অসম চৰকাৰৰ “ৰাজহ আৰু দূৰ্য্যোগ ব্যৱস্হাপনা বিভাগ, অসম ” ৰ দ্বাৰা জনকল্যাণৰ বাবে “গান্ধী জয়ন্তী” দিনা আৰম্ভ কৰা ” মিচন বসুন্ধৰা” আচঁনি খনক সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি লোকনাথ সন্ধিকৈ আৰু সাধাৰণ সম্পাদক ভৱানন্দ বৰাই আদৰণি জনাইছে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় মণ্ডলেই মংগল ” মন্ত্ৰৰে অসম চৰকাৰে আৰম্ভ কৰা এই “বসুন্ধৰা ” আঁচনি খনৰ জৰিয়তে জনসাধাৰণে ৯ টাকৈ ভুমি ৰাজহ সম্পকীয় গুৰুত্বপূৰ্ণ সেৱা লাভ কৰিব ৷এই সেৱা সমূহৰ ভিতৰত আছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি,বিবাদ মুক্ত বাটোৱাৰা,একচনীয়া পট্টাৰ ম্যাদী কৰণ,মাটিৰ শ্ৰেণী পৰিৱৰ্তন,ৰাজহ নথিৰ পৰা দখল/স্বত্ব বিহিন পট্টাদাৰৰ নাম কৰ্তন, আৱন্টিত মাটি ম্যাদীকৰণ, ভূমি নথি সংশোধন (নাম আৰু মাটিৰ কালি সংশোধন )আৰু ভূমি নথিত পট্টাদাৰৰ ম’বাইল নং অন্তভূক্ত কৰণ।এই সেৱা সমূহ জনসাধাৰণে কাৰ্যালয়ত উপস্থিত নোহোৱাকৈ On line ৰ জৰিয়তে লাভ কৰিব ৷ এই সেৱা গ্ৰহণ কৰিব বাবে Online ত প্ৰ-পত্ৰ পূৰণ কৰোতে সকলো তথ্য সংলগ্ন কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাই ৷যিহেতু এই সেৱা Online ব্যৱস্থাৰে হ’ব গতিকে ইন্টানেটৰ নেট সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ আৰু প্ৰত্যেক জন লাট মণ্ডল- কাননগোকে একোটা কৈ উন্নত প্ৰয়ুক্তিৰ কম্পিউটা উপলব্ধ কৰিবলৈ চৰকাৰক দাবী জনাই ৷ জনসাধাৰণৰ ব্যাপক সংখ্যক আবেদন গোচৰ নিস্পতি কৰিব বাবে লাট মণ্ডল সকলে যিহেতু সদায় নিজৰ নিজৰ দায়িত্বত থকা এলেকালৈ যাব লাগিব ,সেয়েহে মণ্ডল- কাননগো সকলক যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰক সন্মিলনীৰ তৰফৰ পৰা দাবী জনাই কয় মণ্ডল- কাননগো সকলে যিহেতু ” অসম ভূমিলখ্য নিয়মাৱলী-১৮৮৬” নামৰ আইনৰ আধাৰত প্ৰতিটো গোচৰ নিস্পতি কৰিব,গতিকে সকলো ৰাইজ তথা মাটিৰ পট্টাদাৰকে বিভাগৰ লগত সহযোগ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। সকলো মণ্ডল- কাননগোক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আৰু আইনৰ আউতাত নপৰা বিষয়বোৰ সহজ সৰল ভাষাত নম্ৰভাৱে ৰাইজক বুজাই দিবলৈ আহ্বান জনাই এই জনকল্যাণৰমূলক আঁচনি খনৰ ৰূপায়ণ ক্ষেত্ৰত যাতে জনসাধাৰণ আৰু বিভাগৰ মাজত কোনো ভূল বুজাবুজি নোহোৱাকৈ সুচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে সকলো পক্ষকে সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাই ৷যদি কোনো অভব্য ব্যক্তিৰ বাবে এই জনহিতৰ আঁচনি ৰূপায়ণ সময়ত কৰ্মবিৰতিকে আদি কৰি আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব লগিয়া পৰিবেশ আৰু পৰিস্থিতি সৃষ্টি হয় তেনে ক্ষেত্ৰত সদৌ অসম মণ্ডল কাননগো সন্মিলনী কোনো কাৰণতে দায়ী নহব বুলি স্পষ্ট কৰি দিয়ে। যোৱা কালি লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদতো বসুন্ধৰা আঁচনিৰ বিষয়ে চক্র বিষয়া স্বৰাজ ভাৰত লাগাচু দেৱে ৰাইজক অৱগত কৰি দিয়ে।
মুম্বাইৰ ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ অসম কন্যাৰ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ‘লিভা মিচ দিভা, ২০২১’শীৰ্ষক মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ সন্মান আজুৰি অনা এগৰাকী অসম কন্যাই দেখুৱালে আদৰ্শৰ এক অনন্য নিদৰ্শন। কঠোৰ সাধনা, একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে মানুহে কৰিব নোৱাৰা একো কাম নাই, এই কথা সঁচা যে এশ শতাংশ ইয়াৰ জ্বলন্ত উদাহৰণ হ’ল মুম্বাইত সদ্যসমাপ্ত ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক সৌন্দৰ্য কিম্বা মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ কৰা অসমৰ পল্লৱী শইকীয়া। উক্ত প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ অন্যতম পল্লৱীয়ে ‘টাইমছ মিছ টেলেণ্টেড’ আৰু ‘লিভা টপ মডেল’ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী । তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জ্যেষ্ঠ কন্যা পল্লৱীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল তৈল নগৰী ডিগবৈস্থিত ‘লিটল ষ্টাৰ ছিনিয়ৰ ছেকণ্ডাৰী স্কুল’ত। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ পল্লৱীয়ে সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীততো বিশাৰদ ডিগ্ৰী লাভ কৰিছে। পল্লৱী এগৰাকী নাট্য শিল্পীও। উল্লেখ্য যে সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত সন্মান সহ সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য বান্ধি লৈছে। পল্লৱীৰ এনে বিৰল কৃতিত্বত উৎফুল্লিত হৈছে টিংৰাইবাসী।
চিৰাং জিলা ছাত্ৰ সংগঠনৰ সমন্বয় ৰক্ষা সমিতিৰ সৈতে বঙাইগাঁও তেল শোধানাগাৰ কতৃপক্ষৰ গুৰুত্বপূৰ্ণ বৈঠক।
অসমৰ অন্যতম তেল শোধানাগাৰ হিচাপে জনাজাত চিৰাং জিলাৰ ঢালিগাওঁস্থিত বঙাইগাঁও তেল শোধানাগাৰ। য’ত কৰ্মৰত সহস্ৰাধিক স্থানীয় আৰু বহিৰাগত কৰ্মচাৰী । এক প্ৰকাৰ বৃহৎ প্ৰকল্প হিচাবে পৰিগণিত হোৱা বঙাইগাঁও তেল শোধানাগাৰ কতৃপক্ষৰ সৈতে আলোচনাত মিলিত হয় চিৰাং জিলাৰ ছাত্ৰ সংগঠনসমূহৰ সমন্বয় ৰক্ষা সমিতি। বেংগলী ফেডাৰেশ্যন,আমছু,এবিএমছুকে আদি কৰি চিৰাং জিলাৰ মুঠ দহটা জাতীয় ছাত্ৰ সংগঠনৰ নেতৃত্বত গঢ় লৈ উঠা সমন্বয় ৰক্ষা সমিতিৰ নেতৃবৰ্গৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হয় তেল শোধানাগাৰ কতৃপক্ষই। তেল শোধানাগাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই আলোচনা পৰ্বত তেল শোধানাগাৰৰ মহা প্ৰবন্ধক ফুলাম গামোচাৰে সম্বোৰ্ধনা জ্ঞাপন কৰে সমিতিৰ সহকাৰী আহ্বায়ক শুভ মজুমদাৰে আৰু স্মাৰক পত্ৰ প্ৰদান কৰে সমিতিৰ আহ্বায়ক গুলজাৰ হুছেইনে। স্মাৰক পত্ৰত উল্লেখিত বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰায় তিনি ঘণ্টীয়া এই আলোচনাত তেল শোধানাগাৰ কেন্দ্ৰীক প্ৰায় সকলোবোৰ কথা বিষদভাৱে আলোচনা কৰা হয় য’ত শিক্ষা, স্বাস্থ্য আৰু কৰ্মসংস্থাপনৰ ওপৰত মূলতঃ আলোকপাত কৰা হয়। শিক্ষাৰ্থীৰ শৈক্ষিক ভবিষ্যতৰ কথা চিন্তা কৰি বিনামূলীয়া শিক্ষা কেন্দ্ৰ, স্বাস্থ্যৰ ক্ষেত্ৰত এম্বুলেন্স যোগানৰ পৰা আৰম্ভ কৰি স্থানীয় ৰাইজক পৰ্যাপ্ত পৰিমাণে সহায়-সহযোগ কৰা, স্থানীয় নিবনুৱা সকলোক কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত প্ৰথম প্ৰাধান্য দিয়াৰ লগতে সম্ভাৱ্য অস্থায়ী পদসমূহত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰে পৰা আদি কৰি তেল শোধানাগাৰৰ পৰা সৃষ্টি হোৱা বিভিন্ন সমস্যা, যেনে – প্ৰদূষণ হ্ৰাস কৰা, দূৰ্গন্ধ দূৰীকৰণ আদি বিষয় বোৰ বিশেষ ভাৱে আলোচিত হয়। সদৌ শেষত প্ৰায় সকলোবোৰ সমস্যা সমাধানৰ বাবে পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰাৰ লগতে শোধানাগাৰ কতৃপক্ষই ছাত্ৰ সংগঠনসমূহৰ নেতৃবৰ্গক পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান জনায়।
ধেমাজিত ব্লক কংগ্ৰেছৰ ধণা কাৰ্যসূচী ৰূপায়ণ।
ধেমাজিত ব্লক কংগ্ৰেছৰ ধণা কাৰ্যসূচী ৰূপায়ণ।সাতটাকৈ ব্লক কংগ্ৰেছৰ সদস্য সকলে আজি ধেমাজি তিনিআলিত উত্তৰ প্ৰদেশ চৰকাৰৰে কংগ্ৰেছ কমিতিৰ মাননীয় সম্পাদিকা প্ৰিয়ংঙ্কা ভদ্ৰাক প্ৰহাৰ কৰি আটক কৰাৰ প্ৰতিবাদত আজি ধেমাজি জিলা ব্লক কংগ্ৰেছ কমিতিৰ শতাধিক সদস্যই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদ কাৰি সকলৰ দাবী প্ৰিয়ংঙ্কা ভদ্ৰাক বিনা চত্তে মুকলি কৰি দিয়াৰ দাবীত আজি আদিত্য যোগী নাথৰ প্ৰতিমুত্তি দাহ কৰে৷
মাত্র কেইঘণ্টামানৰ ভিতৰতে মাৰ্ক জুকাৰবাৰ্গে 6 বিলিয়ন ডলাৰ হেৰুৱাইছে।
ছ’চিয়েল নেটৱৰ্কিং ছাইট আৰু মেচেজিং এপ 7 ঘণ্টাতকৈও অধিক সময়ৰ বাবে ক্ৰেছ হৈছিল, প্ৰথমে ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় 9:10 বজাত প্ৰতিবেদন দিয়া হৈছিল।ফেচবুকৰ মালিকানাধীন এছ এম জায়ান্টছ – ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম ব্যাহত হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে মাৰ্ক জুকাৰবাৰ্গে 6 বিলিয়ন ডলাৰ হেৰুৱাইছে।ফেচবুকে এক আনুষ্ঠানিক বিবৃতি জাৰি কৰিছে, “আমাৰ ওপৰত নিৰ্ভৰ কৰা সমগ্ৰ বিশ্বৰ মানুহ আৰু ব্যৱসায়ৰ বিশাল সম্প্ৰদায়লৈ: আমি দুঃখিত। আমি আমাৰ এপ আৰু সেৱাসমূহৰ প্ৰৱেশাধিকাৰ পুনৰুদ্ধাৰ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছো আৰু সেইবোৰ এতিয়া অনলাইনলৈ ঘূৰি আহিছে বুলি জনাবলৈ পাই সুখী। আমাৰ সৈতে সম্পৰ্ক ৰাখিবলৈ আপোনাক ধন্যবাদ।”
ওদালগুৰি জিলা সাহিত্য সভাৰ ‘গল্প সাধনা বঁটা’ প্ৰদান কাৰ্যসূচী আৰু ‘মনোজ্ঞ আলোচনা চক্ৰ’
বামুণজুলি সাহিত্য সভাৰ উদ্যোগত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত ৩ অক্টোবৰত ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্ব ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পোনপ্ৰথমবাৰৰ বাবে ‘গল্প-সাধনা বঁটা,২০২১’ প্ৰদান কাৰ্যসূচীটি ৰূপায়ণ কৰা হয়৷ জিলাখনৰ প্ৰতিষ্ঠিত আৰু উদীয়মান গল্পকাৰ সকলক অনুপ্ৰাণিত কৰাৰ উদ্যেশ্যে ২০২০-২২ কাৰ্যবৰ্ষৰ পৰা প্ৰতি দুবছৰত এই বঁটা প্ৰদান কৰা হ’ব বুলি সম্পাদক ড* পবিত্ৰ শৰ্মাই উল্লেখ কৰে।৷ এইবেলি ‘বংশীধৰ কলিতা সোঁৱৰণী গল্প-সাধনা বঁটা, ২০২১’ ৰে জিলা সভাই অসমীয়া গল্প সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ,’সৰ্ব ভাৰতীয় কথাবঁটা’ৰে বিভূষিত লেখক, টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক মাননীয় জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱক সন্মানিত কৰা হয়৷ ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পুনুৰাম কলিতা পিতৃ প্ৰয়াত বংশীধৰ কলিতাদেৱৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটাত আছে ক্ৰমে – এখন গামোচা,এখন চেলেং , এখন শৰাই, এটি জাপি,এখন সম্বৰ্ধনা পত্ৰ, এটি কিতাপৰ টোপোলা আৰু নগদ পাঁচ হাজাৰ টকা৷ বামুণজুলি সাহিত্য সভাৰ শিল্পীবৃন্দই উদ্বোধনী গীত পৰিবেশনেৰে মুকলি কৰা সভাখনত দুটি একক গীত পৰিবেশনেৰে সভাৰ সৌস্তভ বৃদ্ধি কৰে সুগায়িকা ছাত্ৰী ক্ৰমে নৱনীতা ডেকা আৰু দীপশিখা তালুকদাৰে৷ স্ব-ৰচিত কবিতা পাঠ কৰে ছাত্ৰী পূজা দেৱীয়ে৷সম্বৰ্দ্ধনাৰ অন্তত গল্প সম্পৰ্কে এটি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ বঁটা প্ৰাপক চক্ৰৱৰ্তী দেৱৰ গাম্ভীৰ্যপূৰ্ণ ভাষণেৰে আজিৰ আলোচনা চক্ৰটি ৰূপায়ণ কৰা হয়৷ আজিৰ অনুষ্ঠানৰ আন এটি সোণত সুৱগা দিশ আছিল টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা, বিশিষ্ট অনুবাদ গল্পকাৰ ড° অঞ্জলি চক্ৰৱৰ্তী বাইদেৱে কলিকতাৰ প্ৰতিষ্ঠিত লেখক সুকুমাৰ ৰুজৰ বিজ্ঞানভিত্তিত গল্পগ্ৰন্থ ‘মেচিন এজ ডট কম’(Machine age dot com)ৰ অসমীয়ালৈ একে নামেৰেই অনুবাদ কৰা নৱতম গ্ৰন্থখনৰ উন্মোচন৷ওদালগুৰি জিলা সাহিত্য সভাৰ ইতিহাসত এক নৱসংযোজন হিচাবে বিবেচিত অনুষ্ঠানৰ শেষত অসম সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়৷

লামডিং কালিবাড়ীত শাৰদীয় দূৰ্গা পূজাক লৈ লামডিং পুৰহিত সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক
সমাগত শাৰদীয় দূৰ্গা পূজা কিন্ত এইবাৰ ৰাজ্য চৰকাৰে বান্ধি দিয়া কৰোণা প্ৰটোকলৰ সকলো নীতি নিয়ম মানি অনুস্থিত হ’ব শাৰদীয় দূৰ্গা পূজা৷ লামডিং কালিবাডী মন্দিৰৰ ভিতৰত লামডিংৰ দূর্গা পূজাৰ আয়োজক লৈ লামডিং পুৰহিত কমিটিৰ সকলো সদস্যই একত্ৰিত হৈ এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰে ৷ সভাৰ মূল উদ্দেশ্য হৈছে স্বাস্থ্য বিভাগে দিয়া কভিট প্ৰটকল অনুসৰি এই বাৰ শাৰদীয় দুৰ্গা পূজাত কেৱল পেকেট হিচাবেহে প্ৰসাদ বিতৰণ কৰিব পাৰিব ৷ এই বাৰ পূজাত সকলো ৰাইজৰ মন বেয়া হৈছে যদিও ৰাইজৰ স্বাস্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দিয়া সকলো নীতি নিয়ম মানি চলিব বুলি মন্তব্য কৰে লামডিংৰ পুৰহিত সমিতিৰ সদস্য সকলে। সকলো পুৰহিতে কভিড ভেকচিন লব লাগিব ৷ কভিড ১৯ সকলো নিয়ম নীতি মানিহে মা দূৰ্গা পূজা কৰিব পাৰিব পুৰহিত সকলে ৷ শাৰদীয় দুৰ্গা পূজা মহোৎসৱ ক’ভিড প্ৰট’কল ৰক্ষা কৰি জিলা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়মৰ মাজেৰে অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হব। সেই অনুসৰি অহা ১১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈ দুৰ্গা পূজা এইবাৰ সকলো জাকজমকতা পৰিহাৰ কৰি অনুষ্ঠুপীয়াকৈ পালন কৰা হব। লামডিং পুৰহিত সমিতিয়ে এক গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰি কয় যে এইবাৰ ক’ভিড বিধি অনুসৰি দুৰ্গা পূজা স্থলীত কোনোধৰণৰ দোকান পোহাৰ নথকাৰ লগতে অনুষ্ঠিত নহ’ব কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠান। ক’ভিড বিধি ৰক্ষা কৰি অনুষ্ঠিত হব লগা দুৰ্গপূাজাৰ স্থলীত সামাজিক দূৰত্ব, মাক্স পৰিধান বাধ্যতামূলক কৰি বৈদিক নীতি নিয়মৰ মাজেৰে দূৰ্গা পূজা পালন কৰা হব। আনকি পূজা স্থলীত ব্যৱহাৰ নহ’ব মাইক আদিও। লামডিং পুৰহিত সমিতিয়ে পুজাৰ কাৰ্য্যসূচী সমুহত ৰাইজৰ সক্ৰিয় সহায় সহযোগ কামনা কৰি পূজা স্হলীলৈ ৰাইজক মাস্ক পৰিধান কৰি আহিবলৈ আহ্বান জনোৱাৰ লগতে পূজা স্থলীত সেনেটাইজাৰ , মাস্ক, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাইছে। লামডিং পুৰহিত সমিতিৰ সম্পাদক বিপ্লৱ চক্ৰবৰ্ওী, সহ সম্পাদক শিব প্ৰসাদ চক্ৰবৰ্ওী আৰু শাদন ভট্টাচাৰ্য, উপ-সভাপতি শবুদ চক্ৰবৰ্ওী,কাৰ্য্যকৰী সদস্য বিশ্বজিত চক্ৰবৰ্ওী, ৰমা প্ৰসাদ চক্ৰবৰ্ওী, খোকন চক্ৰবৰ্ওী উপস্থিত থাকি সাংবাদিকৰ কেমেৰাৰ আগত লামডিংৰ পুৰহিত কমিটিৰ সদস্য সকলে বহুতো গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ৷
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকো সৌজন্যমূলক সাক্ষাত মন্ত্ৰী পীযুষ হাজৰীকাৰ
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সীমা সমস্যা সমাধান সমিতিৰ অধ্যক্ষ শ্ৰী পীযুষ হাজৰীকাই কাষৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী শ্বিলঙত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙৰ সৈতে অসম চৰকাৰৰ তৰফৰ পৰা বিধায়কদ্বয় অতুল বৰা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক লগত লৈ এখন বৈঠকত মিলিত হয় | কামৰূপ মেট্ৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিঙ উপস্থিত থকা আলোচনাকালত দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান সমিতিৰ সদস্যসকলে অহা ৯ অক্টোবৰত পিলিংকটা, বৰপথাৰ, গণেশ নগৰ আৰু ২ নং খানাপাৰা আদি সীমামূৰীয়া অঞ্চল সমূহ পৰ্যবেক্ষণ কৰি এক চৰজমিন তদন্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

পাছত মন্ত্ৰী পীযুষ হাজৰীকাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক তেখেতৰ কাৰ্যালয়ত এক সৌজন্যমূলক সাক্ষাৎ কৰে । এই সাক্ষাতকালত মন্ত্ৰীজনে দীৰ্ঘ দিনীয়া সীমা সমস্যা সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঐতিহাসিক পদক্ষেপৰ বাবে দুয়োগৰাকী নেতাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে ৰাজ্যদুখনৰ সীমা বিবাদে অতি সোনকালেই এক স্থায়ী সমাধান লাভ কৰিব ।
ৰৌতাত বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গোঁসাইগাওঁ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষনা
ৰাজ্যখনৰ আঞ্চলিক ৰাজনৈতিক দল বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা এখন ৪অক্টোবৰত ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলি বিআইচিচি হ’লত দিনৰ ১ বজাত অনুষ্ঠিত হৈ যায় । এই ৰাজনৈতিক দলটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োই । গোঁসাইগাঁও সমষ্টিটোৰ কাৰণে বিপিএফ প্ৰাৰ্থী হিচাপে ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ নামটো সভাপতি হাগ্ৰামা মহিলাৰীয়ে সদৰি কৰা সভাখনত আগন্তুক উপ নিৰ্বাচনৰ বিষয়ে আলোচনা কৰি কেবাটাও বিষয়ৰ ওপৰত গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে । তামুলপুৰ সমষ্টিটোৰ বাবে ৪অক্টোবৰৰ সভাই কোনো সমাধানৰ উপায় বিচাৰি নোপোৱা সভাখনত কালাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োই দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ দিশত বহলাই সাৰুৱা বক্তব্য আগবঢ়ায় । সভাখনত পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী , মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিচিৰ বিপিএফ দলৰ এমচিএলএ সকলৰ লগতে কেন্দ্ৰীয় সমিতিখনৰ প্ৰায় পাঁচ শতাধিক প্ৰতিনিধি উপস্থিত আছিল । ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু মাজবাট সমষ্টি বিপিএফ সমিতিৰ সহযোগত এই কাৰ্যনিৰ্বাহক সভাখন ৪অক্টোবৰ অনুষ্ঠিত হয় ।ৰৌতাত বিজেপিৰে পুনৰ মিত্ৰতাৰ কথা পুনৰ ঘোষণা কৰিছে বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰীয়ে ।হব লগীয়া উপ নিৰ্বাচনৰ এক সন্ধিক্ষনত বিটিচিৰ ৰাজনৈতিক বতাহ আকৌ দিনক দিনে পৰিবৰ্তনত দিশত গতি কৰিবলৈ লৈছে ৷ বিজেপিৰে বিপিএফৰ মিত্ৰতা চুড়ান্ত হোৱাৰ কথা ঘোষণা হাগ্ৰামা মহিলাৰীৰ। মাত্ৰ আনুষ্ঠানিকতাহে বাকী বুলি মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে ৪অক্টোবৰত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বিপিএফ নেতৃত্বৰে হোৱা আলোচনাত মিত্ৰতাই চূড়ান্ত ৰূপত প্ৰকাশ হৈছে ৷ ৰৌতাৰ সভাখনত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি দলীয় বিধায়ক আৰু শীৰ্ষ নেতৃত্বৰ উপস্থিতিত বিজেপিৰে হোৱা মিত্ৰতা আৰু আগন্তুক উপ নিৰ্বাচন সন্দৰ্ভত আলোচনা আৰু পৰ্য্যালোচনা কৰা হয় ৷ আনহাতে ইউপিপিএল দলেও গোঁসাইগাওঁ আৰু তামুলপুৰ সমষ্টি দুখনৰ বাবে প্ৰাৰ্থীৰ নাম ইতিমধ্যে প্ৰকাশ কৰিছে ৷কোকৰাঝাৰৰ জিলাৰ গোঁসাইগাওঁ সমষ্টিত বিজেপি মিত্ৰজোটৰ সৈতে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বণ্ডীতা কৰাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায় ৷ বিপিএফে প্ৰাৰ্থী নিদিয়া সমষ্টিত দলে ইউপিপিএলক সহায় কৰিব নে বিজেপিক সহায় কৰিব সেই সম্পৰ্কত প্ৰশ্নত মহিলাৰীয়ে কোনো ৰাজনৈতিক দলৰ নাম নোলোৱাকে মিত্ৰজোঁটক প্ৰত্যক্ষ ভাবে সহায় কৰিব বুলি মন্তব্য আগবঢ়ায়।

আগ্ছু হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা সম্পন্ন
সদৌ অসম গোৰ্খা ছাত্র সন্থা (আগ্ছু) ওদালগুৰি জিলা সমিতিৰ হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা যোৱা ৩ অক্টোবৰ তাৰিখে সাতঘৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আঞ্চলিক সমিতিৰ সভাপতি ইন্দ্ৰ প্ৰধানৰ সভাপতিত্বত সম্পন্ন হৈ যায়। আঞ্চলিক সমিতিৰ সহ সম্পাদক দীপক বিশ্বকৰ্মাই সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰাৰ পিছত সাধাৰণ সম্পাদক সাজন মিশ্ৰই বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে। প্ৰতিনিধি সভাৰ আগে আগে লিচিং আৰু সাতঘৰীয়া শাখা সমিতিৰ সদস্য/সদস্যা সকলক শপতগ্ৰহণ কৰায় ওদালগুৰি জিলা সমিতিৰ সাংগঠনিক সম্পাদক নবীন চন্দ্ৰ দাহালে। প্ৰতিনিধি সভাত ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া,সহ সম্পাদক কিশোৰ কাশ্যপ পৰ্য্যবেক্ষক হিছাপে উপস্থিত থাকি প্ৰতিনিধি সভা পৰিচালনা কৰে। প্ৰতিনিধি সভাত অহা দুবৰৰ বাবে নবীন চন্দ্ৰ দাহালক সভাপতি, নাৰায়ণ প্ৰধান, মনোজ ঘিমিৰে আৰু সাজন মিশ্ৰক উপ সভাপতি, দীপক বিশ্বকৰ্মাক সাধাৰণ সম্পাদক, বিনোদ দাহাল, মনোজ থাপা আৰু টীকামায়া মগৰক সহ সম্পাদক হিছাপে লৈ মুঠ একত্ৰিশ জনীয়া সমিতি পুনৰ গঠন হয়। উক্ত প্ৰতিনিধি সভাত আগ্ছু ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা মনোজ হাং ৰাই, আগ্ছু কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য অৰ্জুন ঘিমিৰে, অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উপ সভাপতি দেৱৰাজ নেউপানে, হৰিশিঙা আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি মনোজ ৰাই, স্থানীয় সমাজ সেৱকৰ লগতে বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত হৰিশিঙা আঞ্চলিক আগ্ছুৰ প্ৰতিনিধি সভা সফলতাৰে সম্পন্ন হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰিছে ৷












