Home Blog Page 2810

নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত ঘগ্ৰাপাৰত এলানী বৃক্ষৰোপন কাৰ্যসূচী

নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত নলবাৰী জিলা কৃষি বিভাগৰ সহায়োগত  আৰু  Brahmaputra valley Fertilizer corporation Ltd ৰ উদ‍্যোগত  ঘগ্ৰাপাৰত আজি  ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ঘগ্ৰাপাৰ চ’কৰ সমীপত দামোদৰ ধাম পথত এই কাৰ্যসূচীতো মুকলি কৰে নলবাৰী জিলা কৃষি বিষয়া– মনোৰম প্ৰীতমে।তেওঁ ভাষণত গছ থাকিলে হে মানুহ থাকিব বুলি উল্লেখ কৰি গছ -পুলিসমুহ সংৰক্ষণত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত নলবাৰী কৃষি বিভাগ এ ডি ইউ( AD0) মুনিন্দ্ৰ শৰ্মা, Bhahmaputra valley Fertilizer corporation Ltd ৰ (Marketing) ডি জি এম অসীম কুমাৰ দত্ত, ডেপুটি পৰিচালক প্ৰীতম দত্ত,এলেকা পৰিচালক প্ৰাণ নাথ, জনতা যুৱ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহ তথা ৰিদিপ দত্ত, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, যূৱ ব‍্যৱসায়ী তথা বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, তথা  পূৱ -বনভাগ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মনিকা ভৰালী,বিজেপি নেত্ৰী ধৰিত্ৰী ডেকা,বিনীতা মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰি হাতে হাতে কৃষ্ণচুৰা গছৰ পুলি লৈ দামোদৰ ধাম পথটোত ৰোপণ কৰা পৰিলক্ষিত হয়।

আজি CPIM ৰ ধেমাজিত প্ৰতিবাদ।

বহুতো প্ৰতিশ্ৰুতিৰ লগতে সকলোকে সামৰি সম বিকাশৰ প্ৰতিশ্ৰুতি দি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ ক্ষমতাত অধিস্থিত হ’ল। পৰৱৰ্তী সময়ত ক’পোৰেট অভিমুখী আৰু জনবিৰোধী নীতি গ্ৰহণ কৰাৰ ফলত জনসাধাৰণৰ জীৱনলৈ অভূতপূৰ্ব বিপৰ্য্যয় নামি আহিছে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ঔষধ-পাতি,পেট্ৰল-ডিজেল ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধিৰ ফলত নিম্ন আৰু সীমিত আয়ৰ পৰিয়ালবোৰ গভীৰ সংকটৰ সন্মুখীন হৈছে।কভিড আৰু ভুল লকডাউনৰ ফলত কোটি কোটি কৃষক শ্ৰমিক , সৰু-সুৰা ব্যৱসায়ীৰ জীৱিকা ধ্বংস হ’ল।সকলো দুৰ্দশাগ্ৰস্ত পৰিয়ালক সাহাৰ্য্য কৰিবলৈ চৰকাৰ আগবাঢ়ি নাহিল।কৰ্ম সংস্থান সৃষ্টিত বিজেপি চৰকাৰ শোচনীয়ভাৱে ব্যৰ্থ।অসমৰ কাগজ কল দুটা এই চৰকাৰে বন্ধ কৰি হেজাৰ হেজাৰ পৰিয়ালৰ কৰ্ম সংস্থাপন নাইকিয়া কৰিলে। গুৱাহাটী গোপীনাথ বৰদলৈ বিমান বন্দৰ ইতিমধ্যে আদানী গোষ্টীলৈ হস্তান্তৰ কৰা হ’ল।অসমৰ তেল ক্ষেত্ৰৰ দৰে লাভজনক উদ্যোগ সমূহ এটা এটাকৈ বিক্ৰী কৰা হৈ আছে।তেলপাইপ লাইন,গেছ পাইপ লাইন,কয়লা ক্ষেত্ৰ,’ছাই’ ক্ৰীড়া প্ৰকল্প আদিও বিক্ৰী কৰা পৰিকল্পনা লোৱা হৈছে। খেতিয়কৰ উৎপাদিত ফচলৰ লাভজনক মূল্যৰ নিশ্চয়তা দিয়া দূৰৰ কথা,‌তিনিখন কৃষি আৰু কৃষক বিৰোধী আইনৰ জৰিয়তে কৃষকে ভোগ কৰি অহা অধিকাৰো কাঢ়ি নিয়াৰ ব্যৱস্থা কৰিছে।এম্ এন ৰেগাৰ জৰিয়তে বছৰি অন্ততঃ ২০০দিনৰ কাম দিয়াৰ আৰু মজুৰি বৃদ্ধি কৰাৰ মুক্তি সংগত দাবী স্বীকাৰ কৰা নহ’ল।শ্ৰম সংহতিৰ জৰিয়তে শ্ৰমিকে ধৰ্মঘট কৰা আৰু নিজৰ সা সুবিধাৰ হকে দৰদাম কৰাৰ অধিকাৰো লোপ কৰিব বিচাৰিছে।অসমৰ বিজেপি চৰকাৰে ধৰি ভোগ দখল কৰি অহা দেশৰ নাগৰিক খেতিয়কক দখল অনুযায়ী পট্টা দিয়াৰ পৰিৱৰ্তে ধৰ্ম সাম্প্ৰদায়িক দৃষ্টিভংগীৰে,অসংবিধানিক, অমানৱীয়,বৰ্বৰ ভাৱে বাচ বিচাৰ নোহোৱাকৈ উচ্ছেদ কাৰ্য্য চলাইছে। সাম্প্ৰতিক ছিপাঝাৰৰ কাণ্ড‌ই দেশ আৰু বিদেশৰ বিবেকমান‌ মানুহৰ আবেগত আলোড়ন সৃষ্টি কৰিছে।এই সকলোবোৰ সমস্যা সমাধানৰ দাবীত আজি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীৰ চালকক কৃষকে প্ৰহাৰ কৰি হত্যা কৰিলে

উত্তৰ প্ৰদেশত, লখিমপুৰ খেৰী জিলাই দেওবাৰে সন্ধিয়া হঠাতে তেজত গা ধুইছিল। কৃষকসকলে ইয়াত প্ৰতিবাদ কৰি আছিল। সকলো বোৰ স্বাভাৱিক আছিল, কিন্তু সন্ধিয়ালৈ বিষয়টোৱে এক হিংসাত্মক ৰূপ লৈছিল। কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ ওৰফে মনু আৰু তেওঁৰ সমৰ্থকসকলৰ বিৰুদ্ধে প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গাড়ী লোড কৰাৰ অভিযোগ আছে। টেনিৰ চালকসহ চাৰিজন লোকক জনতাৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰা হৈছিল।কৃষকসকলে মনুৰ গাড়ীকে ধৰি তিনিখন ৰেলত জুই লগাই দিছিল। বাকী বাহনবোৰ ওলোটাই দিয়া হৈছিল। মাৰপিট কৰি হত্যা কৰা চালকজনে হাত জোৰ কৰি নিজৰ জীৱনৰ বাবে ভিক্ষা কৰি থাকিল, কিন্তু খঙাল জনতাৰ দ্বাৰা প্ৰহাৰ কৰি হত্যা কৰা হৈছিল। চালকজনৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভিডিঅ’টোত চালকজনৰ মূৰৰ পৰা ৰক্তক্ষৰণ হোৱা দেখা গৈছে। তেওঁ বৰ ভয় খাইছে। ড্ৰাইভাৰে হাত দুখন ভাঁজ কৰি ক’লে, “দাদা আৰু ককাদেউতা।” এৰি দিয়ক। কিন্তু কোনেও তেওঁৰ কথা শুনা নাই, ইয়াৰ বিপৰীতে, ভিৰৰ কিছুমান লোকে তেওঁক বলপূৰ্বক কৈছে যে বোল ‘টেনিয়ে তেওঁক হত্যা কৰিবলৈ মানুহ পঠিয়াইছিল।’ গাড়ীখনত উঠিবলৈ কোৱা হ’ল। ‘চালকজনে কৈআছে ‘টেনিপঠিয়াইছে কিন্তু গাড়ীত উঠিবলৈ নহয়…। তেতিয়া কিছুমান দুৰ্বৃত্তই তেওঁক লাঠিটো দেখুৱায় আৰু কথা ক’বলৈ তেওঁৰ সৈতে কথা পাতিছিল। যেতিয়া চালকজনে তেনে নকৰে, তেতিয়া দুৰ্বৃত্তই তেওঁৰ ওপৰত ভাঙি পৰে। কিছুমান মানুহে চালকজনৰ ওপৰত লাঠি লয় আৰু তেওঁক মাৰিবলৈ আৰম্ভ কৰে। মাটিত হাত জোৰ কৰি, চালকজনে তেওঁলোকক এৰি যাবলৈ অনুৰোধ কৰে, কিন্তু কোনেও তেওঁৰ কথা নুশুনে। লোকে ইয়াৰ মাজতে, কিছুমান লোকে আনকি গালি-গালাজও কৰে। চালকজনে জীৱনৰ বাবে ভিক্ষা কৰে, দুৰ্বৃত্তই তেওঁক নিৰন্তৰ লাঠি আৰু লাঠিৰে প্ৰহাৰ কৰে।

চিৰাঙত প্ৰাৰ্থনা আঁচনিৰ অধীনত চেক বিতৰণ ।

অসম চৰকাৰৰ মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই কালি চিৰাংত উপস্থিত হৈ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী,বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়,এমচিএলএ ক্ৰমে ধনঞ্জয় বসুমতাৰী,চাইখং বসুমতাৰী,জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ,অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস,নিৰ্মালি বৰুৱা ,অজিত কুমাৰ শৰ্মা আৰু চিৰাং জিলা অ বি চি ৰ সভাপতি কেশৱ ছেত্ৰীৰ উপস্থিতিত অসম চৰকাৰৰ প্ৰাৰ্থনা আঁচনিৰ অধীনত চেক বিতৰণ কৰে।এই আঁচনিৰ অধীনত জিলাখনত কোভিড সময়ত মৃত্যু হোৱা ৭ গৰাকী ব্যক্তিৰ নিকটতম আত্মীয়ক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰাৰ উপৰি ১০গৰাকীক অ বি চি প্ৰমাণ পত্ৰ বিতৰণ কৰে।উক্ত অনুষ্ঠানত মন্ত্ৰী ব্ৰহ্মই কয় যে অসম চৰকাৰে সম্প্ৰতি কোভিড সময়ছোৱাত মৃত্যু হোৱা ব্যক্তিৰ নিকটতম পৰিয়ালৰ দুৰ্ভোগ দূৰ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক সকাহ আৰু উৎসাহ দিয়াৰ উদ্দেশ্যে আগত ৰাখি চৰকাৰে এই আঁচনি শুভাৰম্ভ কৰিছে।চৰকাৰে কোভিড সম্পৰ্কীয় কিছুমান আঁচনি যেনে মুখ্যমন্ত্ৰী বিধৱা সাহাৰ্য্য,শিশু সেৱা আঁচনি আৰু কোভিড সময়ত পিতৃ-মাতৃ আৰু বিধবাই নিজৰ স্বামী হেৰুৱা সকলৰ বাবে আঁচনি আদি হাতত লৈছে বুলি সদৰী কৰে।ব্ৰহ্মই ভাষণ প্ৰসংগত অ বি চি প্ৰমাণ পত্ৰ লাভৰ বাবে বহু সমস্যাৰ সন্মুখীন হব লগা হৈছিল । এতিয়াৰে পৰা উক্ত সমস্যা চৰকাৰে নতুন নিয়মেৰে বিনা মধ্যস্তকাৰী আৰু মুক্ত ভাবে প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হব।জিলাউপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহই উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছত অতিৰিক্ত উপায়ুক্ত নিৰ্মালি বৰুৱাই শলাগৰ শৰাই আগবঢ়ায়।

ৰঙিয়াত মনোজ বুকষ্টল প্ৰকাশনৰ উদ্যোগত “টেট গাইড” গ্ৰন্থ উন্মোচন ।

বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হ’বলগীয়া ‘অসম টেট’ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাৰ উদ্দেশ্যে ৰঙিয়াৰ এটি অগ্ৰণী প্ৰকাশক গোষ্ঠী “মনোজ বুকষ্টল” প্ৰকাশনে এখন টেট পৰীক্ষাৰ সহায়ক গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায় ৷ ৰঙিয়াৰ “ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচন” (ক’লা আৰু বাণিজ্য শাখা) ৰ প্ৰেক্ষাগৃহত উক্ত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটি অনুস্থিত হয় ৷ উন্মোচনী অনুষ্ঠানটিত উন্মোচক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়াৰ স্বস্তি হস্পিতালৰ স্ত্ৰী আৰু প্ৰসুতি ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ হিতেন কলিতা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পাৰ্থ ফুকন মহন্ত, ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনৰ শৈক্ষিক সঞ্চালক(কলা আৰু বাণিজ্য শাখা) ৰুমি মেধিৰ লগতে পুথিখন প্ৰস্তুত কৰি উলিওৱা সম্পাদনা মণ্ডলী ক্ৰমে- ড° বীৰেন্দ্ৰ ডেকা, ড° উৎপল কলিতা, ড° ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, ওৱাহিদুৰ ৰহমান, লুটফুৰ কামাল, চামচুল হক, মুকুল বেজবৰুৱা, বিতোপন শালৈ, বিদ্যুৎ বেজবৰুৱা, প্ৰণামী মহন্ত, চাৰুক হুছেইন, তুলেন চন্দ্ৰ লহকৰ, ইচফাকুৰ ৰহমান প্ৰমুখ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকল ৷ মুকুল বেজবৰুৱা আৰু বিতোপন শালৈৱে পৰিচালনা কৰা উন্মোচনী অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী শুভাকাংক্ষী তথা বিদ্যত সমাজে স্বীকাৰ কৰিছে যে- টেট পৰীক্ষা সম্পৰ্কীয় এই গ্ৰন্থখনে আগন্তুক টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে বিচৰা জ্ঞানৰ সম্ভেদ দিয়াৰ সমান্তৰালভাৱে সকলোকে উপকৃত কৰিব পাৰিব ৷ লগতে ইউক্লিডৰ অধ্যক্ষ উজ্জ্বল ডেকা,আৰু বিজ্ঞান শাখাৰ শৈক্ষিক সঞ্চালক ৰেকিব আহমেদে জনাই যে এই টেট সম্পৰ্কীয় পুথিখন পৰীক্ষা জগতত এক নতুন আংগিক আৰু নতুন চিন্তাৰ সংযোজক হিচাপে চিহ্নিত হ’ব ৷ গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব লোৱা “মনোজ বুকষ্টল”ৰ স্বত্বাধিকাৰী হৰেকৃষ্ণ কলিতাই জানিবলৈ দিয়ামতে গ্ৰন্থখন ৰঙিয়াৰ ‘মনোজ বুকষ্টল’ত উপলব্ধ হোৱাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপণিত গ্ৰন্থখন উপলব্ধ হ’ব ৷

গৰুখুতি প্ৰকল্প পৰিদৰ্শন সদৌ অসম উন্নয়ন পৰিষদৰ

পদ্ধতিগত ভাবে এটা নিৰ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছে গৰুখুতি কৃষি প্ৰকল্প।সৌ সিদিনালৈ বেদখল কাৰী ৰ কৱলত থকা ৬৪৬ বিঘা মাটিত এতিয়া সপোনৰ গজালি মেলিছে অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত। তিল আৰু মাহ জাতীয় শস্য সিচা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। একপ্ৰকাৰৰ দৰঙৰ আৰ্থ সামাজিক দিশত বিশেষ অৰিহণা যোগোৱাৰ প্ৰচুৰ সম্ভাবনা থকা এই কৃষি প্ৰকল্পত উপস্থিত হৈছে বহু দল সংগঠনৰ প্ৰতিনিধি। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ শলাগ লৈ গৰুখুতি কৃষি প্ৰকল্প আৰু অধিক আগুৱাই নিয়াৰ আহ্বান জনাইছে সদৌ অসম উন্নয়ন পৰিষদ ৰ প্ৰতিনিধি বৰ্গই। ইয়াৰ উপৰিও অসম আন্দোলনৰ পটভূমি হিচাপে চিহ্নিত ঐতিহাসিক ছিপাঝাৰ ৮ গৰাকী শ্বহিদক অপমান কৰা কায্যক ধিক্কৰ প্ৰদান কৰিছে সংগঠনটোৱে। আনহাতে৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ দাবী তুলিছে সংগঠনটোৱে। গৰুখূটিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ, সাধাৰন সম্পাদক চন্দন বৰদলৈ,সম্পাদক জয়ন্ত গগৈ,দৰং জিলাৰ সভাপতি মুকুল কলিতা,সাধাৰন সম্পাদক মুকুত বৰুৱা তথা অন্যান্য কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্হিতিত প্ৰকল্পটোৰ তত্বাবধায়ক বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়াক সাক্ষাৎ কৰি প্ৰকল্পটোৰ বিষয়ে সবিশেষ আলোচনা কৰা পৰিলক্ষিত হৈছে। বিধায়কদ্বয়ৰ লগত পৰিষদৰ সজাতী দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰে । উক্ত প্ৰকল্পটোত পৰিষদে স্হানীয় নিবনুৱা যুৱক -যুৱতীক নিয়োগ কৰি সংস্হাপন দিৱৰ বাবে আহ্বান জনায় ।

ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নামখলা স্থিত সাহিত্য সভা ভৱনত ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱজ্যোতি শৰ্মাৰ আহবান মৰ্মে ছিপাঝাৰ ফৰামৰ সভাপতি জেষ্ঠ সাংৱাদিক কণ আলী হাজৰিকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাখনত ভবিষ্যত কাৰ্য্যপন্থা আৰু আভ্যন্তৰীণ কাম কাজৰ ওপৰত বিষদ আলোচনা কৰাৰ উপৰিও কেঞ্চাৰৰ ওপৰত বিশেষ সজাগতা সভা অনুস্থিত কৰাৰ ওপৰতো আলোচনা হয়। ইয়াৰ উপৰিও ২০বাৰকৈ ৰক্তদান কৰি সমাজলৈ মহানুভৱতাৰ পৰিচয় দিয়া ৰক্তদাতা তথা সাংবাদিক দ্বীপেন ডেকা আৰু সাংবাদিক আতিকুৰ ৰহমানক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাত জনসম্পৰ্কৰক্ষী তথা পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাও উপস্থিত থাকে।

বিধায়ক আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বাসুগাওঁৰ দুৰ্গাপূজা পৰ্যালোচনা সভা

 নামনি অসমৰ দূৰ্গাপূজাৰ ক্ষেত্ৰত চিৰাং জিলাৰ বাসুগাঁও অন্যতম। য’ত শতবৰ্ষ পূৰ্ণ কৰা পূজা সমিতিৰ পৰা আৰম্ভ কৰি দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্ত পূজা সমিতিয়ে বাসুগাঁওৰ দূৰ্গাপূজালৈ ভক্তৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। তাৰ বাবেই বাসুগাঁওৰ দূৰ্গাপূজালৈ প্ৰশাসনৰ দায়িত্ব যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হোৱাটো পৰিলক্ষিত হৈছে। সেই উদ্দেশ্যে আগত ৰাখি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিদলী চক্ৰৰ চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মন, বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত বাসুগাওঁ দূৰ্গাপূজা সমন্বয় ৰক্ষা সমিতিৰ তত্বাৱধানত বাসুগাওঁৰ মুঠ ২২ খন দূৰ্গাপূজা সমিতিৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত দেওবাৰে ধানবজাৰ দূৰ্গামন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয়  দূৰ্গাপূজা কেন্দ্ৰীক এক পৰ্যালোচনা সভা। সমন্বয় ৰক্ষা সমিতিৰ সম্পাদক বিশাল পালে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে সমন্বয় ৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ দত্তই। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বাসুগাওঁৰ ধৰ্মীয় দিশৰ পৰা আদি কৰি বাসুগাঁওৰ ৰাইজে সন্মূখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰে আৰু ইতিমধ্যে তাৰে ভিতৰত বাসুগাঁও মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ অন্তৰ্ভুক্তিকৰণ, অগ্নি নিৰ্বাপন কেন্দ্ৰ স্থাপন আদি বিষয়ে ইতিমধ্যে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। সভাৰ পৰ্যায় ক্ৰমে জিলা প্ৰশাসনৰ ফালৰ পৰা চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মনে পূজা সম্পৰ্কীয় ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা সকলোবোৰ নীতি নিৰ্দেশনা পালনৰ যোগেদি প্ৰশাসনক সকলো প্ৰকাৰে সহযোগ কৰিবলৈও সকলো পূজা সমিতিক আহ্বান জনায় আৰু পূজা সমিতিৰ আবেদন মৰ্মে বাসুগাঁওৰ ৰাইজে যমৰ-জাতনা ভুগি থকা বাসুগাঁওৰ যাতায়তৰ দুৰৱস্থা আগন্তুক পূজাৰ আগতেই অনতি পলমে বিভাগীয় কতৃপক্ষৰ যোগেদি মেৰামতি কৰা হ’ব বুলি আশ্বাস দিয়ে।

বৰনৰ্দ্দীত সুশীলভূষণ শৰ্মাৰ ‘ধৰ্ম আৰু অৰ্থ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷ এই মন্তব্য  বিশিষ্ট নিৱন্ধকাৰ , নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দীনমণি ভাগৱতীৰ ৷ কালি  পশ্চিম  নলবাৰী অঞ্চলৰ  বৰনৰ্দ্দীস্হ  পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্হিত গ্ৰন্থ উন্মোচনী সভাত বৰনৰ্দ্দীৰ বিশিষ্ট নিৱন্ধকাৰ তথা অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া সূশীলভূষণ শৰ্মাৰ প্ৰৱন্ধ পুঁথি “ ধৰ্ম আৰু গ্ৰন্থ” উন্মোচন কৰি এনেদৰে কয় ড° দীনমণি ভাগৱতীয়ে ৷ ৰাজ্যিক কৃতি শিক্ষকৰ বটাঁ প্ৰাপক অৱসৰি শিক্ষক তথা সমাজ কৰ্মী ভগৱান চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা সভা খনত বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ নাউকন ডেকা, ৰাষ্ট্ৰপতিৰ বটা প্ৰাপক কৃতি শিক্ষয়িত্ৰী মীৰা ডেকা বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি গ্ৰন্হ সম্পৰ্কে আৰু বেংক বিষয়া সূশীলভূষণ শৰ্মাৰ অধ্যয়নশীলতা, অধ্যবসায়ৰ বিষয়ে সাৱলীল ভাষণ প্ৰদান কৰে ৷  শিক্ষক, যুৱ সমাজ কৰ্মী জয়ন্ত ডেকাই আত ধৰা সভা খনত পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতি বৰকটকী, সমাজ কৰ্মী পুলক কুমাৰ শৰ্মা, অধিবক্তা সোনাপতি শৰ্মা , সমাজ কৰ্মী বসন্ত ডেকাকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ আৰম্ভনিতে গ্ৰন্থকাৰৰ কন্যা স্বৰ্চিতা শৰ্মাই এটি ভজন আৰু সভাৰ মাজত সংগীতৰ শিক্ষক ৰাতুল শৰ্মাই গীত পৰিৱেশন কৰি উপস্হিত শতাধিক গ্ৰন্থপ্ৰেমী ৰাইজক আপ্লুত কৰে ৷ সভাত গ্ৰন্হকাৰ সুশীলভূষণ শৰ্মাই মনৰ ভাৱ ব্যক্ত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জয়ন্ত ডেকাই ৷

চামতাত কবি গণেশ বৰ্মনৰ কাব্যগ্ৰন্থ “গান্ধাৰী জোনাক” উন্মোচন

 “ কবিতা হ’ল মনৰ ভাৱ ৰূপক, ব্যঞ্জনাৰে প্ৰকাশ কৰা এক কাব্যালাপ ৷ সকলো মানুহে কবিতা লিখিব নোৱাৰে ৷ যি সকলে কবিতা লিখে বা ৰচনা কৰে তেওলোকে নিজে লিখা মনৰ ভাব কবিতা হৈছেনে হোৱা নাই তাকলৈ বেছি চিন্তিত হব নেলাগে ৷ কবিয়ে কেতিয়াও হীনমান্যতাত ভোগা উচিত নহয় ”৷ এই মন্তব্য  বিশিষ্ট কবি কমল কুমাৰ জৈনৰ ৷ কালি  নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰনী বৰ্মন প্ৰেক্ষাগৃহত আজি প্ৰতিভাৱান কবি, শিক্ষক, সাংবাদিক গণেশ বৰ্মনৰ “গান্ধাৰী জোনাক” – উন্মোচন কৰি এনেদৰে কয় গ্ৰন্হ উন্মোচক জৈনে ৷ অসম কবি সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখন উন্মোচন উপলক্ষে আজি দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ ডেকাৰ পৌৰহিত্যত সম্পন্ন হোৱা গ্ৰন্থ উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক, লেখক ৰমনী বৰ্মনে মুখ্য অতিথি আৰু উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতীয়ে বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰি সাৱলীল বক্তব্য আগবঢ়ায় । নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপেন মেনাই সামগ্ৰিক আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়াই ক্ৰমে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য ই । সভাত কণ্ঠশিল্পী কবিতা গোস্বামী, চম্পক শৰ্মা, নিপুল বৰ্মন, শিশুশিল্পী অভিজ্ঞান বৰ্মন, অভিলাস বৰ্মন, অনুৰাগ বৰ্মন, অভিপ্সা বৰ্মন আদিয়ে গীত-মাত আৰু কবি ৰাজীৱ দত্ত, আব্দুল মজিদ, দ্বীপেন মেনা, দিলীপ তালুকদাৰ, নৱৰত্ন পাটোৱাৰী, বৰষা বৰ্মন, প্ৰতুল শৰ্মা, কণিকা বৰ্মন, নিবেদিতা ডিম্পল, ৰূপালী বৰ্মন, ৰুৱী দেৱী আদিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । সভাত কবি গণেশ বৰ্মনে নিজৰ অনুভৱ প্ৰকাশ কৰি কাব্যগ্ৰন্থখনি সুহৃদয়তাৰে আদৰি ল’বলৈ পাঠক সমাজলৈ আহ্বান জনায় । অনুষ্ঠানত ‘হাঁফলু’ কাব্যালোচনীৰ সম্পাদক প্ৰদীপ দাস ঠাকুৰ, ‘প্ৰতিবেদক লাইভ’ৰ মুখ্য সম্পাদক ৰূপক বৈশ্য, চিত্ৰশিল্পী বিনয় শৰ্মা, সমাজসেৱী হিৰণ্য বৰ্মন, এম হাছান আলী, শিক্ষাবিদ বিৰেন্দ্ৰ নাথ বৰ্মন, তপন কুমাৰ শৰ্মা, ঔপন্যাসিক নীলিম আকাশ কাশ্যপ প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানতে ক্ৰমে কবি আব্দুল মজিদ আৰু অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে এখনকৈ কাব্যগ্ৰন্থ আনুষ্ঠানিক ভাবে ক্ৰয় কৰি বদান্যতা প্ৰদৰ্শন কৰে ।