Home Blog Page 2809

ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ চাউলৰ বস্তাত ওলাল অদ্ভূত চাউল

ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কুঁৱৰী পুখুৰী প্ৰাথমিক বিদ্যালয়ত যোগান বিভাগে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত যোগান ধৰা চাউলৰ বস্তাত ওলাল আচৰিত ধৰণৰ অদ্ভূত চাউল। কোনো দিনে দেখি নোপোৱা মুড়ি সদৃশ  অদ্ভূত  চাউল দেখি ছাত্ৰ ছাত্ৰীৰ অভিভাৱক  তথা শিক্ষক শিক্ষয়িত্ৰী হতভম্ব হৈ পৰে।কাহানিও নেদেখা আৰু নুশুনা চাউল দেখি অভিভাৱক সকলে  কুকাৰত বয়ল কৰি চোৱাত দেখে যে চাউল সিদ্ধ হোৱাৰ পৰিৱৰ্তে পানীত উপঙি থকা দেখি প্ৰধান শিক্ষক গৰাকীয়ে শিলপোতা সমবায় সমিতিৰ সম্পাদকক প্ৰশ্ন সুধাতস্পষ্টকৈ সম্পাদক গৰাকীয়ে এইবিধ চাউল ভিটামিন যুক্ত বুলি কোৱাৰ কথা জানিব দিয়ে । 

উল্লেখ্য যে অসম চৰকাৰৰ যোগান মন্ত্ৰীয়ে যোগান ধৰা এই মুড়ী সদৃশ, পানিত উপঙা সিদ্ধ নোহোৱা চাউল বিধ যদি প্ৰকৃততে ভিটামিন যুক্ত চাউল হয় তেনেহলে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিব লাগিছিল আৰু তাৰ পিছত যোগান ধৰিব লাগিছিল বুলি প্ৰধান শিক্ষক গৰাকীয়ে যোগান বিভাগলৈ ক্ষুৰধাৰ সমালোচনা কৰে।কিন্তু প্ৰকৃততে যোগান বিভাগে যোগান ধৰা মুৰি সাদৃশ চাউল ভিটামীন যুক্ত হয় নে ইয়াৰ আৰত কি সৰযন্ত্ৰ জৰিত হয় আছে পৰৱৰ্তি পৰ্যায়ত হে লক্ষণীয় হব।

কটন বিশ্ববিদ্যালয়ৰ যুৱ অভিযন্তা সুৰজিত তালুকদাৰৰ মৃত্যুত শোক প্ৰকাশ

অভিযন্তা সুৰজিত তালুকদাৰৰ (২৭) যোৱা ২ অক্টোবৰ ২০২১ তাৰিখে সৰুপেটাস্থিত নিজ বাসগৃহৰ পুখুৰীত সাঁতুৰি থকা অৱস্থাত আকস্মিক মৃত্যু ঘটে ৷ বিশ্ববিদ্যালয়খনৰ যুৱ অভিযন্তা সুৰজিতৰ এই আকস্মিক মৃত্যুত সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিত তেখেতৰ আত্মাৰ সদগতিৰ বাবে কটন পৰিয়ালৰ তৰফৰ পৰা দিনৰ ১২ বজাত বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰীৰ আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখনি শোকসভা অনুষ্ঠিত কৰা হ’য় আৰু সন্ধিয়া ৬ বজাত কটন বিশ্ববিদ্যালয়ৰ মুল প্ৰৱেশ দ্বাৰত বন্তি প্ৰজ্বলন কৰা হয়। অতি শোকাকুল হৈ পৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নম্ৰ আৰু দক্ষ অভিযন্তা সুৰজিৎক সকলোৱে আবেগিক হৈ বিশ্ববিদ্যালয়ৰ প্ৰতি থকা অৱদানৰ কথা স্মৰণ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতি কামনা কৰে। ইয়াৰ লগতে কটন বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰা হ’য়৷

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ সজাগতা সভা

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অনুষ্ঠিত “আজাদী কা অমৃত মহোৎসৱ” শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ এটি সজাগতা শিৱিৰৰ আয়োজন কৰা হয় ৷ পুৱা দহ বজাত নগাঁও আদালৰ অতিৰিক্ত জিলা ও সত্ৰ ন্যায়াধীশ নং ৩ কাৰ্যালয়ৰ প্ৰাংগনত উক্ত শিৱিৰটি মুকলি কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃনাল নিউপানেই ৷ শিৱিৰ মুকলি কৰা অনুষ্ঠানত সচিব মৃণাল নিউপানে “আইন সকলোৰে বাবে” শীৰ্ষক এখন সূচনা পত্ৰৰ বিতৰণ কৰি অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ আগবঢ়োৱা আৰু জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা কোন সকল লোকে আইনী সাহায্য লাভ কৰিব পাৰে, সেই সন্দৰ্ভত আলোকপাত কৰে ৷

ইয়াৰ ওপৰি আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ উদ্যোগত ২ অক্টোবৰৰ পুৱা নগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত গান্ধীজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই ৷ লগতে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক পদযাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ ওপৰি নগাঁও আইন মহাবিদ্যালয় ছাত্ৰছাত্ৰী আৰু নগাঁও ছোৱালী মহাবিদ্যালয় ছাত্ৰী সকলে ৷ ইয়াৰ ওপৰি দুপৰীয়া নগাঁও আইন মহাবিদ্যালত আয়োজন কৰা হয় এক তৰ্ক প্ৰতিযোগিতা ৷

উল্লেখ্য যে,আজাদি কা অমৃত মহোৎসৱ শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা জিলা খনৰ প্ৰতিটো প্ৰান্তত মাহজোৰা এক বিস্তৃত কাৰ্য্যসুচীৰে বিভিন্ন সজাগতা মূলক কাৰ্য্যসুচী,দৰিদ্ৰ নিচলা,নিস্পেষিত,বঞ্চিত লোক সকলে বিনামূলীয়া আইনী সেৱা লাভ কৰাৰ সন্দৰ্ভত এনেদৰে আইনী শিৱিৰ আয়োজনৰ দিহা কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকৰণ নগাঁৱৰ সচিব মৃণাল নিউপানেই জানিবলৈ দিছে ৷ আজিৰ এই শিৱিৰ মুকলি অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা সকল ক্ৰমে বিতুপন কোৱঁৰ,লিজা বৰা,দ্বীপেন শইকীয়া,আশ্বাদুল ইছলাম মুল্লা,পাপুমনি বৰা,জ্যোতিৰেখা কাকতি আদি উপস্থিত থাকে ৷ শিৱৰত শতাধিক দৰিদ্ৰ, নিচলা,বঞ্চিত,নিস্পেষিত,আইনী সাহায্যৰ পৰা বঞ্চিত লোকে অংশগ্ৰহণ কৰে ৷ 

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

বিগত ২৬ বছৰ অসমৰ কুইজৰ ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে তেখেত। মিতালী সংঘ, টিহুৰ ‘বিহুৰে বিৰিণা পাত’ৰপৰা ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘নৱকান্ত সোঁৱৰণ’লৈ – বিশেষকৈ অসম বিষয়ক কুইজত তেখেতে লাভ কৰি আহিছে প্ৰশংসনীয় সফলতা ৷ অসমৰ কুইজত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত নতুন বাট কাটি দিয়া এইগৰাকী জ্যেষ্ঠ কুইজাৰ্ডৰ প্ৰথমখন কুইজৰ কিতাপ আজি উন্মোচন কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱত । উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, প্ৰসিদ্ধ কুইজ পৰিচালক ড° অমৰজ্যোতি চৌধুৰী । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস ।
অনুষ্ঠানত তেখেতৰ ‘প্ৰৱন্ধ সুবাস’ নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়। লগতে অ আ ক খৰ তৰফৰপৰা আয়োজন কৰা হয় ‘অসমৰ নাৰী’ বিষয়ক এখন লিখিত কুইজ ৷ প্ৰতিযোগিতাখনত Ankurjyoti Sarma ই প্ৰথম, Hiranya Kumar Barman -এ দ্বিতীয়, Manash Pratim Baruah আৰু দীপাঞ্জলি ভট্টাচাৰ্যই তৃতীয় আৰু ভাস্বতী চৌধুৰীয়ে চতুৰ্থ পুৰস্কাৰ লাভ কৰে ৷ সমগ্ৰ অনুষ্ঠানটো সুন্দৰভাৱে আঁত ধৰে আবৃত্তিকাৰ, কুইজাৰ্ড Ankita Goswami -এ ৷ বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই Pankaj Sarma , Girish Barman আৰু Dhan Deka ই ৷

গোগামুখত মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ সংবাদ মেলঃ ৫ অক্টোবৰৰ পৰা ভইচ অৱ মিচিঙৰ মহাৰণ

অসমৰ দিত্বীয় সৰ্ববৃহৎ জনজাতি মিচিং সকলৰ অন্যতম আগশাৰীৰ সাংস্কৃতিক সংগঠন মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ উদ্যোগত ৫ অক্টোবৰৰ পৰা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ভইচ অৱ মিচিং নামেৰে মিচিং গীতৰ মহাৰণ ৷ আজি গোগামুখ টুৰিষ্ট ল’জত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত এই কথা সদৰী কৰে মিচিং আৰ্টিষ্ট এছ’চিয়েছনৰ সভাপতি সঞ্জু বাবা দলে আৰু সম্পাদক ফিৰোজ পেগুৱে ৷ তেওঁলোকে কয় যে- মিচিং গীতক ডিজিটেল প্লেটফৰ্মত সক্ৰিয় কৰা আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে ৷ তদুপৰি গাঁৱ-ভূঞে লুকাই থকা নবপ্ৰজন্মৰ মিচিং গায়ক-গায়িকা সকলক এখন সুন্দৰ তথা উপযুক্ত মঞ্চৰ সুবিধা প্ৰদান কৰাটো ভইচ অৱ মিচিঙৰ আন এক অন্যতম লক্ষ্য বুলি সংবাদ মেলত তেওঁলোকে মন্তব্য আগবঢ়ায় ৷ এছ’চিয়েছন তৰফৰ পৰা সাংবাদিকক জনোৱা মতে ভইচ অৱ মিচিঙৰ প্ৰতিযোগিতা সমূহ প্ৰথমে জিলা ভিত্তিত অনুষ্ঠিত হ’ব আৰু জিলা ভিত্তিত বিজয়ী হৈ অহা সকলে মূল পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিদন্দিতা কৰিব ৷ উক্ত সংবাদমেলত উপস্থিত থাকে শিল্পী ৰঞ্জিত চন্দী, বায়’ বিনোদ পেগু আৰু এছ’চিয়েছনৰ বিষয়-ববীয়া সকলে ৷ উল্লেখনীয় যে উক্ত সংগীত মহাৰণত বিজয়ী প্ৰথমগৰাকীয়ে লাভ কৰিব এখন স্কুটি, নগদ ধন, প্ৰথম ৰাণাৰ্‌চ আপে লাভ কৰিব নগদ ৫০ হাজাৰ টকাৰ লগতে আকৰ্ষণীয়
পুৰস্কাৰ আৰু দিত্বীয় ৰাণাৰ্‌চ আপে লাভ কৰিব ২৫ হাজাৰ টকাৰ লগতে অন্যান্য আকৰ্ষণীী পুৰস্কাৰ ৷ এছ’চিয়েছনৰ ফালৰ পৰা উক্ডা° সংগীত মহাৰণা বাবে সকলো সাংস্কৃতিপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷

ধেমাজিৰ জীয়াধল নদীত ভয়ংকৰ দুৰ্ঘটনাঃ তিনিগৰকী লোক সন্ধানহীন, ৭ গৰাকীৰ কোনোমতে প্ৰাণ ৰক্ষা

ধেমাজি জিলাৰ পাহাৰীয়া খৰস্ৰোতা নৈ জীয়াধল নদীত ভয়ংকৰ মেলেং দুৰ্ঘটনা সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণী মতে জীয়াধল আদীকলীয়া গাঁৱৰ ৮ গৰাকীলোক ৫ দিনৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ পাহাৰত বাঁহ আৰু কাঠ কাটিবলৈ গৈছিল ৷ আজি দুপৰীয়া বাঁহৰ দুখন মেলেঙত কাঠৰ লগতে বাঁহ ভৰ্ত্তি কৰি আনি জীয়াধল নদীৰে ভতিয়াই আহি আছিল ৷ কিন্তু কালি ৰাতিৰ পৰা হৈ থকা প্ৰবল বৰষুণৰ ফলত জীয়াধল নদীৰ জলপৃষ্ঠ আজি হঠাৎ কালৰূপ ধাৰণ কৰে আৰু দুয়োখন মেলেং জীয়াধল নদীৰ কোবাল সোঁতে সম্পূৰ্ণৰূপে ধব্বংস কৰি পেলায় ৷ মেলেং দুখনত অহা ৮ গৰাকী লোকে জীয়াধল নদীৰ কোবাল সোঁতত উঠি যায় ৷ ইয়াৰে পাঁচগৰাকী লোক কোনোমতে সাঁতুৰি পাৰলৈ আহি প্ৰাণ ৰক্ষা কৰে যদিও তিনিগৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে ৷ স্থানীয় ৰাইজে সন্ধানহীন হৈ থকা লোক সকলক উদ্ধাৰৰ বাবে আপ্ৰাণ প্ৰচেষ্টা চলাই আছ যদিও সফল হ’ব পৰা নাই ৷ শেহতীয়াভাৱে ধেমাজি আৰক্ষী আৰু ৰাজ্যিক আপদকালীন দুৰ্যোগ ব্যৱস্হাপনা বাহিনীৰ দল দুৰ্ঘটনা স্থলীলৈ ৰাওনা হৈছে ৷ সন্ধানহীন হৈ থকা তিনিগৰাকীৰ নাম হৈছে জীয়াধল আদীকলীয়া গাঁৱৰ কেকাই নৰহ, জগু মিলি আৰু শৈলাৰাম পায়েং৷

৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত শগুণ দিৱস পালন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত যোৱা ২ অক্টোবৰৰ পৰা উদযাপিত হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি আজিৰ দিনটো শগুণ দিৱস হিচাবে পালন কৰা হয় ৷ এই উপলক্ষে ৰাজ্যৰ অগ্ৰণী প্ৰকৃতি সংগঠন আৰণ্যকৰ সৌজন্যত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত এই দিৱসৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰে ৷ মহাবিদ্যালয় খনৰ কাজিৰঙা অধ্যয়ন কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিৰূপন কোষৰ সহযোগত আয়োজিত এই শগুণ দিৱস আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈয়ে ৷

অনুষ্ঠানৰ আৰম্ভনীতেই প্ৰকৃতি সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰে ভি ডি অ’ বাৰ্তাৰে ছাত্ৰ ছাত্ৰী সকলক শগুণ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ জে ডি এছ জি মহাবিদ্যালয়ৰ কাজিৰঙা অধ্যয়ণ কেন্দ্ৰ আৰু আভ্যন্তৰীণ মান নিয়ন্ত্ৰন কোষৰ সহযোগত আয়োজিত এই অনুষ্ঠানত কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা আৰু মুম্বাই নেচাৰেল হিষ্টি চ’ছায়েটিৰ গৱেষক ড৹ বিশ্বজিৎ চাকদাৰে সমল ব্যক্তি হিচাবে অংশ গ্ৰহণ কৰি শগুণৰ প্ৰজাতি, বিস্তৃতি, সংৰক্ষণ আদিৰ বিষয়ত ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে ৷

অনুষ্ঠানত ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক জ্যোতিষ ৰঞ্জন ডেকা, মনীষা আশ্ৰফ, অদেশা নায়ক, জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যাপক প্ৰশান্ত শইকীয়া আৰু শশাংক ধৱল শইকীয়াৰ উপৰিও প্ৰকৃতিবিদ উত্তম শইকীয়াই অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানত কাজিৰঙা অধ্যয়ণ কেন্দ্ৰৰ উদ্যোগত শগুণ সংৰক্ষণৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীকলৈ এটা ৱাটচ আপ গ্ৰুপ কৰাৰ সিধান্ত গ্ৰহণ কৰি কাজিৰঙাৰ কাষৰীয় অঞ্চলত শগুণ সংক্ৰান্তীয় তথ্য সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰে ৷

উত্তৰ প্ৰদেশৰ সীতাপুৰৰ অতিথিশালাৰ মজিয়া ঝাড়ু দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সীতাপুৰৰ অতিথিশালাৰ মজিয়াত ঝাড়ু দিয়া দেখা গৈছিল য’ত তেওঁক আটক কৰাৰ পিছত ৰখা হৈছিল।য’ত তেওঁক উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীলৈ যাওঁতে আটক কৰাৰ পিছত ৰখা হৈছিল।প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছ নেতাৰ এটা দলক সোমবাৰে পুৱা লখিমপুৰ খেৰীলৈ যাওঁতে আটক কৰা হৈছিল য’ত দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই প্ৰতিবাদকাৰী কৃষকৰ এটা দলৰ ওপৰত দৌৰি যোৱাৰ পিছত ৮ জন লোকৰ মৃত্যু হৈছিল। বাহনখনৰ দ্বাৰা দৌৰি যোৱাৰ অভিযোগত চাৰিজন কৃষক নিহত হয় আৰু তাৰ পিছত সংঘৰ্ষত আন চাৰিজন নিহত হয়, যাৰ ফলত অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়।
প্ৰিয়ংকা গান্ধী আৰু কংগ্ৰেছৰ আন নেতাসকলে লগে লগে লখিমপুৰ খেৰীলৈ ৰাওনা হয়, কিন্তু হিংসাপীড়িত অঞ্চলত উপস্থিত হোৱাৰ আগতে তেওঁলোকক সীতাপুৰত আটক কৰা হয়। প্ৰিয়ংকা গান্ধীক এতিয়া সীতাপুৰৰ এটা অতিথিশালাত ৰখা হৈছে, য’ত তেওঁক বাসস্থানৰ মজিয়াবোৰ ঝাড়ু দিয়া দেখা গৈছিল।কংগ্ৰেছ দলে শ্বেয়াৰ কৰা আন ভিডিঅ’সমূহত প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীৰ বিষয়াসকলৰ সৈতে তৰ্ক কৰা দেখা গৈছে য’ত তেওঁলোকক আটক ৰখাৰ ন্যায্যতাৰ বাবে ৱাৰেণ্ট চাবলৈ দাবী কৰা দেখা গৈছে আনহাতে দলটোৱে অভিযোগ কৰিছে যে বিবাদৰ সময়ত নেতাসকলক হাতাহাতি কৰা হৈছিল।
ইফালে, লখিমপুৰ খেৰী হিংসাৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আৰু আন কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। কৃষক নেতাসকলে দাবী কৰিছিল যে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ ভ্ৰমণৰ বিৰোধিতা কৰি কিছুমান প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা এখন গাড়ীত আশীষ মিশ্ৰ আছিল।

কংগ্ৰেছৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক নিলম্বন

অৱশেষত শ্বেৰমান আলীক কংগ্ৰেছৰ পৰা নিলম্বন।শ্বহীদক অপমান কৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখযোগ্য যে,বিধায়ক শ্বেৰমান আলীয়ে শ্বহীদক লৈ কৰিছিল বিতৰ্কিত মন্তব্য। অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দিছিল বিধায়কজনে। আপত্তিজনক মন্তব্য কৰা শ্বেৰমানক গ্ৰেপ্তাৰ কৰিবলৈ বহু দল সংগঠনে চৰকাৰক দাবী জনাইছিল। ইয়াৰ পূৰ্বেও কলাক্ষেত্ৰত মিঞা মিউজিয়াম বিচাৰি বিতৰ্কৰ সৃষ্টি কৰিছিল শ্বেৰমান আলীয়ে।

বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

জ্ঞানৰ মন্দিৰত নমস্য শিক্ষাগুৰুৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য সময়ে সময়ে পোহৰলৈ আহিছে, শিক্ষানুষ্ঠানত প্ৰধান শিক্ষকৰ দায়িত্ব পাই সোঁৱে বাওঁৱে একাংশই চলাইছে লুণ্ঠনৰাজ। ঠিক তেনে এক ঘটনা সংঘটিত হয় কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত বালিঝাৰত। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী বালিঝাৰৰ নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ত আজি পোকে খোৱা চাউল ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ লওঁতেই ৰাইজে হাতে-লোটে ধৰে ধুৰন্ধৰ প্ৰধান শিক্ষক গৰাকীক আৰু তাৰ পিছতেই বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত নিজ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুছলেম উদ্দিনৰ দুৰ্নীতি সন্দৰ্ভত ৰাইজে মৌখিক, লিখিত অভিযোগ সংশ্লিষ্ট উৰ্ধতম কতৃপক্ষক বহু বাৰ দিছিল যদিও ৰাইজৰ অভিযোগৰ সমন্তৰালকৈ প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয় খনত ইটোৰ পিছত সিটোকৈ দুৰ্নীতি আৰু লুণ্ঠন চলাই আহিছে, বিদ্যালয় নহয় যেন খীৰতি গাই এটাহে! ৰাইজৰ অভিযোগ অনুসৰি আন্তঃগাঁথনিৰ ধন, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ নামত দুৰ্নীতি, হিচাপ-পাতি দিয়াৰ নাম গোন্ধেই নাই মুঠতে কোনো গুৰু গোঁসাই নমনাকৈ প্ৰধান শিক্ষকৰ মনমৰ্জি মতে চলাই গৈছে বিদ্যালয় খন। সোমবাৰে সুদীৰ্ঘ প্ৰায় বছৰ দিনৰ অন্তত ছাত্ৰ ছাত্ৰীক পোকে খোৱা মধ্যাহ্ন ভোজনৰ চাউল বিলাবলৈ লওঁতেই ৰাইজে প্ৰধান শিক্ষক গৰাকীক জবাবদিহি কৰে আৰু ছাত্ৰ ছাত্ৰী-অভিভাৱক মিলি দুৰ্নীতিপৰায়ণ শিক্ষক গৰাকীৰ শাস্তিৰ দাবীত বিদ্যালয় চৌহদতে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ। স্মৰ্তৱ্য যে ৰাইজে ছমৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ বিষয়ালৈ শিক্ষক গৰাকীৰ দুৰ্নীতিৰ বহু অভিযোগ দাখিল কৰা স্বত্বেও ফল নধৰিল, ৰাইজে জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈও দাখিল কৰিছে একেই অভিযোগ। এতিয়া প্ৰশ্ন হয় ৰাইজৰ অভিযোগক মান্যতা দি আগলৈ শিক্ষা বিভাগে শাস্তিৰ দিহা কৰিবনে হাতদীঘল প্ৰধান শিক্ষক গৰাকীক ? সেয়া সময়েহে হব লক্ষণীয়।