মাজুলীত সংঘটিত মৰ্মান্তিক ঘটনাৰ পিছতে এতিয়া দৰঙ জিলাৰ ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাৰ আও পুৰণি জাহাজক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । দীৰ্ঘদিনীয়া দাবীৰ অন্তত কুৰুৱা বাসীক এখন নতুন জাহাজ প্ৰদান কৰা হৈছিল যদিও পুনৰ মাজুলীলৈ উক্ত জাহাজখন স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আজি পুৱাৰ ভাগত উক্ত জাহাজঘাটত কুৰুৱাৰ স্থানীয় লোকৰ উপৰিও আছু গোটৰ জৰিয়তে আবদ্ধ কৰা হয় এখন যাত্ৰী ভৰ্তি জাহাজ। ইয়াৰ পিছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জাহাজঘাটত। কুৰুৱাৰ পৰা গুৱাহাটীলৈ যোৱা এই জাহাজখনত নাই কোনোধৰণৰ অত্যাধুনিক লাইফ জেকেত এই দাবী কুৰুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ।
গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা: গ্ৰেপ্তাৰ তিনি দুধৰ্ষ বেংক প্ৰৱঞ্চক
ৰাজ্য জুৰি বেংক প্ৰৱঞ্চনা চলাই থকা তিনি দুধৰ্ষ প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিলে গোলাঘাট আৰক্ষীয়ে । প্ৰৱঞ্চক তিনিটা নাম হ’ল চায়িদ আহমেদ লস্কৰ ,নুৰ আহমেদ বৰভূঞা আৰু মতিবুৰ ৰহমান চৌধুৰী । ইয়াৰে দুজনক গুৱাহাটী আৰু এজনক হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে গোলাঘাট আৰক্ষীয়ে । উল্লেখযোগ্য যে গোলাঘাটৰ এখন মহাবিদ্যালয়ৰ অধ্যক্ষ বেংক একাউণ্টৰ পৰা ১৩ লাখ টকা হৰলুকী কৰিছিল এই তিনি অপৰাধীয়ে । এ.টি. এমত পইচা উলিওৱাৰ সময়ত কৌশলেৰে এ.টি.এম কাৰ্ডৰ জৰিয়তে প্ৰৱঞ্চনা আৰম্ভ কৰিছিল প্ৰৱঞ্চকৰ দলটোৱে । অধ্যক্ষ জনৰ একাউন্ট পৰা অনলাইন যোগে বেংকৰ পৰা 13 লাখ টকা হৰলুকী কৰি বিভিন্ন অনলাইন চাইটত অনলাইন শ্বপিং কৰিছিল প্ৰৱঞ্চক কেইটাই । অধ্যক্ষ গৰাকীৰ ধন হৰলুকী গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে তদন্ত চলাই এই দুধৰ্ষ প্ৰৱঞ্চক কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । প্ৰৱঞ্চক কেইটা ঘৰ হোজাই জিলাত বুলি আৰক্ষীয়ে জানিব দিয়ে । এই প্ৰৱঞ্চক কেইটাৰ লগত বহিৰাজ্যৰ প্ৰৱঞ্চকৰ সম্পৰ্ক থকা বুলি জানিব দিছে গোলাঘাট আৰক্ষীয়ে । প্ৰৱঞ্চক কেইটাৰ পৰা এখন FORD কোম্পানীৰ বিলাসী গাড়ী , বহুতো মোবাইন ফোন, বেংক পাছবুক ,লেপটপ, ৫৯ খন ডেবিট কাৰ্ড, ছিমকাৰ্ডৰ লগতে বহুতো আপত্তিজনক নথী পত্ৰ জব্দ কৰে আৰক্ষীয়ে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধ -পোচ আৰম্ভ কৰিছে ।প্ৰৱঞ্চক কেইটাৰ পৰা আৰক্ষীয়ে বৰ্ত্তমান পৰ্যন্ত ৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ৰাজ্য জুৰি প্ৰৱঞ্চনাৰ জাল মেলিছিল প্ৰৱঞ্চকৰ দলটোৱে ।
প্ৰশাসনীয় ভাৱে মেৰুদণ্ডহীন হোৱাৰ পথত নাজিৰা
ক্ৰমাৎ খালী হৈ পৰাৰ উপক্ৰম ঘটিছে নাজিৰা মহকুমা সদৰৰ বুকু। নগৰ আৰু মহকুমা হিচাপে গুৰুত্ব বৰ্দ্ধন কৰি অহা নাজিৰা মহকুমা সদৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয়টো নতুনকৈ ঘোষিত চৰাইদেউ জিলাৰ সদৰ সোণাৰীলৈ স্থানান্তৰ ঘটোৱাৰ চূড়ান্ত পদক্ষেপত উদ্বিগ্ন হৈ পৰিছে নাজিৰা মহকুমাৰ গাঁও-ভূইৰ হাজাৰ হাজাৰজন লোকৰ লগতে নাজিৰা আৰু শিমলুগুৰি নগৰৰ আবাসীসকলো । আনহাতে চৰকাৰেও এনে এক হঠকাৰী সিদ্ধান্ত কেবিনেটৰ যোগেদি প্ৰকাশ ঘটোৱাই নহয় খোদ জনসাধৰণৰ অজ্ঞাতেই ৰূপায়ণ কৰিবলৈ বিভাগীয় প্ৰস্ত্ততি অগ্ৰগতি ঘটাই কাইলৈৰপৰা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাক সোণাৰিলৈ লৈ যোৱাৰ বাবে পূৰ্ণ প্ৰস্ত্ততি সম্পন্ন কৰিছে । এই সন্দৰ্ভত নাজিৰাত সাংগঠনিক ভেটি থকা দুই এক সংগঠনে ইতিমধ্যে প্ৰশাসনৰ যোগেদি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা(গুৱাহাটী) , অতিৰিক্ত মুখ্য অভিযন্তা(নগাঁও) , অধীক্ষক অভিযন্তা (ডিব্ৰুগড়)লৈ প্ৰশাসনৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে । চৰকাৰে গোপনেই কাৰ্য্যালয়টো সোনাৰিলৈ স্থানান্তৰ ঘটোৱাৰ প্ৰস্ত্ততি যিকোনো প্ৰকাৰে স্থগিত কৰাৰ দাবী জনাই আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ প্ৰৱেশ পথতে প্ৰতিবাদী আন্দোলন কৰি বহি পৰে নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ বিষয়ববীয়া সকল । সদস্য সকলে অনতিপলমে চৰকাৰী এনে ষড়যন্ত্ৰ প্ৰত্যাহাৰৰ দাবী জনায় বিভাগটোৰ ওচৰত । নৱগঠিত চৰাইদেউ জিলাত এটি নতুন কাৰ্য্যালয় স্থাপিত হওক চৰকাৰে তাৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰক । ঠিকাদাৰ সকলে সেই কাৰ্যক সমৰ্থন জনাব । আনহাতে বিগত চাৰিটাকৈ দশক ধৰি নাজিৰা মহকুমাৰ সদৰত উপযুক্ত ৰাজহ ভূমিৰ আৱন্টনেৰে চলি ৰোৱা চৰকাৰী জনস্বাস্থ্য বিভাগটো স্থানান্তৰ কৰি নাজিৰাৰ গাঁও আৰু নগৰৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটাই এক ভুল ধাৰণাৰ জন্ম দিব বিচাৰিছে বি জে পিৰ চৰকাৰে । নাজিৰাৰ কাৰ্য্যালয়টো নতুনকৈ ঘোষিত জিলা চৰাইদেউলৈ তুলি নিয়া কাৰ্য্য কোনো প্ৰকাৰে গ্ৰহণ নকৰে বুলি নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সম্পাদক অপূৰ্ব লাহনে নিজ সংগঠনৰ স্থিতি দোহাৰে । তেওঁ কয় যে ১০ ছেপ্টেম্বৰত তেওঁলোকে প্ৰতিবাদী আন্দোলন কৰিছে আৰু প্ৰতিটো বিভাগীয় স্তৰলৈকে স্মাৰক পত্ৰ প্ৰদানৰ দিহা কৰিছে । বি জে পি চৰকাৰে নতুনকৈ বিভাগীয় সংমণ্ডল সৃষ্টি কৰাৰ পৰিৱৰ্ত্তে চুবুৰীয়া মহকুমাৰ প্ৰতিষ্ঠিত কাৰ্য্যালয়টোকে নতুন জিলালৈ স্থানান্তৰ ঘটোৱা কাৰ্য্যই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টিয়েই নহয় নাজিৰা মহকুমাৰ শশ নিবনুৱাৰ ভটিয়নী সংস্থাপনক ধূলিস্যাৎ কৰিব । সম্পাদক অপূৰ্ব লাহনে নাজিৰাৰ ৰাইজে ৰাজনীতিৰ উৰ্দ্ধত থাকি স্থানীয় সম্পদ বিয়োগ ঘটোৱা কাৰ্য্যৰ প্ৰতিবাদ জনাব বুলি কয় । সমিতিৰ স্মাৰক পত্ৰ নাজিৰাৰ মহকুমা প্ৰশাসনৰ হৈ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে গ্ৰহণ কৰে । শনি আৰু দেওবাৰৰ বন্ধৰ দিনত কাৰ্য্যালয় তুলি লৈ যোৱাৰ ব্লু-প্ৰিণ্টঃনাজিৰা মহকুমা বাসীৰ চল্লিশ বছৰে চলাই অহা এটুপি খোৱা পানীৰ বাবে কৰা সংগ্ৰামক ওচৰৰপৰা সমৰ্থন যোগাবলৈ প্ৰতিষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয় নিজ মহকুমাৰ কেন্দ্ৰ স্থলৰ পৰা হেৰাই যোৱাৰ আবেগত নাজিৰাৰ ৰাইজৰ বাধাৰ সন্মুখীন হোৱাৰ আশংকা কৰি শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ দিনকে বিভাগটোৱে গোপনে ঠিৰাং কৰা বুলি এক সূত্ৰত প্ৰকাশ । সেই সূত্ৰে মাহৰ দ্বিতীয় শনিবাৰ ১১ ছেপ্টেম্বৰত কাৰ্যবাহী অভিযন্তাক সোণাৰিত যোগদানৰ বাবে ৰেহ-ৰূপ প্ৰস্ত্তত হৈ উঠা বুলি অৱগত হোৱা ঠিকাদাৰ সমিতিয়ে আজি কাৰ্য্যবাহী দণ্ডাধীশ তথা নাজিৰাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈৰ আগত এনে কোনো কাৰ্য্য প্ৰশাসনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় । ১১ ছেপ্টেম্বৰত কোনো অচিলাৰেই যাতে গোপনে ফাইল আৰু কাৰ্য্যালয়ৰ সম্পদ স্থানান্তৰ কৰিব নোৱাৰে তাৰ বাবে ঠিকাদাৰ সমিতিয়েও গণতান্ত্ৰিক প্ৰতিৰোধ গঢ়ি ৰাখিব বুলি জনায় । উল্লেখযোগ্য যে একে স্থানৰে সমীপতে অৱস্থিত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডলীয় কাৰ্য্যালয়টিও শিৱসাগৰৰ উপসংমণ্ডলৰ লগত জাপি দিবলৈ ওলাইছে বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰ ।
বানপানীৰ কবলত বৃহত্তৰ কপাহবাৰী
হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত কপাহবাৰী,পাবিজুৰী,কৰৈয়ুনী পদুম পুখুৰী , উত্তৰ ডিমৰু পাৰ আদি কৰি কেইবাখন গাৱৰ ৰাইজ বানপানীৰ কবলত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে। হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বানপানীৰ কবলত পৰি খেতি-বাতি বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। বানপানীৰ ফলত বিদ্যুৎৰ খুটা পানীত পৰি বিদ্যুৎ বিচ্ছিন্ন হৈ আছে এই বৃহত্তৰ অঞ্চলটোত। কিন্তু ৰাইজৰ দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত নাই স্থানীয় বিধায়ক ছিৰাজ উদ্দিন আজমলৰ তথা চৰকাৰৰ আমোলা বিষয়া কৰ্মচাৰী সকল। নিৰ্বাচনৰ সময়ত সমষ্টিবাসী ৰাইজক উন্নতিৰ ফুলজাৰি মাৰি সাধাৰণ ৰাইজৰ পৰা ভোট আদায় কৰি এক প্ৰকাৰ নিৰুদ্দেশ হৈ আছে এ আই ইউ ডি এফ দলৰ বিধায়ক ছিৰাজ উদ্দিন আজমল৷ উপায়ন্তৰ হৈ সংবাদ মাধ্যমৰ জৰিয়তে ভুক্তভোগী ৰাইজে সহায় বিচাৰি স্থানীয় বিধায়কৰ লগতে চৰকাৰক কাতৰ আহ্বান জনায়।
চামতাত উত্তৰণৰ ২১ দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ
“ নৃত্য নাটকৰ কৰ্মশালা বা প্ৰশিক্ষনে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰে ৷ শিশু ,কিশোৰ সকল সদায় বন্ধু বান্ধৱৰ লগত খেলি ভাল পায় ৷ নৃত্য বা নাট কৰ্মশালাত তেওঁলোকে সমুহীয়া ভাৱে শাৰিৰীক কচৰৎ কৰাৰ লগতে কৰ্মশালাৰ বিভিন্ন নিয়মনীতি, নীতি কথা আৰু নাটকৰ আদব কায়দা শিকিব পায় যাৰফলত শিশু সকলৰ চৰিত্ৰ গঠন হয় ৷” নলবাৰী জিলাৰ চামতাত কালি পশ্চিম নলবাৰী অঞ্চলৰ স্হানীয় চামতা চানৰাইজ ক্লাৱৰ প্ৰেক্ষাগৃহত উত্তৰণ সাংস্কৃতিক গোষ্ঠী চামতাৰ উদ্যোগত এক ২১ দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰবীন সাংবাদিক, শিক্ষাবিদ, অভিনেতা, পৰিচালক ৰাজেন বৈশ্যই এনেদৰে কয় ৷ দিনৰ প্ৰায় ১২ বজাত কৰ্মশালাত কৰ্মশালা উদ্বোধনী অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে চামতা চানৰাইজ ক্লাৱৰ সভাপতি হৰিচৰণ শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ইলুচন শিল্পী সুচিব্ৰত ৰয় , মিমিক্ৰি শিল্পী গৌতম বৰ্মন, প্ৰবীন সাংবাদিক হিতেশ্বৰ লহকৰ, মঞ্চ আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সুকুমাৰ বৰ্মন, সাংবাদিক, সমাজকৰ্মী দুলাল ডেকা নিমন্ত্ৰিত অতিথি হিচাবে উপস্হিত থাকি নাটক, কৰ্মশালাৰ বিষয়ক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত শিল্পী গৌতম বৰ্মনে মিমিক্ৰি কৰি সকলোকে আমোদ দিয়ে ৷ কৰ্মশালাৰ উদ্যোগক্তা উত্তৰণৰ বিষয়ববীয়া কুলদ্বীপ তালুকদাৰে আতধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় প্ৰজ্ঞা তালুকদাৰে ৷
বিশ্বনাথঘাটত উদ্ধাৰ ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ
বিশ্বনাথৰ ভাছাতাপোত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় নিশ্চিত কৰা হল।মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।মৃতদেহৰ পকেটৰ মানি বেগৰ পৰা পোৱা পৰিচয়পত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা।মানি বেগৰ ভিতৰত ভোটাৰ কাৰ্ড,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদেহতো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।
খুৰাকে চিনাক্ত কৰিছে মৃতদেহতো।নথি পত্ৰ উদ্ধাৰ হৈছে মৃতদেহটোৰ সৈতে।
যোৱা ৮ ছেপ্টেম্বৰত পত্নীক জীৱনদান দি নিজেই মহাবাহু ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ যোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগ এটা শুকুৰবাৰে বিশ্বনাথত উদ্ধাৰ হোৱাৰ পাছতে আজি পুৱা বিশ্বনাথঘাটৰ ভাচাতাপুত ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হয় । ভটিয়নি সোঁতত উটি অহা মৃতদেহটো আজি উদ্ধাৰ কৰা হয়। ব্রহ্মপুত্রৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীয়ে নিয়মীয়া তহলৰ সময়তে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে মৃতদেহটোৰ পকেটৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ সহায়তেই মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰে।
উল্লেখ্য যে, উক্ত স্থানৰ পৰা কিছু নিলগতে যোৱা শুকুৰবাৰে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ পৰা পত্নীৰ বেগটো।
চাপৰত পিষ্টল সহ দুজন লোকক আটক

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দুটা পিষ্টল সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব দিয়া মতে লোক দুজন AS19E-4960 নম্বৰৰ এখন পালচাৰ বাইকেৰে বিলাসীপাৰা অভিমুখে আহি থকা অবস্থাত চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীৰ সহযোগত লোক দুজনক আটক কৰিবলৈ সক্ষম হয়।লোক দুজনৰ পৰা এটা 9MM পিষ্টল, এটা 7.6MM পিষ্টল আৰু এটা সজীৱ গুলি জব্দ কৰে। আটোকাধীন লোকদুজন ক্ৰমে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মজামেল হোক আৰু আনজন বাছিৰুল হোক বুলি জানিব দিয়ে। আটোকাধীন লোকদুজনক ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
নাজিৰা মহকুমাত অৱস্হিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিলৈ স্হানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷নাজিৰা ,শিৱসাগৰ ,ডিব্ৰুগড় ,তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিয়ে নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতে কাৰ্যালয়টো স্হানান্তৰ কৰিবলৈ দিয়া নহব বুলি উল্লেখ কৰি অনিৰ্দিষ্ট দিনলৈ আন্দোলন চলাই যাব বুলি সকিয়াই দিয়ে ৷ ঠিকাদাৰ সমিতিৰ শতাধিক কৰ্মীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মূৰ্দাবাদ , নাজিৰা সংমণ্ডল কাৰ্যালয় সোণাৰীলৈ স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি উত্তাল কৰি তোলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় চৌহদ । পিছত নাজিৰা , শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সভাপতি ৰমেশ কুমাৰ শৰ্মা আৰু সম্পাদক অপূৰ্ব লাহনৰ স্বাক্ষৰেৰে কাৰ্যালয়টি স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।
আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী
বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক। ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে। লগতে ক’লে নিমাতী–মাজুলী ফেৰীসেৱাৰ আধুনিকীকৰণৰ কথা। একক ইঞ্জিনচালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজ ব্যৱস্থা কৰিলে ।কথা মতেই কাম। আজিৰে পৰা চলাচল নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট। লাইফ জেকেট পৰিধান নকৰাকৈ ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনাইছে সকলোৱে। বহু জনে ক’লে – এই পদক্ষেপ কেতিয়াবাই ল’ব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা সদায় অৱ্যাহত থকাৰ কামনা কৰিছে।
নগৰবেৰাৰ খামেৰীত কাপোৰ ধুব গৈ নৈত পৰি কিশোৰীৰ সলিল সমাধি
কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী ভিটাপাৰাত কাপোৰ ধুব গৈ সলিল সমাধি ঘটিল এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ। গাঁৱখনৰ আব্দুৰ ৰহিমৰ কন্যা ১২ বছৰীয়া বিউটিয়াৰা পাৰবীণে কাপোৰ ধুব গৈ শুক্ৰবাৰে কৰুণ মৃত্যুক সাৱটিলে। পানীৰে পৰিপূৰ্ণ খামেৰী নদীত ঘৰৰ কাপোৰ-কানি ধুব গৈছিল কিশোৰী গৰাকী, কেনেবাকৈ নৈৰ পানীত পৰি সন্ধানহীন হোৱাৰ বহু পৰৰ পাছতহে তৎ পাই পৰিয়ালটোত হুৱাদুৱা লাগে। কিশোৰী গৰাকীক ততালিকে নগৰবেৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে চাইচিতি মৃত বুলি ঘোষণা কৰে। এনে শোকাবহ কাণ্ডই গাঁৱখনত বিয়পাইছে শোক আৰু চাঞ্চল্য।











