বিটিআৰ জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত সংবাদযোগে দাবী শৰণীয়া সকল সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতি নহয়,যাৰ পৰিপেক্ষিতত শৰণীয়া কছাৰী সংগঠনক ক্ষুৰধাৰ সমালোচনা জনজাতি সুৰক্ষা মঞ্চই।উল্লেখ্য যে যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে বিটিআৰ জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত এখনি সংবাদমেল আয়োজন কৰিছিল। যাৰ দ্বাৰাই শৰণীয়া কছাৰী সকলে অবৈধ ভাৱে জনজাতিৰ প্ৰমাণ পত্ৰ লৈ জনজাতিৰ সুবিধা সমূঁহ প্ৰকৃত হীতাধিকাৰীক বঞ্চিত কৰি হৰুলো কৰাৰ অভিযোগত জনজাতি সুৰক্ষা মঞ্চই প্ৰকৃত জনজাতীৰ নিন্মতম অধিকাৰ বঞ্চিত নকৰিবলৈ সংবাদ যোগে সকিয়নী প্ৰদান কৰিছিল।সেয়েহে শৰণীয়া কছাৰী স্ংগঠনে জাঙোৰ খাই উঠিছিল আৰু সেই প্ৰশংগত স্ংবাদ যোগে উলতাই ”জনজাতি সুৰক্ষা মঞ্চক” তুচ্চ তাচ্ছিল্য কৰি হুংকাৰ প্ৰদান কৰাক লৈ বুধবাৰে নিশা ১০ বজাত বিটিআৰ জনজাতী সুৰক্ষা মঞ্চই পুনৰ সংবাদযোগে শৰণীয়া কছাৰীক জোৰদাৰ সমালোচনা কৰাৰ পৰিলক্ষিত হয়।জনজাতি সুৰক্ষা মঞ্চই কয় যে আমাৰ জনজাতী সংস্থা ট্ৰাইবেল্ট সংঘই শৰণীয়া সকলক ট্ৰাইবেল্ট হিচাপে মানি লৈছে যদিও আৰু কেইবাটাও সংগঠন আছে যিবোৰ আমাৰ দৰদৰে প্ৰকৃত জনজাতীক বঞ্চিত কৰাৰ সৰযন্ত্ৰক বিৰোধী কৰি আছে।সেয়েহ শৰণীয়া সকলক জনজাতী প্ৰমাণ পত্ৰ লোৱাৰ আগতে তেখেঁত সকলৰ গুৰি বা সৃষ্টি কৰ পৰা হৈছিল সেইটো স্পষ্ট কৰাৰ লগতে সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত হ’ব লাগিব সকিয়নী প্ৰদান কৰে।আৰু লগতে, শৰণীয়া সকলে দাবী কৰা ভাৰতীয় সংবিধানৰ ৫ নং দফাত শৰণীয়া কছাৰী অন্তৰ্ভুক্ত হোৱাক লৈ লৈ সুৰক্ষা মঞ্চৰ বিবৃতি লোকৰ সমিতি ভাৰতৰ পৰা যেতিয়া অসমলৈ আহিছিল তেতিয়া ১৯৫৬ চনত কছাৰী সকলক নিৰ্দিষ্ট এটা জনজাতী হিচাপে স্বীকৃতি দিছিল কিন্তু তেতিয়া অইন সম্প্ৰদায় সকলৰ লগত শৰণীয়া সম্প্ৰদায় সকলৰ নাম সন্নিৱিষ্ট নাছিল তেন্তে শৰণীয়া সকল সংবিধানিক ভাৱে কেনেকৈ জনজাতি হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।শৰণীয় সকল বড়ো, ৰাভা, কুচ, লালুং,ইত্যাদিৰ সম্প্ৰদায়ৰ পৰা সংমিশ্ৰণ হৈ শৰণাপন্ন হোৱা এটা সংমিশ্ৰণ জাতি শৰণীয়াৰ প্ৰকৃত গুৰি নাই সেয়েহে ‘ই’ কেতিয়াও জনজাতি হ’ব নোৱাৰে বুলি বিটিআৰ জনজাতি সুৰক্ষা মঞ্চই সংবাদযোগে শৰণীয়া কছাৰীক ক্ষুৰধাৰ সমালোচনা কৰে।
ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
◆ অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব।প্রতিটো শ্রেণীকোঠাত ৩০জন ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰোৱা হ’ব৷
◆স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব।পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব।
◆কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা।বাগিছাৰ কৰম পূজাৰ বাবে কাইলৈ দিনটো বন্ধ থাকিব৷এইটো এই বছৰৰ বাবে৷পৰৱৰ্তী সময়ত বাকী সিদ্ধান্ত হ’ব।
◆জলসম্পদ বিভাগৰ বাবে নাবাৰ্ডৰ পৰা ৯৮কোটি টকা মুকলিৰ সিদ্ধান্ত।
◆জিএমচি অন্তৰ্গত এলেকাত ৰিক্সা, ঠেলা আদিৰ লাইচেন্সৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।কাৰ্যালয়লৈ গৈ লাইচেন্স লোৱাৰ প্রয়োজন নাই,অনলাইনত পাব লাইচেন্স।
◆কৃষি বিভাগত পদোন্নতিৰ ক্ষেত্রত বিশেষ নিয়ম ঘোষণা।পদোন্নতিৰ ক্ষেত্ৰত কৃষি বিভাগত dy director, joint director এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদোন্নতি পোৱাৰ যোগ্য হ’ব।
◆স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ খৰ্গ দাহনৰ সিদ্ধান্ত লোৱা হৈছে।কোষাগাৰত মজুত আছে ২৬২৩ টা গঁড়ৰ খৰ্গ।
◆২৪৭৯টা গঁড়ৰ খৰ্গ দাহন কৰা হ’ব।কাজিৰঙাত সংৰক্ষণ কৰা হ’ব ৯৪টা খৰ্গ।গোচৰ চলি থকা বাবে ৫০ টা খৰ্গ ৰাখি থোৱা হ’ব।
◆প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ প্ৰিমীয়ামৰ ধন মুকলি কৰিব৷৩:৫% ৰাজ্য চৰকাৰে দিব৷৩৭৯ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।
◆স্বাস্থ্য আৰু শিক্ষাৰ বিল্ডিং নিৰ্মাণৰ কাম PWDয়ে কৰি আহিছিল৷আজি সিদ্ধান্ত লোৱা হয় যে, স্বাস্থ্য আৰু শিক্ষাৰ নিৰ্মাণৰ বাবে Chief Engineer PWD(Health & Education)ৰ পদ সৃষ্টি কৰা হৈছে৷
দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
দুধনৈত নতুনকৈ স্থাপন হ’বলগীয়া অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে দুধনৈৰ উদয়পুৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে। আজি মন্ত্ৰী গৰাকীয়ে দিনৰ প্ৰায় ১১ বজাত দুধনৈত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি আয়ুৰ্বেদিক কলেজ স্থাপনৰ বাবে সংৰক্ষিত কৰি ৰখা ১৫৬ বিঘা মাটি পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া সকলৰ সৈতেও আলোচনা কৰে। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি কয় যে শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়খন। উল্লেখযোগ্য যে দুধনৈত উপস্থিত হৈয়ে আগন্তুক শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ আজি সন্ধিয়া নতুন এছ অ পি প্ৰকাশ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷ এই এছওপি খন প্ৰকাশ পালেহে দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব পূজা পৰিচালনা সমিতি সমূহে ৷ পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাও আজি সন্ধিয়াই প্ৰকাশ কৰিব স্বাস্থ্য বিভাগে ৷ আনহাতে নৱম, দশম শ্ৰেণীৰ পাঠদান সম্পৰ্কতো মন্তব্য কৰে কেশৱ মহন্তই ৷ এই শ্ৰেণী সমূহ এতিয়া খোলাৰ কোনো সম্ভাৱনা নাই বুলি কলে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে দুধনৈত ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়ত অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰে কেশৱ মহন্তই।

ইতিমধ্যে চিকিৎসালয়খন চোৱাচিতাৰ বাবে আজিৰ পৰাই দুজন চৰকাৰী ব্যক্তিক নিযুক্তি দিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ লগতে আয়ুষ বিভাগৰ এটি প্ৰতিনিধি দলক চিকিৎসালয়খনৰ সামগ্ৰীক পৰিবেশ বুজ লোৱাৰ বাবে দুধনৈলৈ পঠিয়াব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে মন্ত্রী গৰাকীয়ে। উল্লেখ্য যে ২০১৭ বৰ্ষৰ ২৩ ডিচেম্বৰত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুধনৈৰ উদয়পুৰত আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷ ইতিমধ্যে সম্পূৰ্ণ হোৱা এই চিকিৎসালয়খন গোৱালপাৰা জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ প্ৰণিধানযোগ্য যে ১৯৪৮ চনত গুৱাহাটীত অসমৰ প্ৰথমখন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় দুধনৈত স্থাপন কৰাক লৈ উৎফুল্লিত হৈ পৰিছে দুধনৈবাসী ৰাইজ৷ আজি স্বাস্থ্যমন্ত্রী গৰাকীয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সময়ত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, আয়ুষ বিভাগৰ আয়ুক্ত সচিব, সঞ্চালকৰ লগতে গোৱালপাৰা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অভিজিত বসু, দুধনৈ চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডিম্বেশ্বৰ বসুমতাৰী, গোৱালপাৰা জিলা অতিৰিক্ত উপায়ুক্ত, দুধনৈ ৰাজহ চক্রৰ চক্ৰ বিষয়া, জিলা বিজেপিৰ নেতা শ্যামজিৎ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্রি দাস, সাধাৰণ সম্পাদক বিপুল ৰাভাৰ উপৰি কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
পানেৰীত প্ৰেছ ক্লাৱৰ শুভ উদ্বোধন
ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা আৰু কুছুবিল মাজ মজিয়াৰ এক ঐতিহ্য মণ্ডিত ঠাই পানেৰী । স্বাধীনতাৰ আজি ৭৫ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৪ৰ্থ স্তম্ভৰ পানেৰীত পানেৰী প্ৰেছ ক্লাৱ নামাকৰণেৰে গঠণ কৰি কাৰ্যালয় উদ্বোধন কৰে।প্ৰেছ ক্লাৱৰ সভাপতি হিছাবে মিৰাজুল হুছেইন আৰু সম্পাদক হিছাবে চিন্ময় শৰ্মা লৈ গঠন কৰা পানেৰী প্ৰেছ ক্লাৱটি আজি বুধবাৰে পানেৰী প্ৰেছ ক্লাবৰ কাৰ্যালয়টি শুভ উদ্বোধন কৰে বিটিচি কাৰ্যকৰী সদস্য সঞ্জীৱ তাঁতিয়ে।তাৰা নাথ কলিতা প্ৰাক্তন সভাপতি ওদালগুৰি জিলা সাহিত্য সভা সভাপতিত্ব সন্জিত তাঁতি কাৰ্য্যবাহী সদস্য বিটিচি, অৰ্পনা মেধি সদস্য বিটিচি,নীলধৰ ডেকা প্ৰাক্তন অধ্যক্ষ পানেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সন্জীব টেৰান ভাৰপ্ৰাপ্ত বিষয়া পানেৰী আৰক্ষী থানা, বাপন শৰ্মা সাংবাদিক নিয়মীয়া বাৰ্তা, ফতীক ৰাভা সাংবাদিক দৈনন্দিন বৰ্তা, অৰবিন্দ শৰ্মা আক্ৰাছু, আছা, আটছা, আছু লগতে বহু সংখ্যক দল-সংগঠনৰ বিষয়-ববীয়াৰ উপস্থিত পানেৰী প্ৰেছ ক্লাৱৰ শুভ উদ্বোধনী সভা অনুস্থিত হয়।

উদ্বোধনৰ ভাষনেৰে উদ্বোধক তান্তিয়ে ভাৰতীয় স্বাধীননতা আন্দোলনত সক্ৰিয় ভুমিকা লোবা সংবাদ সেবী সকলক স্মৃতি ৰোমান্থন কৰাৰ লগতে নিকা-স্বচ্ছ বাতৰি পৰিবেশণৰ দিহা পৰামৰ্শ আগবঢ়াই লগতে তেওঁৰ কাৰ্যকালৰ সময়তে প্ৰেছ ক্লাৱৰ স্হায়ী কাৰ্যলয়ৰ ব্যৱস্হা কৰিদিয়াৰ আশ্বাস দিয়াৰ লগতে বহু লোকে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে য়ে স্বাধীনতাৰ ৭৫বছৰৰ পিছত পানেৰীত আজিৰ দিনটোক সোণালী দিন বুলি অভিহত কৰে, সাংবাদিক সেবা গণতন্ত্ৰৰ ছতুৰ্থ স্তম্ভ যদিও আজিৰ সমাজত এক সন্দেহৰ ভাব সৃষ্টি কৰিছে বিশেষকৈ সেবা মনোভাব আৰু নৈত্যিকহীনতা সাংবাদিক বৃত্তি লোৱাৰ বাবে, সেয়ে সাংবাদিক সকলকৰ সমাজৰ জনগণৰ সতে এক নিবিড়-মধুৰ সম্পৰ্কৰে দায়বদ্ধতাৰ লগতে সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্ত্তব্য কৰিবলৈ আৰু যুৱ প্ৰজন্মক নিছা জাতীয় দ্ৰব্যৰ পৰা আতৰাই ৰক্ষাত সাংবাদিক সকলৰ দায়িত্ব গধুৰ বুলি উনুকিয়াই।

দুমৗৰ নাট্যগোষ্ঠীৰ সৌজন্যত গোগামুখত নাট কৰ্মশালা
বৰেণ্য শিল্পী-সাহিত্যিক অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত দুমৗৰ নাট্য গোষ্ঠীৰ উদ্যোগত মিচিং দৃৰবৃ কৗবাং আৰু টাকাম মিচিং পৰিণ কৗবাং গোগামুখ আঞ্চলিকৰ সযোগত আজিৰে পৰা ১৫ অক্টোবৰলৈ এমহীয়া নাট কর্মশালা আয়োজন কৰা হৈছে ৷ গোগামুখৰ আবতানি লত্তাত আয়োজন কৰা এই এমহীয়া নাট কর্মশালাা উদ্ধোধনী অনুষ্ঠানটো আজি দুপৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৰ সভাপতিত্বত অনুষ্ঠিত হয়। উদ্ধোধনী সভাত কর্মশালাৰ শিবিৰ উদ্ধোধন কৰে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে । উদ্বোধনী অনুষ্ঠানত তেওঁ প্ৰয়াত শিল্পী অই আপ্পুন গণেশ পেগুৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ সংস্কৃতিয়ে দুস্কৃতিক বিনাশ কৰি এখন সুন্দৰ, সুস্থ-সবল সমাজ গঢ়ে বুলি উল্লেখ কৰাৰ লগতে সংস্কৃতিয়ে নৱপ্ৰজন্মৰ মাজত ন ন চিন্তাৰ উন্মেষ আনে বুলি দোহাৰে ৷
অই আপ্পুন শিল্পী গণেশ পেগুৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে মিচিং সাংস্কৃতিক সাধক, শিল্পী একলব্য গামে। কৰ্মশালা উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে ৷ এই এমহীয়া নাট কর্মশালাৰ সঞ্চালক হিচাপে থাকিব ৰাষ্ট্ৰীয় পর্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথে ৷ সহযোগী হিচাপে থাকিব মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা ৷ অসমৰ ডিব্ৰুগড়,যোৰহাট, মাজুলী, শিৱসাগৰ, তেজপুৰ, লখিমপুৰ আদিৰ পৰা অহা ১৭১ প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কর্মশালাত প্ৰশিক্ষক হিচাপে পাঠদান কৰিব ক্ৰমে-পাটনাৰ সত্য প্ৰকাশ, কলিকতাৰ বৰুণ কৌৰ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা, মানস প্ৰতীম নেওগ, বেনু পাটোৱাৰী, নাট পৰিচালক কুশল ডেকা, ত্ৰিপুৰাৰ বিদ্যূৎ জিং চক্ৰৱতীয়ে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ সচিব ডিম্বেশ্বৰ দলে, প্ৰাক্তন সচিব কালিনাথ পাংগিং, সংগীত শিল্পী সবিতা কাৰ্দং, কবি, নাট্যকাৰ, প্ৰৱন্ধাৰ জয়প্ৰকাশ পেগু. নাট্যকাৰ-পৰিচালক দীবাকৰ পেগু. অভিনেত্ৰী নয়নতৰা ছায়েঙ্গীয়া, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান আৰু দুমৗৰ নাট্যগোষ্ঠীৰ কলা-কুশলী সকল ৷ অনুষ্ঠানটো আঁত ধৰে দুমৗৰ নাট্যগোষ্ঠীৰ সম্পাদক ভৱেশ মেদকে ৷
মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত মুখ্যমন্ত্ৰী
পৱিত্ৰ ভাদ মাহ উপলক্ষে সহধৰ্মিণী ৰিণিকি ভূঞা শৰ্মাৰ সৈতে আজি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ গুৰুজনাৰ দ্বাৰা স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত মুখ্যমন্ত্ৰী
খালিংদুৱাৰ সমষ্টিৰ এখন লেখত ল’ব লগিয়া বাঁহৰ দলং : যোৱা ৭৫ বছৰে দলং নিৰ্মাণৰ দাবী জনাই আহিছে চিনিপাৰা গাওঁবাসীয়ে
স্বাধীনত্তৰ দিনৰে পৰা দলং নিৰ্মাণ দাবী জনাই আহিছে চেনিপাৰা বাসীয়ে।কিন্তু কোনে সুনিব চেনিপাৰা বাসীৰ কৰুণ কথা।”হয় !!চিনিপাৰা গাওবাসীৰ এটা দীৰ্ঘদিনিয়া সমস্যা।।পৰিত্ৰান বিছাৰী অসম চৰকাৰ তথা বিটিআৰ চৰকাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো লৈ কাতৰ আহ্বান।””উল্লেখ্য যে বিটিআৰ ওদালগুৰি জিলাৰ ৩৪ নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পুৰন্দিয়া ভিচিডিচিৰ অন্তৰ্গত চিনিপাৰা গাঁওৰ পৰা কলাইগাইও ওদালগুৰি পথলৈ সংযোগ হোৱা একমাত্ৰ পথছোৱাৰ মাজ ভাগত থকা দুখনকৈ বাঁহৰ দলঙে প্ৰতিবছৰে চেনিপাৰা বাসী ৰাইজক জলা-কলা খুৱাই আহিছে।এখন চাৰিচকীয়া বাহন আনিব নোৱাৰ পথটোৰ দুৰৱস্থাৰ ফলত বাৰিষা আহিলে অঞ্চলবাসীলৈ নামি আহে কাল অমানিশা।””প্ৰায় চাৰিখন কৈ গাঁৱৰ ৰাইজ লৰা,ছোৱালী স্কুল-কলেজ অহাযোৱা কৰা পথছোৱাৰ বাঁহৰ দলংদুখন পকিকৰণৰ বাবে বিগত ১৭ বছৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধিন “মডেল বিটিচি! চৰকাৰৰ কাৰ্যবাহী সদস্য তথা খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাক্তণ পাৰিষদ বনজাৰ দৈমাৰী, আৰু ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰিহন দৈমাৰীক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছে যদিও উন্নয়নৰ ফটা ঢোল বজোৱা চৰকাৰ খনে চেনিপাৰা বাসীৰ সমস্যা কাণ সাৰ নিদিলে। যাৰ বাবে চেনিপাৰা বাসী ৰাইজে প্ৰতিবছৰে গাঁথীৰ ধন খৰচ কৰি বাঁহ বেতৰে দলং নিৰ্মাণ কৰি আহিছে।সেয়েহে সমস্যাৰ পৰিত্ৰান বিছাৰি ৰাইজে পুনৰ বিটিআৰ পৰিৱৰ্তন কামী চৰকাৰৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ দিলিপ কুমাৰ বড়োৰ দ্বাৰাই মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক চিনিপাৰা বাসীৰ দলং নিৰ্মাণ কৰি দিবলৈ কাতৰ আহ্বান জনাইছে।
খছ মহাসভা অসম কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন সম্পন্ন
বিগত ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে ওদালগুৰি জিলাৰ গোলমাগাওঁ হাইস্কুলৰ সভাকক্ষত গঠন হোৱা খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে সেইবেলি খছ গোৰ্খা জাতিৰ জনজাতিকৰনৰ কাৰণে কৰিবলগীয়া সম্পূৰ্ণ কাম কৰিলেও চৰকাৰৰ হেমাহিত আজিলৈকে উক্ত কামৰ অগ্ৰগতি নোহোৱাত খছ মহাজাতিৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া আজিলৈও চৰকাৰৰ টেবুলতেই পৰি থকা দেখাপোৱা গৈছে। ২০১৮ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় সমিতি গঠনৰ দিনাই ওদালগুৰি জিলা সমিতিৰ উদ্যোগত গোলমাগাওঁ হাইস্কুল খেলপথাৰত অনুষ্ঠিত খছ সকলৰ পৰম্পৰাগত গীত-নৃত্য, খোৱা-বোৱা, পূজা-পাতল, বিৱাহ, মৃত্যু সংস্কাৰ আদিৰ সম্পূৰ্ণ বিৱৰনৰ প্ৰদৰ্শনী মুলক ব্যৱস্থা কৰাৰ লগতে উক্ত প্ৰদৰ্শনী সেই সময়ৰ ওদালগুৰি জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে উদ্ঘাটন কৰাৰ লগতে দিনযোৰা সময় তেওঁ খছ গোৰ্খা সকলৰ পৰম্পৰাগত গীত-নৃত্য উপভোগ কৰাৰ লগতে জনজাতিকৰণৰ বিষয় বস্তু প্ৰয়োজনীয়তাৰ দিশ চালিজাৰি খছ গোৰ্খা সকল জনজাতিকৰণৰ উপযুক্ত জাতি বুলি বিবেশিত কৰে। লগতে অসম চৰকাৰৰ জনজাতি পৰ্য্যবেক্ষকৰূপে অসীম বৰাই প্ৰদৰ্শনীৰ লগতে খছ গোৰ্খা সকলৰ বিভিন্ন গাওঁলৈ গৈ খছ গোৰ্খাসকল প্ৰকৃততে জনজাতি হোৱাৰ উপযুক্ত হয় ন নহয় সেই দিশতো পৰ্য্যবেক্ষণ কৰিছিল আৰু উক্ত পৰ্য্যবেক্ষণৰ প্ৰতিলিপি অসম চৰকাৰৰ জনজাতিকৰণ বিভাগলৈ প্ৰেৰণো কৰিছিল। কিন্তু অতিথি পৰিতাপৰ বিষয় এয়ে যে আজিলৈকে অসম চৰকাৰে গোৰ্খা খছ সকলৰ উক্ত প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰাত খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিয়ে আচ্শৰ্য্য প্ৰকাশ কৰাৰ লগতে অতিশীঘ্ৰে অসম চৰকাৰ পৰা গ্ৰহণীয় পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰক খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ তথ্যপাতি সমুহ প্ৰেৰণ কৰিবলৈ খছ মহাসভা অসমৰ কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰী আৰু মুখ্য সাধাৰণ সম্পাদক দিপক নিৰোলাই আহ্বান জনাইছে। খছ মহাসভা অসমৰ কেন্দ্ৰীয় সমিতিৰ অভিৱৰ্তন যোৱা ১২ চেপ্তেম্বৰত গুৱাহাটীৰ পল্টনবজাৰ কে বি বেনাৰ্জী পথত থকা অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ মুখ্য কাৰ্য্যালয় মণিকুমাৰ চুব্বা ভৱনত কেন্দ্ৰীয় সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীৰ সভাপতিত্বত সম্পন্ন হয়। সমিতিৰ সাধাৰণ সম্পাদক দিপক নিৰোলাই আত ধৰা সভা উদ্ধোধন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াইয়ে। সভাত ভাৰতীয় গোৰ্খা পৰিসংঘ অসম ক্ষেত্ৰীয় সমিতিৰ মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী লক্ষ্মী চুবেদী, অসম গোৰ্খা সন্মিলন বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল,উপদষ্টা ৰমেশ দাহাল আদি উপস্থিত থাকি খছ গোৰ্খা সকলৰ জনজাতিকৰণৰ বিষয় সভাত বক্তব্য ৰাখে। খছ মহাসভা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিপক নিৰোলাই প্ৰতিবেদন পাঠ কৰাৰ পিছত সভাপতি ড০ হৰ্ক বাহাদুৰ ছেত্ৰীয়ে পুৰনি সমিতি ভঙ্গ কৰি খছ মহাসভা অসমৰ নতুন সমিতি গঠন কৰিবলৈ সদনক আহ্বান জনায়। খছ মহাসভা অসমৰ নতুনকৈ গঠিত হোৱা কেন্দ্ৰীয় সমিতিত চিৰাং জিলাৰ কেশৱ বস্নেতক সভাপতি আৰু তিনিচুকীয়া জিলাৰ জগৎ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে লৈ ৫৫ জনীয়া খছ মহাসভা অসম পুনৰ গঠন কৰা হয় বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতি যোগে প্ৰকাশ কৰিছে ৷
গোলাঘাট জিলাৰ ২৭ খন বিদ্যালয়ত প্ৰথমবাৰলৈ চাকৰিপ্ৰত্যাশী যুৱক-যুৱতীসকলৰ বাবে আৰম্ভ হ’ল বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী
গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয় আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ যৌথ উদ্যোগত জিলাখনৰ চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আজিৰে পৰা এলানি বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে । এই প্ৰশিক্ষনৰ দ্বাৰা বিভিন্ন অঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক বিনামূলীয়া শাৰীৰিক প্ৰশিক্ষণ দিয়া হ’ব । আজি জিলাখনৰ মুঠ ২৭ খন বিদ্যালয়ৰ খেলপথাৰত এই শাৰীৰিক প্ৰশিক্ষণ আৰম্ভ হৈছে । এই উপলক্ষে গোলাঘাটৰ তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুল আৰু গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত শাৰীৰিক প্ৰশিক্ষণৰ উদ্বোধনী অনুষ্ঠানত জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, জিলা ক্ৰীড়া বিষয়া শ্ৰীযুতা ছেমি শইকীয়া আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া শ্ৰীযুতা পম্পী দেৱীয়ে অংশগ্ৰহণ কৰে । দুয়োখন বিদ্যালয়তে শাৰীৰিক নিৰ্দেশক বিপিন গগৈ আৰু প্ৰিন্স বৰাই যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে এই প্ৰচেষ্টাক সফল কৰাৰ ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে । তেওঁ কয় যে চৰকাৰে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে তাত যাতে কেৱল গোলাঘাট জিলাৰে বৃহৎ সংখ্যক নিবনুৱা উপকৃত হয় সেয়া সুনিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয় যে এই প্ৰশিক্ষণকালত প্ৰশিক্ষাৰ্থীসকলক অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ভাৰতীয় সেনাবাহিনী, অগ্নি নিৰ্বাপন সেৱা আদিৰ দৰে বিভিন্ন বিভাগৰ চাকৰিত নিয়োজিত হ’ব পৰাকৈ প্ৰয়োজনীয় শাৰিৰীক সক্ষমতাৰ প্ৰশিক্ষণ দিয়া হ’ব । উল্লেখযোগ্য যে শাৰীৰিক প্ৰশিক্ষন সমাপ্ত হোৱাৰ পিছত ভিডিঅ’যোগে সাধাৰন জ্ঞান আৰু সাম্প্ৰতিক ঘটনাপ্ৰবাহ সম্পৰ্কে জ্ঞান দিয়া হব । একে সময়তে অভিজ্ঞ শিক্ষকৰদ্বাৰা বিভিন্ন বিষয়ত জিলাভিত্তিক লাইভ ক্লাছৰ ব্যৱস্থা কৰা হ’ব । অনলাইন লাইভ ক্লাছসমূহ অহা ১৬ চেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব । ইচ্ছুকসকলে ৮৮২২০-৯৯২৫৭ নম্বৰত “Project Achiever” বুলি লিখি এছ এম এছ কৰিলে পৰৱৰ্তী সময়ত লাভ কৰা নিৰ্দেশনা পালন কৰি বিনামূলীয়া অনলাইন লাইভ ক্লাছত নাম পঞ্জীয়ন কৰিব পাৰিব । আনহাতে শাৰীৰিক প্ৰশিক্ষণত যোগ দিবলৈ ইচ্ছুক চাকৰিপ্ৰত্যাশী নিবনুৱা যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীসকলে সংশ্লিষ্ট বিদ্যালয় প্ৰধানসকলৰ সৈতে নাইবা শাৰিৰীক নিৰ্দেশকসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব । আজি তুলেশ্বৰী বৰুৱা মইনাপাৰ এইচ এছ স্কুলৰ অনুষ্ঠানটোত বিদ্যালয়খনৰ অধ্যক্ষ শ্ৰীযুত মৃদুপৱন শৰ্মা বৰবৰা আৰু বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত ৰাজেন্দ্ৰনাথ বৰাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত আছিল ।
গুৱাহাটীক চুলাইমুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ ধাৰাবাহিক অভিযান
গুৱাহাটী মহানগৰীক চুলাই মদ মুক্ত কৰাৰ লক্ষ্যৰে আৱকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত চুলাই মদৰ উপৰিও দেশী – বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে । আনহাতে কামৰূপ মহানগৰ জিলাৰ আৱকাৰী অধীক্ষক মানৱী দাস আৰু উপ আৱকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নিৰ্দেশত গুৱাহাটী সদৰৰ আটাইকেইটা আৱকাৰী চক্ৰই যৌথভাৱে এক অভিযান চলায় । আৱকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি উলুবাৰী কছাৰীবস্তি , ফটাশিল আমবাৰী হৰিজন কলনী , ভূতনাথ , আঠগাঁও , উজান বজাৰ, নাৰিকলবস্তি আৰু জাপৰিগোগ আদিত চলোৱা অভিযানত প্ৰায় ৭০ লিটাৰৰো অধিক চুলাই মদ , ১৩০ টা বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰাৰ কোৱাৰ্টাৰ বটল আৰু ৪ কার্টুন বিয়েৰ জব্দ কৰা হয় । লগতে মহিলাসহ মুঠ তিনিজন বিক্ৰেতাক হাতে লোটে আটক কৰা হয় । আনহাতে অভিযানত ৬ জন সুৰাপায়ীক ৰাজহুৱা স্থানত সুৰাপান কৰাৰ অপৰাধত তেওঁলোকৰ পৰা জৰিমনা হিচাপে ১৩ হাজাৰ টকা সংগ্ৰহ কৰা হয় ।











