Home Blog Page 2826

সম গোৰ্খা সন্মিলন জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতি ধঞ্জিত ৰাইৰ মৃত্যু

ওদালগুৰি চহৰৰ উত্তৰে অৱস্থিত পূৱ জঙ্গলবড়িগাওঁ (বকাইনাডাড়া) নিবাসী সাংস্কৃতিক কৰ্মী ধঞ্জিত ৰাইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা  পৰিছে। বিশিষ্ট সাংস্কৃতিক কৰ্মী, স্থানীয় হিমালচুলী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতি, অসম গোৰ্খা সন্মিলন পূৱ জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতি, ওদাগুৰিৰ পৰা প্ৰকাশিত সুগন্ধী কবিতাৰ কবি ধঞ্জিত ৰাইৰ যোৱা ২০ চেপ্টেম্বৰ তাৰিখে তেজপুৰ মেডিকেল হস্পিটালত মৃত্যু হোৱাত ওদালগুৰিত গভীৰ শোকৰ ছা পৰে। স্বৰ্গীয় ধঞ্জিত ৰাই সকলোৰে প্ৰিয় আৰু মিত ভাষ্যিক ব্যক্তি আছিল। তেওঁ অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা অন্তৰ্গত পূৱ জঙ্গলবড়িগাওঁ শাখা সমিতিৰ সভাপতিৰ লগতে পূৱ জঙ্গলবড়িগাওঁৰ অগ্ৰণী সাংস্কৃতিক সংঘ হিমালচুলী সাংস্কৃতিক গোষ্ঠীৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। স্বৰ্গীয় ৰাই ওদালগুৰিৰ পৰা প্ৰকাশিত আৰু অনুজ গৌতমৰ দ্বাৰা সম্পাদিত সুগন্ধি কবিতাৰ নিয়মীয়া কবি আছিল। স্বৰ্গীয়  ধঞ্জিত ৰাই সাংস্কৃতিক কৰ্মী, সাহিত্যিকৰ লগতে সু-সংগঠকো আছিল। তেওঁৰ অসাময়িক মৃত্যুত  অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ দহ দিনীয়া   ক্ৰিয়া কৰ্মত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।  অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেলৰ নেতৃত্বত যোৱা সজাতি দলত জিলা সমিতিৰ উপ সভাপতি দিল্লিৰাম শৰ্মা, সচিৱ ভৱেন ছেত্ৰী, প্ৰাক্তন সাংগঠনিক সম্পাদক অমৃত ভণ্ডাৰী, পূৱ জঙ্গলবড়িগাওঁ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক একদেৱ ভট্টৰাইৰ লগতে স্থানীয় বিভিন্ন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাইৰ ধৰ্ম পত্নী আৰু পুত্ৰৰ হাতত গোৰ্খা সন্মিলনৰ নেতৃবৃন্দই সমবেদনা পত্ৰ প্ৰদান কৰে।

এজন কেন্দ্রীয় মন্ত্রীৰ নৃত্যই খলকনিৰ সৃষ্টি কৰিলে অৰুণাচল প্ৰদেশত

আইন মন্ত্ৰী কিৰেন ৰিজিজু শেহতীয়াকৈ অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিল। তেওঁ তেওঁৰ ভ্ৰমণৰ এটা ভিডিঅ’ টুইট কৰিছিল য’ত তেওঁ কাজালাং গাঁৱত উপস্থিত হৈছিল। এই ভিডিঅ’টোৱে আইন মন্ত্ৰীৰ এটা বেলেগ প্ৰকাৰ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কিৰেন ৰিজিজুৰ উপস্থিতিক প্ৰশংসা কৰিছে।নৰেন্দ্ৰ মোডীয়ে টুইট কৰিছে যে আমাৰ আইন মন্ত্ৰী এজন মহান নৃত্যশিল্পী। তেওঁলোকৰ জৰিয়তে আমি অৰুণাচল প্ৰদেশৰ জীৱন্ত আৰু গৌৰৱময় সংস্কৃতি জানিবলৈ সুযোগ পাইছো।আইন মন্ত্ৰী কিৰেন ৰিজিজু অৰুণাচল প্ৰদেশৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় প্ৰকল্পৰ নিৰীক্ষণৰ বাবে সুন্দৰ কাজালাং গাঁৱত উপস্থিত হৈছিল। তেওঁক ইয়াত পৰম্পৰাগত ভাৱে আদৰণি জনোৱা হৈছিল। ৰিজিজুৱে কৈছিল যে যেতিয়াই অতিথিসকল তেওঁৰ গাওঁলৈ আহে, তেওঁক নৃত্য আৰু সংগীতৰ দ্বাৰা আদৰণি জনোৱা হয়। আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে সাধাৰণ মানুহৰ সৈতে অনুষ্ঠানটো কঁপাই তুলিছিল।

আজি ধেমাজি জিলাত অনুষ্ঠিত হয় কেবিনেট বৈঠক ।

আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা দেৱৰ পৌৰাহিত্যত পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ পৰা নিলগত ধেমাজি জিলাত কেবিনেট বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকৰ অন্তত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে এক সংবাদমেল সম্বোধন কৰে।
আজিৰ কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ:-

১/ অ.বি.চি. শ্ৰেণীৰ অন্তৰ্ভুক্ত জনগোষ্ঠী সমূহৰ জাতিগত প্ৰমান পত্ৰ(Caste Certificate) সমূহ এতিয়াৰে পৰা অ.বি.চি. বোৰ্ডৰ পৰিবৰ্তে নিৰ্দিষ্ট জনগোষ্ঠীৰ বোৰ্ডে দিয়াৰ ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰে অংশ স্বৰূপে এতিয়াৰে পৰা মটক লোক সকলৰ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দায়িত্ব সদৌ অসম মটক সন্মিলনীৰ হাতত ন্যস্ত কৰা হয় আৰু এই প্ৰমাণপত্ৰত সংশ্লিষ্ট জিলাৰ উপায়ুক্তয়ে প্ৰতি স্বাক্ষৰ(countersignature) কৰিব।

২/ ধেমাজি জিলাৰ অন্তৰ্গত মূৰ্কংচেলেক-জোনাই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অন্তৰ্গত ভূমি সমূহ এতিয়াৰে পৰা ২০১১ চনৰ পূৰ্বৰে পৰা এই বেল্ট এণ্ড ব্লকত বসবাস কৰা টাই আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু গোর্খা লোক সকলে মাটি বাৰীৰ কিনা বেচা কৰিব পাৰিব আৰু ঢকুৱাখনাৰ অন্তৰ্গত চাৰিকৰিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো এতিয়াৰে পৰা ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে নাথাকিব।

ইয়াৰ লগতে আজিৰ কেবিনেটে স্থানীয় ৰাইজৰ সন্মতি ক্ৰমে ৮৯ খন ৰাজহগাঁও সন্নিবিষ্ট কৰি চিচি টঙণি ট্ৰাইবেল বেল্ট নামত নতুনকৈ এক ট্ৰাইবেল বেল্ট আৰু ব্লক গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৩/ অহা ২ অক্টোবৰৰ পৰা আৰম্ভ হব লগা অসম চৰকাৰৰ পদক্ষেপ "মিছন বসুন্ধৰা"ৰ পৰিপ্ৰেক্ষিতত ৰাজহ বিভাগৰ কৰ্মচাৰী সকলক মিছন বসুন্ধৰা সম্পূৰ্ণ নোহোৱালৈকে আন কোনো কামত ব্যৱহাৰ নকৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৪/ ডিব্ৰুগড় আৰু শিলচৰ পৌৰ সভাক এতিয়াৰে পৰা পৌৰ নিগমলৈ উন্নীতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
৫/ হিন্দুস্তান কাগজ নিগমৰ কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা আলোচনাৰমৰ্মে কৰ্মচাৰী সকলৰ বাবে নিৰ্ধাৰিত ৫৭০ কোটি টকাৰ সৈতে সৰ্বমুঠ ৭০০ কোটি টকা আজিৰ কেবিনেটে অনুমোদন দিয়ে।

৬/ মাইক্ৰ'ফাইনেন্সৰ লোণৰ কিস্তি নিয়মিত ভাৱে প্ৰদান কৰি অহা লোক সকলে পাব লগা ২৫০০০ টকালৈকে সাহাৰ্য্যৰ বাবে আজিৰ কেবিনেটে ১৮০০ কোটি টকাৰ অনুমোদন কৰা হয়। ইয়াৰ চেক সমূহ ১ ডিচেম্বৰ তাৰিখৰ পৰা ক্ৰমান্বয়ে প্ৰদান কৰা হব।

৭/ আজিৰ কেবিনেটত ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ক অন্যান্য বিভাগৰ কাৰ্যালয় সমূহৰ সৈতে একেলগে সংঘৱদ্ধ উপায়ুক্ত কাৰ্য্যালয় হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ বাবে কেবিনেটে ৫০ কোটি টকাৰ অনুমোদন প্ৰদান কৰা হয়।

৮/ ধেমাজিত এখন উচ্চ মানদণ্ডৰ ষ্টেডিয়াম আৰু ক্ৰীড়া প্ৰকল্প নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে ৫০ কোটি টকাৰ অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

৯/ আজিৰ কেবিনেটত ধেমাজি আৰু মাজুলী সংযোগী মাথাউৰীৰ ওপৰেদি জোনাইৰ পৰা ধেমাজি, ঢকুৱাখনাহৈ মাজুলীলৈকে ৪টা সমষ্টিত সামৰি ৫ মিটাৰ ব্যাসৰ এক পকী পথ নির্মাণৰ বাবে ১৮৩ কোটি টকাৰ অনুমোদন দিয়ে। ইয়াৰে ধেমাজিৰ ১৫ কোটি, জোনাইত ৩৪ কোটি,মাজুলীত ২১ কোটি আৰু ঢকুৱাখনাত ১০৮ কোটি টকা ব্যয় কৰা হব।

১০/ ধেমাজি জিলা বান নিয়ন্ত্ৰণৰ বাবে আজিৰ কেবিনেটে ১৫০ কোটি টকা অনুমোদন দিয়ে।

১১/ ধেমাজি জিলাত অতি সোনকালে নিৰ্মান হব লগা চিকিৎসা মহাবিদ্যালয়ৰ বাবে অধিগ্ৰহণ কৰিব লগা প্ৰায় ১০০ বিঘা ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়।

১২/ ইয়াৰ উপৰিয়ো আজিৰ কেবিনেট বৈঠকত গুৱাহাটীৰ জাৱৰ নিষ্কাসনৰ বাবে ভূমিৰ অবন্টন আদিকে ধৰি কেইটায়ো অন্যান্য সিদ্ধান্ত গ্ৰহণ কৰা হয়।

পথ মেৰামতিৰ দাবীত বিহালীত বিশ্বনাথ জিলা ছাত্র সন্থা প্ৰতিবাদ

বৃহস্পতিবাৰে পথ মেৰামতিৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিহালী বেদেতী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক  উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
 পূৰ্ব বিহালী আৰু পশ্চিম বিহালী আঞ্চলিক ছাত্র সন্থাই  বিশ্বনাথ চাৰিআলি পৰা গসপুৰলৈ যোৱা  পথ টো দীৰ্ঘদিন ধৰি প্ৰকাণ্ড প্ৰকাণ্ড গাত সৃষ্টি হোৱা লক্ষ্য কৰি আহিছে। যাৰ ফলত পথটো পৰা বহু কেইটা দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে ।এই পথ দুৰ্ঘটনাত বহু কেইজন লোকে প্ৰাণ হেৰুৱাইছে।এই পথটো নিৰ্মাণ বাবে টি কে ইঞ্জিনীয়াৰি‌ং নামৰ এটা পথ নিৰ্মাণ সংস্থাই লাভ কৰিছিল যদিও যোৱা ৬ টা বছৰত পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰিলে যাৰ বাবে ভাৰত চৰকাৰৰ পথ নিৰ্মাণ সংস্থাই   পথ নিৰ্মাণ সংস্থাটো পৰা নিবিদা বাতিল কৰি আন এটা কোম্পানীক অৰ্পণ কৰিছে।ইফালে পথটো শীঘ্ৰে নিৰ্মাণ আৰু মেৰামতি দাবীত শুক্ৰবাৰে সদৌ অসম ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়ে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি শীঘ্ৰে পথটো নিৰ্মাণ আৰু মেৰামতি  দাবী জনাই । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্র সন্থা সহকাৰী সম্পাদক প্ৰজ্ঞান জ্যোতি ভূঞা সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় সমিতি কাৰ্যনিৰ্বাহ ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থা সভাপতি সম্পাদকে ধৰি বহু কেইজন সদস্যই ।

পত্নী আৰু পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায়। আগমনি থানাত এজাহাৰ দাখিল।

ধুবুৰী জিলাৰ আগমনি আৰক্ষী চকীৰ অন্তৰ্গত পাৱাৰছৰা গাঁওৰ বাসিন্দা মন্তেশ্বৰ ৰায়ৰ পত্নী মনিকা বালা ৰায়ৰ বিগত তিনি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ আৰম্ভ হৈছিল এখন সুখৰ সংসাৰ , আৰু তেওঁলোকৰ আছিল আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান ,মন্তেশ্বৰ ৰায় পেচাত এজন শ্ৰমিক , প্ৰতিদিনৰ ধৰেই ২৭ ছেপ্টেম্বৰৰ দিনা নিজৰ পত্নী আৰু সন্তান টোক  ঘৰত থৈ স্বামী সন্তেশ্বৰ ৰায়ে আনৰ ঘৰত দিন হাজিৰাৰ কাম কৰাৰ বাবে ওলাই যায়  । পাছত সেই দিনাই তেওঁৰ পত্নী মনিকা বালা ৰায় নিজ শ্বামিক বিশেষ কামৰ কথা কৈ ঘৰৰ পৰা ওলাই যায় , যদিও তেওঁৰ শ্বামী আবেলি ঘৰত আহি তেওঁৰ পত্নী আৰু পুএক দেখা নাপায় । তৎক্ষনাত ওচৰ – পাজৰেৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন ঠাইত বিচাৰি কোনো সং সূত্ৰ উলিয়াব পৰা নাই , ইয়াৰ পিছত শ্বামী উপায়হীন হৈ ২৭ ছেপ্টেম্বৰত আগমনী আৰক্ষী থানাত এখন এজহাৰ দাখিল কৰে , বৰ্তমান অপহৰণ হোৱা মনিকা বালা ৰায়ৰ শ্বামী মন্তেশ্বৰ ৰায় নিজ পত্নী আৰু তেওঁৰ পুত্ৰ সন্তানক বিচাৰি কান্দোনত ভাগি পৰিছে , মন্তেশ্বৰ ৰায় তেওঁৰ পত্নী লৈ কাতৰ আহ্বান তুমি যতেই থাকা সোনকালেই উভোতি আহা , তোমাক এৰি মই জিয়াই থাকিব নোৱাৰিম , তোমাৰ সকলো দোষ মই ক্ষমা কৰি দিম , এতিয়া নিজৰ পত্নীক বিচাৰি পোৱা আশাত পদে পথত এইদৰে কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায় । ইতিমধ্যে এই সংক্ৰান্তত আগমনি থানাত এখন এজাহাৰ দাখিল কৰিছে।

গোৱালপাৰাৰ মাটিয়াত বন বিভাগ আৰু আগিয়া আৰক্ষী চকীৰ তৎপৰতাত অভিযান। কাঠৰ কুণ্ডা সহ মেচিন জব্দ

দেশৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মীৰ তৎপৰতাত কিছু পৰিমাণে হ’লেও সুৰক্ষিত হৈ আছে বনজ সম্পদ সমুহ। এই কথাৰ প্ৰমাণ স্বৰূপে ৰাজ্যৰ গোৱালপাৰা জিলাৰ বন সংমণ্ডলৰ বন বিষয়া শান্তনা মেধি আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ সৱল নেতৃত্বত গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন এলেকাত অবৈধ কাঠ ফলা মিল ; অবৈধ বালি আৰু চোৰাং কাঠৰ বিৰূদ্ধে প্ৰতিদিনে চলাই আহিছে মাৰাথান অভিযান। আজিও গোৱালপাৰা জিলাৰ গোৱালপাৰা বনাঞ্চলিক বন বিষয়া শান্তনা মেধিয়ে এক গোপন খৱৰৰ ভিত্তিত গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী আৰু কৰ্মীৰ নেতৃত্বত এদল বন কৰ্মীৰ আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, ASI বুধি মোহন বৰ্মনৰ যৌথ অভিযানত মাটিয়াৰ সাৰাপাৰা আৰু আগিয়া অঞ্চলত চলোৱা এক অভিযানত এটা অবৈধ কাঠ ফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে বহু দিন ধৰি বন বিভাগৰ লোকৰ চকুত ধূলি দি মাজনিশা চৰাং কাঠ ব্যৱসায়ীসকলে অবৈধ ভাৱে মিলটো চলাই আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ; জব্দ হোৱা চোৰাং কাঠ খিনিৰ মূল্য প্রায় ৩,০০০০ (তিনি লাখ) টকা হ’ব বুলি  বনাঞ্চলিক বিষয়া গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে বন বিভাগৰ বিষয়া কৰ্মীৰ তৎপৰতাত দিন ৰাতি একাকাৰ কৰি বন সুৰক্ষা কৰ্মীয়ে বনজ সম্পদ সুৰক্ষাৰ বাবে চলাই আছে বিনিদ্ৰ অভিযান।

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ ভাটিকা (বাগিছা)ৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ খনতেই এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সভাত আমন্ত্ৰীত ব্যক্তি হিচাপে উপস্থিত হোৱা ব্যক্তি সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় পানীয়াখাট “গ” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী ৰুকিয়া বেগম আৰু পানীয়াখাট “গ” কেন্দ্ৰৰ কৰ্মী মুছলিমা আখতাৰাই।সভাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ লগতে গছপুলি ৰূপনৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আচনি খনৰ জৰিয়তে মহিলা আৰু শিশু সকল যাতে স্থানীয় ভাবে নিজ নিজ অঞ্চলত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুষ্টিহীনতাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰিও সমাজ কল্যান বিভাগে শিশু সকলক শিক্ষিত কৰাত ব্যস্ত থকাৰ লগতে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পানীয়াখাট “ক” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী মোবাৰক বেগমৰ কেন্দ্ৰ খন মডেল কেন্দ্ৰলৈ উন্নত হৈছে বুলি জানিব পৰা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পূব মঙলদৈ উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়, জিলা সমন্বয়ক পাৰভেছ মেহেদি, চক্ৰ চুপাৰভাইজাৰ জয়শ্ৰী দাস, খণ্ড সমন্বয়ক আমিনুল হকৰ লগতে প্ৰায় অৰ্ধ শতাধিক স্থানীয় ৰাইজৰ লগতে মহিলা সকল।

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি ৰাখিছে প্ৰধানমন্ত্ৰী পোষণ যোজনা

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী পোষণ যোজনা ৰাখিছে, যাৰ বাবে অহা 5 বছৰত 1.30 লাখ কোটি টকা ব্যয় হ’ব । কেন্দ্ৰীয় চৰকাৰে বুধবাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক ৰন্ধা খাদ্য যোগান ধৰিবলৈ প্ৰধানমন্ত্ৰী পোষণ যোজনা বা পিএম-পোষান যোজনা (পিএম-পোষান যোজনা) (পিএম পোষান) আৰম্ভ কৰে আৰু কয় যে অহা ৫ বছৰত ইয়াৰ বাবে ১,৩০,৭৯৫ কোটি টকা ব্যয় কৰা হ’ব। আঁচনিখন বৰ্তমানৰ মধ্যাহ্ন ভোজন আঁচনিৰ (মধ্যাহ্ন ভোজন আঁচনি) দ্বাৰা প্ৰতিস্থাপিত কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়ন কৰা সকলো বিদ্যালয়ৰ শিশু।

এগৰাকী সত্ৰীয়া ট্যুৰ গাইডে জিনিলে” মাজুলী ট্যুৰিজিম এৱাৰ্ড “

পিন্ধনত ধুতি-পঞ্জাবী , চল্লিছৰ উৰ্ধৰ যুৱক নিতুল দত্তই সত্ৰীয়া নৈমিত্তিক কৰ্মৰাজী সমাপন কৰি পূৱাই খোজকাঢ়ি ওলাই যায় পৰ্যটকৰ সন্ধানত । কান্ধত এটা কাপোৰৰ বেগ ওলমাই পুৱাই সত্ৰীয়া কৰ্মখিনি সমাপন কৰি ওলাই যোৱা ট্যুৰ গাইড গৰাকীয়ে সন্ধান কৰে এগৰাকী পৰ্যটকৰ ৷ কিয়নো এজন হ’লেও পৰ্যটক পালেহে ভাতমুঠি জোগাৰ কৰিব পাৰে তেওঁ। সততে মাজুলীৰ বিভিন্ন স্থানত পৰ্যটকক লগত লৈ ঘুৰি ফুৰা সেইগৰাকী ট্যুৰ গাইড হ’ল প্ৰসিদ্ধ আউনীআটী সত্ৰৰ যুৱ ভকত , সত্ৰৰ উত্তৰ হাটীৰ নিবাসী নিতুল দত্ত। সেইগৰাকী ভকত ট্যুৰ গাইডে        ”   মাজুলী ট্যুৰিজিম এৱাৰ্ড ২০২১ “‘  জিনি প্ৰমাণ কৰিছে সততাৰ স্বীকৃতি দেৰিকৈ হ’লেও পোৱা যায় । মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ , সত্ৰৰ মজিয়াৰ পৰা জনজাতিৰ চাংঘৰলৈ , বান -বিধ্বস্ত অঞ্চললৈকে সকলো নখ দৰ্পণত তেওঁৰ । ইংৰাজী আৰু হিন্দী ভাষা সলসলীয়াকৈ ক’ব পৰা ট্যুৰ গাইড মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনৰ আইকন স্বৰূপ।  আৰ্থিক ভাৱে অতি নিস্ব নিতুল দত্তৰ পৰ্যটকক সংগ দিবলৈ গাড়ী , মটৰ চাইকেল বাদেই এখন বাই চাইকেলৰো অভাৱ। সেয়ে খোজেৰেই আৰম্ভ হয় তেওঁৰ যাত্ৰা। উদাসীন সত্ৰৰ চাৰিবেৰৰ এগৰাকী সত্ৰীয়াই কেৱল মাজুলীৰে নহয় অসমৰ পৰ্যটন ক্ষেত্ৰখনত সত্ৰৰ চানেকি স্বৰূপ  হৈ জিলিকি উঠিছে। এইগৰাকী সত্ৰীয়া ট্যুৰ গাইডক ” ট্যুৰ এম্বেচাদৰ” ৰূপে নিযুক্তি দি মাজুলীৰ “সত্ৰ পৰ্যটন” ক বিশ্বৰ আগত দাঙি ধৰিবলৈ “মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।  সত্ৰৰ চাৰিবেৰৰ মাজত থাকি সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি নীৰৱে পৰ্যটন ক্ষেত্ৰখনত সেৱা আগবঢ়াই অহা দত্তক স্বীকৃতি দি মাজুলী ট্যুৰিজিমে  ২০২১ বৰ্ষৰ ট্যুৰিজিম এৱাৰ্ড আগবঢ়োৱাৰ বাবে স্বেচ্ছাসেৱী সংগঠনটোলৈ ” মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। তথাকথিত ৰজাঘৰৰ এনে সৎ আৰু নীৰৱ কৰ্মীক চকুত নপৰে , মাজুলী ট্যুৰিজিমে প্ৰকৃত জনক স্বীকৃতি দিছে , আমি আদৰণি জনাইছোঁ,গোষ্ঠীৰ এক বাৰ্তাত এইদৰে প্ৰকাশ । মহামাৰী ক’ৰণাত বিধ্বস্ত ট্যুৰিজিম  খণ্ডত যোৱা দুটা বছৰত অতি বেয়াকৈ প্ৰভাৱ পৰা এইসকল সাধাৰণ লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে শেহতীয়াকৈ যি ঘোষণা  কৰিছে সেয়া অতিকে আদৰণীয় , মাথো তেনে আঁচনিৰ পৰা নিতুল দত্তৰ দৰে নীৰৱ কৰ্মী বিলাক যাতে বঞ্চিত নহয়। উল্লেখযোগ্য , বিশ্ব পৰ্যটন দিৱসত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৪২জন ট্যুৰ অপাৰেটৰক দুইলাখ কৈ আৰু ট্যুৰ গাইড সকলক ২৫হাজাৰকৈ সাহাৰ্য দিব বুলি ঘোষণা কৰিছিল।

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ বাগিছাৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ খনতেই এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সভাত আমন্ত্ৰীত ব্যক্তি হিচাপে উপস্থিত হোৱা ব্যক্তি সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় পানীয়াখাট “গ” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী ৰুকিয়া বেগম আৰু পানীয়াখাট “গ” কেন্দ্ৰৰ কৰ্মী মুছলিমা আখতাৰাই।সভাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ লগতে গছপুলি ৰূপনৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আচনি খনৰ জৰিয়তে মহিলা আৰু শিশু সকল যাতে স্থানীয় ভাবে নিজ নিজ অঞ্চলত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুষ্টিহীনতাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰিও সমাজ কল্যান বিভাগে শিশু সকলক শিক্ষিত কৰাত ব্যস্ত থকাৰ লগতে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পানীয়াখাট “ক” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী মোবাৰক বেগমৰ কেন্দ্ৰ খন মডেল কেন্দ্ৰলৈ উন্নত হৈছে বুলি জানিব পৰা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পূব মঙলদৈ উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়, জিলা সমন্বয়ক পাৰভেছ মেহেদি, চক্ৰ চুপাৰভাইজাৰ জয়শ্ৰী দাস, খণ্ড সমন্বয়ক আমিনুল হকৰ লগতে প্ৰায় অৰ্ধ শতাধিক স্থানীয় ৰাইজৰ লগতে মহিলা সকল।