Home Blog Page 2767

অৱশেষত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত নিয়োজিত ২৪ গৰাকী শিক্ষক শিক্ষয়িত্ৰীক স্কুলত পাঠদান কৰাৰ নিৰ্দেশ ওদালগুৰি উপায়ুক্তৰ

ওদালগুৰি জিলাৰ মাজবাটত অৱস্থিত সুনাম অর্জন কৰা শিক্ষানুষ্ঠান খন হল মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় । উক্ত বিদ্যালয়ৰ  ২৪ গৰাকীকৈ শিক্ষক শিক্ষয়িত্ৰীক কৰ’ণা ভেকচিন প্ৰদানৰ কামত নিয়োজিত কৰোৱাৰ লগতে ওদালগুৰি জিলাৰ কেইবাখনো শিক্ষানুষ্ঠান সমূহৰ পৰা শিক্ষক শিক্ষয়িত্ৰী সকলক স্বাস্থ্য বিভাগক সহায়ৰ নিমিত্তে নিয়োজিত কৰা হৈছিল  ৷ যদিও  শিক্ষা বিভাগে যোৱা ১৯ তাৰিখৰ দিনৰ পৰা শিক্ষানুষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো বিশেষকৈ মাজবাট  উচ্চতৰ  বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী বিশেষ অসুবিধা হোৱা পৰিলক্ষিত হৈছিল । স্কুল খোলাৰ পিছতো কৰ’ণা কালীন পৰিবেশৰ বাবে যোৱা  ২৯ ছেপ্টেম্বৰ তাৰিখৰ পৰা কাৰ্য্যকৰী হোৱাকৈ  উক্ত বিদ্যালয়ৰ মুঠ ৩৩  গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ ভিতৰত ২৪ জনকেই  বিদ্যালয় খন বন্ধ থকাৰ সময়তে ক’ভিড সংক্ৰান্তত  নিয়োগ কৰাৰ সমান্তৰালকৈ সমগ্ৰ জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক সকলক ক’ভিড কামত নিয়োজিত কৰা হৈছিল । যদিও ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ দিয়াৰ পিছতো উক্ত কামত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰী স্কুলত উপস্থিত নথকা বিষয়টো নিয়মীয়া বাৰ্তা,দৈনন্দিন বাৰ্তা,আমাৰ অসম আদিত  প্ৰকাশ পাইছিল ।  এই সম্পৰ্কত ওদালগুৰি জিলাৰ উপায়ুক্তক মাজবাটৰ যুব নেতা কিশোৰ  শৰ্মাই   বিদ্যালয় সমুহৰ শিক্ষকক সকলক ক’ৰনাৰ ভেকচিনৰ  কাৰ্যক্ষমত জড়িত কৰাত পাঠদান  কৰাৰ ক্ষেত্ৰত ব্যাঘাত হৈছে  বুলি জনাইছিল ৷গতিকে সুব্যবস্থা গ্ৰহন কৰাৰ বাবে উপায়ুক্তক আহ্বান জনোৱাত উপায়ুক্তই ব্যৱস্থা গ্ৰহন কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল ৷তদুপৰি  বাতৰি প্ৰকাশ কৰাৰ পিছত আৰু কিশোৰ শৰ্মাই  আহ্বান জনোৱাৰ  পিছতেই ওদালগুৰি জিলা উপায়ুক্তই  যোৱা ২১ অক্টোবৰৰ এক নিৰ্দেশানা অনুসৰি  স্বাস্থ্য কেন্দ্ৰৰ লগত জড়িত জিলাখনৰ বিদ্যালয় সমূহৰ  শিক্ষক শিক্ষয়িত্ৰী সকলক নিয়মীয়াকৈ স্কুলত উপস্থিত থাকিবলৈ নিৰ্দেশ  জাৰি কৰে  ৷বিশেষকৈ  মাজবাট বিদ্যালয় খোলা হোৱাৰ পিছতো শিক্ষক শিক্ষয়িত্ৰী সকলক ক’ভিড সংক্ৰান্ত কামত নিয়োজিত কৰি ৰখা বিষয়টোৱে প্ৰথম অৱস্থাত সচেতন মহল, ছাত্ৰ ছাত্ৰী অভিভাৱক সকলক বাৰুকৈ চিন্তিত কৰিছিল যদিও অৱশেষত ওদালগুৰি জিলা উপায়ুক্ত তৎক্ষণাত লোৱা পদক্ষেপক মাজবাট বাসী ৰাইজে  শলাগিছে ।

সীমান্ত সুৰক্ষাৰ জোৱান উপেন্দ্ৰ বসুমতাৰী আৰু শিক্ষক অনিল মোছাহাৰীয়ে নিবণুৱা যুৱক যুৱতীৰ কৰ্মসংস্হাপনৰ দিছে সন্ধান ৷

সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী সাধাৰণ জোৱান ৷বিগত ২০১৫ চনৰ পৰা এই জোৱান গৰাকীৰ সমাজ সেৱাৰ  কাম কাজে জোৱান গৰাকীক মহীয়ান কৰি তুলিছে ৷ওৰাঙৰ ২নং  শইকীয়া চুবুৰীৰ বাসিন্দা তথা সীমান্ত সুৰক্ষাৰ জোৱান গৰাকীয়ে হৈছে উপেন্দ্ৰ বসুমতাৰী ৷গাঁওৰে প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভকৰা বসুমতাৰীয়ে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গাওঁৰে নেহৰু স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰে যদিও এই বৃত্তিত মন বহাব নোৱাৰি প্ৰতিৰক্ষা বিভাগৰ চাকৰিৰ প্ৰস্তূতিৰ বাবে ২০১০ চনত দিল্লীৰ কিৰণ পাব্লিকেশ্বনত ১৫০০০ টকা দি দুমহীয়া কচিং গ্ৰহণ কৰে ৷এনেতে ২০১৩ চনত অন্ধ্ৰপ্ৰদেশৰ হায়দৰাবাদৰ “আৰ্মি ডিফেন্স একাডেমি” নামৰ এটি প্ৰতিষ্ঠানৰ বিজ্ঞাপন লাভ কৰি সতীৰ্থ অনিল মোছাহাৰীৰ লগত হায়দৰাবাদলৈ যায় ৷তাতে গৈ এই প্ৰতিৰক্ষা প্ৰতিষ্ঠানটো ভুৱা বুলি অৱগত হৈ এই মাফিয়া চক্ৰৰ বিৰুদ্ধে যুঁজিব লগীয়া হয় ৷এই ভুৱা চক্ৰটোৰ বিৰুদ্ধে চাইবাৰাবাদ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷এই ভুৱা প্ৰতিষ্ঠানটোৱে দীৰ্ঘ বছৰৰ পৰা অসম তথা উত্তৰপূৰ্বাঞ্চলৰ নিবণুৱা যুৱক সকলক চাকৰি দিয়াৰ প্ৰলোভন দি ঠগ প্ৰবঞ্চনাৰ জাল পাতিছিল ৷অৱশেষত এই যুৱকদ্বয়ৰ সাহসিকতাৰ বাবে তাৰ আৰক্ষীয়ে ভুৱা প্ৰতিষ্ঠানটোৰ স্বয়ম্ভূ সঞ্চালক সুজলাদ্দিন,আৰু স্বয়ম্ভূ সহ সঞ্চালক সমীৰাণা ৰেড্ডী সহ আঠ গৰাকী ভুৱা সেনাক চাইবাৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷এই ঘটনাৰ পিছতো তেখেত থমকি নৰৈ উক্ত বৰ্ষতে পুনৰ বিহাৰৰ চিবানত প্ৰতিৰক্ষা বিভাগৰ ছয় মাহৰ কচিং গ্ৰহণ কৰে ৷এনেদৰে এক প্ৰস্তূতি চলাই২০১৫ চনত সীমান্ত সুৰক্ষা বাহিনীৰ সক্ষাৎকাৰত অৱতীৰ্ণ হয় আৰু ২০১৭ চনত নিযুক্তি লাভ কৰে ৷নিজৰ সঞ্চিত জ্ঞানেৰে ২০১৫ চনৰ পৰাই ওৰাং অঞ্চলৰ নিবণুৱা যুৱক যুৱতীক প্ৰতিৰক্ষা বিভাগ তথা আৰক্ষী বিভাগত কৰ্মসংস্থাপন দিয়াৰ লক্ষ্যৰে বিনামূলীয়া শাৰীৰিক তথা লিখিত পৰীক্ষাৰ প্ৰশিক্ষণ আৰম্ভ কৰে ৷বৰ্তমান চাকৰিত নিয়োজিত হৈ থকাৰ পিছতো বছৰৰ ছুটী চেগ বুজি লৈ  নিবণুৱা যুৱক যুৱতী সহায় কৰাৰ নামত অতিবাহিত কৰিছে তেখেতৰ মূল্যবান সময়৷তেখেতৰ এই প্ৰচেষ্টাৰ সহযোগ আগবঢ়াইছে তেওঁৰ সতীৰ্থ  বিজ্ঞানৰ স্নাতকোত্তৰ  উচ্চ শিক্ষিত যুৱক অনিল মোছাহাৰীয়ে ৷দুয়ো গৰাকীৰ প্ৰচেষ্টাত এই অঞ্চলৰ ৩০ গৰাকী যুৱক যুৱতী অসম আৰক্ষী,প্ৰতিৰক্ষা বিভাগত নিযুক্তি পাবলৈ সক্ষম হৈছে ৷এইবেলি সাক্ষাৎকাৰ সমূহ অনুষ্ঠিত হ’লে ডেৰ শতাধিক যুৱক যুৱতী কৰ্ম সংস্হাপন পাবলৈ সক্ষম হ’ব বুলি দুয়ো গৰাকী প্ৰশিক্ষকে জানিব দিছে ৷এয়াই নহয় উপেন্দ্ৰ বসুমতাৰীয়ে সৰুতে মাক ঢুকুৱা এগৰাকী আদিবাসী কন্যাক তুলি তালি ডাঙৰ দীঘল কৰি নিজৰ ধনেৰে সামাজিক ভাৱে বিয়া দি এক মানৱতাবোধৰ পৰিচয় দিছে ৷সীমান্ত সুৰক্ষা বিভাগৰ জোৱান উপেন্দ্ৰ বসুমতাৰী আৰু শিক্ষক অনিল মোছাহাৰীৰ এনে ত্যাগৰ ৰাইজে শলাগ লৈছে ৷

আমিনগাৱত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (PMASBY)ৰ শুভ উদ্ধোধনী অনুষ্ঠানত অইলাইন যুগে অংশগ্ৰহণ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সংসদীয় ক্ষেত্ৰ বাৰানসীত সোমবাৰে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (PMASBY)ৰ ।দেশৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিবৰ্তনৰ লক্ষ্যৰে শুভাৰম্ভ কৰা এই যোজনাৰ আনুষ্ঠানিক আৰম্ভণিৰ এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ স্বাস্থ্য খণ্ডৰ লগত জড়িত লোক সকলে অনুষ্ঠানত অইলাইন যুগে অংশগ্ৰহণ কৰে । কালি সোমবাৰে দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত নিজ নিজ স্বাস্থ্য কেন্দ্ৰৰ পৰা চিকিৎসক , বিষয়া কৰ্মচাৰী,স্বাস্থ্য কৰ্মী সকলে অংশ লয় ।  তোলাৰাম বাফনা অসামাৰিক চিকিৎসালয়ত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন কে ধৰি , যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ লগতে আন আন লোক সকল উপস্থিত থাকি এই কাৰ্য্যসূচী উপভোগ কৰে।

লক্ষীবাৰীত গোলাঘাট জিলা সাহিত্য সভাৰ নতুন শাখা গঠন

২৪ অক্টোবৰ গোলাঘাটৰ লক্ষীবাৰীত সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতিত অসম সাহিত্য সভাৰ শাখা গঠনৰ উদ্দেশ্যৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । বিশিষ্ট সমাজকৰ্মী সাহিত্যানুৰাগী সুৰেণ বৰাৰ সভাপতিত্বত লক্ষীবাৰীৰ শ্ৰীমন্ত শংকৰজ্যোতি আঞ্চলিক কলামঞ্চত অনুষ্ঠিত হোৱা সভাত গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদিকা বন্তি বৰাৰ নেতৃত্বত এটি প্ৰতিনিধি দলে অংশগ্ৰহণ কৰে । জিলা সাহিত্য সভাৰ হৈ উপস্থিত থকা সম্পাদক বন্তি বৰা, সাংগঠনিক সম্পাদক মৃগেন কাকতি, ৰামধেনু উপ সমিতিৰ কাৰ্যকৰী সভাপতি নৰেণ শইকীয়া, যুৱ সংসদ উপ সমতিৰ কাৰ্যকৰী সভাপতি ড° যতীন নাথে সাহিত্য সভা সম্পৰ্কত বক্তব্য ৰাখে । সভাত লক্ষীবাৰী শাখা সাহিত্য সভা নামেৰে এটি নতুন শাখা গঠনৰ প্ৰস্তাৱ লোৱা হয় আৰু সুৰেণ বৰাক সভাপতি, গকুল বৰাক উপ সভাপতি, খগেন বৰাক সম্পাদক, ৰিতুপন দত্ত আৰু পাৰ্থপ্ৰতীম শইকীয়াক সহকাৰী সম্পাদক, ইমদাদুল হুছেইনক ধনভঁৰালী, জয়ন্ত হাজৰিকা আৰু ৰিতুবাস্তৱ হাজৰিকাক পত্রিকা সম্পাদক, পাপু বৰাক কাৰ্যালয় সম্পাদক , দিগন্ত বৰা, শ্ৰীমন্ত ভঁৰালী আৰু বিশ্বজিৎ হাতীবৰুৱাক সাংগঠনিক সম্পাদক, বিজিত শইকীয়াক কুঁহি  উপ সমিতিৰ আহ্বায়ক, ক্ষীৰোদ দত্ত আৰু কুশল শইকীয়াক ৰামধেনু উপ সমিতিৰ আহ্বায়ক, তৰুণ দত্তক আকাশ উপ সমিতিৰ আহ্বায়ক, প্ৰণৱজ্যোতি শইকীয়াক যুৱ সংসদৰ আহ্বায়ক হিচাপে লৈ নতুনকৈ গঠন কৰা লক্ষীবাৰী শাখা সাহিত্য সভাৰ সমিতিখন গঠন কৰা হয় । উল্লেখযোগ্য যে জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই নিস্ক্ৰিয় শাখাসমুহ সক্ৰিয় কৰাৰ লগতে নতুন শাখা গঠনত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ।

বজালীত কাৰাটে ড’ৰ দুদিনীয়াকৈ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ সম্পন্ন

বজালীত কাৰাটে ড’ৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰাটে সন্থাৰ সৌজন্যত জিলা ভিত্তিক প্ৰশিক্ষণ দুদিনীয়া প্ৰশিক্ষণ ২৩ আৰু ২৪ অক্টোবৰত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুস্থিত হৈ যায়।প্ৰথম দিনা এই উপলক্ষে ৰাতিপুৱা পতাকা উত্তোলন কৰে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীব কুমাৰ তালুকদাৰে৷ ইয়াৰ পিচতে গছপুলি ৰোপন কৰে জেষ্ঠ অধিবক্তা গিৰিধৰ চৌধুৰীয়ে৷ প্ৰশিক্ষাৰ্থী সকলৰ নাম পঞ্জিয়নৰ পিচতে আবেলি ৩ বজাত প্ৰশিক্ষণৰ আৰম্ভণি কৰা হয়৷  ৬ দান ব্লেক বেল্ট তথা নবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ  পদক পোৱা চেচান সমীৰ দাসে৷ প্ৰশিক্ষনৰ ৱাৰ্ম আপ কৰে ২ ডান ব্লেক বেল্ট পোৱা  ঈশানী দেউৰীয়ে৷এই প্ৰশিক্ষণত প্ৰথম দিনা বজালী কাৰাটে দোৰ প্ৰশিক্ষাৰ্থী সকলৰ উপৰিও বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় ৭৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে৷প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষক সকল হল শৈলেন্দ্ৰ দাস বৰপেটা জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক, কৃষ্ণ কান্ত দাস সভাপতি বৰপেটা জিলা ৰাৰটে সন্থা, সঞ্জীৱ দেউৰী, কাৰ্যকৰী সভাপতি, অৰ্ণবজান শৰ্মা,কন্দৰ্প কুমাৰ দাস, ভাস্কৰ শৰ্মা, ঈশানী দেউৰী, ৰাতুল দাস, পংকজ পাঠক, অসীম তালুকদাৰ আৰু দীপক কুমাৰ দাসে৷ আদৰনি সমিতিৰ সভাপতি তুতুল মানব আৰু উপদেষ্টা নৱ তালুকদাৰে প্ৰশিক্ষাৰ্থী সকলক ধন্যবাদ জ্ঞাপন কৰিছে৷ অন্তিম দিনা প্ৰাক্তন বিধায়িকা ড°মলয়া বৰ্মণ আৰু কেবিনেট মন্ত্ৰী ৰনজিত কুমাৰ দাস আদিয়ে প্ৰশিক্ষণ থলীত উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহ প্ৰদান কৰে৷ আনহাতে অসম কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী, এচিয়ান কাৰাটেৰ প্ৰশিক্ষক ৰমেন পালৰ লগতে ভালেকেইজন প্ৰতিনিধিৰ দলে উপস্থিত থাকে৷

শতবৰ্ষ গৰকা ভিঠা প্ৰাথমিক বিদ্যালয়ৰত আজিও আন্তঃগাঁঁঠনিৰ অভাৱ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় একাংশত আন্তঃ গাঠনিৰ অভাৱকে ধৰি ছাত্র -ছাত্ৰী অনুপাতে শিক্ষকৰ  অভাৱ হোৱাৰ অভিয়োগ উঠিছে। একোখন বিদ্যালয়ৰ আন্তঃগাঠনি ইমানে দুৰ্বল হৈ পৰিছে যে পুৰণি বিদ্যালয় গৃহৰ পকী বেৰ ,টিনপাত আদি খহি কণ কণ ছাত্র ছাত্ৰীসকলক বিপদ পেলোৱা উপক্ৰম হৈছে। আনহাতে একোখন বিদ্যালয়ত ছাত্ৰ -ছাত্রী অনুপাতে শিক্ষক নিযুক্তি নোহোৱাত শৈক্ষিক পৰিৱেশ ও বিনষ্ট হোৱাৰ অভিযোগ উঠিছে। তেনে এক উদাহৰণ হল — বড়িগোগ বনভাগ প্ৰাথমিক শিক্ষা খণ্ডটোৰ  অন্তৰ্গত  ভিঠা প্ৰাথমিক বিদ্যালয় । ১৯২১ চনতে স্থাপিত শতবৰ্ষ গৰকা বিদ্যালয়খনৰ আন্তঃ গাঠনি অতি দুৰ্বল হৈ পৰা দেখা গৈছে। এই শিক্ষানুষ্ঠানখনৰ আওপুৰণি গৃহত কণ কণ ছাত্ৰ -ছাত্ৰীসকল পাঠদান  নিদি ইয়াৰে সমীপতে থকা  দুটা কোঠালী যুক্ত গৃহত ছয়টা কৈ শ্ৰেণীৰ প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থীসকলক কোনো মতে পাঠদান দি আহিছে – বুলি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে। ইফালে পুৰণি জৰাজীৰ্ণ গৃহটো যিকোনো মুহূৰ্ততে ফাট মেলা বেৰ আৰু কাঠ,টিনপাত খহি পৰি হঠাৎ অঘটন যে ঘটিব পাৰে তাৰ দৃশ্য প্ৰত‍্যক্ষ কৰিলে অনুমান কৰিব পাৰি। শিক্ষানুষ্ঠানখনৰ বিদ‍্যালয় গৃহৰ এনে অৱস্থা দেখাৰ পিছতো শিক্ষা বিভাগে চকু মুদা কুলিৰ ভাও লোৱাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। উল্লেখ‍্য‍ যে ১৯২১ বৰ্ষতে স্থাপিত শিক্ষানুষ্ঠানখনত প্ৰতিটো  নিৰ্বাচনত ভোট কেন্দ্ৰ স্থাপন কৰি আহিছে যদিও আজি পৰ্য্যন্ত পুনঃ নিৰ্মাণতো দূৰৰৈ কথা প্ৰয়োজনীয় আন্তঃ গাঠনি, বিজ্ঞান সন্মত শৌচাগাৰ ধৰি অন্যান্য সমস্যাত পৰিছে যদিও শিক্ষা বিভাগে বিদ্যালয়খনৰ এই সমস্যা সমুহ সমাধানত মুঠেই গুৰুত্ব প্ৰদান নকৰাত স্থানীয় দল -সংগঠনকে ধৰি বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যালয়খনৰ সমস্যাসমুহ শীঘ্ৰে পুৰন কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। এই ক্ষেত্ৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক কংকন কলিতাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। লগতে চৰকাৰী অসমীয়া মাধ্যমৰ অতি পুৰণি শিক্ষানুষ্ঠানখনৰ বিদ্যালয় গৃহৰ সমস্যা দুৰ কৰিবলৈ অসম চৰকাৰ তথা শিক্ষা বিভাগৰ বিভাগী কৰ্তৃপক্ষক দাবী জনাইছে।

হোজাই জিলা প্ৰশাসনৰ সতৰ্কতা সজাগতা সপ্তাহ পালন

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো হোজাই জিলা প্ৰশাসনৰ উদ্যোগত ২৬ অক্টোবৰ তাৰিখৰ পৰা ১ নৱেম্বৰ লৈকে সতৰ্কতা সজাগতা সপ্তাহ,২০২১ পালন কৰা হ’ব। এই উপলক্ষে আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত সমবেত হোৱা বিষয়া, কৰ্মচাৰীক উপায়ুক্ত  অনুপম চৌধুৰীয়ে সতৰ্কতা সজাগতা সপ্তাহৰ উদ্দেশ্য ব্যাখ্যা কৰি সকলোকে জনসাধাৰণৰ স্বাৰ্থত সততা, নিষ্ঠা আৰু  একাগ্ৰতাৰে নিজৰ কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনায়।তাৎপৰ্যপূৰ্ণ এই সতৰ্কতা সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া, কৰ্মচাৰী সকলে এক শপত গ্ৰহণ কৰে।

কলাক্ষেত্ৰত সংগীত সত্ৰৰ সমাৱৰ্তন : পাণ্ডু শদিলাপুৰৰ আকাংক্ষা ভৰদ্বাজলৈ বিশেষ স্বীকৃতি

শংকৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ” সংগীত সত্ৰৰ সপ্তম সমাৱৰ্তন “খন  ২৩ অক্টোবৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হৈ যায় । সমাৱৰ্তনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈ , সংগীত নাটক অকাডেমি বঁটা প্ৰাপক , সংগীতাচাৰ্য যতীন গোস্বামী , ঘনকান্ত বৰা বৰবায়নকে ধৰি সত্ৰীয়া সংগীত ক্ষেত্ৰখনৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তি উপস্থিত থাকে । আনহাতে এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তত সংগীত সত্ৰৰ অধীনত থকা ভিন ভিন শিক্ষা প্ৰতিষ্ঠানৰ   গুণীন উপাধিধাৰী শিক্ষাৰ্থী সকলক মানপত্ৰ , সম্বৰ্ধনা আৰু স্বীকৃতি প্ৰদান কৰা হয় । অনুষ্ঠানত গুৱাহাটীৰ আমবাৰীস্থিত পটেনচিয়েল এণ্ড কনচেপ্ট একাডেমীৰ একাদশ বর্ষত অধ্যয়নৰত ছাত্ৰী আৰু সত্ৰীয়া গুৰু  নাৰায়ণ কলিতাৰ অধীনত শিক্ষা গ্ৰহণ কৰা আকাংক্ষা ভৰদ্বাজক গুণীন উপাধিধাৰী নৰ্তন সকলৰ মাজত বিশেষ স্থান লাভৰ স্বীকৃতি প্ৰদান কৰা হয় । উল্লেখযোগ্য যে আকাংক্ষা গুৱাহাটীৰ এক নং ৱাৰ্ডৰ পাণ্ডু শদিলাপুৰ নিবাসী ,  বিশ্বজিত বৰ্মন আৰু আল্পনা বৈশ্য বৰ্মনৰ কনিষ্ঠা কন্যা ।

ৰাজহুৱা পুখুৰীত অনুশীলন কৰি স্বৰ্ণ বুটলিলে গোলাঘাটৰ সাঁতোৰবিদে

ৰাজহুৱা পুখুৰীত সাতোঁৰৰ অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণপদক অৰ্জন কৰিলে গোলাঘাটৰ সাঁতোৰবিদে জনঞ্জয় শইকীয়াই।  ক’ভিড পৰিস্থিতিত পুল বন্ধ হোৱা স্বত্তেও কিন্তু এই সাঁতোৰবিদ জনে বন্ধ কৰা নাছিল  অনুশীলন । তেনে পৰিস্থিতিত  গোলাঘাটৰ জ্যোতিনগৰত এক ৰাজহুৱা পুখুৰী খন্দাই নিজ সন্তানক  সাঁতোৰৰ প্ৰশিক্ষণ দিছিল পিতৃয়ে  আৰু এই পুখুৰীত অনুশীলন কৰিয়েই বাংগালোৰত Sports Federation of India ই অনুষ্ঠিত কৰা 37th Sub Junior and 47th Junior National Aquatic championship ত অংশগ্ৰহণ কৰি সাঁতোৰবিদ জনঞ্জয় শ‌ইকীয়াই।  জনঞ্জয় শ‌ইকীয়াই ৫০ মিটাৰ বাটাৰফ্লাই শাখাত স্বৰ্ণপদক আজুৰি আনিবলৈ সক্ষম হয়।তাৰোপৰি,মাত্ৰ ৫১ ছেকেণ্ডৰ ব্যৱধানৰ বাবে ৰাষ্ট্ৰীয় অভিলেখৰ পৰা পিছ পৰি ৰয় সাঁতোৰবিদ জনঞ্জয় শ‌ইকীয়া।প্ৰশিক্ষক জ্যোতি বসুমতাৰীৰ তত্বাৱধানত জনঞ্জয় শ‌ইকীয়াই লাভ কৰিছিল প্ৰশিক্ষণ। বিজয়ী জনঞ্জয়ৰ সতীৰ্থ,অভিভাৱক তথা প্ৰশিক্ষকৰ দাবী,চৰকাৰে অতিশীঘ্ৰে খুলি দিয়াৰ ব্যৱস্থা কৰক ৰাজ্যৰ চুইমিং পুল সমূহ।

ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চৰ আৰু বেংক অৱ ইণ্ডিয়াৰ মাজত বেংক-এছিউৰেঞ্চ টাই-আপ

 ফিউচাৰ গ্ৰুপ আৰু গ্ল’বেল ইনছিউৰাৰ জেনেৰালি-ৰ জইণ্ট ভেঞ্চাৰৰ সাধাৰণ বীমা শাখা ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চ ক’ম্পানী লিমিটেড (FGII) নিজৰ সাধাৰণ বীমা পণ্যসমূহক অধিক সংখ্যক গ্ৰাহকৰ ওচৰত লৈ যোৱাৰ উদ্দেশ্যত বেংক অৱ ইণ্ডিয়াৰ সৈতে বেংক-এছিউৰেঞ্চৰ সৈতে টাই-আপ কৰিছে। এই ব্যৱসায়িক সম্পৰ্ক স্থাপন হোৱাৰ পাছত FGII-এ দেশৰ 28খন ৰাজ্য তথা 8খন কেন্দ্ৰ শাসিত অঞ্চলত অৱস্থিত বেংক অৱ ইণ্ডিয়াৰ 5084খন শাখাৰ জৰিয়তে নিজৰ সৰ্বোত্তম শ্ৰেণিৰ তথা উদ্ভাৱনী মূলক বীমাৰ বিভিন্ন প্ৰকাৰৰ সমাধান আগবঢ়াব।    

FGII-ৰ ব্যৱসায়িক বৃদ্ধি কৌশলৰ অভিন্ন অংগ হৈ উঠিছে বেংক-এছিউৰেঞ্চ টাই-আপ। এই ক’ম্পানী নিজৰ পণ্য পৰিৱেশনাৰ দিশটোক অধিক মজবুত কৰিবলৈ আজিলৈকে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ সৈতে 15টা সফল ব্যৱসায়িক সম্পৰ্কত যুক্ত হৈছে।

ফিউচাৰ জেনেৰালি ইণ্ডিয়া ইনছিউৰেঞ্চৰ এমডি তথা চিইঅ’ অৰূপ ৰাউ ক’লে, “1906 চনৰপৰা বেংক অৱ ইণ্ডিয়াই ৰাষ্ট্ৰ নিৰ্মাণৰ উদ্দেশ্য লৈ সৰ্বসাধাৰণ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াই আছে। এই প্ৰতিষ্ঠান তথা ইয়াৰ গ্ৰাহকসকলৰ বাবে কাম কৰিবলৈ পোৱাটো আমাৰ বাবে এটা গৰ্বৰ বিষয়। দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰ শাসিত অঞ্চলত বেংক অৱ ইণ্ডিয়াৰ 5084খন শাখা আছে এই বেংকৰ গ্ৰাহক সংখ্যা হ’ল সাত কোটি। এই বেংকৰ শাখাসমূহৰ জৰিয়তে তেওঁলোকৰে গ্ৰাহকসকলৰ ওচৰত যোৱাৰ যি সুবিধা আমি পাইছোঁ, তাৰ বাবে আমি সঁচাকৈ বৰ আনন্দ অনুভৱ কৰি আছোঁ। আমাৰ আশা, পৰস্পৰক যুক্ত কৰিব পৰা এই সম্পৰ্ক সুদীৰ্ঘ দিনলৈ অটুট থাকিব।”