Home Blog Page 2842

কলবাৰী মিলনজ্যোতি সংঘৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বগপুৰি ভিচিডিচিৰ অন্তৰ্গত দাৰোগাখাট কলবাৰী গাঁওৰ মিলনজ্যোতি সংঘৰ উদ্যোগত ২০২০-২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।উল্লেখ্য যে ১৯৮৫ চনত স্থাপিত কৰা সংঘটিৰ উদ্যোগত বিগত আঠ বছৰে   দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত আৰু অধিক  উৎসাহ আৰু উদ্দীপনা যগোৱাৰ উদ্দশ্যৰে যোৱা ২০১২ চনৰ পৰাই সম্বৰ্ধনা ও গৃষ্মবন্ধত বিনামূলীয়া পাঠদান কৰি আহিছে যাৰ পৰিপেক্ষিতত এইবাৰো মিলজ্যোতি সংঘই মাহামাৰী কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি পটাকা উত্তোলন, গছপুলি ৰোপন, স্মৃতি তৰ্পন, শিশু সকলৰ খেল প্ৰতিযোগীতাৰ লগতে, কলবাৰী গাঁ‌ৱৰ প্ৰায় আঠ গৰাকীকৈ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ চুড়ান্ত পৰিক্ষাত উক্তিৰ্ণ হোৱা কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লক্ষ্যৰে মিলনজ্যোতি সংঘৰ উদ্যোগত নৱম বাৰ্ষিক সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্টুপীয়া অনুষ্ঠিত কৰা দেখা যায়।


কলবাৰী গাওঁ পৰিচালনা সমিতিৰ সভাপতি গোপালচন্দ্ৰ ৰাভাই সঞ্চালনা কৰা মুকলি সভাখনত উপস্থিত থাকে ক্ৰমে, মিলনজ্যোতি সংঘৰ উপদেষ্টা ঘনকান্ত ৰাভা। ভেৰগাঁও মহাবিদ্যালয়ৰ শিক্ষা বিষয়ৰ প্ৰৱক্তা চন্দনা ৰাভা। ওদালগুৰি জিলা পটঞ্জুলি য়োগ পীঠৰ সম্পাদক মাঘোৱা ৰাভা, প্ৰাক্তণ বগপুৰি ভিচিডিচিৰ চিয়াৰমেন নমাই ৰাহাং ৰাভা, কলবাৰী মিলনজ্যোতি সংঘৰ বিষয়ববীয়াসহ ।টংলা মৌ গাওঁ মিলন হাইস্কুলৰ প্ৰধান শিক্ষক গনেশ শৰনীয়াই উপস্থিত থাকি কয় যে শিক্ষাই হৈছে মানুহৰ জীৱন, শিক্ষাই অন্ধকাৰ জীৱনৰ অজ্ঞানতা দূৰ কৰি  পোহৰ দিয়ে,শিক্ষাই হৈছে যিৱন জোৰা পক্ৰীয়া সেয়েহে, এজন সুনাগৰীকৰ ভৱিষ্যৎ শিক্ষাইহে সুনিশ্চিত কৰে গতিকে এজন লৰা বা ছোৱালী শিক্ষিত কৰিবলৈ হলে ছাত্ৰ জনৰ লগতে পিতৃ মাতৃৰো গুৰু দায়িত্ব থাকিব লাগে বুলি মন্তব্য দাঙি ধৰে।

বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

বঙাইগাঁও জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সোমবাৰে অনুষ্ঠিত হয় ৷ বঙাইগাঁওস্থিত জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী বিধান সভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ উপস্থিত থাকে ৷ জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনৰ বিভিন্ন মণ্ডল,  ব্লক আদি কমিটিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷ সভাত মূলত দলটোৰ সাংগঠিক দিশৰ ওপৰত আলোচনা হয় ৷ ইপিনে সভাত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে সংবাদ মাধ্যমৰ আগত কয় যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আমি গোটেই অসমতে কংগ্ৰেছ দলৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে ইতিমধ্যে বৰাক উপত্যকাৰ  পৰা আৰম্ভ কৰি উজনি – নামনি সকলোতে দলৰ সভা- সমিতি অনুষ্ঠিত হৈ আছে ৷ মই কাৰ্যকৰী সভাপতি হিচাপে বঙাইগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ আহিছো ৷ এই সভাৰ জৰিয়তে বঙাইগাঁও জিলাৰ প্ৰতিটো বুথ, মণ্ডল আৰু ব্লকত দলটোৰ সাংগঠনিক দিশ কিমান টনকিয়াল আৰু আগন্তুক দিনত অঘিক শক্তিশালী কৰাৰ কাৰণে কি কৰিব লাগিব  আদি কথাবোৰ আলোচনা কৰা হয় ৷ লগতে যোৱা বিধান সভা নিৰ্বাচনত দলে জিলাখনৰ দুটা বিধান সভা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে এটা সমষ্টিত পৰাজিত হৈছিল ৷ এই পৰাজয়ৰ কাৰণসমূহো সভাত বিশ্লেষণ কৰা হয় ৷ এই সভাত দলৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰি পৰৱৰ্তী সময়ত সেইবোৰ শক্তিশালী কৰি ৰাইজৰ ওচৰত ঠিয় হৈ কিদৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰো সেয়া আলোচনা হৈছে ৷ বঙাইগাঁও জিলাত দলৰ কৰ্মীসকলে ভাল কাম কৰি থকা বুলিও কয় ৷ 
ইপিনে কংগ্ৰেছৰ বিধায়ক, নেতা- কৰ্মীৰ বিজেপি গমণ সন্দৰ্ভত  সাংবাদিকৰ প্ৰশ্নোত্তৰত কয় যে কংগ্ৰেছৰ পৰা ইতিমধ্যে বহু ব্যক্তি বিজেপিলৈ গৈছে আৰু তাক আমি অস্বীকাৰ নকৰো ৷ কিন্তু কংগ্ৰেছলৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহু ব্যক্তি আহিছিল , যিবিলাক হয়তো পোহৰলৈ অহা নাই ৷ আমি ২০১৬ চনত চৰকাৰ গঠন কৰিব পৰা নাই , ২০২১ চনত চৰকাৰ গঠন কৰিব পৰা নাই , দিল্লীত দলৰ চৰকাৰ নাই ৷ তেনেকুৱা সময়ত যিসকল কংগ্ৰেছী আমাৰ মাজত থাকি তেওঁলোকে পৰিচয় লাভ কৰিছে ,যিসকলে কংগ্ৰেছ দলৰ মজিয়াত থাকি তেওঁলোকে নিজকে গোটেই ৰাজ্যখনত বা সমষ্টিত এক সুকীয়া পৰিচয় পাইছিল তেনেকুৱা কিছু ব্যক্তি আমাৰ দলৰ পৰা গুচি গৈছে ৷ সেইসকল ব্যক্তিৰ কথা বহলকৈ ক’ব আৰু নিবিচাৰো ৷
 দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে লগতে কয় যে যিসকলে ক্ষমতা নহলে ৰাতি শুব নোৱাৰে , যিসকলে ক্ষমতা নহলে ভালকৈ থাকিব নোৱাৰে ,যিসকলে ক্ষমতা নহলে ভাত এসাজ খালেও তেওঁলোকৰ পেটটো নভৰে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি গৈছে ৷ গতিকে তেনেকুৱা ব্যক্তি আমাৰ মাজৰ পৰা গুচি যোৱাত আমি আক্ষেপ নকৰো ৷ কাৰণ সেইসকল  ব্যক্তিক কংগ্ৰেছ দলে বহু কিবা- কিবি দিছিল ৷ কিন্তু যিসকল ব্যক্তিক কংগ্ৰেছ দলে একো দিয়া নাই , কিন্তু কংগ্ৰেছ দলক গোটেই জীৱনটো দি সেৱা আগবঢ়াই আছে আৰু দলক বিজয়ী কৰিবলৈ উঠি পৰি লাগি আহিছে ,তেনে ব্যক্তি এজনো যোৱা নাই ৷ গতিকে ক্ষমতা লোভী ,স্বাৰ্থলোভী আৰু যিসকলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে ৷ কোনো নৈতিকতা নাই ৷ তেনেকুৱা ব্যক্তি যেতিয়া আমাৰ দলৰ পৰা যায় তেতিয়া আমি আক্ষেপ নকৰো, বৰং সুখী অনুভৱ কৰো ৷ কাৰণ দলৰ বেয়া সময়ত অন্তত আচল ব্যক্তিক চিনাক্ত কৰিব পাৰিছো যে তেওঁলোকে কেৱল ক্ষমতাৰ কাৰণে কংগ্ৰেছ দলৰ লগত আছিল ৷ সেই ব্যক্তিসকলক কিছুদিন পিছত চাব যে ২০২৪ চনত যেতিয়া কেন্দ্ৰত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিব তাৰ পিছত আকৌ আমাৰ দললৈ অহা আৰম্ভ কৰিব ৷ কিন্তু আমি কংগ্ৰেছ দলে সিদ্ধান্ত লৈছো যে সেই ক্ষমতালোভী কেইটাই আৰু আমাৰ দলত স্থান নাপায় আৰু কেতিয়াও দলত স্থান দিয়া নহ’ব ৷সেয়ে আহি থকা দিনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কেৱল ক্ষমতাৰ কাৰণে ৰাজনীতি নকৰে , চৰকাৰ গঠন কৰাৰ কাৰণে কেৱল ৰাজনীতি নকৰে ৷ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সুখৰ সময়ত ,দুখৰ সময়ত ভাৰত তথা অসমৰ জনতাৰ কাষত সদায় ঠিয় হৈ দেশৰ  কাৰণে, অসমৰ কাৰণে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে মাত মাতি যাব , অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি যাব আৰু ইয়াত বসবাস কৰা প্ৰতিটো ধৰ্মালম্বী ,ভাষা- ভাষী , প্ৰতিটো জাতি – জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ আৰু একটা গঢ়ি তোলাৰ কাৰণে দলে সদায় কাম কৰি যাব ৷ এইদৰে কাম কৰি যাওতে আমি আশাবাদী যে এটা সময়ত অসমৰ জনতাই আকৌ কংগ্ৰেছ দলক আশীৰ্বাদ দিব আৰু দলটোক অসমক সেৱা কৰিবলৈ সুযোগ দিব ৷ 
আনহাতে বিজেপি দল তথা চৰকাৰ সন্দৰ্ভত কয় যে বিজেপি চৰকাৰ আৰু বিজেপি দলৰ বৰ্তমান এটাই কাম হৈছে যে অসমত আৰু ভাৰতত ক’ত ক’ত সম্পদ আছে তাক বিক্ৰী কৰি দেশখন চলাব লাগে আৰু পুঁজিপতিক সন্তুষ্ট কৰিব লাগে ৷ সত্তৰ বছৰে কংগ্ৰেছে কি কৰিছে বুলি প্ৰশ্ন কৰা বিজেপি দল তথা চৰকাৰখনে এটা এটা কৰি কংগ্ৰেছে কৰা সম্পদ বিক্ৰী কৰি তেওঁলোকে খাই আছে আৰু পুঁজিপতিক সন্তুষ্ট কৰি আছে ৷ সেই কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ নেতাসকলে ভাবে যে কংগ্ৰেছে আৰু সম্পদ গঢ়ি থৈ যাব লাগিছিল , কৰি থব লাগিছিল যাতে তেওঁলোকে আৰু বেছিকৈ বিক্ৰী কৰিব পাৰিলহেতেন ৷ এই যে বিজেপি চৰকাৰখনে দেশৰ সম্পদ বিক্ৰী কৰি আছে তাক আমি তীব্ৰ বিৰোধিতা কৰিছো আৰু আহি থকা দিনত দেশ তথা অসমৰ জনসাধাৰণক আহ্বান জনাইছো যে সম্পদ বিক্ৰী কৰা এই বিজেপি দলক অতি সোনকালে বিদায় দিব লাগে ৷ আনহাতে বিজেপি দল তথা চৰকাৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰা নাই বুলি কৈ উপ নিৰ্বাচনৰ পৰাই বিজেপি দলক খেদা আন্দোলন আৰম্ভ কৰিবলৈকো সেই সমষ্টিসমূহৰ ৰাইজক আহ্বান জনায় ৷ তেওঁ কয় যে আমি উপ নিৰ্বাচন বিচৰা নাছিলো ৷ কিন্তু কেইজনমান সন্মানীয় বিধায়ক আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে বিদায় লৈছে ৷ অৱশ্যে কেইটামান সমষ্টিত বিজেপিয়ে উপ নিৰ্বাচন পাতিবলৈ নিজে বাধ্য কৰিছে ৷ কংগ্ৰেছ বা মহাজোটবন্ধনৰ পৰা নিৰ্বাচিত বিধায়কসকলক বিভিন্ন ভয় – ভাবুকিৰে আৰু বিভিন্ন লোভ দেখুৱাই তেওঁলোকক বিধায়ক পদ ত্যাগ কৰাই বিজেপি দলত যোগদান কৰাইছে ৷ কংগ্ৰেছে উপ নিৰ্বাচনত বিজয়ৰ লক্ষ্যৰে নামিব বুলিও কয় ৷ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাকেন খন্দকাৰ, প্ৰাক্তন বিধায়ক আব্দুল হাই নাগৰি,  প্ৰদেশ কংগ্ৰেছৰ সম্পাদক  জ্যোতিৰ্ময় বৈশ্য, জিলা মহিলা কংগ্ৰেছ,  সুৱ কংগ্ৰেছ,  এন এছ ইউ আই, সেৱা দলৰ আদিৰ সভাপতি তথা বিষয়ববীয়াসকল উপস্থিত থাকে ৷ 

কাৰ্বি পাহাৰলৈ নামিছে শান্তি

কাৰ্বি শান্তি চুক্তিৰ ভিত্তিত মূলসুতিলৈ প্ৰত্যাবৰ্তন আৰম্ভ কৰিছে কাৰ্বি বিদ্ৰোহি সংগঠন সমূহে। শেহতিয়াকৈ আনুষ্ঠানিকভাবে ইউ পি এল এ অৰ্থাৎ ইউনাইটেড পিপুলচ লিবাৰেচন আৰ্মি ভঙ্গ কৰা বুলি ঘোষনা কৰিছে সংগঠনটোৱে। এই কথা আনুষ্ঠানিক ভাবে ঘোষনা কৰিছে সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ নিকঞ্জ কাথাৰে।ইউ পি এল এৰ আনুষ্ঠানিক ভঙ্গ ঘোষনা কৰি কাথাৰে কয় যে তেওলোকে পৃথক ৰাজ্য দাবী কৰি কৰা দীঘলীয়া সহস্ত্ৰ সংগ্ৰামত বহু সতীৰ্থ হেৰুৱালে। বহুতে কাৰাবাস খাতিলে। এতিয়া যিহেতু কাৰ্বি শান্তি চুক্তি স্বাক্ষৰিত হ’ল তাৰবাবে তেওলোকে বিদ্ৰোহ ত্যাগ কৰি
মূলসুতিলৈ ঘূৰি আহিছে। সংগঠনটোৰ ডেজিগনেটেড কেম্পত এই মন্তব্য কৰি সংগঠনটোৰ মুখ্য সেনাধ্যক্ষজনে কয় যে সংগঠনটো ভঙ্গ হোৱাত এতিয়া মুঠ ৩৭৮ গৰাকী কেডাৰ নিজ নিজ ঘৰলৈ ঘূৰি যোৱা আৰম্ভ কৰিছে।আনহাতে শান্তি চুক্তি সফল ভাবে স্বাক্ষৰিত হোৱাৰ বাবে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অৱদান উল্লেখনীয়।লগতে সংগঠনটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰে।ইপিনে কাৰ্বিআঙলঙৰ ২৪টাকৈ দল সংগঠনে কাৰ্বি শান্তি চুক্তিক বিৰোধীতা কৰি জনগোষ্ঠিটোক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাইছেবুলিও অভিযোগ উত্থাপন কৰিছে ইউ পি এল এয়ে। সংগঠনটোৰ নেতৃত্বই স্পষ্ট কৰিছে যে এতিয়া কাৰ্বিআঙলঙবাসীয়ে শান্তি বিচাৰে। কাৰ্বি শান্তি চুক্তিয়ে সেই প্ৰত্যক্ষিত শান্তি কঢ়িয়াই আনিব।

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ আলোচনা চক্ৰ

ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত দেওবাৰে ৰঙিয়া জিলা ভলীবল খেলপৰিচালক সকলৰ এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়।ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল সম্পাদক ৰণজিৎ ডেকাৰ আহ্বানত বিশিষ্ট খেল সংগঠক তথা জ্যেষ্ঠ ৰেফাৰী গফুৰ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল খেলৰ উন্নয়নৰ ক্ষেত্ৰত অভাৱ অভিযোগ, সুবিধা অসুবিধাৰ বিষয়ে আলোচনা কৰা হয়। এই আলোচনা চক্ৰতে ৰঙিয়াৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ভলীবল ৰেফাৰী হিচাপে নিজকে স্বৃকীত দি গৌৰৱবোধ কৰি ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতিয়ে খেল-খেলুৱৈ আৰু ৰেফাৰী সকলৰ কৰণীয় লগতে জানিবলগীয়া খেলৰ নীতি নিয়মৰ ওপৰত তত্বগধুৰ বক্তব্য দাঙি ধৰে।লগতে জিলা ভলীবল ৰেফাৰী সন্থাৰ সমন্বয়ক হিচাপে দ্বায়িত্ব পায় পৰৱৰ্তী সময়ত ৰঙিয়াৰ  ভলীবলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াত পাৰ্যমানে যথেষ্ট চেষ্টা কৰাৰ আশ্বাস দিয়ে ।আনহাতে আজিৰ আলোচনা চক্ৰতে সৰহ সংখ্যক ভলীবল খেল পৰিচালকে ক্ৰীড়াৰ ক্ষেত্ৰত গঠনমূলক মতামত দাঙি ধৰে। আজিৰ আলোচনা চক্ৰত অংশ গ্ৰহণ কৰে জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্য, সহকাৰী সাধাৰণ সম্পাদক তাৰিফুল ইছলাম, ক্ৰিকেট সম্পাদক  নয়নজ্যোতি দাস, ৰাষ্ট্ৰীয় ভলীবল়় ৰেফাৰী জল্টিৰাম কাকতি, জ্যেষ্ঠ ৰেফাৰী সীতাৰাম ডেকা, পহৰেদ আলী আহমেদ, কিশোৰ দাস, জমিৰুদ্দিন আহমেদ, ময়িদুল ইছলাম, আনোৱাৰ হুছেইন মজুমদাৰ, খাইৰুল হুছেইন, হিতেশ বৰ্মন, হেদেয়াত খান, লোহিত চন্দ্ৰ কাকতি, আবুল আলী, দুৰ্গেশ্বৰ চৌধুৰী আৰু মতিউৰ ৰহমানে।আজিৰ সভাতে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ ভলীবল ৰেফাৰীৰ সমন্বয়ক হিচাপে ৰাষ্ট্ৰীয় ভলীবল ৰেফাৰী জল্টিৰাম কাকতি, আনোৱাৰ হুছেইন আৰু সীতাৰাম ডেকাক দ্বায়িত্ব দিয়া হয় ।

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড

 অতিমাৰী ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণে দেশ তথা ৰাজ্য এক প্ৰকাৰ স্তব্ধ কৰি পেলোৱাৰ লগতে বন্ধ হৈ পৰিছে শিক্ষানুষ্ঠান।একাংশ ধনবন্ত বা মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীয়ে অন লাইন মাধ্যমেৰে শিক্ষা গ্ৰহন কৰি আছে যদিও দৰিদ্ৰ পৰিয়ালৰ বহু মেধাবী শিক্ষাৰ্থীয়ে এনে এক জটিল পৰিস্হিতিত হতাশাত সময় অতিবাহিত কৰিব লগা হৈছে।কিন্তু এনে হতাশজনক মূহুৰ্তত অসমৰ এগৰাকী দৰিদ্ৰ,পিতৃহীনা ছাত্ৰীয়ে অসমলৈ এক সুনাম কঢ়িয়াই আনিছে।ছাত্ৰীগৰকীৰ এনে সফলতাত উৎফুল্লিত হৈ পৰিছে লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ,নাজিৰা মহকুমা তথা সমগ্ৰ শিৱসাগৰ জিলাৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়,নতুন দিল্লীয়ে আয়োজন কৰা সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ড(Inspire Award)অৰ্থাৎ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযগিতাত অংশ গ্ৰহন কৰে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ টিপমীয়া ধনেখনা গাঁৱৰ প্ৰয়াত নেকীব আহমেদৰ কনিষ্ঠ কন্যা তথা লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ২০২০বৰ্ষত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাবী ছাত্ৰী য়াচমিন আহমেদে।এই প্ৰতিযোগিতাত সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত অসমৰ প্ৰতিযোগীসমূহৰ হৈ একমাত্ৰ য়াচমিন আহমেদে ” Improvise Climbing Wheel Chair” আবিস্কাৰ কৰি যুৱ বিজ্ঞানীৰূপে প্ৰথম হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷উল্লেখ্য যে য়াচমিন আহমেদে প্ৰতিবন্ধী তথা বিশেষভাবে সক্ষম ব্যক্তিয়ে পকীঘৰৰ খটখটিয়েদি বগাই যাব পৰা হুইল শ্বেয়াৰ উদ্ভাৱন কৰি ভাৰতৰ শীৰ্ষ ৬০গৰাকী যুৱ বিজ্ঞানীৰ ভিতৰত বিশেষ স্হান দখল কৰাৰ লগতে অসমৰ যুৱ বিজ্ঞানীসকলৰ ভিতৰত প্ৰথম স্হান দখল কৰি শিৱসাগৰ জিলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷য়াচমিন আহমেদৰ এই উদ্ভাবনে আন এক সুখবৰ কঢ়িয়াই আনিছে৷ য়াচমিন আহমেদে আবিস্কাৰ কৰা এই হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে “পেটেন্ট”(Patent)ঘোষণা কৰিছে।আনহাতে অহা অক্টোবৰ মাহত শ্বিলঙত অনুষ্ঠিত হব লগা এক বিশেষ যুৱ বিজ্ঞানী সমাৰোহত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যুৱ বিজ্ঞানী য়াচমিন আহমেদক বঁটা প্ৰদান কৰিব।ইফালে য়াচমিন আহমেদে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰ্ণালয়ৰ পৰা এই বঁটা লাভ কৰাৰ বাবে জাপানৰ চাঁকুৰা এক্সেঞ্জ প্ৰগেম,ব্ৰীক্স আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞানী কনক্লেভ সমাৰোহ,এছিয়ান ইনভেনচন চামিত,আই চি টি আই ভি(I C T I V)আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ অন ক্ৰিয়েটিভিটি গ্ৰাছৰূত ইন’ভেচন কনক্লেভ,প্ৰধান মন্ত্ৰীৰ উদ্ভাৱনী সন্মিলন আদিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান বিষয়ক সমাৰোহত অংশ গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।আনহাতে য়াচমিনে আবিস্কাৰ কৰা হুইল শ্বেয়াৰখন ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয়ে পেটেন্ট ঘোষণা কৰাত উৎফুলিত হৈ পৰিছে শিক্ষক আৰু শিক্ষাৰ্থী সমাজ।ইফালে এটি দৰিদ্ৰ পৰিয়ালৰ পৰা গৈ এনে এটি বৈজ্ঞানিক আবিস্কাৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত পুৰস্কূত হোৱাৰ বাবে অবিভক্ত শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে পিতৃহীনা যুৱ বিজ্ঞানী য়াচমিন আহমেদক নিজা কাৰ্যালয় কক্ষত সম্বৰ্ধনা জনোৱা ৰ লগতে তত্বাৱধায়ক শিক্ষকদ্বয় সমীৰণ বৰঠাকুৰ,প্ৰাঞ্জল মহন্ত,জিলা আঁচনি বিষয়া ৰিছা শইকীয়া আৰু লাকুৱা বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৰ প্ৰধান শিক্ষক থানুৰাম ৰাজকোঁৱৰক অভিনন্দন জ্ঞাপন কৰে।স্মৰ্তব্য যে য়াচমিন আহমেদে ২০১৪ বৰ্ষত প্ৰাথমিক বৃত্তি আৰু ২০১৭বৰ্ষত অষ্টম শ্ৰেণীত মূখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি লাভ কৰিছিল। 

বৰনৰ্দ্দীত অবণী কুমাৰ শৰ্মাৰ আবক্ষ মূৰ্তী স্হাপন আৰু স্মৃতিগ্ৰন্হ উন্মোচন

পশ্চিম নলবাৰী অঞ্চলৰ বৃহত্তৰ বৰনৰ্দ্দী গাওঁৰ ফুলবাৰীৰ বিশিষ্ট সমাজকৰ্মী ,ধৰ্মপ্ৰান তথা অসম বিদ্যৎ পৰিষদৰ অবসৰী মুখ্য সহায়ক  প্ৰয়াত অবনী কুমাৰ শৰ্মাৰ  কালি (দেওবাৰে) নিজ বাসভবনত আবক্ষমুৰ্তী আৰু ষ্মৃতিগ্ৰন্হ উন্মোচন কৰা হয়।  দিনৰ এক বজাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই।  সভাৰ আৰম্ভনিত প্ৰয়াত অবণী কুমাৰ শৰ্মা আৰু  সহধৰ্মিনী ৰীণা দেবীৰ আবক্ষ মূৰ্তীত বন্তি প্ৰজ্বলন কৰে ভগবান শৰ্মাই। শিশু শিল্পী নিলাক্ষি দেবীয়ে বৰগীত পৰিবেশন কৰি সভাৰ পৰিবেশ  অধিক  নান্দনিক কৰি তোলে। ইয়াৰ পিছতে আৱক্ষ মুৰ্তি উন্মোচন কৰে কৃতিশিক্ষক ভগবান চন্দ্ৰ ডেকাই। ষ্মৃতিগ্ৰন্হ উন্মোচন কৰে   ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত  অবসৰ প্ৰাপ্ত কৃতি  শিক্ষক সমাজকৰ্মী দেবেন্দ্ৰ নাথ শৰ্মাই। গাম্ভীৰ্যপূৰ্ণ সভাখনত আত ধৰে মুকুল শৰ্মাই। সভাখনৰ আৰম্ভনীতে উদ্দেশ্য বাখ্যা  কৰে কিশোৰ  চক্ৰৱৰ্তীয়ে।

‘সোনোৱালী কাব্যৰ কাকলি’ৰ ষষ্ঠ খণ্ড সম্পন্ন

কবিতা ৰচনাৰ বাবে কেৱল নিজস্ব অনুভৱৰ বৰ্ণময় প্ৰকাশেই যথেষ্ঠ নহয়, ভাব-ভাষাৰ বৈচিত্ৰ, চিন্তাৰ
গভীৰতা, আংগিকৰ বিভিন্নতা, প্ৰকাশভংগীৰ বিস্তাৰণ আদিৰ বাবে পূৰ্বৱৰ্তী আৰু সমকালীন কবিসকলৰ কবিতাৰ পঠন আৰু অধ্যয়নো
সমানেই প্ৰয়োজনীয়।” তেনে এক কাব্য-পঠনৰ সমূহীয়া মঞ্চৰ আৰম্ভণি কৰি কাব্য ৰচনাৰ এই বিদ্যায়তনিক দিশটোৰ প্ৰতি জনগোষ্ঠীয় কবিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে সোনোৱাল কছাৰী সাহিত্য সভাই
যোৱা 12/09/2021 তাৰিখে সভাৰ ধাৰাবাহিক
কবিতা পাঠৰ অনলাইন অনুষ্ঠান “সোনোৱালী কাব্যৰ কাকলি”ৰ ষষ্ঠ খণ্ডটো অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোত তিনিকুৰিৰো অধিক জনগোষ্ঠীয় কবিয়ে স্বৰচিত কবিতাৰ সলনি তেওঁলোকৰ প্ৰিয় কবিতা হিচাপে অসমীয়া সাহিত্যৰ বিভিন্ন প্ৰথিতযশা কবিৰ একোটাকৈ কবিতা পাঠ কৰি কাব্যৰ নৱৰসেৰে অনুষ্ঠানটো জীপাল কৰি তোলে।

সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ ‘খ্ৰীংৰাজা’ৰ প্ৰতি উচৰ্গিত এটি বাইথ’ বন্দনাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি, শাখা সমিতিৰ সদস্য আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া তথা কাব্যানুৰাগীবৃন্দৰ উপস্থিতিত অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ মুখ্য সম্পাদক শিৱনাথ সোনোৱালে।অনুষ্ঠানটোৰ প্ৰাৰম্ভতে “সমকালীন কবিতা আৰু অসমীয়া কবিতা” শীৰ্ষক ধাৰাবাহিকৰ তৃতীয় খণ্ডৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ বিনোদ বড়াই কবিতা বিষয়ক এক গভীৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰে। ইয়াৰ পাছতে সভাৰ কাৰ্যনিৰ্বাহক সদস্য কুসুম সোনোৱাল শইকীয়াই পৰিচালনা কৰা কাব্য-পাঠৰ অনুষ্ঠানটো এটি শুভেচ্ছা বাৰ্তা আৰু এটি কবিতা পাঠেৰে শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ উপসভাপতি মোহন সোনোৱালে। কবি হীৰেন ভট্টাচাৰ্য, যতীন্দ্ৰ নাথ দুৱৰা, হেম বৰুৱা, নলিনীবালা দেৱী, ৰাম গগৈ, দেৱকান্ত বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, নৱকান্ত বৰুৱা, নীলমণি ফুকন, আনন্দ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, নিৰ্মলপ্ৰভা বৰদলৈ, তচলিমা নাচৰীন(অনুবাদ), বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, নীলিম কুমাৰ, অনুভৱ তুলসী, সমীৰ তাঁতী, তপন দাস, প্ৰণৱকুমাৰ
বৰ্মণ, গংগামোহন মিলি, উজ্জ্বল পাওগাম, প্ৰণয় ফুকন, জুবিন গাৰ্গ, হেমচন্দ্ৰ কছাৰী, ডা৹ নৰোত্তম সোনোৱাল, মণি বৰুৱা, যোগদা বড়া, ধনীৰাম কোঁৱৰ আদি প্ৰথিতযশা পূৰ্বৱৰ্তী, জ্যেষ্ঠ
আৰু সমকালীন কবিবৃন্দৰ কবিতা পাঠেৰে অনুষ্ঠানটো সজাই তোলে কবি অমিয় কুমাৰ সোনোৱাল, ধীৰাংশু সোনোৱাল (শিশু আবৃত্তিকাৰ), নিশিগন্ধা সোনোৱাল, কণমইনা সোনোৱাল, নীহাৰিকা সোনোৱাল, কুসুম সোনোৱাল শইকীয়া, জেৰিনা শইকীয়া, বীণাপাণি শইকীয়া বড়া, দুৰ্লভ সোনোৱাল, ভাৰতী বসুমতাৰী দাস বাঘ্ৰী, হিৰেশ্বৰ সোনোৱাল, সুৰজ কুমাৰ বড়া, উত্তৰা শইকীয়া, জয়া বড়া, ৰিদীপ সোনোৱাল, নলিনী সোনোৱাল, ৰঞ্জুমণি বড়া সোনোৱাল, পৰাগ হাজৰিকা, ৰূপম সোনোৱাল, উমেশ সোনোৱাল, মাণিক চন্দ্ৰ সোনোৱাল, কুশ সোনোৱাল, ৰাশ্বীকা সোনোৱাল, ডিম্পী সোনোৱাল, ৰূপজ্যোতি সোনোৱাল, উৎপল সোনোৱাল, অনিল কুমাৰ সোনোৱাল, অমৃতপ্ৰভা সোনোৱাল, ভদ্ৰসেন সোনোৱাল, পোনা সোনোৱাল, নৱনীতা শ্যাম উৰঙীয়া, ৰণ্টু হাজৰিকা, ডা৹ গুণকান্ত কুমৰাল, মৃদুল ঢেকীয়াল, তনু সোনোৱাল, তোলন হাজৰিকা, গকুল বড়া, বিভা ফাটোৱালী, পল্লৱজ্যোতি বৰুৱা, মৃণালিনী সোনোৱাল, অনিমা বড়া সোনোৱাল, জিমি বৰশইকীয়া চেতিয়া, অঞ্জলী বৰশইকীয়া, প্ৰশান্ত বড়া, নীলাভজ্যোতি সোনোৱাল, মজিন সোনোৱাল, নন্দিনী ডেকাবৰুৱা, বিদিশা সোনোৱাল, মীৰা শইকীয়া, হেমন্ত কুমাৰ দাস বাঘ্ৰী, নৱশ্ৰী সোনোৱাল,
সুমন্ত বড়া, মৃদুল সোনোৱাল, প্ৰশান্ত কুমৰাল আদিয়ে।

নিমন্ত্ৰিত অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, সাহিত্য সভাখনিৰ অন্যতম উপসভাপতি নিবেদিতা বড়া সন্দিকৈ, পৰ্যৱেশক ড৹ তুলসী সোনোৱাল উপস্থিত থকাঅনুষ্ঠানটোৰ প্ৰতি অনুভৱৰ কৰণি ব্যক্ত কৰে ক্ৰমে সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বড়া, ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি গকুল বড়া,
সোনোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলাৰ সভাপতি হেৰম্ব প্ৰসাদ দাস, শ্ৰোতা-শুভাকাংক্ষী টংকেশ্বৰ সোনোৱাল আদিয়ে। ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিজু মৰাণে অতিথি হিচাপে উপস্থিত থাকি কবিতা ৰচনাৰ কলা-কৌশল সম্পৰ্কীয় মনোজ্ঞ বিশ্লেষণৰ লগতে কাব্য পাঠৰ এই অনুষ্ঠানটোৰ তাৎপৰ্য আৰু সোনোৱাল কছাৰী সমাজত কাব্য ৰচনাৰ পৰিবেশত এনে ধৰণৰ অনুষ্ঠানৰ প্ৰভাৱ আদিৰ বিষয়ে আলোচনা আগবঢ়ায়। সভাৰ অন্যতম সম্পাদক প্ৰশান্ত কুমৰালে আঁতধৰা সভাখনিৰ শলাগৰ শৰাই আগবঢ়ায় সভাৰ আন এগৰাকী সম্পাদক মৃদুল সোনোৱালে। এপষেকৰ পিছত অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক “যোগেশ দাস”ৰ সোঁৱৰণত ‘সোনোৱালী কাব্যৰ কাকলি’ৰ ‘সপ্তম খণ্ড’টো অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তামণ্ডলীয়ে জনাইছে।

ডিমাকুছিত লোমহৰ্ষক ঘটনা:পুত্ৰই কুঠাৰৰে ঘঁ‌পিয়াই নিজ পিতৃক

ওদালগুৰি জিলাৰ ডিমাকুছিত এক  ভয়ংকৰ ঘটনা।নিজ জন্মদাত্ৰী পিতৃক সুৰামগ্ন পুত্ৰই কুঠাৰৰে ঘঁ‌পিয়াই হত্যাৰ চেষ্টা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি ২ নং বাগানটাৰিৰ নিবাসী ৰবিন্দ্ৰ বেজবৰুৱা (৪৫) য়ে সুৰামগ্ন মাতাল পুত্ৰ (১৮)যতিন বেজবৰুৱাক অত্যাধিক মদক দ্ৰব্য সেৱন কৰাৰ মানা কৰিছিল।যাৰ পৰিপেক্ষিতত ১২ছেপ্তেম্বৰ দেওবাৰে  নিশা ৮ মান বজাত মাতাল পুত্ৰ যতিন বেজবৰুৱাই পিতৃ ৰবীন্দ্ৰ  বেজবৰুৱাক নিজ বাসগৃহতে পিচফালৰ কুঠাৰৰে ঘঁ‌পিয়াই পলায়ন কৰে।”স্থানীয় লোকৰ তৎপৰতাত এতিমধ্যে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপষ্টিত হয় সংকতজনক অৱস্থাত পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক উদ্ধাৰ কৰি টংলা  চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰু ঘাটক পুত্ৰ যতিন বেজবৰুৱা বৰ্তমান পলাতক আৰু অত্যাধিক মদক দ্ৰৱ্য সেৱনৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ডিমাকুছি আৰক্ষীয়ে জানিব দিয়ে।এটা মন কৰিব লগিয়া কথা যে, ভাৰত ভূটান সীমান্তৰ  অঞ্চল‌  সমূহত  দেশী বিদেশী সূৰাৰ ৰমৰমীয়া ব্যৱসায় বৃদ্ধি হোৱাৰ বাবে বিভিন্ন ঘটনা সংঘটিত হ’ব ধৰিছে । যাৰ বাবে যোৱা নিশা ২ নং ডিমাকুছিৰ বাগানটাৰিত অধিক সূৰাপান কৰাৰ ফলতে সূৰাৰ ৰাগীত মাতাল হৈ নিজ পুত্ৰই পিতৃক কুঠাৰেৰে ঘঁ‌পিয়াই হত্যাৰ চেষ্টা  কৰিছিল । আইন প্ৰশাসন তথা অসম চৰকাৰৰ বিয়াগোম আৱকাৰী বিভাগটোৱে  কিন্তু সূৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষয় এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব।।

নিমাতীঘাট ট্রেজেডীৰ পাছত মাজুলীবাসীৰ হাহাকাৰ

নিমাতীঘাট ট্রেজেডীৰ পাছত যাতায়াতৰ ক্ষেত্রত মাজুলীবাসীৰ মাজত একপ্রকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ নিমাতীঘাটৰ পৰা মাজুলীলৈ পর্যাপ্ত জাহাজৰ অভাৱত যাত্রীয়ে জীয়াতু ভুগিবলগীয়া হৈছে৷ বিশেষকৈ স্বাস্থ্যজনিত কাৰণত যোৰহাটলৈ আহিবলগীয়া ৰোগী, শিক্ষাকে ধৰি বিভিন্ন কামত যোৰহাট–গুৱাহাটীলৈ আহিবলগীয়া লোকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছতেই চৰকাৰে নাৱৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰে৷ একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷ ফলত দিনটোত ৪০০ যাত্রীহে ইপাৰৰ পৰা সিপাৰলৈ যাব পৰাৰ ব্যৱস্থা হৈছে৷ ইয়াৰ ফলত জনসাধাৰণে পুৱা চাৰি বজাৰ পৰাই ৰ’পেক্সৰ বাবে দীঘলীয়া শাৰী পাতিবলগা হয়৷ আনকি কালি বিয়লিৰ ভাগত নিমাতীঘাটলৈ আহিবলগা যাত্রীয়ে ৰ’পেক্সৰ টিকট নাপাই ওৰেনিশা মাজুলীৰ পাৰঘাটতেই অনাহাৰে–উজাগৰে, মহ–ডাঁহৰ কামোৰ খাই কটাবলগীয়া হয়৷ দিনৰ ১১ বজাৰ পৰা শাৰী পাতিও সেইসকল লোকে বিয়লি তিনি বজাৰ ৰ’পেক্সৰ ওভতাৰ সুযোগ নাপালে৷ একেই অৱস্থা দেওবাৰৰ দিনটোতো৷

মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত পুৱা চাৰি বজাৰ পৰাই যাত্রীৰ দীঘলীয়া শাৰী৷ বহু লোকে আজিও ৰ’পেক্সৰ টিকট নাপাই পাৰঘাটতেই কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ নিমাতীঘাট আৰু মাজুলীত উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পর্কত ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে যাত্রীৰ চাহিদা পূৰণ কৰিবলৈ আৰু দুখন জাহাজ নিমাতীঘাটলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীৰ পৰা আহিবলগীয়া এই জাহাজ দুখন অহা দুই–তিনি দিনৰ ভিতৰত নিমাতীঘাট পোৱাৰ আশা কৰা হৈছে৷ সেইদৰে ৰ’পেক্সৰ টিকটৰ বাবে যাত্রীৰ দীঘলীয়া শাৰীৰ প্রসংগত তেওঁ কয় যে অচিৰেই অনলাইনযোগেও টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে টিকট দিয়াৰ ব্যৱস্থা কৰিব৷ এসপ্তাহৰ ভিতৰত এই ব্যৱস্থা কার্যকৰী কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ বাবে তেওঁ গুৱাহাটীৰ পৰা এমট্র’নৰ বিষয়া–কর্মচাৰী নিমাতীঘাটলৈ মাতি আনিছে৷ তেওঁলোকে বর্তমান জৰীপ চলাই আছে৷ জলপথেৰে যাত্রা কৰা প্রতিগৰাকী লোকে লাইফ জেকেট পিন্ধাটো নিশ্চিত কৰাৰ লগতে যাত্রীসকলৰ নাম–ঠিকনা আৰু ফোন নম্বৰ লিপিবদ্ধ কৰাৰো ব্যৱস্থা কৰা হৈছে৷

ইপিনে, মাজুলীৰ পৰা জলপথ স্পর্শ নকৰাকৈ ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহাৰ স্থলপথ আছে যদিও সেই পথেৰেও নাই গুৱাহাটীলৈ অহাৰ পর্যাপ্ত বাছ সেৱা৷ সাধাৰণতে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া যাত্রীসকলে নিমাতীঘাট হৈ যোৰহাটলৈ আহি তাৰ পৰা বাছযোগে গুৱাহাটীলৈ আহে৷ কিন্তু বর্তমান মাজুলীৰ পৰা নিমাতীঘাট অহাটো যথেষ্ট কষ্টকৰ হৈ পৰাত বহুতে ঢ়কুৱাখনা হৈ স্থলপথেৰেই অহাৰ চিন্তা কৰিও থমকিবলগীয়া হৈছে৷ কাৰণ সেই পথটোৰে গুৱাহাটীলৈ বাছ সেৱা পর্যাপ্ত নহয়৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সূত্রই জানিবলৈ দিয়া মতে, বর্তমান মাজুলী আৰু গুৱাহাটীৰ মাজত মাত্র এখন বাছেই চলাচল কৰে৷ পুৱাৰ ভাগত গুৱাহাটীৰ পৰা এখন বাছ মাজুলীলৈ যায় আৰু মাজুলীৰ পৰা এখন বাছ গুৱাহাটীলৈ আহে৷ অৱশ্যে আজিৰে পৰা সন্ধিয়া ৫.৪৫ বজাত আন এখনকৈ বাছ গুৱাহাটীৰ পৰা মাজুলীলৈ আৰু মাজুলীৰ পৰা গুৱাহাটীলৈ চলাচলৰ ব্যৱস্থা কৰিব৷

সূত্রটোৰ মতে, যাত্রীৰ চাহিদাৰ ওপৰত নির্ভৰ কৰি প্রয়োজনত সেই পথটোত পৰিবহণ নিগমে আৰু অধিক বাছৰ চলাচলৰ ব্যৱস্থা কৰিব৷ কিন্তু নিগমৰ বাবে সমস্যাটো হৈছে যাত্রীৰ ভিৰ সেই পথটোত তেনেই কম৷ দীঘলীয়া সময়ৰ যাত্রাৰ বাবেই সেই পথেৰে যাতায়াত কৰা যাত্রীৰ সংখ্যা কম হয়৷ ইয়াৰ পৰিৱর্তে গৰিষ্ঠসংখ্যক যাত্রীয়ে যাত্রাৰ দূৰত্ব কম হয় বাবেই মাজুলীৰ পৰা নিমাতীঘাটলৈ আহি যোৰহাটৰ পৰাহে গুৱাহাটীলৈ অহাৰ পোষকতা কৰে৷ অৱশ্যে এতিয়া মাজুলীৰ পৰা নিমাতীঘাটলৈ অহাটো যিহেতু যথেষ্ট কষ্টকৰ হৈ পৰিছে, সেয়ে জনসাধাৰণে ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহা স্থলপথটোৱেই বাছি ল’ব বুলি আশা প্রকাশ কৰে৷ সেই অনুসৰিয়েই ক’ভিড পৰিস্থিতিৰ বাবে যোৱা চাৰি মাহৰো অধিক সময় বন্ধ হৈ থকা মাজুলী–গুৱাহাটীৰ নৈশ বাছসেৱা আজিৰে পৰা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে৷

খনামুখৰ ৰঙাজানত গোৰখা সম্প্ৰদায় ৰ তীজ উৎসৱ পালন

বিবাহিত গোৰখা মহিলা সকলৰ পবিত্ৰ   তীজ উৎসৱ আজি পৰম্পৰাগত ভাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ ৰঙাজানত অনুষ্ঠিত হয় , প্ৰথম বাৰ্ষিক ৰমাইলো তীজ উৎসৱ । সভাৰ আৰম্ভণিতে সভা উদ্বোধন কৰে  মুখ্য অতিথি তথা বিশিষ্ট সমাজ সেৱক প্ৰাক্তন অধ্যক্ষ (খনামুখ হাই স্কুল )ৰাম প্ৰসাদ  দেবে। ইয়াৰ পাছত অতিথি সকল ৰ চিনাকি  পৰ্বৰ পাছত বন্তি প্ৰজ্বলন কাযাসুচীৰ  আত ধৰে  বিশিষ্ট সমাজ কৰ্মী মোহন উপাধ্যায়ে ,তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি ৰঙাজান অঞ্চল ৰ যুৱতী ৰ দলে  গনেশ চতুৰ্থী উপলক্ষে গনেশ বন্দনা পৰিবেশন কৰে । ইয়াৰ পাছত গাঁৱৰ মহিলা সকলে  নৃত্য ৰে  তীজৰ গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰায়। ইয়াৰোপৰি  অঞ্চলৰ কণ কণ শিশু সকলেও নৃত্য প্ৰদৰ্শন কৰি উপস্হিত দৰ্শকক আমোদ দিয়ে । উল্লেখযোগ্য যে বিশিষ্ট কবি সাহিত্যিক তথা শিক্ষক বিষ্ণু শাস্ত্ৰী ৰ সঞ্চালনত আয়োজন হোৱা এই প্ৰথম বাৰ্ষিক তীজ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে  মুখ্য অতিথি হিচাপে থকা বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক ৰাম প্ৰসাদ দেবে। তীজ উৎসৱৰ চমু ভাষনত তেওঁ উল্লেখ কৰে যে,তীজ উৎসৱ বিশেষ ভাৱে গোৰখা সমাজৰ জীয়ৰি ৱোৱাৰীৰ পবিত্ৰ উৎসৱ । এই উৎসৱত বিবাহিত জীয়ৰি সকলে নিজৰ মাকৰ ঘৰলৈ লৈ আহি সুখ দুখৰ কথা পাতি তৃপ্তি ৰে এসাজ (তীজ) খাই পিছদিনা  গোটেই দিনটো অনাহাৰে থাকি তীজৰ বৰ্ত পালন কৰি  গাৱৰ জীয়ৰী বোৱাৰী লগ হৈ  তীজ উৎসৱ ৰ গীত গাই নাচি  বাগি আনন্দ কৰে । এই দৰে ভাদ মাহৰ দ্বিতীয়া তিথিৰ পৰা তিনি দিনীয়া কাযাসুচীৰ চতুৰ্থী তিথিৰ দিনটোত গাঁৱৰ মহিলা সকল এক লগ হৈ শিৱদেৱতাৰ পুজা অৰ্চনা কৰি পৰিয়ালৰ সকলোৰে দীঘায়ু কামনা কৰে । সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি য়ে  পবিত্ৰ তীজ উৎসৱৰ বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে।