Home Blog Page 2807

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত নাজিৰাত কংগ্ৰেছৰ ” প্ৰতিবাদী ধৰ্ণা “

কৃষক পৰিয়ালৰ খবৰ ল’বলৈ যাওঁতে উত্তৰ প্ৰদেশৰ চৰকাৰে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত আজি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে নাজিৰাতো কংগ্ৰেছ দলে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটী , সমষ্টি এন এছ ইউ আইৰ যৌথ উদ্যোগত নাজিৰা ৰাজীৱ ভৱন প্ৰাংগণৰ পৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰাংগণলৈকে শতাধিক কংগ্ৰেছ কৰ্মীয়ে সমদল বাহিৰ কৰি বিভিন্ন  প্ৰতিবাদী ধৰ্ণাৰে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । নাজিৰা গ্ৰাম্য ব্লক কংগ্ৰেছৰ সভাপতি মৃদুল বৰগোঁহাই , সাধাৰণ সম্পাদক যোছেফ সিং , পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সমষ্টি এন এছ ইউ আইৰ তত্বাৱধায়ক পৰশমণি কলিতা , অসম ৰাজ্যিক এন এছ ইউ আইৰ সম্পাদক ইজাজ ৰহমান , সমষ্টি এন এছ ইউ আইৰ সভাপতি প্ৰৱাল বৰুৱা , সম্পাদক ছাজাদ হুছেইনকে ধৰি শতাধিক কংগ্ৰেছ কৰ্মী আৰু ছাত্ৰ কৰ্মীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বি জে পি গ’ বেক , নৰেন্দ্ৰ মোদী , অমিত শ্বাহ হায় হায় , প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক , বি জে পিৰ ফেচিবাদী শাসন নিপাত যাওঁক আদি বিভিন্ন ধৰ্ণাৰে উত্তাল কৰি তোলে অঞ্চলটোৰ আকাশ -বতাহ । 

চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা পলাশবাৰী সমষ্টিৰ লোচনা তাৰাপতিৰ এটা দৰিদ্ৰ পৰিয়ালৰ কাহিনী

বিজেপি দল আৰু চৰকাৰে দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা আৰু দেশৰ শেষৰ জন দৰিদ্ৰ লোকেও যাতে খাদ্য আৰু বাসস্থানৰ অভাৱত ভুগিব লগা নহয় তাৰবাবেও আঁচনি গ্ৰহণ কৰিছে  বুলি  বুলি দলৰ মন্ত্ৰী – বিধায়ক আনকি দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীয়েও সময়ে সময়ে ঘোষণা কৰি আহিছে । কিন্তু ইয়াৰ মাজতো ৰাজ্যৰ আন বহু সমষ্টিৰ লগতে গুৱাহাটীৰ গাতে লগা পলাশবাৰী সমষ্টিৰ   ১০৮ নং মালিয়াটা গাওঁ  পঞ্চায়তৰ  ৭ নং  ৱাৰ্ডৰ ( গৃহ নং – ৬ ) সন্ধ্যা দাস নামৰ অতি দৰিদ্ৰ পৰিয়ালটোৱে আজিলৈকে ৰেচন কাৰ্ডখনৰ বাহিৰে নাপালে একো চৰকাৰী সাহায্য । এটা ঘৰৰ অভাৱত পৰিয়ালটোৱে উৱঁলি যোৱা চালিৰ তলত  ফৰকাল বতৰত  নিশা আকাশৰ তৰা চাই আৰু বৰষুণৰ বতৰত পলিথিন – প্লাষ্টিক মূৰত লৈ উজাগৰে থাকিব লগা হয় । কিছুদিন আগলৈকে  আনৰ ঘৰত দিন হাজিৰা কৰি পেটে ভাতে চলি থকা সন্ধ্যা দাস বৰ্তমান ৰুগীয়া হোৱা বাবে পত্নী হেমপ্ৰভা দাসে এতিয়া আনৰ ঘৰত কাম কৰিব লগা হৈছে । দৰিদ্ৰ সীমাৰেখাৰ তলৰ বাসিন্দা  সন্ধ্যা দাসে আজিও নাপালে প্ৰধানমন্ত্ৰী আবাস যোজনা আঁচনিৰ ( পি এম এ ৱাই )  অধীনত এটা ঘৰ । এই সন্দৰ্ভত তেওঁলোকে বহুবাৰ  গাওঁ পঞ্চায়তৰ  সদস্য –  সভাপতিক আবেদন –  নিবেদন কৰি আহিছে যদিও আশ্বাসৰ বাহিৰে পৰিয়ালটোৱে আজিলৈকে একো নাপালে । আনটো বাদেই বিগত বর্ষত ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনি , কনকলতা বৰুৱা সাৰ্বজনীন বৃদ্ধ পেন্সন আঁচনিকে ধৰি বিভিন্ন কল্যাণকামী আঁচনিৰ পৰাও পৰিয়ালটো বঞ্চিত হবলগীয়া হৈছে । উল্লেখযোগ্য যে তিনিজনী জীয়ৰীক বিয়া দিয়াৰ পাছত সন্ধ্যা দাস আৰু   হেমপ্ৰভা দাসৰ অৱস্থা  সম্প্ৰতি চকুৰ পানীৰে বাট নেদেখা হৈছে । বিশেষকৈ ৰুগীয়া স্বামীক লৈ পত্নী হেমপ্ৰভা দাস ভীষণ সংকটত পৰিছে । এইক্ষেত্ৰত  অঞ্চলটোৰ একাংশ সচেতন লোকে স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হস্তক্ষেপ কামনা কৰিছে ।

পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন।

পদ্মনাথ গোহাঞিবৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত কালি দিনযোৰা কাৰ্যসূচীৰে প্ৰথম প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। পুৱা ৮ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলনেৰে অনুষ্ঠানটো শুভাৰম্ভ কৰে অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে। পতাকা উত্তোলনৰ পিছত মহাবিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত তথা ডিগবৈ ৰ’টাৰী ক্লাৱৰ সৌজন্যত এলানি বৃক্ষৰোপনৰ কাৰ্যসূচীও অনুষ্ঠিত হয়। কপাহতলি গাওঁৰ গাওঁপ্ৰধান তিলেশ্বৰ মৰানে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰা আদৰণি সংগীতেৰে মূল সভা আৰম্ভ হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া উইমেনছ কলেজৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক উত্তম দুৱৰা, ডিগবৈ মহিলা মহাবিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক ডঃ প্ৰভাত শৰ্মা আৰু অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ বিষয়া তথা প্ৰকৃতিকর্মী গোপাল দাস। সভাৰ আদৰণি ভাষনত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ঠানুৰাম মজিন্দাৰে আদৰ্শ মহাবিদ্যালয় সমূহ প্ৰতিষ্ঠাৰ ইতিহাসৰ লগতে ইয়াৰ লক্ষ্য-উদ্দেশ্য আদিৰ বিষয়ে অৱগত কৰে।মহাবিদ্যালয়ৰ সমূহ সদস্যলৈ প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাই দিয়া বক্তব্যত অধ্যাপক উত্তম দুৱৰাই শিক্ষানুষ্ঠান এখনৰ সামগ্ৰিক বিকাশত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। পুথিগত শিক্ষাৰ বাহিৰেও শিক্ষা আহৰণৰ আৰু আন বিকল্প মাধ্যমো থাকে বুলি মত প্ৰকাশ কৰা দুৱৰাই ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী ভাষা শিক্ষণৰ প্ৰতি থকা ভীতি নোহোৱা কৰিবলৈ আহ্বান জনায়। ডঃ প্ৰভাত শৰ্মাই তেওঁৰ বক্তব্যৰ মাজেৰে গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মাজেৰে মানসিক উৎকৰ্ষ কেনেকৈ সাধন কৰিব পাৰে-সেই সম্পৰ্কে তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ায়। জীৱনক অধ্যয়নৰ মাজেৰে ইতিবাচক ৰূপ দিবলৈ আহ্বান জনায় বক্তব্য ৰাখে গোপাল দাসে। ডঃ প্ৰভাত শৰ্মা আৰু গোপাল দাসে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে একোটাকৈ গ্ৰন্থৰ টোপোলা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰে। সভাত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা লগ্নৰ পৰা জড়িত তিনিচুকীয়া জিলা পৰিষদৰ প্ৰাক্তন সভাপতি ললিত মৰাণ, কপাহতলী গাঁওৰ গাঁওপ্ৰধান তিলেশ্বৰ মৰাণ, স্থানীয় সমাজকর্মী সুৰেন নেওগেও বক্তব্য ৰাখে। মহাবিদ্যালয়ৰ শিক্ষকসকলৰ হৈ বক্তব্য ৰাখে ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক সঞ্জীৱ কলিতাই। সভাত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অভিভাৱক প্ৰতিনিধি চেনীধৰ বৰা আৰু হেৰম্বৰ মৰাণ উপস্থিত থাকে। মূল সভাৰ শেষলৈ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু সমাজশাস্ত্ৰ বিভাগৰ দ্বাৰা আয়োজিত ৰচনা প্ৰতিযোগিতাৰ পুৰস্কৃত প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰ ঋতু মৰানে বছৰৰ শ্ৰেষ্ঠ ছাত্ৰৰ পুৰস্কাৰ লাভ কৰে। মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে মহাবিদ্যালয়ৰ বিগত এটা বছৰৰ বিদ্যায়তনিক- সাংস্কৃতিক অগ্ৰগতি ৰ খতিয়ান হিচাপে এখন তথ্যচিত্ৰও এই সভাতে প্ৰদৰ্শিত হয়। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা আকাংক্ষিতা শৰ্মাই আঁত ধৰা সভাৰ শলাগৰ শৰাই জ্ঞাপন কৰে অসমীয়া বিভাগৰ মুৰব্বী তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ আহ্বায়ক ডঃ মনালিছা কছাৰীয়ে। মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

ঘগ্ৰাপাৰত পশু চিকিৎসা শিবিৰ সম্পন্ন

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঘমাৰা গাঁওত ঘগ্ৰাপাৰ পশু চিকিৎসালয়ৰ উদ্যোগত পশুৰ কৃমি নাশক দৰব বিতৰণ আৰু পশুধনৰ প্ৰজনন জনিত ৰোগ আৰু ওহাৰফুলা ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসা সম্পৰ্কীয় এক শিবিৰ  অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসা সেৱা আগ বঢ়ায় ডাঃ অম্বিকা ডেকা, ডাঃ প্ৰতুল তালুকদাৰ, ক্ষেত্ৰ সহায়ক  কমল দাস আৰু মঃ ৰুবুল আলীয়ে । শিবিৰত সহায় কৰে বিভাগীয় কৰ্মচাৰী  মহেন্দ্ৰ কলিতা আৰু  হেম কান্ত বৈশ্যই । উক্ত শিবিৰত প্ৰায় ২০০ পশু ধনৰ চিকিৎসা কৰাৰ লগতে প্ৰায় ৩০০ পশু ধনৰ বাবে  ঔষধ বিতৰণ কৰা হয়।

গোলাঘাটত দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি

শৰৎ আহিল শেৱালিৰ পাতত/শৰৎ আহিল পখীৰ মাতত।শেৱালিৰ সুৱাসে  শৰতৰ আগমনৰ বতৰা দিয়াৰ লগে লগে  শাৰদীয় দূৰ্গোৎসৱৰ বতৰাই মানুহৰ মন উৎফুল্লিত কৰি তুলিছে । ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাটতো কভিড নীতি নিয়ম মানি  ব্যাপক আয়োজন চলিছে শাৰদীয় দুৰ্গোৎসৱৰ । গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ মৃৎ শিয়ল্পীয়ে দূৰ্গা প্ৰতিমাত ৰঙ তুলিকাৰে আটক ধুনীয়া কৰি তুলিছে । শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা সমূহ । মা দূৰ্গাক জীৱন্ত ৰূপ দিবলৈ দিনে নিশাই কষ্ট কৰিছে এই সকল মৃৎ শিল্পীয়ে । বহু অভাৱ অভিযোগ সমস্যাৰ মাজেৰে এই সকল শিল্পীয়ে যুগ যুগ ধৰি জীয়াই ৰাখিছে তেওঁলোকৰ পৰম্পৰা । পৰম্পৰা ৰক্ষা কৰি প্ৰতিমা নিৰ্মাণৰ কামত দিনে নিশাই এই পৰিয়াল সমূহ ব্যস্ত হৈ আহিছে যদিও তেওঁলোকে পৰিয়াল পোহ পাল দিয়াত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে । মূৰ্তি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় মাটিৰ অভাৱ । ৰঙকে ধৰি যাবতীয় সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পাব ধৰিছে । সেই অনুসৰি উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে এওঁলোক ।  সেয়ে এই মৃন্ময় শিল্পী সকলৰ আহবান চৰকাৰেই হওঁক বা পূজা সমিতিয়েই হওঁক এওঁলোকৰ কষ্টৰ বিনিময় লাভৰ ক্ষেত্ৰত যাতে সহযোগিতা আগবঢ়াই ।

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘগ্ৰাপাৰত ব্ৰহ্মপুত্ৰ ভেলীৰ উদ‍্যোগত বৃক্ষৰোপন কাৰ্যসূচী

নলবাৰী জিলা কৃষি বিভাগ  আৰু  Brahmaputra valley Fertilizer corporation Ltd ৰ উদ‍্যোগত  ঘগ্ৰাপাৰত কালি   ভাৰত স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যৰ লগত সংগতি ৰাখি এলানী বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ঘগ্ৰাপাৰ চ’কৰ সমীপত দামোদৰ ধাম পথত এই কাৰ্যসূচীতো মুকলি কৰে নলবাৰী জিলা কৃষি বিষয়া– মধুৰম পাটীৰ।তেওঁ ভাষণত গছ থাকিলে হে মানুহ থাকিব বুলি উল্লেখ কৰি গছ -পুলিসমুহ সংৰক্ষণত ৰাইজক চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত নলবাৰী কৃষি বিভাগ এ ডি ইউ( ADU) মুনিন্দ্ৰ শৰ্মা, Bhahmaputra valley Fertilizer corporation Ltd ৰ (Marketing) ডি জি এম অসীম কুমাৰ দত্ত, ডেপুটি পৰিচালক প্ৰতীম দত্ত,এলেকা পৰিচালক প্ৰাণ নাথ, জনতা যুৱ মৰ্চাৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহ তথা ৰিদিপ দত্ত, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, যূৱ ব‍্যৱসায়ী তথা বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ, তথা  পূৱ -বনভাগ গাঁও পঞ্চায়তৰ কাউন্সিলাৰ মনিকা ভৰালী,বিজেপি নেত্ৰী ধৰিত্ৰী ডেকা,বিনীতা মজুমদাৰ আদিয়ে অংশগ্ৰহণ কৰি হাতে হাতে কৃষ্ণচুৰা গছৰ পুলি লৈ দামোদৰ ধাম পথটোত ৰোপণ কৰা পৰিলক্ষিত হয়।

তিনিচুকীয়াত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ঋণ মেলা

প্ৰতিজন সফল ব্যক্তিৰ আৰত থাকে বেংকৰ অৱদান৷ বেংক ফাইনেঞ্চৰ অবিহনে কোনো ব্যৱসায় বানিজ্য প্ৰতিষ্ঠা কৰাতো সম্ভৱ নহয়৷ জনসাধাৰনক ঋণ সম্পৰ্কে সজাগতা আৰু কিদৰে বেংকৰ পৰা ঋণ লব পাৰি সেই বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ বাবে আজি তিনিচুকীয়াত ভাৰতীয় ষ্টেট বেংকৰ তিনিচুকীয়া শাখাই এখনি লোন মেলাৰ আয়োজন কৰে৷ উক্ত লোন মেলাত ষ্টেট বেংক তিনিচুকীয়া শাখাৰ মুখ্য পৰিচালক বিক্ৰম প্ৰসাদে ৰাইজক বিভিন্ন প্ৰকাৰৰ ঋণ আৰু এই ঋণসমূহৰ লাভালাভ আৰু কিদৰে আবেদন কৰিব পাৰি সেই বিষয়ে সম্যক ধাৰনা প্ৰদান কৰে৷ শাখাটোৰ ঋণ বিভাগৰ  আন এগৰাকী পৰিচালক শ্যাম উপাধ্যায় সহ বহু কেইগৰাকী বেংক বিষয়াৰ উপস্থিত কেইবাজনো গ্ৰাহকে আজি গাড়ী ঋণ, ব্যক্তিগত ঋণ আৰু ব্যৱসায়ীক ঋণৰ বাবে আবেদন কৰে৷

মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা পদযাত্ৰাৰ আয়োজন

স্বাধীনতাৰ অমৃত মহোৎসৱ উদ্‌যাপনৰ অংশ  হিচাপে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণে যোৱা ২ অক্টোবৰৰ পৰা আৰম্ভ কৰা দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে জিলাখনত আইন সজাগতা আৰু প্ৰচাৰ অভিযানৰ উদ্দেশ্যে মাজুলী জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ মৃদুল কুমাৰ কলিতা আৰু সচিব লীনা দলেৰ তত্বাৱধানত আৰু মাজুলী জিলা প্ৰশাসনৰ সহযোগত ৩ অক্টোবৰৰ পুৱা গড়মূৰ কাছাৰী ময়দানৰ পৰা এক বাকাথান (পদযাত্ৰা) উলিওৱা হয় ৷ এই পদযাত্ৰা উদ্ধোধন কৰে জিলা উপায়ুক্ত বিক্ৰম কৈৰীয়ে ৷ এই পদযাত্ৰাত জিলা উপায়ুক্ত , মাজুলী জিলা আইন প্ৰাধিকৰণৰ সচিব লীনা দলেৰ লগতে কৰ্মকৰ্তা সকল , মহকুমা ন্যায়িক দণ্ডাধীশ সবিতা ভৰদ্বাজ আৰু বিভাগীয় কৰ্মচাৰী সকল ,  মাজুলী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ ,  মহকুমাধিপতি (সদৰ) ধৃতিমান দাস , মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ লগতে কৰ্মকৰ্তা সকল , মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক পদ্ম কুমাৰ পেগু ,  মাজুলী জিলা যুটীয়া সঞ্চালক , স্বাস্থ্য বিভাগ আৰু কৰ্মচাৰীসকল , মাজুলী জিলা কাৰাগাৰ অধীক্ষক আৰু কাৰাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা কোষাগাৰৰ কৰ্মচাৰীসকল , মাজুলী জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকল , মাজুলী জিলাৰ সখী একক অৱস্থান কেন্দ্ৰৰ কৰ্মকৰ্তাসকল , মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্প বিভাগৰ কৰ্মচাৰী , মাজুলী জিলা ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা , জিলা বণিক সন্থা , বিদ্যালয়ৰ শিক্ষক , ছাত্ৰ-ছাত্ৰী , অংগনাবাড়ী কৰ্মকৰ্তাৰ লগতে জিলা আইন সেৱা প্ৰাধিকৰণৰ অন্তৰ্গত অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলকে ধৰি প্ৰায় দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলেও যাতে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত সামাজিক , অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ লগতে সমান আইনী সুবিধাসমূহ বিনামূলীয়াকৈ কেনেকৈ লাভ কৰিব তাৰ প্ৰতি জনসাধাৰণক সচেতন কৰাৰ বাবেই এই বাকাথানৰ আয়োজন কৰা হৈছে ৷  এই বাকাথান সূচাৰু ৰূপে সম্পন্ন হোৱাত বিশেষ সহযোগ আগবঢ়াই জিলা উপায়ুক্ত বিক্ৰম কৈৰী , জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু মাজুলী জিলা বণিক সন্থাই ৷

নগৰবেৰাত ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰিয়ঙ্কা গান্ধীৰ মুক্তিৰ দাবীত ধৰ্ণা কাৰ্যসূচী

সমগ্ৰ দেশৰ লগতে প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত আজি বকো সমষ্টিৰ ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মুক্তিৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালৰ খৱৰ লবলৈ যাওঁতে অন্যায় ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰি তেনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে মুক্তিৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে।

প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত লাহৰীঘাট ৰাজহ চক্ৰত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰত   কংগ্ৰছ নেত্ৰী প্ৰিয়ংকা গান্ধী মুক্তিৰ দাবী লাহৰীঘাট কংগ্ৰেছৰ প্ৰতিবাদ । স্হানীয়া বিধায়ক ডা: আছিফ নাজাৰৰ  নেতৃত্বত হাযে হাতে প্লে- কাৰ্ড লৈ লাহৰীঘাট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মূখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ৮ গৰাকীকৈ স্বহীদ কৃষকৰ খবৰ ল’বলৈ যোবাৰ সময়ত উত্তৰ প্ৰদেশৰ লখিমপুৰত যোগীৰ পুলিছ বাহিনীয়ে প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰা ঘটনা দুৰ্ভাগ্যজন । গান্ধীৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা দিয়াৰ লগতে বিধায়ক আছিফে বিজেপি চৰকাৰে ৰাজতন্ত্ৰ শাসন চলোবা বুলি অভিযোগ কৰে ।