Home Blog Page 2852

কেৱল ফলক স্থাপন কৰিয়েই সৰকালে দুই লক্ষাধিক টকা

ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমিয়পুৰ গাঁও পঞ্চায়তৰ নাৰেংকাতি কছাৰি গাঁৱত ২০১৯-২০২০ বিত্তীয় বৰ্ষত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন(এমজিএনৰেগা)ৰ অধীনত দুই লক্ষাধিক টকাৰ এক আঁচনি ৰূপায়নৰ নামত গুৰুতৰ দুৰ্নীতি সংঘটিত হৈছে। এই প্ৰতিবেদনৰ সৈতে প্ৰকাশ পোৱা পকী ফলকৰ ফটোখনেই এই দুৰ্নীতি প্ৰতিপন্ন কৰিছে । ফলকখনত উল্লেখ থকা তথ্য অনুসৰি, নাৰেংকাতি কছাৰি গাঁৱত অৱস্থিত নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ফুলৰ বাগিছা গঢ়ি তোলাৰ এক আঁচনি ৰূপায়নৰ বাবে ২০১৯-২০২০ বৰ্ষত ২,১৯,৬২৮ টকা এমজিএনৰেগাৰ অধীনত অনুমোদিত হৈছিল । ইয়াৰে ২,০৭,৬৬৮ টকা মজুৰিৰ বাবে ধাৰ্য কৰা হৈছিল সৰ্বমুঠ ১০৭৬ টা দিন মজুৰিৰ বিপৰীতে । আনহাতে ,মুঠ অনুমোদিত ধনৰ ১১,৯৬০ টকা ধাৰ্য কৰা হৈছিল আঁচনিখন ৰূপায়নত প্ৰয়োজন হোৱা সামগ্ৰীৰ বাবে ।আমাৰ হাতত পৰা তথ্যত প্ৰকাশ পোৱা মতে, আঁচনিখনৰ সমুদায় ধনেই ইতিমধ্যে ব্যয় কৰা হৈছে ।কিন্তু বাস্তৱত দেখা গৈছে আঁচনিৰ তথ্য উল্লেখ থকা পকী ফলকখনৰ বাহিৰে বিদ্যালয়খনৰ চৌহদত আঁচনিখন ৰূপায়নৰ কোনোধৰনৰ অস্তিত্বই নাই । স্থানীয় বহুকেইজন লোকে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, ফলকখন স্থাপন কৰা স্থানত চাৰি ট্ৰেক্টৰ মাটি ভৰোৱা হৈছিল আৰু সেই মাটিখিনি চাৰিজন শ্ৰমিকে এদিনতে কোৰেৰে মিলাই সমান কৰি দিছিল । আন এদিন শ্ৰমিক চাৰিজনে ফুলনিৰ বেৰ দিবলৈ কিছু পৰিমানে বাঁহৰ গোজ বা খুঁটি প্ৰস্তুত কৰিছিল যদিও আজি পৰ্যন্ত বেৰ নিৰ্মাণ কৰা নহ’ল । গোজখিনি সেই ঠাইতে পৰি থাকি শুকাই পচি গৈছে। এনেদৰে চাৰি ট্ৰেক্টৰ মাটি কটা আৰু মাটি মিলোৱা আৰু সামান্য পৰিমাণৰ বাঁহৰ গোজ প্ৰস্তুতৰ কামত নিয়োজিত শ্ৰমিকৰ অতি বেছি পোন্ধৰ- বিশটামান মজুৰিৰ বাবদ আঁচনিখনৰ অনুমোদিত মজুৰিৰ ধনৰ পৰা দৰাচলতে ২৮৯৫ৰ পৰা ৩৮৬০ টকাহে ব্যয় হৈছে বুলি স্থানীয় লোক সকলে জনায়। আনহাতে, সামগ্ৰীৰ নামত চাৰিডাল বাঁহৰ বাহিৰে আন একোৱেই ক্ৰয় কৰা নাই বুলিও স্থানীয় লোক কেইগৰাকীয়ে কয় । এনেদৰে, এডালো ফুলৰ পুলি ৰোপন নকৰাকৈ তথা ফুলনিৰ বেৰ নিৰ্মাণ নকৰাকৈয়ে নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন অস্তিত্বহীন ফুলনি গঢ়ি দুই লক্ষাধিক টকাৰ এমজিএনৰেগাৰ মজুৰিৰ ধন জালিয়াতিৰে সৰকাই নিয়ে পঞ্চায়ত প্ৰতিনিধি, গ্ৰামীণ ৰোজগাৰ সহায়ক আৰু একাংশ স্থানীয় বিজেপি কৰ্মীৰে গঠিত এক চক্ৰই । একেদৰে ভুৱা নথিৰে চক্ৰটোৱে সৰকায় সামগ্ৰীৰ নামত ধাৰ্য কৰা ধনৰাশিও ।উল্লেখযোগ্য যে,  বিদ্যালয়খনৰ চৌহদত উন্মুক্ত ভূমিত জিলিকি থকা আঁচনিখনৰ তথ্য সম্বলিত পকী ফলকখনে এমজিএনৰেগাৰ নামত ঢেকীয়াজুলিৰ একাংশ পঞ্চায়তত কেনে প্ৰহসন চলি আহিছে তাকেই জলজল পটপটকৈ দাঙি ধৰিছে । নাৰেংকাতি কছাৰি গাঁৱৰ সচেতন ৰাইজে এই আঁচনিখনৰ ৰূপায়নত সংঘটিত গুৰুতৰ দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ফুলনিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনক দাবী জনাইছে ।

আখৰাৰ বাবে সাজু থিয়েটাৰ হিমাদ্ৰী

নাট্যপ্ৰেমী দৰ্শক ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰি সম্পূর্ণ এটা বছৰ বিৰতিৰ পিছত আখৰা আৰম্ভ কৰিছে ভ্ৰাম্যমাণ নাট্যজগতৰ কেইবাটাও নাট্যদলে। চলিত ২১-২২ নাট্যবৰ্ষত সুস্থ ৰুচিসম্পন্ন নাটক দিয়াৰ প্ৰতিশ্ৰুতিৰে ইতিমধ্যে সাজু হৈছে নবজ্যোতি বুল শইকীয়াৰ প্ৰয়োজিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ স্মৃতিত  থিয়েটাৰ হিমাদ্ৰী । মন্দিতা দত্ত শইকীয়াই পৰিকল্পনা কৰা থিয়েটাৰ হিমাদ্ৰী ৰ মঞ্চত চলিত নাট্যবৰ্ষত থাকিব চাৰিজন নাট্যকাৰৰ চাৰিখন ভিন্ন ৰসৰ  নাটক। নাটক সমূহৰ হৈছে সতীশ দাসৰ “দেউতা তুমি দেৱতা” সমৰেন্দ্ৰ বৰ্মনৰ “ৰঘুনাথ” প্ৰতুল ভূঞাৰ “এই মৰম তোমাৰ বাবে” আৰু দেবজিত শৰ্মাৰ “নিষিদ্ধ এলেকা” যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা প্ৰবিত্ৰ প্ৰাণ বৰা, সদানন্দ বৰা, বিশ্বজিত, প্ৰনব বৰা, অভিনেত্রী জোনালী বৰুৱা, বৈজয়ন্তী মালা, সঙ্ঘমিত্রা শইকীয়া, ভাবনা দেবী আৰু খাপলংকাইৰ ভূত খ্যাত মুনিন্দ্ৰ দাসে। নাট্যদলটোৰ কাৰ্য্যবাহী প্ৰযোজক ভাস্কৰ শইকীয়া আৰু সম্পাদকৰ দায়িত্বত থাকিব দিজু ভৰালী আনহাতে প্ৰতিনিধিৰ দায়িত্বত আছে গজেন ৰাজখোৱা, অজয় চৌধুৰী আৰু বলীন বৰা। কভিড পৰিস্থিতিৰ কিছু সাম কটাৰ লগে লগে চলিত নাট্যবৰ্ষকলৈ যথেষ্ট আশাৰে নাট্যদলটোৰ প্ৰয়োজক পৰিচালক তথা শিল্পী কলাকুশলী সকল সাজু হৈছে । অহা ১৬ ছেপ্তেম্বৰ বৃহস্পতিবাৰে মাংগলিক কাৰ্য্যসূচীৰে হিমাদ্রী থিয়েটাৰে আখৰা শুভাৰম্ভ কৰিব বুলি প্ৰযোজকে জানিব দিছে লগতে সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা কামনা কৰিছে। 

বৰছলাত দুষ্প্ৰাপ্য গুঁই সাপ উদ্ধাৰ

শোণিতপুৰ জিলাৰ বৰছলাত এটি দুষ্প্ৰাপ্য গুঁই সাপ উদ্ধাৰ হয়। জানিব পৰা মতে অঞ্চলটোৰ বৰভগীয়া গাঁৱৰ হৰেকৃষ্ণ দাসৰ নতুনকৈ নিৰ্মীয়মান শৌচালয়ৰ গাতত গুঁই সাপ এটি আবদ্ধ হৈ থকাত গৃহস্থই প্ৰত্যক্ষ কৰি স্থানীয় যুৱক নিতু ডেকাক খবৰ দিয়ে। ডেকাই ঢেকীয়াজুলি আঞ্চলিক বন বিভাগৰ বন কৰ্মীৰ সহযোগত গুঁই সাপটি উদ্ধাৰ কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খৈৰাশালী বন শিবিৰত মুকলি কৰি দিয়ে।

গোসাইগাঁৱত আমছুৰ শিক্ষা সজাগতা সভা

 “শিক্ষা অবিহনে কোনো এটা জাতি কোনো ক্ষেত্ৰতে সফলতা নাপায়। শিক্ষাৰ অভাবে মানুহৰ চৰিত্ৰ গঠনতো ব্যাপক প্ৰভাব পৰে।অশিক্ষিত লোকৰ মাজত অপৰাধপ্ৰৱনতা বৃদ্ধি পায় শিক্ষাৰ প্ৰসাৰ নঘটিলে সামাজিক ক্ষেত্ৰতো অন্ধ বিশাস, কুপ্ৰথা-অপসংস্কৃতি আদি ক্ষতিকাৰক দিশ সমূহৰ বৃদ্ধি ঘটে।যাৰ বাবে ঘৰে ঘৰে শিক্ষাৰ পোহৰ বিলাবলৈ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে বিশেষ এক কাৰ্যসূচী হাতত লৈছে।”ঘৰে ঘৰে শিক্ষা- তেতিয়াহে ৰক্ষা” শ্লোগানেৰে আমছুৱে শিক্ষাৰ দিশত জাতিটোক আগুৱাই লৈ যাবলৈ দিনে নিশা কাম কৰি যাব”।এই ভাষ্য আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ। তেওঁ আজি আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত গোসাঁইগাঁও সদৰ চহৰৰ এছ এছ মাৰ্কেটৰ প্ৰেক্ষাগৃহত আয়োজন কৰা আমছুৰ মাণ্ডলিকৰ সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰি সৰকাৰে আৰু কয় শিক্ষাৰ প্ৰসাৰ নঘটা বাবেই সংখ্যালঘু সকল নানা দিশত বঞ্চিত প্ৰতাৰিত হৈ থকাই নহয় চৰকাৰী বেচৰকাৰীভাৱে সৰ্বত্ৰ লাঞ্ছনাৰ চিকাৰ হ’ব লগীয়া হয়। শিক্ষাৰ অভাবত সংখ্যালঘু সমাজ নিজৰ প্ৰাপ্য মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ আছে। শিক্ষিতৰ সংখ্যা তুলনামূলকভাৱে কম হোৱা বাবে চৰকাৰেও জাতিটোৰ প্ৰতি চৰম বৈষম্য কৰাৰ সুযোগ পাইছে বুলি অভিযোগ কৰে ছাত্ৰনেতা গৰাকীয়ে।আমছুৱে গ্ৰহন কৰা নতুন কাৰ্যসূচী “ঘৰে ঘৰে শিক্ষা তেনেহলে ৰক্ষা” এই শ্লোগান আগত ৰাখি অসমৰ গোটেই কেইটা জিলাক সামৰি ৮ টা মাণ্ডলিক সমিতি গঠন কৰা হৈছে। পশ্চিম অসমৰ চাৰিটা জিলা সমিতিক সামৰি গঠন কৰা মণ্ডল সমিতিৰ প্ৰথমখন সভা আজি শিক্ষকদিৱসৰ লগত সংগতি ৰাখি গোসাঁগাঁৱত অনুষ্ঠিত হয়। মাণ্ডলিক সমিতিয়ে তৃণমূল পৰ্যায়ৰ পৰা যিমান দল সংগঠন,স্বেচ্ছাসেৱী সংস্হা,ধৰ্মীয়-সামাজিক সংগঠন, ক্লাব, সচেতন নাগৰিক আদিক জড়িত কৰি ঘৰে ঘৰে শিক্ষা প্ৰসাৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি সভাৰ উদ্দেশ্য বেখ্যা কৰি আজিৰ অনুষ্ঠানৰ মুখ্য সমন্বয়ক তথা আমছুৰ উপ সভাপতি নজৰুল ইছলামে প্ৰকাশ কৰে। উক্ত সভাত শিক্ষাৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ ওপৰত তথ্যসমৃদ্ধ সাৰুৱা ভাষণ আগবঢ়ায় সভাৰ মূল বক্তা তথা শিক্ষা বিষয়া জাহাংগীৰ হুছেইনে।আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে পৰিচালনা কৰা সভাত আমন্ত্ৰিত অতিথিসকলৰ চিনাকী আৰু সম্বৰ্ধনা কাৰ্যসূচীৰ পৰিচালনা কৰে আমছুৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি মাজহাৰুল ইছলামে।”ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা” শীৰ্ষক কাৰ্যসূচীত উপ মুখ্য সমন্বয়ক তথা আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি ৰফিকুল ইছলামে আমছুৰ কৰ্মী সকলক আৰু অধিক কৰ্মোদ্যমী হবলৈ আহ্বান জনোৱাৰ লগতে আমছুৰ ছত্ৰছায়াত থাকি নিজকে এগৰাকী আদৰ্শৱান যুৱক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিব লাগিব।নিজে ঠিক নাথাকিলে আনক শাসন কৰিব নোৱাৰিব।ছাত্ৰ- ছাত্ৰী তথা যুৱ প্ৰজন্মৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব।সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত দায়িত্ব ন্যস্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰফিকুল ইছলাম কয় এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ চালচলন বেয়া প্ৰত্যক্ষ কৰি মন মাৰি থাকিলে নহ’ব।নিজৰ সন্তানৰ দৰে প্ৰতিগৰাকী সচেতন লোক যদি অভিভাবকৰ ভূমিকা লয় তেন্তে উঠি অহা প্ৰজন্মৰ বাবে আশীৰ্বাদ হ’ব।যুৱ প্ৰজন্ম ধ্বংসাত্মক দিশত গতি কৰা দেখিও আমি চকু মুদি থাকো বাবেই সিহঁতে কোনটো ভাল আৰু কোনটো বেয়া বুজি পোৱাৰ আগতেই ধ্বংস হৈ পৰে।সমাজত শিক্ষাৰ প্ৰসাৰ ঘটোৱাৰ লগতে সমাজৰ পৰা নিচা-জুৱা আদিৰ প্ৰচলন বন্ধ কৰিব লাগিব।বাল্য বিবাহ কঠোৰভাৱে বন্ধ কৰিব লাগিব। লৰা ছোৱালী সকলক পঢ়া শুনা কৰাবই লাগিব এই বাৰ্তা অতি দৰিদ্ৰ পৰিয়ালৰ পৰা আৰম্ভ কৰি সকলো পৰিয়ালত বিয়পাই দিব লাগিব।আমছুৰ নিতা কৰ্মীয়ে সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ মতামত আৰু সমৰ্থন আদায় কৰি আগুৱাই যাবলৈ ৰফিকুল ইছলামে আহ্বান জনায়। আমছুৰ এই কাৰ্যসূচীৰ প্ৰতি চৰকাৰৰ সংশ্লিষ্ট বিভাগক সহযোগ কৰিবলৈ অনুৰোধ জনায় আমছুৰ উপদেষ্টা সকলে।আজিৰ সভাৰ আৰম্ভণিতে দুৰ্বৃত্তৰ হাতত নিহত মেধাৱী ছাত্ৰী নন্দিতা শইকিয়াৰ স্মৰনত এক মিনিট মৌনতা অৱলম্বন কৰে। উক্ত সভাত আমছুৱে মহকুমাটোৰ বিশিষ্ট তথা কৃতী শিক্ষক সকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত আমছুৰ পশ্চিম কোকৰাঝাৰ, কোকৰাঝাৰ, ধুবুৰী, বিলাসীপাৰা আৰু পৰ্বতঝোৰা জিলা সমিতিৰ কৰ্ম-কৰ্তা সকলৰ লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা শিক্ষাবিদ সকল উপস্হিত থাকে।

ৰঙিয়াত শিক্ষক দিৱস উদযাপন

শিক্ষক দিৱসৰ লগত  সংগতি ৰাখি ৰঙিয়াস্থিত কৃষক শ্বহীদ ভৱনত প্ৰয়াত সংস্কৃত পণ্ডিত বাণেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক কৃতি শিক্ষক বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। সংগীত গ্ৰুপ অব ক্ৰিয়েচন ৰঙিয়াৰ দ্বাৰা আয়োজিত অনুষ্ঠানত এইবেলি শিক্ষক বটা প্ৰদান কৰা হয় ডিব্ৰুগড় জিলাৰ বামুণবড়ী হাইস্কুলৰ কৃতি শিক্ষক সতীশ চন্দ্ৰ চুতীয়া দেৱক । আয়োজক পংকজ পল্লৱ শৰ্মাই জনোৱা মতে বিগত তিনিবছৰ ধৰি তেওঁলোকে ৰাজ্যৰ কৃতি শিক্ষক,শিল্পী সাহিত্যিক সকলক বিভিন্ন প্ৰকাৰে সন্মানিত কৰি আহিছে বুলি জনাই। আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিণী দেৱীয়ে  শিক্ষক দিৱস উপলক্ষে বহুমূলীয়া ভাষণ ৰাখে।আনহাতে উক্ত অনুষ্ঠানত ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত শিক্ষক দিৱসৰ আয়োজন

 ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসৰ দিনা সমগ্র ভাৰতবৰ্ষতেই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক সকলক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সমগ্র দেশতেই ৫ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস হিচাপে। সমগ্র দেশৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা মহকুমাৰ হাচাক’টো পালন কৰা হয় শিক্ষক দিৱস। হাচাক প্ৰাথমিক বিদ্যালয় আৰু বন্ধু বিদ্যালয় নিংগাম প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত হাচাক প্ৰাথমিক বিদ্যালয়ত পালন কৰা হয় শিক্ষক দিৱস। এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে অঞ্চলটোৰ বহু কেইজন সন্মানীয় শিক্ষাগুৰুক সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন, শিক্ষাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক গীত-মাত প্ৰদৰ্শনৰ উপৰিও সন্মানীয় শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱা হয়।

বৰপেটাত শিক্ষক দিৱসত ১৭ কৃতি শিক্ষকক সম্বৰ্দ্ধনা

দেশৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো আজি শিক্ষক দিৱস জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত জিলাখনৰ ১৭ গৰাকী বিদ্যালয়ৰ শিক্ষকক কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰা হয়। তদুপৰি যোৱা কৰোনা মহামাৰীৰ সময়চোৱাত অন লাইন পাঠদানেৰে উল্লেখণীয় কৃতিত্ব প্ৰদৰ্শন কৰা আন ১০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীকো সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ভাষণ দি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে শিক্ষক সকলৰ যত্ন আৰু কষ্টৰ ফলতে আজি আমি সমাজত মানুহ ৰূপে স্বীকৃত হৈছো। সেয়েহে শিক্ষাগুৰু সকলৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় অটুট থাকে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে ড: সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জীৱন আৰু দৰ্শনৰ বিষয়ে কয় হাউলীৰ বি এইছ কলেজৰ অধ্যক্ষ ড: ভূষণ চন্দ্ৰ পাঠকে। তেখেতে সাম্প্ৰতিক কালত মানৱীয় প্ৰমূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শক মনোৰঞ্জন কাকতিয়েও সভাত সাৰুৱা ভাষণ দিয়ে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাস, জিলা পুথিভঁৰাল বিষয়া জয়া চৌধুৰী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত কৃতি শিক্ষক বিবেকাৰঞ্জন ৰায় চৌধুৰী আৰু বিশিষ্ট সাহিত্যিক-শিক্ষক হিৰণ শ‌ইকীয়া লহকৰে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

বকোত ব্যতিক্ৰমী ৰূপত ৬০সংখ্যক শিক্ষক দিৱস উদযাপন

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ বকোতো আজি উদযাপন কৰা হয় শিক্ষক দিৱস। কিন্তু এই বেলিৰ ৬০ সংখ্যক বৰ্ষৰ শিক্ষক দিৱস এক ব্যতিক্ৰমী তথা প্ৰসংশনীয় ৰূপত পালন কৰে দক্ষিণ কামৰূপ বকোৰ বিশিষ্ট সমাজকৰ্মী তথা উদীয়মান যুৱ ব্যৱসায়ী জনাৰ্দন বড়োৱে।যুৱ সমাজ সংগঠক তথা সৰবৰাহী ব্যক্তি জনাৰ্দন বড়োৱে একক প্ৰচেষ্টাৰে আজি বৃহত্তৰ অঞ্চলটোৰ কৃতি শিক্ষক সকলোক সম্বোৰ্ধনা আৰু ছাত্ৰ ছাত্ৰী সকলোলৈ অভিধান বিতৰণ সভাৰে পালন কৰে শিক্ষক দিৱসৰ কাৰ্য্যসূচী। উল্লেখ্য যে ; দীক্ষিতা চুইটছ এণ্ড বেকাৰী আৰু দীক্ষিতা ভোজনালয়ৰ চৌহদত এক মনোজ্ঞ অনুস্থানত দীক্ষিতা বড়োৱে গুৰু বন্দনাৰে আদৰণি জনায় সমগ্ৰ অনুস্থানটোৰ। গুৰু ব্ৰহ্মা ; গুৰু বিষ্ণু ; গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰহ্মা তশ্মৈশ্ৰী গুৰুৱে নম : শীৰ্ষক বাণীৰে আয়োজন কৰা শিক্ষক দিৱসত সম্বোৰ্ধনা আৰু অভিধান বিতৰণ সভাৰ আত ধৰে উদ্যোক্তা জনাৰ্দন বড়োৱে। বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাই পৌৰহিত্য কৰা অনুস্থানত অতিথি হিচাপে উপস্থিত থাকে দূধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ললিত ৰাভা ; বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: প্ৰাণেশ্বৰ নাথ ; শিল্পী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰহ্লাদ বড়োকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী। অনুস্থানত অঞ্চলটোৰ কৃতি শিক্ষক সকলোক সম্বোৰ্ধনা জনোৱা হয় আৰু কিতাপৰ টোপোলা সহ কলমেৰে সন্মান প্ৰদান কৰে। লগতে সমাজৰ বহুকেইগৰাকী কিছু অভাৱী ছাত্ৰ ছাত্ৰীক একোখন অভিধান সহ শৈক্ষিক ক্ষেত্ৰত সুবিধাৰ বাবে বৌদ্ধিক জ্ঞানবৰ্ধক কিতাপ বিতৰণ কৰে। একেটা অনুষ্ঠানতে কেৱাগৰাকী প্ৰতিভাধৰ শিল্পীৰ মনোৰঞ্জন ধৰ্মী গীত মাত পৰিবেশন কৰা হয়। অনুস্থানত বক্তা ড: প্ৰাণেশ্বৰ নাথে দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত আলোকপাত কৰে। ইফালে মানৱ সম্পদ গঢ়া কমাৰশালাৰ খনিকৰ শিক্ষক দিৱসৰ কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি আয়োজন কৰা মানৱতাবাদী অনুস্থানৰ বাবে বকোবাসীয়ে জনাৰ্দন বড়োক শলাগ লৈছে।

দেৰগাঁৱত সাংসদ গৌৰৱ গগৈৰ ৩৯ সংখ্যক জন্মদিন উদযাপন

দেৰগাঁৱৰ পৰিদৰ্শন বাংলাৰ প্ৰাংগণত ৪ চেপ্তেম্বৰত খুমটাই যুৱ কংগ্ৰেছৰ উদ্যোগত সাংসদ গৌৰৱ গগৈৰ ৩৯ সংখ্যক জন্মদিন উদযাপন কৰা কৰা হয়। এই উপলক্ষে গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি তথা সমাজপ্ৰান অতুল গোস্বামীয়ে কেক কাটি গৌৰৱ গগৈৰ হৈ সকলোৰে পৰা আশীৰ্বাদ বিচাৰে। গোলাঘাট জিলা কংগ্ৰেছৰ মুখপাত্ৰ দিগন্ত বাইলুঙে এই অনুষ্ঠানতে গৌৰৱ গগৈয়ে ৰাইজৰ হকে কৰা কামৰ খাতিয়ান দাঙি ধৰি আগন্তুক কেইবাটাও আচনিৰ বিষয়ে অৱগত কৰি তেখেতৰ ভৱিষ্যত ৰাজনীতি জীৱনৰ সফলতা কামনা কৰে। অনুষ্ঠানত গোলাঘাট জিলা কংগ্ৰেছৰ উপ সভাপতি অৰুন বৰা, গোলাঘাট নৰ্থ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি লাচিত বৰা, জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অমৃত দাস, খুমটাই যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক চত্ৰজিত পেগু, ইক্ৰৰাম হুছেইন, গোলাঘাট নৰ্থ ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মমিতা বৰা, দেৰগাঁও সমষ্টিৰ সমন্বয়ক জয় কৃষ্ণ বৰুৱাকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

আজিৰে পৰা খোল খালে দিকৰাই সপ্তাহিক বজাৰ

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বহুদিন ধৰি বন্দ্ধ হৈ থকা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অন্তৰ্গত দ্বিতীয় সৰ্ববৃহৎ দিকৰাই সপ্তাহিক বজাৰ আজিৰে পৰা খোল খালে। বজাৰখন খোল খোৱাৰ বাবে স্থানীয় সৰু সৰু বেপাৰী তথা দোকানীসকলৰ মূখত হাঁ‌হি দেখা পোৱা গৈছে। অকল ইটাখোলাৰেই নহয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ বেপাৰী তথা দোকানদাৰ ও গ্ৰাহক ৰাইজ বজাৰখনত উপস্থিত হৈ বেচা-কিনা কৰিবলৈ আহে। গতিকে বহুদিনৰ মূৰত বজাৰখন খোলাত বজাৰখনৰ মহলদাৰকে ধৰি সকলোৱে উৎফুল্লিত হৈ পৰা দেখা যায়। উল্লেখ্য যে এই বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় বহুতো ক্ষুদ্ৰ ব্যৱসায়ীয়ে বজাৰখনত বেচা-কিনা কৰি সপ্তাহটোৰ বাবে নিজ নিজ পৰিয়ালৰ পোহ-পাল দি আছে। বিগত ছমাহ ধৰি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বজাৰখন বন্দ্ধ হৈ আছিল।যাৰ ফলত এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে নিজ নিজ পৰিয়াল পোহ-পাল দিয়াত বহু অসুবিধাৰ সন্মূখীন হবলগাত পৰিছিল । কিন্তু আজিৰে পৰা বজাৰখন খোল খোৱাত ৰাতিপুৱাৰে পৰা স্থানীয় ক্ষুদ্ৰ ব্যৱসায়ীসকল তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বেপাৰীসকলও গ্ৰাহক ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে।