বিবাহিত গোৰখা মহিলা সকলৰ পবিত্ৰ তীজ উৎসৱ আজি পৰম্পৰাগত ভাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ ৰঙাজানত অনুষ্ঠিত হয় , প্ৰথম বাৰ্ষিক ৰমাইলো তীজ উৎসৱ । সভাৰ আৰম্ভণিতে সভা উদ্বোধন কৰে মুখ্য অতিথি তথা বিশিষ্ট সমাজ সেৱক প্ৰাক্তন অধ্যক্ষ (খনামুখ হাই স্কুল )ৰাম প্ৰসাদ দেবে। ইয়াৰ পাছত অতিথি সকল ৰ চিনাকি পৰ্বৰ পাছত বন্তি প্ৰজ্বলন কাযাসুচীৰ আত ধৰে বিশিষ্ট সমাজ কৰ্মী মোহন উপাধ্যায়ে ,তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি ৰঙাজান অঞ্চল ৰ যুৱতী ৰ দলে গনেশ চতুৰ্থী উপলক্ষে গনেশ বন্দনা পৰিবেশন কৰে । ইয়াৰ পাছত গাঁৱৰ মহিলা সকলে নৃত্য ৰে তীজৰ গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰায়। ইয়াৰোপৰি অঞ্চলৰ কণ কণ শিশু সকলেও নৃত্য প্ৰদৰ্শন কৰি উপস্হিত দৰ্শকক আমোদ দিয়ে । উল্লেখযোগ্য যে বিশিষ্ট কবি সাহিত্যিক তথা শিক্ষক বিষ্ণু শাস্ত্ৰী ৰ সঞ্চালনত আয়োজন হোৱা এই প্ৰথম বাৰ্ষিক তীজ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে মুখ্য অতিথি হিচাপে থকা বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক ৰাম প্ৰসাদ দেবে। তীজ উৎসৱৰ চমু ভাষনত তেওঁ উল্লেখ কৰে যে,তীজ উৎসৱ বিশেষ ভাৱে গোৰখা সমাজৰ জীয়ৰি ৱোৱাৰীৰ পবিত্ৰ উৎসৱ । এই উৎসৱত বিবাহিত জীয়ৰি সকলে নিজৰ মাকৰ ঘৰলৈ লৈ আহি সুখ দুখৰ কথা পাতি তৃপ্তি ৰে এসাজ (তীজ) খাই পিছদিনা গোটেই দিনটো অনাহাৰে থাকি তীজৰ বৰ্ত পালন কৰি গাৱৰ জীয়ৰী বোৱাৰী লগ হৈ তীজ উৎসৱ ৰ গীত গাই নাচি বাগি আনন্দ কৰে । এই দৰে ভাদ মাহৰ দ্বিতীয়া তিথিৰ পৰা তিনি দিনীয়া কাযাসুচীৰ চতুৰ্থী তিথিৰ দিনটোত গাঁৱৰ মহিলা সকল এক লগ হৈ শিৱদেৱতাৰ পুজা অৰ্চনা কৰি পৰিয়ালৰ সকলোৰে দীঘায়ু কামনা কৰে । সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি য়ে পবিত্ৰ তীজ উৎসৱৰ বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে।
কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত তিনি হাজাৰৰো শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা প্ৰদান
শুকুৰবাৰে অনলাইনযোগে অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত তিনিহাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ডিগ্ৰী আৰু ডিপ্লমাসমূহ লাভ কৰে।
সমাৱৰ্তনৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যায়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ চাৰিবছৰীয়া যাত্ৰাত লাভ কৰা সফলতাৰ ওপৰত আলোকপাত কৰে। শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নতি আৰু
নতুন-নতুন পাঠ্যক্ৰম সন্নিবিষ্ট কৰা সন্দৰ্ভত গোস্বামীয়ে ভাষণত উল্লেখ কৰে। বিশ্ববিদ্যালয়খনত খেলুৱৈসকলৰ বাবে আৰম্ভ কৰা স্নাতক পাঠ্যক্ৰম উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম বুলি তেওঁ মন্তব্য কৰে।
ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীসমূহ প্ৰদান কৰে। ভাষণত ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশত আগবাঢ়ি যোৱাৰ লগতে আধ্যাত্মিকভাৱে সুদৃঢ় হ’বলৈ আহ্বান জনায়।
সমাৱৰ্তনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটনৰ শতিকাপ্ৰাচীন ঐতিহ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষাৰ্থীসকলক ইতিবাচকতাৰ সন্ধান কৰিবলৈ আহ্বান জনায়। নতুন শিক্ষানীতিৰ প্ৰেক্ষাপটত পৰিৱৰ্তিত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈও তেওঁ শৈক্ষিক মহলক অনুৰোধ জনায়।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কটন বিশ্ববিদ্যালয়ৰ উন্নয়ন তথা ৰাজ্যৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত উল্লেখ কৰে। নতুন শিক্ষানীতি আৰু অসমত ইয়াৰ ৰূপায়ণ সম্পৰ্কেও তেওঁ আলোচনা কৰে। শতিকা পাৰ হোৱা শিক্ষানুষ্ঠানখনৰ ঐতিহাসিক ভৱনসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰে। চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ লক্ষ্যক সাকাৰ ৰূপ দিবলৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাক সাৰথি কৰি দেশৰ প্ৰগতিত আগভাগ ল’বলৈ জৈনে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডীনসকলৰ লগতে অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে। গণিত বিভাগৰ ২০১৮ শ্ৰেণীৰ স্নাতকোত্তৰ ধনজিৎ ডেকাই স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰাৰ বিপৰীতে পৰিসংখ্যা বিভাগৰ ছাত্ৰ ভাৰ্গৱ কাকতিয়ে ২০১৯ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰে।
আনহাতে, সমাৱৰ্তনৰ লগত সংগতি ৰাখি বিয়লি অনলাইনযোগে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত কটনৰ স্বনামধন্য সংগীত শিল্পীসকলে কটনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
নাজিৰা প্ৰশাসনীয় ভাৱে মেৰুদণ্ডহীন হোৱাৰ পথত : জনস্বাস্থ্য কাৰিকৰী বিভাগক স্থানান্তৰ কৰি চৰাইদেউলৈ নিয়াৰ প্ৰস্ততি সম্পন্ন
ক্ৰমাৎ খালী হৈ পৰাৰ উপক্ৰম ঘটিছে নাজিৰা মহকুমা সদৰৰ বুকু। নগৰ আৰু মহকুমা হিচাপে গুৰুত্ব বৰ্দ্ধন কৰি অহা নাজিৰা মহকুমা সদৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয়টো নতুনকৈ ঘোষিত চৰাইদেউ জিলাৰ সদৰ সোণাৰীলৈ স্থানান্তৰ ঘটোৱাৰ চূড়ান্ত পদক্ষেপত উদ্বিগ্ন হৈ পৰিছে নাজিৰা মহকুমাৰ গাঁও-ভূইৰ হাজাৰ হাজাৰজন লোকৰ লগতে নাজিৰা আৰু শিমলুগুৰি নগৰৰ আবাসীসকলো । আনহাতে চৰকাৰেও এনে এক হঠকাৰী সিদ্ধান্ত কেবিনেটৰ যোগেদি প্ৰকাশ ঘটোৱাই নহয় খোদ জনসাধৰণৰ অজ্ঞাতেই ৰূপায়ণ কৰিবলৈ বিভাগীয় প্ৰস্ত্ততি অগ্ৰগতি ঘটাই কাইলৈৰপৰা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাক সোণাৰিলৈ লৈ যোৱাৰ বাবে পূৰ্ণ প্ৰস্ত্ততি সম্পন্ন কৰিছে । এই সন্দৰ্ভত নাজিৰাত সাংগঠনিক ভেটি থকা দুই এক সংগঠনে ইতিমধ্যে প্ৰশাসনৰ যোগেদি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা(গুৱাহাটী) , অতিৰিক্ত মুখ্য অভিযন্তা(নগাঁও) , অধীক্ষক অভিযন্তা (ডিব্ৰুগড়)লৈ প্ৰশাসনৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে । চৰকাৰে গোপনেই কাৰ্য্যালয়টো সোনাৰিলৈ স্থানান্তৰ ঘটোৱাৰ প্ৰস্ত্ততি যিকোনো প্ৰকাৰে স্থগিত কৰাৰ দাবী জনাই আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ প্ৰৱেশ পথতে প্ৰতিবাদী আন্দোলন কৰি বহি পৰে নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ বিষয়ববীয়া সকল । সদস্য সকলে অনতিপলমে চৰকাৰী এনে ষড়যন্ত্ৰ প্ৰত্যাহাৰৰ দাবী জনায় বিভাগটোৰ ওচৰত । নৱগঠিত চৰাইদেউ জিলাত এটি নতুন কাৰ্য্যালয় স্থাপিত হওক চৰকাৰে তাৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰক । ঠিকাদাৰ সকলে সেই কাৰ্যক সমৰ্থন জনাব । আনহাতে বিগত চাৰিটাকৈ দশক ধৰি নাজিৰা মহকুমাৰ সদৰত উপযুক্ত ৰাজহ ভূমিৰ আৱন্টনেৰে চলি ৰোৱা চৰকাৰী জনস্বাস্থ্য বিভাগটো স্থানান্তৰ কৰি নাজিৰাৰ গাঁও আৰু নগৰৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটাই এক ভুল ধাৰণাৰ জন্ম দিব বিচাৰিছে বি জে পিৰ চৰকাৰে । নাজিৰাৰ কাৰ্য্যালয়টো নতুনকৈ ঘোষিত জিলা চৰাইদেউলৈ তুলি নিয়া কাৰ্য্য কোনো প্ৰকাৰে গ্ৰহণ নকৰে বুলি নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সম্পাদক অপূৰ্ব লাহনে নিজ সংগঠনৰ স্থিতি দোহাৰে । তেওঁ কয় যে ১০ ছেপ্টেম্বৰত তেওঁলোকে প্ৰতিবাদী আন্দোলন কৰিছে আৰু প্ৰতিটো বিভাগীয় স্তৰলৈকে স্মাৰক পত্ৰ প্ৰদানৰ দিহা কৰিছে । বি জে পি চৰকাৰে নতুনকৈ বিভাগীয় সংমণ্ডল সৃষ্টি কৰাৰ পৰিৱৰ্ত্তে চুবুৰীয়া মহকুমাৰ প্ৰতিষ্ঠিত কাৰ্য্যালয়টোকে নতুন জিলালৈ স্থানান্তৰ ঘটোৱা কাৰ্য্যই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টিয়েই নহয় নাজিৰা মহকুমাৰ শশ নিবনুৱাৰ ভটিয়নী সংস্থাপনক ধূলিস্যাৎ কৰিব । সম্পাদক অপূৰ্ব লাহনে নাজিৰাৰ ৰাইজে ৰাজনীতিৰ উৰ্দ্ধত থাকি স্থানীয় সম্পদ বিয়োগ ঘটোৱা কাৰ্য্যৰ প্ৰতিবাদ জনাব বুলি কয় । সমিতিৰ স্মাৰক পত্ৰ নাজিৰাৰ মহকুমা প্ৰশাসনৰ হৈ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে গ্ৰহণ কৰে । শনি আৰু দেওবাৰৰ বন্ধৰ দিনত কাৰ্য্যালয় তুলি লৈ যোৱাৰ ব্লু-প্ৰিণ্টঃনাজিৰা মহকুমা বাসীৰ চল্লিশ বছৰে চলাই অহা এটুপি খোৱা পানীৰ বাবে কৰা সংগ্ৰামক ওচৰৰপৰা সমৰ্থন যোগাবলৈ প্ৰতিষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয় নিজ মহকুমাৰ কেন্দ্ৰ স্থলৰ পৰা হেৰাই যোৱাৰ আবেগত নাজিৰাৰ ৰাইজৰ বাধাৰ সন্মুখীন হোৱাৰ আশংকা কৰি শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ দিনকে বিভাগটোৱে গোপনে ঠিৰাং কৰা বুলি এক সূত্ৰত প্ৰকাশ । সেই সূত্ৰে মাহৰ দ্বিতীয় শনিবাৰ ১১ ছেপ্টেম্বৰত কাৰ্যবাহী অভিযন্তাক সোণাৰিত যোগদানৰ বাবে ৰেহ-ৰূপ প্ৰস্ত্তত হৈ উঠা বুলি অৱগত হোৱা ঠিকাদাৰ সমিতিয়ে আজি কাৰ্য্যবাহী দণ্ডাধীশ তথা নাজিৰাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈৰ আগত এনে কোনো কাৰ্য্য প্ৰশাসনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় । ১১ ছেপ্টেম্বৰত কোনো অচিলাৰেই যাতে গোপনে ফাইল আৰু কাৰ্য্যালয়ৰ সম্পদ স্থানান্তৰ কৰিব নোৱাৰে তাৰ বাবে ঠিকাদাৰ সমিতিয়েও গণতান্ত্ৰিক প্ৰতিৰোধ গঢ়ি ৰাখিব বুলি জনায় । উল্লেখযোগ্য যে একে স্থানৰে সমীপতে অৱস্থিত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডলীয় কাৰ্য্যালয়টিও শিৱসাগৰৰ উপসংমণ্ডলৰ লগত জাপি দিবলৈ ওলাইছে বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰ ।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী, ৰাজ্যলৈ অৱদানৰ স্বীকৃতি
অসমৰ প্ৰতি থকা অৱদানৰ বাবে দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে। ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা প্ৰভূত অৱদানৰ বাবে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ক।
সম্বৰ্ধনা পত্ৰখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চলা বিশ্ববিখ্যাত অসম আন্দোলনৰ ফলশ্ৰুতিত সাক্ষৰিত অসম চুক্তিৰ বাবেই অসমে কেন্দ্ৰৰ পৰা বহু আদায় কৰিলে। বিশেষকৈ বিশেষ ৰাজ্যৰ মৰ্যাদা, নুমলীগড় তেল শোধনাগাৰ, স্থায়ী ৰাজধানী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, আমিনগাঁওৰ আই আই টি, মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্প, তাৰকাগৃহৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ উন্নীতকৰণ, এন আৰ চি অসম চুক্তিৰ জৰিয়তে আদায় কৰিবলৈ সক্ষম হৈছিল অসমে।
অসমখনৰ নৱ নিৰ্মাণত প্ৰফুল্ল কুমাৰ মহন্তৰ থকা অৰিহণাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয় (Assam down town University) কৰ্তৃপক্ষই।
নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত সোণোৱাল
শনিবাৰে নিশা নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হয় অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ নিশা ৯ বজাত আধ্যাত্মিক চিন্তাৰ কেন্দ্রস্থল কৃষ্ণগুৰু সেৱাশ্রমত আহি উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সোণোৱাল৷
নিশা মূল দ্বাৰেৰে কৃষ্ণগুৰু সেৱাশ্রমৰ মূল কীর্তন ঘৰত সোমাই সেৱা গ্রহণ কৰি গুৰুৰ আশিস গ্রহণ কৰাৰ পিছত সুৱর্ণ কুঢ়ত পদব্রজে প্রৱেশ কৰে৷ ইয়াতে কিছু সময় একনাম জপ কৰি গুৰুগৃহত প্রৱেশ কৰে৷ গুৰুগৃহত সেৱাশ্রমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ লগতে সেৱাশ্রমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয়৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী হোৱাৰ পিছত প্রথমবাৰৰ বাবে শনিবাৰে নিশা কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হ’ল প্রাক্তন মুখ্যমন্ত্রী সোণোৱাল৷ ইপিনে, সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি সোণোৱালে কয় যে সকলোৰে মংগলৰ বাবে আজি গুৰু সেৱা কৰিবলৈ আশ্রমত উপস্থিত হৈছে৷
নির্বাচনলৈ ডেৰ বছৰ থকাৰ সময়তে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ পদত্যাগ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ অপ্রত্যাশিত পদত্যাগ৷ আজি পুৱা প্রধানমন্ত্রী মোদীৰ সৈতে চর্দাৰধাম ভৱনকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কেইঘণ্টামান পাছতেই মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰে৷ বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা চলিছে৷
গুজৰাটৰ মুখ্যমন্ত্রীগৰাকীৰ আজি আচম্বিত পদত্যাগৰ পূর্বে ইতিমধ্যে বিজেপিশাসিত দুখন ৰাজ্যৰ তিনিজন মুখ্যমন্ত্রীয়ে পদত্যাগ কৰিছে৷ কার্যতঃ ছমাহৰ ভিতৰতে বিজেপিশাসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাক লৈ বিৰোধীৰ মাজতো চর্চা চলিছে৷ গুজৰাটৰ বিধানসভা নির্বাচন বিজেপিৰ বাবে সন্মানৰ প্রশ্ন হৈ উঠাৰ পৰিপ্রেক্ষিততেই কার্যকাল ডেৰ বছৰ বাকী থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত বিজেপিৰ শীর্ষ নেতৃত্বই পৰৱর্তী মুখ্যমন্ত্রীৰ বাবে বৈঠকত মিলিত হৈছে৷
উল্লেখ্য যে গুজৰাটৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাৰ পূর্বে জুলাই মাহত কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাই পদত্যাগ কৰিছিল৷ ইয়াৰ পূর্বে উত্তৰাখণ্ডৰ ত্রিবেন্দ্র সিং ৰাৱাট আৰু ত্রিবেন্দ্র সিং ৰাৱাটৰ পদক্ষেপৰ পাছত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা তিৰথ সিং ৰাৱাটেও পদত্যাগ কৰে৷ কর্ণাটক আৰু উত্তৰাখণ্ডৰ পাছত গুজৰাটতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ গুজৰাটত মুখ্যমন্ত্রীক লৈ কোনোধৰণৰ দলীয় সংঘাতৰ বাতৰি এতিয়ালৈকে চর্চাৰ মাজলৈ অহা নাছিল যদিও আজি মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে আন এক ইংগিত দিছে৷
ৰাজ্যপালৰ হাতত পদত্যাগ–পত্র দাখিলৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধীনত গুজৰাটৰ ৫ বছৰীয়া বিকাশৰ যাত্রা সমাপ্ত কৰিব নোৱাৰিলোঁ৷ এতিয়া ৰাজ্যৰ পৰৱর্তী বিকাশৰ যাত্রা নতুন শক্তি আৰু ক্ষমতাৰে চলিব৷ মুখ্যমন্ত্রী হিচাপে সেয়েহে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৬৫ বছৰীয়া ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতি সঠিক ৰূপত আগবঢ়াই নিবলৈ আহমেদাবাদৰ বিজেপিৰ জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু ভূপেন্দৰ যাদৱ মিলিত হৈছে৷ এই দুই শীর্ষ নেতাৰ বৈঠকত ৰাজ্যখনত পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া সিদ্ধান্ত হ’ব যদিও ইয়াৰ পূর্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ মত গ্রহণ কৰা হ’ব৷
তথ্য মতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হিচাপে জুলাই মাহত দায়িত্ব গ্রহণ কৰা মনসুখ মান্দাভিয়া পৰৱর্তী গুজৰাটৰ মুখ্যমন্ত্রী হ’ব পাৰে৷ ইয়াৰ উপৰি দাদৰা নগৰ হাভেলী আৰু লাক্ষাদ্বীপৰ প্রশাসক, প্রাক্তন আমোলা প্রফুল খোডা পেটেলৰ নাম চর্চিত হৈছে৷ উল্লেখ্য যে পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে ২০১৭ চনৰ ডিচেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল৷ এই অনুষ্ঠানত প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রী উপস্থিত আছিল৷
জেৰেভক হৰুৱাই ফাইনেলত জক’ভিচ
এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ কৰিবলৈ আৰু মাত্র এটা জয়ৰ প্রয়োজন বিশ্বৰ শীর্ষ বাছনিৰ ছার্বিয়াৰ ন’ভাক জক’ভিচক৷ চলিত বর্ষৰ চতুর্থ তথা অন্তিমটো সন্মানীয় গ্রেণ্ডশ্লাম ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ফাইনেল মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিলে এটা কেলেণ্ডাৰ গ্রেণ্ডশ্লাম পূর্ণ হ’ব জক’ভিচৰ৷
ইতিমধ্যে চলিত বর্ষটোত অষ্ট্রেলিয়ান অ’পেন, ফ্রেন্স অ’পেন আৰু উইম্বলডনৰ খিতাপ দখল কৰা জক’ভিচে চলিত ইউ এছ অ’পেনৰ পুৰুষ ছিংগলছৰ ছেমি ফাইনেল মেচ এখনত পাঁচটা ছেটৰ মাৰাথন যুঁজৰ অন্তত চতুর্থ বাছনিপ্রাপ্ত জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভক ৪–৬, ৬–২, ৬–৪, ৪–৬, ৬–২ ছেটত পৰাস্ত কৰে৷ কেৰিয়াৰৰ ২১সংখ্যক গ্রেণ্ডশ্লামৰ খিতাপৰ দখলৰ এখোজ আঁতৰত থকা ৩৪ বছৰীয়া জক’ভিচে ফাইনেলত দ্বিতীয় বাছনিপ্রাপ্ত ৰাছিয়াৰ ডানিল মেডভেডেভৰে মুখামুখি হ’ব৷
আনখন ছেমি ফাইনেলত মেডফেডেভে কানাডাৰ ফেলিক্স আগৰ আলিয়াছিমেক ৬–৪, ৭–৫, ৬–২ ছেটত পৰাস্ত কৰে৷ উল্লেখ্য যে গ্রেণ্ডশ্লামখনৰ খিতাপ জয়লাভ কৰিব পাৰিলে জক’ভিচে ১৯৬৯ চনত ৰ’ড লেভাৰৰ পিছত এটা বর্ষত চাৰিওটা গ্রেণ্ডশ্লাম খিতাপ দখল কৰা প্রথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হ’ব৷
টেবুল টেনিছ সন্থাৰ সভাপতি পীয়ূষ হাজৰিকা
জলসম্পদ আৰু জনসংযোগ মন্ত্রী পীয়ূষ হাজৰিকা অসম টেবুল টেনিছ সন্থাৰ নতুন সভাপতি নিযুক্ত হৈছে৷ শনিবাৰে অনুষ্ঠিত সন্থাৰ বার্ষিক সাধাৰণ সভাত হাজৰিকাক সভাপতি মনোনীত কৰা হয়৷
উল্লেখ্য যে প্রাক্তন সভাপতি মৃগাংক বর্মনে প্রায় এমাহ পূর্বে পদত্যাগ কৰাৰ পিছৰে পৰা অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ আসনখন খালী হৈ আছিল৷ অসম টেবুল টেনিছ সন্থাৰ উপ–সভাপতি মুনীন নবিচৰ সভাপতিত্বত আয়োজিত বার্ষিক সাধাৰণ সভাত সকলো কার্যবাহী সদস্য আৰু স্বীকৃতিপ্রাপ্ত জিলাসমূহে মন্ত্রী পীয়ূষ হাজৰিকাক সর্বসন্মতিক্রমে সভাপতি হিচাপে বাছনি কৰে৷ ভাৰতীয় টেবুল টেনিছ ফেডাৰেচনৰ চি ই অ’ ধনৰাজ চৌধুৰী আৰু অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদ আজিৰ সাধাৰণ সভাৰ পর্যবেক্ষক হিচাপে থাকে৷
ঘগ্ৰাপাৰত `কভিড-১৯´ শীৰ্ষক চুটীছবি মুকলি
সাম্প্ৰতিক সময়ত চৰ্চাত থকা অতিকৈ ভয়াৱহ কৰোনা মহামাৰীৰ ওপৰত নিৰ্মান হল চুটীছৱি।নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাজোলৰ উদীয়মান যুৱক জিন্টু শৰ্মাই নিৰ্মান কৰা চুটীছৱি খনৰ কাম আৰম্ভ হোৱাৰে দিনৰ পৰা অঞ্চলটোত চৰ্চাৰ বিষয় হৈ পৰিছে *কভিড-১৯* শীৰ্ষক ছুটীছৱি খন।কালি বৰাজোলৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত চুটীছৱি খন আনুস্থানিক ভাৱে মুকলি কৰিৱলৈ এখনি মুকলি সভাৰ আয়োজন কৰে জে.বি.এ মুভি হাউচে।অনুস্থানত উপস্থিত থাকি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ চুটি ছৱিখন মুকলি কৰে।অনুষ্ঠানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক আজিজুল ইছলাম, আৰ .এন . এ মিউজিক প্ৰডাক্সনৰ পৰিচালক নৱাৱুল ইছলাম,বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষা জুৰি ডেকা, ৰোমিঅ টিভিৰ পৰিচালক জিন্তু হাছানকে প্ৰমুখ্য কৰি ছুটীচৱি খনৰ লগত জড়িত কলা কৌশলী সকল।জিন্তু শৰ্মাৰ প্ৰযোজনা আৰু আল্টাফ হুছেইনৰ পৰিচালনাৰে নিৰ্মিত ছুটীছৱি খনক লৈ খুৱেই আশাবাদী জিন্তু শৰ্মা আৰু তেওৰ সহযোগীসকল।ইতিমধ্যেজেবিএ মুভি হাউচ নামৰ ইউটিউব চেনেলটোত মুকলি কৰা হৈছে ছুটীছৱি খন।
মায়ঙৰ বালিমুখ বজাৰত বলে’ৰ পিকাপ বাহন চুৰি
মৰিগাঁও জিলাৰ মায়ং ৰাজহচক্ৰ অন্তৰ্গত বালিমুখ নতুন বজাৰৰ হাৰ্ডৱেৰ ব্যৱসায়ী আফাজ উদ্দিনৰ এখন নতুন বলে’ৰ পিকাপ গাড়ী যোৱা নিশা দোকানৰ সন্মুখৰ পৰা চুৰি হৈছিল। উক্ত গাড়ী খন আজি পোৱাৰ ভাগত দৰং জিলাৰ বুঢ়া আৰক্ষী চকীয়ে তিনিটা চোৰ সহ গাড়ীখন আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে দৰঙৰ এটা চক্ৰৰ হাতত দুইলাখ টকাত বন্ধ বস্তী কৰি বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল ৷ উক্ত বলে’ৰ গাড়ীৰ চালক আশাদুল ইছলামো এই চক্ৰৰ লগত জড়িত থকা বুলি সন্দেহৰ আঁৰত জাগীৰোড থানাৰ আৰক্ষীয়ে সোধ পুচৰ বাবে বালিমুখ নতুন বজাৰৰ পৰা আশাদুলক আটক কৰে ৷ উল্লেখ্য যে ধৃত তিনিটা চুৰে ব্যৱহাৰ কৰা AS 01 GC 5678 নম্বৰৰ বলে’ৰ গাড়ীখন জাগীৰোড থানাৰ আৰক্ষীয়ে সম্প্রতি জব্দ কৰিছে। অৱশ্যে এই চুৰি কাৰ্যৰ লগত সংগতি ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।











