গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত আজি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত “অন্ন মহোৎসৱ”ৰ শুভ উদ্বোধন কৰা হয়। মহকুমাটোৰ দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ প্ৰাংগণত আয়োজিত এক উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে অন্ন মহোৎসৱটিৰ শুভাৰম্ভণি কৰা হয়। এই অন্ন মহোৎসৱৰ জৰিয়তে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ হিতাধীকাৰীসকলক 5 কিলো অতিৰিক্ত চাউলৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হব। আজিৰ এই অনুষ্ঠানতেই কেইবাজনো হিতাধীকাৰীক দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ছবি সম্বলিত এটি মোনাৰ সৈতে 10 কিলোকৈ চাউল প্ৰদান কৰা হয়। এই শুভাৰম্ভণি অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কৃষাণ মৰ্চাৰ সদস্য সঞ্জীৱ বৰুৱা, দক্ষিণ বৰপথাৰ সমবায় সমিতিৰ সভাপতি জগত বুঢ়াগোহাঁই, সমবায় সমিতিখনৰ সচিব ৰজত শৰ্মা আৰু সুলভ মূল্যৰ দোকানৰ এজেন্ট সমূহৰ লগতে বহুকেইজন ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনি খনৰ ওপৰত আলোকপাত কৰা হয়।
চিকিৎসা নাপাই নাজিৰাত এটি দুবছৰীয়া শিশুৱে অকালতে হেৰুৱালে প্ৰাণ
ৰাজ্য জুৰি চিকিৎসকসকলে পালন কৰা ধৰ্মঘটৰ কৰুণ পৰিণতিৰ সাক্ষী হৈ ৰ’ল নাজিৰাত। শুকুৰবাৰে পূৱাৰ ভাগত নাজিৰা মেকিপুৰৰ মেমমাটিৰ আৰিয়ন চবৰ নামৰ এটি ২ বছৰীয়া শিশু মৃগী ৰোগত গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত লিগিৰীপুখুৰীস্থ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোৱৰণী অসামৰিক চিকিৎসালয়লৈ পৰিয়ালৰ লোকে লৈ আনে যদিও চিকিৎসক সকলে অব্যাহত ৰখা ধৰ্মঘটৰ বাবে ৰোগীক চিকিৎসা নকৰাত কিছুসময়ৰ পিছত চিকিৎসালয়খনতে কৰুণভাৱে মৃত্যুক সাৱটি লয় শিশুটিয়ে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি উক্ত সময়ত চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে চিকিৎসকৰ প্ৰতিবাদৰ হেতু চিকিৎসালয়ত উক্ত সময়ত চিকিৎসক নাই বুলি ঘূৰাই পঠাই ৰোগগীয়া শিশুটি আৰু পৰিয়ালক।ইফালে পৰিয়ালৰ লোকৰ অভিযোগ খণ্ডন কৰিছে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীয়ে। চিকিৎসালয়ত উক্ত সময়ত শিশু বিশেষজ্ঞ নথকা বুলিয়ে তেখেতে জনায় বুলি জানিবলৈ দিয়ে।ইফালে লিগিৰীপুখুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত শিশু বিশেষজ্ঞ মঃ বক্তিয়াৰ হুছেইনৰ চৰকাৰী আৱাসগৃহলৈ গৈ পৰিয়ালৰ লোকে শিশুটিৰ চিকিৎসাৰ বাবে কাকুতি মিনতি কৰে যদিও চিকিৎসকজনে ধৰ্মঘটৰ দোহাই দি চিকিৎসা প্ৰদান নকৰিলে শিশুটিক। যাৰ পৰিণতিত বিনা চিকিৎসাৰে অকালতে মৃত্যুক সাৱতিলে ২ বছৰীয়া শিশুটিয়ে। এই ঘটনাই সমগ্ৰ নাজিৰাত বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালক চৰকাৰে উচিত ক্ষতিপূৰণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
বৰপেটা জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পেট্ৰল জাতীয় সামগ্ৰী আদিকে কৰি মূল্য বৃদ্ধিৰ প্ৰতিবাদত ‘সত্যাগ্ৰহ’
:সমগ্র ৰাজ্যৰ লগতে বৰপেটা জিলা ছাত্র সন্থাৰ উদ্যোগত পেট্ৰল জাতীয় সামগ্ৰীকে আদি কৰি সকলো ধৰণৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্রতিবাদত আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ প্ৰতিবাদত বৰপেটা চহৰৰ মাজ মজিয়াত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্য্যসূচীত ছাত্র সংগঠনটোৱে হাতে হাতে প্লে কাৰ্ড লৈ বি জে পি চৰকাৰ হাই হাই, যোগান বিভাগ মূল্য বৃদ্ধি ৰোধ কৰাত ব্যর্থ হৈছে আদি শ্লোগানেৰ পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন সোধাইছে। এটা সময়ত বিয়াগোম নেতাই গৰুৰ গাড়ীত উঠি আৰু পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমান সময়ত চৰকাৰ অহাৰ পিছত নিমাত হৈ থকা দেখা গৈছে।অনাগত দিনত চৰকাৰে যদি মূল্য বৃদ্ধি ৰোধ নকৰে আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।
বিচাগাওঁ-মধুপুৰ সংযোগী পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক।
মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা পথ। বিচাগাওঁ-মধুপুৰ সংযোগী উক্ত পথটোৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। উক্ত পথটো ব্যৱহাৰ কৰি আহিছে চাৰিখনকৈ গাওঁ ক্ৰমে বিচাগাওঁ, মধুপুৰ, অমৃত গাওঁ আৰু টকলং বাসী ৰাইজে। বৰ্তমানৰ এই কাতি মহীয়া এজাক বৰষুণতেই পথটোৰ যি দুৰৱস্থা ভৰ বাৰিষাত পথটোৱে কেনে ৰূপ ধাৰণ কৰে সেইয়া সহজেই অনুমেয়। চাৰিখনকৈ ৰাজহ গাঁৱৰ একমাত্ৰ যোগাযোগৰ মাধ্যম উক্ত পথটো স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী, বেমাৰী, গৰ্ভৱতী মহিলা চিকিৎসালয়লৈ অনা নিয়া, খেতিয়কৰ উৎপাদিত সামগ্ৰী বজাৰলৈ নিয়া ইত্যাদি সকলো ধৰণৰ কাম কাজত ব্যৱহৃত হৈ আহিছে। পথটোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই যোগাযোগৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজৰ বাবে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত ক্ষুণ্ণ হৈ পৰিছে চাৰিখনকৈ গাঁৱৰ ৰাইজ তথা দল সংগঠন। আজি পুৱাৰ ভাগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ নেতৃত্বত স্কুলীয়া ছাত্ৰ ছাত্ৰী আৰু চাৰিখনকৈ গাঁৱৰ ৰাইজৰ সহযোগত উক্ত পথটো নিৰ্মাণৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়। প্ৰতিবাদ কালত অভিনৱ ভাৱে বোকাময় পথটোৰ ওপৰত হাল গৰু,নাঙল লৈ ভূঁই ৰুই বিধায়ক ভাস্কৰ শৰ্মা হাই হাই, ভাস্কৰ শৰ্মা মূর্দাবাদ, অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদ স্থলীৰ পৰা আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিঞ্জে জানিবলৈ দিয়া অনুসৰি বিগত ২০১১ চনৰ বিধান সভা নিৰ্বাচনৰ সময়তেই নিৰ্বাচনত জয়ী হলে ছমাহৰ ভিতৰত উক্ত পথটো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাই।কিন্তু দুৰ্ভাগ্যজনক ছমাহ বাদেই দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো আজি পৰ্যন্ত উক্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজৰ লগতে দল সংগঠন। প্ৰতিবাদ স্থলীৰ পৰাই বিধায়ক ভাস্কৰ শৰ্মাক মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰা বাদ দি গাঁৱৰ ৰাইজৰ সমস্যা সমূহ সমাধান কৰিবলৈ চেষ্টা কৰাৰ লগতে বিচাগাওঁ মধুপুৰ সংযোগী পথটো অতি সোনকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে অন্যথা অনাগত দিনত চাৰিখনকৈ গাঁৱৰ ৰাইজ আৰু দল সংগঠন লগ লাগি বিধায়ক জনৰ ঘৰ ঘেৰাও কৰাৰো হুংকাৰ প্ৰদান কৰে।
ইটাখোলাত এগৰাকী বিবাহিতা মহিলা ২ বছৰীয়া শিশুৰ সৈতে নিৰুদ্দেশ
শোণিতপুৰ জিলাৰ ইটাখোলাৰ সমীপ কেৰাণীপাম গাঁওৰ পৰা যোৱা ১২ অক্টোবৰৰ পৰা ২ বছৰীয়া কণ্যা সন্তানৰ সৈতে মহিলা নিৰুদ্দেশ হৈ আছে । জানিব পৰা মতে ইটাখোলা সমীপৰ জামুগুৰি থানাৰ অন্তৰ্গত কেৰাণীপাম গাঁওৰ দিগন্ত শইকীয়া (২৫) ৰ পত্নী জাহ্নৱী দাস শইকীয়া (২৩) য়ে নিজ ২ বছৰীয়া কণ্যা সন্তান সুমিত্ৰা শইকীয়াৰ সৈতে দূৰ্গা পূজাৰ মাজতে অৰ্থাত ১২ অক্টোবৰ দিনাৰ পৰা নিৰুদ্দেশ হৈ আছে । পতী দিগন্ত শইকীয়াই জানিব দিয়া মতে ১২ অক্টোবৰৰ দিনা ৰাতিপুৱা চতিয়াস্থিত পহুচোৱা গাঁওৰ নিজ মাকৰ ঘৰলৈ যাম বুলি ওলাই অহা জাহ্নৱী আজি পৰ্যন্ত মাকৰ ঘৰলৈ গৈ নেপাই নিৰুদ্দেশ হৈ আছে । উক্ত দিনাই মাকৰ ঘৰলৈ গৈ নোপোৱাৰ পিছৰ পৰা দিগন্তই নিজ পৰিয়ালৰ লগতে বহু ঠাইত বিছাৰে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম নহল । এই সন্দৰ্ভত দিগন্তই জামুগুৰি থানাত জনাই যদিও জামুগুৰি আৰক্ষীও আজি লৈকে নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ লগতে শিশুটিৰ কোনো সম্ভেদ পোৱা নাই ।
ইণ্ডিয়া বুক অব ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল “প্ৰতিদিন টাইম”ৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা দেশপ্ৰেমমূলক গীতটো।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ ছয়দুৱাৰ তথা গহপুৰৰ শ্বহীদ কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ লগতে সংগৃহীত ২৬ গৰাকীকৈ স্বাধীনতা সংগ্ৰামীৰ নাম সন্নিবিষ্ট কৰি প্ৰতিদিন টাইমৰ গহপুৰৰ সাংবাদিক ৰমেন বৰাই লিখা দেশপ্ৰেমমূলক গীতটোৱে স্থান পালে India Book of Recordsত। গহপুৰ আৰক্ষী থানাত ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহি বৃট্ৰীছ পুলিচৰ গুলীত শ্বহীদ হোৱা কনকলতা বৰুৱা, মুকুন্দ কাকতিৰ নামৰ লগতে উক্ত দিনটোৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগৃহীত ২৬ গৰাকী পুৰুষ মুক্তিযুজাৰু ক্ৰমে ত্ৰিৰংগা পতাকা উত্তোলন কৰা ৰামপতি ৰাজখোৱা, থুলেশ্বৰ ৰাজখোৱা, খৰ্গেশ্বৰ বৰুৱা, জীতেন্দ্ৰ কুমাৰ বৰা, অৰ্জুন ৰাজখোৱা, লক্ষী বৰা, হেম বৰুৱা, মিনাৰাম বৰুৱা, থানেশ্বৰ বৰুৱা, ভোলাৰাম বৰদলৈ, জোনাৰাম ভূঞা, কৰ্ণেশ্বৰ হাজৰিকা, পদ্মনাথ গোস্বামী, পুতুল সিং, চন্দ্ৰকান্ত বৰদলৈ, থানেশ্বৰ বৰুৱা(কলাবাৰী), মোহন মহন্ত, বেণুধৰ দত্ত, মনোৰাম বৰা, তোষণ চন্দ্ৰ মহন্ত, তিলেশ্বৰ বৰুৱা, মাঘিৰাম বৰা, গজেন্দ্ৰ নাথ গোস্বামী, হেমকান্ত বৰুৱা, হৰেন্দ্ৰ নাথ শইকীয়া, দণ্ডেধৰ গগৈ আৰু মহিম চন্দ্ৰ সিং ৰ নাম সন্নিবিষ্ট কৰি সাংবাদিক ৰমেন বৰাই লিখা ‘মই কনকলতা মুকুন্দৰে গহপুৰৰ ডেকা’ শীৰ্ষক গীতটোক ৰেকৰ্ড হিচাপে স্বীকৃতি প্ৰদান কৰিছে India Book of Records কৰ্তৃপক্ষই। গহপুৰৰ বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ হাইস্কুলৰ পৰিচালন সঞ্চালক তথা জনপ্ৰিয় সংগীত শিল্পী যাদৱ চলিহাই কণ্ঠদান কৰা, প্ৰবীন সংগীত শিল্পী বিজয় বৰাই সুৰ কৰা আৰু উদীয়মান সংগীত ব্যৱস্থাপক মানস প্ৰতীম বৰাই সংগীত সংযোজন আৰু সংমিশ্ৰন কৰা গীতটোৱে India Book of Records স্থান পোৱাত উৎফুল্লিত হৈছে গীতটোৰ গীতিকাৰ ৰমেন বৰাৰ লগতে তেওঁৰ শুভাকাংক্ষী আৰু সংগীত প্ৰেমী ৰাইজ। উল্লেখ্য যে গহপুৰ মহকুমাৰ ককিলা চাৰিআলি নিৱাসী অসৱৰ প্ৰাপ্ত ভাৰতীয় বায়ু সেনাৰ জোৱান আৰু অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ডম্বৰু বৰাৰ একমাত্ৰ পুত্ৰ,প্ৰতিদিন টাইমৰ সাংবাদিক ৰমেন বৰাই লিখা পাঁচটাকৈ দেশপ্ৰেমমূলক গীতকে ধৰি ভিন্ন সুৰৰ মুঠ ২১টা গীত ইতিমধ্যে মুক্তি লাভ কৰিছে। India Book of Records কৰ্তৃপক্ষই ৰেকৰ্ড স্থাপনৰ স্বীকৃতি স্বৰূপে ৰমেন বৰালৈ এখন প্ৰমাণ পত্ৰ, সোণালী ৰঙৰ এটা মেডেল, ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ এখন কিতাপ, এটা বেজ, এখন পৰিচয় পত্ৰৰ লগতে এটা কলম প্ৰেৰণ কৰিছে।
কেঁচা চাহ পাতৰ মূল্য পাঁচ টকা, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ অবস্থা।
দুৰ্গা পূজাৰ পিছৰ পৰাই উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল গভীৰ সংকটৰ সন্মুখীন হোৱা দেখা গৈছে । চাহ বাগিছাৰ পাত মালিকে নিজেই তুলিব নে কৰ্মচাৰীক তুলিব দিব ই অতি দুখ জনক ? বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত থকা প্ৰায় ত্ৰিশ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে । জিলা খনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহ পাত বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে। দুৰ্গা পূজাৰ সুযোগ লৈ এটা শক্তিশালী চক্ৰই অতি কৌশলৰে কেঁচা চাহ পাতৰ দাম নিম্ন কৰি অধিক মুনাফা লুটাৰ ফলত চাহ পাতৰ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে । ক্ষূদ্ৰ চাহ খেতিয়ক সকলক ৰাম টাঙোন দি অভাৱনীয় ভাৱে বটলিফ ফেক্টৰীৰৰ মালিক পক্ষই প্ৰতি দিনাই হ্ৰাস কৰি আহিছে কেচা চাহ পাতৰ দৰ। যাৰ ফলত, এই বছৰত কভিড কালিন পৰিস্থিতিৰ পিছত পুনৰ পূজাৰ পিছে পিছে ব্যাপক ভাৱে লোকচান হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চলত বসবাস কৰা চহা খেতিয়ক সকলৰ উপাৰ্জনৰ মুল কেন্দ্ৰ হৈছে কেঁচা চাহপাত। বৃহত্বৰ ফিল’বাৰী, কৰিয়াজন, কুজুপথাৰ, কঠালগুৰি লগতে বুঢ়ীদিহিং মৌজাৰ প্ৰতিখন গাঁৱৰ প্ৰায় লোকৰ ঘৰে গড়ে প্ৰায় দুই বিঘাকৈ ক্ষুদ্ৰ চাহ বাগিচা আছে। আনহাতে চাহ বাগিচাত ব্যৱহাৰ কৰা কিটনাশক দ্ৰব্য সমুহৰ দৰ হ্ৰাস কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই । বিগত বৰ্ষত ৰাজ্যত কেঁচা চাহপাতৰ দাম বৃদ্ধি হোৱাৰ বাবে বাহ বাহ লোৱা ৰাজ্য চৰকাৰে কিন্তু বৰ্তমান সময়ত কেচা চাহপাতৰ দৰ হ্ৰাস হোৱাত একেবাৰে নিমাতে থকাৰ অভিযোগ কৰিছে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।বিগত বৰ্ষৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৩৫ টকাৰ পৰা ৪০ টকা লৈকে কেজি কেঁচা চাহ পাতত লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতি কেজিত মাত্ৰ ৬ টকাৰ পৰা ১০ টকা ভিতৰত দৰ লাভ কৰিছে। প্ৰণিধান যোগ্য যে বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত প্ৰতি কিলোগ্ৰাম কেঁচা চাহ পাতৰ উৎপাদনী ব্যয় হয় প্ৰায় ১৫.৫০ টকা। আজিৰ তাৰিখত বটলিফ ফেক্টৰী সমূহে দৈনিক দুই টকাৰ পৰা চাৰি টকা পৰ্য্যন্ত কেঁচা পাতৰ মূল্য হ্ৰাস কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আশা কৰে যে, চৰকাৰে এই ক্ষেত্ৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।
হাবি বননিয়ে ভৰি থকা লাহৰীঘাট অঞ্চলৰ এটা অংগনৱাড়ী কেন্দ্র
ৰাজ্য চৰকাৰে সমাজ কল্যাণ বিভাগে জনকল্যাণমূলক বিভিন্ন আঁচনিৰ দ্বাৰা শিশু শিক্ষাৰ উন্নয়নৰ বাবে। যথেষ্ট পৰিমাণৰ বাজেট ৰাখে। তাৰ ভিতৰত অংগনৱাড়ী কেন্দ্ৰবোৰো সামৰি লোৱা হয়। সম্প্রতি লক ডাউনৰ প্ৰতি ৰাখি অংগনৱাড়ী কেন্দ্ৰৰ পাঠদান সমূলি বন্ধ যদিও শিশুৰ খাদ্য সামগ্রী আদি নিয়মিত ভাৱে বিভাগে কেন্দ্ৰত যোগান দি আছে। কেনেকৈ বিতৰণ কৰিছে সেয়া আমাৰ কবলৈ একো নাই কাৰণ বিভাগে হয়তো তথ্য পাতি পাই আছে। এতিয়া মূল বিষয় লৈ আহোজনবহুল এলেকাৰ ওপৰিও লাহৰীঘাট বজাৰলৈ যোৱা চৰকাৰী পথৰ দাঁতিত। কেন্দ্ৰটিৰ পশ্চিম ফালে মৰিতলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতিৰ ঘৰ, দক্ষিণে অৰ্থাৎ যাৰ পদূলীত কেন্দ্ৰটি স্হাপন কৰা হৈছে বৰ্তমান এই কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতিৰ পূত্ৰৰ। পূৱফালে কেন্দ্ৰৰ পৰা মাথো ২০০ মিটাৰ দূৰৈত ধিঙ্গৰআটি গাৱত কৰ্মী তথা B L O মাহফুজা বেগম বাইদেউৰ ঘৰ। এতিয়া হয়তো সকলোৱে ভাবি আছে কেন্দ্ৰটো নিশ্চয় বহু নামজ্বলা হব। পিছে নহয় বাতৰিৰ পিছত হয়তো কেন্দ্ৰৰ ৰূপ ৰেখা সলনি হৈ যাব। মৰিগাঁও জিলাৰ লাহৰীঘাট সংহত শিশু উন্নয়ন আঁচনিৰ অধীনস্থ ১২৪ নং মৰিতলী পথাৰ অংগনৱাড়ী কেন্দ্র। যি কেন্দ্রত কোনো দিনেই চাইনবোৰ্ড বা ফলক লগোৱা হোৱা নাই। স্হানীয় ৰাইজৰ অভিযোগ মতে বিগত ২ বছৰ ধৰি সম্পূর্ণ ৰূপে তলা বন্ধ ৰখাত কেন্দ্ৰটিৰ ভিতৰ চৰাত হাবি জংগলে বনাঞ্চলৰ ৰূপ লৈছে। যত দিনতে সাপৰ ভয় লাগে। কেন্দ্ৰটিৰ মূধচৰ কেবাটাও টিনপাত ধুমুহাৰ ফলত খঁহি ভিতৰতে পৰি আছে। বৰষুণৰ পানীয়ে এই হাবি বননিয়ে চানি ধৰিছে। এতিয়া কথা হল কেন্দ্ৰটিৰ টিনপাত খহি পৰা, বৰষুণৰ পানী পৰি ভিতৰত প্ৰকাণ্ড গছ, বন জংগলে ছানি ধৰা এমাহ দুমাহে নহয় হয়তো ১/২ বছৰ লাগিছে, তথাপি কৰ্মী,সহকৰ্মীৰ আৰু পৰিচালনা সমিতিৰ কেন্দ্রটি লৈ মনযোগ দিয়া নাই,বা মেৰামতিৰ বাবে বিভাগীয় কতৃপক্ষক অৱগত কৰোৱা নাই । অৱশ্যে অনবৰতে দুটা খীৰিকী খুলা আছে, যাৰ ফলত দৰ্শকে অনায়াসে প্ৰাকৃতিক দৃশ্য উপভোগ কৰিব পাৰে। আৰু আমাৰ সাংবাদিকেও দৃশ্যৰ ফটো, ভিজুৱেল লবলৈ সুবিধা পালে। যদি কৰ্মী বা পৰিচালনা সমিতিয়ে বিভাগীয় কতৃপক্ষক এই বিষয়ে জ্ঞাত কৰিছে তেন্তে আমাৰ কবলগীয়া একো নাই। কিন্তু এটা কথা সত্য যে ভিতৰত থকা গছৰ দৃশ্যই প্ৰমাণ কৰে যে কেই বছৰ লাগিছে ডাঙৰ হবলৈ। আমাৰ কাম সত্য পোহৰলৈ আনি দিয়া, বাকি দায়িত্ব বিভাগীয় কতৃপক্ষৰ। উল্লেখ্য যে লাহৰীঘাট সংহত শিশু উন্নয়ন আঁচনিৰ অধীনস্থ বহু কেন্দ্ৰতেই নাম ফলক পৰিলক্ষিত নহয় ইয়াৰ বা কি ৰহস্য সেয়া হয়তো অজ্ঞাত।
লাহৰীঘাটত অগপ বিধান পৰিষদ সমিতৰ সংবাদমেল
বৃহস্পতি বাৰে বিয়লি মৰিগাঁও জিলাৰ লাহৰীঘাটত অগপ দলৰ বিধান পৰিষদৰ অস্থায়ী কাৰ্যালয়ত নতুনকৈ অনুমোদন পোৱা বিধান পৰিষদ সমিতিৰ তৰফৰ পৰা এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়। সংবাদ মেলত কেন্দ্রীয় সাধাৰণ পৰিষদৰ সদস্য সাহজাহান আহমেদ, নব গঠিত লাহৰীঘাট বিধান পৰিষদৰ সভাপতি ৰাজেন বৰা, উপ সভাপতি তিলক চন্দ্র ডেকা, সম্পাদকদ্বয় মিৰাজ আলী মেহদী, ফৰিদুদ জামান, সাংগঠনিক সম্পাদক ৰমেন চন্দ্র বসুমতাৰী, সহ সম্পাদক আবুল ৰাশিদ, কাৰ্যালয় সম্পাদক শ্বহিদুল ইছলামৰ লগতে দলীয় বহু কৰ্মী সকল উপস্থিত আছিল। উল্লেখ্য যে নব গঠিত বিধান পৰিষদৰ নতুন সমিতিত মুঠ ৬৪ জনীয়া সদস্যক লই সমিতিক অনুমোদন দিয়ে বুলি সংবাদ মেলত প্ৰকাশ কৰে সভাপতি আৰু সম্পাদকে।
মৰিগাঁৱত জিলা উপায়ুক্তৰ পৌৰহিত্যত বিনামূলীয়া কভিড-১৯ ভেকচিন প্ৰদানৰ ওপৰত সভা
সমগ্ৰ ভাৰতবৰ্ষই যোৱা কালি বিনামূলীয়া কভিড ১৯ ভেকচিন প্ৰদানৰে বিশ্বৰ ভিতৰতে এক গৌৰৱ কঢ়িয়াই আনিছে | এই ঐতিহাসিক দিনটো ৰাজ্যখনৰ লগতে মৰিগাঁও জিলাতো উদযাপন কৰা হয় | এই উপলক্ষে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত কৰা হয় | এই অনুষ্ঠানতে কঠিন সময়ৰ মাজতো অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি নিৰন্তৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী চলাই থাকি জিলাখনৰ ভিতৰতে বিশেষ পাৰদৰ্শিতা পৰিদৰ্শন কৰা তিনিগৰাকী এ. এন. এম. ক্ৰমে লুণা মেধি, দুলুমনি দাস আৰু সংগীতা বৰাক জিলা উপায়ুক্তই সম্বৰ্ধনা জনায় | ভাষণ প্ৰসংগত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ স্বাস্থ্য বিভাগৰ সমুহ কৰ্মীৰ নিস্বাৰ্থ সেৱাৰ শলাগ লয় আৰু অনাগত দিনত একেই উদ্যম আৰু সেৱাৰ মানসিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায় | সভাত অতিৰিক্ত উপায়ুক্ত গৰ্গমোহন দাস, ৰিংখাং মাছাহাৰী, অতিৰিক্ত যুটীয়া স্বাস্থ্য সঞ্চালক ডা ৰোহিনী বৰকটকী, অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডা যুগল কলিতা আৰু স্বাস্থ্য বিভাগৰ বহু কেইগৰাকী বিষয়া আৰু কৰ্মচাৰী উপস্থিত থাকে |











