হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হবলগিয়া হৈছে লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈ্ছে। কৃত্ৰিম বানপানীৰ ফলত পথচাৰীৰ জলাকলা খাব লৈগিয়া হৈ্ছে কোনোবাই যদি 30 মিনিট থিয় হবলগিয়া হৈছে আন কোনোবাই 15 মিনিট থিয় হবলগিয়া হৈছে।কোনোবাৰ আকৌ অটো ,মটৰ চাইকেল বেয়া হৈছে। লামডিঙ ৰাইজৰ অভিযোগ ৰেল বিভাগৰ বিষয় ববিয়া এই ৰাস্তাৰ নামত বৃহত পৰিমাণৰ ধন আত্মসাত কৰিছে আৰু অতি নিম্ন মানৰ কাম কৰিছে তাৰ বাবেই লামডিঙ বি এম বি স্কুলৰ সন্মুখত থকা আন্ডাৰ গ্ৰাউণ্ডৰ তলৰ পৰা বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীয়ে ৰাইজক জলাকলা খুৱাইছে। এতিয়া লামডিঙ ৰাইজৰ ৰেল বিভাগৰ ওচৰত এটাই দাবী ৰাস্তাটো অতি খুন কালে মেৰামতিৰ কাম কৰি দিয়ে যেন।
ৰাছিয়াৰ দলটোৱে মহাকাশত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে আজি ৰাওনা হ’ব
আজি সমগ্ৰ বিশ্বই মহাকাশক্ষেত্ৰত এক ঐতিহাসিক সুযোগৰ সাক্ষী হ’ব। ইতিহাসটো ৰাছিয়াৰ দ্বাৰা সৃষ্টি কৰা হ’ব যিয়ে আজি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰথম চলচ্চিত্ৰ কৰ্মী প্ৰেৰণ কৰিব। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে ‘দ্য চেলেঞ্জ’ আৰু ইয়াৰ দৃশ্যগ্ৰহণো দলটোৰ বাবে এটা প্ৰত্যাহ্বান। ইয়াৰ সৈতে, ৰাছিয়া মহাকাশত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ কৰা বিশ্বৰ প্ৰথম খন দেশ হ’ব।প্ৰথম পুৰুষ আৰু প্ৰথম মহিলালৈ প্ৰথমবাৰৰ বাবে কুকুৰ এটা মহাকাশলৈ পঠোৱাৰ পৰা, ৰাছিয়াই (তেতিয়াৰ ছোভিয়েট ইউনিয়ন) মহাকাশৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি বজাই ৰাখিছিল। এতিয়া ৰাছিয়াৰ একেই সোণালী যুগ ঘূৰি অহা যেন লাগিছে। দৰাচলতে, ৰাছিয়াই প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে কৰ্মচাৰীসকলক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ গৈ আছে। চলচ্চিত্ৰখনৰ কৰ্মচাৰীসকলক আজি সন্ধিয়াই মহাকাশযানৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা হ’ব।ৰাছিয়াই ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত ইয়াৰ চয়ুজ ৰকেটৰ জৰিয়তে অভিযানটো উৎক্ষেপণ কৰিছিল বুলি জনা গৈছে। এইটো কাজাখস্তানৰ কছমড্ৰোমৰ পৰা প্ৰেৰণ কৰা হ’ব। এই অভিযানে অভিনেত্ৰী, পৰিচালক আৰু চলচ্চিত্ৰ দুয়োৰে বাবে এজন পেছাদাৰী মহাকাশচাৰী গাইড প্ৰেৰণ কৰিব। এই লোকসকলে ছবিখনৰ বাবে মহাকাশত দৃশ্যগ্ৰহণ কৰিব। ৰাছিয়ান চলচ্চিত্ৰখন মহাকাশত দৃশ্যগ্ৰহণ কৰা প্ৰথম ফিচাৰ ফিল্ম হ’ব। এমএছ-১৯ মহাকাশযানখন উৎক্ষেপণৰ তিনি ঘণ্টা পিছত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৪০ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অৱতৰণ কৰিব।মহাকাশত প্ৰথমবাৰৰ বাবে দৃশ্যগ্ৰহণ ৰখা দলটোৰ সৈতে ৰাছিয়াৰ অভিনেত্ৰী য়ুলিয়া পেৰেচিভ আৰু পৰিচালক ক্লিম ছিপেঙ্কো উপস্থিত থাকিব। তেওঁৰ সৈতে এজন অভিজ্ঞ মহাকাশচাৰী এণ্টন শ্কাপ্লেৰভ মিছনত তেওঁৰ পথপ্ৰদৰ্শক হিচাপে থাকিব। এণ্টনে ২০১১ চনৰ পৰা তিনিবাৰ আইএছএছ ভ্ৰমণ কৰিছে। য়ুলিয়া পেৰেচিভে কেইবামাহধৰি অভিযানটোৰ বাবে প্ৰশিক্ষণ লৈ আছিল। তেওঁ এই বছৰ কেইবা ডজন অভিনেত্ৰীৰ সৈতে ছবিখনৰ বাবে অডিচন দিছিল।
ধুবুৰীত প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
ধুবুৰী তার কংগ্রেস ৰ প্ৰতি বাদউত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে আটক কৰিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰতিবাদী কৃষকৰ ক পৰিয়ালৰ খবৰ লবলৈ যোৱাৰ সময়তে আটক হৈছিল কংগ্রেছ নেত্রী গৰাকী। দেশ তথা ৰাজ্যজুৰি কংগ্রেছৰ প্ৰতিবাদ কাৰ্য্যসূচী। নেত্ৰী গৰাকীক বিনাচৰ্তে মুক্তিৰ দিয়াৰ বাবে দাবী কংগ্ৰেছৰ। আজি ধুবুৰীস্থিত কংগ্ৰেছৰ ৰাজীৱ ভৱনৰ সন্মূখত প্ৰতিবাদী ধৰ্না কাৰ্য্যসূচী পালন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, জিলা মহিলা কংগ্রেস সভানেত্রী বেবী বেগম, সহ বহুতো কংগ্রেস সদস্য অংশগ্রহণ কৰে। বিজেপিৰ চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, উত্তৰ প্ৰদেশ চৰকাৰ হায় হায়, প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে।
জামুগুৰিহাটৰ ধলাইবিলৰ মেধাৱী ছাত্ৰ অজয় সোনাৰক জ্যোতি শিক্ষা বঁটা প্ৰদান
শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত ধলাইবিলৰ এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ নাম হৈছে অজয় সোনাৰ। অজয় হৈছে জিলাখনৰ ধলাইবিলস্থিত চামধাৰা পানী গাঁৱ নিৱাসী মনবাহাদুৰ সোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ কনিষ্ঠ পুত্ৰ। অজয় নিজৰ পঢ়াশুনাৰ উপৰিও সাধাৰণ জ্ঞানৰ ওপৰত সম্পূৰ্ণৰূপে অধ্যয়ন কৰি টেলেন্ট চাৰ্চ পৰীক্ষা দিবলৈকো সক্ষম হৈছে। দৰং মহাবিদ্যালয়ৰ পৰা জিলা ভিত্তিত অনুষ্ঠিত সাধাৰণ জ্ঞান সন্দৰ্ভত এক বিশেষ পৰীক্ষাত ৯৫.৩৩ শতাংশৰে প্ৰথম স্থান দখল কৰি সুখ্যাতিৰে উৰ্ত্তীন্ন হোৱাত তেওঁক নগাঁওস্থিত আমনিত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ফুলাম গামোচা,জাপি,প্ৰসংশা পত্ৰৰ লগতে দুটা ট্ৰফীৰে ২০২১ বৰ্ষৰ শ্ৰেষ্ঠ জ্যোতি শিক্ষা বঁটা প্ৰদান কৰে। ২৩ বছৰীয়া ছাত্ৰজনৰ এনে সফলতাক লৈ দৰং মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল,অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ম আদৰণি জনাই উজ্বল ভৱিশ্যত কামনা কৰে।
ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী
দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনী তৎপৰতা হোৱাৰ সময়তে আজি ঘগ্ৰাপাৰ আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে গাঁও ৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা আব্দুল গণিয়ে।সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত নিজ নিজ এলেকাৰ ক’ভিড প্ৰটকল মানি দুৰ্গা পূজাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উক্ত সভাত ঘগ্ৰাপাৰ থানা এলেকাৰ ১৪৫ টা গাঁও ৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকলে অংশগ্ৰহণ কৰে।
প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত নগৰবেৰাত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত কংগ্ৰেছে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ছমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰী সকলেনিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক উত্তৰ প্ৰদেশ চৰকাৰে কৃষকৰ পৰিয়ালক খবৰ লবলৈ যাওতে অন্যায় ভাবে গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে শীঘ্ৰে তেওঁৰ মুক্তিৰ দাবী কৰে। তদুপৰিপ্ৰতিবাদকাৰী সকলে বিজেপি চৰকাৰ হায় হায়, বিজেপিৰ হিটলাৰী শাসন নচলিব, মোদী বাহিনীৰ গুণ্ডাগিৰি বন্ধ কৰক,প্ৰিয়ংকা গান্ধীক মুক্তি দিয়ক, কৃষকক ন্যায্যতা প্ৰদান কৰক, অজয় মিশ্ৰ হুচিয়াৰ,গণতন্ত্ৰ বিৰোধী হুচিয়াৰ, আইন মতে কাম কৰক আদি ধ্বনিৰে চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ।শীঘ্ৰ প্ৰিয়কা গান্ধীক মুক্তি নিদিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লৱ বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে । এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত কামৰূপ জিলা কংগ্ৰেছৰ সম্পাদক আব্দুল বাৰিক, ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, সম্পাদকদ্বয় আব্দুল মজিদ মণ্ডল, দিলবৰ হুছেইন আদি কৰি কংগ্ৰেছৰ ভালে সংখ্যক কৰ্ম কৰ্তা উপস্থিত থাকে।
“গুৱাহাটী নিবাসী জামুগুৰিয়াৰ প্ৰশংসনীয় পদক্ষেপ”
শোণিতপুৰ জিলাৰ ঐতিহ্যমণ্ডিত জামুগুৰিহাট তথা নদুৱাৰত জন্মগ্ৰহণ কৰি কৰ্মসূত্ৰে গুৱাহাটী নিবাসী হোৱা জামুগুৰীয়াই অঞ্চলটোৰ উন্নয়ন বাবে গ্ৰহণ কৰি অহা প্ৰশংসনীয় পদক্ষেপে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে গঠন হোৱা ‘জামুগুৰিহাট গুৱাহাটী ফ’ৰামে’ জন্মলগ্নৰে পৰা অঞ্চলটোৰ উন্নয়ন বাবে বিশেষকৈ শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা প্ৰদান, গুৱাহাটীত স্মৃতি দিৱস পালন, জামুগুৰিৰ কৃতী ছাত্র-ছাত্ৰীলৈ আৰ্থিক সহযোগিতা আগবঢ়োৱা, জামুগুৰিৰ পৰা যোৱা ৰোগীৰ চিকিৎসাৰ ক্ষেত্রত সহায় কৰা আদি কাৰ্যই অঞ্চলবাসীক হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ এই ফ’ৰামে যোৱা ৩ অক্টোবৰ তাৰিখে “ৰোগীৰ যত্ন আৰু পৰিচৰ্যাৰ ওপৰত স্বেচ্ছাসেবকৰ ভূমিকা” শীৰ্ষক বিষয়ত এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে। উক্ত আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে অংশ লয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটালৰ সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱা আৰু আই, আই, ই, গুৱাহাটীৰ প্ৰাক্তন সঞ্চালক ড০ সুনীল শইকীয়াই। চক্ৰত ৰোগীসকলৰ আৰ্থিক স্থিতি, সামাজিক স্থিতি আৰু মনোবৈজ্ঞানিক দিশত বিশেষভাৱে আলোকপাত কৰাৰ লগতে ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই ধপাত মুক্ত সমাজ গঢ়াৰ ক্ষেত্রত স্বেচ্ছাসেবকৰ ভূমিকা সম্পৰ্কে বিশেষ ভাৱে আলোচনা কৰে। ফ’ৰামৰ কাৰ্যকৰী সভাপতি দ্বিজেন দাসে আদৰণি ভাষণ প্ৰদান কৰা আলোচনা চক্ৰখনত উপস্থিত থকা ফ’ৰামৰ সদস্য তথা মুখ্যমন্ত্রীৰ বিশেষ কৰ্তব্যৰত বিষয়া কুন্টলমণি বৰদলৈয়ে বিষয় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়োৱাৰ লগতে ড০ কন্দৰ্প শইকীয়া, আৰমান আলি, দিপিকা গোস্বামী আৰু শশীমোহন ভূঞাইও স্বেচ্ছাসেবক ভূমিকা আৰু দায়বদ্ধ তাৰ ওপৰত নাতিদীর্ঘ বক্তব্য আগবঢ়াই। ফ’ৰামৰ সদস্য শান্তনু শৰ্মা আৰু ইন্দ্ৰ কাৰ্কীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰা আৰু খানাপাৰাৰ শিক্ষা প্ৰতিষ্ঠান, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত আলোচনা চক্ৰৰ অন্তত জামুগুৰিৰ উন্নয়ন কেন্দ্ৰীক বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফ’ৰামে গ্ৰহণ কৰে। ইয়াৰ ভিতৰত জামুগুৰিৰ পৰা গৈ গুৱাহাটীত থকা লোকসকলৰ মাজত এটা শক্তিশালী স্বেচ্ছাসেবকৰ দল গঠন কৰা। ২) সেৱা আগবঢ়োৱা স্বেচ্ছাসেবকসকলক মাননি প্ৰদান কৰা । ৩) স্বেচ্ছাসেবকসকলে চিকিৎসাজনীত কাৰণত সহায় কৰাৰ উপৰিও ,প্ৰয়োজনত জামুগুৰিহাটৰ পৰা যোৱা ৰোগীৰ ওচৰলৈ গৈ যাবতীয় দিহা পৰামৰ্শ আগবঢ়োৱা। ৪) শিক্ষাৰ বাবে সময়ে সময়ে guide হিচাপে সকলোবোৰ খৱৰ যোগান ধৰা। ৫) জামুগুৰিহাটত এখন ধপাত মুক্ত গাঁৱৰ সৃষ্টি কৰি এক নিদৰ্শন দাঙি ধৰা। ৬) ৰোগীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন লজ, ধৰমশালা ,হোষ্টেলৰ যোগাযোগৰ ব্যৱস্হ কৰি দিয়াৰ লগতে ফ’ৰামে নিজাববীয়াকৈ এটা থকা লোৱাৰ ব্যৱস্হা কৰা আদি। জামুগুৰিহাট গুৱাহাটী ফ’ৰামৰ এনেবোৰ চিন্তাই সম্প্ৰতি বৃহত্তৰ জামুগুৰিহাটলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। চিকিৎসা আৰু শিক্ষাৰ বাবে ফ’ৰামে ইতিমধ্যে একোটাকৈ ন্যাস গঠনৰো প্ৰস্তুতি চলাইছে বুলি কাৰ্যালয় সম্পাদক ঈশ্বৰচন্দ্ৰ বৰাই জানিবলৈ দিয়ে।
জামুগুৰিহাটত বেংকত লানি নিচিগা ভিৰ৷
জামুগুৰিহাটৰ বেংকসমুহৰ সন্মুখত এতিয়া দীঘলীয়া শাৰীৰ যেন ঢৌ উঠিছে৷জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত থকা ইউকো বেংক,গ্ৰামীণ বিকাশ বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত এতিয়া পুৱাৰপৰাই নিজৰ সাঁচতীয়া ধন উলিয়াবৰ বাবে গ্ৰামাঞ্চলৰ লোকসকলে শাৰী পাতি ৬/৭ ঘন্টা অপেক্ষা কৰিব লগীয়া হৈছে৷ভিতৰুৱা অঞ্চলসমুহৰপৰা অহা বেংকৰ উপভোক্তা লোকসকল পুৱা ৭ বজাতেই আহি শাৰী পাতি অপেক্ষা কৰিবলগীয়া হৈছে বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰিবৰ বাবে৷বেংকৰ সন্মুখত বিশেষকৈ এনে অভাৱনীয় ভিৰৰ বাবে সমস্যাত পৰিছে বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকল৷পুৱাই আহি ঘন্টাৰ পিছত ঘন্টা ধৰি এনেদৰে ধন উলিয়াবলৈ অহা একাংশ লোক আনকি শাৰীত থিয়হি থকাৰ বাবেই মুৰ ঘুৰাই পৰি যোৱাৰ ঘটনাও সংঘটিত হৈছে৷পূজাৰ পূৰ্ৱে শ্ৰমিকৰ জৱ কাৰ্ড,বৃদ্ধ পেঞ্চন,অৰুণোদয় আঁচনিৰ ধন উলিৱাবৰ বাবে বেংকত ভিৰ হোৱা এনে পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে আনকি আৰক্ষীও উপস্থিত হ’বলগীয়া হৈছে৷ইয়াৰ মাজতেই আকৌ শাৰী পাতি থকা একাংশ বৃদ্ধ বৃদ্ধা লোকক অতিক্ৰম কৰি পিছত অহা একাংশ লোকো নিজৰ স্বাৰ্থ আগত ৰাখি সুুযোগ বুজি সুবিধা লৈ বেংকত প্ৰৱেশ কৰাত বহুসংখ্যক খাতিখোৱা আদহীয়া লোক টকা উলিয়াবলৈ সুবিধা নোপোৱাৰ বাবেই উভতি যাবলগীয়া হোৱাৰ অভিযোগ পোৱা গৈছে৷তাৰোপৰি টকা উলিয়াবৰ বাবে বেংকত প্ৰৱেশ কৰিলেহে উইদ্ৰ’ৱেল ফৰ্ম লাভ কৰা যায় যদিও এক দুষ্ট চক্ৰই বেংকসমুহৰ বাহিৰত উইদ্ৰ’ৱেল ফৰ্ম বিক্ৰী কৰাৰো অভিযোগ উল্থাপিত হৈছে৷বেংকত দেখা দিয়া এনে অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধ বৃদ্ধা তথা আদহীয়া লোকসকলৰ বাবে সপ্তাহৰ এটা দিন নতুবা তেনে লোকক বেংক কৰ্তৃপক্ষই শাৰী পাতি থকা স্থানৰপৰা চিনাক্ত কৰি বয়সৰ প্ৰতি সন্মান জনাই সোনকালে কামখিনি কৰাৰ সুযোগ দি নিজ গৃহলৈ উভতাই পঠোৱাৰ ব্যৱস্থা কৰিবলৈও আহবান জনাইছে সচেতন মহলে৷
টিৰাপৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈৰ ব্যক্তিগত উপাৰ্জিত ধনেৰে নিৰ্মাণ কৰিলে চিকিৎসালয় প্ৰসূতি কক্ষ।
মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত টিৰাপ মৌজাবাসী ৰাইজৰ বহুদিনীয়া সমস্যা তথা অভাৱ পূৰণ কৰি টিৰাপগেট ৰাজ্যিক চিকিৎসালয়ত আজি মুকলি কৰা হল অত্যাধুনিক প্ৰসূতি কক্ষ। আজি এই প্ৰসূতি কক্ষটো আনুষ্ঠানিক ভাৱে মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে।১৯৫০ চনতে প্ৰতিষ্ঠা লাভ কৰা ৰাজ্যিক চিকিৎসালয়খনত নাছিল স্থায়ী প্ৰসূতি কক্ষ। যাৰ বাবে চিকিৎসালয় খনলৈ অহা প্ৰসূতি মাতৃ সকলে যেনে ধৰণৰ উপযুক্ত সা-সুবিধা লাভ কৰিব লাগিছিল তেনে ধৰণৰ সা-সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হৈ আহিছিল। টিৰাপ মৌজাৰ বিভিন্ন অঞ্চলৰ প্ৰসূতি সকলে প্ৰাথমিক চিকিৎসা সেৱা লাভ কৰাৰ বাদে উন্নত চিকিৎসাৰ বাবে প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ যাৱ লগা হৈছিল।যাৰ ফলত বিভিন্ন সময়ত প্ৰসূতিৰ মৃত্যু পৰ্যন্ত হোৱাৰ উদাহৰণ নথকা নহয়। উক্ত এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ কথা হৃদয়ংগম কৰি আগবাঢ়ি আহিল এজন হৃদয়বান ব্যক্তি। টিৰাপ অঞ্চলৰ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা সমাজ সেৱক হৰেন গগৈয়ে তেখেতৰ মহানুভৱতাৰ পৰিচয় দি এটা স্থায়ী প্ৰসূতি কক্ষ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব মোৰ পাতি লয়। তেখেতে নিজ উপাৰ্জিত ধনৰ প্ৰায় ২৫ লাখ টকা ব্যয় কৰি প্ৰয়াত পিতৃ স্বৰ্গীয় যতীন গগৈৰ সোঁৱৰণত প্ৰসূতি কক্ষটো নিৰ্মাণ কৰি বহু সংখ্যক সন্মানীয় ব্যক্তি আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত ৰাইজৰ বাবে উচৰ্গা কৰে। ইয়াৰোপৰি তেখেতে অনাগত দিনত ৰাইজৰ সুবিধা হোৱাকৈ চিকিৎসালয় খনত এটা এক্সৰে মেচিন প্ৰদান কৰিব বুলিও মত প্ৰকাশ কৰে। হৰেন গগৈ দেৱৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে তেখেতৰ এই মহানুভৱতাক সকলোৱে একমুখে প্ৰশংসা কৰে। বিধায়ক ভাস্কৰ শৰ্মাই হৰেন গগৈৰ এনে সুচিন্তা আৰু মহানুভৱতাক সন্মান প্ৰদৰ্শন কৰি আন্তৰিক কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যতেও ৰাইজৰ প্ৰতি এনে ধৰণৰ সুচিন্তাৰে সহায় সহযোগ আগবঢ়াই যাবলৈ আহ্বান জনায়।
বৰপেটাত স্বাস্থ্য মন্ত্ৰীৰ কোভিড ভেকচিনৰ পৰ্যালোচনা
কোভিড ভেকচিন ল’বলৈ এতিয়াও অনিচ্ছুক লোক সকলৰ ক্ষেত্ৰত কিছু কঠোৰ স্থিতি গ্ৰহণৰ পোষকতা কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। আজি বৰপেটা জিলাত কোভিড টীকাকৰণ সম্পৰ্কে পৰ্যালোচনাৰ বাবে উপস্থিত হোৱা বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। ক’ভিড প্ৰতিষেধক ল’বলৈ যথেষ্ট বেছিসংখ্যক লোক বাকী থকা চাৰিখন জিলাৰ অন্যতম হিচাপে পৰিগণিত হোৱা বাবেই স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি বৰপেটা জিলা ভ্ৰমণ কৰি ক’ভিড প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন আৰু স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰনাথ নাটেৰ সৈতে বৰপেটাৰ উপায়ুক্ত কাৰ্যালয়ত জিলা উপায়ুক্তসহ জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ক’ভিড প্ৰতিষেধক অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰে। তেওঁ কয় যে যিবোৰ দোকান- ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকী আৰু কৰ্মচাৰীয়ে দুপালি প্ৰতিষেধক গ্ৰহণ কৰা নাই তেনে দোকান সাময়িকভাৱে বন্ধ কৰি দিব লাগে। জিলাখনত এতিয়াও এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা লোকসকল চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব লাগিব বুলিও তেওঁ সকীয়াই দিয়ে। বৰপেটা জিলাত কাইলৈৰ পৰা অহা ১১ অক্টোবৰলৈ দৈনিক ২৫,০০০ গৰাকীকৈ লোকক ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে লক্ষ্য স্থিৰ কৰা হয় বৈঠকত। মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান সম্পৰ্কত গাৱে-গাৱে গৈ সমীক্ষা চলোৱাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে, যিসকলে প্ৰতিষেধক লোৱা নাই, সেয়া কিয় লোৱা নাই সেই বিষয়ে তথ্য সংগ্ৰহ কৰক। কিমান লোক এইখন জিলাৰ পৰা আন জিলা বা ৰাজ্যলৈ প্ৰব্ৰজিত হৈছে সেই বিষয়েও এই সপ্তাহৰ ভিতৰতে তথ্য সংগ্ৰহ কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে।











