Home Blog Page 2839

পৰ্বতঝোৰাৰ দেবীতোলাত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ

ধৰ্ম নিৰপেক্ষ দেশ এখনত গণতান্ত্ৰিক চৰকাৰৰ বৈষ্যম্মমুলক আচৰণে ক্ষুদ্ধ কৰি তুলিছে জনগনক । তেত্ৰিছ খন জিলাৰ ভিতৰত ২৭ খন জিলাত টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰে যদিও ৬খন জিলাক বাদ পেলোৱা ঘটনা বিজেপি চৰকাৰৰ বাবে তীব্ৰ নিন্দা জনক। উল্লেখ্য যে, ৰাজ্য খনৰ উপ – নিৰ্বাচনৰ ললীপপ হিচাপে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত জিলা সমূহক বাদ দি টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা কাৰ্য্যই অকল মুছলমানেই নহয় হিন্দু সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী সকলোও বঞ্চিত হব লগীয়া কাৰ্য্যৰ বিৰুদ্ধে পৰ্বতঝোৰা জিলা আমছুৱে আজি দেবীতোলাত অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে । স্মৰ্তব্য যে, যি বিলাক জিলাত কভিডৰ ভয়াৱহতা যথেষ্ট বেছি সেই সমূহ জিলা বাদ দিয়া নাই । কিন্তু ৰাজ্য খনৰ মূখ্যমন্ত্ৰীৰ স্বভাৱ সুলভ মন্তব্যই বাৰু কৈ লজ্জানত কৰি পেলাইছে সমগ্ৰ অসম বাসীক।

আৰক্ষীৰ নামত দালালি ইছফাকুৰ ৰহমান নামৰ এজন যুৱকৰ

আৰক্ষীৰ নামত দালালি কৰা ইছফাকুৰ ৰহমান নামৰ এজন যুৱকক আজি গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। নগাঁও আৰক্ষীৰ বিশেষ শাখাৰ উপ-আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ইছফাকুৰক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ইছফাকুৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত দালালি কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই ঘটনাৰ তদন্ত কৰিবলৈ বটদ্ৰৱাত উপস্থিত হৈ ইছফাকুৰক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে। নগাঁও আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডি এচ পি দিপ্তী মালিয়ে ইছফাকুৰক আটক কৰি তেঁওৰ ঘৰত তালাচী অভিযান চলাই। আৰক্ষীয়ে ইছফাকুৰৰ জুৰীয়াৰ গৰিয়া কাৱৈমাৰীস্থিত বাসভৱনত অভিযান চলাই ১৫০খন কেছ ডায়েৰী উদ্ধাৰ কৰে। এই বিষয়ে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জানিব পাৰি নগাঁও আৰক্ষীৰ অতিথিশালাত এক সংবাদমেলৰ আয়োজন কৰি কয়, “ইছফাকুৰৰ লগত জড়িত নগাঁও আৰক্ষীৰ বিষয়াক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব। আৰক্ষীৰ চাকৰি ধন ঘটাৰ বাবে নহয়। ধন ঘটিবলৈ মন থাকিলে ব্যৱসায় কৰক। আৰক্ষীৰ পোছাকত সমাজৰ অপৰাধীৰ তেজৰ দাগৰ বাহিৰে আন দাগে শোভা নাপায়।”উল্লেখযোগ্য যে ইছফাকুৰে নগাঁও আৰু হোজাইৰ বহু আৰক্ষী থানাত দালালি কৰাৰ অভিযোগ উঠিছিল।

আটছা ওৰাং উপশাখাৰ উদ্যোগত ওৰাঙত ৰাজহুৱা কৰম পৰৱৰ আয়োজন ৷

আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ওৰাং উপশাখাৰ উদ্যোগত অহা ৩০ ছেপ্তেম্বৰ আৰু ১ অক্টোবৰত দুদিনীয়া কাৰ্যক্ৰমণিকাৰে ওৰাঙৰ নিছিলামাৰী গাঁওত ওৰাং আঞ্চলিক ভিত্তিত ৰাজহুৱা কৰম উৎসৱৰ আয়োজন কৰা হৈছে ৷ এই উপলক্ষে যোৱা ১৫ ছেপ্তেম্বৰত নিছিলামাৰী প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আটছা ওদালগুৰি জিলা সমিতিৰ উপসভাপতি মণিৰাম মাহাতোৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷উক্ত সভাতে বলৰাম মুণ্ডাক সভাপতি,মামলু তাঁতি,সুভাষ মাহাতো, আৰু হিৰণ্য মাহাতোক উপসভাপতি,বিষ্ণু মাহাতোক কাৰ্যকৰী সভাপতি,বিজু মাহাতোক সম্পাদক ,অজিত মাহাতো আৰু বাসন্তী মাহাতোক সহকাৰী সম্পাদক আৰু দিপেন মাহাতোক সাংস্কৃতিক সম্পাদক ৰূপে লৈ ৰাজহুৱা কৰম উৎসৱ উদযাপন সমিতি খন গঠণ কৰা হয় ৷উক্ত সভাতে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অতি দুখীয়া ঘৰৰ ছাত্ৰী ৰীতা মাহাতোক ওৰাং আঞ্চলিক অবিচি ব’ৰ্ডৰ তৰফৰ পৰা আঞ্চলিকৰ সভাপতি সম্পাদক ক্ৰমে ৰমেশ মাহাতো আৰু হেমন্ত কুমাৰ মাহাতোৱে দুহেজাৰ টকা আৰ্থিক সাহাৰ্য আগবঢ়ায় ৷আনহাতেভাদমাহৰ শুক্লাএকাদশী তিথি ৷এই তিথিতেই পালন কৰা হয় চাহজনগোষ্ঠী- আদিবাসী সমাজৰ অতিকে আদৰৰ কৰম উৎসৱ ৷ওদালগুৰি জিলাৰ ওৰাং অঞ্চলতো  ১৭ ছেপ্তেম্বৰৰ পৰা  কৰম পৰৱৰ উদযাপন হৈ যায় ৷যোৱা ১৩ ছেপ্তেম্বৰৰ পৰাই কুমাৰী ছোৱালী সকলে নদীৰ পৰা নতুন বাহৰ ডলাত বালি তুলি আনি ডলাত মাটি মাহ,কুৰথী,মাকৈ আদি শস্য সিঁচি জাৱা উঠাই পুৱা সন্ধিয়া  জাৱাজাগৰণ গীত মাতেৰে মূখৰিত কৰিছে ওৰাং অঞ্চল ৷এই উপলক্ষে ওৰাঙৰ নিছিলামাৰী,চমুৱাগাঁও,গৰুবান্ধা,ৰৌমাৰী,ভোগদল,২নং শইকীয়া চুবুৰী,ভেলুগুৰি,মোৱামাৰী,বেঙেনাবাৰী,ফুহুৰাবাৰী আদি ৰাজহ গাওঁত এই পৰৱৰ ব্যাপক কাৰ্যসুচীৰে অনুষ্ঠিত কৰাৰ  লগতে  ১৮ ছেপ্তেম্বৰত বিসৰ্জন  অনুষ্ঠান সমুহ কৰা হয় ৷যোৱা বছৰত কৰ’ণা কালীন পৰিবেশৰ বাবে এই উৎসৱ পালন কৰিব পৰা নগৈছিল যদিও এইবেলি পৰিবেশ কিছু ভাললৈ অহাত কৃষি উৎসৱ এই কৰম পৰৱৰ পালনৰ বাবে ৰাইজৰ মাজত উচাহ উদ্দীপনাৰ লগতি ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে ৷

ওদালগুৰিৰ খাউৰাঙত কৰোনাৰ প্ৰতিষেধক প্ৰদান

কৰোনা মহামাৰিৰ পৰা পৰিত্ৰাণ পোৱা ৰাইজে বৰ্তমান প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইথকা সময়তে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে প্ৰতি প্ৰত্যককে প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনাই থকা সময়তো একাংশ সমাজ বিৰোধীয়ে এতিয়াও প্ৰতিষেধকৰ বিৰুদ্ধে অপ প্ৰচাৰ চলাই থকা দেখাপোৱা গৈছে। উক্ত সমাজ বিৰোধী সকলে যিমানেই অপ প্ৰচাৰ কৰিলেও ৰাইজে তেওঁলোকৰ ষড়যন্ত্ৰক বুঢ়া আঙুলি দেখুৱাই প্ৰতিষেধক কেন্দ্ৰলৈ ঢাপলি মেলা দেখা পোৱা গৈছে।  ১৭ চেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অসমৰ বিভিন্ন জিলাৰ লগতে ওদালগুৰি জিলাতো কোৰোনাৰ প্ৰতিষেধক “কোভাচিল্ড” বিভিন্ন কোভিড চেণ্টাৰলৈ প্ৰদান কৰা দেখাপোৱা গৈছে।  ওদালগুৰিৰ উত্তৰে অৱস্থিত খাউৰাং বজাৰখলা উপ স্বাস্থ্য কেন্দ্ৰত ৰাতিপুৱা ৯:০০ বজাৰপৰা আৰম্ভ হোৱা প্ৰতিষেধক “কোভাচিল্ড” গ্ৰহণ কৰিবলৈ ৰাইজৰ হেতা ওপৰা লাগে। ওদালগুৰি স্বাস্থ্য বিভাগৰ মেলেৰিয়া নিয়ন্ত্ৰণত থকা স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃত্বত খাউৰাং বজাৰখলা উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম বিদুশ্ৰী ব্ৰহ্মৰ পৰিচালনাত স্থানীয় আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, শাবিত্ৰী দেৱী আৰু জানুকা দেৱীৰ সহযোগত ২৩০ জনক “কোভাচিল্ড”ৰ প্ৰথম পালিৰ লগতে ১৮৯ জনক দ্বিতীয় পালিৰ “কোভাচিল্ড° প্ৰতিষেধক প্ৰদান কৰা হয়। ৰাতিপুৱা ৯:০০  বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদান শিবিৰ সন্ধ্যা ৫ :০০ বজালৈ চলি থাকে।প্ৰথমে অনা প্ৰতিষেধক সম্পূৰ্ণ শেষ হোৱাৰ পিছত ৰাইজৰ দাবীত পুনৰ ওদাগুৰিৰ পৰা অতিৰিক্ত প্ৰতিষেধক”কোভাচিল্ড” আনিব লগীয়া হৈছিল।  স্বাস্থ্য কৰ্মী উমেশ ৰাভাৰ নেতৃ প্ৰদান কৰা প্ৰতিষেধক প্ৰদান শিবিৰত এ এন এম বিদুশ্ৰী ব্ৰহ্ম, আশা কৰ্মী নমিতা দেৱী, পাৰ্বতী নেৱাৰ, জানুকা দেৱী আৰু শাবিত্ৰী দেৱীৰ সেৱা কাৰ্য্যক স্থানীয় খাউৰাংবাসী ৰাইজে প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ কাৰ্য্যক ধন্যবাদ জনা‌য়।

মাজবাটত সাংসদ দিলীপ শইকীয়াৰ চিলাই মেচিন বিতৰণ

মাজবাটত মঙ্গলদৈ লোকসভা সমষ্টিৰ  সাংসদ দিলীপ শইকীয়াই মহিলা সকলৰ মাজত ১৫০ চিলাই মেচিন বিতৰণ কৰে । মাজবাট উন্নয়ন খণ্ডৰ অন্তৰ্গত পাঁচনৈ চেৰফাং পৰিষদিয় সমষ্টিৰ প্ৰত্যেক ভিচিডিচিৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত প্ৰমাণ পত্ৰ থকা মহিলা সকলৰ ভিতৰত প্ৰথম অৱস্থাত ৫০০ মেচিন দিয়াৰ কথা সাংসদ দিলীপ শইকীয়াই জানিব দিয়ে । তাৰে পৰিপেক্ষিতত আজি ১৮ছেপ্তেম্বৰ  মাজবাটত এখনি চিলাই মেচিন বিতৰণ কৰাৰ বাবে সাধাৰণ সভাৰ আয়োজন কৰা হৈছিল । প্ৰথম অৱস্থাত ৫০০ গৰাকী মহিলাৰ মাজত আধুনিক যুগৰ উষা কোম্পানীৰ চিলাই মেচিন বিতৰণৰ লক্ষ্য আছিল যদিও  ১৮ ছেপ্টেম্বৰ তাৰিখে মাজবাটত উপস্থিত হৈ সাংসদ দিলীপ শইকীয়াই ১৫০ গৰাকী মহিলাৰ মাজত চিলাই মেচিন নিজ হাতে বিতৰণ কৰে । আজি ১৮ তাৰিখে মাজবাটত অনুষ্ঠিত উক্ত চিলাই মেচিন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই তেওঁৰ ভাষণ প্ৰসংগত বিটিচিৰ অইন সমষ্টিৰ দৰেই মাজবাট অঞ্চলৰ বিজপি কাৰ্যকৰ্তাৰো দীৰ্ঘদিনীয়া সমস্যা সমাধান হৈছে । সমাজৰ SC , OBC ,আৰু  MOBC শ্ৰেণীৰ  চিলাই প্ৰশিক্ষণ প্ৰাপ্ত হিলা সকলে এটাকৈ চিলাই মেচিন পোৱাৰ উপৰিও যিসকলৰ চাৰ্টিফিকেট নাই তেওঁলোককো তেওঁলোকৰ প্ৰায়োজনৰ ওপৰত ভিক্তি কৰি দ্বিতীয় পৰ্য্যায়ত দিয়া হব বুলি আশ্বাস দিয়ে । সাংসদ শইকীয়াই মাজবাটৰ ৰাইজৰ ঘৰে ঘৰে কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ আঁঠুৱা ,কম্বল ,  বিজেপি দলৰ  চৰকাৰ বিটিচিত অহাৰ   পিছত বিতৰণ কৰাৰ দৰেই কোনো হিতাধিকাৰীৰ পৰা এক পইছা নোলোৱাকৈ সাধাৰণ সভা পাতি বিতৰণ আজি ১৫০ গৰাকী মহিলাৰ মাজত বিতৰণ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই । মাজবাট অঞ্চলৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ বাবে এটা পৰিকল্পনা প্ৰস্তুত হৈ আছে অতি শীঘ্ৰেই মাজবাট বিধানসভা সমষ্টিৰ সকলো দীৰ্ঘদিনিয়া সমস্যাৰ সমাধান কৰা হব বুলি কোৱাৰ লগতে শইকীয়াই এই অঞ্চলৰ ৰাইজে চৰকাৰৰ কিবা পাবলৈ হলে টকা পইচাৰ অংকৰ নকৰাকৈ একো সুবিধা পোৱা সম্ভৱ নাছিল তেনে অৱস্থাৰ পৰা আজি এক টকা নিদিয়াকৈ বিজেপি কাৰ্যকৰ্তা সকলে সেৱা আগবঢ়াই যাব আৰু ৰাইজেও কাকো আঁচনিৰ নামত টকা যাতে নিদিয়ে তাৰ বাবে আহ্বান জনায় । উক্ত সভাত উপস্থিত যোৱাকালি ১৭ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব ভাৰ লোৱা সুনীল  বাসুমতাৰীয়েও তেওঁৰ ভাষণ প্ৰসংগত মহিলা সকলৰ মাজত চিলাই মেচিন বিতৰণ কৰাৰ লক্ষ উদ্দেশ্য এই মেচিনৰ দ্বাৰা মহিলা সকলে ঘৰৰ কামত ব্যৱহাৰ কৰাৰ উপৰিও ইয়াৰ দ্বাৰা চিলাই কাটিংৰ কাম কৰিও  স্বাৱলম্বী হব পাৰি উক্ত বিষয়ত বক্তব্য ৰাখে । আৰু লগতে ওদালগুৰি জিলা বিজেপিৰ সভাপতি হিচাপে যোৱা কালি ১৭ ছেপ্টেম্বৰ তাৰিখে দায়িত্ব ভাৰ গ্ৰহণ কৰা সুনীল বাসুমতাৰীয়ে সকলো নবীন প্ৰবীণ ,পুৰণা জেষ্ঠ দলীয় কৰ্মীক উৎসাহেৰে ওলাই আহি ওদালগুৰি জিলা বিজেপিৰ সংগঠনিক ভেটি সক্ৰিয় কৰাত সহায় সহযোগিতা কৰাৰ কামনা কৰিছে । উক্ত অনুষ্ঠানত নৱ নিযুক্ত ওদালগুৰি জিলা বিজেপি সভাপতি সুনীল বসুমতাৰী , ৰাজ্যিক সদস্য মাজবাট বিধানসভা সমষ্টিৰ অন্যতম পৰিচিত যুৱ নেতা জিতু কিষান , বিটিচি ই এম দিগন্ত বৰুৱা , এম চি এল এ দ্বীপক মৌৰ , জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , কষ্ট বাগলাৰী , তপন চৰকাৰ , জীৱন ডেকা , মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাৰ লগতে মাজবাট  বিধানসভা সমষ্টিৰ বহু জেষ্ঠ বিজেপি কাৰ্যকৰ্তা , ভিচিডিচি চিয়াৰমেন ও বিভিন্ন দায়িত্বত থকা দলীয় কৰ্মী সকলৰ  লগতে চিলাই মেচিন প্ৰাপ্ত মহিলা সকলো উপস্থিত থাকে  ।

বন্ধন বেংকৰ পৰা ঋণলৈ স্বাৱলম্বী নগৰবেৰাৰ এক দম্পত্তি

সোঁতৰ বিপৰীতে সাঁতুৰি আগুৱাই যোৱা এটা আদৰ্শ পৰিয়ালৰ বাস্তব কাহিনী। কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ দোকুচি পুখুৰীৰ পৰা গাঁৱৰ দিলীপ হাজৰিকা দম্পতিয়ে বন্ধন বেংকৰ পৰা ঋণলৈ যথেষ্ট উপকৃত হৈছে বুলি আমাক জানিবলৈ দিয়ে। দিলীপ হাজৰিকা নিজে এজন বডী মিস্ত্রি তথা পেইন্টাৰ কাম কৰিবলৈ বিভিন্ন যন্ত্রপাতি ক্রয় কৰাৰ উপৰি ঋণৰ টকাৰে ক্ৰয় কৰিলে এখন চাৰিচকীয়া বাহন। সম্প্ৰতি পৰিয়ালটো আজি আত্মনিৰ্ভৰশীলহৈ পৰিছে। ৰাজ্যত চলি থকা ঋণ ৰেহাইৰ প্ৰতিবাদৰ বিপৰীতে দম্পতি হালে আহ্বান জনালে -মাইক্র’ফাইনেন্সৰ ঋণ খাবলৈ বা বিলাসিতাৰ বাবে নহয়, বৰং ব্যৱসায়িক কামত সদ্ব্যবহাৰ কৰিলে সফল নোহোৱাৰ কাৰণ নাই বুলিকৈ বন্ধন বেংকলৈ কৃতজ্ঞতা জনালে হাজৰিকা দম্পতিয়ে।

ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ উপশমী চিকিৎসা সম্পৰ্কীয় প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

কৰ্কট ৰোগৰ সজাগতাৰ হকে কাম কৰি অহা প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ ৰ দ্বাৰা আয়োজিত ১৬ ঘণ্টাৰ উপশমী সেৱাৰ চাটিফিকেট কৰ্ছৰ অফলাইন প্ৰশিক্ষণ শিৱিৰ ১৭ ছেপ্টেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হৈ যায়৷ ইণ্ডিয়ান এচ’ছিেয়চন অৱ পেলিয়িটিভ কেয়াৰৰ দ্বাৰা পৰিচালিত আৰু হোটেল বাজাবাসত অনুষ্ঠিত এই প্ৰশিক্ষণৰ শিৱিৰত মুখ্য প্ৰশিক্ষক ৰূপে কেন্সাৰৰ মনোবিজ্ঞানী মুম্বাইৰ কে ভি গণপথীয়ে অংশগ্ৰহণ কৰে৷ শিৱিৰত ধেমাজি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া, মাৰ্ঘেৰিটা, ডিব্ৰুগড় আদি বিভিন্ন স্থানৰ কুৰি গৰাকী স্বেচ্ছাসেৱকে প্ৰশিক্ষণ সমাপ্ত কৰে৷ উল্লেখ্য যে এই প্ৰশিক্ষণৰ অন্তৰ্গত প্ৰথম দহঘণ্টা অনলাইনত চ্ছ্ৰ, প্ত ছেপ্টেম্বৰত হৈ গৈছিল৷

এই প্ৰশিক্ষণ শিৱিৰৰ আৰম্ভণিতে আয়োজন কৰা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ‘প্ৰতিশ্ৰুতি’ ৰ অবৈতনিক সঞ্চালক তথা কেন্সাৰ গৱেষক ডাঃ গগৈয়ে অনুষ্ঠানটোৰ লক্ষ্য-উদ্দেশ্যৰ লগতে ‘প্ৰতিশ্ৰুতি’ য়ে ক’ভিডকালীন সময়ত ধেমাজি, গুৱাহাটী আৰু ডিব্ৰুগড়ত ৬০ হেজাৰৰো অধিক লোকক হোম আইশ্যলেশ্যনত থকাৰ সময়ত সংগঠনটোৰ স্বেচ্চাসেৱক আৰু সংশ্লিষ্ট জিলা প্ৰশাসনৰ সহযোগত সফল ৰূপায়ণ কৰা তিনিটা ‘ক’ভিড মনিটৰিং বিশেষ প্ৰকল্প’ ৰ বিষয়ে উল্লেখ কৰে৷ অনুষ্ঠানত জিলাৰ অতিৰিক্ত আয়ুক্ত [স্বাস্থ্য] বিশ্বজিত ফুকন, মডাৰেটৰ ডাঃ প্ৰণয় ফুকন, ডাঃ জিএছ বৰগোহাঁই, ডাঃ প্ৰবীন দত্ত, ডাঃ কাবেৰী বৰা, ডাঃ লুকিমা বৰুৱা, অস্মিতা কলিতাকে ধৰি প্ৰতিশ্ৰুতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

শিৱিৰত উপশমী সেৱাৰ বিভিন্ন দিশ সামৰি প্ৰজেক্টৰৰ জৰিয়তে প্ৰশিক্ষণ আগবঢ়ায় কে ভি গনপথিকে ধৰি ডাঃ জি এছ বৰগোহাঁই, ষ্টাফ নাৰ্চ ডালিমী গগৈ, কবিতা ৰাজোৱাৰ, ৱাজিৰ বিন কুটুব, পান্না ভৰালীয়ে৷ শিৱিৰত মুখ্য প্ৰশিক্ষক কে ভি গণপথীয়ে বিষয়টোৰ মনোবৈজ্ঞানিক বিভিন্ন দিশসমূহৰ সম্পৰ্কত বক্তব্য আগবঢ়োৱাৰ লগতে স্বেচ্চাসেৱকসকলে সোধা বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে৷ অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণপত্ৰ বিতৰন কৰা হয়।

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন, ২০ দিনীয়া জন্মোৎসৱৰ প্ৰথমটো দিনত বৰ্ধিত টিকাকৰণ কাৰ্যসূচী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ তম জন্মদিন।প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ।৭১তম জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিবেশ।অন্যান্য প্ৰান্তৰ লগতে ৰঙাপৰাতো মোডীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিবলৈ সাজু হৈছে।ৰঙাপৰাত প্ৰধানমন্ত্ৰীৰ অনুৰাগী তথা বিজেপি কৰ্মীসকলে অঞ্চলটোৰ চাহ বাগিচা সমুহত ২০ দিনীয়া বৰ্ধিত টিকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰিছে।এই ২০ দিনীয়া জন্ম উৎসৱ উপলক্ষে বিজেপি কৰ্মী সকলে বাগিচা অঞ্চলত শ্ৰমিক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে আৰু কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক লবলৈ আহ্বান জনায়। জন্মোৎসৱৰ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন,বিজেপি শোণিতপুৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ৰঙাপৰা নগৰ মণ্ডল অবিচি মৰ্চাৰ প্ৰভাৰী ৰানা ভাটিয়া, মণ্ডল সভাপতি দিপক তেলি আৰু বহু বিজেপি কৰ্মী অংশগ্ৰহণ কৰে।

গুৰুতৰ ভাৱে অসুস্থ কাৰেংঘৰ থিয়েটাৰৰ প্ৰযোজক সোনমণি দত্ত

বিশিষ্ট সাংবাদিক, সাংস্কৃতিক কৰ্মী, কাৰেংঘৰ থিয়েটাৰৰ‌ প্ৰযোজক সোণমণি দত্ত যোৱা ৬ ছেপ্তেম্বৰৰ‌ পৰা গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীৰ হেলথচিটি হাস্পতাল আই.চি.ইউত ভৰ্ত্তি হৈ আছে। সাংবাদিক গৰাকীক প্ৰথমে দিশপুৰ হাস্পতালৰ আই.চি.ইউত ভৰ্ত্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি হোৱাত হেলথচিটিলৈ স্থানান্তৰিত কৰা হয়। উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক সোণমণি দত্তই শিৱসাগৰৰ পৰা প্ৰকাশিত কলম কাকত সম্পাদনা কৰাৰ ওপৰিও সাপ্তাহিক কৃষকবন্ধু,অসম সেতু, সূৰ্য,স্বাভিমান, দৈনিক বাতৰি কাকত আদি কাকত আলোচনীৰ সম্পাদনা কৰাৰ লগতে অসমীয়া প্ৰতিদিন “আজি” বুধবাৰ আদি বিভিন্ন কাকতলৈ সাংবাদ সেৱা আগবঢ়াই আছিল আৰু বৰ্তমানো NEWS 24 নৰ্থ ইষ্ট নামৰ চেনেল এটাৰো মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰি আছিল। অসমৰ ভ্ৰাম্যমাণ নাট্যজগতৰ আগশাৰীৰ নাট্যদল কাৰেংঘৰ থিয়েটাৰৰ প্ৰয়োজক সোণমণি দত্তই কাৰেংঘৰ থিয়েটাৰৰ যোগেদি বিভিন্ন গণমুখী কাম-কাজৰ লগতে নিজে ৰচনা কৰা নাটকৰ যোগেদি এক নতুন সোৱাদ কঢ়িয়াই আনিছিল নাট্যজগতলৈ।

সংস্কৃত পণ্ডিত, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মাৰ বিয়োগ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা অৱসৰী মুৰব্বী অধ্যাপক, বৰেণ্য সংস্কৃত পণ্ডিত, সাহিত্যিক, শিক্ষাবিদ ড০ বাণীকান্ত শৰ্মা চাৰৰ আজি দেহাৱসান ঘটাত বিভিন্ন দল-সংগঠনে গভীৰ শোক প্রকাশ কৰিছে। এক শোক-বাৰ্তাত ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যতাৰ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “আমি হেৰুৱালোঁ এজন জ্ঞান তপস্বী সাধকক। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী ড০ শৰ্মা চাৰে শিক্ষা জগতৰ বাবে অভূতপূর্ব বৰঙণি আগবঢ়াইছে। সাহিত্য জগতলৈ তেওঁৰ অৱদান অনন্য। তেওঁৰ সূদুৰ প্ৰসাৰী চিন্তাৰে সকলোকে আকৃষ্ট কৰিছিল।” এইগৰাকী মহান শিক্ষাবিদৰ বিয়োগত  বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০মলিনা দেৱী ৰাভা, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, অসম শিশু সাহিত্য সমাজৰ সহ: সম্পাদক প্ৰদীপ নাৰায়ণ ভট্ট, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্র ব্ৰহ্ম -সম্পাদক গোলাপ বড়ো,  বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে গভীৰ শোক প্রকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।