Home Blog Page 2811

কেন্দ্ৰীয় স্বহীদ পৰিয়াল সন্থাৰ উদ্যোগত সংবাদমেল

বিটিআৰ বড়োভূমিত অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হোৱা, আত্মসমৰ্পণ কৰা, বৰ্তমান সময়ত প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে!সেয়েহে সঘনে হত্যাকাণ্ড  ইনকাউন্টাৰ অপৰাধজনিত সংঘৰ্ষ, আৰু নিৰ্দুষী লোকক আৰক্ষীয়ে হত্যা কৰা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়াল সন্থাই সংবাদমেল আয়োজন কৰে।উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো ঐতিহাসিক শান্তি চুক্তি বিটিআৰ চুক্তিৰ দ্বাৰাই বড়ো সকলৰ অভাৱ অভিযোগ সমস্যাৰ অন্ত পেলাই বড়োভূমিত শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছিল।  কিন্তু চুক্তি স্বাক্ষৰিত হোৱা ২টা বছৰ সম্পূৰ্ণ নহোওটেই  বড়োভূমিত পুনৰ দুটাকৈ অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হৈ আত্ম সমৰ্পণ কৰা দেখা গ’ল।কিয়নো আজি বিটিআৰ চুক্তিৰ ডেৰটা বছৰ অতিক্ৰম কৰাৰ পাছতো চুক্তিখন ভালদৰে ৰূপায়ণ নহ’লযাৰ পৰিপেক্ষিতত বড়োভুমিত পুনৰ হিংসান্তক অস্ত্ৰধাৰী উগ্ৰপন্থী সংগঠনৰ উদ্ভাৱন হ’ল।অসম আৰক্ষীৰ হাতত নিৰ্দুষী লোক শ্বহীদ হ’ব লগা হ’ল দুজনকৈ তেজাল  বড়ো যুৱক জুংচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম,সেয়েহে আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়া সন্থাই সংবাদ মাধ্যম যোগে কোকৰাঝাৰ আৰক্ষীয়ে ভুৱা তথ্যৰ ভিক্তিত কৰা হত্যাকাণ্ডৰ শ্বহীদ পৰিয়ালক অতিশীঘ্ৰেই ক্ষ্যতিপুৰণ হিচাপে  সংস্থাপন দিবলৈ আহ্বান জনোৱাৰ লগতে বড়োভূমিত পুনৰ যাতে  হিংসাত্মক ঘটনা সংঘটিত বা অস্ত্ৰধাৰী সংগঠনৰ উদ্ভাৱন নহয় তাৰ প্ৰতি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক সুক্ষ্ম দৃষ্টি ৰাখিবলৈ শ্বহীদ পৰিয়াল সন্থাই সংবাদযোগে আহ্বান জনাই।

মাজবাটত ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ ধন সংগ্ৰহ

কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই সংক্ৰান্তত বাতৰি পৰিবেশন কৰিছিল ।তথাপিও  কৰোণাৰ দৰে মাৰাত্মক মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰ্থিক ভাৱে জুৰুলা হোৱা সময়ত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধনৰ পৰিবৰ্তে এটা ঘৰৰ পৰাই ঘৰ নম্বৰ দিয়াৰ বাবদ ১০০ টকাৰ পৰা ২০০ /৩০০ টকাকৈ  সংগ্ৰহ কৰা কাম অব্যাহত থকাত চিন্তিত হৈছে মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজ । মাজবাটৰ বিজেপি  যুৱ নেতা কিশোৰ শৰ্মায়েও ৰাইজক অসুবিধাত পেলাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ অধিক ধন সংগ্ৰহ কৰি কৰি অহাত দুখ প্ৰকাশ কৰি নিয়ম মতে কাম কৰিবলৈ আহ্বান জনাইছে ।অন্যথা ইয়াৰ উচিত বিচাৰ কৰা হব বুলিও যুৱ নেতা কিশোৰ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট

ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট নামে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। যোৱা দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ খেল প্ৰতিযোগিতা বা অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনা মহামাৰীৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত  খাগ্ৰাবাৰী এবছুয়ে ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্টৰ খেলখন খাগ্ৰাবাৰী জনতা খেল পথাৰত ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ সপ্তাহ জোৰা ফুটবল টুৰ্নামেন্টৰ আজি সুভ উদ্ধোধন কৰে।ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে সুভ উদ্ধোধন কৰা ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টত প্ৰথম দিনৰ প্ৰথম দুটা খেলুৱৈৰ দল
ডিমাকুছি ইউনাইটেড FC  আৰু গৰেশ্বৰ গাটছা ফুটবল দলক সুভেচ্ছা ও অভিনন্দন  জনোৱাৰ লগতে কয় যে খেলে মানুহক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ  কৰি ৰাখে। বৰ্তমান সময়ত বৃদ্ধিপোৱা চুৰ ডকাইতি ,ড্ৰাগচ, মাদক দ্ৰব্য সেৱন, জুৱাৰ খেল, ইত্যাদি অপৰাধজনিত কামৰ পৰাও মানুহক খেল বেষ্টতাৰ মাজেৰে হিংসান্তমক অপৰাধজনিত কামৰ পৰা মানুহক আতৰাই আনিব পাৰে।সেয়েহে সুদীৰ্ঘ ২৭ বছৰ ধৰি খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ফুটবল খেল অনুষ্ঠিত কৰা অহাক ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে ব্যাপক প্ৰশংসা কৰে।

নিমপুলি জী নুঠাত উচুপিল ডিমৌৰ প্ৰকৃতিপ্ৰেমী

 বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ’ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু যোৰহাটৰ পৰা যোৱা নিমপুলি প্ৰাকৃতিক সংস্থাৰ সমন্বয়কসকলে মহানিমৰ পুলি ৰোপণ আৰু ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈয়ে ঔষধি গুণাগুণ তথা বৃক্ষ প্ৰয়োজনীয়তা সম্পৰ্কে আগবঢ়োৱা আলোচনাত ডিমৌৰ কমল গগৈ উচুপি উঠে। যিহেতু, স্বেচ্ছাসেৱীসকলে দিয়া পাঁচটা নিমপুলিৰ চাৰিটা বচাব নোৱাৰিলে। তেওঁৰ গছপুলিৰ প্ৰতি থকা আৱেগিকতা অনুভৱেৰে সংস্থাৰ স্বেচ্ছাসেৱীসকলে পুনৰ নিমপুলি প্ৰদান কৰে। এই কাৰ্যসূচীত স্থানীয় নিৰঞ্জন বৰুৱা, ধৰ্ম বৰুৱা, ক্ষিৰোদ বৰুৱা, ফ্ৰাচেং হাতীবৰুৱাসহ বহু সুহৃদে সহযোগিতা আগবঢ়ায়। ম লুঙ সুখ্যাত তথা বহু অনুষ্ঠানত জড়িত আৰু সন্মানপ্ৰাপ্ত শতক ব‌য়স গৰকিবলৈ আগবঢ়া সৰ্বেশ্বৰ হাতীবৰুৱাৰে সাক্ষাৎ হৈ নিমপুলিয়ে সখীত্ব বজাই ৰাখে। ‘পাটসাঁকোৰ সুৰ’ গ্ৰন্থৰ মাধ্যমেৰে দক্ষিণ যোৰহাটৰ জামুগুৰি গাঁৱৰ অগ্ৰণী সৰ্বেশ্বৰ গগৈৰ সৈতে পৰিচয় হৈ সখী আত্মীয়তাৰে বান্ধ খাইছিল পাটসাঁকোৰ সৰ্বেশ্বৰ হাতীবৰুৱা। সখী গগৈ অকাল বয়সতে বিয়োগ হয়। দীৰ্ঘদিনৰ ব্যৱধানত নিমপুলিৰ সমন্বয়তাত সৰ্বেশ্বৰ গগৈৰ ভাতৃ ঔপন্যাসিক লক্ষেশ্বৰ গগৈয়ে বয়সে গৰকা ক্ষণত হ’লেও সৰ্বেশ্বৰ হাতীবৰুৱাক গ্ৰাম্য সমাজৰ ৰীতি অনুসাৰে গুৱাপাণ, সাজ আদিৰে মান ধৰি ককায়েকৰ সম্বন্ধলৈ পুনৰ সজীৱতা আনে। যান্ৰিকতা কালতো আত্মীয়তা অক্ষুণ্ণ ৰখা বিৰল আৱেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰয় লখিমী কবি থানেশ্বৰ বৰা, কবি লাটু গগৈ, ডিমৌৰ ভাষা অনুৰাগী শিখামণি গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমুধৰ বৰা, সৃষ্টিপ্ৰাণ বিনোদ গগৈ, যাতায়ত সহযোগী সঞ্জীৱ কাশ্যপ আৰু নিমপুলিৰ কাৰ্যসূচীত ভাগ লোৱা অন্যতম সমন্বয়কসকল। অৱসৰপ্ৰাপ্ত সৈনিক উত্তম কুমাৰ শইকীয়াৰ যোগসুত্ৰত নিজ খালৈ ঘুগুৰা আখৈয়া দেওধাই চাও চেং ৰেণ্ আৰু চুবুৰীয়া অনুষ্ঠানলৈ মানস প্ৰতিম বৰুৱাই পুলি গ্ৰহণেৰে বন্ধুত্ব বজাই ৰাখে। নয়ন পুলি ক্ষেত্ৰৰ যুৱ কৃষক নয়নমণি গগৈ আৰু সমন্বয়ক বেদান্ত বৰাই সহযোগিতা আগবঢ়োৱা দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলে জয়সাগৰত। বুৰঞ্জীবিদ প্ৰেম গগৈ আৰু পদ্মা গগৈয়ে জয়া নগৰ, ৰংঘৰ আদিত ৰোপণৰ বাবে মহানিমৰ পুলি গ্ৰহণ কৰে। লেখক-সমন্বয়কৰ সম্পৰ্ক মধুৰতা অনাত লখিমী কবি থানেশ্বৰ বৰাই ভাগ লয়। শিৱদৌলত ৰোপণৰ বাবে নিৰাপত্তা বিভাগৰ বুলবুল চেতিয়া আৰু গৌতম বৰাই প্ৰকৃতিপ্ৰেমৰ পৰিচয় দিয়ে। জাঁজীত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি প্ৰসেনজিৎ গগৈ আৰু উপ-সভাপতি দিগন্ত শৰ্মাই নিজা ব্যয়েৰে তিনি বছৰ ধৰি চাৰিখন জিলাক সাঙুৰি লোৱা নিমপুলিৰ সমন্বয়কসকলক উদ্গনি জনায়। আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদক বিনোদ গগৈয়ে সমন্বয়তা ৰক্ষা কৰা মুখামুখীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক অব্যৰ্থজ্যোতি গগৈ উপস্থিত থাকে। অনুষ্ঠানসমূহত গ্ৰন্থ বিনিম‌য় হোৱাৰ লগতে আতিথ্যৰ এক আদৰণীয় পৰিচয় পোৱা যায়।

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ আক্ৰাছুৰ দশম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

 সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷ সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ সেই অনুসৰি সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে আক্ৰাছুৰ, চিলাৰায় সেনাৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে চিলাৰায় সেনাৰ, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰে মহিলা সমিতিৰ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়ে সাংস্কৃতিক পতাকা উত্তোলন কৰে ৷ আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিৱক্তা বিজয় সিংহ আৰু সাধাৰণ সম্পাদক মনোজ চৌধুৰীয়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিষয়বাচনি সভা অনুষ্ঠিত হ’ব ৷ সোমবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হ’ব মুকলি সভা ৷ সভাত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ শপত গ্ৰহণ,  আক্ৰাছুৰ বিদায়ী সতীৰ্থবৃন্দক বিদায়ী সম্বৰ্ধনা জনোৱা হ’ব ৷ সভাত কে এ চিৰ মুখ্য পাৰিষদ তথা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ প্ৰাক্তন বিষয়ববীয়া, কে এ চিৰ পাৰিষদ তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷ 

টীয়কত আৰক্ষীৰ জালত দুধর্ষ ডকাইত বাবুল লাহন

 অৱশেষত আৰক্ষীৰ জালত পৰিল বিভিন্ন ঠাইত ডকাইতিৰে সন্তাহ সৃষ্টি কৰা দুধর্ষ ডকাইত বাবুল লাহন। শনিবাৰে নিশা টীয়ক আৰু লাহদৈগড় আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে বাবুলক ।আৰক্ষীয়ে বাবুলৰ লগতে এজন সহযোগী প্ৰভাত  গগৈক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বাবুল লাহনৰ বিৰুদ্ধে কেইবাটাও ডকাইতি গোচৰ পঞ্জীয়ন ভুক্ত হৈ আছে।আৰক্ষীয়ে বাবুল লাহনৰ পৰা এটা 7.65 mm পিষ্টল জব্দ কৰিবলৈ সক্ষম হয়।ইয়াৰ পূৰ্বেও অপৰাধী বাবুলে বিভিন্ন গোচৰত আটক হৈ জেল খাবলগীয়া হৈছিল।

অসম আন্দোলনৰ শ্বহীদক অপমান কৰাৰ অধিকাৰ কাৰো নাই: তপন কুমাৰ গগৈ

কংগ্ৰেছী বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ গগৈ। বিধায়ক শ্বেৰমান আলিয়ে শ্বহীদক ঘাটক আখ্যা দি গ্ৰেপ্তাৰ হোৱা কাৰ্যক আদৰণি জনাইছে সাংসদ তপন কুমাৰ গগৈয়ে। সোণাৰিত আজি দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি  সাংসদগৰাকীয়ে কয়, “অসম আন্দোলনৰ শ্বহীদসকলক অপমান কৰাৰ অধিকাৰ কাৰো নাই। সেয়েহে শ্বেৰমান আলিক গ্ৰেপ্তাৰ কৰা  হৈছে।  তেখেতে উচিত শাস্তি পাব লাগে। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলনত ৮৫৫ জন শ্বহীদ হৈছে, বহুজন ঘুণীয়া হৈছে চিৰ দিনৰ বাবে, বহু নাৰী ধৰ্ষিতা হৈছে। তেনে অৱস্থাত এজন জনপ্ৰতিনিধি হিচাপে শ্বেৰমানে আলিয়ে শ্বহীদসকলৰ প্ৰতি  তুলুঙা মন্তব্য কৰা উচিত নহয় “। ইফালে অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয়, বিগত চৰকাৰসমূহে অসম চুক্তিক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু বিজেপি চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰিব বিচাৰে। গতিকে চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি অসম চুক্তি ৰূপায়ন দপ্তৰ মন্ত্ৰী অতুল বৰাই নিজে আছুনেতৃত্বৰ লগত আলোচনাত বহিছে। আৰু বিস্তৃত আলোচনা কৰা হৈছে।  ইফালে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলি প্ৰসংগত সৰৱ হৈ উঠিছে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে বহু তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই সংবাদ মাধ্যমৰ আগত। শ্বেৰমান আলি কোনো দিনেই যাতে জন প্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰি সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কয়, শ্বেৰমান আলিক জনপ্ৰতিনিধি হিচাপে অসমৰ জনসাধাৰণে নিবিচাৰে।  কোনো বিদেশীক সমৰ্থন কৰি খিলঞ্জীয়াক নস্যাৎ কৰাৰ অধিকাৰ নাই শ্বেৰমান আলিৰ । গতিকে শ্বেৰমান আলিয়ে কোনো দিনেই যাতে জনপ্ৰতিনিধি হব নোৱাৰে তাৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ কৰিব লাগে। সোণাৰিত স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে  যি উদ্দেশ্য লৈ অসম আন্দোলন হৈছিল সেই উদ্দেশ্য এতিয়াও সফল নহল বুলি মন্তব্য কৰা  লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব সেয়া সফল হব বুলিও আশা প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ ৭১তম জন্মদিৱস উপলক্ষে “সেৱা আৰু সমৰ্পন” অভিযানৰ  লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি বৰপুখুৰীত আজি স্বচ্ছতা অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ  তপন কুমাৰ গগৈ, জিলা প্ৰভাৰী বিধায়ক  তৰংগ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক  ধৰ্মেশ্বৰ কোৱঁৰ , এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰোহিত, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সাধাৰণ সম্পাদক স্বাক্ষৰজ্যোতি গগৈ, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিংৰ লগতে চৰাইদেউ জিলা বিজেপিৰ বিভিন্ন মৰ্চাৰ তিনি শতাধিক সদস্য উপস্থিত থাকে।

কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত ‘গান্ধী জয়ন্তী’ পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰত সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ, কাকপাথৰ আঞ্চলিক সমিতিৰ উদ্যোগত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম দিনৰ লগত সংগতি ৰাখি নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান পৰিষ্কাৰকৰণ আৰু ফলমূলৰ গছপুলি ৰোপণ এক কাৰ্যসূচী ৰূপায়ন কৰে । কালি আঞ্চলিক সমিতিখনৰ অন্তৰ্গত বৰআলি গাঁও নামঘৰ, ১নং তেজী গাঁও নামঘৰ আৰু উৱন গাঁও নামঘৰ পৰিষ্কাৰ আৰু ফলমূলৰ গছপুলি ৰোপণ কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকে উৱন সত্ৰৰ সত্ৰাধিকাৰ, তিনিওখন গাঁৱৰ বৰবুঢ়া, ভকত সকল, স্থানীয় যুৱক সংঘ, সদৌ মৰাণ কলা- সংস্কৃতি বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক মণ্টু চেতিয়া,  সাংগঠনিক সম্পাদক মানিক মৰাণ, কাকপথাৰ আঞ্চলিক সমিতিৰ সভাপতি শোভিত মৰাণ, সম্পাদক চমনজিত মৰাণৰ লগতে অনান্য বিষয়ববীয়া সকল । স্থানীয় ৰাইজে সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ এনে এক সুন্দৰ প্ৰদক্ষেপক শলাগ লৈছে আৰু অনাগত দিনত এনেধৰণৰ প্ৰশংসনীয় কাম কৰি যাবলৈ অনুৰোধ জনাইছে ।

ৰঙিয়াৰ কোঠৰাত বিনামূলীয়া স্বাস্থ্য শিবিৰ

ৰঙিয়াৰ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সঙ্গীত গ্ৰুপ অৱ ক্ৰিয়েচন আৰু প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতী স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কোঠোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত   এখন বিনামূলীয়া হোমেওপেথিক চিকিৎসা শিবিৰ অনুস্থিত হয়। বিশিষ্ট পৰিচালক পঙ্কজ পল্লৱ শৰ্মাৰ সঞ্চালনাত অনুস্থিত সভাখন উদ্বোধন কৰে কৃতি শিক্ষক যাদৱ কুমাৰ কলিতাই। শিবিৰটো আনুষ্ঠানিকভাবে উদ্ধোধন কৰে  উত্তৰ কামৰূপ জিলা বিজেপিৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী ভবেশ ডেকাই।  উদ্ধোধনী ভাষনত শ্ৰী ডেকাই হোমেওপেথিক চিকিৎসাৰ পাৰ্শক্ৰিয়া আৰু ইয়াৰ সফল প্ৰয়োগৰ ব্যাখ্যা আগবঢ়ায়।  সভাৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে কৃতি শিক্ষক দেবেন শৰ্মাই। প্ৰয়াত ৰমেশ চন্দ্ৰ ভাগৱতীলৈ শ্ৰদ্ধা  জনায় সহধৰ্মিনী যমুনা ডেকাই। সভাত লুইত একাদেমীৰ ছাত্ৰী মুনমী চক্ৰবৰ্তীয়ে নৃত্য পৰিবেশষন কৰে। গুৰু বন্দনা পৰিবেশন কৰে মনোৰঞ্জন  ভাগৱতীৰ  সঞ্চলনাত লুইত একাদেমীৰ ছাত্ৰ-ছাত্ৰীয়ে। ডাঃ পুলক লহকৰ, ডাঃ আৰিফুৰ ৰহমান, ডাঃ নয়নমনি কলিতা, ডাঃ জয়ন্ত কুমাৰ শৰ্মা, ডাঃ হৃষিকেশ লহকৰ আৰু ডাঃ মুকুল ভাগৱতীয়ে  অঞ্চলটোৰ কেইবাশ  ৰোগীৰ  স্বাস্থ্য পৰীক্ষা কৰে আৰু বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। সভাৰ শেষত শলাগৰ সৰাই আগবঢ়ায় কৃতি শিক্ষক কন্দৰ্পেশ্বৰ শৰ্মাই। সভাত অৱসৰ প্ৰাপ্ত শিক্ষক নবীন চন্দ্ৰ শৰ্মা, কুঞ্জধৰ ডেকা, কৰ্মচাৰী যতীন শৰ্মা সমাজকৰ্মী মহেন্দ্ৰ শালৈ দ্বিপেন কলিতা প্ৰমোখ্যে বহুজন উপস্থিত থাকে ।

গোগামুখ ৰামধেনু সংঘৰ উদ্যোগত গান্ধী জয়ন্তী উদ্‌যাপন

ধেমাজি জিলাৰ গোগামুখৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰামধেনু সংঘৰ উদ্যোগত সমগ্ৰ দেশৰ লগতে গোগামুখতে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী কালি উদ্‌যাপন কৰা হয় ৷ গোগামুখ-গেৰুকামুখ পথস্হিত অংকিত মটৰ্চত উদ্‌যাপন কৰা উক্ত গান্ধী জয়ন্তীত Experience Sharing শীৰ্ষক এটি কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ উক্ত কাৰ্যসূচীত ধেমাজি জিলা স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক পদ্মেশ্বৰ পেগুৱে তেওঁৰ জীৱনৰ বিচিত্ৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰাা লগতে ক’ভিড সম্পৰ্কত নাতি দীৰ্ঘ বক্তব্য আগবঢ়ায় ৷ তেওঁ অনুষ্ঠানত অংশগ্ৰহণ কৰা ৰাইজক উদ্দেশ্যি কয়- ক’ভিডৰ লগত ধেমালি কৰা উচিত নহয় আৰু ইয়াক সহজে ল’ব নালাগে ৷ মোৰ চাকৰি কালৰ অৱসৰৰ পিছতো মই মানৱ সেৱা আৰু ক’ভিডৰ পৰা ৰাইজক বচাবৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছো ৷ ক’বলৈ গলে মোৰ অৱসৰকালীন জীৱনটো ৰাইজৰ লগতে দেশৰ বাবে উৎসৰ্গা কৰিছো বুলি তেওঁ দোহাৰে ৷ তেওঁ লগতে কয়- চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্যকৰ্মী সকলে ক’ভিড যুদ্ধত বহু ত্যাগ স্বীকাৰ কৰিছে ৷ বিভিন্ন দল-সংগঠন আৰু স্বেচ্ছাসেৱী সংস্হাবোৰেও ক’ভিডৰ বিৰুদ্ধে যুঁজ দিলে নিশ্চয় আমি এদিন ক’ভিড মুক্ত হ’ম বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ অনুষ্ঠানটোত সভাপতিত্ব কৰে ৰামধনু সংঘৰ সভাপতি দিলীপ কামানে ৷ সঞ্চালন কৰে ৰামধেনু সংঘৰ সম্পাদক বিমল স্বৰ্গীয়াৰীয়ে ৷ উক্ত অনুষ্ঠানতে বিমল স্বৰ্গীয়াৰীৰ কথা, সুৰ আৰু কণ্ঠৰে প্ৰভুৰে দয়া মায়াৰে ভৰা শীৰ্ষক গীতটো উদ্বোধন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে প্ৰধান শিক্ষক প্ৰিয় দত্ত, গোবিন শৰ্মা, দন্দেশ্বৰ বুঢ়াগোঁহাই, অংকিত মটৰ্চৰ স্বত্বাধিকাৰ অজিত প্ৰসাদ, সাংবাদিক মনোজ গগৈ প্ৰমূখ্যে বহু গণ্য-মান্য লোক ৷