Home Blog Page 2854

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ একালৰ সতীৰ্থ পশ্চিম নলবাৰীৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদ

ক্ৰীড়াৰে জীৱন পাত কৰা তথা  শয়নে সপোনে ক্ৰীড়াকে হিয়াৰ আমুঠু হিচাপে গ্ৰহন কৰা পশ্চিম নলবাৰীৰ পানীগাঁওৰ থানেশ্বৰ সাউদ। শৈশৱ কালৰে পৰা শিক্ষকতা জীৱনৰ চাকৰী  অবসৰ  গ্ৰহন কৰাৰ  পিছতো ক্ৰীড়াৰে জীৱন চৰ্চা কৰা এই গৰাকী প্ৰবীন খেলুৱৈ আজি শষ্যাগত । হুইল চিয়াৰখনে হ’ল তেওঁৰ জীৱনৰ একমাত্ৰ  সংগী। আজি চাৰিকুৰি চাৰিবছৰীয়া  জীৱনৰ বিয়লি বেলাত  তাহানিৰ খেলৰ স্মৃতিকে সুৱৰি বাৰ্ধক্যত দিন কটাইছে তেওঁ। । এসময়ত অসমৰ খেলপথাৰ সমুহত দপ -দপাই থকা প্ৰবীন  ক্ৰীড়াবিদগৰাকী এসময়ৰ  এগৰাকী আন্তঃ ৰাষ্ট্ৰীয়  মাষ্টৰ্চ এথলেট খেলুৱৈ৷ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰো একালৰ সতীৰ্থ৷একেলগে  দুয়ো বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহন কৰিছিল৷   অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন তিনি ছেপ্তেম্বৰৰ  দিনটো ৰাজ্যচৰকাৰৰ ক্ৰীড়া দিৱস হিচাপে ঘোষনা কৰি বৰ্তমানৰ চৰকাৰখনে   ক্ৰীড়া ক্ষেত্ৰখনক এক গতিশীল মাত্ৰা প্ৰদান কৰি আহিছে।  অবশ্যে  আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ গৰাকীৰ প্ৰতি এতিয়া ৰাজ্যচৰকাৰৰ দৃষ্টি নপৰা কাৰ্যত জিলাখনৰ ক্ৰীড়াপ্ৰেমী সকলৰ মাজত  প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে  বিশিষ্ট শিক্ষাবিদ তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ থানেশ্বৰ সাউদে ১৯৬১ চনত প্ৰতিস্ঠাপক প্ৰধান শিক্ষক হিচাপে মিলন হাইস্কুল পানীগাওঁত সুদীৰ্ঘ ২৮  বছৰ শিক্ষকতা কৰি ১৯৯৮ চনত অবসৰ গ্ৰহন কৰিছিল৷ ইপিনে  ১৯৯৪ চনৰ পৰাই সদৌ অসম প্ৰবীন এথলেটিক সংস্হাৰ সৈতে জড়িত হৈ পৰিছিল৷  তেওঁ। সংস্হাটোৰ বিভিন্ন গুৰু দায়িত্ব লাভ কৰিছিল থানেশ্বৰ সাউদে৷এসময়ত ফুটবলত দুভৰিৰ যাদুৰে দৰ্শকক আপ্লুত কৰিছিল৷অকল এয়াই নহয় আন্তঃজিলা,ৰাজ্যিক,ৰাষ্ট্ৰীয়ৰ লগতে আন্তৰাষ্ট্ৰীয় মাষ্টৰচ প্ৰবীন এথলেটিক খেলি ক্ৰীড়া প্ৰেমীৰ মাজত অধিক জনপ্ৰিয়  হৈ পৰিছিল থানেশ্বৰ সাউদ৷আনহাতে থানেশ্বৰ সাউদে অসমৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তত মাষ্টাৰ্চ  এথলেটিকত অংশ গ্ৰহন কৰি সোন,ৰূপ আৰু ব্ৰঞ্জৰপদক এশৰো অধিক লাভ কৰিবলৈ সক্ষম হৈছিল৷এই গৰাকী প্ৰবীন ক্ৰীড়াবিদে ২০০৬ চনত অনুষ্ঠিত হোৱা মাস্টাৰচ এথলেটিক প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰাৰ লগতে উক্ত বৰ্ষতে বাংগালোৰত অনুষ্ঠিত চতুৰ্দশ এছিয়া মহাদেশ মাষ্টৰচ এথলেটিকত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি দীঘল জাম্পত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷

ধুবুৰী মাঝেৰচৰত ৭টাকৈ চোৰাং ম’হ জব্দ আৰক্ষীৰ

নিশা এক গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ মাঝেৰচৰত।মাঝেৰচৰ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ এখন চৰত ৭ টাকৈ উন্নত জাতৰ চোৰাং ম’হ মজুত কৰি ৰাখি বাংলাদেশলৈ প্ৰেৰণৰ কৌশল ৰচনা কৰা হৈছিল বুলি জানিবপৰা গৈছে। যদিওঁ আৰক্ষীৰ সফল অভিযানত জব্দ কৰা হয় চোৰাং ম’হ কেইটা। অৱশ্যে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই ধুবুৰী আৰক্ষীৰ অভিযানকাৰী দলটোৱে।

বঙাইগাঁওবাসীক সুচিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসন- স্বাস্থ্য বিভাগৰ পদক্ষেপ

বঙাইগাঁও জিলাৰ চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে ৰাইজক সুচিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ দীৰ্ঘদিন ধৰি জিলাখনৰ চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক – নাৰ্চ তথা স্বাস্থ্য কৰ্মী আদিৰ অভাৱৰ বাবে ৰাইজে চৰকাৰী চিকিৎসালয়সমূহৰ জৰিয়তে সুচিকিৎসা সেৱা লাভৰ পৰা বঞ্চিত হৈ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ৰ ওচৰ চাপিবলগীয়া হৈছিল ৷ কিন্তু শেহতীয়াভাৱে চৰকাৰী চিকিৎসালয়সমূহত পৰ্যাপ্ত চিকিৎসক – নাৰ্চ তথা অন্যান্য সুবিধাসমূহ উপলব্ধ কৰিছে স্বাস্থ্য বিভাগে ৷ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে পৰাপক্ষত এজন ৰোগীক যাতে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি অধিক গুৰুত্বাৰোপ কৰিছে ৷ লগতে ইয়াৰ বাবে জিলা অসামৰিক চিকিৎসালয়খনত প্ৰয়োজনীয় সকলো সা- সুবিধা উপলব্ধ কৰিছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৷ সেইদৰে জিলাখনত শিশু আৰু গৰ্ভৱতী মহিলাৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ওপৰতো গুৰুত্বাৰোপ কৰিছে ৷ ইপিনে বঙাইগাঁও জিলাত বৰ্তমান উপলব্ধ চিকিৎসা সেৱাৰ সবিশেষ তথ্য ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে শুকুৰবাৰে জিলা উপায়ুক্ত ডাঃ এম এচ লক্ষ্মীপ্ৰিয়াই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদ মেলত জিলা উপায়ুক্তগৰাকীয়ে সম্প্ৰতি বঙাইগাঁও  জিলাৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়,  ৰাজ্যিক চিকিৎসালয়, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সমূহীয়া স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগৰীয়া স্বাস্থ্য কেন্দ্ৰ আদিকে ধৰি মুঠ ৩৪খন চিকিৎসালয়ত থকা সা-সুবিধা তথা কিমান সংখ্যক চিকিৎসক আছে সেয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক অৱগত কৰাৰ প্ৰয়াস কৰে।উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে যে আজিৰ তাৰিখত বঙাইগাঁও জিলাত যিমান সংখ্যক চিকিৎসক থাকিব লাগে সিমানেই আছে  ৷ তেওঁ কয় যে বৰ্তমান জিলাখনৰ চিকিৎসালয়সমূহত সৰ্বমুঠ ১১৭ গৰাকী চিকিৎসক আছে। তাৰে ভিতৰত দুজন মেডিচিন বিশেষজ্ঞ , ৩ গৰাকী শৈল্য চিকিৎসক, ৮ গৰাকী প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ, ৩ গৰাকী শিশুৰোগ বিশেষজ্ঞ , এজন মানসিক ৰোগ বিশেষজ্ঞ, দুজন কাণ-নাক আৰু ডিঙি বিশেষজ্ঞ , ৪ গৰাকী চকু বিশেষজ্ঞ , এজন ৰেডিঅ’লজিষ্ট , ৫ গৰাকী দন্ত চিকিৎসক ,এজন অৰ্থপেডিক , ৪ গৰাকী এনাচথেছিয়া বিশেষজ্ঞ আৰু ৮৩ গৰাকী জেনেৰেল চিকিৎসক আছে। অনহাতে ষ্টাফ নাৰ্চ ১৪১ গৰাকী আৰু এ এন এম নাৰ্চ ১৭২ গৰাকীয়ে বঙাইগাঁৱৰ বিভিন্ন চিকিৎসালয়ত সেৱা আগবঢ়াই আছে। একেদৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এতিয়া আই চি ইউ, আভ্যন্তৰীণ মেডিচিন, শৈল্য চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ  চিকিৎসা, চকু চিকিৎসা, শিশুৰোগ চিকিৎসা সেৱা, অৰ্থপেডিক চিকিৎসা, মানসিক ৰোগৰ চিকিৎসা, দন্ত চিকিৎসা, কাণ – নাক আৰু ডিঙি ৰোগৰ চিকিৎসা, পেথ’ল’জি আৰু লেবৰেটৰী সেৱা, চিটি স্কেন আৰু এক্সৰে সেৱা, আল্ট্ৰা চ’নগ্ৰাফী, ডি ই আই চি, ডায়েলাইচিচ, নিউট্ৰিশ্যন ৰিহেবিলিটেশ্যন চেন্টাৰ, টীকাকৰণ, পি পি টি চি টি( এচ টি ডি- আই চি টি চি), ব্লাড বেংক, মৰণোত্তৰ পৰীক্ষা, ফাৰ্মাচী, এচ এন চি ইউ অৱ পেডিয়াত্ৰিকচ্ , এ বি- পি এম জে এ ৱাই, অমৃত ফাৰ্মাচী, এন চি ডি, যক্ষ্মা, পৰামৰ্শদান, বিনামূলীয়া ড্ৰাগছ সেৱা আদি সেৱা আগবঢ়াই থকা হৈছে। উল্লেখ্য যে  বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে ২৫১ খন বিচনা আছে আৰু ইয়াৰে ভিতৰত ২০ বিচনা আই চি ইউ কক্ষত আৰু ১৮খন বিচনা এচ এন চি ইউত আছে। সেইদৰে অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ বাবে ৩৮খন বিচনা থকাৰ বিপৰীতে বিদ্যাপুৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৩০খন ,বইটামাৰী আদৰ্শ চিকিৎসালয়ত ৭০খন আৰু মাণিকপুৰ আদৰ্শ চিকিৎসালয়ত ৬১খন বিচনা আছে । ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৰাইজৰ সুবিধাৰ বাবে ২৪ ঘন্টাই উপলব্ধ হোৱাকৈ এটা ফোন নম্বৰ মুকলি কৰা হৈছে ৷ ৬৯০১৭৮৭১১১ নম্বৰৰ এই ফোন নম্বৰটোত যোগাযোগ কৰি ৰাইজে চিকিৎসা সম্পৰ্কীয় বিতং তথ্য লাভ কৰিব ৷ একেদৰে ২৪ ঘণ্টাৰ বাবে দুখন এম্বুলেন্স ব্যৱহাৰৰ বাবে আছে ৷ সেইদৰে জিলাখনত ১০৮ এম্বুলেন্স আছে ২৩ খন ৷ আটাইকেইখন ব্যৱহাৰযোগ্য অৱস্থাত আছে ৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে ইতিমধ্যে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত অক্সিজেন প্লাণ্ট আহি পাইছে ৷ কিছুদিনৰ ভিতৰতে কাৰ্যক্ষম হৈ উঠিলে অক্সিজেনৰ অভাৱ দূৰ হ’ব ৷ তেওঁ জিলাবাসীক সকলো ধৰণৰ সুচিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বঙাইগাঁও অসামৰিক চিকিৎসালয় সাজু বুলিও কয় ৷ লগতে শিশু – গৰ্ভৱতী মহিলা তথা সকলোকে যি কোনো ৰোগত আক্ৰন্ত হলে ফাৰ্মাচী আদিৰ ওচৰ নাচাপি চিকিৎসালয়লৈ আহি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ জিলা উপায়ুক্তগৰাকীয়ে কয় যে ৰোগী এজনে চিকিৎসকৰ ওচৰলৈ নাহি ফাৰ্মাচীৰ পৰা ঔষধ খোৱাৰ ফলত মৃত্যুক সাৱতি ল’বলগীয়া হৈছে ৷ আনকি শিশুৰো মৃত্যু হৈছে ৷ তেওঁ জিলাখনৰ বভিন্ন স্থানত গঢ়ি উঠা অবৈধ ফাৰ্মাচীসমূহৰ বিৰুদ্ধে  অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেবা সঞ্চালকক নিৰ্দেশ দিয়ে ৷ ইপিনে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ চিকিৎসা গ্ৰহণ কৰিবলৈ অহা লোকসকলে যাতে অসুবিধাৰ সন্মুখীন হ’ব নালাগে তাৰ বাবে চিকিৎসালয়খনত সহায়তা কেন্দ্ৰ মুকলি কৰাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় ৷ জিলা উপায়ুক্তগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়খনৰ জৰিয়তে জিলাবাসীৰ লগতে চুবুৰীয়া জিলাৰ ৰোগীকো সুচিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে সকলো দিশৰ পৰা কাৰ্যক্ষম বুলি কয় ৷ ইপিনে জিলাখনত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালেও একেবাৰে শেষ হোৱা নাই ৷ পুনৰ তৃতীয় ঢৌৰ বাবে সাজু হ’ব লাগিব ৷ সেয়ে জিলাবাসীক ক’ভিড বিধি মানি চলিবলৈ আহ্বান জনাই তেওঁ কয় যে ইতিমধ্যে আমি জিলাখনৰ বিভিন্ন চিকিৎসালয়সমূহক উন্নীতকৰণৰ কাম আৰম্ভ কৰি প্ৰয়োজনীয় সা- সুবিধা উপলব্ধ কৰাৰ ব্যস্থা গ্ৰহণ কৰিছো ৷ সংবাদ মেলত জিলাৰ অতিৰিক্ত উপায়ুক্ত, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক,  বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক আদি উপস্থিত থাকে ৷

চাবুৱাত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন

উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছৰেপৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ  উচ্চ শিক্ষাৰ বাবে চৰকাৰী শিক্ষানুষ্ঠানসমূহত নাম ভৰ্তিৰ  ক্ষেত্ৰত ব্যাপক সমস্যা সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ  অতিমাৰী ক’ভিড পৰিস্থিতিৰ বাবে পৰীক্ষাৰ নিয়ম সলনি হোৱাত বিগত বৰ্ষৰ তুলনাত এইবাৰ দুয়োটা পৰীক্ষাতে  অভাৱনীয় ভাৱে উত্তীৰ্ণ হাৰ বৃদ্ধি  হ’ল। ডিব্ৰুগড়  জিলাত ইয়াৰ উত্তীৰ্ণ হাৰ আছিল ৯৮%।  বিগত বৰ্ষতে উতীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত (উচ্চতৰ আৰু স্নাতক) আসনৰ সংখ্যা কম হোৱাৰ বাবে নাম ভৰ্তিৰ ক্ষেত্ৰত  সমস্যাৰ সৃষ্টি হৈছিল। কিন্তু এইবাৰ উত্তীৰ্ণ হাৰ অত্যাধিক হোৱাত ছাত্ৰ-ছাত্ৰীসকলে বিগত বৰ্ষৰ তুলনাত বেছি হাহাকাৰ কৰিব লগা হৈছে।এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জিলাখনৰ বিভিন্ন আঞ্চলিকে আজি এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। জিলাৰ আহ্বান মৰ্মে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থায়ো চাবুৱা নগৰৰ বাছ স্থানত দুঘন্টীয়া অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

পূৱা ১০ বজাৰ পৰা হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচী মহামানৱ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিছব্বিত এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে চাবুৱা আছুৰ সভাপতি মৃদুপৱন গগৈয়ে। সম্পাদক প্ৰণৱ জ্যোতি দত্তই আঁতধৰা উক্ত বিক্ষোভ কাৰ্যসূচীৰ যোগেদি প্ৰতিখন মহাবিদ্যালয়তে স্নাতক আৰু উচ্চতৰ মাধ্যমিক শাখাত আসনৰ সংখ্যা বৃদ্ধি কৰা, বিদ্যালয়-মহাবিদ্যালয়ত খালি হৈ থকা শিক্ষকৰ  পদসমূহ অতিশীঘ্ৰে পূৰ্ণ কৰা , ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাথঁনি গঢ়ি তোলা , ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰাতঃ আৰু দিবা ভাগত পাঠদানৰ ব্যৱস্থা কৰা, আমন্ত্ৰিত শিক্ষকৰ ব্যৱস্থা কৰি শিক্ষকৰ অভাৱ  পূৰণ কৰিবলৈ আছুৰ প্ৰতিবাদকাৰীসকলে দাবী জনায়। বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ নিপাত যাওক, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মূৰ্দাবাদ, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, শিক্ষাবিভাগ লেই লেই চেই চেই, শিক্ষাবিভাগ হুচিয়াৰ, ইনক্লাব জিন্দাবাদ, শিক্ষাৰ্থী জীৱনক লৈ হেঁতালি খেলা চৰকাৰে বন্ধ কৰক, আদি বিভিন্ন শ্ল’গানেৰে চাবুৱা নগৰ উত্তাল কৰি তোলে।১২ বজাত প্ৰত বালী কাৰ্যসূচী সামৰণি মাৰি চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ শিক্ষামন্ত্ৰীলৈ এখন ছয় দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।  

বকোৰ ছমৰীয়াত দুষ্প্ৰাপ্য মৃত শিহু উদ্ধাৰ

ৰাজ্যত অবাধ গতিত চলিছে বনজ সম্পদ ধ্বংসৰ বেহা। ইয়াৰ জলন্ত উদাহৰণ স্বৰূপে কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলত প্ৰতিদিনেই বন বিভাগৰ লোকে জব্দ কৰে চোৰাংকৈ সৰবৰাহ কৰা মূল্যবান গছৰ টুকুৰা ; বালি কঢ়িওৱা গাড়ী অথৱা গছ কটা মেচিন। উল্লেখ্য যে ; পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ এলেকা বকোৰ ছমৰীয়াত অবৈধ বালি খননৰ ভায়াৱহ ছৱি সকলোৰে জ্ঞাত। ইয়াৰ ফলত ছমৰীয়াৰ শালমাৰা মৰাকলহী নদীত আজি একেলগে দুটা দুস্প্ৰাপ্য মৃত শিহু (RIVER DOLPHIN) উদ্ধাৰ হয়। জানিব পৰা মতে পুৱাতে নদীৰ বুকুত উপঙি থকা শিহু দুটা প্ৰত্যক্ষ কৰে স্থানিয় ৰাইজে। ততালিকে স্থানীয় ৰাইজে নদীৰ পৰা মৃত শিহু দুটি উদ্ধাৰ কৰি আনে ৷ ৰাইজৰ অভিযোগ যে বকো ছমৰীয়াৰ পৰা শালমাৰ ঘাটলৈ নদীৰ বুকুৰ পৰা দিনে নিশাই চলাই আছে অবৈধ বালি খনন। বালি খনন কৰি তুলা মেচিনৰ কোৱত ৰিভাৰ ডলফিন দুটা মৃত্যু হোৱা বুলি দাৱী কৰে অঞ্চলটোৰ ৰাইজে। ইফালে স্থানীয় ৰাইজৰ মতে বন বিভাগক মেনেজ কৰি চলাই আহিছে এই বালিৰ ব্যৱসায়। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে ম’ৰাকলহী নদীক শিহুৰ বিচৰন ভুমি হিচাপে চিহ্নিত কৰি বালি খনন বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল। তৎস্বতেও বন বিভাগৰ দায়িত্ববাহী বিষয়া সকলে চোৰাং বালি ব্যৱসায়ীৰ লগত জড়িত হৈ লোক চক্ষুৰ সম্মুখেৰে বালি সৰবৰাহ কৰি আহিছে। আজি শালমাৰা ঘাটত দূষ্পাপ্য শিহু দুটা মৃত অৱস্থাত উদ্ধাৰ হোৱা খৱৰ নগৰবেৰাস্থিত বন বিভাগৰ বিষয়া কৰ্মচাৰীক অৱগত কৰাৰ পিছতো সাংবাদিক উপস্থিত হোৱা সময়লৈ আহি নপোৱাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

ৰঙিয়াত সেনা বাহিনীৰ স্বৰ্ণীম বিজয় উৎসৱ পালন

ৰঙিয়াত ভাৰতীয় সেনা বাহিনীৰ স্বৰ্ণীম বিজয় অগ্নিশিখাক উষ্ম আদৰণি । ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰা ৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰা উলিওৱা হৈছে । যোৱা বছৰ ১৬ ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা এই স্বৰ্ণীম বিজয় অগ্নিশিখাৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল । পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত জয়লাভ কৰা সোনালী জয়ন্তী বৰ্ষ হিচাপে সমগ্ৰ দেশতে এই অগ্নিশিখা কঢ়িয়াই নিয়া হব । শনিবাৰে সেনা বাহিনীৰ দল এটাই এই অগ্নিশিখা কঢ়িয়াই আনি ৰঙিয়া ৰেল জংচনত উপস্থিত হয়। ইয়াৰ পিছতে ৰঙিয়া ৰেল ডিভিজনৰ মুখ্য প্ৰৱন্ধক বিজয় কুমাৰ শ্ৰীবাস্তবে অগ্নিশিখা গ্ৰহণ কৰি সেনাবাহিনীৰ বাদ্যযন্ত্ৰীসকলৰ দ্বাৰা পৰিবেশিত ৰাষ্ট্ৰীয় গীতৰ অভিবাদন গ্ৰহণ কৰে। লগতে স্থানীয় ৰাইজে ৰঙিয়াৰ ষ্টেচনত ভাৰত মাতা কি জয় ধ্বনিৰে ৰাজপথ মুখৰিত কৰি তোলে । সেনা বাহিনীৰ লোক সকলে এই স্থানত ক্ষন্তেক সময় স্থানীয় ৰাইজৰ মাজত ৰাষ্ট্ৰীয় পতাকা বিতৰণ কৰে,ইয়াৰ পিছত স্বৰ্ণীম বিজয় অগ্নিশিখা লৈ ঠায়ে ঠায়ে ৰৈ এই দলটো বাংলাদেশলৈ ৰাওনা হব বুলি মন্তব্য কৰে । উল্লেখ্য যে ১৯৭১ চনৰ ১৬ ডিছেম্বৰত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যুদ্ধত জয়লাভ কৰিছিল । এনেদৰেই সেই বছৰে পাকিস্তান বিভাজিত হৈ বাংলাদেশৰ জন্ম হৈছিল । সেই যুদ্ধ খনত ১৩ হাজাৰ পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । সেই যুদ্ধত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বিজয় উৎসৱৰ অংশ হিচাপে এই স্বৰ্ণীম বিজয় অগ্নি শিখাক সমগ্ৰ ভাৰততে পৰিভ্ৰমণ কৰা থকা হৈছে বুলি জানিবলৈ দিয়ে সেনা বাহিনীয়ে ।

বিহালী চাহ বাগিছাত যক্ষ্মা সজাগতা সভা

ৰাষ্ট্রীয় যক্ষ্মা দুৰীকৰণ আঁচনিৰ অধীনত বিহালী যক্ষ্মা গোটৰ সৌজন্যত আজি যক্ষ্মা সজাগতা সভা অনুষ্ঠিত হয় !মহকুমা স্বাস্হ্য ওচিকিৎসা বিষয়া ডা.যোগেন চন্দ্র বে ৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁত ধৰে বিহালী খণ্ড প্রাথমিক স্বাস্হ্য কেন্দ্রৰ  যক্ষ্মা গোটৰ  জেষ্ঠ নিৰিক্ষক  অভিজিত বৰুৱাই !বৰুৱাই যক্ষ্মা নির্মুলকৰণ আঁচনি চৰকাৰী ব্যৱস্হা আৰু জনসাধাৰণৰ সজাগতা সম্পর্কত অৱগত কৰে !এই সজাগতা সভাত মহকুমা স্বাস্হ্য ও চিকিৎসা বিষয়াই কয় যে দুসপ্তাহ ধৰি কাহ,ৰাতি ৰাতি জ্বৰ আৰু ঘাম ওলালে তক্ষণাত কফ পৰীক্ষা কৰিব লাগে বুলি কৈ যক্ষ্মা ৰোগৰ চিকিৎসা সম্পুর্ন বিনামুলীয়া হব বুলি কৈ বিহালীত বিহালী খণ্ড প্রাথমিক চিকিতসালয়,কেথলিক হস্পিতাল আৰু জিনজিয়া প্রাথমিক স্বাস্হ্য কেন্দ্রত বিনামুলীয়া কফ পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্হা আছে বুলিও কয় ! এই সভাত বিহালী চাহ বাগিছাৰ জেষ্ঠ পৰিচালক মনোৰণ্জন তালুকদাৰে সকলো শ্রমিকক কোভিড ভেকচিন ৰ লগতে অন্যান্য বেমাৰৰ বাবে চাহবাগিছাই ব্যৱস্হা কৰি আহিছে আৰু এই ক্ষেত্রত সজাগতাৰো প্রয়োজন ! আনহাতে সাংবাদিক ভুবন লুইটেল আৰু খগেন মটকেও চাহ বাগিছাত হৈ থকা অন্ধ বিশ্বাস আৰু কুসংস্কাৰ সম্পর্কত প্রকাশ কৰে !সভাত বিহালী চাহ বাগিছাৰ চিকিৎসক ডা .অভিজিত শৰ্মা ,ফার্মাচীষ্ট শৰত শইকীয়া,অম্লান পুজাৰী সহ মাদাৰ ক্লাৱ,আশাকর্মী আদিয়ে অংশ গ্রহন কৰে !ভবিষ্যতে সকলোৰে সহযোগিতা কামনা কৰি শলাগৰ শৰাই আগবড়ায় শৰত শইকায়াই !

নতুন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত স্বাস্থ্যখণ্ডত ১৯৪১ গৰাকীক নিযুক্তি প্ৰদান

ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত আজি নতুনকৈ ৭০ গৰাকীক নিযুক্তি দিয়ে ৰাজ্য চৰকাৰে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শণিবাৰে আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই চৰকাৰী দন্ত-চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱক্তা পদত ৩১ গৰাকী আৰু চিকিৎসা মহাবিদ্যালয়ৰ অশৈক্ষিক অনুষদ (ন’ন-টীচিং ফেকাল্টী)ৰ ৩৯টা পদত বাচনি লাভ কৰা এই নৱনিযুক্ত প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ প্ৰদান কৰে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গুৱেল, আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, আয়ুক্ত (খাদ্য সুৰক্ষা আৰু পৰিদৰ্শন) মনালিছা গোস্বামী, বিশেষ সচিব কৃষ্ণা গোহাঁই, এনএইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মনন, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা, স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটেকে ধৰি বিভাগটোৰ শীৰ্ষবিষয়াবৰ্গই অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যৰ একাধিক নতুন চিকিৎসা মহাবিদ্যালয়ৰ ন’ন টীচিং ফেকাল্টীৰ ৫গৰাকী ক্লিনিকেল ছাইক’ল’জীৰ প্ৰৱক্তা, ১৮গৰাকী মেডিকেল ছ’চিয়েল ৱৰ্কাৰ, ৬গৰাকী চাইক্ৰিয়াট্ৰিক ছ’চিয়েল ৱ’ৰ্কাৰ, ৭গৰাকী জুনিয়ৰ ফীজিচিষ্ট, ৩গৰাকী চাইল্ড চাইক’ল’জিষ্ট আৰু চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়ৰ বাবে ৩১গৰাকী প্ৰৱক্তাক নিযুক্তি পত্ৰ প্ৰদান কৰাহয়।

নৱনিযুক্তসকলক সম্বোধি অনুষ্ঠানৰ মুখ্য অতিথি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘মানৱসেৱাৰ বাবে আগবাঢ়ি অহা আপোনালোক প্ৰতিগৰাকীকে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডলৈ আদৰণি জনাইছো। এখন কল্যাণকামী ৰাষ্ট্ৰৰ চৰকাৰৰ অংশ হিচাপে জনসাধাৰণক নিঃস্বাৰ্থ ভাৱে সেৱা আগবঢ়োৱাটোৱেই আমাৰ সকলোৰে দায়িত্ব। আমাৰ সমাজ বস্তুবাদী হৈ গৈ আছে আৰু বহুসময়ত ব্যৱসায়িক মানসিকতায়ো চিকিৎসা সেৱাৰ ক্ষেত্ৰখনক কম-বেছি পৰিমাণে প্ৰদূষিত কৰা পৰিলক্ষিত হয়। আজি নিযুক্তি লাভ কৰা প্ৰতিগৰাকীয়েই এনে প্ৰদূষণৰ পৰা নিজকে মুক্ত ৰাখি স্বাস্থ্য বিভাগৰ সুনাম বৃদ্ধিৰ প্ৰয়াসৰত হ’ব বুলি আমি আশাবাদী।’ এই অনুষ্ঠানৰ মঞ্চৰ পৰাই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নৱনিযুক্তসকলৰ লগতে ৰাজ্যত চিকিৎসা সেৱাত নিয়োজিতসকলক মনৰ পচন্দৰ স্থানলৈ বদলি বিচাৰি স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফূৰাৰ পৰা আঁতৰি থাকিবলৈও সোঁৱৰাই দিয়ে। স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, ‘আমাৰ স্বাস্থ্য বিভাগত প্ৰতিগৰাকী চিকিৎসক-চিকিৎসাকৰ্মীয়েই জনসাধাৰণৰ সেৱাৰ বাবেহে নিয়োজিত হৈ আছে। এই কথা প্ৰত্যেকেই আগন্তুক দিনত সদায়ে মনত ৰখা উচিত। আপোনালোকক যি ঠাইতেই নিযুক্তি দিয়া হৈছে, তাতেই ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ মানসিক ভাৱে প্ৰস্তুত হৈ আছে বুলি আমি আশা কৰিছো। কোনেও যাতে যোগদানৰ বাবে পচন্দৰ স্থান বিচাৰি স্বাস্থ্য বিভাগত লাগি নাথাকেহি, তাৰ বাবে আজিয়েই সকলোকে আমি কৈ থ’ব বিচাৰিছো। ৰাইজক সেৱা কৰিবলৈ য’তে সুবিধা পাইছে, তাতে সম্পূৰ্ণ ভাৱে আত্মনিয়োগ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো।” আগন্তুক চাৰি-পাঁচ বছৰতে অসমত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ সংখ্যা ২৩খনলৈ বৃদ্ধি পাব বুলি জানিবলৈ দি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমত স্বাস্থ্যসেৱা খণ্ডৰ গুণগত মান উন্নীত কৰাৰ লগতে চিকিৎসা আন্তঃগাঁঠনিও ক্ষিপ্ৰতাৰে সম্প্ৰসাৰিত কৰি দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ শাৰীলৈ তোলাৰ বাবে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ অংশ হিচাপে ৰাজ্যত বৰ্তমান ৮খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ নিৰ্মাণকাৰ্য বহুখিনি আগবাঢ়িছে আৰু পুনৰ নতুনকৈ আৰু ৫খন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰো নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে আৰম্ভ হ’ব। নতুন চৰকাৰখনে যোৱা ১০ মে’ত দায়িত্বভাৰ গ্ৰহণৰ পাছতে যোৱা চাৰিটা মাহত স্বাস্থ্য বিভাগে ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ১৬৬গৰাকী বিশেষজ্ঞ চিকিৎসক, ৪৮২গৰাকী এমবিবিএছ চিকিৎসক, ৩২৭গৰাকী সামূহিক স্বাস্থ্য বিষয়া আৰু ৮৯৬গৰাকী ষ্টাফ নাৰ্ছ নিযুক্তি দিয়া লবুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অতি কম দিনৰ ভিতৰতে আন ৩০০গৰাকী চিকিৎসককো স্বাস্থ্য সেৱা খণ্ডত নিযুক্তি দিয়া হ’ব বুলি তেওঁ সদৰি কৰে। স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে, ‘আজিৰ ৭০ গৰাকীকে ধৰি মুঠ ১,৯৪১গৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, টেকনিচিয়ানক ইতিমধ্যে এইখন চৰকাৰৰ চাৰিমহীয়া কাৰ্যকালত নিযুক্তি দিয়াৰ পাছত স্বাস্থ্যসেৱা খণ্ডত নতুনকৈ ৮৮৫৫টা পদত নিযুক্তিৰ বাবেও চলিত ছেপ্টেম্বৰতে আনুষ্ঠানিক ভাৱে বিজ্ঞাপন প্ৰকাশ কৰা হ’ব।’

স্বাক্ষৰিত হ’ব ‘কাৰ্বি শান্তি চুক্তি’; অমিত শ্বাহ, মুখ্যমন্ত্ৰী শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা

কেন্দ্ৰই শনিবাৰে নতুন দিল্লীত ত্ৰিপাক্ষিক “কাৰ্বি শান্তি চুক্তি” স্বাক্ষৰ কৰাৰ সম্ভাৱনা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি সংগঠনৰ প্ৰতিনিধিসকলৰ উপস্থিতিত ইয়াত স্বাক্ষৰিত হ’ব বুলি আশা কৰা হৈছে।প্ৰতিবেদন অনুসৰি, আবেলি ৪ বজাত গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) নৰ্থ ব্লক কাৰ্যালয়ত চুক্তিখন স্বাক্ষৰিত হ’ব ।

ৰতনী পথাৰ গাঁৱৰ জৰাজীৰ্ণ অৱস্থাত মূল পথ

ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শাসিত বিজেপি চৰকাৰে ৰাজ্যৰ সম্পত্তি বিক্ৰি কৰাৰ বাহিৰে উন্নয়নমূলক কাম যে কৰা নাই তাক বাৰে বাৰে প্ৰমাণিত কৰি আহিছে বুলি উল্লেখিত সমিতিখনে প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে কয় যে যি সময়ত ৰাজ্য চৰকাৰৰ বিধানসভাৰ মজিয়াত অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত ৰাজহুৱা উদ্যোগ গঢ়ি তুলা, ৰাস্তা পদূলি নিৰ্মাণ কৰা, শিক্ষানুষ্ঠান সৱলিকৰণ কৰা, গাওঁৱে ভূঞে ২৪ ঘন্টাৰ বিদ্যুৎ যোগান ধৰা, নদীৰ মথাউৰি নিৰ্মাণ কৰা আদিৰ দৰে সমস্যা সমূ্হৰ ওপৰত আলোচনা নকৰি হিন্দু-মুছলিমৰ ধৰ্মীয় ৰাজনীতি,গৰু আদিৰ দৰে বিষয়সমূহতে লাগি থাকে তেনে চৰকাৰে কি উন্নয়ন কৰিব সহজে বুজিব পৰা যায় । আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱাই সংবাদ পত্ৰলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত ছাত্ৰ নেতা গৰাকীয়ে কয় যে এই বিজেপি চৰকাৰখনে ৰাস্তা পদূলি উন্নয়ন হৈছে বুলি ঢোল-তাল কোবাই থকা সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ অন্তৰ্গত ৰতনিপথাৰ গাওঁবাসীয়ে বসবাস কৰা গাওঁৰ  ভিতৰলৈ সুমোৱা মূল পথটো পুখুৰী-সদৃশ দ’-গাঁত বোকা পানীৰে ভৰা জৰাজীৰ্ণ অবস্থাত গাওঁখনৰ ছাত্ৰ-ছাত্ৰী সৰ্বসাধাৰণ ৰাইজে এই ৰাস্তাত অহা যোৱা কৰি দূৰ্ভোগ ভুগিব লগা হৈছে। লগতে ছাত্ৰ নেতা গৰাকীয়ে ক্ষোভ উজাৰি কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱে আগন্তুক বিত্তীয় বৰ্ষত এই পথটো মেৰামতিৰ দায়িত্ব নললে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে তীব্ৰ  আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।