Home Blog Page 278

Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান

Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান
Mausum Hazarika: বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান

ভৱানীপুৰৰ শংকৰদেৱ শিশু(Mausum Hazarika) নিকেতনৰ প্ৰেক্ষাগৃহত ‘পদ্মাপ্ৰিয়া সাহিত‍্য সাংস্কৃতিক গোষ্ঠী’য়ে বিশিষ্ট কবি সাহিত‍্যিক মৌচম হাজৰিকাক ২০২৪ চনৰ ‘পদ্মাপ্ৰিয়া সাহিত‍্য বঁটা’ প্ৰদান কৰে। এই উপলক্ষে এখন ফুলাম গামোছা, এটা স্মাৰক, এখন মানপত্ৰ আৰু এটা কিতাপৰ টোপোলা প্ৰদান কৰা হয়।

বঁটা গ্ৰহন কৰি হাজৰিকাই কয় যে, “ মই কবিতা লিখোঁ কাৰণ কবিতাই হৈছে মোৰ অনুভৱবোৰ সবাতোকৈ সঁচাকৈ প্ৰকাশ কৰাৰ এটা উপায়। বহুত কথা আছে যিবোৰ সাধাৰণ কথোপকথনত বা গদ্যৰে প্ৰকাশ কৰিব নোৱাৰি—সেইবোৰ কবিতাৰ জৰিয়তে ওলাই আহে। কবিতাই মোৰ চিন্তা, অনুভৱ আৰু জীবনৰ অভিজ্ঞতাবোৰ গভীৰভাৱে অনুভৱ কৰিবলৈ আৰু বুজিবলৈ সহায় কৰে। কবিতা কেৱল সৃষ্টিশীলতাৰ কথা নহয়, কবিতা মোৰ বাবে এটা ব্যক্তিগত প্ৰয়োজন—নিজক চিনিবলৈ, সময়ৰ সৈতে সংযোগ ৰাখিবলৈ আৰু আনৰ সৈতে অনুভৱৰ বন্ধন গঢ়িবলৈ এটা শক্তিশালী মাধ্যম।”

বঁটা প্ৰদান অনুষ্ঠানত আন কেবাগৰাকী ব‍্যক্তিকো বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হয়।অনুষ্ঠানত ভালেমান বিশিষ্ট ব‍্যক্তি আৰু সমাজকৰ্মী উপস্হিত থাকে।

Karora Higher Secondary School: চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতাওপৰা

Karora Higher Secondary School: চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতাওপৰা
Karora Higher Secondary School: চৰকাৰী বিদ্যালয়ৰ জয়যাত্ৰা, কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতাওপৰা

সম্প্ৰতি সময়ত অসমৰ ভিন্ন প্ৰান্তত অবস্থিত ব্যক্তিগতখণ্ডৰ(Karora Higher Secondary School) শিক্ষানুষ্ঠানসমূহত ২০২৫-২৬ শিক্ষাবৰ্ষত বিভিন্ন শাখাত নামভৰ্তিৰ বাবে সদ্য উত্তীৰ্ণ মেট্ৰিক পৰিক্ষাৰ্থী সকলক বিদ্যালয় কৰ্তৃপক্ষই আকষৰ্ণৰ বিভিন্ন চেষ্টা অব্যাহত ৰাখিছে। বাইহাটা চাৰিআলিস্থিত ৰামানুজন, চিগ্‌মা পইণ্ট, প্ৰজ্ঞা একাডেমি, আইনষ্টাইন প্ৰভৃতি আগশাৰীৰ শিক্ষানুষ্ঠানসমূহেও এইক্ষেত্ৰত পিছ পৰি থকা নাই।

তৎসত্বেও উত্তৰ কামৰূপৰ একাংশ চৰকাৰী শিক্ষানুষ্ঠাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু কলা শাখাত নামভৰ্তিৰ প্ৰাৰম্ভিক পৰ্যায়তে নামভৰ্তিৰ বাবে এক উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ খবৰ আহিছে। চৰকাৰী বিদ্যালয়ৰ বাবে সচাকৈ এক সন্তোষজনক খবৰ। তেনে এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হ’ল কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়।মহাৰজত বৰ্ষৰ প্ৰস্তুতি হাতত লোৱা শিক্ষানুষ্ঠানখনত সম্প্ৰতি কলা আৰু বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে হেতা ওপৰা লাগিছে। শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ কমলেশ্বৰ চৌধুৰীয়ে প্ৰতিবেদকক জনোৱা মতে বিজ্ঞানত ১১৬ আৰু কলা শাখাত ১৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আবেদন কৰিছে।

তাৰ বিপৰীতে কলা শাখাত আসনৰ সংখ্যা ৭০ আৰু বিজ্ঞানত ৬০ টা।তেনেস্থলত বিদ্যালয় কৰ্তৃপক্ষই কলা শাখাত ৬০ শতাংশ আৰু বিজ্ঞান শাখাত প্ৰায় ৬৮ শতাংশ নম্বৰ কাট অফ হিচাপে নিৰ্ধাৰণ কৰিবলৈ বাধ্য হৈছে। যাৰ ফলশ্ৰুতিত কলা আৰু বিজ্ঞান শাখাত সৰ্বমুঠ ১৫৬ গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষানুষ্ঠানখনত অধ্যয়নৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে। প্ৰাপ্ত খবৰ অনুসৰি কোনোপধ্যে বেলেগ শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ইচ্ছুক নহয় বঞ্চিত শিক্ষাৰ্থী সকল। তেওলোক এই বিদ্যালয়তে নামভৰ্তি কৰিবলৈ বদ্ধপৰিকৰ। সেয়ে বিপাঙত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৮এপ্ৰিলত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা আহ্বান কৰাৰ কথা সভাপতি ভূপেন্দ্ৰ ভাগৱতীয়ে জানিবলৈ দিয়ে।

Personality: আধিপত্যশীল বা দমনশীল ব্যক্তিৰ লগতনো কেনেকৈ চলিব লাগে

Personality: আধিপত্যশীল বা দমনশীল ব্যক্তিৰ লগতনো কেনেকৈ চলিব লাগে
Personality: আধিপত্যশীল বা দমনশীল ব্যক্তিৰ লগতনো কেনেকৈ চলিব লাগে

দৈনন্দিন জীৱনত আমি কিছুমান এনেকুৱা ব্যক্তি লগ(Personality)পাওঁ যিবিলাকে আনক নিজৰ মতে চলাবলৈ চেষ্টা কৰে বা আনৰ ওপৰত নিজৰ আধিপত্য বজাই ৰাখিব বিচাৰে। অৰ্থাৎ তেওঁলোক খুব দমনশীল ব্যক্তিত্বৰ গৰাকী হয়। যাক আধিপত্যশীল বা দমনশীল ব্যক্তি বুলি কোৱা হয়। এনে ব্যক্তিৰ লগত চলিবলৈ কেতিয়াবা খুব সমস্যাৰ সন্মুখীন হʼব লগা হয়। কিয়নো তেওঁলোকে সদায় নিজে যেনেধৰণে চিন্তা কৰে বা যিধৰণে কাম কৰে আনেও সেইধৰণে কৰাতো বিচাৰে। কিন্তু তেওঁলোকে ভবাৰ দৰে সকলোৱে নাভাৱিবও পাৰে, বা কিছুমান ক্ষেত্ৰত তেওঁলোকে যিটো কৰে, আনে সেই কামটো বেলেগধৰণে কৰিও ভাল পাব পাৰে। তেওঁলোক আচলতে অতি দৃঢ় ব্যক্তিত্বৰ অধিকাৰী হয়, খুব আত্মবিশ্বাসীও হয়। কিন্তু কেতিয়াবা তেওঁলোকৰ সেই দৃঢ়তা আৰু সকলোকে নিয়ন্ত্ৰণ কৰিব বিচৰা স্বভাৱটোৱে আনক অসুবিধাত পেলাব পাৰে। তেওঁলোক অধিক আত্মবিশ্বাসী হয় কাৰণে তেওঁলোকে যিটো কৰে সেইটোৱে শুদ্ধ বুলি ভাবি লয় বা আনেও সেয়া মানি চলাতো বিচাৰে আৰু তেওঁলোকৰ মতে আনে নকৰিলে তেওঁলোকে কেতিয়াবা আক্ৰমণাত্মকো হৈ উঠে। কেতিয়াবা তেওঁলোকে মৌন হৈ আক্ৰমণ কৰে আৰু কেতিয়াবা খুব চিঞঁৰ-বাখৰ কৰি, নিজৰ ওপৰত আঘাত কৰি, বস্তু-বাহিনী ভাঙি, গালি-গালাজ কৰি আনক আঘাত কৰে। তেওঁলোকৰ নিজৰ মাজত থকা দূৰ্বলতাখিনি আনৰ গাত জাপি দিয়াৰ প্ৰয়াস কৰে। যেতিয়া তেওঁৰ বিষয়ে আপুনি বুজি পোৱা বুলি গʼম পায়, তেতিয়া তেওঁলোকে নিজক বচাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে। আপোনাক ভুল প্ৰমাণিত কৰিবলৈ বা দোষী অনুভৱ কৰাবলৈ আপোনাৰ ওচৰত খুব মিঠা ব্যৱহাৰ কৰিব। যেন আপোনাৰ বহুত যত্ন লয়, আপোনাক বহুত মৰম কৰে। কিন্তু সেইখিনিতে আমি বুজিব লাগিব যে মানুহে হঠাতে ইমান বেছি সলনি কেতিয়াও হʼব নোৱাৰে। সেয়া আপোনাৰ সন্মুখত কৰা তেওঁৰ অভিনয়হে। এনে ব্যক্তিয়ে প্ৰয়োজনত আপোনাৰ ওচৰত কান্দিও দেখুৱায় আৰু নিজকে নিৰ্দোষী সজাবলৈ চেষ্টা কৰে।‌ তেওঁলোকে আনৰ চিন্তা-ধাৰাক গুৰুত্ব নিদিয়ে বা আনৰ মতামতক আওকাণ কৰিব বিচাৰে, সদায় নিজৰটোতে দৃঢ় থাকে। ফলত তেওঁলোকৰ লগত চলাতো বহুত জটিল হৈ পৰে। কিন্তু যেতিয়া আমাৰ পৰিয়ালতেই খুব আপোন কোনোবা তেনে ব্যক্তি থাকে, যাক আমি এৰাই চলিব নোৱাৰোঁ তেতিয়া সমস্যা আৰু অধিক জটিল হৈ পৰে। তেনে পৰিস্থিতিত আমি মানসিকভাৱে অধিক ধৈৰ্য্যশীল হোৱাতো খুবেই জৰুৰী হৈ পৰে। কেতিয়াবা তেনে ব্যক্তিয়ে আপোনাৰ ওচৰত আনৰ খুব প্ৰশংসা কৰিব আৰু কেতিয়াবা খুব বদনাম। আনৰ খুব প্ৰশংসা কৰা মানে আমি বুজিব লাগিব যে তেওঁ আমাক দেখুৱাব বিচাৰে তেওঁ আচলতে আনৰ লগত খুব ভালকৈ চলে, কিন্তু আপোনাৰ লগতহে চলিব নোৱাৰে। আকৌ যেতিয়া আনৰ বদনাম কৰে আপোনাৰ ওচৰত, তেতিয়া বুজা উচিত তেওঁ প্ৰকৃততে আপোনাক আনৰপৰা দূৰ কৰিব বিচাৰে। তেওঁলোকৰ এনে ধৰণৰ চালাকিবোৰ আমি বুজি পাব লাগিব, নহʼলে বিপদ আমাৰে হʼব। তেওঁলোকৰ লগত চলিবলৈ কিছুমান কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া উচিত। প্ৰথম কথা, আমি তেওঁলোকৰ লগত কথা পতাৰ সময়ত শান্ত থকা উচিত। তেওঁলোকৰ কিবা কথাত যদি আমাৰ খং উঠে বা আমি তেওঁৰ কথাত একমত হʼব নোৱাৰোঁ, তেতিয়াও আমি খং প্ৰকাশ নকৰি তেওঁৰ সন্মুখত নিজৰ কথাখিনি খুব ধীৰ-স্থিৰভাৱে ব্যক্ত কৰা উচিত আৰু তেনে ব্যক্তিক কোনোধৰণৰ স্পষ্ট উত্তৰ নিদি ওলোটাই দোমোজাত পেলোৱা উচিত। তাকে নকৰি যদি পোনচাটে তেওঁক উত্তৰ দিবলৈ যাওঁ তেতিয়া কাজিয়াৰহে সৃষ্টি হোৱাৰ সম্ভাৱনা অধিক। তেওঁলোকে যেতিয়া আপোনাৰ প্ৰতিটো কথাত খুঁট উলিয়াবলৈ চেষ্টা কৰে আৰু তেওঁৰ প্ৰতিটো কামত আপুনি তেওঁক অনুসৰণ কৰাতো বিচাৰে, তেতিয়া আমি বুজিব লাগিব আচলতে কোনটো ভাল আৰু কোনটো বেয়া। তাকে নকৰি যদি প্ৰতিটো কথাই চকু মুদি পালন কৰিবলৈ লওঁ, পৰিস্থিতি অধিক বেয়াহে হʼব। তেনে পৰিস্থিতিত আমাৰ আত্মবিশ্বাসো হ্ৰাস পাবলৈ ধৰে। তাৰপৰা আমাৰ মানসিক শান্তি ভংগ হৈ যাব। সেয়ে তেওঁৰ প্ৰতিটো কথাই পালন কৰাতো বিপজ্জনক হʼব পাৰে। কোনটো কথা মনা উচিত আৰু কোনটো মানিলে আমাৰ ক্ষতি হʼব সেয়া নিজেই বিবেচনা কৰা উচিত। যেতিয়া তেওঁলোকে আমাক আঘাত কৰাৰ চেষ্টা কৰে, তেতিয়া তেওঁৰ সন্মুখত এনে দেখুওৱা উচিত যেন সেইবোৰৰ আমাৰ ওপৰত একো প্ৰভাৱেই নপৰে। এইখিনিতে আৰু এটা কথা কওঁ যে যিসকল ব্যক্তি নিজেই দমনশীল প্ৰকৃতিৰ হয় তেওঁলোকে নিজকে চিনি পোৱা উচিত আৰু আনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণত সীমাৱদ্ধতা ৰখা উচিত, লগতে আনৰ চিন্তা-ধাৰা আৰু অনুভূতিকো সন্মান কৰা উচিত। এনে ব্যক্তিও ইচ্ছা কৰিলে বহুখিনি সলনি হʼব পাৰে, কিন্তু তাৰ বাবে তেওঁ নিজেই মানি লʼব লাগিব, তেওঁ যে এগৰাকী দমনী ব্যক্তি।

Virushka: ‘বিৰুষ্কা’ৰ সন্তান কিয় ডাঙৰ হোৱা নাই ভাৰতত ?

Virushka: 'বিৰুষ্কা'ৰ সন্তান কিয় ডাঙৰ হোৱা নাই ভাৰতত ?
Virushka: 'বিৰুষ্কা'ৰ সন্তান কিয় ডাঙৰ হোৱা নাই ভাৰতত ?

কিয় ক্ৰমান্বয়ে ভাৰতৰ পৰা দূৰত্ব বঢ়াইছে বিৰাট-অনুষ্কাই? নিজৰ দেশত নিৰাপদ নহয়নে ?(Virushka) বিৰাট কোহলীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত অভিনয় ত্যাগ কৰে অনুষ্কা শৰ্মাই। বৰ্তমান বিৰাট-অনুষ্কা দুই সন্তানৰ পিতৃ-মাতৃ। এইবাৰ অনুষ্কা শৰ্মাই নিজৰ দেশৰ সৈতে দূৰত্ব বঢ়াইছে! এই খবৰত বলীউডৰ অনুৰাগীসকলো সুখী নহয়, ঠিক তেনেকৈ তেওঁলোকৰ অনুৰাগীসকলো সুখী নহয়। তাৰকা দম্পতীয়ে তেওঁলোকক বিশ্বৰ সৈতে চিনাকি কৰাই দিয়া আৰু তেওঁলোকৰ পেছাদাৰী জীৱনত সফলতা কঢ়িয়াই অনা দেশখনৰ পৰা আঁতৰি গৈছে, কিয়?


‘বিৰুষ্কা’ৰ এই সিদ্ধান্তৰ আঁৰত দুটা কাৰণ উন্মোচিত হৈছে। বলীউডৰ অন্তৰ্দৃষ্টিসম্পন্ন লোকৰ প্ৰথা অনুসৰি ছেইফ আলী খানৰ ঘটনাৰ পিছত বহু তাৰকাই নিজৰ সন্তানক সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে। দ্বিতীয়তে, পেহেলগামত সংঘটিত হোৱা নৰকীয় ঘটনাটোৱে হয়তো বিৰাট আৰু অনুষ্কাৰ ওপৰত ছাপ পেলাইছে।

এই দুটা কাৰণতে সঁচাকৈয়ে বিৰাট আৰু অনুষ্কা নিজৰ দেশৰ পৰা আঁতৰি আছেনে? শেহতীয়াকৈ তেওঁলোকে মাধুৰী দীক্ষিতৰ প’ডকাষ্টত অংশগ্ৰহণ কৰে। তাতে বহিঃৰাজ্যত থকা দ্বিতীয় পৰিয়ালটোৰ কথা কয়। মাধুৰীৰ ডাক্তৰ স্বামী শ্ৰীৰাম নেনেও এই প’ডকাষ্টৰ সৈতে একমত। পিছত তেওঁ সাংবাদিকৰ আগত কয় যে বিৰুষ্কাৰ সিদ্ধান্ত আছিল তেওঁৰ সন্তানক নিৰাপদ জীৱন দিয়া আৰু ব্যক্তিগত জীৱনক ব্যক্তিগতভাৱে ৰখা।

বিৰাট-অনুষ্কাই দুখ মনেৰে প’ডকাষ্টৰ আগত কয় যে তেওঁলোকে ইচ্ছা কৰিলেও তেওঁলোকে ফুচকা আৰু ভেলপুৰী খাবলৈ ওলাই যাব নোৱাৰে। ৰাজপথত ভিৰ হয়। একেদৰে সংবাদ মাধ্যমতো নিজৰ সন্তানক লৈ অত্যধিক কৌতুহলী। তেওঁলোকে এয়া ভাল নাপায়। কিন্তু বিদেশত এনে নহয়।

গতিকে লণ্ডনত তেওঁলোকৰ দ্বিতীয় পৰিয়াল আছে। বিৰাট আৰু অনুষ্কাই অনুভৱ কৰে যে তেওঁলোকৰ সন্তান দুটাৰ শৈশৱ তাত বহুত বেছি সুৰক্ষিত।

Indian Army: ভিডিঅ’ত শক্তি দেখুৱালে ভাৰতীয় সেনাই

Indian Army: ভিডিঅ’ত শক্তি দেখুৱালে ভাৰতীয় সেনাই
Indian Army: ভিডিঅ’ত শক্তি দেখুৱালে ভাৰতীয় সেনাই

ভাৰতীয় সেনাৰ স্থলবাহিনী আৰু নৌসেনাই শেহতীয়াকৈ দুটা ইংগিতদায়ক পোষ্ট কৰে৷(Indian Army) এটাত ভিডিঅ’ আৰু এটাত ছবি আছে৷ সেনাই কয় যে তেওঁলোক সদায় সাজু৷ পেহেলগাম পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অৱনতি ঘটিছে৷ প্ৰায় প্ৰতিদিনে কাঁইটীয়া তাঁৰৰ পিছ ফালৰ পৰা আৰু ইয়াৰ বাহিৰৰ পৰা কোনোবা নহয় কোনোবা ধৰণৰ সতৰ্কবাণী আহে৷ সেই পৰিৱেশত এইবাৰ ভাৰতীয় সেনাই ‘শক্তি প্ৰদৰ্শন’ কৰিলে৷ কিন্তু প্ৰত্যক্ষভাৱে নহয়, ভিডিঅ’ৰ জৰিয়তে৷ ভাৰতীয় সেনাৰ স্থলবাহিনীয়ে শনিবাৰে পুৱা এটা ভিডিঅ’ পোষ্ট কৰে৷ তাত এটা সতৰ্কবাণী বাৰ্তা৷ নৌসেনায়ো এটা পোষ্টত একে ধৰণৰ বাৰ্তা দিছিল৷ স্থলবাহিনীৰ ভিডিঅ’টোত ভাৰতীয় সেনাৰ কিছু সাহসী অভিযানৰ মুহূৰ্ত চিত্ৰিত কৰা হৈছে৷ ইয়াত বায়ুসেনাৰ অভিযানৰ ছবিও সন্নিৱিষ্ট কৰা হৈছে৷

ভিডিঅ’টোত ‘নিৰ্ভীক’, ‘কঠোৰ’, ‘অপ্ৰতিৰোধ্য’ আদি বিশেষণ ব্যৱহাৰ কৰা হৈছে৷ কোৱা হৈছে, ‘কোনো ভূখণ্ড ভাৰতীয় সেনাৰ বাবে অজেয় নহয়, কোনো অভিযান ইয়াৰ হাতৰ মুঠিৰ বাহিৰত নহয়৷’ সেনাবাহিনী সদায় সাজু৷ ‘অলৱেজ বি এলাৰ্ট৷’ নৌসেনাই কোনো ভিডিঅ’ প্ৰকাশ কৰা নাই৷ নৌসেনাৰ জাহাজৰ ছবি পোষ্ট কৰি তেওঁলোকে লিখিছে, ‘ঐক্য আমাৰ শক্তি৷’ আমি সদায় এটা নিৰ্দিষ্ট লক্ষ্য লৈ উপস্থিত আছো৷’ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত চ্ছজন লোকৰ মৃত্যু হৈছিল৷ ইয়াৰে ২৫জন পৰ্যটক আৰু এজন স্থানীয় বাসিন্দা৷ অভিযোগ অনুসৰি, পৰ্যটকক তেওঁলোকৰ ধৰ্মীয় পৰিচয়ৰ বিষয়ে সোধাত নিৰ্বাচিতভাৱে হত্যা কৰা হৈছিল৷ এই আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল তেওঁলোকক দোষাৰোপ কৰি৷ আটাৰী সীমান্ত বন্ধ কৰি পাকিস্তানীক উভতি যাবলৈ কোৱা হৈছে৷ ভিছা বাতিল কৰা হৈছে৷

নতুন দিল্লীয়ে স্থগিত ৰাখিছে সিন্ধু জল সন্ধি৷ পাকিস্তানে আৰম্ভণিৰে পৰাই এই আক্ৰমণত কোনো ধৰণৰ জড়িততা অস্বীকাৰ কৰি আহিছে৷ ভাৰত চৰকাৰে পৰ্যটকক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰি প্ৰতিহত কৰে৷ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে পাকিস্তানক দোষাৰোপ কৰা হৈছে৷ ইছলামবাদেও ভাৰতৰ বিৰুদ্ধে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ ব্যৱসায় বন্ধ হৈ পৰিছে৷ শিমলা চুক্তি স্থগিত ৰখাৰ হুংকাৰ৷ ইছলামাবাদে কয় যে সিন্ধুৰ পানী যোগান বন্ধ কৰাটো ‘যুদ্ধ’ৰ কাৰ্য হিচাপে গণ্য কৰা হ’ব৷

কিন্তু এই সতৰ্কবাণীৰ পিছতো ভাৰতে নিজৰ সিদ্ধান্তৰ পৰা পিছুৱাই নাযায়৷ সিন্ধু সন্ধি স্থগিত ৰখাৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলি আছে৷ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ এই টান পৰিস্থিতিৰ মাজতে সীমান্তত নতুন অশান্তি বিয়পি পৰিছে৷ পেহেলগামৰ আক্ৰমণকাৰীক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ অভিযোগ অনুসৰি নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানে প্ৰতিদিনে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি গোলাবৰ্ষণৰ আশ্ৰয় লৈছে৷ ইফালে শনিবাৰে ভাৰতীয় সেনাই এই ভিডিঅ’টো পোষ্ট কৰে৷ যিটো বৰ্তমানৰ পৰিস্থিতিত ইংগিতদায়ক বুলি গণ্য কৰা হৈছে৷

Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ

Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ
Assam panchayat polls 2025: বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ

ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ বতাহ(Assam panchayat polls 2025)গৰম হৈ পৰিছে৷ এনে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিৰোধী তথা শাসকীয় পক্ষই পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ বিৰোধী কংগ্ৰেছে বিজেপিৰ পদাংকই অনুসৰণ কৰি বিভিন্ন ধৰণৰ জনহিতকৰ আঁচনি তথা পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰত প্ৰকাশ কৰিছে৷ এনে সময়তে বিৰোধীয়ে লগতে এই বুলিও প্ৰচাৰ চলাই যে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া৷

বিৰোধী পক্ষই এই বুলি দাবী কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আঁতৰাই এইবাৰ দিলীপ শইকীয়াক বিজেপিয়ে অসমৰ মুখ্যমন্ত্ৰী পাতিব৷ বিৰোধীৰ মাজত চৰ্চিত এনে আলাপ-আলোচনাৰ মাজতেই আজি লক্ষণীয়ভাৱে গুৱাহাটীৰ বাজপেয়ী ভৱনত আয়োজিত বিজেপিৰ পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজহুৱাভাৱে এই কথা স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি তেওঁৰ ব্যক্তিগতভাৱে তথা দলীয়ভাৱে সম্পূৰ্ণ আনুগত্য আছে আৰু এইক্ষেত্ৰত বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ কোনো ভিত্তি নাই৷ শইকীয়াই লগতে কয় যে অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ কৰি নিজৰ স্বাৰ্থসিদ্ধি কৰাৰ উদ্দেশ্যেই বিৰোধীয়ে বিভিন্ন সময়ত বিজেপিৰ বিৰুদ্ধে নানান অপপ্ৰচাৰ তথা ষড়যন্ত্ৰত লিপ্ত হৈছে৷

কিন্তু তেনে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ কৰি বিৰোধীয়ে বিজেপিৰ কোনো ক্ষতি কৰাতো বাদেই ৰাজ্যবাসীৰ ওচৰতো নিজৰ আস্থা হেৰুৱাবলগীয়া হৈছে বুলি শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ লগতে কয় যে বিৰোধীয়ে বৰুণ বাণ মাৰিলে আমি অগ্নিবাণ মাৰিবলৈ সাজু আছোঁ৷ এইক্ষেত্ৰত কেৱল বিজেপিয়েই নহয় সমগ্ৰ অসমবাসীয়েই বিৰোধীৰ কূট-কৌশল ভালদৰে বুজি পাইছে আৰু তেওঁলোকেও বৰুণবাণৰ সলনি অগ্নিবাণ মাৰিবলৈহে সাজু হৈ আছে৷ ইয়াৰ প্ৰমাণ আহি থকা পঞ্চায়ত নিৰ্বাচনত সকলোৱে দেখিব বুলি তেওঁ কয়৷

পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰ মুকলি অনুষ্ঠানত ক’লে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই
বিৰোধীৰ বৰুণবাণ প্ৰতিহত কৰিবলৈ বিজেপিয়ে সাজু কৰিছে অগ্নিবাণ(Assam panchayat polls 2025)

Asmita Khelo India Women’s Pencak Silat League: ১ মে’ৰ পৰা মহাৰাষ্ট্ৰত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

Asmita Khelo India Women’s Pencak Silat League
Asmita Khelo India Women’s Pencak Silat League

আগন্তুক ১ ৰ পৰা ৪ মে'(Asmita Khelo India Women’s Pencak Silat League) তাৰিখে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্‌চাক চিলাট এছ’চিয়েশ্বনৰ সহযোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’বলগীয়া আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।

২০২৫ ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ মহিলা পেন্‌চাক চিলাট খেলুৱৈসকল আজি গুৱাহাটী ৰেল-ষ্টেশ্বনৰ পৰা মহাৰাষ্ট্ৰ অভিমুখে ৰাওণা হৈছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ পৰ্য্যবেক্ষণত হ’ৱলগীয়া উক্ত প্ৰতিযোগিতাত দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১৫০০ গৰাকী জুনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগীতাখনত অসমৰ ধেমাজী জিলাৰ পৰা নিহাৰিকা নেওগ, অনিতা চুতিয়া, হেপ্পি দেৱনাথ আৰু লাকী বিশ্বকৰ্মা, গোলাঘাত জিলাৰ তুষ্টিপ্ৰিয়া বৰা, ৰশ্মিতা নাথ, মনিকা বড়ো, সুমন গৌড়, চিম্পী বৰা আৰু ৰিম্পী গগৈ, শিৱসাগৰ জিলাৰ দিল আফ্ৰুজা বেগম, যোৰহাট জিলাৰ বৈষ্ণবী কছাৰী, বিশ্বনাথ জিলাৰ স্নেহা গগৈ আৰু গোৱালপাৰা জিলাৰ সাগৰিকা ৰাভা আদি চৈধ্য গৰাকী গেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি শাখাত প্ৰতিযোগিতা আগবঢ়াব বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলে জানিবলৈ দিয়ে।

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !
Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

এফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)
ঝিলাম নদীৰ পানীৰ সোঁত বৃদ্ধিৰ বাবে বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানৰ মুজাফ্ফৰাবাদ (মুজাফ্ফৰাবাদ বান) প্ৰশাসনে বান সতৰ্কবাণী জাৰি কৰি ৰাইজক নদীৰ পৰা আঁতৰি থাকিবলৈ কয়।

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ সৈতে কৰা সিন্ধু জল সন্ধি স্থগিত ৰাখিছে। ইফালে, শনিবাৰে (২৬ এপ্ৰিল, ২০২৫) ভাৰতে পাকিস্তানৰ মুজাফ্ফৰাবাদৰ হাটিন বালা অঞ্চলৰ ঝিলাম নদীত পানী এৰি দিয়ে। ইয়াৰ বাবেই মুজাফ্ফৰাবাদ প্ৰশাসনে পানীৰ জৰুৰীকালীন ঘোষণা কৰিছে। আচলতে ঝিলাম নদীত পানী এৰি দিয়াৰ বাবে হঠাতে মুজাফ্ফৰাবাদত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়।

তথ্য মতে, উৰিৰ অনন্তনাগ জিলাৰ পৰা চাকোঠীত পানী প্ৰৱেশ কৰাৰ বাবে ঝিলাম নদীত হঠাৎ আৰু ভয়াৱহ বানপানীৰ সৃষ্টি হোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত শংকা আৰু আতংকৰ সৃষ্টি হয়। সিন্ধু জল সন্ধিৰ অধীনত পাকিস্তানে ব্যৱহাৰ কৰি থকা তিনিখন নদীৰ পানীৰ সৰ্বোত্তম ব্যৱহাৰৰ উপায় অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। শুকুৰবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ১৯৬০ চনৰ সিন্ধু জল সন্ধি সন্দৰ্ভত ভৱিষ্যতৰ ব্যৱস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰিবলৈ এই প্ৰস্তাৱ উত্থাপন কৰা হয়।

শুকুৰবাৰে জল শক্তিৰ মন্ত্ৰী চি আৰ পাটিলে কয় যে পাকিস্তানলৈ যাতে এটোপাল পানীও নাযায় তাৰ বাবে চৰকাৰে এক কৌশল ৰচনা কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহু নিৰ্দেশনা জাৰি কৰিছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ এই বৈঠক আয়োজন কৰা হৈছে।

Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী…!

Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী...!
Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী...!

২৭ এপ্ৰিল ২০২৫, আজি পবিত্ৰ দিন।(Horoscope) চন্দ্ৰক মেষ ৰাশিত ৰখা হৈছে, যাৰ বাবে সাহস, উদ্ভাৱন আৰু ইতিবাচক পদক্ষেপৰ শক্তি শক্তিশালী হ’ব। পুৰণি অভ্যাস আৰু নেতিবাচকতাক এৰি নতুন অধ্যায় আৰম্ভ কৰাৰ বাবে এই দিনটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। আজি আপোনাৰ ৰাশিফলত কি কোৱা হৈছে জানি লওক-

মেষ ৰাশি

আজি আত্মবিশ্বাসেৰে ভৰা দিন হ’ব। আপুনি এটা নতুন প্ৰজেক্ট আৰম্ভ কৰিব পাৰে। পাৰিবাৰিক জীৱনত সম্প্ৰীতি থাকিব। পুৰণি বিবাদৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক, মৃদু মূৰৰ বিষ বা ভাগৰুৱা হ’ব পাৰে।

বৃষ ৰাশি

বৃষ ৰাশিৰ লোকৰ বাবে আজি হ’ব স্থিৰতা আৰু নতুন সম্ভাৱনাৰে ভৰা দিন। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পুৰস্কাৰ লাভ কৰিব। আপোনাৰ উৰ্ধতন বিষয়াৰ পৰা আপুনি প্ৰশংসা পাব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ, কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আঁতৰি থাকিব লাগিব। সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে সময় কটালে মানসিক চাপ কমি যাব। ব্যৱসায়ত অংশীদাৰিত্বৰ পৰা লাভৰ লক্ষণ দেখা গৈছে।

মিথুন ৰাশি

আজি আপোনাৰ চিন্তাত স্পষ্টতা আহিব আৰু সৃষ্টিশীল কামৰ প্ৰতি আকৰ্ষিত হ’ব। ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাত সফলতা লাভ কৰিব পাৰে। প্ৰেম জীৱনত থাকিব মধুৰতা। পৰিয়ালত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰি, য’ত আপোনাৰ পৰামৰ্শ গুৰুত্বপূৰ্ণ হ’ব।

কৰ্কট

কৰ্কট ৰাশিৰ লোকৰ বাবে আজি সম্পৰ্কত সম্প্ৰীতি অনাৰ দিন। পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে। কৰ্মক্ষেত্ৰত নতুন সুযোগ পাব পাৰে। টকা পোৱাৰ সম্ভাৱনা আছে যদিও বুদ্ধিমানৰূপে বিনিয়োগ কৰক। বয়োজ্যেষ্ঠসকলৰ পথ প্ৰদৰ্শনে আপোনাক সঠিক দিশত লৈ যাব। শিশুৰ সন্দৰ্ভত চিন্তা হ’ব পাৰে।

সিংহ ৰাশি

আপোনাৰ নেতৃত্বৰ দক্ষতাই আজি সকলোকে আপ্লুত কৰিব। কামৰ প্ৰতি আগ্ৰহী হ’ব আৰু নতুন দায়িত্বও পাব পাৰে। চৰকাৰী চাকৰিৰ বাবে সাজু হোৱা সকলে হয়তো ভাল খবৰ পাব। পাৰিবাৰিক জীৱন সুখী হ’ব, কিন্তু পত্নীৰ লগত তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকক। ধ্যান আৰু যোগাসনে মানসিক শান্তি দিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয় সমাধান কৰিব পাৰিব।

কন্যা ৰাশি

আজি আপোনাক নতুন দায়িত্বৰ দিশে লৈ যাব। কামত কিছু বাধা আহিব যদিও ধৈৰ্য্যৰে সকলো সম্ভৱ হৈ উঠিব। শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত বিষয়ত আপুনি সফলতা লাভ কৰিব। স্বাস্থ্য অলপ দুৰ্বল হৈ থাকিব পাৰে, বিশেষকৈ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঘৰতে প্ৰাৰ্থনা বা ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰি।

তুলা ৰাশি

তুলা ৰাশিৰ লোকৰ বাবে আজি অংশীদাৰিত্ব আৰু সম্প্ৰীতিৰ দিন। পাৰস্পৰিক বুজাবুজি আৰু কথা-বতৰাৰ জৰিয়তে সম্পৰ্ক অধিক শক্তিশালী হ’ব। পুৰণি বন্ধু আগবাঢ়ি আহিব পাৰে আপোনাক সহায় কৰিবলৈ। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু নিশ্চিতভাৱে বিশেষজ্ঞৰ পৰামৰ্শ লওক। আজি আপোনাৰ চিন্তাই মানুহক অনুপ্ৰাণিত কৰিব পাৰে। যিকোনো স্থবিৰ প্ৰকল্পই আজি গতি লাভ কৰিব পাৰে। নতুন বন্ধুত্ব বহুদিনলৈ টিকি থাকিব আৰু সহায়ক বুলি প্ৰমাণিত হ’ব।

বৃশ্চিক ৰাশি

আজি কৰ্ম আৰু আত্মনিৰীক্ষণৰ দিন। কোনো এটা পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব আৰু মানসিক শান্তি অনুভৱ কৰিব। কাৰ্যালয়ত নতুন পৰিৱৰ্তনৰ বাবে সাজু থাকক।পৰিয়ালৰ পৰিবেশ মধুৰ হৈ পৰিব। শিশুৰ অগ্ৰগতিৰ লগত মন সুখী হ’ব। কৰ্মক্ষেত্ৰত এজন জ্যেষ্ঠৰ পৰা সমৰ্থন পাব।

ধনু ৰাশি

আজি আপুনি শক্তিৰে ভৰি পৰিব আৰু বহুতো বাকী থকা কাম সম্পূৰ্ণ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্ক ভালে থাকিব। নিয়োজিত লোকে পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰ পাব পাৰে। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব যদিও খাদ্যাভ্যাসৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদে দিনটো সফল কৰি তুলিব।

মকৰ ৰাশি

মকৰ ৰাশিৰ লোকৰ বাবে আজি ভাৰসাম্য আৰু অনুশাসনৰ দিন। কৰ্মক্ষেত্ৰত আপোনাৰ সঠিক পৰিকল্পনা কৰিলে ভাল লাভ হ’ব। পুৰণি বন্ধুক লগ পাব পাৰে। বিবাহিত জীৱনত সুখ আৰু সম্প্ৰীতি থাকিব। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে দিনটো অনুকূল। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব।

কুম্ভ ৰাশি

সৃষ্টিশীলতা আৰু উদ্ভাৱনৰ বাবে আজি এক অতি অনুকূল দিন। নতুন ধাৰণা ৰূপায়ণ কৰক আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওক। যিকোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব পাৰে। শিশুৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব পাৰি। বিনিয়োগ কৰাৰ আগতে আকৌ এবাৰ ভাবি চাওক।

মীন ৰাশি

মীন ৰাশিৰ বাবে আজি আত্মনিৰীক্ষণ আৰু আধ্যাত্মিকতাৰ দিন। মানসিক শান্তি অনুভৱ কৰিব। সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব আৰু পাৰস্পৰিক বুজাবুজি বাঢ়িব। আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব।

Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ

Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ
Gogamukh News: উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিয়কঃ গোগামুখৰ নলবাৰীত এন ডি এ-ৰ হৈ  নিৰ্বাচনী প্ৰচাৰ ইউ জি ব্ৰহ্মৰ

ৰাজ্যখনৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান পৰ্বলৈ আৰু মাত্ৰ  এসপ্তাহ সময় থাকোঁতে  ৰাজনৈতিক দলবোৰে চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰিছে ৷(Gogamukh News) আজি ধেমাজি জিলাৰ গোগামুখৰ  নলবাৰীত বিজেপি মিত্ৰজোঁটৰ হৈ অসম চৰকাৰৰ মন্ত্ৰী উৰ্খা গৌৰ ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷ ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী আৰু গুনৰী ব্ৰহ্মৰ হৈ  নলবাৰী পঞ্চায়তত  সহস্ৰাধিক ভোটাৰ  ৰাইজৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ৷

নলবাৰী বড়ো ৰাজহুৱা ভৱনত অনুষ্ঠিত হোৱা উক্ত প্ৰচাৰ অভিযানত ইউ জি ব্ৰহ্মই কয়- সমগ্ৰ অসমৰ প্ৰতিটো পঞ্চায়ততে  এন ডি এ-ৰ প্ৰাৰ্থীসকলে বিজয়ী হোৱাটো নিশ্চিত ৷ কংগ্ৰেছ দল এতিয়া অসমৰ পৰা নিঃশেষ গৈছে ৷ বহুকেইটা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত এন ডি এ-ৰ প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰিছে ৷ বৰদলনি জিলা পৰিষদ ক্ষমালী বৰদেউৰী দৈমাৰী আৰু নলবাৰী আঞ্চলিক পঞ্চায়তত গুনৰী ব্ৰহ্ম জয়ী হোৱাটো নিশ্চিত ৷ বৰদলনি জিলা পৰিষদত কংগ্ৰেছ দলে নিয়ম ৰক্ষাৰ বাবে প্ৰাৰ্থী থিয় কৰাইছে ৷ ভোট যুদ্ধত কংগ্ৰেছ দল কোনো প্ৰতিদ্বন্দিতালৈ নাহে বুলিও তেওঁ মন্তব্য দিয়ে ৷ তেওঁ লগতে কয়- কৰ্মপটু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসম দ্ৰুতগতিত উন্নয়ন হৈছে ৷

বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি হৈছে আৰু অধিক উন্নয়নৰ বাবে বিজেপি মিত্ৰজোঁটক ভোট দিবলৈ তেওঁ ভোটাৰ ৰাইজক আহ্বান জনায় ৷ নিৰ্বাচনী প্ৰচাৰ সভাত বড়ো কছাৰী কল্যান স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰী, ৩ নং বৰদলনি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ষমালী বৰদেউৰী দৈমাৰী, নলবাৰী আঞ্চলিক পঞ্চায়তৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী গুনৰী ব্ৰহ্ম, এবছুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি শিৱৰাম বসুমতাৰী উপস্থিত থাকে ৷