বানৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । জানিব পৰা মতে, ৩ নং মাজৰচৰ গাওঁৰ নিবাসী আয়নাল হকৰ পুত্ৰ আমিনুল হকৰ ঘৰত দিনৰ প্ৰায় ১০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। আকস্মিক ভাৱে সংংঘটি হোৱা অগ্নিকাণ্ডত হকৰ থকা ঘৰটো সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে ঘৰৰ ভিতৰত থকা বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ, আজবাৱ পত্ৰৰ উপৰিও নিজ ঘৰত থকা একাধিক গুৰুত্বপূৰ্ণ বয়বস্তু জুইত জাহ যায় ৷ উল্লেখ্য যে এই ভয়ংকৰ অগ্নিকাণ্ডত ঘৰৰ ভিতৰত থকা এখন পালছাৰ বাইকো সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে ঘৰত সাচতীয়া কৰি ৰখা নগদ ধনো ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে ৷ জুইত ভস্মীভূত হোৱা গৃহঘৰটোৰ পৰা এটা সামগ্ৰীও উলিয়াব পৰা নাই গৃহস্থ আমিনুল হকে । এই ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হোবাৰ ধাৰণা কৰিছে স্থানীয় লোকে ৷ ভদীয়া বানপানীৰৰ এই সংকটময় সময়ত হঠাৎ সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাক লৈ দৰিদ্ৰ পৰিয়ালটোৱে সম্প্ৰতি হতাশাত ভাগি পৰিছে। এই বাতৰি যুগুত কৰা লৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও ৰান্ধনীশালৰ পৰাই জুইৰ সূত্ৰপাত ঘটা বুুলি ধাৰণা কৰিছে স্হানীয় একাংশ ৰাইজে ৷ দক্ষিণ বৰপেটাৰ বৃৃহত্তৰ চৰাঅঞ্চলত অগ্নিনিৰ্বাপনৰ কোনো বিশেষ সুবিধা নথকাত অৱশেষত স্হানীয় ৰাইজে অশেষ কষ্ট কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে গাঁৱখনৰ কেইবাটাও পৰিয়ালৰ অতি কমেও ১০ টা গৃহ । এই ঘটনাই সমগ্ৰ মাজৰচৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
চাইকেল চলালে শৰীৰ সুস্থ আৰু সবল থাকে: লাভলীনা
টকীও অলিম্পিকত বক্সিংত ব্ৰঞ্জৰ পদক কৰি সমগ্ৰ দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলিনা বৰগোঁহাই বক্সিং ৰিংত নহয় যোৱা ২ ছেপ্তেম্বৰৰ নিশা মহানগৰীত চাইকেল উঠিল লাভলিনা। গুৱাহাটী মহানগৰীৰৰ গৰচুকস্থিত ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে আয়োজন সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভ লিনাই কয় শৰীৰ স্বাস্থ্য আৰু সুৱল কৰি ৰাখিবলৈ চাইকেল চলাব পৰামৰ্শ দিয়ে । বহু ব্যস্ততাৰ মাজত লাভলিনাই গৰচুকৰ ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমত উপস্হিত হয় জানিব দিয়ে নিজৰ বস্কিংৰ অনুশীলন যদি সোনকালে আৰম্ভ নকৰে তেনেহলে অসুস্থ হৈ পৰিব পাৰে সেয়েহে অতি সোনকালে নিজৰ অনুশীলন আৰম্ভ কৰিব বাংগালোৰত । উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাভলিনাৰ শৰীৰ সুস্থ থকাৰ বাবে ৰোড ৰাইডাৰ নামৰ চাইকেল স্ব- ৰুমৰ স্বত্বাধিকাৰ মানিষ পড্ডাৰে 91 বেণ্ডৰ চাইকেল উপহাৰ দিয়ে ।। এই অনুষ্ঠান লাভলীনাই কয় অসম চৰকাৰে DPS পদ হিচাপে আগবঢ়োৱা সন্মান গ্ৰহণ কৰিব আৰু এইটো পদে লাভলীনাৰ খেলত কোনো ক্ষতি নকৰে বুলি জানিব দিয়ে। লগতে লাভ লিনাৰ মূল লক্ষ্য আগন্তুক খেলত অসম তথা ভাৰতৰ বাবে পদক অনাৰ । সোণৰ পদকৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব বুলি জানিব দিয়ে ।।
NCCৰ উত্তৰ পূৱ মণ্ডলৰ মুৰব্বী পদত অসম সন্তান মেজৰ জেনেৰেল ভাস্কৰ কলিতা
ভাৰতীয় সেনাৰ তৃতীয় পদমৰ্য্যদাৰ পদবী মেজৰ জেনেৰেলৰ দৰে গুৰুত্বপূৰ্ণ পদত নতুন দিল্লীৰ সেনাৰ মুখ্য কাৰ্যালয় “সেনা ভৱনত ” কাৰ্যনিৰ্বাহ কৰি থকা ভাস্কৰ কলিতাক প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চিৰ শ্বিলংস্থিত উত্তৰ পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) হিচাপে নিযুক্তি দিছে । আজি নবনিযুক্ত এ ডি জি মেজৰ জেনেৰেল ভাস্কৰ কলিতাই মেঘালয়ৰ শ্বিলঙত থকা এন চি চিৰ উত্তৰ পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে । কাৰ্যভাৰ গ্ৰহণৰ পাছতেই জেনেৰেল কলিতাক কাৰ্যালয়ৰ সেনা বিষয়া , প্ৰশিক্ষক বিষয়া , প্ৰশিক্ষক আৰু আন কৰ্মচাৰী সকলে উষ্ম আদৰণি জনায় । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আন এজন অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভুঞাই এ ডি জি পদত কাৰ্যনির্বাহ কৰি যোৱা ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰিছিল । জেনেৰেল ভূঞাৰ পাছত এই সন্মানীয় এ ডি জি পদত নিযুক্তি পোৱা ভাস্কৰ কলিতা হৈছে দ্বিতীয়জন অসমীয়া । উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ বাসিন্দা ভাস্কৰ কলিতা ১৯৭৫ চনত গোৱালপাৰা সৈনিক স্কুলত অধ্যয়নৰ বাবে নামভৰ্ত্তি কৰিছিল আৰু ১৯৮০ চনত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ১৯৮১ চনত নেশ্যনেল ডিফেন্স একাডেমীত ( এন ডি এ ) অধ্যয়নৰ বাবে নিৰ্বাচিত হয় । এন ডি এৰ পৰা ১৯৮৫ চনত উত্তীৰ্ণ হোৱাৰ পাছত ভাৰতীয় সেনাৰ কুমায়ুন ৰেজিমেণ্টত চেকেণ্ড লেফটেনেণ্ট হিচাপে সেনাত কৰ্মজীৱনৰ পাতনি মেলে । তাৰ পাছত নিজৰ যোগ্যতা , দক্ষতা আৰু অভিজ্ঞতাৰে সেনাৰ উচ্চ পদবীলৈ পদোন্নতিসহ জম্বু কাশ্মীৰ , উত্তৰ পূবৰ বিভিন্ন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত দায়িত্ব সুখ্যাতিৰে পালন কৰে । তাৰপাছত ২০১৭ চনত ভাৰতীয় সেনাৰ তৃতীয় শীৰ্ষ পদবী মেজৰ জেনেৰেললৈ তেওঁ পদোন্নতি লাভ কৰে । তাৰ পাছত বিগত চাৰিটা বছৰত অৰুণাচল প্ৰদেশ , উত্তৰাখণ্ড আৰু সেনাৰ মুখ্য কাৰ্যালয় সেনা ভৱনত কাৰ্যনিৰ্বাহ কৰে । উল্লেখযোগ্য যে দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা , অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰয়াত হৰিকান্ত কলিতা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মালতী কলিতাৰ দ্বিতীয় সন্তান ভাস্কৰ কলিতা কৰ্মসূত্ৰে প্ৰায় ৩৬ বছৰ দেশৰ বিভিন্ন প্ৰান্তত কাৰ্যনিৰ্বাহ কৰিলেই তেওঁৰ আপোন গাঁওখনৰ প্ৰতি আছে অগাধ মৰম । যাৰ বাবে মাটিৰ গোন্ধ থকা ভাস্কৰ কলিতাই সেনাৰ উচ্চ পদবীত কাৰ্যনিৰ্বাহ কৰিলেও জাতীয় উৎসৱ স্বৰূপ বহাগ বিহু , মাঘ বিহু , আনকি পাৰিলে ভাদ মাহৰ এমহীয়া নামত আহিও মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মাধৱদেৱৰ তিথি আদিতো অংশগ্ৰহণ কৰে । লগৰ বন্ধুবোৰৰ সৈতে এতিয়াও খেতি পথাৰত যোৱাৰ লগতে গাঁওখনৰ উঠি অহা প্ৰজন্মৰ বাবে কিবা এটা ইতিবাচক কাম কৰাৰ চিন্তা কৰে । আনহাতে জেনেৰেল কলিতাৰ বৰপুত্ৰ ভাৰ্গব কলিতায়ো পিতৃৰ পথ অনুকৰণ কৰি বৰ্তমান ভাৰতীয় সেনাৰ কেপ্তেইন হিচাপে কাশ্মীৰৰ অতি দুৰ্গম অঞ্চলত নিয়োজিত হৈ দেশমাতৃৰ সেৱা আগবঢ়াই আছে ।
চৰাইদেউৰ সাপেখাতীত হেণ্ডবল প্ৰশিক্ষণ শিবিৰৰ উদ্ধোধন
চৰাইদেউ জিলা সাপেখাতীৰ পুলিবাৰী খেল পথাৰত পুলিবাৰী উদয়ন সংঘৰ উদ্যোগত আৰু চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সহযোগত এখনি ২২ দিনীয়া হেণ্ডবল প্ৰশিক্ষণ শিবিৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে উদয়ন সংঘৰ সভাপতি দিলীপ কুমাৰ গগৈয়ে । অহা ২৬ ছেপ্টেম্বৰত শেষ হব লগীয়া ২২ দিনীয়া প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰে চৰাইদেউ জিলা হেণ্ডবল সন্থাৰ সভাপতি পুস্পজ্যোতি গগৈয়ে।শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰা প্ৰশিক্ষণৰ প্ৰশিক্ষক হিচাপে থাকে ৰাষ্ট্ৰীয় হেণ্ড বল খেলুৱৈ তথা প্ৰশিক্ষক ৰুপম ফুকন। উক্ত উদ্বোধনী অনুষ্ঠানত হেণ্ডবল সন্থাৰ উপসভাপতি পিনাক পানী ভট্ট , কাৰ্যকৰী সদস্য দেবেন ফুকন, মিন্টু বড়াৰ , লগতে ভূপেন শইকীয়া , ,ঘন ফুকনৰ লগতে ভালে সংখ্যক ক্ৰীড়া প্ৰেমী ৰাইজ উপস্থিত থাকে।

খৈৰাবাৰীৰ বগৰিবাৰীত পশু স্বাস্থ্য শিৱিৰ

বিটিচি চৰকাৰৰ পশু পালন বিভাগৰ উদ্যোগত ওদালগুৰি জিলা খৈৰাবাৰী পশু চিকিৎসালয়ৰ সহযোগত বগৰিবাৰী নেৰ্চন ব্ৰহ্ম পুঠিভৰালৰ সন্মুখত সোমবাৰে এটি বিণামূলীয়া পশু স্বাস্থ্য শিৱিৰ আয়োজন কৰে ৷ উক্ত স্বাস্থ্য শিৱিৰত খৈৰাবাৰী পশু চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মী ডা° অক্ষয় কুমাৰ ডেকা,ক্ষেত্ৰ সহায়ক ৰত্নেশ্বৰ পাটোৱাৰী,নীলমনি শইকীয়াৰ লগতে ৰমল নাৰ্জাৰী আৰু বাসুদেব নাৰ্জাৰীসহবগৰিবাৰী গাওঁ পৰিচালনা সমিতিৰ সভাপতি পংকজ স্বৰ্গিয়াৰীয়ে উক্ত শিৱিৰ পৰিচালনাত সহায় সহযোগ আগবঢ়ায় ৷অতি ভিতৰুৱা কৃষি প্ৰধান অঞ্চল ওদালগুৰি জিলা খৈৰাবাৰী বগৰিবাৰী গাওঁত বিটিচি চৰকাৰৰ সহযোগত বিনামূলীয়া পশু চিকিৎসা আৰু টিকাকৰণ কৰা বাবে ৰাইজ উপকৃত হ’ব বুলি ৰাইজে মতপ্ৰকাশ কৰে ৷

জাগুনৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক
মিথ্যাচাৰত পৰিণত বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিশ্ৰুতি ৷ নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰি বাঃ বাঃ লোৱা জন প্ৰতিনিধি ভাস্কৰ শৰ্মা এতিয়া ৰাইজৰ সমালোচনাৰ পাত্ৰ। শীঘ্ৰেই ৰাইজৰ জংগী আন্দোলনৰ সন্মুখিন হোৱাৰ আশংকা মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ জাগৰী বন গাওঁৰ মূল পথটোৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে সমগ্ৰ গাঁওবাসীক । পথছোৱাৰ ভালে সংখ্যক অংশত এতিয়া পুখুৰী সদৃশ গাঁত ৷ পথটোৰ শোচনীয় অৱস্থাৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, ৰোগীক চিকিৎসালয়লৈ অনা-নিয়া কৰা, ৰাইজৰ হাট বজাৰলৈ অহা যোৱা কৰা ইত্যাদি ইত্যাদি এশ এবুৰি সমস্যাই দেখা দিছে। গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ২০২১চনৰ বিধান সভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলৰ নেতা পালি নেতা তথা স্বয়ং সেই সময়ৰ প্ৰতাপী বিধায়ক ভাস্কৰ শৰ্মাই বাৰিষাৰ পূৰ্বে উক্ত পথছোৱা নিৰ্মান কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। বিধায়ক গৰাকীয়ে দিয়া সেই প্ৰতিশ্ৰুতি যে মিথ্যাচাৰৰ বাদে আন একো নাছিল সেইয়া পথটোৰ বৰ্তমানৰ শোচনীয় অৱস্থাই প্ৰমাণ কৰিছে। উক্ত পথছোৱা পকীকৰণটো বাদেই আজি পৰ্য্যন্ত এটা শিল গুটিও পেলোৱা পৰিলক্ষিত নহল ৷ উল্লেখ্য যে অঞ্চলটোৰ সৰহ সংখ্যক লোকে তেখেত সকলৰ খেতিত উৎপাদিত কেঁচা চাহ পাত,তামোল,শাক পাচলি ইত্যাদি সামগ্ৰী সমূহ বিক্ৰী কৰাৰ সময়ত উক্ত পথেৰে সৰু সৰু গাড়ীৰে বজাৰলৈ নিব লগা হয়। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে বৰ্তমানৰ পথছোৱাৰ শোচনীয় অৱস্থাৰ ফলত গাওঁ বাসীয়ে তেখেত সকলৰ খেতিত উৎপাদিত সামগ্ৰী সমূহ বহু দূৰ চাইকেল অথবা পিঠিত বুকি নিব লগা হোৱাত চৰম বিপদৰ সন্মুখীন হৈছে।গাঁওবাসীয়ে সংবাদ মাধ্যমৰ যোগেদি সমষ্টিটোৰ বিধায়ক ভাস্কৰ শৰ্মাক অতি সোনকালে পথছোৱা নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে।
টীয়কত যুৱতী ধৰ্ষণ, অভিযুক্ত গ্ৰেপ্তাৰ
টীয়ক জগদুৱাৰ চাহ বাগিচাৰ দ্বীপজ্যোতি লোহাৰ নামৰ এজন যুৱকে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি বাগিচাৰ মানসিক ভাবে অসুস্থ এগৰাকী যুৱতীৰ লগত অপকৰ্মত লিপ্ত হোৱাত যুৱতী গৰাকী অন্ত:সত্তা হয় ।এই সন্দৰ্ভত যুৱতী গৰাকীক পৰিয়ালৰ লোকে সোধাপোচা কৰাত যুৱতী গৰাকীয়ে দ্বীপজ্যোতিৰ নাম কয় । এই সন্দৰ্ভত দেওবাৰে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে সন্মীলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ উজনি অসমৰ টীয়ক আঞ্চলিকৰ বিষয়ববীয়া তুতুমনি হাজৰিকাক ঘটনাৰ সন্দৰ্ভত অৱগত কৰাত জগদুৱাৰ বাগানৰ বজাৰ গৃহত এখন ৰাইজমেল অনুষ্ঠিত কৰে আৰু সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত অভিযোগকাৰী যুৱকজনক সোধপোচ কৰাত যুৱকজনে যুৱতী গৰাকীৰ লগত যৌন নিৰ্যাতন চলোৱাৰ কথা স্বীকাৰ কৰে । ইফালে যুৱতী গৰাকীৰ পৰিয়ালে টীয়ক আৰক্ষী চকীৰ এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ধৃত দ্বীপজ্যোতিক আটক কৰে। অন্যহাতে ধৃত যুৱকজনে ঘটনাটোৰ লগত আন এজন যুৱকো জড়িত আছে বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়াত আৰক্ষীয়ে যুৱকজনৰ ভাষ্যৰ সত্যতা কিমান তাৰ ওপৰত তদন্ত চলাই আছে । অন্যহাতে ধৃত যুৱক দ্বীপজ্যোতিক জেল প্ৰেৰণ কৰা গৈছে বুলি জানিব পৰা গৈছে।
ওৰাঙত গোর্খা মহিলাৰ তিজ উৎসৱ উদযাপন
ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাংত অৰ্থাৎ অসমৰ ভিতৰতে ৰসগোল্লা , মিঠাই প্ৰসিদ্ধ ঠাই ওৰাং চাৰিআলিৰ পঞ্চায়তৰ প্ৰেক্ষাগৃহত ৫ আগষ্ট দেওবাৰে ওৰাংৰ স্থানীয় গোর্খা সমাজৰ তিজ মহাউৎসব ধুম ধামেৰে পালন কৰা হয় । গোর্খা সমাজে পূৰ্বৰে পৰা পালন কৰি অহা তিজ উৎসৱত গোর্খা সম্প্ৰদায়ৰ বিশেষকৈ সকলো মহিলা সকলৰ উৎসৱ বুলি জনাজাত । এই উৎসৱত বিবাহিতা মহিলা সকলে নিজ নিজ মাকৰ ঘৰত আহি গাঁও বা অঞ্চলৰ মহিলা সকলৰ সতে নাচ গান কৰি আনন্দ উল্লাহ কৰা নিয়ম পূৰ্বৰে পৰা গোর্খা সমাজে পালন কৰি আহিছে । তাৰে পৰিপ্ৰেক্ষিত আজি ওৰাং অঞ্চলৰ মহিলা সকল এক গোট হৈ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল । উক্ত সাংস্কৃতিক অনুষ্ঠানত স্থানীয় মহিলা ,ছোৱালী সকলে নাচ গান কৰি সকলোকে নিজ নিজ প্ৰতিভা দেখুৱাৰ লগতে আনন্দ উল্লাহ কৰা পৰিলক্ষিত হৈছে । ওৰাংত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানত স্থানীয় জেষ্ঠ সকলৰ লগতে বহুতো গণ্য মান্য ব্যক্তিৰ লগতে মাজবাট সমষ্টিৰ যুৱ নেতা কিশোৰ শৰ্মায়েও উক্ত অনুষ্ঠানত উপস্থিত হৈ তিজ সম্পৰ্কে কিছু বক্তব্য আগবঢ়ায় । এই তিজ উৎসৱৰ সময়ত বিবাহিতা মহিলা সকলে তিজ উৎসৱ অহাৰ কেইদিন আগতেই নিজৰ মাৰ ঘৰলৈ আহি বাল্য কালৰ বান্ধৱী সকলৰ সতে মিলি সকলো মহিলা একত্ৰিত হৈ নাচ গান কৰাৰ লগতে ব্ৰত ৰাখে । যিসকল বিবাহিতা তেওঁলোকে নিজৰ স্বামীৰ দীৰ্ঘায়ু ,স্বামীৰ লগত মিলা প্ৰীতিৰে থকাৰ আশাৰে দিনৰ দিনটো পানী পর্যন্ত নোখোৱাকৈ উপাশ ৰখা আৰু অবিবাহিতা মহিলা বা পুৰুষ সকলেও শিৱৰ দৰে বৰ বা পাৰ্বতীৰ দৰে স্ত্ৰী পোৱাৰ বাবে ব্ৰত ৰখাৰ নিয়ম গোর্খা সকলে পূৰ্বৰে পৰা পালন কৰি আহিছে ওৰাংত অনুষ্ঠিত এই অনুষ্ঠানত গোর্খা মহিলা সকলে আধুনিক নৃত্য , তিজৰ অন্যতম নৃত্য , সংগীনি নৃত্য , সুকুৰী নৃত্য , গ্ৰুপ ডান্স আদি মহিলা সকলে প্ৰদৰ্শন কৰে । উক্ত নৃত্যত স্থানীয় বহুতো মহিলা সকলৰ লগতে বৰ্তমানৰ ভিচিডিচি চেয়েৰমেন , প্ৰাক্তন চেয়েৰমেন বেণুধৰ অধিকাৰী , সমাজ সেৱক মুক্ত শৰ্মা , শংকৰ অধিকাৰী , ৰাজেন শৰ্মা , ভূপেন শৰ্মা , মুকুন্দ অধিকাৰী , যাদৱ ৰেগ্মী , নিতা দেৱী,ইন্দ্ৰ ঢকাল আদিকে ধৰি বহুতো জেষ্ঠ সকল উপস্থিত থাকে ।
বঙাইগাঁৱত পৰ্যালোচনা সভাঃ আত্ম-সহায়ক গোটৰ মেলা অনুষ্ঠিত কৰাৰ চিন্তা-চৰ্চা
বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই শনিবাৰে কাৰ্যালয়ৰ সভাকক্ষত কৃষি,কৃষি অভিযান্ত্ৰীকিকৰণ , জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,আই উপত্যকা বন সংমণ্ডল, সামাজিক বনানীকৰণ, সমবায়, ৰেচম, দুগ্ধ উন্নয়ন বিভাগ,মীন বিভাগ,হস্ততাঁত আৰু বস্ত্ৰ শিল্প ,পশুপালন,ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন,ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছন আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি বিভাগৰ অধীনত পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী চূড়ান্তকৰণ সন্দৰ্ভত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই জিলা কৃষি বিষয়াৰ পৰা বুজ লয়।আনহাতে কে চি চি,প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা আদিৰ ক্ষেত্ৰত কৃষি উন্নয়ন বিষয়াসকলক সক্ৰিয়ভাৱে কাম কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।সেইদৰে বঙাইগাঁও জিলাৰ পৰা কৃষি উৎপাদিত যিকোনো সামগ্ৰী বিশেষকৈ নেমু টেঙা বিদেশলৈ পঠাব পাৰি নেকি সেই সম্পৰ্কে উপায়ুক্তগৰাকীয়ে কৃষি বিষয়াক ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিয়ে। তদুপৰি কৃষি যান্ত্ৰীকিকৰণ বিভাগৰ অধীনত বিতৰণ কৰিবলৈ বাকী থকা পাৱাৰটিলাৰ সম্পৰ্কতো বুজ লয়। সামাজিক বনানীকৰণৰ অধীনত প্ৰতিখন শিক্ষানুষ্ঠানত নিজৰ চৌহদত অন্তত ২১ টাকৈ গছপুলি ৰোপন কৰিবলৈ চৰকাৰে দিয়া পৰামৰ্শ সন্দৰ্ভত উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই কয় যে বীৰঝৰা মহাবিদ্যালয়ৰ ওচৰত থকা খাচ মাটিত গছপুলি ৰোপন কৰিব পৰা যাব।

আনহাতে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ বিষয়াই জানিবলৈ দিয়ামতে সূতাৰ পাছবুক থকা শিপীনীয়ে বৰ্তমান ৫০ শতাংশ ৰেহাই মূল্যত য়াৰ্ন বেংকৰ পৰা সূতা কিনিব পাৰিব বুলি জনায়।পূৰ্বতে এই ৰেহাই আছিল ৩০ শতাংশ। ৰেচম বিভাগৰ অধীক্ষকে জানিব দিয়ে যে নাৰ্চাৰীত যিমান সংখ্যক চোম গছৰ পুলি আছে সেয়া ছেপ্টেম্বৰ মাহৰ ভিতৰত ৰোপন কৰিব লাগিব ৷ আনহাতে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা মিছনৰ অধীনত যিসকল মৌ-পালকে ইতিমধ্যে বিদেশৰ জাতৰ মৌমাখি ৫ বাকচ পালন কৰিছিল সেয়া আমাৰ ইয়াৰ জলবায়ুৰ লগত খাপ নোখোৱা বাবে মৰি গ’ল বুলি জিলা প্ৰকল্প বিষয়াই জনায়।গতিকে বৰ্তমানে মৌমাখি পালক সকলে এতিয়া আমাৰ দেশীয় জাতৰ মৌমাখি ব্যৱসায়ভিত্তিত পালন কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বুলি জিলা প্ৰকল্প বিষয়াই সভাত জনায়।ইফালে ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা মিছনৰ জিলা প্ৰকল্প বিষয়াই কয় যে নাবাৰ্ডে পৃষ্ঠপোষকতা কৰিলে এইবেলি অন্তত ৭ দিনৰ বাবে আত্ম-সহায়ক গোটৰ মেলা পতাৰ কথা ভৱা হৈছে ৷ পৰ্যালোচনা সভাত জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসৰ লগতে বিভাগীয় বিষয়াসকলো উপস্থিত থাকে।
কেৱল ফলক স্থাপন কৰিয়েই সৰকালে দুই লক্ষাধিক টকা
ঢেকীয়াজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত অমিয়পুৰ গাঁও পঞ্চায়তৰ নাৰেংকাতি কছাৰি গাঁৱত ২০১৯-২০২০ বিত্তীয় বৰ্ষত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন(এমজিএনৰেগা)ৰ অধীনত দুই লক্ষাধিক টকাৰ এক আঁচনি ৰূপায়নৰ নামত গুৰুতৰ দুৰ্নীতি সংঘটিত হৈছে। এই প্ৰতিবেদনৰ সৈতে প্ৰকাশ পোৱা পকী ফলকৰ ফটোখনেই এই দুৰ্নীতি প্ৰতিপন্ন কৰিছে । ফলকখনত উল্লেখ থকা তথ্য অনুসৰি, নাৰেংকাতি কছাৰি গাঁৱত অৱস্থিত নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন ফুলৰ বাগিছা গঢ়ি তোলাৰ এক আঁচনি ৰূপায়নৰ বাবে ২০১৯-২০২০ বৰ্ষত ২,১৯,৬২৮ টকা এমজিএনৰেগাৰ অধীনত অনুমোদিত হৈছিল । ইয়াৰে ২,০৭,৬৬৮ টকা মজুৰিৰ বাবে ধাৰ্য কৰা হৈছিল সৰ্বমুঠ ১০৭৬ টা দিন মজুৰিৰ বিপৰীতে । আনহাতে ,মুঠ অনুমোদিত ধনৰ ১১,৯৬০ টকা ধাৰ্য কৰা হৈছিল আঁচনিখন ৰূপায়নত প্ৰয়োজন হোৱা সামগ্ৰীৰ বাবে ।আমাৰ হাতত পৰা তথ্যত প্ৰকাশ পোৱা মতে, আঁচনিখনৰ সমুদায় ধনেই ইতিমধ্যে ব্যয় কৰা হৈছে ।কিন্তু বাস্তৱত দেখা গৈছে আঁচনিৰ তথ্য উল্লেখ থকা পকী ফলকখনৰ বাহিৰে বিদ্যালয়খনৰ চৌহদত আঁচনিখন ৰূপায়নৰ কোনোধৰনৰ অস্তিত্বই নাই । স্থানীয় বহুকেইজন লোকে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে, ফলকখন স্থাপন কৰা স্থানত চাৰি ট্ৰেক্টৰ মাটি ভৰোৱা হৈছিল আৰু সেই মাটিখিনি চাৰিজন শ্ৰমিকে এদিনতে কোৰেৰে মিলাই সমান কৰি দিছিল । আন এদিন শ্ৰমিক চাৰিজনে ফুলনিৰ বেৰ দিবলৈ কিছু পৰিমানে বাঁহৰ গোজ বা খুঁটি প্ৰস্তুত কৰিছিল যদিও আজি পৰ্যন্ত বেৰ নিৰ্মাণ কৰা নহ’ল । গোজখিনি সেই ঠাইতে পৰি থাকি শুকাই পচি গৈছে। এনেদৰে চাৰি ট্ৰেক্টৰ মাটি কটা আৰু মাটি মিলোৱা আৰু সামান্য পৰিমাণৰ বাঁহৰ গোজ প্ৰস্তুতৰ কামত নিয়োজিত শ্ৰমিকৰ অতি বেছি পোন্ধৰ- বিশটামান মজুৰিৰ বাবদ আঁচনিখনৰ অনুমোদিত মজুৰিৰ ধনৰ পৰা দৰাচলতে ২৮৯৫ৰ পৰা ৩৮৬০ টকাহে ব্যয় হৈছে বুলি স্থানীয় লোক সকলে জনায়। আনহাতে, সামগ্ৰীৰ নামত চাৰিডাল বাঁহৰ বাহিৰে আন একোৱেই ক্ৰয় কৰা নাই বুলিও স্থানীয় লোক কেইগৰাকীয়ে কয় । এনেদৰে, এডালো ফুলৰ পুলি ৰোপন নকৰাকৈ তথা ফুলনিৰ বেৰ নিৰ্মাণ নকৰাকৈয়ে নাৰেংকাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন অস্তিত্বহীন ফুলনি গঢ়ি দুই লক্ষাধিক টকাৰ এমজিএনৰেগাৰ মজুৰিৰ ধন জালিয়াতিৰে সৰকাই নিয়ে পঞ্চায়ত প্ৰতিনিধি, গ্ৰামীণ ৰোজগাৰ সহায়ক আৰু একাংশ স্থানীয় বিজেপি কৰ্মীৰে গঠিত এক চক্ৰই । একেদৰে ভুৱা নথিৰে চক্ৰটোৱে সৰকায় সামগ্ৰীৰ নামত ধাৰ্য কৰা ধনৰাশিও ।উল্লেখযোগ্য যে, বিদ্যালয়খনৰ চৌহদত উন্মুক্ত ভূমিত জিলিকি থকা আঁচনিখনৰ তথ্য সম্বলিত পকী ফলকখনে এমজিএনৰেগাৰ নামত ঢেকীয়াজুলিৰ একাংশ পঞ্চায়তত কেনে প্ৰহসন চলি আহিছে তাকেই জলজল পটপটকৈ দাঙি ধৰিছে । নাৰেংকাতি কছাৰি গাঁৱৰ সচেতন ৰাইজে এই আঁচনিখনৰ ৰূপায়নত সংঘটিত গুৰুতৰ দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ফুলনিখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ শোণিতপুৰ জিলা প্ৰশাসনক দাবী জনাইছে ।












