Home Blog Page 2846

মাজুলী মহাবিদ্যালয়ৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস

দিনজোৰা কাৰ্যসূচীৰে যোৱা ১৭ ছেপ্টেম্বৰত নদীদ্বীপ মাজুলীৰ উচ্চ শিক্ষাৰ বাটকটীয়া অনুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ ৬০সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা মহাবিদ্যালয়ৰ এন চি চিৰ উদ্যোগত পৰিবেশ নিকাকৰণৰ পাছতে বৃক্ষৰোপণ কৰে জ্যেষ্ঠ অধ্যাপক অমৃতেশ্বৰ চুতীয়াই। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শইকীয়াই পতাকা উত্তোলন কৰাৰ পাছতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৰেন চন্দ্ৰ ঠাকুৰীয়াই আৰু স্মৃতি তৰ্পণ কৰে প্ৰাক্তন শিক্ষাৰ্থী সমন্বয়ৰক্ষী সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ ডেকাই। দিনৰ ১১ বজাৰপৰা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত সম্পূৰ্ণ ক’ভিড নীতি মানি শ্ৰীশ্ৰীহৰিদেৱ ভৱনত মুকলি সভা অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ সম্পাদক তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনি ছাত্ৰী কৰিণা হাজৰিকাৰ দ্বাৰা পৰিবেশিত এটি বৰগীতেৰে শুভাৰম্ভ হয়। সভা উদ্বোধন কৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাই বাষষ্ঠীৰ মহাপ্লাৱন আৰু চীনা আক্ৰমণৰ বিভীষিকাৰ মাজতো মাজুলীত উচ্চ শিক্ষাৰ সোপান ৰচোঁতা মহানুভবসকলৰ ত্যাগৰ কথা স্মৰণ কৰে। নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি জেংৰাইমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক সুৰেন্দ্ৰ নাথ মুদৈয়ে কয়–’হাজাৰ হাজাৰ বিদ্যাৰ্থীক বিদ্যা মহাধনেৰে বিভূষিত কৰা মাজুলী মহাবিদ্যালয় সমগ্ৰ মাজুলীবাসীৰে হিয়াৰ আমঠু। নৈদ্বীপটিৰ সামাজিক-সাংস্কৃতিক-বৌদ্ধিক ক্ষেত্ৰখনত এই উচ্চ শিক্ষানুষ্ঠানটিৰ অৱদান প্ৰাতঃস্মৰণীয় হৈ থাকিব।’ সভাখনিত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু মাজুলী জিলা সাংবাদিক সন্থাৰ সভাপতি দিবাকৰ শইকীয়াই সভাত বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰে। সভাত উপস্থিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘন গগৈ , জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি ডিম্বেশ্বৰ দত্ত , অৱসৰপ্ৰাপ্ত অধ্যাপিকা স্মৃতি কোঁৱৰ , অৱসৰপ্ৰাপ্ত শিক্ষক গুণ শইকীয়া আদিয়ে বক্তব্য আগবঢ়ায়। আজিৰ সভাতে ২০২০বৰ্ষৰ মাজুলী মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ সন্মান অৰ্জন কৰা শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ টাৰজান দাসক ত্ৰয়োধৰ গগৈ স্মাৰক বঁটা প্ৰদান কৰাৰ লগতে অলপতে সন্মানীয় ডক্টৰেট উপাধি লাভ কৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক দুলাল হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয়। সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা অনামিকা অধিকাৰীয়ে। সন্ধ্যা মহাবিদ্যালয় চৌহদত ৬০ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অধ্যাপক বিপুল ৰাজখোৱাই।

ওদালগুৰি বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদীৰ ৭১সংখ্যক জন্মদিন উদযাপন

১৭ছেপ্তেম্বৰত ওদালগুৰি জিলা বিজেপিৰ কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্মদিনটো উদযাপন কৰাৰ লগতে  ওদালগুৰি জিলা বিজেপিৰ নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে।কাৰ্যভাৰ গ্ৰহণ কৰিয়েই বিজেপি দলক আগতকৈ অধিক শক্তিশালী ৰূপে আগবঢ়াই নিব বুলি মন্তব্য কৰে নৱ নিযুক্ত সভাপতি সুনীল বসুমতাৰীয়ে।প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপি দলৰ সদস্য সকলোৰ লগতে ৰাইজক সন্ধিয়া পদুলি মুখত এগচিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায় সভাপতি বসুমতাৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ ইএম সঞ্জিত তাঁঁতী, জিলা বিজেপিৰ বিদায়ী সভাপতি কাৰ্তিক চন্দ্ৰ বড়ো,সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি শৰ্মা আদিকে ধৰি কেবাগৰাকীও নেতাই।

“Divide Assam 50/50”: পৃথক বড়োলেণ্ড দাবীৰে পুনৰ জন্ম হ’ল আন এটা উগ্ৰপন্থী সংগঠনৰ দল

যোৱা ১৫ ছেপ্টেম্বৰ তাৰিখে বড়ো ভূমিত পুনৰ জন্ম হ’ল আন এটা অস্ত্ৰধাৰী সংগ্ৰামী দল।বড়ো ঐতিহাসিক শান্তি চুক্তিৰ দুটা বছৰ সম্পূৰ্ণ নহওঁ‌টেই বড়ো ভূমিত পুনৰ জন্ম হল ইউনাইটেড লিবাৰেছন ফৰ বড়োলেণ্ড (ULB) উগ্ৰপন্থী সংগঠন।যোৱা ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে বড়ো জনগোষ্ঠীৰ দাবী সম্পূৰ্ণ কৰি NDFB উগ্ৰপন্থী সংগঠনক মূল সতিলৈ ঘূৰাই আনি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সহযোগত এবছুয়ে বিটিআৰ চুক্তি সাক্ষৰ কৰিছিল। কিন্তু চুক্তিখন দুটা বছৰ সম্পূৰ্ণ নহওটেই বড়ো যুৱক যুৱতি সকল পুনৰ ওলাই গ’ল ঘন অৰণ্যলৈ। উল্লেখ্য যে যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত হোৱা বিটিআৰ চুক্তিখন বৰ্তমানলৈ ভালদৰে ৰূপায়ণ হ’ব পৰা নাই, আৰু যিখন চুক্তিত বড়ো জনগোষ্ঠী সম্পূৰ্ণ ভাৱে সুৰক্ষিত নহয় বুলি দাবী জনায় নৱ গঠিত ULB সংগঠনটোৱে আৰু লগতে বড়োভূমিত বিটিআৰ চুক্তি সাক্ষৰ কৰি বড়ো জনগণক প্ৰলোভিত কৰা হ’ল ইয়াত আমি সুৰক্ষিত নহয় যাৰ বাবে বড়ো যুৱক যুৱতি কেতিয়াও শান্ত নহয়। আৰু যেতিয়ালৈ অসম বিভক্ত কৰি পৃথক বড়োলেণ্ড কৰা নহয় তেতিয়ালৈ বড়ো সকলৰ আন্দোলন অব্যাহত থাকিব যাৰ বাবে আমি পুনৰ অস্ত্ৰ ধৰি ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড ULB সহস্ত্ৰ সংগ্ৰামী দল গঠন কৰিব লগা হল বুলি চুচেইল মেডিআ যোগে ULB উগ্ৰপন্থী সংগঠনে আত্ম প্ৰকাশ কৰে।

অৰ্থৰ অভাৱত অস্ত্ৰোপ্ৰচাৰ কৰিব পৰা নাই দিব্যাংগ পুত্ৰৰ

বিপিএফ, কংগ্ৰেছ  আৰু  এআই ইউডিএফ  ৰাজনৈতিক মিত্ৰদলৰ বিধায়ক  চৰণ  বড়োৰ ৭০ নম্বৰ মাজবাট  বিধানসভা  সমষ্টিৰ  এলেকাস্হ   তথা বিটিআৰৰ  ই এম  নিলুৎ স্বৰ্গীয়াৰীৰ  ৪০ নম্বৰ ৰৌতা  সমষ্টিৰ অন্তৰ্গত  ওদালগুৰি  জিলাৰ ৰৌতা চাৰিআলিৰ গাতে লাগি থকা বজ্ৰঝাৰ গাঁৱত  দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস  কৰা ৰবিন সেন আৰু সাবিত্ৰী সেনৰ একমাত্ৰ পুত্ৰ বিশ্বজিৎ সেন ওৰফে প্ৰতাপ  সেন  নামৰ  এজন প্ৰায় ২০ বছৰীয়া  দিব্যাংগ  যুৱকে অৰ্থৰ অভাৱত  পৰি  মানসিক ৰোগত দিন কটাবলগীয়া হৈছে । কাৰণ  ৰৌতা  চাৰিআলি চহৰৰ  ৰঞ্জু  পণ্ডিত নামৰ  এজন  বাচন  ব্যৱসায়ীৰ দোকানত  কাম ,বন কৰি ২০২০ চনৰ ২৬ ডিচেম্বৰৰ  নিশা  নিজ ঘৰলৈ বিশ্বজিৎ সেনে আহি থকা  অৱস্থাত ৰৌতা চাৰিআলিৰ ‘শ্ৰীশ্ৰী শনি মন্দিৰ’ৰ  সম্মুখত ১৫ নম্বৰ  ৰাষ্ট্ৰীয়  ঘাইপথত  তেজপুৰ  অভিমুখৰ পৰা  গুৱাহাটী  অভিমুখে  এএছ -০১ এম বি – ৬৮২৬ নম্বৰৰ  বাইক এখনেৰে  তীব্ৰ গতিত গৈ থকা  আৰোহী  দুজনে খুন্দা মাৰি থিতাতে সংকটজনক ভাৱে  মুৰত আঘাতপ্ৰাপ্ত কৰি থৈ বাইকখন এৰি দুয়ো পলাই যোৱাৰ পাছত  গাঁৱৰ ৰাইজে  চিকিৎসালয়ত  ভৰ্তি  কৰি  মুৰৰ অস্ত্ৰোপ্ৰচাৰ  কৰায়  আনি  দিছিল । তথাপি অস্ত্ৰোপ্ৰচাৰৰ  সময়ত টকাৰ নাটনি হোৱাত ৭০ বছৰীয়া বৃদ্ধ আইতাক  বিনাৰানী সেনে নাতিয়েকক  মৃত্যুৰ পৰা জীয়াই  ৰখাৰ মোহত ঘৰ ভেতি  বন্ধকত দিব  লগা হোৱাত  আজিও  ঘৰ ভেতিখিনি  বন্ধকতে আছে । কিন্তু এতিয়া পুনৰ আন এটি  অস্ত্ৰোপ্ৰচাৰৰ  প্ৰয়োজন হোৱা বুলি গুৱাহাটীৰ জি এন আৰ চি হাস্পতালৰ চিকিৎসকে পৰামৰ্শ আগবঢ়াছে । অৱশ্যে এই প্ৰয়োজনীয় মুৰৰ অস্ত্ৰোপ্ৰচাৰৰ কাৰণে  আকৌ বিৰাট প্ৰয়োজন অৰ্থৰ । দিব্যাংগ যুৱকজনৰ পৰিয়ালে খুজি-  মাগি  আনি কোনোমতে  দুবেলাৰ পেটৰ ভাতমুঠি  যোগাৰ কৰা  তথা কেতিয়াবা ভাতৰ  অভাৱত  লঘোনে থকা পৰিয়ালটোৰ বাবে চিকিৎসালয়ত অস্ত্ৰোপ্ৰচাৰৰ ব্যয় বহন কৰাটো  বিৰাট  আশ্বাৰ্য়জনক কথা হৈ পৰাত  চকুৰে ধোঁৱা- কোঁৱা দেখি  আছে   ।  বাওঁ  হাতখনত পাঁচটা আঙুলিৰ ঠাইত মাত্ৰ দুটা আঙুলিহে  আছে বিশ্বজিৎ  সেনৰ । পৰনিৰ্ভৰশীল পিতৃ ৰবিন সেন আৰু মাতৃ  সাবিত্ৰী  সেনৰ জৰাজীৰ্ণ  প্লাষ্টিক পঁজাৰ চালি । গাঁওখনৰ একেবাৰে গৰিৱ পৰিয়ালটোই  দিনতে আকাশৰ জোন, বেলি, তৰা দেখা পায় ।  তথাপি বিশ্বজিৎ সেনৰ দুৰ্ঘটনাটোৰ তদন্তৰ বাবে সেইসময়তে ৰৌতা আৰক্ষী থানাত  এজাহাৰ  এখনো দাখিল কৰা হৈছিল । দুৰ্ঘটনা সংঘটিত  কৰি পলাই পতং দিয়া লোক দুজনৰ বাইকখনো আছে স্হানীয় আৰক্ষী থানাত ।এই   হৃদয়বিদাৰক  ঘটনাৰ কাহিনী থকা   পৰিয়ালটোৱে   আৱাসগৃহ , বৃদ্ধ পেঞ্চন অথবা আজিলৈকে কোনো ধৰণৰ চৰকাৰী  সাহায্য পোৱা নাই ।  গতিকে  অৰ্থৰ অভাৱত  বিশ্বাজিৎ সেনৰ মাতৃ সাবিত্ৰী সেন আজি ৰৌতা অঞ্চলত  পাগলি বুলি পৰিচিত । গতিকে আজি অসহায় পৰিয়ালটোৱে ল’ৰাজনৰ  চিকিৎসাৰ বাবে  চৰকাৰৰ পৰা  আৰ্থিক সাহায্য  বিচাৰি ৰৌতা  শাখা এছ বি আইত থকা একাউন্টৰ ৭০৭৫০১০০৮৮৮২২ নম্বৰ আগবঢ়ায় দিছে  দিব্যাংগ হৈয়ো  পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ  বিশ্বজিৎ সেনক  ৰাখিবলৈ জীয়াই । 

সন্ধানহীন যুৱক: ওদালগুৰি আৰক্ষী থানাত গোচৰ

ওদালগুৰি থানাৰ অন্তৰ্গত পুৰণিথানা নিবাসী পুনিয়া চৌহানৰ পুত্ৰ গনেশ চৌহান(৩২) যোৱা ১৯ ছেপ্টেম্বৰৰ পৰা নিশা ১১ বজাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।এই সন্দৰ্ভত পৰিয়ালৰলোকে ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে যুৱকজনৰ কোনো সন্ধান উলিয়াব পৰা নাই।পাঁচফুক ওখ,বগা বৰণৰ,চুলি দীঘল,ক্ষীণ চেহেৰাৰ পিন্ধনত হাফপেন্ট আৰু চাৰ্ট,কপালত কটা চিহ্নৰ দাগ থকা বিহাৰী সম্প্ৰদায়ৰ যুৱকজনৰ কোনো সন্ধান পালে নিকটীৱৰ্তী আৰক্ষী থানা অথবা ওদালগুৰি আৰক্ষী থানাত খবৰ দিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।যুৱকজনে অসমীয়া ভাষাও কব পাৰে।

সংবাদযোগে বড়োলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ দাবী

বিটিআৰ জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত সংবাদযোগে দাবী শৰণীয়া সকল সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত জনজাতি নহয়,যাৰ পৰিপেক্ষিতত শৰণীয়া কছাৰী সংগঠনক ক্ষুৰধাৰ সমালোচনা জনজাতি সুৰক্ষা মঞ্চই।উল্লেখ্য যে যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে বিটিআৰ জনজাতি সুৰক্ষা মঞ্চৰ উদ্যোগত এখনি সংবাদমেল আয়োজন কৰিছিল। যাৰ দ্বাৰাই শৰণীয়া কছাৰী সকলে অবৈধ ভাৱে জনজাতিৰ প্ৰমাণ পত্ৰ লৈ জনজাতিৰ সুবিধা সমূঁ‌হ প্ৰকৃত হীতাধিকাৰীক বঞ্চিত কৰি হৰুলো কৰাৰ অভিযোগত জনজাতি সুৰক্ষা মঞ্চই প্ৰকৃত জনজাতীৰ নিন্মতম অধিকাৰ বঞ্চিত নকৰিবলৈ সংবাদ যোগে সকিয়নী প্ৰদান কৰিছিল।সেয়েহে শৰণীয়া কছাৰী স্ংগঠনে জাঙোৰ খাই উঠিছিল আৰু সেই প্ৰশংগত স্ংবাদ যোগে উলতাই ”জনজাতি সুৰক্ষা মঞ্চক” তুচ্চ তাচ্ছিল্য কৰি  হুংকাৰ প্ৰদান কৰাক লৈ বুধবাৰে নিশা ১০ বজাত বিটিআৰ জনজাতী সুৰক্ষা মঞ্চই পুনৰ সংবাদযোগে শৰণীয়া কছাৰীক জোৰদাৰ সমালোচনা কৰাৰ পৰিলক্ষিত হয়।জনজাতি সুৰক্ষা মঞ্চই কয় যে আমাৰ জনজাতী সংস্থা ট্ৰাইবেল্ট সংঘই শৰণীয়া সকলক ট্ৰাইবেল্ট হিচাপে মানি লৈছে যদিও আৰু কেইবাটাও সংগঠন আছে যিবোৰ আমাৰ দৰদৰে প্ৰকৃত জনজাতীক বঞ্চিত কৰাৰ সৰযন্ত্ৰক বিৰোধী কৰি আছে।সেয়েহ শৰণীয়া সকলক জনজাতী প্ৰমাণ পত্ৰ লোৱাৰ আগতে  তেখেঁ‌ত সকলৰ গুৰি বা সৃষ্টি কৰ পৰা হৈছিল সেইটো স্পষ্ট কৰাৰ লগতে সংবিধানিকভাৱে স্বীকৃতিপ্ৰাপ্ত  হ’ব লাগিব সকিয়নী প্ৰদান কৰে।আৰু লগতে, শৰণীয়া সকলে দাবী কৰা ভাৰতীয় সংবিধানৰ ৫ নং দফাত শৰণীয়া কছাৰী অন্তৰ্ভুক্ত হোৱাক লৈ  লৈ সুৰক্ষা মঞ্চৰ বিবৃতি লোকৰ সমিতি ভাৰতৰ পৰা যেতিয়া অসমলৈ আহিছিল তেতিয়া ১৯৫৬ চনত কছাৰী সকলক নিৰ্দিষ্ট এটা জনজাতী হিচাপে স্বীকৃতি দিছিল কিন্তু তেতিয়া অইন সম্প্ৰদায় সকলৰ লগত শৰণীয়া সম্প্ৰদায় সকলৰ নাম সন্নিৱিষ্ট নাছিল তেন্তে শৰণীয়া সকল সংবিধানিক ভাৱে কেনেকৈ জনজাতি হ’ল বুলি প্ৰশ্ন উত্থাপন কৰে।শৰণীয় সকল বড়ো, ৰাভা, কুচ, লালুং,ইত্যাদিৰ সম্প্ৰদায়ৰ পৰা সংমিশ্ৰণ হৈ শৰণাপন্ন হোৱা এটা  সংমিশ্ৰণ জাতি শৰণীয়াৰ প্ৰকৃত গুৰি নাই সেয়েহে ‘ই’ কেতিয়াও জনজাতি হ’ব নোৱাৰে বুলি বিটিআৰ জনজাতি সুৰক্ষা মঞ্চই সংবাদযোগে শৰণীয়া কছাৰীক ক্ষুৰধাৰ সমালোচনা কৰে।

ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

◆ অহা ২০ ছেপ্টেম্বৰৰ পৰা দশম শ্রেণীৰ পাঠদান আৰম্ভ হ’ব।প্রতিটো শ্রেণীকোঠাত ৩০জন ছাত্ৰ-ছাত্ৰীক লৈ পাঠদান কৰোৱা হ’ব৷
◆স্কুল খোলাৰ আগতে ছেনিটাইজ কৰিব লাগিব।পৰ্যায়ক্রমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ’ব।
◆কৰম পূজাৰ বাবে চৰকাৰী বন্ধ ঘোষণা।বাগিছাৰ কৰম পূজাৰ বাবে কাইলৈ দিনটো বন্ধ থাকিব৷এইটো এই বছৰৰ বাবে৷পৰৱৰ্তী সময়ত বাকী সিদ্ধান্ত হ’ব।
◆জলসম্পদ বিভাগৰ বাবে নাবাৰ্ডৰ পৰা ৯৮কোটি টকা মুকলিৰ সিদ্ধান্ত।
◆জিএমচি অন্তৰ্গত এলেকাত ৰিক্সা, ঠেলা আদিৰ লাইচেন্সৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ।কাৰ্যালয়লৈ গৈ লাইচেন্স লোৱাৰ প্রয়োজন নাই,অনলাইনত পাব লাইচেন্স।
◆কৃষি বিভাগত পদোন্নতিৰ ক্ষেত্রত বিশেষ নিয়ম ঘোষণা।পদোন্নতিৰ ক্ষেত্ৰত কৃষি বিভাগত dy director, joint director এবছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত পদোন্নতি পোৱাৰ যোগ্য হ’ব।
◆স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ খৰ্গ দাহনৰ সিদ্ধান্ত লোৱা হৈছে।কোষাগাৰত মজুত আছে ২৬২৩ টা গঁড়ৰ খৰ্গ।
◆২৪৭৯টা গঁড়ৰ খৰ্গ দাহন কৰা হ’ব।কাজিৰঙাত সংৰক্ষণ কৰা হ’ব ৯৪টা খৰ্গ।গোচৰ চলি থকা বাবে ৫০ টা খৰ্গ ৰাখি থোৱা হ’ব।
◆প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ প্ৰিমীয়ামৰ ধন মুকলি কৰিব৷৩:৫% ৰাজ্য চৰকাৰে দিব৷৩৭৯ কোটি মুকলি কৰি দিয়াৰ সিদ্ধান্ত কেবিনেটৰ।
◆স্বাস্থ্য আৰু শিক্ষাৰ বিল্ডিং নিৰ্মাণৰ কাম PWDয়ে কৰি আহিছিল৷আজি সিদ্ধান্ত লোৱা হয় যে, স্বাস্থ্য আৰু শিক্ষাৰ নিৰ্মাণৰ বাবে Chief Engineer PWD(Health & Education)ৰ পদ সৃষ্টি কৰা হৈছে৷

দুধনৈ আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ক্ষেত্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দুধনৈত নতুনকৈ স্থাপন হ’বলগীয়া অসমৰ দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয়খনৰ ক্ষেত্ৰ পৰিদৰ্শন কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ইতিমধ্যে দুধনৈৰ উদয়পুৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে। আজি মন্ত্ৰী গৰাকীয়ে দিনৰ প্ৰায় ১১ বজাত দুধনৈত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি আয়ুৰ্বেদিক কলেজ স্থাপনৰ বাবে সংৰক্ষিত কৰি ৰখা ১৫৬ বিঘা মাটি পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় বিষয়া সকলৰ সৈতেও আলোচনা কৰে। মন্ত্ৰী গৰাকীয়ে জানিবলৈ দি কয় যে শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰা হ’ব দুধনৈ আয়ুৰ্বেদিক চিকিৎসালয়খন। উল্লেখযোগ্য যে দুধনৈত উপস্থিত হৈয়ে আগন্তুক শাৰদীয় দুৰ্গাপূজা অনুষ্ঠিত হোৱা-নোহোৱাক লৈ আজি সন্ধিয়া নতুন এছ অ পি প্ৰকাশ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে ৷ এই এছওপি খন প্ৰকাশ পালেহে দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব পূজা পৰিচালনা সমিতি সমূহে ৷ পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাও আজি সন্ধিয়াই প্ৰকাশ কৰিব স্বাস্থ্য বিভাগে ৷ আনহাতে নৱম, দশম শ্ৰেণীৰ পাঠদান সম্পৰ্কতো মন্তব্য কৰে কেশৱ মহন্তই ৷ এই শ্ৰেণী সমূহ এতিয়া খোলাৰ কোনো সম্ভাৱনা নাই বুলি কলে মন্ত্ৰী গৰাকীয়ে ৷ ইফালে দুধনৈত ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা আয়ুৰ্বেদিক চিকিৎসালয়ত অতি শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰে কেশৱ মহন্তই।

ইতিমধ্যে চিকিৎসালয়খন চোৱাচিতাৰ বাবে আজিৰ পৰাই দুজন চৰকাৰী ব্যক্তিক নিযুক্তি দিবলৈ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ লগতে আয়ুষ বিভাগৰ এটি প্ৰতিনিধি দলক চিকিৎসালয়খনৰ সামগ্ৰীক পৰিবেশ বুজ লোৱাৰ বাবে দুধনৈলৈ পঠিয়াব বুলি সংবাদমাধ্যমক জানিবলৈ দিয়ে মন্ত্রী গৰাকীয়ে। উল্লেখ্য যে ২০১৭ বৰ্ষৰ ২৩ ডিচেম্বৰত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুধনৈৰ উদয়পুৰত আয়ুৰ্বেদিক চিকিৎসালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল৷ ইতিমধ্যে সম্পূৰ্ণ হোৱা এই চিকিৎসালয়খন গোৱালপাৰা জিলা প্ৰশাসনক হস্তান্তৰ কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে৷ প্ৰণিধানযোগ্য যে ১৯৪৮ চনত গুৱাহাটীত অসমৰ প্ৰথমখন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত দ্বিতীয়খন আয়ুৰ্বেদিক মহাবিদ্যালয় দুধনৈত স্থাপন কৰাক লৈ উৎফুল্লিত হৈ পৰিছে দুধনৈবাসী ৰাইজ৷ আজি স্বাস্থ্যমন্ত্রী গৰাকীয়ে ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ সময়ত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, আয়ুষ বিভাগৰ আয়ুক্ত সচিব, সঞ্চালকৰ লগতে গোৱালপাৰা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অভিজিত বসু, দুধনৈ চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডিম্বেশ্বৰ বসুমতাৰী, গোৱালপাৰা জিলা অতিৰিক্ত উপায়ুক্ত, দুধনৈ ৰাজহ চক্রৰ চক্ৰ বিষয়া, জিলা বিজেপিৰ নেতা শ্যামজিৎ ৰাভা, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি হিমাদ্রি দাস, সাধাৰণ সম্পাদক বিপুল ৰাভাৰ উপৰি কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

পানেৰীত প্ৰেছ ক্লাৱৰ শুভ উদ্বোধন

ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা আৰু  কুছুবিল মাজ মজিয়াৰ এক ঐতিহ্য মণ্ডিত ঠাই পানেৰী ।‌‌ স্বাধীনতাৰ আজি ৭৫ বছৰৰ  পিছত প্ৰথমবাৰৰ বাবে ভাৰতৰ ৪ৰ্থ স্তম্ভৰ পানেৰীত পানেৰী প্ৰেছ ক্লাৱ নামাকৰণেৰে গঠণ কৰি কাৰ্যালয় উদ্বোধন কৰে।‌প্ৰেছ ক্লাৱৰ সভাপতি হিছাবে মিৰাজুল হুছেইন আৰু সম্পাদক হিছাবে চিন্ময় শৰ্মা লৈ গঠন কৰা পানেৰী প্ৰেছ ক্লাৱটি আজি বুধবাৰে পানেৰী প্ৰেছ ক্লাবৰ কাৰ্যালয়টি শুভ উদ্বোধন কৰে বিটিচি কাৰ্যকৰী সদস্য সঞ্জীৱ তাঁতিয়ে।তাৰা নাথ কলিতা  প্ৰাক্তন সভাপতি  ওদালগুৰি জিলা সাহিত্য সভা সভাপতিত্ব সন্জিত তাঁতি কাৰ্য্যবাহী সদস্য বিটিচি, অৰ্পনা মেধি  সদস্য বিটিচি,নীলধৰ ডেকা প্ৰাক্তন অধ্যক্ষ পানেৰী উচ্চতৰ মাধ্যমিক  বিদ্যালয়, সন্জীব টেৰান ভাৰপ্ৰাপ্ত বিষয়া পানেৰী আৰক্ষী থানা, বাপন শৰ্মা সাংবাদিক নিয়মীয়া বাৰ্তা,   ফতীক ৰাভা সাংবাদিক দৈনন্দিন ব‍ৰ্তা, অৰবিন্দ শৰ্মা আক্ৰাছু, আছা, আটছা, আছু লগতে বহু সংখ্যক দল-সংগঠনৰ বিষয়-ববীয়াৰ উপস্থিত পানেৰী প্ৰেছ ক্লাৱৰ শুভ উদ্বোধনী সভা অনুস্থিত হয়।

উদ্বোধনৰ ভাষনেৰে উদ্বোধক তান্তিয়ে ভাৰতীয় স্বাধীননতা আন্দোলনত সক্ৰিয় ভুমিকা লোবা সংবাদ সেবী সকলক স্মৃতি ৰোমান্থন কৰাৰ লগতে নিকা-স্বচ্ছ  বাতৰি পৰিবেশণৰ দিহা পৰামৰ্শ আগবঢ়াই লগতে তেওঁৰ কাৰ্যকালৰ সময়তে প্ৰেছ  ক্লাৱৰ স্হায়ী কাৰ্যলয়ৰ ব্যৱস্হা কৰি‌দিয়াৰ আশ্বাস দিয়াৰ লগতে বহু লোকে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে য়ে স্বাধীনতাৰ ৭৫বছৰৰ পিছত পানেৰীত আজিৰ দিনটোক সোণালী দিন বুলি অভিহত কৰে, সাংবাদিক সেবা গণতন্ত্ৰৰ ছতুৰ্থ স্তম্ভ যদিও আজিৰ সমাজত এক সন্দেহৰ ভাব সৃষ্টি কৰিছে বিশেষকৈ সেবা মনোভাব আৰু নৈত্যিকহীনতা সাংবাদিক বৃত্তি লোৱাৰ বাবে, সেয়ে সাংবাদিক সকলকৰ সমাজৰ জনগণৰ সতে এক নিবিড়-মধুৰ সম্পৰ্কৰে দায়বদ্ধতাৰ লগতে সেৱাৰ মনোভাৱেৰে নিজৰ কৰ্ত্তব্য  কৰিবলৈ আৰু যুৱ প্ৰজন্মক নিছা জাতীয় দ্ৰব্যৰ পৰা আতৰাই ৰক্ষাত সাংবাদিক সকলৰ দায়িত্ব  গধুৰ বুলি উনুকিয়াই। 

দুমৗৰ নাট্যগোষ্ঠীৰ সৌজন্যত গোগামুখত নাট কৰ্মশালা

বৰেণ্য শিল্পী-সাহিত্যিক অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত দুমৗৰ নাট্য গোষ্ঠীৰ উদ্যোগত মিচিং দৃৰবৃ কৗবাং আৰু টাকাম মিচিং পৰিণ কৗবাং গোগামুখ আঞ্চলিকৰ সযোগত আজিৰে পৰা ১৫ অক্টোবৰলৈ এমহীয়া নাট কর্মশালা আয়োজন কৰা হৈছে ৷ গোগামুখৰ আবতানি লত্তাত আয়োজন কৰা এই এমহীয়া নাট কর্মশালাা উদ্ধোধনী অনুষ্ঠানটো আজি দুপৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৰ সভাপতিত্বত অনুষ্ঠিত হয়। উদ্ধোধনী সভাত কর্মশালাৰ শিবিৰ উদ্ধোধন কৰে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে । উদ্বোধনী অনুষ্ঠানত তেওঁ প্ৰয়াত শিল্পী অই আপ্পুন গণেশ পেগুৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ সংস্কৃতিয়ে দুস্কৃতিক বিনাশ কৰি এখন সুন্দৰ, সুস্থ-সবল সমাজ গঢ়ে বুলি উল্লেখ কৰাৰ লগতে সংস্কৃতিয়ে নৱপ্ৰজন্মৰ মাজত ন ন চিন্তাৰ উন্মেষ আনে বুলি দোহাৰে ৷

অই আপ্পুন শিল্পী গণেশ পেগুৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে মিচিং সাংস্কৃতিক সাধক, শিল্পী একলব্য গামে। কৰ্মশালা উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে ৷ এই এমহীয়া নাট কর্মশালাৰ সঞ্চালক হিচাপে থাকিব ৰাষ্ট্ৰীয় পর্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথে ৷ সহযোগী হিচাপে থাকিব মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা ৷ অসমৰ ডিব্ৰুগড়,যোৰহাট, মাজুলী, শিৱসাগৰ, তেজপুৰ, লখিমপুৰ আদিৰ পৰা অহা ১৭১ প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কর্মশালাত প্ৰশিক্ষক হিচাপে পাঠদান কৰিব ক্ৰমে-পাটনাৰ সত্য প্ৰকাশ, কলিকতাৰ বৰুণ কৌৰ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা, মানস প্ৰতীম নেওগ, বেনু পাটোৱাৰী, নাট পৰিচালক কুশল ডেকা, ত্ৰিপুৰাৰ বিদ্যূৎ জিং চক্ৰৱতীয়ে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ সচিব ডিম্বেশ্বৰ দলে, প্ৰাক্তন সচিব কালিনাথ পাংগিং, সংগীত শিল্পী সবিতা কাৰ্দং, কবি, নাট্যকাৰ, প্ৰৱন্ধাৰ জয়প্ৰকাশ পেগু. নাট্যকাৰ-পৰিচালক দীবাকৰ পেগু. অভিনেত্ৰী নয়নতৰা ছায়েঙ্গীয়া, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান আৰু দুমৗৰ নাট্যগোষ্ঠীৰ কলা-কুশলী সকল ৷ অনুষ্ঠানটো আঁত ধৰে দুমৗৰ নাট্যগোষ্ঠীৰ সম্পাদক ভৱেশ মেদকে ৷