নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক, নিৱন্ধকাৰ তথা পশ্চিম চামতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কৃতী প্ৰধান শিক্ষক ৰমণী বৰ্মনক “মিডিয়া ট্ৰাষ্ট, অসম”ৰ কাৰ্যবাহী ন্যাসৰক্ষী হিচাপে নিৰ্বাচিত কৰাত নলবাৰীৰ বৌদ্ধিক মহলে সন্তোষ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, কালি “মিডিয়া ট্ৰাষ্ট, অসম”ৰ সভাকক্ষত প্ৰশান্তজ্যোতি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ নলবাৰী জিলা সদৰৰপৰা সুদীৰ্ঘকাল ধৰি “দৈনিক অসম”, “নতুন দৈনিক”, “আমাৰ অসম” আদি আগশাৰীৰ বাতৰি কাকতত সংবাদসেৱা কৰি অহা ৰমণী বৰ্মনে নলবাৰী জিলা সাংবাদিক সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আদি অনুষ্ঠানৰো অন্যতম প্ৰতিষ্ঠাপক আছিল ৷ প্ৰায় কুৰি বছৰ ধৰি পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতিৰ পদ অলংকৃত কৰা বৰ্মনে বৰ্তমান নলবাৰী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আছে ৷ পশ্চিম চামতা হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে কৃতী শিক্ষকৰ ৰাজ্যিক বঁটাপ্ৰাপক ৰমণী বৰ্মন নলবাৰীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাবে জৰিত হৈ আছে ৷ “মিডিয়া ট্ৰাষ্ট,অসম”য়ে তেখেতক ট্ৰাষ্টৰ কাৰ্যাহী ন্যাসৰক্ষীৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত নলবাৰী জিলা সাংবাদিক সন্থা, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আদি অনুষ্ঠানে গভীৰ সন্তোষ প্ৰকাশ কৰাৰ লগতে নৱ-নিযুক্ত বৰ্মনলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ৷
নগাঁৱত আৰক্ষীৰ গুলীত আহত মণিপুৰৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া
নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে মণিপুৰৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া আৰ কে হপিনচন। জানিবপৰা মতে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা এটা দলে দেওবাৰে নিশা প্ৰায় ১২.৩০বজাত গ্ৰেপ্তাৰ কৰিছিল আৰ কে হপিনচনক। ডিমাপুৰৰ পৰা নগাঁৱলৈ এখন এল্ট’ গাড়ীত আহি থকা আৰ কে হপিনচনল প্ৰায় ২কোটি টকাৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিছিল নগাঁও আৰক্ষীয়ে। হপিনচনক নগাঁও ৭দিনৰ বাবে ন্যায়িক জিম্মাত লৈ আজি নিশা ননৈত অভিযান চলাবলৈ গৈছিল। কিন্তু ননৈৰ সমীপত হকিনচনে নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ বৰাক আক্ৰমণ কৰি পলায়ণৰ চেষ্টা কৰে। ইয়াৰ পিছতেই নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা দলটোৱে হকিনচনক ভৰিত গুলীয়াবলৈ বাধ্য হয়। ইতিমধ্যে আহত ড্ৰাগছ মাফিয়া হকিনচনৰ লগতে নগাঁও আৰক্ষীৰ জোৱান লক্ষেশ্বৰ বৰাক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মণিপুৰৰ সেনাপতি জিলাৰ বাসিন্দা হকিনচনে বিগত ৫বছৰে উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগছৰ এক বৃহৎ সাম্ৰাজ্য চলাইছিল
মৰিগাঁও মহাবিদ্যালয়ত লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফাইজুৰ ৰহমানক সমাজ সেৱকৰ সম্ভৰ্দ্ধনা
যোৱা ২৪ অক্টোবৰত তক্ষশীলা সামাজিক সাংস্কৃতিক পৰিষদৰ উদ্যোগত উত্তৰ পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ, মৰিগাঁও জিলা সমিতিৰ সহযোগত মৰিগাঁও মহাবিদ্যালয়ত শাৰদীয় কবিতাৰ মৌ-মেল নামৰ এক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত সমাজলৈ বিভিন্ন দিশত সেৱা আগবঢ়োৱা মুঠ ২১ জন ব্যক্তিক সম্ভৰ্দ্ধনা জনোৱা হয় ৷ উক্ত অনুষ্ঠানতে মৰিগাঁও জিলাৰ লাহৰীঘাট গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফাইজুৰ ৰহমানকো বিশিষ্ট সমাজ সেৱক হিচাপে এখন ফুলাম গমোচা, জাপি আৰু প্ৰখস্থী পত্ৰৰে সম্ভৰ্দ্ধনা জনোৱা হয় ৷উক্ত গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে উপস্থিত থাকে মৰিগাঁও জিলা বন বিষয়া দেৱব্ৰত গগৈ, কবি নীল কমল বৰা, কবি ত্ৰীদিপ লস্কৰ, ৰহস্য আলোচনীৰ সম্পাদক ড° বাবু ৰাভা , ড° কবি জয় বৰা , মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ও শিক্ষাবিদ ড° লীলা বৰঠাকুৰ ,মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ও প্ৰাক্তন জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰতাপ হাজৰিকা , মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ও বৰ অসম কাকতৰ সম্পাদক বিৰিনচি কুমাৰ বৰুৱা, ও বহু কবি বিশিষ্ট লেখক ও সমাজ সেৱক সকলকে আদি কৰি বহু গন্য মান্য ব্যক্তি সকলৰ উপস্থিত থাকে ৷ খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও
লাহৰীঘাটৰ মৰিতলীত নক্সাবন্দী আল মুজাদ্দিদি খলিফা হাচেন আলীৰ ৪১ দিনীয়া শ্ৰাদ্ধ অনুষ্ঠান
যোৱা নিশা মৰিগাঁও জিলাৰ লাহৰীঘাটৰ মৰিতলীত সত্যগুৰু শ্বাহ চুফি হজৰত মৌলানা হজৰত ইজ্জত উল্লাহ নক্সাবন্ধী আল মুজাদ্দিদি বিলতীয়া চাহাবৰ অতি প্ৰিয় খলিফা হাচেন আলী নক্সাবন্দী আল মুজাদ্দিদিৰ যোৱা ১৪ চেপ্তেম্বৰত মৃত্যু হৈছিল। তাৰে মৃত্যুৰ ৪১ দিন পূর্ণ হোৱাত তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে মৃত হাচেন আলীৰ পৰিয়ালে যৌথভাবে আনুষ্ঠানিক ভাবে আদ্যশ্ৰাদ্ধৰ আয়োজন কৰে। সেই মৰ্মে নিশা মৃত হাচেন আলীৰ আত্মাৰ সদ্গতিৰ বাবে গুণমুগ্ধ ভক্ত সকলৰ দ্বাৰা সামুহিক দোৱা, নক্সাবন্দীৰ ওপৰত আলোচনা ও জিকিৰ আদিৰ কাৰ্যসূচী সম্পন্ন কৰে। জানিব পৰা মতে মৃত হাচেন আলীৰ কবৰত এখন মাজাৰো স্হাপনৰ সিদ্ধান্ত লোৱা হৈছে বুলি পূত্র হাইদৰ আলী, ইছাহাক আলী আৰু মুশিদ আলীয়ে জনাইছে।
গড়চুকত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু
গুৱাহাটীৰ গড়চুকৰ পৰা কিছু নিলগৰ গাৰোঘুলিত যোৱানিশা এটা বনৰীয়া হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়৷ প্রাপ্ত খবৰ মতে খাদ্যৰ সন্ধানত কাষৰীয়া গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা হাতীটো মাজনিশাৰ পিছেত এ পি ডি চি এলে মানুহৰ ঘৰত সংযোগ দিয়া বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পর্শলৈ আহে আৰু কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়৷ পুৱা হাতীটোক বিদ্যুৎস্পৃষ্ট হৈ মৃত অৱস্থাত প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ লখৰাস্থিত দক্ষিণ গুৱাহাটী বনাঞ্চলিক বিষয়া কার্যালয়ক অৱগত কৰায়৷তাৰ পিছত বনাঞ্চলিক বিষয়া বীৰ সিং ইংতিৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীলৈ আহে আৰু এ পি ডি চি এলৰ কর্মীৰ সহযোগত বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি হাতীটোক উদ্ধাৰ কৰে৷ পূব কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্রাধিকাৰী ৰোহিণী বল্লভ শইকীয়া আৰু সহকাৰী বন সংৰক্ষক গোলাপ বণিয়াই পশু চিকিৎসকসহ ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ওচৰতে থকা গড়ভঙা বনাঞ্চলত গাঁত খান্দি হাতীটো সমাধিস্থ কৰে৷ বন বিষয়া ৰোহিণী বল্লভ শইকীয়াই জানিবলৈ দিয়া মতে প্রায় ৪৫ বছৰ বয়সৰ ৯ ফুট উচ্চতাৰ মতা হাতীটোৱে বিদ্যুৎ বিভাগৰ কোনো কর্মীৰ অৱহেলাৰ বাবেই কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় ৷ইতিমধ্যে এই সন্দর্ভত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ লগতে বিদ্যুৎ পৰিষদৰ উচ্চপদস্থ বিষয়াকো অঞ্চলটোত বিপজ্জনকভাৱে পথৰ কিছু উচ্চতাত ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে৷
ওৰাঙৰ টিনা ইন্টাৰনেশ্বনেলৰ উদ্যোগত ১নবেম্বৰৰ পৰা বিনামূলীয়া বিশুদ্ধ খোৱা পানী যোগান
ওদালগুৰি জিলাৰ মাজবাটৰ যুৱক কিশোৰ শৰ্মাই পশ্ছিম বঙ্গৰ দৰে ৰাজ্যত গৈ TINA INTERNATIONAL নামেৰে পানীৰ মেচিন বিক্রেতা হিচাপে বিগত ২৩ বছৰ ধৰি উত্তৰ পূৰ্বাঞ্চলৰ লগতে অইন বহুতো ৰাজ্যত পানী ফেক্টৰী খুলিবলৈ প্ৰয়োজন হোৱা মেচিন পত্ৰ যোগান ধৰি অহাৰ সমান্তৰালকৈ উদ্যমী যুৱক কিশোৰ শৰ্মাই নিজ বাসস্থান ওদালগুৰি জিলাৰ মাজবাট বিধানসভাৰ দৰে পিছ পৰি থকা অঞ্চলৰ ৰাইজৰ মাজত বিশুদ্ধ পানীৰ প্ৰতি সচেতনতা অনাৰ স্বাৰ্থত শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান TINA INTERNATIONAL ৰ উদ্যগত আৰু ওৰাং সাংবাদিক সন্থাৰ সহযোগত অহা ইংৰাজী ১ নৱেম্বৰ পৰা মাহটোৰ নিৰ্ধাৰিত দিনলৈ বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী বিতৰণ কৰাৰ সিদ্ধান্ত লৈছে । মাজবাটৰ উদ্যমী যুৱক কিশোৰ শৰ্মাৰ এই পদক্ষেপক সমগ্ৰ অঞ্চলৰ ৰাইজে শলাগিছে ।ইচ্ছুকে কিশোৰ শৰ্মাৰ 8638809373,8474082221এই ফোন নম্বৰত সকলো প্ৰকাৰৰ যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে ৷ভাৰত বৰ্ষৰ লগতেই অসম ৰাজ্যতো নিবনুৱা সমস্যাই চৰকাৰৰ লগতে সকলো জনসাধাৰণক চিন্তিত কৰি তোলা সময়তেই ওদালগুৰি জিলাৰ দৰে পিছ পৰি থকা , মাজবাট বিধানসভা সমষ্টিৰ ওৰাংৰ দৰে এটা সৰু ঠাইৰ বাসিন্দা , এটা সাধাৰণ পৰিয়ালৰ এজন উদ্যমী যুৱকে সমগ্ৰ মাজবাট বাসী ৰাইজৰ লগতে ৰাজ্যবাসীৰো চকু আকৰ্ষিত কৰি তুলিবলৈ সক্ষম হৈছে । ৰাজনীতিৰ মাজিয়াটো এই কিশোৰ শৰ্মা নামৰ যুৱক জনে নিজৰ পৰিচয় দাঙি ধৰিছে । ওৰাঙৰ সাধাৰণ ঘৰত জন্ম লাভ কৰা কিশোৰ শৰ্মা নামৰ এই ব্যৱসায়ী জনক ৰাজনীতিৰ পথাৰতো সক্ৰিয় ভূমিকা পালন কৰি অহা পৰিলক্ষিত হৈছে । সমগ্ৰ মাজবাটৰ বিধানসভা সমষ্টিতেই এজন সফল ব্যৱসায়ী লগতে সক্ৰিয় যুৱ নেতা হিচাপে পৰিচিত হবলৈ সক্ষম হৈছে মাজবাটৰ কিশোৰ শৰ্মা নামৰ এই জন যুৱক । এই উদ্যমী ব্যৱসায়ী হিচাপে পৰিচিত কিশোৰ শৰ্মাই ১৯৯৯ চনৰ পৰাই পানীৰ ফিল্টাৰ ব্যৱসায়ৰ লগত সক্ৰিয় ভাবে জড়িত হৈ আহিছে কিশোৰ শৰ্মাই ওৰাঙৰ দৰে সৰু ঠাইত আৰম্ভ কৰিছে এক সুন্দৰ ব্যৱসায় । কিশোৰ শৰ্মা নামৰ যুৱক জনে দীৰ্ঘ ২৩ বছৰ ধৰি ইণ্ডাষ্ট্ৰিয়েল পানী মেচিন বিক্ৰী কৰ্তা হিচাপে ৰাজ্যত TINA INTERNATIONAL হিচাপে ইতিমধ্যেই পৰিচিত । প্ৰায়ে ১২ বছৰ আগৰ পৰাই ওৰাঙৰ এই সাধাৰণ পৰিয়ালৰ যুৱক জনে পশ্ছিম বঙ্গৰ দৰে উন্নয়ন শীল ৰাজ্যত গৈয়ো নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰি সফলতা অৰ্জন কৰিছে । TINA INTERNATIONAL আৰু SARMA SUPPLIER নামৰ দুটা কোম্পানীৰ স্বত্বাধিকাৰী কিশোৰ শৰ্মাই সমগ্ৰ ৰাজ্যৰ প্ৰত্যেক জিলাতেই নিজৰ ব্যৱসায় লৈ যোৱা পৰিলক্ষিত হৈছে । ওৰাঙৰ এই উদ্যমী যুৱকে ৰাজ্যৰ বিভিন্ন জিলাত ঘৰ ,হোটেল ,ফ্লেট ,ৰেষ্টুৰেণ্ট, অফিচ কাৰ্য্যালয় আদিত IRON REMOVE মেচিন বহুৱাই প্ৰচুৰ পৰিমাণ আইৰণ যুক্ত পানী থকা ঠাইতো বিশুদ্ধ পানী ৰাইজক দিবলৈ সক্ষম হৈছে । পানীয়েই প্ৰাণীৰ প্ৰাণ । মানুহৰ শৰীৰত দেখা দিয়া বেছিভাগ ৰোগ বিশুদ্ধ খোৱাপানীৰ ফলত হয় বুলি প্ৰমাণিত হোৱাত , সমগ্ৰ ভাৰত বর্ষতেই খোৱা পানীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে বিশুদ্ধ খোৱা পানীৰ প্ৰতি দেশজুৰি JJM আঁচনিৰ কাম হাতত লৈছে যিটো আঁচনিৰ জৰিয়তে ৰাইজে বিশুদ্ধ পানী পাব । খোৱা পানীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে সকলে ৰাইজক সচেতনতা অৱলম্বন কৰিবলৈ আহ্বান জনায় আহিছে । ঠিক তেনে সময়ত মাজবাটৰ দৰে পিছ পৰি থকা ঠাইৰ পৰা কিশোৰ শৰ্মায়েও ৰাইজৰ ঘৰে ঘৰে আইৰণৰ লগতে নানান ধৰণৰ বিষাক্ত দ্ৰব্য মিহলি হৈ থকা পানীৰ সমস্যা সমাধানৰ কৰি দিয়াৰ লগতে তেওঁৰ নিজৰ ব্যৱসায়কো চলাই লৈ যোৱা পৰিলক্ষিত হৈছে । মাজবাটৰ জনপ্ৰিয় যুৱ নেতা হিচাপে পৰিচিত কিশোৰ শৰ্মাই বৰ্তমান প্ৰদূষণৰ ফলত পানীত দেখা দিয়া আইৰণৰ লগতে নানান ধৰণৰ সমস্যাৰ সমাধান হিচাপে বজাৰত দেখিবলৈ পোৱা আধুনিক যুগৰ পানী ফিল্টাৰ ব্যৱসায়ত গুৰুত্ব প্ৰদান কৰিছে । পানীৰ সকলো ধৰণৰ সমস্যাৰ সমাধান কৰা আধুনিক যুগৰ মেচিন যোগান ধৰাৰ উপৰিও কিশোৰ শৰ্মাই পানী ফেক্টৰী খুলিবলৈ প্ৰয়োজন হোৱা যেনে বটল বনোৱা মেচিন ,খালি বটল ভৰ্তি কৰা মেচিন , লেবৰটৰি R.O PLANT আদি যোগান ধৰি আহিছে । দেখিবলৈ পোৱা মতে আগৰ পুৰণি যুগৰ বালিপথাৰৰ ফিল্টাৰৰ পৰা বাৰে বাৰে বালি শীল আদি সলনি কৰাৰ দৰে সমস্যাৰ সমাধান হিচাপে কিশোৰ শৰ্মাই বজাৰত লৈ অহা ফিল্টাৰ এতিয়া ঘৰে ঘৰে বহুৱাই দিয়াৰ বাবে প্ৰচুৰ হেঁচা আছে মই ক্ৰমান্বয়ে সকলোৰে ঘৰে ঘৰে বহুৱাই দিয়াৰ কামো হাতত হৈছোঁ বুলি মাজবাটৰ উদ্যমী যুৱক কিশোৰ শৰ্মাই জানিব দি ব্যৱসায়িক কিশোৰ শৰ্মাই ৰাজ্যৰ প্ৰায়ে বোৰ জিলাতেই কাৰোবাক পানীৰ মেচিনৰ প্ৰয়োজন হলে 8638809373 এই নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ আহ্বান জনায় ।অহা নবেম্বৰ মাহৰ উপৰিও মাজে সময়ে ওৰাং সাংবাদিক সংস্থা আৰু টিনা ইন্টাৰনেশ্বনেলৰ উদ্যোগত বিনামুলীয়াকৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হব বুলি উদ্যোগক্তা সকলে জনাইছে ৷
ছুপাৰষ্টাৰ ৰজনীকান্তক দাদাচাহেব ফাল্কে বঁটা প্ৰদান
▶️ছুপাৰষ্টাৰ ৰজনীকান্তলৈ আগবঢ়োৱা হৈছে দাদাচাহেব ফাল্কে বঁটা।
▶️ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে তেওঁক এই বঁটা প্ৰদান কৰে।
▶️দাদাচাহেব ফাল্কে বঁটাক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বঁটা বুলি গণ্য কৰা হয়।
▶️ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তৰ পত্নী লতা, জীয়ৰী সৌন্দৰ্য আৰু জোঁৱায়েক ধনুষ উপস্থিত আছিল।
▶️অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক তেওঁৰ বঁটা উৎসৰ্গা কৰে।
▶️বঁটা গ্ৰহণ কৰি পুৰণি দিনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ উঠে ৰজনীকান্ত।
▶️এসময়ত তেওঁ বাছ কণ্ডাক্টৰ হিচাপে কাম কৰিছিল সেই কথাও উল্লেখ কৰে।
▶️কণ্ডাক্টৰ হৈ থাকোঁতে লগ পোৱা বাছচালক বন্ধু ৰাজ বাহাদুৰৰ অন্যতন অৱদান আছিল তেওঁৰ জীৱনত বুলি স্মৰণ কৰে অভিনেতাগৰাকীয়ে।
লাহৰীঘাট ৰাজহ চক্ৰতো মিচন বসুন্ধৰা আঁচনিৰ সজাগতাৰ বিষয়ে বাটৰ নাট প্ৰদৰ্শন
সমগ্র অসমৰ লগতে যোৱা কালি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো মিচন বসুন্ধৰা আঁচনিৰ বিষয়ে সাধাৰণ ৰাইজক অৱগত কৰিবলৈ এক সজাগতা কায্যসূচী হাতত লৈছে।মোৰ মাটি মোৰ অধিকাৰ।এই কথা সাধাৰণ ৰাইজক অৱগত কৰাৱ বাবে মৰিগাঁও প্ৰশাসনে লাংৰা গ্ৰুপৰ দ্বাৰা বাট নাট প্ৰদৰ্শন কৰা হয়। লাহৰীঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা লাহৰীঘাট অঞ্চলৰ ৰাইজক মিচন বসুন্ধৰা আঁচনিৰ মূল কথা বুজাৱ প্ৰয়াস কৰিছে। এই কাৰ্যসূচীত লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া স্বৰাজ ভাৰত লাগাচুৰ লগতে কাৰ্যালয়ৰ বাকি কৰ্মচাৰী সকলো উপস্থিত আছিল।
আগছু ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যকৰী সভা: জিলা সমিতিৰ ৪১তম্ অধিবেশনৰ প্ৰস্তুতি
সদৌ অসম গোৰ্খা ছাত্র সন্থা(আগছু), ওদালগুৰি জিলা সমিতিৰ এক বৰ্ধিত কাৰ্য্যকৰী সভা যোৱা ২৫ অক্টোবৰত জিলা সমিতিৰ মুখ্য কাৰ্য্যলয়ত জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰৰ অধ্যক্ষতাত সম্পন্ন হয়। ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই পৰিচালনা কৰা সভাত আগ্ছু ওদালগুৰি জিলা সমিতিৰ সম্পূৰ্ণ কাৰ্য্যকৰী সদস্য উপস্থিত থকাৰ লগতে জিলা সমিতিৰ অন্তৰ্গত থকা বাৰটা আঞ্চলিক সমিতিৰ সম্পূৰ্ণ সভাপতি, সম্পাদক সকল উপস্থিত থকা উক্ত বৰ্ধিত কাৰ্য্যকৰী সভাত ভালেমান প্ৰস্তাৱ গৃহীত কৰা হয়। তাৰে ভিতৰত এক নম্বৰ প্ৰস্তাৱত উল্লেখ হয় যে আগছু ওদালগুৰি জিলা সমিতিৰ স্বয়ংসেৱক প্ৰমুখ ৰোশন কাৰ্কীয়ে জিলা সমিতিক নজনোৱাকৈ অথৱা আগছুৰ পদৰপৰা অব্যাহতি নোলোৱাকৈ কোনো এটা ৰাজনৈতিক দলৰ সদস্য পদ গ্ৰহন কৰাত জিলা সমিতিয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৰোশন কাৰ্কিক আগ্ছুৰ সদস্য পদৰপৰা বহিস্কাৰ কৰাৰ লগতে জিলা সমিতিৰ ক্ৰীড়া সচিৱ বিবেক থাপা মগৰ আৰু কাৰ্য্যলয় সচিব তিলক ছেত্ৰীক তেওঁলোকৰ কৰ্তব্য পৰায়নতাৰ গাফিলতিত আগ্ ছু ওদালগুৰি জিলা সমিতিৰ পদৰ লগতে সদস্য পদৰ পৰাও বহিস্কাৰ কৰা হয়। উক্ত সভাতেই আগছু ওদালগুৰি জিলা সমিতিৰ ৪১তম্ দ্বি-বাৰ্ষিক অধিবেশন অহা ডিচেম্বৰ মাহৰ ১৮ আৰু ১৯ তাৰিখে ভাৰত-ভূটান সীমান্তৰ বামুনজুলিত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত অধিবেশন সফল কৰি তুলিবলৈ ওদালগুৰিবাসী ৰাইজৰ সহায়-সহযোগিতাৰ কামনা কৰিছে আগছু ওদালগুৰি জিলা সমিতিৰ সভাপতি সোমৰাজ সোনাৰ আৰু সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়াই। অহা দুই-এদিনৰ ভিতৰতে বামুনজুলিত জিলা সমিতিৰ আয়োজনাত অভ্যৰ্থনা সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উক্ত বৰ্ধিত কাৰ্য্যকৰী সভাত জিলা সমিতিৰ সম্পূৰ্ণ বিষয়ববীয়াৰ লগতে আঞ্চলিক সমিতিৰ সম্পূৰ্ণ সভাপতি তথা সাধাৰণ সম্পাদকৰ লগতে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মুখপত্ৰ সম্পাদক ত্ৰিদেৱ বিষ্ট, আগছু বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি ৰোহিতকুমাৰ দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট আদিও উপস্থিত থাকে।

হাতীধুৰাত বি পি এফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী
৩০ অক্টোবৰত অনুষ্ঠিত হব লগা উপ নিৰ্বাচনৰ বাবে অন্যান্য ৰাজনৈতিক দলবোৰৰ দৰে সমষ্টিটোত বি পি এফ দলেও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । বি পি এফ দলৰ মনোনীত প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ সমৰ্থনত আজি সমষ্টিটোৰ অন্তৰ্গত হাতীধুৰাত বি পি এফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় । সভাত বি পি এফ দলৰ সভাপতি তথা প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ভাষণ প্ৰসংগত কয় সমষ্টিটোৰ জনপ্ৰিয় চাৰি বাৰৰ বিধয়ক প্ৰয়াত মাজেন্দ্ৰ নাথ নাৰ্জাৰীয়ে যি দৰে সমষ্টিৰ উন্নয়নমূলক কাম কাজ কৰিছিল ঠিক সেইদৰে প্ৰয়াত বিধায়ক গৰাকীৰ ৰাজনৈতিক শিষ্য তথা বি পি এফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীও জয়ী হোৱাৰ পিছত উন্নয়ন মূলক কাম কাজৰ ধাৰা অব্যাহত ৰাখিব ।মহিলাৰীয়ে মিত্ৰজোঁটৰ অংশীদাৰ দল ইউ পি পি এল দলক তীব্ৰ সমালোচনা কৰি কয় যে ইউ পি পি এল দলৰ সভাপতি তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৱে নিজৰ বড়ো জাতিটোকে সুৰক্ষা দিব নোৱাৰে তেনে ক্ষেত্ৰত অন্যান্য জাতিক কেনেকৈ সুৰক্ষা দিব । বি টি চিক বিক্ৰী কৰি খোৱা প্ৰমোদ বড়োৱে সমষ্টিৰ উন্নতি কেনেকৈ কৰিব বুলিকৈ প্ৰমোদ বড়োক কঠোৰ ভাষাৰে সমালোচনা কৰে হাগ্ৰামা মহিলাৰীয়ে । সমষ্টিটোৰ খাচ মাটিত দীৰ্ঘ দিনৰে পৰা বসবাস কৰা লোক সকলক গৰু খুটিৰ দৰে উচ্ছেদ নকৰি মাটিৰ পট্টা দিয়া হব বুলি উল্লেখ কৰি বিপিএফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্মক নাঙলৰ ছবিত ভোটদি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায় বি পি এফৰ সভাপতি গৰাকীয়ে । সমষ্টিটোত ইউ পি পি এল দলৰ কোনো কাম নাই বুলি উল্লেখ কৰি মহিলাৰীয়ে কয় কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ বিধায়ক সকল ৰাইজৰ পৰা ভোটলৈ নিৰ্বাচনত জিকি সমষ্টিৰ ৰাইজক পাহৰি যায় । পেট্ৰলকে ধৰি অত্যাৱশ্যকীয় সমগ্ৰীৰ মূল্য বৃদ্ধি কৰি ধন উপাৰ্জন কৰা বি জে পি দলৰ পৰা টকা লৈ নাঙলৰ ছবিত ভোট দিয়াৰ বাবে স্বভাব সুলভ ভংগিমাৰ ৰাইজক আহ্বান জনায় মহিলাৰীয়ে । হাতীধুৰা ব্ল’ক বি পি এফৰ সভাপতি সঞ্জীব ভদ্ৰই পৰিচালনা নিৰ্বাচনী সভা খনত বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীকে ধৰি বিপি এফৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা সকলে বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীক নাঙলৰ ছবিত ভোটদি জয়যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনাই ভাষণ প্ৰদান কৰে ।











