণী কৰে।ইয়াৰ পাছতেই প্ৰীয়ংকা বৰাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটিৰ মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী তথা বহ্নিমান সাংস্কৃতিক মঞ্চৰ সভাপতি ৰাজু গগৈয়ে। বাসৱ বৰবৰা, ভৱেন বৰপূজাৰী, গোপাল কৃষ্ণ খাউণ্ড, প্ৰদীপ বৰা,নিৰ্মালী হাজৰিকা, অনিমা দেৱী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ শিশু সকলে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ৰাজিৰ গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ।