Home Blog Page 2853

এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌ

অলিম্পিকত জয়ী হৈ ভাৰতৰ খেলুৱৈসকলে যি গৌৰৱৰ কঢ়িয়াই আনিলে সমগ্ৰ ভাৰতবৰ্ষত আজিও উলহ মালহৰ পৰিবেশে বিৰাজ কৰি থকা অৱস্থাতে ভাৰতবৰ্ষৰ অন্যতম ৰাজ্য অৰুণাচলৰ চাংলাং জিলাৰ  বৰডুমচাৰ লৈ আহিল শুভ সংবাদ। এছিয়ান গামা চেম্পিয়নশ্বিপ-২০২১ৰ  প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বৰডুমচাৰ জাওখাম দিলী চিংফৌয়ে ব্ৰঞ্জ পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে নিজ ৰাজ্যত এক বৃহৎ গৌৰৱ কঢ়িয়াই আনিছে। ব্ৰঞ্জ পদক লাভ কৰি প্ৰথম বাৰৰ বাবে নিজ ৰাজ্যত খোজ দিয়াৰ খবৰ পায় অৰুণাচল বৰডুমচাৰ চিংফৌৰ উন্নয়ন সমিতিয়ে এক আদৰণি অনুষ্ঠান আয়োজন কৰি অসম অৰুণাচল সীমান্তৰ বৰডুমচাৰ মূল গেতৰ পৰা আদৰণি সভাৰ মূল কক্ষলৈ আদৰণি জনায়। উপস্থিত থাকে স্থানীয় বিধায়ক সামলুং মুচাং, এডিচি বিষয়াৰ লগতে আহোম, আদিবাসী, চিংফৌ, কছাৰী, টাংছা লগতে ভিন্ন জাতীয় দল সংগঠন, সাংবাদিক, শিক্ষিত সমাজ আৰু স্থানীয় ৰাইজ উপস্থিত হৈ আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে।

আদৰণি সভাত স্থানীয় বিধায়ক সামলুং মুচাং ডাঙৰীয়াই গৌৰৱ কৰি কয় যে আজি মই সুখী হৈছোঁ আগন্তুক দিনত জাওখাম দিলী চিংফৌয়ে আগুৱাই যাওঁক প্ৰয়োজনত যিকোনো সুবিধা যোগ্য অনুসৰি সহায় কৰাৰ কথা প্ৰকাশ কৰে।ইয়াৰ লগতে আগন্তুক দিনত জাওখাম দিলী চিংফৌৰ দৰে আৰু ভাল ভাল খেলুয়ৈ ওলাব লাগিব তেতিয়াহে খেলৰ দিশত দুগুণ আগবাঢ়ি বুলি মন্তব্য প্ৰকাশ কৰে। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে স্থানীয় বিধায়ক গৰাকীয়ে সকলোকে নিজৰ মা দেউতা বুলি ভবাৰ কথা প্ৰকাশ কৰি আগন্তুক দিনত নিজৰ সমষ্টিত যিকোনো সমস্যা সমাধানৰ বাবে কাম কৰি যাম বুলিও প্ৰকাশ কৰে। ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌয়ে যেতিয়া প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈছিল তেতিয়াও আৰ্থিক দিশত সহায় কৰাৰ কথা প্ৰকাশ কৰে। উপস্থিত থকা এডিছি বিষয়া জনেও শুভেচ্ছা মূলক বাৰ্তা প্ৰেৰণ কৰি আগন্তুক দিনত আৰু আগুৱাই যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে। আদৰণি সভাৰ মুখ্য অতিথি ব্ৰঞ্জ পদক প্ৰাপ্ত জাওখাম দিলী চিংফৌয়ে আদৰণি সভাত নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি উক্ত পদক লাভ কৰিবলৈ সক্ষম হোৱাত প্ৰেৰণা দিয়া আৰু আৰ্থিক দিশত সহায় কৰা সমূহ ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আদৰণি সভাৰ আহ্বায়ক সমিতিক ধন্যবাদ জ্ঞাপন কৰে। আগন্তুক দিনত স্বৰ্ণ পদক লবলৈ চেষ্টা চলাই যোৱাৰ কথা প্ৰকাশ কৰি নৱ প্ৰজন্মকক নিজৰ যোগ্য অনুসৰি নিজক ক্ৰিয়া দিশত আগুৱাই লৈ যাবলৈ আহ্বান জনাই।আহ্বায়ক সমিতিৰ লগতে উপস্থিত থকা অন্য দল সংগঠন আৰু স্থানীয় ৰাইজে গৌৰৱ অনুভৱ কৰিছে আৰু আগন্তুক দিনত স্থিৰ মনেৰে স্বৰ্ণ পদক লাভৰ বাবে প্ৰশিক্ষণ লোৱাৰ বাবে আহ্বান আৰু শুভেচ্ছা জ্ঞাপন কৰে।

অসমৰ জনজাতীয় লোকৰ মাটি ভেটি চিৰস্থায়ী ভাৱে সুৰক্ষিত কৰিবলৈ আহ্বান জনজাতীয় ছাত্ৰ সন্থাৰ (আটছু)

সদৌ অসম জনজাতীয় ছাত্ৰ সন্থা চমুকৈ আটছু ২০১৫ চনত জন্ম গ্ৰহণ কৰা জনজাতীয় সংগঠনটোৱে বিভিন্ন সময়ত জনজাতীয় সমস্যা,তথা জনজাতীক কৰা নিৰ্যাতনৰ বিপক্ষে মাত মাতি আহিছে।শেহতীয়াভাৱে কোকৰাঝাৰ আৰু ঢেঁকীয়াজুলিৰ লগতে নন্দীতা শইকীয়াৰ বৰ্বৰ কাণ্ডক লৈয়ো তীব্ৰ বিৰুধীতা কৰি ফাৰ্ষ্টট্ৰেক আদালতৰ দাবী জনাই আহিছে।থিক একেদৰে নতুনকৈ গঠন কৰিব লগিয়া ৫০ শতাংশ জনজাতী অধ্যক্ষিত অঞ্চল ট্ৰাইবেল বেল্ট এণ্ড  ব্লক, আনহাতে ৫০ শতাংশতকৈ কম  জনজাতীয় অঞ্চলবোৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লক নস্যাৎ কৰা সিধান্ততক অসম জনজাতীয় ছাত্ৰ সন্থাই তীব্ৰ বিৰুধীতা কৰিছে।

আৰু সেয়েহে জনজাতীয় লোকক কৰা ষড়যন্ত্ৰ আৰু নিৰ্যাতন বন্ধ কৰিবলৈ আৰু জানতীয় লোকক সংবিধানে দিয়া অধিকাৰ আৰু প্ৰাপ্যৰ পৰা  বঞ্চিত নকৰি জনজাতীয় অধিকাৰ সমূহ সাব্যস্ত কৰাৰ দাবীত জনজাতীয় ছাত্ৰ সন্থাই ১৪ দফীয়া দাবীৰে ওদালগুৰি জিলাৰ লগতেঅসম জনজাতি ছাত্ৰ সন্থা(আটছু) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ কেইবাখনো জিলা,যেনে-কোকোৰাঝাৰ জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে আটছুৰ সভাপতি হৰিশ্চৰ ব্ৰহ্ম, মাজুলী জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ আটছু উপ-সভাপতি উত্তম নৰহ, গুৱাহাটী কামৰূপ মেট্ৰৰ উপায়ুক্তৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে মুখপাত্ৰ শ্বেখৰ বড়ো আৰু প্ৰচাৰ সম্পাদক গেৰেমচা নাৰ্জাৰী, ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে আটছুৰ উপ-সভাপতি কনক চন্দ্ৰ বড়ো আৰু প্ৰেছ সচিব অমৰজিৎ ৰাভা, ধেমাজী জিলাৰ জোনাই মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে প্ৰেৰণ কৰে শিক্ষা সম্পাদক চিত্ৰজিৎ পেগু, শিৱসাগৰ জিলাৰ ডিমৌ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰে সাংগঠনিক সম্পাদক ৰঞ্জিত টাহু, ধেমাজী জিলাৰ গোগামুখ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰেৰণ কৰে  সম্পাদক দেৱকুমাৰ পেগু আৰু ক্ৰিয়া সম্পাদক চশাংক পেগু , বাক্সা জিলাৰ বাচকা চক্ৰ বিষয়াৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰেৰণ কৰে বিত্ত সচিব অনুপ মুচাহাৰী আৰু অমিয় কুমাৰ লাউজাৰি।চিৰাং জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে সাংস্কৃতিক সম্পাদক অমৃথ বসুমতাৰীয়ে ৷


এনেদৰে কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত অসমৰ প্ৰায়  ৯খন জিলাউপায়ুক্ত,মহকুমাধিপতি আৰু চক্ৰ বিষয়াৰ জৰিয়তে মাননিয় ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মাননিয় অসমৰ মুখ্যমন্ত্ৰী লৈ অসমৰ জনজাতী সকলৰ বিভিন্ন সমস্যা সমূহ সমাধান কৰিবলৈ প্ৰায় ১৪ দফীয়া দাবীৰে  স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

আজি শিক্ষক দিৱস

গুৰু ব্ৰহ্মা , গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ ।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নম:।।
আজি ৫ চেপ্তেম্বৰ শিক্ষক দিৱস। স্বাধীন ভাৰতৰ উপৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিন উপলক্ষে তেওঁক স্মৰণ কৰি এই পবিত্ৰ শিক্ষক দিৱস পালন কৰা হয়। ছাত্ৰ-ছাত্ৰী সকলে উদযাপন কৰিব নোৱাৰা ক’ৰণা কালৰ এইটো দ্বিতীয়তম শিক্ষক দিৱস। পূৰ্বৰ দৰে শিক্ষক দিৱস উপলক্ষে কৰা কাৰ্যসূচীৰ এতিয়া বিপৰীত দৃশ্য বিদ্যালয় সমূহত বিৰাজ কৰিছে।এক নিমাও মাও পৰিৱেশে বিৰাজ কৰিছে বিদ্যালয় তথা মহাবিদ্যালয়সমূহত।
আজিৰ এই পবিত্ৰ ক্ষণত গুৰুৰ আশীষ ল’বলৈও সৌভাগ্য নহ’ল শিক্ষাৰ্থীসকলৰ। ক’ৰণা কালৰ বাবে বিদ্যালয় তথা মহাবিদ্যালয়সমূহ বন্ধ থকাৰ বাবেই পূৰ্বৰ তুলনাত এতিয়া শিক্ষাৰ্থীসকলৰ মাজত নাই কোনো উৎসাহ আৰু উদ্দীপনা।

চামগুৰিৰ চকীটুপত চাইকেলসহ চোৰাং কাঠ জব্দ

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যলয়ৰ এটা বনকৰ্মী দলে  চকীটুপ অঞ্চলত  অভিযান চলাই চাইকেল সহ চোৰাং কাঠৰ ফান্টা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া নেপাল মণ্ডলৰ খবৰৰ ভিৰ্ত্তিত আজি পুৱা প্ৰায় ৭ মান বজাত এটা তহলদাৰী বন কৰ্মীৰ দলে চকীটুপ অঞ্চলত অভিযান চলাই ৬খন চাইকেলসহ ৩০ টুকুৰা মূল্যবান চোৰাং কাঠৰ ফান্টা জব্দ কৰিবলৈ সক্ষম হয়। আনহাতে যোৱা কালি শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা তহলদাৰী বন কৰ্মীৰ দলে শালনাৰ  উত্তৰ ডিজু সংৰক্ষিত বনাঞ্চলত অভিযান চলাই ৫খন চাইকেলসহ কাঠ কটা কৰত জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগে চলোৱা দুয়োটা অভিযানতে চোৰাং কাঠ ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে। আনহাতে বন বিভাগে জব্দ কৰা চাইকেল আৰু চোৰাং কাঠ সমূহ শালনা বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।বিদ্যুত জ্যোতি বৰা

বিহালী জনতা ষ্টেডিয়াম নিৰ্মাণৰ স্থান পৰিদৰ্শন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ  প্ৰাক্তন কেৱিনট মন্ত্ৰী ৰঞ্জিত দত্ত সদ্যঘোষিত জনতা ষ্টেডিয়াম নিৰ্মাণৰ বাবে শনিবাৰে প্ৰথম লানি কামৰ  ক্ষেত্ৰভ্ৰমণ কৰে সহকাৰী অভিযন্তা যাদৱ চন্দ্ৰ নাথ ,কনিষ্ঠ অভিযন্তা  উত্তম কুমাৰ নাথ,শোণিতপুৰ জিলা ক্ৰিয়া বিষয়া  খনিন্দ্ৰ মূদৈ আৰু শাৰীৰিক নিৰ্দেশক  ৰঞ্জিত গগৈ  লগতে স্থাপত্যবিদ পাৰ্থসাৰথি গোঁহাইকে ধৰি এটি দল।উক্ত দলটো সৈতে উপস্থিত থাকে  বিধায়ক  ৰঞ্জিত দত্ত । উক্ত স্থানত প্ৰথম পৰ্যায়ৰ ১২ কোটি টকাৰ আবন্টন দিয়া হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই। ষ্টেডিয়াম খন নিৰ্মাণ সম্পূৰ্ণ হলে অঞ্চল বহু ছাত্র ছাত্ৰী ক্ৰিয়া জৰিয়তে উপকৃত হ’ব বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।ইফালে ক্ষেত্ৰত পৰিদৰ্শন সময়ত বিধায়ক ৰঞ্জিত দত্তই স্থানীয়   বিশিষ্ট  ব্যক্তি তথা প্ৰাক্তন জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যক্ষ দ্বীপেন বৰা, বৰালি মৰা গাওঁ পঞ্চায়ত সভাপতি লাচিত বৰা, বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী জিলা পৰিষদ সদস্য দিপালী ঢাকাল দেৱী,  বিশিষ্ট ব্যক্তি শুকদেৱ বৰুৱা, শিক্ষক তথা সমাজ সেৱক সঞ্জীৱ দাস, সচেতন যুৱক ৰঞ্জন বনীয়া, ভাৰতীয় জনতা পাৰ্টি জিলা অনুসূচীত জাতি সম্পাদক অৰুপ দাসকে ধৰি অঞ্চল বহু কেইজন ব্যক্তি উপস্থিত থাকে।ইফালে ৰাংছালী আৰ্দশ গাৱঁৰ মুল আদৰণি যি তোৰণ নিৰ্মাণ হৈ আছে সেই তোৰণ খন নিৰ্মাণ কাৰ্য বুজ লয় বিধায়ক ৰঞ্জিত দত্তই।

ভাৰতীয় আদৰ্শ নিকেতনৰ ‘গুৰু-শিষ্য পৰম্পৰা’

উত্তৰ গুৱাহাটী শিলসাকোঁস্হিত শংকৰদেৱ শিশু নিকেতন উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আজি উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত কৃতী ছাত্ৰ-ছাত্ৰী তথা বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা আৰু চিনিয়ৰ ছেকেণ্ডাৰী পাঠদান আৰম্ভ কৰিবলৈ ভৱন উন্মোচন কৰা হয়। বন্তি প্ৰজ্বলন, বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানৰ সঞ্চালনা কৰে উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে আৰু উদ্দেশ্য ব্যাখ্যা কৰে প্ৰধান আচাৰ্য উৎপল তালুকদাৰে। বিধায়ক পুঁজিৰ পৰা লাভ কৰা ১০ লাখ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি উলিওৱা ভৱন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ সভানেত্ৰী  মৃনালিনী দেৱীয়ে। মুখ্য অতিথি মৃনালিনী দেৱীয়ে ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনায়৷ বিশিষ্ট মাৰ্গদৰ্শক গৰাকীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত সময়ৰ লগত খাপখোৱাকৈ দৃঢ় সিদ্ধান্ত লৈ নিজৰ জীৱনত আগবাঢ়াৰ লগতে দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হবলৈ আহ্বান জনায় ৷  ভাৰতীয় আদৰ্শেৰে অসমীয়া মাধ্যমত কিতাপৰ শিক্ষাৰ লগতে নিকেতনত যি সংস্কাৰ আৰু গুৰু-শিষ্য পৰম্পৰা বিদ্যমান, তাৰবাবে আচাৰ্য-আচাৰ্যাক ধন্যবাদ জনায়। অনুস্থানত ২০২০ আৰু ২০২১ বৰ্ষত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰিক্ষাত উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনাও  জনোৱা হয়৷ নিকেতনখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পোৱা ২০২০ বৰ্ষৰ উপাসনা কলিতা  ৮৫.৩৩% আৰু ২০২১ বৰ্ষৰ হৃষিতা পৰাশৰ ৯৮.৩৩% নম্বৰেৰে প্ৰথম স্হান লাভ কৰা দুয়োকে মিত্ৰবালা বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ পুৰস্কাৰেৰে সন্মানিত কৰা হয় ৷ দ্বিতীয় স্হান  লাভ কৰা  ২০২০ বৰ্ষৰ উপমা বৈশ্য (৮৩.৩৩%) আৰু ২০২১ বৰ্ষৰ প্ৰাপ্তি বৰদলৈ (৯৭.৬৭%) লৈ প্ৰয়াত ইন্দ্ৰেশ্বৰ গোস্বামী বঁটাৰ লগতে নগদ  পুৰস্কাৰ দিয়া হয়৷ আনহাতে তৃতীয় স্থান লাভ কৰা ২০২০ বৰ্ষৰ নীহাৰিকা দাস (৮১.১৭%) আৰু ২০২১ বৰ্ষৰ পাকী বৰুৱা (৯৬.৫%) লৈ  যাদৱ শৰ্মা সোঁৱৰণী বঁটা আৰু নগদ ধন আগবঢ়োৱা হয়। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এই বছৰো তিনি গৰাকী বিশিষ্ট শিক্ষাবিদক সমাজৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোক যথাক্ৰমে বিশিষ্ট লেখক, শিক্ষাবিদ খগেন শইকীয়া, প্ৰাক্তন প্ৰধান আচাৰ্য, শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ, হুপেশ চৌধুৰী, প্ৰাক্তন প্ৰবক্তা পদাৰ্থ বিজ্ঞান বিভাগ, উত্তৰ গুৱাহাটী মহাবিদ্যালয়, লীলা দেৱী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল। আজিৰ সভাত ২০২০-২১ বৰ্ষৰ বাবে সুসংগঠক, কৰ্ম্মযোগী, শিক্ষাবিদ শান্তনু ৰঘুনাথ শেণ্ডেজীৰ সোঁৱৰণত আগবঢ়োৱা “নিষ্ঠা বঁটা” নিকেতনৰ উপ-প্ৰধান আচাৰ্য জগদীশ শৰ্মা, আচাৰ্যা কমলা কলিতা বৰ্মন আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দীপ ৰজকলৈ নগদ ধন আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয়। প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু অধ্যাপিকা প্ৰতিমা বৰুৱাই ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভবিষ্যত জীৱনতো উন্নত ফলাফলৰে নিজৰ লগতে অঞ্চলৰ গৌৰৱ বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰে।
শলাগৰ শৰাই আগবঢ়ায়  উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই। শেষত কল্যাণ মন্ত্ৰেৰে অনুষ্ঠানৰ সমাপন কৰা হয়।

নলবাৰীৰ চামতাত বুজন পৰিমানৰ গাঞ্জা জব্দ

বৰ্তমান সময়ত নলবাৰী জিলাত অব্যাহত নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ  । কিন্তু তেনে সময়তে নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহকাৰীক নাকি লগাবলৈ সষ্টম হৈ আছে নলবাৰী আৰক্ষী । সেইমৰ্মে আজি নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ৰুপীয়াবাথান আৰু চামতা চ’কত জিলা খনৰ উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তৰ নেতৃত্বত চলোৱা এক অভিযানত ৪ কেজি ২৫০ গ্ৰাম গাঞ্জা জব্দ কৰা হয় ৷ আনহাতে উক্ত  গাঞ্জা সৰবৰাহ আৰু বিক্ৰী কৰা কাৰ্যত জড়িত বনমালী বৰ্মন ,নিৰঞ্জন চালৈ, ৰতন বৰ্মন আৰু ৰুবুল বৰ্মনক আটক কৰিবলৈ সক্ষম হয়৷ইপিনে উপ আৰক্ষী অধীক্ষক জিকি ৰানী মহন্তক সহযোগিতা কৰে  চামতা পহৰা চকীৰ উপ পৰিদৰ্শক গোবিন্দ দাসে৷দীৰ্ঘদিনৰ পৰা চামতাকে ধৰি পশ্চিম নলবাৰীৰ বিভিন্ন প্ৰান্তত মদ গাঞ্জা আদিৰ অবাধ প্ৰচলন হৈ আহিছিল ৷

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ভেকচিন গ্ৰহণক লৈ কঠোৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ কোনো কৰ্মচাৰী আহিব নোৱাৰিব। কৰ্মচাৰীসকলে ভেকচিন নোলোৱাৰ অজুহাতত কাৰ্যালয়লৈ নাহিলে বৰ্খাস্ত কৰাৰ নিৰ্দেশ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। পৰ্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো ভেকচিন গ্ৰহণ নকৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে। একেদৰে ব্যৱসায়ীৰ ক্ষেত্ৰতো ভেকচিন নোলোৱা গৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়ী প্ৰতিষ্ঠান। এই নিৰ্দেশ নামানি প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিক ছীল কৰিব। এই কাৰ্যৰ বাবে উপাযুক্তক ক্ষমতা কৰা হৈছে। নিয়ম নামানিলে চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান তাৎক্ষণিকভাৱে বন্ধ কৰা হ’ব।আনহাতে সকলোচৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠান সন্মুখত থাকিব লাগিব চেলফ ডিকলাৰেশ্বন।

বৰপেটাত নৃত্য-গীতৰ মাজেৰে পোষণ মাহৰ আনুষ্ঠানিক শুভাৰম্ভ

 মাতৃ আৰু শিশুৰ উপযুক্ত পৰিপুষ্টিৰ বিষয়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বৰপেটা জিলাতো আৰম্ভ হোৱা পোষণ মাহৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এটি অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে এই কাৰ্যসূচী শুভাৰম্ভ কৰি দিয়া ভাষণত অঙ্গনবাড়ী কৰ্মী সহায়িকা আৰু নিৰ্দেশিকা সকলকে আদি কৰি সমাজ কল্যাণ বিভাগৰ বিষয়া সকলক অতি আন্তৰিকতাৰে কাৰ্যসূচী খন সফল কৰি তুলিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, চাকৰিৰ মাজেৰে সমাজ সেৱাৰ এনে সুন্দৰ সুযোগ ভাগ্যবান জনেহে লাভ কৰে। সেয়ে পোষণ অভিযানক সফল ৰূপ দি  জিলাখনৰ  প্ৰতিটো শিশু আৰু মাতৃক উপযুক্ত পৰিপুষ্টিৰে সুস্থ সবল ৰূপত গঢ়ি তোলাৰ লক্ষ্যত উপনীত হবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে এয়া আমাৰ প্ৰতিজনৰে এটা দায়িত্ব। তাৰ বাবে ৰাইজক সজাগ কৰাৰ লগতে তেওঁলোকৰ অভ্যাসৰো সলনি কৰিব লাগিব বুলি মতপ্ৰকাশ কৰে। এই মাহটোৰ কাৰ্যসূচীক সফল ৰূপ দিয়াৰ উদ্দেশ্য বৰপেটা জিলাৰ বাবে ‘ভোগমন’ নাম দি প্ৰস্তুত কৰা শুভঙ্কৰটিও উপায়ুক্ত গৰাকীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে।  উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত‌ৰ উদ্ভাৱনী চিন্তাৰে জিলাখনৰ বিশেষত্ব আৰু বিষয় বস্তুৰ গুৰুত্বৰ ওপৰত লক্ষ্য ৰাখি অভিনৱ ৰূপত এই শুভংকৰটি প্ৰস্তুত কৰা হৈছে।  সভাখনৰ আৰম্ভণীতে তেওঁ উদ্দেশ্য ব্যাখ্যা কৰি পোষণ মাহৰ তাৎপৰ্য বুজাই কয়। ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত দিপাঙ্কৰ কলিতাই আঁতধৰা সভাখনত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, মাণ্ডলিক আঁচনি বিষয়া জ্যোতিৰেখা বৰগোহাঁই আৰু জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসেও ভাষণ দিয়ে। অনুষ্ঠানত বৰপেটা সংহত  শিশু বিকাশ প্ৰকল্পৰ অন্তৰ্গত অঙ্গনবাড়ী নিৰীক্ষক আৰু মন্দিয়াৰ অঙ্গনবাড়ী কৰ্মী-সহায়িকা সকলে জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে লোক  সংগীত আৰু নৃত্যৰ মাজেৰে সামাজিক বাৰ্তা প্ৰদান কৰা কেবাটাও সুন্দৰ অনুষ্ঠান পৰিবেশন কৰে। এই অনুষ্ঠানৰ সৈতে ৰজিতা খুৱাই বিভিন্ন অঙ্গনবাড়ী কেন্দ্ৰৰ দ্বাৰা প্ৰস্তুত কৰা পুষ্টিদায়ী শাক-পাছলি আৰু পিঠা-পনা আদিও প্ৰদৰ্শন কৰা হয়। সভাৰ মাজতে কেবাগৰাকী গৰ্ভৱতী মহিলা আৰু ছবছৰৰ অনুৰ্ধৰ শিশুৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰী আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱত ন -পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ-নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ কাৰ্যলয়ত আজি ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ ন-পুৰণি সতীৰ্থ সাংবাদিকৰ মত-বিনিময় আৰু নৱ নিৰ্বাচিত সমিতিৰ কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠান হৈ যায়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই সভাপতিত্ব কৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য বাখ্যা কৰে–ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। অনুষ্ঠানত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ নৱ নিৰ্বাচিত সভাপতি ফাইজুৰ ৰহমান, জ‍্যেষ্ঠ সাংবাদিক তথা প্ৰাক্তন সাংবাদিক বসন্ত শৰ্মা,টিকেন্দ্ৰ বৰ্মন,হেমন্ত শৰ্মা,আব্দুল গণিয়ে অতীতৰ অভিজ্ঞতাৰ কথা সুৱৰি আৱিগক হৈ পৰে। লগতে উক্ত অনুষ্ঠানত ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ প্ৰত্ৰিকা সম্পাদক শ্বাহ আলাম আহমেদে-পুৰ্বৰ তিতা-কেহাসমুহ সুৱৰি স্মৃতি ৰোমান্থন কৰে।লগতে আলামে নবীন সাংবাদিক সত্য পথৰে বাতৰি প্ৰকাশ কৰি  দুৰ্নীতি বিৰুদ্ধে কলম ধৰিবলৈ আহ্বান জনায়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উপসভাপতি জগত তালুকদাৰে ভাষণত সমাজিক দায়িত্ব বহন কৰি সাংবাদিক হ’ব লাগিব বুলি মন্তব্য কৰে।অনুষ্ঠানত নবীন সাংবাদিক পংকজ কুমাৰ লহকৰ, ৰবীন্দ্ৰ নাথ কলিতা,কৈলাশ ডেকা,দাস ৰমেন কুমাৰ, বৰ্তমান জগতৰ সাংসদ সেৱৰ ওপৰত মনপোষণ কৰে।উক্ত অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা তথা অনাতাঁৰ শিল্পী কেশৱ কলিতাই সুধাকন্ঠ  ড০ ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিৱেশন কৰি আল্পুত কৰি তোলে।উক্ত অনুষ্ঠানতে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ  নৱ-নিৰ্বাচিত সমিতিখনে কাৰ্যভাৰ গ্ৰহণ কৰে।