Home Blog Page 2813

মাজবাটৰ চিকাৰী দাঙাত প্ৰধান মন্ত্ৰীৰ জলজীৱন পানী আচনিৰ শুভ উদ্ধোধণ

২অক্টোবৰত  ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং চিকাৰী দাঙা গাঁৱত প্ৰধানমন্ত্ৰী জলজীৱন পানী আচনিৰ শুভ উদ্ধোধন কৰে বিটিচিচিকাৰী দাঙা  পাচনৈ চেৰফাং পাৰিষদ  দীপক মৌৰে ৷ উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক  বিৰদাউ বসুমতাৰী, ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক  সমৰ হাজৰিকা  উপস্থিত থাকে ৷২নং চিকাৰী দাঙা গাঁৱৰ সভাপতি  দানেশ্বৰ বসুমতাৰী, উপস্থিত থাকে ৷পাচনৈ চেৰফাং  সমষ্টিৰ সহকাৰী  অভিযন্তা   দীম্বেশ্বৰ শৰ্মা,ঠিকাদাৰ  অজিত দৈমাৰী ,বিজেপি কাৰ্য্যকৰ্তা  শ্ৰীকান্ত দৈমাৰী, বিৰেণ দৈমাৰী, দ্বীপজোতি শৰ্মা, চাংচোমা বসুমতাৰীৰ লগতে স্থানীয় গাওঁবাসী   ৰাইজ উপস্থিত থাকে ৷

১৯৪২ৰ ঢেকিয়াজুলিৰ ছহিদ,মাজবাটৰ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণৰ প্ৰস্তূতি

অসম চৰকাৰৰ শ্ৰম কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ দেৱৰ নিৰ্দেশ মৰ্মে ২অক্টোবৰত ওদালগুৰি জিলাৰ মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হয় বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য শিল্পী শিৱপ্ৰসাদ মাৰাৰ ৷১৯৪২ চনৰ  ভাৰত ত্যাগ আন্দোলনৰ ঢেকিয়াজুলিৰ এগৰাকী অন্যতম ছহিদ দয়াল দাস পাণিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ উদ্দেশ্য ভাস্কৰ্য শিল্পী মাৰাৰে আজি মাজবাটৰ ৰৌতা গাঁওত উপস্হিত হৈ ছহিদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী মালতী পাণিকা,বংশৰ নাতি ল’ৰা তুলাৰাম পাণিকা প্ৰমূখে বংশ পৰিয়াল,স্হানীয় সমাজৰ লোকক লগ কৰি ছহিদ দয়াল দাস পাণিকাৰ শাৰীৰিক অবয়বৰ বিৱৰণৰ বুজ লয় আৰু প্ৰতিমূৰ্তিৰ প্ৰাথমিক স্কেচ অংকণ কৰে ৷শিল্পী গৰাকীক সংগ দিয়ে মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকদ্বয় ক্ৰমে ৰামকৰণ গোড়,হেমন্ত কুমাৰ মাহাতো ,ওদালগুৰি মহকুমা চাহ  ও প্ৰাক্তন চাহজনজাতি কল্যাণ ব’ৰ্ডৰ সভাপতি কৈলাশ তাঁতি,ৰৌতা ভিচিডিচিৰ সভাপতি সুন্দৰ চাই গোড়,ওদালগুৰি জিলা পাণিকা সমাজৰ  সম্পাদক দিলৰাজ পাণিকা,শ্যাম পাণিকা প্ৰমূখে ব্যক্তি সকল৷

ৰাজনৈতিক ই-আলোচনীত সাংসদ দিলীপ শইকীয়াৰ দ্বিতীয় স্থান দখল

ৰাজনৈতিক ই-আলোচনী  “ৰাজনীতি অসম” য়ে চলোৱা সমীক্ষা মতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।২০১৯ চনৰ নিৰ্বাচনত অসমৰ  পৰা নিৰ্বাচিত হৈ যোৱা ১৪ জন সাংসদ সকলৰ বিগত দুই বছৰৰ কাম কাজক লৈ ৰাইজ কিমান সন্তুষ্ট সেয়া জানিবলৈ “ৰাজনীতি অসম ” নামৰ আলোচনীয়ে যোৱা মাহৰ ছেপ্টেম্বৰ ১ তাৰিখৰ পৰা ২০ ছেপ্টেম্বৰ ২০২১ লৈ চলোৱা অপিনিয়ন পলৰ প্ৰতি ৰাইজৰ সহাঁৰি আছিল অভূতপূৰ্ব । এই অপিনিয়ন পল অনুযায়ী মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰতিনিধি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক যুৱ সাংসদ দিলীপ শইকীয়াই দ্বিতীয় স্থান লাভ কৰাত সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত আনন্দ বতৰাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । উক্ত আলোচনীয়ে চলোৱা সমীক্ষাত সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাত মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মায়েও সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছে । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়ে লগতে কয় যে যিজন সাংসদে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে । যিজন সাংসদৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিচ্ছাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কমিটিয়ে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত সাংসদ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ মাতৃভূমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ  বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গতিকে তেনে সাংসদক অসম বাসী ৰাইজৰো দায়িত্ব আৰু কৰ্ত্যব আছে আৰু সেই বাবেই অসম বাসী ৰাইজৰ এই ধৰণৰ মৰম চেনেহ সাংসদ দিলীপ শইকীয়াই পাবলৈ সক্ষম হৈছে বুলি মাজবাটৰ  যুৱ নেতা কিশোৰ শৰ্মায়ে এক তাৎপৰ্যপূৰ্ণ মন্ত্যব কৰে । যুৱ নেতা কিশোৰ শৰ্মায়ে কয় যে এইটো এটা অপিনিয়ন পল আছিল এই সমীক্ষাক সন্মান জনাইছোঁ আৰু আগন্তুক লোকসভা নিৰ্বাচনত যেতিয়া সকলো ৰাইজে যেতিয়া প্ৰত্যক্ষ ভাবে ভোট দান কৰাৰ সুযোগ লাভ কৰিব তেতিয়া  মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজে অসমৰ ভিতৰতে প্ৰথম স্থান দি আকৌ দ্বিতীয় বাৰৰ বাবে সাংসদ শইকীয়াক জয় কৰোৱাই অনাগত দিন বোৰতো ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তিশালী ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় কমিটিৰ দায়িত্বত থাকি অসমৰ নাম জিলিকাই ৰাখিবলৈ  যুৱ সাংসদ দিলীপ শইকীয়াক আৰু উৎসাহিত কৰাৰ বাবে ইতিমধ্যে মাজবাট ৰ লগতে সমষ্টি বাসী সাধাৰণ ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈ আছে মাথোঁ অপেক্ষা সঠিক সময়ৰ বুলি যুৱ নেতা কিশোৰ শৰ্মায়ে এক মন্তব্য প্ৰকাশ কৰে । 

মাজবাটত গান্ধী জয়ন্তী

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  জন্ম দিন উপলক্ষে পালন কৰি অহা ২০ দিনীয়া সেৱা সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি   ২ অক্টোবৰ “গান্ধী” জয়ন্তীৰ দৰে গুৰুত্বপূৰ্ণ দিনত ভাৰতীয় জনতা পাৰ্টী পাচনৈ চেৰফাং মণ্ডল কমিটিৰ উদ্যোগত মাজবাট স্থিত  ভাৰত ৰত্ন ড°ভূপেন হাজৰিকা,নেতাজী সুভাষ চন্দ্ৰ বসু আৰু বীৰচা মুণ্ডা দেৱৰ প্ৰতিমূৰ্তি কেইটা চাফ চিকুন কৰা হয় |  এই কাৰ্যসূচীত বিজেপি দলীয় কাৰ্য্যকর্তা সকলৰ লগতে মাননীয় এম চি এল এ দিপক মৌৰ ,ৰাজ্যিক কাৰ্যনিৰ্বাহক জিতু কিষান দেৱ,জিলা সাধাৰণ সম্পাদক বিৰদাওঁ‌ বসুমতাৰী দেৱ,ভিচিডিচিৰ সভাপতি সকল, জিলা আৰু মণ্ডল পৰ্যায়ৰ মৰ্চাৰ বিষয় ববীয়া সকল,শক্তিকেন্দ্ৰ আহ্বায়ক সকল,মণ্ডলৰ বিষয় ববীয়া সকল আৰু বুথ পৰ্যায়ৰ বিষয় ববীয়া সকল উপস্হিত থাকি সহায় সহযোগিতা আগবঢ়ায় ।

সুৰাপান কৰা প্ৰাক্তন- মিছ ইণ্ডিয়া প্ৰতিযোগী এতিয়া জনআদালতত

প্ৰাক্তন ফেমিনা মিছ ইণ্ডিয়া, 2016 ৰ ফাইনেলিষ্ট ৰাজকন্যা বৰুৱাক যোৱা নিশা সুৰাপান কৰি প্ৰায় নজন লোকক আঘাত কৰাৰ পিছত আদালতত হাজিৰ কৰোৱা হয় । ইভেণ্ট ষ্টাইলিষ্ট হিচাপে কাম কৰা ৰাজকন্যা বৰুৱাই যোৱা নিশা তাজ ভিভাণ্টাত এটা জন্মদিনৰ পাৰ্টিৰ পৰা আহি আছিল, প্ৰায় ২ বজাত, যেতিয়া সুৰাপান কৰা ৰাজকন্যাই বেলটোলা অঞ্চলৰ ৰুক্মিণীগাঁৱৰ ওচৰত আন এখন বাহনত খুন্দা মাৰে আৰু আঠজন পিডব্লিউডি শ্ৰমিকআহত হয়, প্ৰতিবেদন অনুসৰি, দুৰ্ঘটনাটোত এজন পথচাৰী গুৰুতৰভাৱে আহত হয় আৰু তেওঁৰ এখন ভৰি হেৰুৱায়। দিচপুৰ আৰক্ষী থানাৰ দ্বিতীয় ভাৰপ্ৰাপ্ত বিষয়া জুয়াগানন্দ বড়োৱে কয়, “তাই বাহনখনত খুন্দা মৰাৰ পিছত দৌৰিবলৈ চেষ্টা কৰিছিল কিন্তু পুনৰ আন কোনো ঠাইত খুন্দা মাৰিছিল আৰু পিছত স্থানান্তৰ কৰিব পৰা নাছিল।” বড়োৱে লগতে কয়, “আমি তাইক লগে লগে গ্ৰেপ্তাৰ কৰিছো আৰু পিছত তাইক আদালতত হাজিৰ কৰোঁ।”ৰাজকন্যাই আৰক্ষী আৰু সাংবাদিকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু এজন সাংবাদিকৰ কেমেৰাও কাঢ়ি নিবলৈ আৰু ভাঙিবলৈ চেষ্টা কৰিছিল। আৰক্ষীয়ে সুকন্যাৰ বিৰুদ্ধে আইপিচি ধাৰা ২৭৯/৩৩৮/২৯৪/৩৫৩ ৰ অধীনত গোচৰ ৰুজু কৰিছে। আহত লোকসকলক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। এতিয়ালৈকে কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও এজন সংকটজনক বুলি জানিব পৰা গৈছে।

৩ আৰু ৪ অক্টোবৰৰ বাবে গুৱাহাটীত যান-বাহনৰ পথ পৰিৱৰ্তন জাৰী উপায়ুক্তৰ

দেওবাৰে গুৱাহাটী চহৰত ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ভ্ৰমণৰ বাবে যান-বাহনৰ পথ সলনি কৰা হৈছে। গুৱাহাটীৰ যান-বাহন ৰবিবাৰৰ বাবে বিভিন্ন পথৰ বাবে পথ নিৰ্দেশনা জাৰি কৰা হৈছে আৰক্ষী উপায়ুক্তই। ৩৬ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সকলো গধুৰ বাহনৰ চলাচল ৩ অক্টোবৰৰ পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰৰ দুপৰীয়া ৫ বজাৰ পৰা গুৱাহাটী মহানগৰত ১২ বজালৈ সীমিত ৰখা হৈছিল। অক্টোবৰৰ ৩ তাৰিখে, সন্ধিয়া ৬ বজাৰ পৰা ডিজি ৰোড, এমজি ৰোড, এফ চি ৰোড, টাইবুল্লাৰোড, জিএনবি ৰোড, বি বৰাহ ৰোড, জিএছ ৰোড, পাঞ্জাবাৰী ৰোডত কোনো বাণিজ্যিক বাহন, সৰু/মজলীয়া/গধুৰ চলাচল কৰিব নোৱাৰিব। অক্টোবৰৰ ৩ তাৰিখে, ভৰলুমুখৰ ফালৰ পৰা চান্দমাৰীঅভিমুখে অহা সকলো বাহন যশৱন্ত পথৰ মাজেৰে হেম বৰুৱা ৰোডৰ ফালে আৰু তাৰ পিছত এনচিবি হলৰ ফালে চান্দমাৰীলৈ পৰিৱৰ্তন কৰা হ’ব। উজানবজাৰৰ ফালৰ পৰা মাচখোৱা ফাললৈ অহা সকলো ধৰণৰ বাহন ডিচি ক’ৰ্ট পইণ্টত হেম বৰুৱা ৰোড আৰু জেচি ৰোড (ফুল গলি) হৈ এমজি ৰোডলৈ কমিছনাৰ পইণ্টৰ ফালে পৰিৱৰ্তন কৰা হ’ব।

বিধায়ক শ্বেৰমানৰ গ্ৰেপ্তাৰক আদৰণি বিভিন্নজনৰ

আজি বিতৰ্কিত বিধায়ক শ্বেৰমান আলিৰ গ্ৰেপ্তাৰৰ পিছতে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে ছহিদ দয়ানন্দ শৰ্মাৰ জ্যেষ্ঠ ভাতৃ ড’ জয়নাথ শৰ্মাই।প্ৰাক্তনমন্ত্ৰী জয়নাথ শৰ্মাই কয় চৰকাৰৰ পদক্ষেপক মই আদৰনি জনাইছো।অপৰাধীক সদায় আইনগত শাস্তি প্ৰদান কৰিব লাগে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে বিধায়কজনক কেতিয়াবাই গ্ৰেপ্তাৰ কৰিব লাগিছিল। প্ৰদেশ কংগ্ৰেছে শ্বেৰমান আলিক কাৰনদৰ্শোৱা জাননী প্ৰেৰণ কৰাৰ পিছতহে গা লৰিছে চৰকাৰৰ।ইমানদিনে আইন ক’ত লুকাই আছিল বুলি প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ।সোনাই সমষ্টিৰ এআইইউডিএফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কয় যে বিধায়কজনে বিতৰ্কিত মন্তব্য কৰিব নালাগিছিল। বিধায়ক পদত থাকি ৰাজনৈতিক মন্তব্য কৰিব লাগে। কিন্তু সেইবুলিয়েই সমাজৰ বিৰুদ্ধে মন্তব্য কৰাটো  উচিত নহয়।

অৱশেষত শ্বহীদক অপমান কৰা বাঘবৰৰ বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ

বিধায়ক শ্বেৰমান আলীয়ে অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক অপমান কৰাত ৰাজ্যবাসী ক্ষোভত ফাটি পৰাৰ সময়তে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত শ্বেৰমানক৷ বিধায়ক শ্বেৰমান আলীক বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে গুৱাহাটী আৰক্ষীয়ে৷ শ্বহীদক অপমান কৰা গোচৰত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰৰ বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ বিধায়কগৰাকীক৷ বিধায়কক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ কৰিছিল দল-সংগঠনে৷ ৰাজ্যৰ কেইবাখনো আৰক্ষী থানাত এজাহাৰ দাখিল হৈছিল৷ হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই দাখিল কৰিছিল এজাহাৰ৷ যোৰহাট জিলা ছাত্ৰ সন্থাও দাখিল কৰিছিল এখন এজাহাৰ৷ যোৱা দুটা দিনত ৰাজ্যবাসীয়ে ৰাজপথলৈ ওলাই আহি বিধায়ক শ্বেৰমানৰ বিৰুদ্ধে লেইলেই-ছেইছেই ধ্বনি দিছিল৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিধায়কৰ শ্বেৰমানৰ প্ৰতিকৃতি জ্বলাইছিল দল-সংগঠনে৷ শ্বহীদক অপমান কৰাত উজনি-নামনিত শ্বেৰমানৰ প্ৰতিকৃতি দাহ কৰি অসমীয় জাতিৰ স্বাভিমানক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি দিছিল শ্বেৰমানক৷ শীঘ্ৰে কংগ্ৰেছৰ বিধায়ক চেৰমান আলিক গ্ৰেপ্তাৰ দাবী উত্থাপন কৰাৰ সময়তে আজি কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ দিছপুৰ আৰক্ষী থানালৈ নি সোধ-পোছ কৰা হ’ব৷ বাঘবৰৰ কংগ্ৰেছী বিধায়ক চেৰমান আলিয়ে অসম আন্দোলনৰ দৰঙৰ ১১ জন শ্বহীদক অপমান কৰি দিয়া বক্তব্যক তীব্ৰ বিৰোধিতা কৰিছে বিভিন্ন দল-সংগঠনে। বৃহস্পতিবাৰে নলবাৰী, বাক্সাৰ গোৰেশ্বৰ, নগাঁও, ধেমাজি, মৰাণ, মঙলদৈত প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীয়ে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ শ্বহীদক ঘাতক আৰু মিঞাৰ হত্যাকাৰী আখ্যা দিয়াত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ চেষ্টা হৈছে৷ বিধায়ক হৈ পবিত্ৰ শ্বহীদক অপমান আৰু হত্যাকাৰীক সমৰ্থন কৰা কাৰ্যত ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঢলপুৰৰ খিলঞ্জীয়াৰ ভূমি তথা শিৱ মন্দিৰৰ ভূমি উচ্ছেদ মুক্ত কৰাৰ পিছতে একাংশ লোক সৰৱ হৈ পৰিছে৷ উচ্ছেদিত লোক আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দুজন লোক নিহত হৈছে৷ আৰক্ষীসহ ৮জনকৈ লোক আহত হৈছে৷ ইয়াৰ পিছতে একাংশ লোকে অসমীয়া জাতিক অপমান কৰি মন্তব্য প্ৰদান কৰি গৈছে৷ অসম আন্দোলনৰ মঙলদৈৰ শ্বহীদ দয়ানন্দ শৰ্মা হ’ত শ্বহীদ নহয় তেওঁলোক ঘাতক আছিল বুলি কয়৷ স্বীকৃতি প্ৰাপ্ত শ্বহীদ প্ৰাক্তন মন্ত্ৰী তথা আছুৰ প্ৰাক্তন নেতা জয়নাথ শৰ্মা ভাতৃ শ্বহীদ হৈছিল ঢলপুৰ এলেকাত৷ ঢলপুৰ এলেকাত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পুনৰ অসম আন্দোলনৰ কথা চৰ্চিত হ’ব ধৰিছে৷ তাৰ মাজতে এদিন পূৰ্বে অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তীৰ্ক মন্তব্য দিয়ে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে৷ মিঞাই প্ৰাণ ৰক্ষা কৰিবলৈহে ৮ ঘাতত মাৰিছিল বুলি কৈছিল শ্বেৰমানে৷ ঢলপুৰৰ উচ্ছেদক অসাংবিধানিক বুলি কৈ শ্বেৰেমানে কৈছিল কাৰো শাসন চিৰস্থায়ী নহয়, পুনৰ বিচাৰ হলে কি হ’ব ভাবক৷ উচ্ছেদ কৰি যিসকলে অন্যায় কৰিছে তেওঁলোকক ফাঁচী কাঠত ওলোমাবলৈ প্ৰয়াস কৰিম৷ শ্বেৰমানে কয় যে চৰকাৰৰ দায়িত্ব হৈছে মৈলিক অধিকাৰ ৰক্ষা কৰা৷ ঘৰৰ ওপৰতা ছালি এটা দিয়া মৌলিক অধিকাৰ৷ মানুহক উচ্ছেদ কৰাৰ পূৰ্বে সংস্থাপন দিব লাগে৷ চৰকাৰে ৰাজধৰ্ম পালন কৰা নাই বুলি অভিযোগ৷ ইমানতে ক্ষান্ত নাথাকি শ্বেৰমানে কয় যে ১৯৮৩ত মিঞা মানুহ মানুহ মাৰিবলৈ গৈছিল দয়ানাথ শৰ্মা আৰু ৮ জনে৷ বহু মিঞা মানুহ মৰিছিল৷ মিঞা মানুহে আত্মৰক্ষাৰ বাবে তেওঁলোকক হত্যা কৰিছিল৷ এনে ঘাতকসকলক মাৰিবই লাগে বুলি কয় শ্বেৰমানে৷

খবৰ২৪x৭ অসমৰ বৰ্ষপূতি অনুষ্ঠান অনুষ্ঠিত,, প্ৰতিদিন টাইমৰ উজনিৰ ব্যুৰৰ পৰমানন্দ বৰালৈ “সংবাদ প্ৰহৰী” সন্মান, সমাজ কৰ্মী তুষাৰ পাললৈ “মানৱ সেৱা” সন্মান

টীয়কৰ খৱৰ ২৪×৭ অসম নামৰ ৱেব চেনেলটোৰ প্ৰথম বৰ্ষপূতি অনুষ্টান আজি অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰতিদিন টাইমৰ উজনি অসমৰ ব্যুৰ চিফ পৰমানন্দ বৰালৈ আগবঢ়োৱা হয় “সংবাদ প্ৰহৰি “সন্মান । ভাগ্যশ্ৰী তামুলীয়ে আঁত ধৰা এই অনুষ্ঠানতে শৰীৰ চৰ্চাবিদ তথা সমাজ সেৱক তুষাৰ পাললৈ প্ৰদান কৰা হয়”মানৱ সেৱা”সন্মান । এই উপলক্ষত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নিবন্ধকাৰ,কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড:অনিল কুমাৰ শইকীয়া, নকচাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱা, আপকু যোৰহাট জিলা সমিতিৰ সভাপতি সত্যৰঞ্জন শইকীয়া, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা, পূৱ যোৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ৰামপ্ৰসাদ ফুকন ,টীয়ক উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষ ৰাজু কুমাৰ শইকীয়াকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানৰ পূৰ্বে বৃক্ষৰোপন কৰে বিজু শৰ্মাই, গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে উত্তম কুমাৰ বৰুৱাই । খৱৰ ২৪×৭ অসমৰ ৰ মুখ্য সম্পাদক স্মৃতিপ্ৰিয়া লাহনে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানতে অনলাইন যোগে আয়োজিত নৃত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক শেষত পুৰস্কাৰ প্ৰদান কৰা হয় ।

ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ মাৰ্ঘেৰিটাৰ যুৱ সাংবাদিক বিকাশ বৰুৱাৰ

সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ভিন্ন প্ৰান্ত  ব্যক্তিক গ্ল’ৱেল চেম্বাৰ্চ অফ কৰ্মাৰ্চ ইণ্ডাষ্টিজ্ এণ্ড এগ্ৰিকালচাৰ (জিচিচিআইএ) নামৰ ৰাষ্ট্ৰীয় সন্থাটোৱে যোৱা ৩০ চেপ্তেম্বৰত “দীন দয়াল উপাধ্যায় লিডাৰশ্বিপ্” ৰাষ্ট্ৰীয়  বঁটাৰে আনুষ্ঠানিক ভাৱে  সন্মানীত কৰে | নতুন দিল্লী স্থিত  ৱাই এম চি এ পেক্ষাগৃহত অনুষ্ঠিত এক আৰম্বপূৰ্ণ অনুষ্ঠানত এটি ট্ৰফী , মানপত্ৰ,এখনি বস্ত্ৰ আৰু প্ৰমাণ পত্ৰৰে সন্মান জনোৱা হয় | বঁটা প্ৰদান অনুষ্ঠানত মূখ্য অতিৰ্থী হিচাপে উপস্থিত খাকে সংখ্যালঘু দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লা ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইজন গণ্য-মান্য ব্যক্তি | অমমৰ হৈ মাৰ্ঘেৰিটা যুৱ সাংবাদিক বিকাশ বৰুৱাই সংবাদ জগতলৈ আগবঢ়োৱা  অৱদানৰ বাবে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিলৈ সক্ষম হয়| বিকাশ বৰুৱা দুৰ্নীতিৰ দৰ্পণ কাকতৰ মাৰ্ঘেৰিটা স্থানীয় সংবাদাতা লগতে আসাম গ্ৰীণ ভেলী নামৰ পৰ্টেল এটাত  কৰ্মৰত | ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি  বুটলিবলৈ সক্ষম হোৱা বিকাশ বৰুৱাই  ইয়াৰ পূৰ্বেও ২০২০ বৰ্ষত ” কিং ফিচাৰ লিডাৰচিপ ২০২০ ” বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল|  ঁগগন বৰুৱা আৰু মাতৃ পুতুমাই বৰুৱা সুযোগ্য পুত্ৰ বিকাশ বৰুৱা  তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত কেটেতং নিবাসী | গ্ৰাম্য অঞ্চলৰ পৰা সংবাদ সেৱাত জড়িত  হৈয়ো ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি বুটলি অসমৰ লগতে  মাৰ্ঘেৰিটালৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱাত সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলজুৰি আনন্দ বন্যা বৈছে |