ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শাসিত বিজেপি চৰকাৰে ৰাজ্যৰ সম্পত্তি বিক্ৰি কৰাৰ বাহিৰে উন্নয়নমূলক কাম যে কৰা নাই তাক বাৰে বাৰে প্ৰমাণিত কৰি আহিছে বুলি উল্লেখিত সমিতিখনে প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে কয় যে যি সময়ত ৰাজ্য চৰকাৰৰ বিধানসভাৰ মজিয়াত অসমৰ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত ৰাজহুৱা উদ্যোগ গঢ়ি তুলা, ৰাস্তা পদূলি নিৰ্মাণ কৰা, শিক্ষানুষ্ঠান সৱলিকৰণ কৰা, গাওঁৱে ভূঞে ২৪ ঘন্টাৰ বিদ্যুৎ যোগান ধৰা, নদীৰ মথাউৰি নিৰ্মাণ কৰা আদিৰ দৰে সমস্যা সমূ্হৰ ওপৰত আলোচনা নকৰি হিন্দু-মুছলিমৰ ধৰ্মীয় ৰাজনীতি,গৰু আদিৰ দৰে বিষয়সমূহতে লাগি থাকে তেনে চৰকাৰে কি উন্নয়ন কৰিব সহজে বুজিব পৰা যায় । আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা গৌতম বৰুৱাই সংবাদ পত্ৰলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত ছাত্ৰ নেতা গৰাকীয়ে কয় যে এই বিজেপি চৰকাৰখনে ৰাস্তা পদূলি উন্নয়ন হৈছে বুলি ঢোল-তাল কোবাই থকা সময়তে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং পঞ্চায়তৰ অন্তৰ্গত ৰতনিপথাৰ গাওঁবাসীয়ে বসবাস কৰা গাওঁৰ ভিতৰলৈ সুমোৱা মূল পথটো পুখুৰী-সদৃশ দ’-গাঁত বোকা পানীৰে ভৰা জৰাজীৰ্ণ অবস্থাত গাওঁখনৰ ছাত্ৰ-ছাত্ৰী সৰ্বসাধাৰণ ৰাইজে এই ৰাস্তাত অহা যোৱা কৰি দূৰ্ভোগ ভুগিব লগা হৈছে। লগতে ছাত্ৰ নেতা গৰাকীয়ে ক্ষোভ উজাৰি কয় যে মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাদেৱে আগন্তুক বিত্তীয় বৰ্ষত এই পথটো মেৰামতিৰ দায়িত্ব নললে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বৰডুমচা পেঙেৰী আঞ্চলিক সমিতিয়ে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।
অশ্ৰুসিক্ত নয়নেৰে অনুশীলন শিবিৰলৈ ৰাওনা লাভলীনা বৰগোহাঁই
টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁই ৰাওনা হ’ল বেংগালুৰুলৈ বুলি। সুদীৰ্ঘ এটা বছৰৰ পিছত 17 আগষ্টত ওপজা ঘৰখনত ভৰি দিয়া বক্সিং কন্যাগৰাকী মাত্ৰ কেইটামানহে দিন নিজা ঘৰখনত আপোনজনৰ সৈতে কটাই উচ্চ পৰ্যায়ৰ অনুশীলনৰ বাবে বেংগালুৰুলৈ যাত্ৰা কৰিলে । গাঁৱৰ বোকা পানী খছকি ডাঙৰ দীঘল হোৱা লাভলীনাই লগত লৈ গল আপোন গাঁওখনৰ নিভাঁজ মৰমবোৰ । বেংগালুৰুৰ অনুশীলন শিৱিৰলৈ ৰাওনা হ’ল অসম গৌৰৱ লাভলীনা । গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ বাৰমুখীয়া গাৱৰ নিজা ঘৰখনৰ পৰা 3 চেপ্তেম্বৰৰ পুৱাই পিতৃসহ ডিমাপুৰ বিমান বন্দৰৰ পৰা বেংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হয় লাভলীনা। ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰে বক্সিং কন্যাগৰাকী । এটা বছৰেই মাতৃৰ মৰমকণৰ পৰা বঞ্চিত লাভলীনাই বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত অংশগ্ৰহন কৰি থকাৰ বাবে মাথো চেগা চুৰুকাকৈ কেইটামান নিশাহে মাতৃৰ সৈতে পাৰ কৰিবলৈ পালে। বিদায় পৰত বাৰে বাৰে মাতৃ ভগ্নীক সাৱটি ধৰে লাভলীনাই। মাতৃৰ বুকুত সোমাই আবেগিক সৈতে পৰে লাভলীনা । অসুস্থ মাতৃ মামণি বৰগোহাঁইয়ে চকুলো টুকি বিদায় দিয়ে নিজ কন্যাক। ইপিনে লাভলীনাক বিদায় দিবলৈ পুৱাই লাভলীনাৰ বাসগৃহত উপস্থিত হয় সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে বহু অনুৰাগী । বিদায় পৰত লাভলীনাক বিধায়কজনে লাভলীনাৰ নামত নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখুৱাই । নিৰ্মান হৱ লগীয়া ক্ৰীড়া প্ৰকল্প সন্দৰ্ভত লাভলীনাই বিধায়কজনৰ সৈতে আলোচনা কৰে। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি দেখি সন্তুষ্টি প্ৰকাশ কৰে লাভলীনাই। লগতে সোনকালেই প্ৰকল্পটো নিৰ্মাণ হৈ, উঠি অহা প্ৰজন্মই যাতে উন্নত মানদণ্ডৰ আন্তঃগাঁথনিৰে ক্ৰীড়া অনুশীলনৰ সুবিধাকণ লাভ কৰিব পাৰে তাৰো আশা প্ৰকাশ কৰে। ইপিনে বিধায়ক বিশ্বজিৎ ফুকনলৈ কৃতজ্ঞতাৰ চিন স্বৰূপে লাভলীনাই টি চাৰ্ট, ট্ৰেকচুত আদি উপহাৰ প্ৰদান কৰে।
নলবাৰীৰ বেলশৰত চুটিছবি ‘দাগ’ৰ শুভমহুৰত সম্পন্ন
নলবাৰী জিলাৰ আগশাৰীৰ সাহিত্য সাংস্কৃতিক অনুষ্ঠান প্ৰজন্মৰ প্ৰযোজনাৰে “অসম টাইমে” নিবেদন কৰিবলগীয়া চুটিছবি “দাগ”ৰ কালি এক নান্দনিক ৰীতি নীতিৰে শুভমহুৰত সম্পন্ন হৈ যায়। পশ্চিম নলবাৰীৰ ঐতিহ্যমন্ডিত বেলশৰ বিল্বেশ্বৰ দেবালয়ত সম্পন্ন হোৱা শুভ মহুৰত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰে নাট্যকাৰ প্ৰশান্ত মেনা,নাট্যকৰ্মী ৰন্তু শৰ্মা আৰু বেলশৰ জিলা পৰিষদৰ সদস্যা ৰীতামনি ডেকাই। বিল্লেশ্বৰ দেৱালয় প্ৰাংগনত অনুষ্ঠিত হোৱা শুভমহুৰত কাৰ্যসূচীত নাৰিকল ভাগি উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুবজ্যোতি শৰ্মাই। কেমেৰাত মাল্যাৰ্পণ কৰে পশ্চিম নলবাৰী শিক্ষা বিষয়া সমীন বৈশ্যই। চুটিছবি দাগৰ কভাৰ ডিজাইন উন্মোচন কৰে অসম টাইমৰ মুখ্য সম্পাদক এম মহিবৰ ৰহমান আৰু নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠকে। সতীশ দাসৰ কাহিনী,চিত্ৰ নাট্য আৰু সংলাপ আৰু কিশোৰ চক্ৰবৰ্তীৰ পৰিচালনাৰে নিৰ্মাণ হবলগীয়া দাগৰ শুভমহুৰত অনুষ্ঠানত নিবন্ধকাৰ,নাট্যকাৰ হিতেশ ডেকা, নৰেন ৰাজবংশী,ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰজন্ম আৰু অসম টাইমৰ হৈ চুটিছবি দাগৰ পাণ্ডুলিপি পৰিচালকৰ হাতত অৰ্পন কৰে বিশিষ্ট নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচাৰ্যই। চুটিছবিখনৰ সহ পৰিচালক দিগন্ত ভৰালীয়ে আতধৰা অনুষ্ঠানত আদৰণি ভাষন ৰাখে নাট্যকাৰ সতীশ দাসে। ছবিখনত অভিনয় কৰিব ৰঞ্জিত মিশ্ৰ,নবৰত্ন পাটোৱাৰী,ৰীমা ডেকা,মৌচুমী কাশ্যপ,পম্পী দেবী,কিশোৰ চক্ৰবৰ্তী,সুনয়ন শৰ্মা,পাকিউৰ ৰহমান,ৰাফেল চৌধুৰী,হিতেশ শৰ্মা,দিগন্ত ভৰালীশিশুশিল্পী—আকিল হাছিয়ে। ছবিখনৰ ব্যবস্থাপক জুলু মহন্ত,নিতু তালুকদাৰ আৰু দ্বিৰূপ তালুকদাৰ।
লেখাপানীৰ হাছাকত বক্সিং প্ৰশিক্ষণ শিবিৰ মুকলি
মাৰ্ঘেৰিটা মহকুমাৰ কুমচাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত হাছাক জাতীয় বিদ্যালয় খেল পথাৰত লিডু বক্সিং একাডেমিৰ উদ্যোগত ১ মহীয়া প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হৈছে । প্ৰশিক্ষক প্ৰশিক্ষক বাবলু গড়ৰ নেতৃত্বত প্ৰদান কৰা হব বিনামূলীয়া বক্সিং প্ৰশিক্ষণ।উঠি অহা নব প্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উপৰিও ভিতৰুৱা গাঁও সমূহৰ পৰা যুৱক-যুৱতী সকলক প্ৰশিক্ষণ দি ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে সফল কৰি তোলাৰ লগতে যাতে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্ব দৰবাৰত জিলিকাবলৈ সক্ষম হয় তাৰে প্ৰয়াস বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক গৰাকীয়ে।এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে মাৰ্ঘেৰিটাৰ বিশিষ্ট ব্যৱসায়ী সুনীল গুৰুং , প্ৰশিক্ষক অৰুণ গড় ,ৰাষ্ট্ৰীয় খেলুৱৈ নৱনীতা মজুমদাৰ আৰু ৰশ্মি গড়।


গৰাখহনীয়াত জাহ গ’ল খৈৰাবাৰী আৰাংপাৰা সংযোগী পকী কালভাৰ্ট
বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ খৈৰাবাৰী ভিচিডিচিৰ অন্তৰ্গত ৰঙাগাঁৱৰ পৰা আৰাংপাৰা গাৱৰ মাজেদি খৈৰাবাৰী চহৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ পকী কালভাৰ্টটো যোৱা-নিশা মৰা চুক্লাই নদীৰ পানীৰ প্ৰকোপত জাহ গ’ল। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত ২০১৯ বৰ্ষত নিৰ্মিত পথছোৱাৰ মাজ ভাগত আৰাংপাৰ গাওঁৰ মাজেদি যোৱা মৰা চুক্লাই নদীৰ ওপৰত RCC দলং দিয়াৰ সলনি পকী কালভাৰ্ট দি কাম সম্পূৰ্ণ কৰাৰ ফলত এটা নিশাতে পানীৰ প্ৰকোপত কালভাৰ্টটো বিধ্বস্ত হৈ পথছোৱা সম্পূৰ্ণ বিভক্ত হৈ যোগাযোগ বিচিন্ন হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে খৈৰাবাৰী চহৰৰ ৩ কি,মি নিলগত থকা ৰঙাগাঁৱ আৰাংপাৰাৰ পৰা খৈৰাবাৰী চহৰলৈ অহাঁ একমাত্ৰ পথছোৱা মৰা চুক্লাই নদীয়ে দুটা ভাগত বিভক্ত কৰাৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বিচিন্ন হৈ পৰাত প্ৰায় তিনিখন গাঁৱৰ লোক যাৱতীয় সামগ্ৰীৰ বাবে কেইবা কি,মি দূৰৰে ঘূৰি খৈৰাবাৰী চহৰলৈ আহিব লগা হৈ পৰিছে।সেয়েহে অতি শীঘ্ৰেই বিভাগীয় কতৃপক্ষক পথছোৱা মেৰমতি কৰিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে। কিন্তু আমাৰ এই প্ৰতিবেদন প্ৰটক্ষ্য কৰা পিছত জনপ্ৰতিনিধি তথা বিভাগীয় কতৃপক্ষই কি ব্যৱস্থা হাতত লৈ পৰৱৰ্তি পৰ্যায়ত সেয়াহে লক্ষণীয় হ’ব।

তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী: যুৱশিল্পীৰ চিত্ৰ-ভাস্কৰ্যৰ তিনিদিনীয়া প্ৰদৰ্শনী
অসমীয়া ক্লাবৰ ভাতৃ অনুষ্ঠান তেজপুৰ কলা বীথিকাৰ চতুৰ্থ বৰ্ষপূৰ্তী উপলক্ষে বালিৰাম লহকৰ সভাগৃহত আজি ৩ চেপ্তেম্বৰ তাৰিখে তেজপুৰ আৰু তেজপুৰৰ প্ৰান্তীয় অঞ্চলৰ ১৮ বছৰৰ পৰা ৩০ বছৰ বয়সৰ ৪০ গৰাকী যুৱশিল্পীৰ এখন বিৰল ছৱি আৰু ভাস্কৰ্যৰ তিনিদিনীয়া শিল্প প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰা হয়।শুভাৰম্ভৰ মুকলি অনুষ্ঠানত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি অৱসৰপ্ৰাপ্ত জিলা ন্যায়াধীশ শ্ৰীঅৰুণা দেৱীয়ে আৰু বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে শোণিতপুৰ জিলাৰ উপায়ুক্ত শ্ৰীভূপেশ চন্দ্ৰ দাসদেৱে।উপায়ুক্তৰ তেজপুৰৰ গৰিমাময় ইতিহাস সুঁৱৰি,এতিয়াও শিল্প-সাহিত্য-ক্ৰীড়াৰ ক্ষেত্ৰত আজিও নাগৰিক সকলৰ সক্ৰীয় অংশগ্ৰহণৰ ব্যতিক্ৰমী ৰূপৰ প্ৰশংসা কৰে।

চিত্ৰ-ভাস্কৰ্য প্ৰদৰ্শনী খনি উদ্বোধন কৰ্ দিয়া ভাষণত তেজপুৰৰ প্ৰখ্যাত প্ৰবীণ ভাস্কৰ্য শিল্পী শ্ৰীকুশল চন্দ্ৰ কলিতাই তেওঁক জনোৱা সম্বৰ্দ্ধনাত আৱেগিক হৈ পৰি নতুন প্ৰজন্মৰ শিল্পী সকলেহে এদিন নিজৰ সাধনা-প্ৰজ্ঞাৰে তেজপুৰৰ শিল্প মান উজ্বলাই তুলিব বুলি আশা কৰি নিজৰ কৰ্মৰো একচমু খতিয়ান দাঙি ধৰে।ইয়াৰ পিছতে প্ৰয়াত শিল্পী জয় দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগৰ আয়োজন কৰে ,যিখন পৰিচালনা কৰে অভিনেতা ভূপেন শৰ্মা আৰু শিল্পী মৃগেন কলিতাই।সভাৰ আৰম্ভনিতে আদৰণি ভাষণ দিয়ে সম্পাদক শ্ৰীঅনুদেৱী মহন্তয়।
শিল্প প্ৰদৰ্শনী খনিত দুখনকৈ নিজৰ ছবিৰে ভাগলোৱা যুৱশিল্পী সকল আছিল সৰ্বশ্ৰীসিদ্ধিকা লহকৰ,বিপ্ৰজিৎ পাল,দিপীকা তালুকদাৰ,কমল চন্দ্ৰ বৰা,প্ৰবীৰ হাজৰিকা,বিহগুৰিৰ অভিজ্ঞান কৃষ্ণ মহন্ত,বালিপাৰাৰ তন্ময় দাস,ফাৰ্জিনা হক,স্বপ্নীল কাশ্যপ,মনিমালা বৰা,কৃতি বৈশ্য,সন্দীপ নাথ,সুমন সূত্ৰধাৰ,বিশাল চৰকাৰ,নিকুমাৰ দাস,সম্প্ৰীত কলিতা,নয়না নন্দিনী বৰুৱা,কৃষ্ণ কমল শৰ্মা,ৰাকেশ পাল,ভাস্কৰ জ্যোতি দাস,জোনাশ্ৰী বৈশ্য,ৰাঘৱ মহন্ত,ভাৰ্গৱ চন্দ্ৰ বৰুৱা,অলংকৃতা কলিতা,গৰ্গী কলিতা,প্ৰীয়া বৰুৱা,সুমন বৰা,উজ্বল কলিতা,পোহৰ বৰা,নন্দিনী দেৱী,হৰ্ষিতা বৰা,অংশুমান প্লাৱন নাথ,কংকনা নাথ,দেৱজানী বৰা,বিদীশা বৰঠাকুৰ,নন্দিনী কাশ্যপ,অবিনাশ হাজৰিকা,অলিস্মৃতা কলিতা,জ্যোতিস্মৃতা কলিতা আৰু বিশ্বৰূপা কলিতা।আজিৰ শুভাৰম্ভ অনুষ্ঠানত অসমীয়া ক্লাবৰ প্ৰায় সকলো জেষ্ঠ সদস্য/সদস্যাৰ উৰিও প্ৰায় কেইজন প্ৰৱীন শিল্পীও উপস্থিত থাকে।
যুৱশিল্পী সকলৰ শিল্পনৈপুন্যতা ,বিষয় নিৰ্বাচন ,ৰঙৰ ব্যৱহাৰ দেখি সকলো দৰ্শক প্ৰশংসাত পঞ্চমুখহৈ পৰে।এই প্ৰদৰ্শনী অহা ৫ চেপ্তেম্বৰত সমাপ্ত হ’ব।
এইবাৰ লাভলীনাৰ লক্ষ্য পেৰিছ অলিম্পিক
টকিঅ’ অলিম্পিকত মহিলা বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা লৌহকন্যা লাভলীনাৰ এইবাৰ লক্ষ্য পেৰিছ অলিম্পিক।পুনৰ বক্সিঙৰ ৰিঙত নামিব লাভলীনা।অধিক সম্বৰ্ধনা অনুষ্ঠানে লাভলীনাক অনুশীলনত ব্যাঘাত জন্মাইছে। ঘৰ এৰি অনুশীলনস্থলীলৈ ৰাওনা অলিম্পিয়ান লাভলীনা। ঘৰ এৰাৰ পূৰ্বে মাতৃৰ চকুলো দেখি পুনৰ আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই।লাভলীনাই সাৱটি ধৰিলে মাতৃক। সময়তকৈ আগতে গৈ অনুশীলনত যোগদান কৰিব লাভলীনাই। ঘৰ এৰাৰ পূৰ্বে অঞ্চলটোৰ ভালেমান কণকণ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰে লাভলীনাই।অসম চৰকাৰে প্ৰদান কৰা ডি এছ পি চাকৰি গ্ৰহণ কৰিলেও নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাভলীনাই। লাভলীনালৈ আন্তৰিক শুভেচ্ছা।লাভলীনাই আগন্তুক পেৰিছ অলিম্পিক(২০২৪)ত স্বৰ্ণ অৰ্জনেৰে দেশৰ লগতে অসমৰ নাম বিশ্বত উজলাই তুলিব।
বিশ্বনাথ আৱকাৰী বিভাগৰ অভিযান অব্যাহত: ২৫০কাৰ্টুন অৰুণাচলী সুৰাসহ ট্ৰাক জব্দ
বিশ্বনাথ মহকুমা আৱকাৰী বিভাগে অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰা বিৰুদ্ধে অভিযান। বৃস্হপতিবাৰে ৰাতিপুৱা প্ৰায় ৫ মান বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ গহপুৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী গৈ থকা AS 25 CC8900 ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে আৱকাৰী দলটোৱে।উল্লেখযোগ্য যে অৰুণাচলী পৰা তেজপুৰ অভিমুখে এই ট্ৰাক খনত এই অবৈধ অৰুণাচলী সুৰা সমুহ সৰবৰাহ কৰা তথ্য লাভ কৰিছিল আৱকাৰী বিভাগে এই তথ্য ভিত্তিত অভিযান চলাই সুৰা সমূহ জব্দ কৰিবলৈ সক্ষম হয়।এই ট্ৰাক বিশ্বনাথ চাৰিআলি প্ৰতাপগড় চাহ বাগিচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি পলায়ন কৰা ফলত চালক জনক আটক কৰিবলৈ সক্ষম নহ’ল আৱকাৰীয়ে। ইফালে জব্দ কৰা ট্ৰাক খনৰ পৰা বিভিন্ন বেণ্ডৰ ২৫০ কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰে ।অভিযানৰ সময়ত উপস্থিত থাকে বিশ্বনাথ মহকুমা আকৱকাৰী বিভাগৰ উপ অধীক্ষক দ্বীপেন বৰা, বিশ্বনাথ মহকুমা আৱকাৰী পৰিদৰ্শন শৰৎ তমুং, চতিয়া চাৰ্কোলৰ সহ পৰিদৰ্শক জয়ন্ত বৰা ।
বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত ৩৮তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন
নলবাৰী জিলাৰ উল্লেখযোগ্য ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে আজি ৩৮ তম অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰেে৷তদুপলক্ষে পূৱা সাতবজাত বৰখালাস্থিত ক্লাৱ প্ৰাংগনৰ পৰা এটি সামুহিক দৌৰ অনুষ্ঠিত কৰে৷সামুহিক দৌৰত অঞ্চলৰ শতাধিক ক্ৰীড়ানুৰাগীয়ে অংশগ্ৰহণ কৰে৷উক্ত সামুহিক দৌৰৰ দলটিয়ে অঞ্চলটো পৰিভ্ৰমণ কৰাৰ অন্তত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিলিত হয়৷তাতে ক্লাৱৰ সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়৷ক্ৰীড়া সংগঠক তথা অৱসৰপ্ৰাপ্ত শাৰিৰীক নিৰ্দেশক ৰবীন শৰ্মাই সভাৰ উদ্দেশ্য তথা অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰা সভাখনত পি বি ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শচীন্দ্ৰ শৰ্মা,ক্লাৱৰ কাৰ্য্যকৰী সভাপতি হৰকুমাৰ ডেকা,শাৰিৰীক নিৰ্দেশক অতুল কলিতাই ক্ৰীড়াৰ ক্ষেত্ৰত বিতং ব্যাখ্যা আগবঢ়াই৷আনহাতে অনুষ্ঠানত ক্লাৱৰ সম্পাদক দিলীপ ভট্ট,উপসভাপতি তবিৱৰ ৰহমান,সদস্য দীনেশ চন্দ্ৰ দাস,সমাজকৰ্মী ৰজত চন্দ্ৰ শৰ্মা,শাৰিৰীক নিৰ্দশক দীপক মালাকৰ,সুৰেন্দ্ৰনাথ তালুকদাৰকে ধৰি ক্লাৱৰ লগত জৰিত প্ৰায়বোৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷
জনজাতি কৰণৰ দাবীত নাজিৰাত ‘টাইপা’ৰ অৱস্থান ধৰ্মঘট
টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে দুটাকৈ লোকসভা আৰু অসম বিধান সভা নিৰ্বাচনত ভোট নিজৰ পক্ষলৈ নিবলৈ সক্ষম হোৱা বি জে পি দল আৰু চৰকাৰৰ চৰম প্ৰতাৰণাত ক্ষুদ্ধ টাই আহোম জনগোষ্ঠীৰ শক্তিশালী যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ , অসম চমুকৈ টাইপাই সমগ্ৰ অসম জুৰি আহ্বান কৰা কাৰ্যসূচীৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা সমিতিৰ উদ্যোগত নাট্য মন্দিৰৰ সন্মূখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । সংগঠনটোৱে টাই আহোম সকলক শীৰ্ঘ্ৰে ভৈয়াম অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰা , টাই আহোম স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা , আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন সমূহ বেদখলমুক্ত কৰি উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থা কৰা , ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা শিৱসাগৰ ” আকণিক চাইট ” ৰ বাবে নিৰ্ধাৰিত ৫০০ কোটি টকা মুকলি কৰি শীৰ্ঘ্ৰে আচনি খনৰ কাম আৰম্ভ কৰা , অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বাজেট ঘোষণাত সন্নিবিষ্ট খিলঞ্জীয়া জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত ১২৫ কোটি টকা মুকলি কৰাৰ লগতে অতিৰিক্ত ৫০০ কোটি টকা পেকেজৰ ঘোষণাৰ দাবীত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত জিলা খনৰ বিভিন্ন অঞ্চলৰ পৰা অহা শতাধিক যুৱক , মহিলাই ” টাই আহোম সকলক শীৰ্ঘ্ৰে জনজাতি কৰণ কৰা , আছে হেংদাং লোৱা নাই – ল’লে হেংদাং ৰক্ষা নাই , কেন্দ্ৰীয় চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী মুৰ্দাবাদ , অসম চৰকাৰ হায় হায় ” আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক দিগন্ত তামুলী , সাংস্কৃতিক সম্পাদক অৰুণ ৰাজকোঁৱৰ উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । ইয়াৰ অন্তত সংগঠনটোৰ নাজিৰা মহকুমা সমিতিৰ সভাপতি দিলীপ গগৈ , কাৰ্যকৰী সভাপতি সীমান্ত গগৈ , যুটীয়া সম্পাদক অসীম ৰঞ্জন বুঢ়াগোহাঁই , ৰিদীপ গগৈৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ মহকুমাধিপতিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰদান কৰে ।














