Home Blog Page 2840

মুছলপুৰত এছ এছ বিৰ উদ্যোগত চিভিক একচন কাৰ্যসূচী

আজি বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ ভাৰত-ভূটান সীমান্তৱৰ্তী দাৰাগাৱত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আয়োজন কৰা হয় আজাদী কা অমৃত মহোৎসৱ শীৰ্ষত অনুষ্ঠান। উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলৰ ৰাইজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ বিভিন্ন ৰোগৰ ঔষধ প্ৰদান কৰাৰ উপৰিও ৰাইজৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু চাবোনৰ সৈতে একোটিকৈ গছপুলি প্ৰদান কৰে এছ এছ বিয়ে । অনুষ্ঠানত উপস্থিত থাকি সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেণ্ট নন্দ কিশোৰ টমটায়ে সকলোকে ক’ভিডৰ বিৰুদ্ধে সজাগ হৈ ভেকচিন ল’বলৈ আহ্বান জনায় ৷ উক্ত কাৰ্যসূচীত ভূটানখুটি উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ অনুপ দাস, সশস্ত্ৰ সীমা বলৰ ৬৪ নং বেটেলিয়নৰ ডেপুটী কামাণ্ডেণ্ট সন্দীপ পুনিয়াকে ধৰি অঞ্চলটোৰ কেবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নগৰবেৰাত ফেচবুকত প্ৰেমিকাৰ আপত্তিজনক ভিডিঅ ভাইৰেল কৰি ৰঙা ঘৰৰ আলহী হল প্ৰেমিক

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাত আৰক্ষীয়ে আটক কৰিলে প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰা প্ৰেমিকক। জানিব পৰা মতে বাংগালোৰত বি-ফাৰ্মত অধ্যয়নৰত ছাত্ৰ জাহিদুল ইছলামে মোবাইল যোগে নগৰবেৰা অঞ্চলৰ এগৰাকী কলেজীয়া ছাত্ৰীৰ সতে প্ৰথমে চিনাকি হয় তাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পাছলৈ কিবা কাৰণত প্ৰেমত ফাঁট মেলাত প্ৰেমিক জনে ফেচবুক ফেক একাউণ্ট খুলি প্ৰেমিকাৰ সতে উঠা আপত্তিজনক ভিডিঅ ছচিয়েল মেডিয়াত ভাইৰেল কৰে। নগৰবেৰা অঞ্চলৰ প্ৰেয়সীৰ মাতৃয়ে দিয়া এক এজাহাৰৰ ভিত্তিত নগৰবেৰা আৰক্ষীয়ে আটক কৰে অসম-বাংলাদেশ সীমান্তৰ সুখচৰ আৰক্ষী থানা এলেকাৰ বেৰাভঙা গাঁৱৰ জাহিদ মণ্ডল ওৰফে জাহিদুল ইছলাম নামৰ যুৱক জনক। ঘটনাটোক লৈ নগৰবেৰা অঞ্চলত অব্যাহত আছে চাঞ্চল্য।

মুছলপুৰত পুখুৰীত বিহ ঢালি মাছ নিধন দুৰ্বৃত্তৰ

স্বনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্য আগত ৰাখি মৎস্য পালনৰ পথ বাচি লোৱা বাক্সা জিলাৰ এগৰাকী যুৱকৰ পুখুৰীত দুৰ্বৃত্তই বিহ ঢালি মাছ নিধন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰামতে জিলাখনৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত অদালবাৰীৰ শিক্ষিত যুৱক ৰাতুল শৰ্মাই চৰকাৰী চাকৰিৰ আশা বাদ দি নিজৰ মাটিত পুখুৰী খান্দি মৎস পালনেৰে বাচি লৈছিল স্বাৱলম্বিতাৰ পথ ৷ ৰৌ, আঁৰি, ভকুৱা, কমনকাৰ্প, গ্ৰাছকাৰ্প আদিকে ধৰি বিভিন্ন জাতৰ থলুৱা মাছৰ পোনা পুখুৰীত মেলি দিয়াৰ পিছত এতিয়া সেই পোনাবোৰ প্ৰায় এক-ডেৰ কেজি ওজনলৈকে ডাঙৰ হৈ পৰাত সঞ্চাৰ হৈছিল লাভৰ আশা ৷ কিন্তু, দুর্ভাগ্যজনকভাৱে কালি নিশা কোনো অচিনাক্ত দুর্বৃত্তই পুখুৰীটোত বিহ ঢালি দিয়ে৷ যাৰ ফলত আজি পুৱাৰ ভাগত ভাহি উঠে হাজাৰ হাজাৰ বিভিন্ন প্রজাতিৰ মাছ৷ বিহ সেৱনৰ ফলত লগে লগে মৃত্যু হয় লক্ষাধিক টকা মূল্যৰ মাছৰ ৷ দিনে-ৰাতিয়ে প্ৰতিপালন কৰি ডাঙৰ কৰা মাছবোৰ আজি পুখুৰীত ৰাতিপুৱা চাবলৈ গৈ সকলো মাছ মৃত অৱস্থাত ওপঙি থকা দেখি হতভম্ব হৈ পৰাৰ লগতে কান্দোনত ভাগি পৰে মৎসপালক ৰাতুল শৰ্মা ৷ কোনো দুষ্ট লোকে পুখুৰীত বিহ দি মাছ নিধন কৰা বুলি সন্দেহ ব্যক্ত কৰে মৎসপালক ৰাতুল শৰ্মাই ৷ অঞ্চলটোৰ সচেতন মহলে দোষীক চিনাক্ত কৰি শীঘ্রে কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷

চাহ জনগোষ্ঠীৰ কৰম উৎসৱ উপলক্ষে দিয়া বন্ধ সম্পৰ্কে সৃষ্টি হোৱা প্ৰতিক্ৰিয়া নদুৱাৰত

চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পৰৱ। কৰম উৎসৱৰ জৰিয়তে জনগোষ্ঠীটোৰ স্বকীয় সংস্কৃতি,জাতীয় পৰিচয় বহন কৰা পৰম্পৰাগত উৎসৱটিত চাহ জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি সহাৰি জনাই বৰ্তমাণৰ বিজেপিধীন চৰকাৰখনে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধ ঘোষনা কৰিছে।চৰকাৰকাৰখনৰ এই সিদ্ধান্তক স্বাভাৱিকতে জনগষ্ঠীটোৰ মাজত এক সুখৱৰ কঢ়িয়াই আনিছে বুলি কব লাগিব। অৱশ্যে ৰাজ্যখনত দীৰ্ঘদিনধৰি বৃহৎৰ চাহ জনগোষ্ঠীটোৰ বিভিন্ন দাবীৰ লগতে কৰম পৰৱৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনা কৰিবলৈ বিভিন্ন দল সংগঠনৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাই দাবী জনাই অহাৰ মাজতে যোৱাকালি মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্ত অনুযায়ী কৰম উপলক্ষে চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰখনক ধন্যবাদ জনোৱা পৰিলক্ষিত হৈছে। আনহাতে বৰ্তমানৰ চৰকাৰখনে চৰকাৰী বন্দ্ধ দিয়াৰ বিপৰীতে চাহজনগোষ্ঠীৰলোক বাগিচাত কাম কৰিবলগীয়া হোৱা ঘটনাই চাহ জনগোষ্ঠীৰ বিভিন্ন মহলে চৰকাৰখনে লোৱা যুগাত্মক সিদ্ধান্তৰ শলাগলোৱাৰ বিপৰীতে বিভিন্ন প্ৰান্তত চৰকাৰখনৰ লগতে বাগিচা মালিক পক্ষক ধীক্কাৰ দিয়াৰ লগতে তীব্ৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰিছে। ইয়াৰ মাজতে নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তীয়ে প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে দীৰ্ঘদিনে আটছাই দাবী জনাই অহা প্ৰতি সহাৰি জনাই ৰাজ্যচৰকাৰখনে ‘চাহ জনগোষ্ঠীৰ অন্যতম জাতীয় উৎসৱ ‘কৰম পৰৱ’ উপলক্ষে ৰাজ্যিক বন্দ্ধ ঘোষনাই জনগোষ্ঠীটোৰ এক যুগাত্মক দিশ । আৰু লগতে কয় যে চাহ জনগোষ্ঠীৰ বাপুতিসাহোন কৰম পৰৱ উদযাপনৰ বিশেষ দিন হিচাপে ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্দ্ধ ঘোষনাই চৰকাৰী বিভাগৰ কৰ্মী-কৰ্মচাৰীয়ে বন্দ্ধ ভোগ কৰিছে কিন্তু চাহ জনগোষ্ঠীৰ ৭০%চাহ শ্ৰমিকে বাগিচাত কাম কৰিব লগীয়া হোৱা ঘটনাই কৰম উৎসৱৰ প্ৰতি জনোৱা সন্মান যেন বিকৃত হৈছে,সেইহে প্ৰকৃতাৰ্থত যদি কৰম পৰৱটি পালনৰ অৰ্থে চৰকাৰে ৰাজ্যিক বন্দ্ধ ঘোষণা কৰিলেই জনগোষ্ঠীটোৰ প্ৰতি জনোৱা সাৰ্থক নহব যেতিয়ালৈকে সমগ্ৰ ৰাজ্যজুৰি ১৭ চেপ্টেম্বৰ দিনটো চৰকাৰী বন্ধত চাহ শ্ৰমিকসকলৰ মজুৰীসহ বাগিচাসমুহ বন্ধ ঘোষনা কৰিলেহে কৰম পৰৱটি পালনত সাৰ্থক হব বুলি মন্তব্য কৰে।

অৱসৰী আৰক্ষী বিষয়া কান্তেশ্বৰ গগৈৰ আকস্মিক মৃত্যু

 অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত  উপ আৰক্ষী অধীক্ষক কান্তেশ্বৰ গগৈৰ ১৬ ছেপ্টেম্বৰৰ নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬২ বছৰ  । শদিয়াৰ এখন ভিতৰুৱা গাঁওত জন্মগ্ৰহণ কৰা গগৈয়ে অসম আৰক্ষীত উপ পৰিদৰ্শক হিচাপে যোগদান কৰি নিজৰ দক্ষতা , যোগ্যতা আৰু অভিজ্ঞতাৰ বলত উপ আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি লাভ কৰি ২০১৯ চনত অৱসৰ গ্ৰহণ কৰে । চাকৰি কালত এজন নীতি নিষ্ঠ বিষয়া হিচাপে পৰিচিত গগৈয়ে কিছু বছৰ পূৰ্বে পৰিয়ালসহ চার্ভেস্কুলত নিগাজিকৈ বাস কৰি কমদিনৰ ভিতৰতে দূৰ্গাপূজাকে ধৰি বিভিন্ন সামাজিক , সাংস্কৃতিক  অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ সকলোৰে সমাদৰ লাভ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী তথা ভাৰতীয় জীৱন বীমা নিগমৰ গুৱাহাটী কাৰ্যালয়ৰ বিষয়া গীতিকা গগৈ , দুই পুত্ৰ ক্ৰমে অংশুমান আৰু ঋতুৰাজ , এজন ককায়েককে ধৰি বহু সংযোগ আত্মীয়- স্বজন এৰি থৈ যায় । তেওঁৰ আকস্মিক  মৃত্যুত  বৃহত্তৰ চার্ভেস্কুলকে ধৰি কাষৰীয়া অঞ্চলত শোকৰ ছাঁ পৰে । ১৭ ছেপ্টেম্বৰত এক শোকাকূল পৰিৱেশত ভূতনাথত তেওঁৰ শেষকৃত সম্পন্ন কৰা হয় ।

মাজুলী মহাবিদ্যালয়ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস

দিনজোৰা কাৰ্যসূচীৰে যোৱা ১৭ ছেপ্টেম্বৰত নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ এন চি চিৰ উদ্যোগত পৰিবেশ নিকাকৰণৰ পাছতে বৃক্ষৰোপণ কৰে জ্যেষ্ঠ অধ্যাপক অমৃতেশ্বৰ চুতীয়াই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ ডেকাই। দিনৰ ১১ বজাৰপৰা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত সম্পূৰ্ণ ক’ভিড নীতি মানি শ্ৰীশ্ৰীহৰিদেৱ ভৱনত মুকলি সভা অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনি ছাত্ৰী কৰিণা হাজৰিকাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ হয়। সভা উদ্বোধন কৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই বাষষ্ঠীৰ মহাপ্লাৱন আৰু চীনা আক্ৰমণৰ বিভীষিকাৰ মাজতো মাজুলীত উচ্চ শিক্ষাৰ সোপান ৰচোঁতা মহানুভবসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক সুৰেন্দ্ৰ নাথ মুদৈয়ে কয়–’হাজাৰ হাজাৰ বিদ্যাৰ্থীক বিদ্যা মহাধনেৰে বিভূষিত কৰা মাজুলী মহাবিদ্যালয় সমগ্ৰ মাজুলীবাসীৰে হিয়াৰ আমঠু। নৈদ্বীপটিৰ সামাজিক-সাংস্কৃতিক-বৌদ্ধিক ক্ষেত্ৰখনত এই উচ্চ শিক্ষানুষ্ঠানটিৰ অৱদান প্ৰাতঃস্মৰণীয় হৈ থাকিব।’ সভাখনিত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত উপস্থিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন গগৈ , জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ডিম্বেশ্বৰ দত্ত , অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্মৃতি কোঁৱৰ , অৱসৰপ্ৰাপ্ত শিক্ষক গুণ শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায়। আজিৰ সভাতে ২০২০বৰ্ষৰ মাজুলী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান অৰ্জন কৰা শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ টাৰজান দাসক ত্ৰয়োধৰ গগৈ স্মাৰক বঁটা প্ৰদান কৰাৰ লগতে অলপতে সন্মানীয় ডক্টৰেট উপাধি লাভ কৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দুলাল হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা অনামিকা অধিকাৰীয়ে। সন্ধ্যা মহাবিদ্যালয় চৌহদত ৬০ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যাপক বিপুল ৰাজখোৱাই।

ওদালগুৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদীৰ ৭১সংখ্যক জন্মদিন উদযাপন

১৭ছেপ্তেম্বৰত ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনটো উদযাপন কৰাৰ লগতে  ওদালগুৰি জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে।কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বিজেপি দলক আগতকৈ অধিক শক্তিশালী ৰূপে আগবঢ়াই নিব বুলি মন্তব্য কৰে নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে।প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপি দলৰ সদস্য সকলোৰ লগতে ৰাইজক সন্ধিয়া পদুলি মুখত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায় সভাপতি বসুমতাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ ইএম সঞ্জিত তাঁঁতী, জিলা বিজেপিৰ বিদায়ী সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো,সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা আদিকে ধৰি কেবাগৰাকীও নেতাই।

“Divide Assam 50/50”: পৃথক বড়োলেণ্ড দাবীৰে পুনৰ জন্ম হ’ল আন এটা উগ্ৰপন্থী সংগঠনৰ দল

যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখে বড়ো ভূমিত পুনৰ জন্ম হ’ল আন এটা অস্ত্ৰধাৰী সংগ্ৰামী দল।বড়ো ঐতিহাসিক শান্তি চুক্তিৰ দুটা বছৰ সম্পূৰ্ণ নহওঁ‌টেই বড়ো ভূমিত পুনৰ জন্ম হল ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড (ULB) উগ্ৰপন্থী সংগঠন।যোৱা ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে বড়ো জনগোষ্ঠীৰ দাবী সম্পূৰ্ণ কৰি NDFB উগ্ৰপন্থী সংগঠনক মূল সতিলৈ ঘূৰাই আনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত এবছুয়ে বিটিআৰ চুক্তি সাক্ষৰ কৰিছিল। কিন্তু চুক্তিখন দুটা বছৰ সম্পূৰ্ণ নহওটেই বড়ো যুৱক যুৱতি সকল পুনৰ ওলাই গ’ল ঘন অৰণ্যলৈ। উল্লেখ্য যে যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত হোৱা বিটিআৰ চুক্তিখন বৰ্তমানলৈ ভালদৰে ৰূপায়ণ হ’ব পৰা নাই, আৰু যিখন চুক্তিত বড়ো জনগোষ্ঠী সম্পূৰ্ণ ভাৱে সুৰক্ষিত নহয় বুলি দাবী জনায় নৱ গঠিত ULB সংগঠনটোৱে আৰু লগতে বড়োভূমিত বিটিআৰ চুক্তি সাক্ষৰ কৰি বড়ো জনগণক প্ৰলোভিত কৰা হ’ল ইয়াত আমি সুৰক্ষিত নহয় যাৰ বাবে বড়ো যুৱক যুৱতি কেতিয়াও শান্ত নহয়। আৰু যেতিয়ালৈ অসম বিভক্ত কৰি পৃথক বড়োলেণ্ড কৰা নহয় তেতিয়ালৈ বড়ো সকলৰ আন্দোলন অব্যাহত থাকিব যাৰ বাবে আমি পুনৰ অস্ত্ৰ ধৰি ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড ULB সহস্ত্ৰ সংগ্ৰামী দল গঠন কৰিব লগা হল বুলি চুচেইল মেডিআ যোগে ULB উগ্ৰপন্থী সংগঠনে আত্ম প্ৰকাশ কৰে।

অৰ্থৰ অভাৱত অস্ত্ৰোপ্ৰচাৰ কৰিব পৰা নাই দিব্যাংগ পুত্ৰৰ

বিপিএফ, কংগ্ৰেছ  আৰু  এআই ইউডিএফ  ৰাজনৈতিক মিত্ৰদলৰ বিধায়ক  চৰণ  বড়োৰ ৭০ নম্বৰ মাজবাট  বিধানসভা  সমষ্টিৰ  এলেকাস্হ   তথা বিটিআৰৰ  ই এম  নিলুৎ স্বৰ্গীয়াৰীৰ  ৪০ নম্বৰ ৰৌতা  সমষ্টিৰ অন্তৰ্গত  ওদালগুৰি  জিলাৰ ৰৌতা চাৰিআলিৰ গাতে লাগি থকা বজ্ৰঝাৰ গাঁৱত  দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস  কৰা ৰবিন সেন আৰু সাবিত্ৰী সেনৰ একমাত্ৰ পুত্ৰ বিশ্বজিৎ সেন ওৰফে প্ৰতাপ  সেন  নামৰ  এজন প্ৰায় ২০ বছৰীয়া  দিব্যাংগ  যুৱকে অৰ্থৰ অভাৱত  পৰি  মানসিক ৰোগত দিন কটাবলগীয়া হৈছে । কাৰণ  ৰৌতা  চাৰিআলি চহৰৰ  ৰঞ্জু  পণ্ডিত নামৰ  এজন  বাচন  ব্যৱসায়ীৰ দোকানত  কাম ,বন কৰি ২০২০ চনৰ ২৬ ডিচেম্বৰৰ  নিশা  নিজ ঘৰলৈ বিশ্বজিৎ সেনে আহি থকা  অৱস্থাত ৰৌতা চাৰিআলিৰ ‘শ্ৰীশ্ৰী শনি মন্দিৰ’ৰ  সম্মুখত ১৫ নম্বৰ  ৰাষ্ট্ৰীয়  ঘাইপথত  তেজপুৰ  অভিমুখৰ পৰা  গুৱাহাটী  অভিমুখে  এএছ -০১ এম বি – ৬৮২৬ নম্বৰৰ  বাইক এখনেৰে  তীব্ৰ গতিত গৈ থকা  আৰোহী  দুজনে খুন্দা মাৰি থিতাতে সংকটজনক ভাৱে  মুৰত আঘাতপ্ৰাপ্ত কৰি থৈ বাইকখন এৰি দুয়ো পলাই যোৱাৰ পাছত  গাঁৱৰ ৰাইজে  চিকিৎসালয়ত  ভৰ্তি  কৰি  মুৰৰ অস্ত্ৰোপ্ৰচাৰ  কৰায়  আনি  দিছিল । তথাপি অস্ত্ৰোপ্ৰচাৰৰ  সময়ত টকাৰ নাটনি হোৱাত ৭০ বছৰীয়া বৃদ্ধ আইতাক  বিনাৰানী সেনে নাতিয়েকক  মৃত্যুৰ পৰা জীয়াই  ৰখাৰ মোহত ঘৰ ভেতি  বন্ধকত দিব  লগা হোৱাত  আজিও  ঘৰ ভেতিখিনি  বন্ধকতে আছে । কিন্তু এতিয়া পুনৰ আন এটি  অস্ত্ৰোপ্ৰচাৰৰ  প্ৰয়োজন হোৱা বুলি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ চিকিৎসকে পৰামৰ্শ আগবঢ়াছে । অৱশ্যে এই প্ৰয়োজনীয় মুৰৰ অস্ত্ৰোপ্ৰচাৰৰ কাৰণে  আকৌ বিৰাট প্ৰয়োজন অৰ্থৰ । দিব্যাংগ যুৱকজনৰ পৰিয়ালে খুজি-  মাগি  আনি কোনোমতে  দুবেলাৰ পেটৰ ভাতমুঠি  যোগাৰ কৰা  তথা কেতিয়াবা ভাতৰ  অভাৱত  লঘোনে থকা পৰিয়ালটোৰ বাবে চিকিৎসালয়ত অস্ত্ৰোপ্ৰচাৰৰ ব্যয় বহন কৰাটো  বিৰাট  আশ্বাৰ্য়জনক কথা হৈ পৰাত  চকুৰে ধোঁৱা- কোঁৱা দেখি  আছে   ।  বাওঁ  হাতখনত পাঁচটা আঙুলিৰ ঠাইত মাত্ৰ দুটা আঙুলিহে  আছে বিশ্বজিৎ  সেনৰ । পৰনিৰ্ভৰশীল পিতৃ ৰবিন সেন আৰু মাতৃ  সাবিত্ৰী  সেনৰ জৰাজীৰ্ণ  প্লাষ্টিক পঁজাৰ চালি । গাঁওখনৰ একেবাৰে গৰিৱ পৰিয়ালটোই  দিনতে আকাশৰ জোন, বেলি, তৰা দেখা পায় ।  তথাপি বিশ্বজিৎ সেনৰ দুৰ্ঘটনাটোৰ তদন্তৰ বাবে সেইসময়তে ৰৌতা আৰক্ষী থানাত  এজাহাৰ  এখনো দাখিল কৰা হৈছিল । দুৰ্ঘটনা সংঘটিত  কৰি পলাই পতং দিয়া লোক দুজনৰ বাইকখনো আছে স্হানীয় আৰক্ষী থানাত ।এই   হৃদয়বিদাৰক  ঘটনাৰ কাহিনী থকা   পৰিয়ালটোৱে   আৱাসগৃহ , বৃদ্ধ পেঞ্চন অথবা আজিলৈকে কোনো ধৰণৰ চৰকাৰী  সাহায্য পোৱা নাই ।  গতিকে  অৰ্থৰ অভাৱত  বিশ্বাজিৎ সেনৰ মাতৃ সাবিত্ৰী সেন আজি ৰৌতা অঞ্চলত  পাগলি বুলি পৰিচিত । গতিকে আজি অসহায় পৰিয়ালটোৱে ল’ৰাজনৰ  চিকিৎসাৰ বাবে  চৰকাৰৰ পৰা  আৰ্থিক সাহায্য  বিচাৰি ৰৌতা  শাখা এছ বি আইত থকা একাউন্টৰ ৭০৭৫০১০০৮৮৮২২ নম্বৰ আগবঢ়ায় দিছে  দিব্যাংগ হৈয়ো  পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ  বিশ্বজিৎ সেনক  ৰাখিবলৈ জীয়াই । 

সন্ধানহীন যুৱক: ওদালগুৰি আৰক্ষী থানাত গোচৰ

ওদালগুৰি থানাৰ অন্তৰ্গত পুৰণিথানা নিবাসী পুনিয়া চৌহানৰ পুত্ৰ গনেশ চৌহান(৩২) যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা নিশা ১১ বজাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।এই সন্দৰ্ভত পৰিয়ালৰলোকে ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।পাঁচফুক ওখ,বগা বৰণৰ,চুলি দীঘল,ক্ষীণ চেহেৰাৰ পিন্ধনত হাফপেন্ট আৰু চাৰ্ট,কপালত কটা চিহ্নৰ দাগ থকা বিহাৰী সম্প্ৰদায়ৰ যুৱকজনৰ কোনো সন্ধান পালে নিকটীৱৰ্তী আৰক্ষী থানা অথবা ওদালগুৰি আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।যুৱকজনে অসমীয়া ভাষাও কব পাৰে।