মৰিগাঁও জিলাৰ শ’লমাৰী দুদ্ধ উৎপাদক সমবায় সমিতিৰ গো পালক সকলক লৈ মৰিগাও জিলা কৃষি বিজ্ঞান কেন্দ্ৰই যোৱা ১ অক্টোবৰত শ’লমাৰীত এক চিকিৎসা শিবিৰ অনুস্হিত কৰে । ইয়াত মৰিগাও ৰাজ্যিক পশু চিকিৎসালয়েও সহযোগ কৰে । শিবিৰত প্ৰায় ৬৭ জন গোপালকৰ পশুধনৰ বিভিন্ন ৰোগৰ চিকিৎসা সেৱাৰ লগতে ঔষধ পাতিও বিনামুলীয়াকৈ বিতৰণ কৰা হয় । চিকিৎসা শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক ডা: ৰিজুস্মিতা বৰা ডেকাই । এই অনুষ্ঠানতে জেষ্ঠ পশুচিকিৎসক ডা নীলোৎপল কাকতিয়ে পশুধন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত গোপালক সকলৰে আলোচনা আগবঢ়ায় । কৃষি বিজ্ঞান কেন্দ্ৰৰ ডা: সুভাষ চন্দ্ৰ কলিতাই কেন্দ্ৰই ইতিমধ্যে গোপালক সকলক যোগান ধৰা ঘাঁহ খেতিৰ বীজৰোপন আৰু প্ৰতিপালনৰ ওপৰত বিতং আলোচনা আগবঢ়ায় আৰু চিকিৎসা শিবিৰ পৰিচালনা কৰে ।উল্লেখ্য যে মৰিগও জিলাত সম্প্ৰতি বিশুদ্ধ দুগ্ধ উৎপাদনৰ লক্ষেৰে বহু নিবনুৱা যুবকে গাই গৰু পালন কৰিবলৈ লৈছে । কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে কাৰ্যসুচীয়ে গোপালক সকলক নি: সন্দেহে সহায় কৰিব ।
লাহৰীঘাটৰ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ
যিটো সময়ত মবাইলৰ দ্বাৰা চাইবাৰ ক্ৰাইম কৰি বিভিন্ন যুৱকে অপৰাধ কৰি আছে সেই সময়তে মৰিগাঁৱৰ লাহৰীঘাটৰ দুই ভাতৃয়ে নিজস্ব প্ৰচেষ্টাত তৈয়াৰ কৰি উলিয়ালে এটা বাণিজ্যিক মবাইল এপ, যাৰ নাম Makeover Contact App. এই এপৰ জৰিয়তে নৱ প্ৰজন্মৰ যুৱক সকলেও হয়তো কিছু হলেও নিবনুৱা সমস্যা সমাধান কৰিব পাৰিব বুলি দৃঢ় বিশ্বাস। যোৱা কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ লাউভূৰুঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰিবন্ধাত এটি ম’বাইল এপ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। কফিল আহমেদ আৰু তাহিৰ আহমেদে ক্ৰিয়েট কৰা এই Makeover Contact নামৰ ম’বাইল এপটি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে বিশেষভাৱে আমন্ত্রিত অতিথি তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে। অনুষ্ঠানটি সঞ্চালনা কৰে কুশতলি সমবায় সমিতিৰ সভাপতি দুৰ্লভ নাথে। সভাত লাহৰীঘাট ব্লক কংগ্ৰেছৰ সম্পাদক অসীম বৰদলৈৰ লগতে আৰু বহু গন্যমান্য ব্যক্তি উপস্থিত আছিল।অসমত এটা ভাল Platform দিবলৈ কফিল আহমেদ নামৰ মৰিগাঁৱৰ যুৱকজনে Makeover Contract নামৰ এই app টো অহা ৫ অক্টোবৰৰ পৰা Play Store ত উপলব্ধ হব বুলি জনায়। কফিল আহমেদৰ মতে আপোনালোকে app টোৰ জৰিয়তে বিয়াৰ বাবে নিজৰ District ৰ Makeup Artists, Mehndi Artists, and Wedding Photographer ৰ কাম সুকলমে সম্পন্ন হব বুলিও জনাইছে।উল্লেখ্য যে কফিল আহমেদ আৰু তাহিৰ আহমেদ সম্বন্ধত দুয়ো ককাই ভাই।
ধুবুৰীত পুনৰ চোৰাং গৰুৰ গাড়ীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলিচালনা: জব্দ ৮ টা চোৰাং গৰু
ধুবুৰী জিলা ৰ মাজেদি বাংলাদেশ লৈ চোৰাং গৰুৰ বেহা বৰ্তমানে অব্যাহত আছে। ঘটনাৰ বিবৰণ মতে আৰ ক্ষী অধী ক্ষক জনায়, এক গোপন সূরা পম খেদি জিলাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ত পশ্চিম বংগৰ পৰা ছাগলীয়া হৈ ধুবুৰী জিলাত পশ্চিম বংগৰ পৰা অসম লৈ প্ৰৱেশ কৰা চোৰাং গৰু গাড়ীগোলকগঞ্জ আৰক্ষীয়ে ৰখাবলৈ দিয়া সংকেত অমান্য কৰি পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে ৫ জাই গুলিচালনা কৰে। প্ৰায় ২০ কিঃমিঃ আৰক্ষীয়ে খেদি খেদি গৌৰীপুৰৰ টিয়ামাৰী অঞ্চলত WB62B- 3646 নম্বৰৰ বলেৰ পিকআপ ভানসহ দখৈত বাগৰি পৰে। গাড়ী চালক আৰু গৰু সৰবৰাহকাৰীক আটক কৰাৰ লগতে ৮ টা গৰু জব্দ কৰে আৰক্ষীয়ে। আটকাধীন চালকজন ছাগলীয়াৰ ২য় খণ্ড ৰফিকুল হোসেন, আৰু চোৰাং গৰু সৰবৰাহকাৰী জন আব্দুল লতিফ। সম্প্রতি চালক আৰু গৰু সৰবৰাহকাৰী জনক গৌৰীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে।
গান্ধী জয়ন্তীৰ দিনা যুৱ মৰ্চাই ৰাজ্যজুৰি পালন কৰে স্বচ্ছতাই সন্মান কায্যসূচী
ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি ২ অক্টোবৰ তাৰিখে সমগ্ৰ অসমতে গান্ধীজীৰ জন্ম জয়ন্তী উপলক্ষে “স্বচ্ছতাই সন্মান” কায্যসূচী ৰূপায়ন কৰে ।ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰতিখন জিলাৰ অন্তৰ্গত মণ্ডল সমিতিৰ সদস্য সকলে ৰাজ্য খনৰ দুই শতাধিক বিভিন্ন ধৰণৰ ৰাজহুৱা স্থান,ঐতিহাসিক স্থান,উপাসনা স্থলী আদিত স্বচ্ছতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে ।
“সেৱা আৰু সমৰ্পন অভিযান”ৰ অংশস্বৰূপে আজি ভাৰতীয় জনতা যুৱ মৰ্চা,অসম প্ৰদেশৰ উদ্যোগত আৰু বশিষ্ঠ আধ্যাত্মিক সংঘ তথা ভাৰতীয় জনতা যুৱ মৰ্চা,গুৱাহাটী মহানগৰ জিলা সমিতিৰ সহযোগত বশিষ্ট অঞ্চলত “স্বচ্ছতাই সন্মান” শীৰ্ষক এক স্বচ্ছতাৰ কাৰ্যক্ৰম আয়োজন কৰা হয়।
মহাত্মা গান্ধীৰ স্বচ্ছতাৰ দৰ্শনৰ ভিত্তিত আয়োজিত এই অনু্ষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখপাত্ৰ কিশোৰ উপাধ্যায় ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ সভাপতি মাননীয় সিদ্ধাঙ্কু অংকুৰ বৰুৱা ডাঙৰীয়া,বিজেপি গুৱাহাটী মহানগৰ জিলা সমিতিৰ মাননীয় সভাপতি মৃগেন শৰণীয়া ডাঙৰীয়া,বিজেপি বশিষ্ঠ মণ্ডলৰ সভাপতি মাননীয় জিতু হাজৰিকা ডাঙৰীয়া, ভাৰতীয় জনতা যু্ৱ মৰ্চা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি মানস প্ৰতীম দাস ডাঙৰীয়া, যুৱ মৰ্চাৰ ৰাজ্যিক,জিলা তথা মণ্ডলৰ বিষয়ববীয়া,কাৰ্যকৰ্তাসকল আৰু স্থানীয় ৰাইজ ।

“স্বচ্ছতাই সন্মান অভিযান”ৰ অংশস্বৰূপে আজি শোণিতপুৰ জিলাৰ শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰত স্বচ্ছতা অভিযান অনুষ্ঠিত কৰাৰ লগতে মৃৎ শিল্পীসকলক সন্মান জনোৱা হয়। লগতে মৰিগাঁও,উত্তৰ কামৰূপ,ডিব্ৰুগড়,দক্ষিণ কামৰূপ,হায়লাকান্দি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।
আনহাতে নলবাৰী, লক্ষীমপুৰ,বৰপেটা , মাজুলী, ঢকুৱাখনা, যোৰহাট, কাৰ্বগ আংলং, কাছাৰ, চৰাইদেউ আদি জিলাত স্বচ্ছতা আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লোৱা হয়।
ধেমাজি জিলাৰ কাৰ্য্যসূচীত মাননীয় মন্ত্ৰী সঞ্জয় কিষান ডাঙৰীয়া , লখিমপুৰত উপস্থিত থাকে লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱা , যোৰহাটত ৰাজ্যিক যুৱ মৰ্চাৰ সম্পাদক ৰঞ্জন মহন্ত উপস্থিত আছিল ।
পানেৰীত আছাৰ উদ্যোগত আদিবাসী সকলৰ জাতীয় উৎসৱ উদযাপন
সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কচুবিল বাগিছা গাওঁ প্ৰাথমিক গোটৰ উদ্যোগত আৰু পানেৰী অঞ্চলিকৰ সহযোগত আদিবাসী জাতীয় কৰম উৎসৱ উদযাপন কচুবিল বাগিছা গাওঁত এদিনীয়া কাৰ্য্যসুচীৰে অনুস্থিত কৰা হয়। উক্ত কৰ্য্যসুচীৰে অনুসৰী আছাৰ পতাকা উত্তোলন কৰে ৰাজা এক্কা সভাপতি পানেৰী অঞ্চলিক সমিতি আছা, কৰম ধজ্জা উত্তোলন কৰে জয়পাল মুণ্ডা সভাপতি আভ্যৰ্থনা সমিতিৰ, স্বহীদ তৰ্পণৰ তৰ্পক আকিলা পুৰ্তি প্ৰাক্তন সভাপতি ওদালগুৰি জিলা সমিতি আছা আৰু খগেন তাঁতী উপ-সভাপতি ওদালগুৰি জিলা সমিতি আছা, বৃক্ষ ৰোপন কৰে হৰেশ্বৰ কলিতা সভাপতি অসম সাহিত্য সভা ওদালগুৰি জিলা সমিতি, যুবক-যুবতী সকলৰ খেল ধেমালি, কৰম আখাৰা উদ্বোধক অৰ্পনা মেধি এম চি এল এ বিটিআৰ, কৰম দাল স্থাপন ও বিধিগত ভাবে পুজা অৰ্চনা, আমন্ত্ৰীত অতিথিবৃন্দকৰ চিনাকি পৰ্ব, সন্ধিয়া বাৰেবৰনীয় আদিবাসী সাংস্কৃতি নৃত্য প্ৰদৰ্শন।এই কৰম উৎসব পৰ্বত উপস্থিত থকা আছাৰ ওদালগুৰি জিলা প্ৰাক্তন সভাপতি আকিলা পুৰ্তি কয় যে,এই কৰম উৎসব টি কৃষি ভিক্তিক উৎসব। এই উৎসব পালনৰ যোগেদি তেওঁলোকৰ ঐতিহ্য পুৰ্ণ কলা-কৃষ্টি সমুহ বিশ্বদৰবাত প্ৰতিস্থা কৰাৰ এক প্ৰয়াস। মুখ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা যে কৰম উৎসব বন্ধ ঘোষণা কৰাক লৈ আদিবাসী সকলে ধন্যবাদ জ্ঞাপন কৰে। কিন্ত্ত তেওঁলোকে আক্ষেপৰে কয় যে এই চৰকাৰী বন্ধ টো এক ললি প’প সদৃশ। যিহেতু এই বন্ধত কেবল মাত্ৰ চৰকাৰী কৰ্মচাৰী সকলেহে উপভোগ কৰিবলৈ পালে কিন্ত্ত বেছিভাগ আদিবাসী লোক চাহ বাগিচাত কৰ্মৰত কিন্ত্ত তেওঁলোকক বাগিচা কৃতত্বপক্ষয় বন্ধ ঘোষণা নকৰিলে। সেয়ে তেওঁলোকে এই উৎসব টোক চৰকাৰী উৎসব হিচাপে কেলেণ্ডাৰ ত অন্তভুক্ত কৰিবলৈ দাবী জনায়।
নৱ প্ৰেৰণাৰে জগত জিনাৰ সপোন কেইজনমান নিচা মুক্ত যুৱকৰ
অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ দ্বাৰা পৰিচালিত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰৰ পৰা আৰোগ্য লাভ কৰা যুৱকৰ দ্বাৰা প্ৰদৰ্শনী মূলক ফুটবল খেলৰ আয়োজন কৰে চাংলাং জিলা প্ৰশাসন আৰু আৰ, কে, মচাং, মেমৰীয়েল চচাইটি’য়ে। অৰুণাচল প্ৰদেশৰ অন্যতম সৰ্ববৃহৎ বেচৰকাৰী অনুষ্ঠান আৰ কে মচাং মেমৰীয়েল চচাইটিয়ে ১৯৯৩ চনৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং আৰু টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত শিক্ষা,স্বাস্থ্য আৰু জীৱিকাৰ ওপৰত ধাৰাবাহিক ভাৱে অৱদান আগবঢ়াই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । অনুষ্ঠানটোৱে বিভিন্ন সময়ত অৰুণাচল প্ৰদেশৰ বিভিন্ন গাঁৱৰ উঠি অহা নৱপ্ৰজন্ম ৰাগীয়াল দ্ৰব্য , ড্ৰাগছ, কানি, সুৰা ইত্যাদি সেৱনত আসক্ত হৈ বিপথে পৰিচালিত হোৱা প্ৰত্যক্ষ কৰি আহিছে। এই নিচাসক্ত যুৱকসকলক নিচামুক্ত কৰি তোলাৰ উদ্দেশ্যে প্ৰায় এমাহ পূৰ্বে অৰুণাচল প্ৰদেশৰ বৰডুমচাত এক মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ প্ৰতিষ্ঠা কৰে। আৰ,কে,মচাং মেমৰীয়েল চচাইটিয়ে অৰুণাচল প্ৰদেশৰ চৰকাৰৰ সৈতে ড্ৰাগছ আসক্ত যুৱক সকলক আসক্ত মুক্ত কৰাৰ উদ্দেশ্যে এক আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত অৰুণাচল প্ৰদেশ চৰকাৰে ১০ গৰাকী যুৱকৰ বাবে মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰ এটা মুকলি কৰিবলৈ পুঁজি আৱন্তন দিয়ে যদিও চাংলাং জিলাৰ অতিকৈ দুৰ্গম কেৱল লঙ্কা আৰু লুংভি গাওঁ দুখনতে প্ৰায় ৪০ গৰাকীৰো অধিক ড্ৰাগছ আসক্ত যুৱকে নিজৰ জীৱনটোকে তুচ্ছ জ্ঞান কৰি একপ্ৰকাৰ গাঁৱৰ পৰিবেশ বিনষ্ট কৰি তোলে।

তেনে ক্ষেত্ৰত আৰ,কে,মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰ মেন কমেলি মচাং আৰু সংস্থাটোৰ সঞ্চালক অৰূপ কুমাৰ চৌধুৰীয়ে চাংলাং জিলা উপায়ুক্ত দেৱান্স যাদৱৰ লগত আলোচনাত মিলিত হৈ ড্ৰাগছৰ প্ৰতি আসক্ত যুৱক সকলক দ্ৰুতগতিত আৰোগ্য কৰি তোলাৰ উদ্দেশ্যে উক্ত কেন্দ্ৰত চিকিৎসাৰ বাবে অনুমতি বিচাৰে । এই ক্ষেত্ৰত চাংলাং জিলা উপায়ুক্ত মহোদয়ে ১০ জনৰ আৱন্তনৰ বিপৰীতে প্ৰায় ৪২ জন ড্ৰাগছ আসক্ত যুৱকক উক্ত মাদক দ্ৰব্য নিবাৰণ কেন্দ্ৰত চিকিৎসাৰ বাবে প্ৰয়োজনীয় সকলো যাৱতীয় সুবিধা প্ৰদান কৰে। এমাহৰ ভিতৰতেই চাংলাং জিলাৰ লঙ্কা আৰু লুংভি গাঁৱৰ ড্ৰাগছ আসক্ত যুৱক সকল আসক্ত মুক্ত হোৱাত শুক্ৰবাৰে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰস্থিত ষ্টেডিয়ামত দুয়োখন গাৱঁৰ যুৱক সকলৰ মাজত প্ৰদৰ্শনীমূলক ভাৱে এখন ফুটবল খেল অনুষ্ঠিত হয়। এই ক্ষেত্ৰত আৰ কে মচাং মেমৰীয়েল চচাইটিৰ চেয়াৰমেন কমেলি মচাং , সঞ্চালক অৰূপ কুমাৰ চৌধুৰী আৰু চাংলাং জিলাৰ উপায়ুক্ত দেৱান্স যাদৱ সকলোৰে অশেষ প্ৰচেষ্টাত নৱ প্ৰজন্মৰ এই সকল যুৱকক পুনৰ জনম দিয়া বুলি জানিবলৈ দিয়ে খোদ যুৱকসকলে।লগতে যুৱক সকলে সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে যে ভৱিষ্যতে কেতিয়াও এনে ধৰণৰ অসৎ পথেৰে তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা নকৰে আৰু উঠি অহা নৱ প্ৰজন্ময়ো যাতে এনে ধৰণৰ বদ অভ্যাসৰ কৱলত নপৰে তাৰ বাবে অতন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰি যাব।

গান্ধীজীৰ আদৰ্শৰ মাৰ্গদৰ্শন আমাৰ আদৰ্শ হোৱা উচিত: জগদীশ মুখী
২অক্টোবৰ এক পবিত্ৰ আৰু মহত্বপূৰ্ণ দিন।বৃটিচৰ কবলৰ পৰা ভাৰতক ৰক্ষাৰ বাবে বাপুজীয়ে যি অহিংসা নীতিৰে আন্দোলন কৰি ভাৰতক ৰক্ষা কৰিব পাৰিছিল তাৰ বাবে তেওঁলৈ মোৰ কোটী কোটী প্ৰনাম।হিংসাৰে একো জয়ী কৰিব নোৱাৰি,অহিংসাই প্ৰধান অস্ত্ৰ। ২অক্টোবৰত ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা গান্ধীজীৰ ১৫২ সংখ্যক গান্ধী জয়ন্তী উপলক্ষে পেৰেড গ্ৰাউণ্ডত আয়োজিত সভাত ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে এইদৰে কয়।ৰাজ্যপাল মুখীয়ে লগতে কয়- ক্ষুদ্ৰ ক্ষুদ্ৰ অৱদানেৰে জয়ী সম্ভৱ হয়।গান্ধীজীৰ অহিংসা আন্দোলনক ভাৰতৰ লক্ষ লক্ষ জনতাই সমৰ্থন কৰিছিল।সকলো দিশতে ২অক্টোবৰত গান্ধীজীৰ সপোন বাস্তৱত পৰিনত হৈছে।পৰিস্কাৰ পৰিচ্ছন্নতা আৰু স্বচ্ছতাই গান্ধীজীৰ জীৱনৰ মুখ্য লক্ষ্য আছিল।গান্ধীজীয়ে নেতৃত্ব বহন কৰি সামাজিক দিশৰ উন্নয়ন বিচাৰিছিল।তেওঁ কোনো ধৰণৰ ৰাজনীতি বিচৰা নাছিল।লক্ষ্য পবিত্ৰ হলেহে সকলো দিশতে আগবাঢ়িব পাৰি আৰু গান্ধীজীৰ লক্ষ্য পবিত্ৰ আছিল বাবেই সকলো দিশতে সফল হব পাৰিছিল।

আজিৰ আন্দোলনৰ সত্যাগ্ৰহ কোনো প্ৰকৃত সত্যাগ্ৰহ নহয়।সত্য আৰু অসিংহাৰ মাজেৰে সত্যাগ্ৰহত প্ৰতিজ্ঞা কৰা উচিত বুলি তেওঁ লগতে উল্লেখ কৰে।পিছত ৰাজ্যপাল মুখীয়ে সাংবাদিক সকলেৰে মত বিনিময় কৰি গান্ধীজীৰ আদৰ্শ সম্পৰ্কে অৱগত কৰি মাগদৰ্শন কৰিবলৈ আহ্বান জনায়।উক্ত সভাত উপস্থিত থাকি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়- গান্ধী জয়ন্তী দিনটো ৰাষ্ট্ৰীয় অহিংস দিৱস হিচাপেও পালন কৰি অহি হৈছে।আমি তেওঁৰ আদৰ্শ আৰু মাগ দৰ্শন জীয়াই ৰাখিব লাগিব।এসময়ৰ হিংসা জৰ্জৰ জিলালৈ শান্তি ঘুৰি আহিছে।হাতত অস্ত্ৰ লোৱা সকলো এতিয়া মূলসূতিলৈ ঘুৰি আহিছে।সেয়ে আমি এখন শান্তিকামী ৰাষ্ট্ৰৰ নাগৰিক হোৱাটো কামনা কৰো বুলি উল্লেখ কৰে।গান্ধীজীৰ ভজননেৰে আৰম্ভ কৰা এই অনুষ্ঠানত আদৰণি ভাষন পাঠ কৰে জিলা উপায়ুক্ত ডা:পি উদয় প্ৰবীনে।আজিৰ এই সভাত বিটিআৰ’ৰ কাৰ্যবাহী দিগন্ত বৰুৱা,ড° নিলোৎ স্বৰ্গীয়াৰী,এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,পৌৰপতি ৰাকেশ চন্দ্ৰ বড়ো,জ্যেষ্ঠ নাগৰিক সকলৰ লগতে ভালেমান বিশিষ্টলোক উপস্থিত আছিল।শেষত অসম সংগীতেৰে সভাৰ সামৰণি পৰে।শলাগৰ শৰাই আগবঢ়াই অতিৰিক্ত উপায়ুক্ত দেবেশ্বৰ বৰাই।

বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত আলোচনী আৰু কবিতা পুথি উন্মোচন
দেৰগাঁৱৰ সমীপবৰ্তী বৃহত্তৰ বহুপথাৰ আঞ্চলৰ অগ্ৰণ সাহিত্য অনুষ্ঠান বৃহত্তৰ বহুপথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ উদ্যোগত নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনিৰ আৰম্ভণীতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সমিতিৰ উপ সভাপতি বিজয় কুমাৰ গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সম্পাদক ৰঞ্জিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ ছয় মাহিলী আলোচনী “খোজ” উন্মোচন কৰে অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় উপসভাপতি ৰাজেন পূজাৰীয়ে। ইয়াৰ পাছতেই শিক্ষয়িত্ৰী বীণা বৰুৱা ফুকনৰ কবিতা পুথি “শতৰূপা” উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ অমিয়া গগৈয়ে। বৃহত্তৰ বহু পথাৰ আঞ্চলিক সাহিত্য সন্মিলনীৰ সভাপতি মানিক গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিত অসমীয়া সাহিত্য সন্মিলনীৰ দেৰগাঁও আঞ্চলিক সমিতিৰ সম্পাদক ৰাতুল বৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সহকাৰী সম্পাদক টুটুমনি নাথ, অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় সদস্য জ্যোতি জনাৰ্দন বৰা, লব্ধপ্ৰতিষ্ঠ কবি নেত্ৰজ্যোতি গগৈ হাজৰিকা, কৃতী শিক্ষক অপূৰ্ব হাজৰিকা, সমাজ কৰ্মী পৰেশ গগৈ, থানেশ্বৰ গগৈ, সিদ্ধিনাথ গগৈ আৰু নামনি বহু পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হেমন্ত দাসকে ধৰি অঞ্চলটোৰ বহুকেইজন গন্য মান্য ব্যক্তিৰ লগতে শতাধিক সাহিত্য অনুৰাগী উপস্থিত থাকে।
ওদালগুৰিত গান্ধী জয়ন্তী পালন
ওদালগুৰি নগৰৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান গোলমাগাও উচ্চ মাধ্যমিক বিদ্যালয়তো ২অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনটো গান্ধী জয়ন্তী হিচাপে উদযাপন কৰা হয়। আজি ৰাতিপুৱা ঌ বজাত বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ ছেত্ৰীয়ে গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰাৰ পাছত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে ক্ৰমে জেষ্ঠ শিক্ষক কমল উপাধ্যায় আৰু সহকাৰী প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱাই। পিছত কেবাজনো শিক্ষক- শিক্ষয়িত্ৰীয়ে জাতিৰ পিতা গৰাকীৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।শিক্ষক-শিক্ষয়িত্ৰী সকলে গান্ধীৰ বিখ্যাত ৰামধুন ” ৰঘুপতি ৰাঘব ৰাজা ৰাম ” সংগীতটোও সমস্বৰে পৰিবেশন কৰে ।
মাজবাটৰ চিকাৰী দাঙাত প্ৰধান মন্ত্ৰীৰ জলজীৱন পানী আচনিৰ শুভ উদ্ধোধণ
২অক্টোবৰত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড বিটিচি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ২নং চিকাৰী দাঙা গাঁৱত প্ৰধানমন্ত্ৰী জলজীৱন পানী আচনিৰ শুভ উদ্ধোধন কৰে বিটিচিচিকাৰী দাঙা পাচনৈ চেৰফাং পাৰিষদ দীপক মৌৰে ৷ উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলাৰ সাধাৰণ সম্পাদক বিৰদাউ বসুমতাৰী, ওদালগুৰি জিলা যুৱমৰ্চাৰ সাধাৰণ সম্পাদক সমৰ হাজৰিকা উপস্থিত থাকে ৷২নং চিকাৰী দাঙা গাঁৱৰ সভাপতি দানেশ্বৰ বসুমতাৰী, উপস্থিত থাকে ৷পাচনৈ চেৰফাং সমষ্টিৰ সহকাৰী অভিযন্তা দীম্বেশ্বৰ শৰ্মা,ঠিকাদাৰ অজিত দৈমাৰী ,বিজেপি কাৰ্য্যকৰ্তা শ্ৰীকান্ত দৈমাৰী, বিৰেণ দৈমাৰী, দ্বীপজোতি শৰ্মা, চাংচোমা বসুমতাৰীৰ লগতে স্থানীয় গাওঁবাসী ৰাইজ উপস্থিত থাকে ৷












