Home Blog Page 2856

চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱা নিযুক্তিকৰণৰ দাবীত লাচিত সেনাৰ অৱস্থান ধৰ্মঘট

দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম ( অ’ এন জি চি ) ৰ অসম সম্পদ , অইল ইণ্ডিয়া লিমিটেডকে ধৰি সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়টো শাসনাধিস্থ চৰকাৰে নাজিৰাবাসীক খোৱা পানীৰ পৰা বঞ্চিত কৰি ৰাজনৈতিক বৈষম্যতাৰে সোণাৰীলৈ স্থানান্তৰ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নাজিৰাৰ জনগণৰ লগতে ” বীৰ লাচিত সেনা , অসম ” ৰ নাজিৰা মহকুমা সমিতি । আজি সংগঠনটোৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । বীৰ লাচিত সেনা , অসমৰ কেন্দ্ৰীয় নেতা শৃংখল চলিহা , শিৱসাগৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অংকুৰ গগৈ , ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অনুপম সন্দিকৈ , নাজিৰা মহকুমা সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়া , সহকাৰী সম্পাদকদ্বয় উজ্জ্বল গগৈ , কৃষ্ণ কান্ত কোৱৰ আদিকে ধৰি শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ মাজতে চৰকাৰ কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

কাৰ্যসূচীৰ অন্তত অ’ এন জি চি অসম সম্পদ , অইল আৰু সকলো চৰকাৰী – বেচৰকাৰী প্ৰতিষ্ঠানত থলুৱাক এশ শতাংশ নিযুক্তি প্ৰদান কৰা , নাজিৰা বিধান সভা সমষ্টিৰ জনগণক কৰা বৈষম্যমূলক আচৰণ আৰু দলীয় ৰাজনৈতিক কাৰচাজী পৰিহাৰ কৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টো নাজিৰাৰ পৰা সোণাৰীলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বীৰ লাচিত সেনা , অসমৰ শিৱসাগৰ জিলা আৰু নাজিৰা মহকুমা সমিতিয়ে পৃথকে পৃথকে মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতো এই দাবী কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসম তথা নাজিৰা বাসী ৰাইজৰ স্বাৰ্থত চৰকাৰৰ বিৰুদ্ধে বৃহৎ গণ প্ৰতিবাদী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সংগঠনটোৱে স্মাৰক পত্ৰৰ যোগে সকীয়াই দিয়ে । 

মাৰাথান দৌৰ প্ৰতিযোগিতাৰে উদ্দীপ্ত চ’ৰাৰ উদ্যোগত ৩৮ সংখ্যক অভিৰুচি দিৱস উদ্‌যাপন

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সোণৰ পদকেৰে  অৰ্জুন বঁটা বিজয়ী  ভোগেশ্বৰ বৰুৱাই প্ৰথম ব্যক্তি আৰু  জাতিৰ গৌৰৱ আছিল ; শিৱসাগৰৰ জয় সাগৰ পুখুৰীৰৰ অঞ্চলত  ৩ চেপ্তেম্বৰত  জন্ম গ্ৰহণ কৰা এই মহান খেলুৱৈ গৰাকীৰ  ওপজা দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে বিগত ১৯৮৪ চনৰ পৰাই পালন কৰি  আহিছে’ এই বক্তব্য চ’ৰাৰ সভাপতি দীপক শৰ্মাৰ।বিহালী বেদেতীৰ স্বেচ্ছাসেৱি ক্ৰীড়া অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত প্ৰতি বছৰে এই দিনটোত অসম ভিত্তিত ফুট ব’ল ‘ভলী’বল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে । এই বাৰ কৰোনা অতিমাহীৰৰ পৰিপ্ৰেক্ষিতত জিলা খনৰ বিভিন্ন প্ৰান্তৰ  দুই শতাধিক খেলুৱৈ ‘যুৱক -যুৱতিৰ দ্বাৰা প্ৰায় ২০ কি’ল’ কি:মি: পথ মাৰাথান দৌৰে দিবসটি পালন কৰে । দৌৰৰ শেষত প্ৰথম দ্বিতীয় আৰু তৃতীয় বিজয়ী হিচাপে ৪ গৰাকী যুৱতী আৰু ৭ জন যুৱকক আদৰণি জনাই  পুৰষ্কৃত কৰা হয়। এই অনুষ্ঠানত আতঁ ধৰে চ’ৰাৰ সভাপতি দীপক শৰ্মা ‘সম্পাদক জয়ন্ত বৰাই। এই সময় ছোৱাত শিক্ষক তথা প্ৰশিক্ষক  ৰঞ্জিত গগৈ:অবন বৰুৱা অৰু ঢ’ৰাৰ সদস্য সকলে অৎশ লয় । এই মাৰাথান দৌৰ যাত্ৰা  শুভ উদ্বোধন কৰে প্ৰাক্তন খেলুৱৈ পিণ্টু গুহই : লগতে  আদৰণি জনায় জ্যেষ্ঠ ব্যক্তি ম:আলি হুচেইনক।  অভিৰুচি দিৱসৰ মুল শ্ল’গান হ’ল সুদক্ষ খেলুৱৈ  জাতিৰ গৌৰব আৰু দেশৰ সম্পদ এই মন্তব্য উদ্দীপ্ত ঢ’ৰাৰ সভাপতি দীপক শৰ্মাৰ । এই অনুষ্ঠানৰ পৰাই  অসম গৌৰৱ ভোগেশ্বৰ বৰুৱাৰ লগতে  হিমা দাস আৰু লভলীনা বৰগোঞাইলৈ শুভকামনা জনায় ।

লাহৰীঘাটৰ টেঙাগুৰিত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

 মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই টেঙাগুৰি কছাৰী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুটা সৰবৰাহ কাৰীক আটক কৰে ।আটক কৰা সৰবৰাহকাৰী দুটা হল মজিবুৰ ৰহমান আৰু আমিৰ হামজা ।৭০টা ড্ৰাগছ  ভৰ্তি কন্টেইনাৰ আৰু ১৭৫০০ টকা জব্দ কৰে ।দীৰ্ঘদিন ধৰি দুয়ো  নিজ ঘৰতেই ড্ৰাগছৰ ব্যৱসায় চলাই আছিল ।

পশ্চিম নলবাৰীৰ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ত “নেহৰু ফল মুলৰ বাগিছা”ৰ শুভ উদ্বোধন

পশ্চিম নলাবাৰীৰ  শিক্ষাখণ্ডৰ  অধীনৰ ঐতিহ্যমণ্ডিত   আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ উল্লেখনীয় পদক্ষেপক সর্বস্তৰ ৰাইজে প্রসংশা কৰে ৷যিখন বিদ্যালয়ত ছাত্র ছাত্রীৰ ,মাতৃগোটৰ ,পৰিচালনা সমিতিৰ সহযোগত কৰা পাচলিৰে ছাত্র ছাত্রীয়ে মধ্যাহ্ন ভোজনত পুষ্টিকৰ খাদ্য খাই তেনে এখন প্রাথমিক বিদ্যালয় হল পশ্চিম নলবাৰীৰ  কৃষি প্রধান অঞ্চলত থকা আমনি শংকৰ প্রাথমাক বিদ্যালয়ত আজি আনুষ্ঠানিকতাৰে এখন ফল মুলৰ বাগিছা উদ্বোধন কৰা হয় ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ ইকো ক্লাৱৰ উদ্যোগত নকৈ স্হাপিত ফলমুলৰ বাগিছা খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° প্ৰমোদ হালৈয়ে ৷ এই উপলক্ষে আজি দিনৰ ১১-৩০ বজাত বিদ্যালয় ভৱনত অনুষ্ঠিত হোৱা  শুভাৰ্ভণী  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যিলয় খনৰ প্ৰধান শিক্ষক হৰিচৰণ শৰ্মাই ৷ স্হানীয় যুৱ সমাজকৰ্মী পৰমেশ্বৰ বৰ্মনে আত ধৰা সভাত উদ্বোধক ড° হালৈয়ে সকলো গছ গছনিৰ উপকাৰিতা আছে ৷ গছে জীৱনদায়িনী অক্সিজেন দি আছে বাবেই আমি জীয়াই থাকিবলৈ সক্ষম হৈছো ৷  ফলমুলৰ গছৰ কথা আৰু বেলেগ ৷ এই গছে আমাক পুষ্টিকৰ খাদ্য দিয়ে ৷ প্ৰতিখন বিদ্যালয়ত ফলমুলৰ বাগিছা থকাটো বাঞ্ছনীয় বাবেই হয়টো শিক্ষা বিভাগে বিদ্যালয় সমুহত ইকো ক্লাৱ খুলিব দি অনুদান আদিও দিছে ৷ আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ে আজি যি খন “নেহৰু ফলমুলৰ বাগিছা” উদ্বোধন কৰিলে ইয়ে ছাত্ৰ ছাত্ৰীৰ মনত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি কয় ৷ সভাত স্হানীয় সমাজকৰ্মী হৰকান্ত ৰাজবংশী, মথুৰ ৰাজবংশী, ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ অবসৰী প্ৰধান শিক্ষক উমেশ বৰ্মন, ২১ নং পশ্চিম ক্ষেত্ৰী ধৰ্মপুৰ পঞ্চায়তৰ সভাপতি বিকাশ বৰ্মন আৰু পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্যই তত্বগধুৰ ভাষণ প্ৰদান কৰে ৷ সভাৰ শেষত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হৰেশ্বৰ ৰাজবংশীয়ে শলাগৰ শৰাই আগবঢ়ায় ৷ সভাৰ পূৰ্বে বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰিচৰন শৰ্মা, সহকৰাী শিক্ষক তপন কুমাৰ শৰ্মা, প্ৰনৱ দাস, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি জয়দেব বৰ্মন, বৰ্তমানৰ সভাপতি, হৰেশ্বৰ ৰাজবংশী ,ইকো ক্লাৱৰ সদস্য সদস্যা সকলৰ সহযোগত ফলমুলৰ বাগিছা খনত ড° প্ৰমোদ হালৈ, নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ কাৰ্যালয় সহায়ক পৰেশ শৰ্মা, অৱসৰী প্ৰধান শিক্ষক দিলীপ শৰ্মা, উমেশ বৰ্মন, কেশৱ ডেকা, শিক্ষক সতীশ বৰ্মন, পঞ্চায়ত সভাপতি বিকাশ বৰ্মন, হৰকান্ত ৰাজবংশী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক অনিল হালৈ, জ্যেষ্ঠ সাংবাদিক ৰাজেন বৈশ্যই একোটাকৈ বিভিন্ন লিচু, লেটুক,আম,, মধুৰিআম,নাচপতি, আমলখি ,জলফাই,কর্দ্দৈ,,আপেল আদিৰ  ফলমুলৰ গছৰ পুলি ৰোপন কৰে  ৷ কিছু বছৰ পিছত বিদ্যালয়ৰ ছাত্র ছাত্রী সকলে বিদ্যালয়ত হোৱা সকলো ফলমুলে খাই আনন্দ লাভ কৰিব বুলি একাংশ উপস্থিত ৰাইজে উল্লেখ কৰে ৷ সাংবাদিক পৰাগমণি দাস, ধীৰাজ তালুকদাৰ, তপন কুমাৰ শৰ্মা, প্ৰদীপ কুমাৰ বৰ্মনকে ধৰি বিদ্যালয়ৰ মাতৃগোটৰ সদস্যা সকল আৰু একাংশ স্হানীয় ৰাইজ উপস্থিত আছিল ৷শেষত  অনুষ্ঠানত উপস্থিত থকা প্রতি গৰাকী নিমন্ত্ৰিত অতিথি, উপস্থিত লোক সকলে বিদ্যালয়নৰ শিক্ষক সকলৰ ভূয়ষী প্রশংসা  কৰে ।

জাতীয় বীৰ লাচিত মৈদামত আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

Exif_JPEG_420

অসমীয়া জাতিৰ সৰ্বাংগীণ উন্নতি আৰু অধিকাৰ কামনা কৰি আপোচবিহীনভাৱে অসমৰ ৰাজনৈতিক, ভৌগোলিক তথা অৰ্থনৈতিক অৱস্থাৰ অনিয়ম অন্যায়ৰ বিৰদ্ধে মাত মাতি আহিছে আহোম সেনাই ৷কেৱল অসম তথা ভাৰতবৰ্ষতে নহয়, বিশ্বৰ সৰ্বোচ্চ ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ মজিয়াতো নিজৰ স্থিতি অটল কৰি তুলিবলৈ সক্ষম হোৱা অসমৰ অন্যতম অৰাজনৈতিক সংগঠন আহোম সেনাই বৃহস্পতিবাৰে নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভাগি উদযাপন কৰে ৷বৃহস্পতিবাৰে টীয়কৰ হোলোঙাপাৰস্থিত ঐতিহাসিক  বীৰ লাচিতৰ মৈডাম প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে আহোম সেনাই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। উল্লেখযোগ্য যে, আহোম সেনাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, মৈডাম তৰ্পণৰ লগতে আহোম সকলৰ ৰীতি নীতিৰে বানফী আৰু ফুৰালুং সমাপন কৰি পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।লগতে প্ৰতিগৰাকী সদস্যই অসমৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় । ইপিনে দিনযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী-সাংবাদিকক সম্বৰ্দ্ধনা জনায় সংগঠনটোৱে ৷ এই প্ৰতিষ্ঠা দিৱস ভাগিত কেন্দ্ৰীয় সমিতিৰ সভাপতি অংকুৰ ফুকন,লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱা, সম্পাদক মহেন্দ্ৰ গগৈ, কৃষি বিপ্লৱী মহিলা ৰুণ জুন গগৈ, সাহিত্যিক তথা অসম আৰক্ষী যোগাযোগ বিভাগৰ মিন্টু হাজৰিকা, প্ৰাগ নিউজৰ উজনি অসম ব্যুৰ উৎপল বৰা,কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক কৌশিক হাতীবৰুৱা,যোৰহাট জিলা সমিতিৰ ৰক্তিম বুঢ়াগোহাঁই প্ৰমুখ্যে নেতৃবৰ্গ উপস্থিত থাকে।

বিধান সভাৰ পৰা লালকিল্লালৈ ঐতিহাসিক সুৰংগ

“যেতিয়া মই ১৯৯৩ চনত বিধায়ক হৈছিলোঁ, ইয়াত থকা এটা সুৰংগৰ বিষয়ে শুনা গৈছিল যিটো লাল কিল্লালৈকে যায় আৰু মই ইয়াৰ ইতিহাস বিচাৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু এই বিষয়ে কোনো স্পষ্টতা নাছিল,” বিধানসভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে কয়। বৃহস্পতিবাৰে ANIৰ সৈতে হোৱা বাৰ্তালাপত দিল্লী বিধান সভাৰ অধ্যক্ষ ৰাম নিৱাস গোৱেলে কয় যে সুৰংগটোৱে বিধান সভাক লালকিল্লাৰ সৈতে সংযোগ কৰে আৰু স্বাধীনতা সংগ্ৰামীসকলক স্থানান্তৰ কৰোঁতে প্ৰতিশোধ পৰিহাৰ কৰিবলৈ ব্ৰিটিছসকলে ইয়াক ব্যৱহাৰ কৰিছিল। “যেতিয়া মই ১৯৯৩ চনত বিধায়ক হৈছিলোঁ, ইয়াত থকা এটা সুৰংগৰ বিষয়ে শুনা গৈছিল যিটো লাল কিল্লালৈকে যায় আৰু মই ইয়াৰ ইতিহাস বিচাৰিবলৈ চেষ্টা কৰিছিলো। কিন্তু ইয়াত কোনো স্পষ্টতা নাছিল,” তেওঁ কয়।

তেওঁ লগতে কয়, “এতিয়া আমি সুৰংগটোৰ মুখ পাইছো কিন্তু আমি ইয়াক আৰু খনন কৰা নাই কিয়নো মেট্ৰ’ প্ৰকল্প আৰু নৰ্দমা স্থাপনৰ ফলত সুৰংগটোৰ সকলো পথ ধ্বংস হৈ গৈছে।”গোৱেলে আৰু জনায় যে ১৯১২ চনত কলকাতাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰাৰ পিছত কেন্দ্ৰীয় বিধান সভা হিচাপে ব্যৱহৃত দিল্লী বিধান সভাক ১৯২৬ চনত আদালতলৈ পৰিৱৰ্তন কৰা হৈছিল আৰু ব্ৰিটিছসকলে স্বাধীনতা সংগ্ৰামীসকলক আদালতলৈ অনাৰ বাবে এই সুৰংগটো ব্যৱহাৰ কৰিছিল।

৩৮ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

৩ ছেপ্টেম্বৰ অসমৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। অভিৰুচি গোটে যোৱা ৩৭ বছৰ ধৰি বিভিন্ন অনুষ্ঠানৰ সৈতে দিনটো উদযাপন কৰি আহিছে। অৱশ্যে এইবাৰ ক’ভিড-১৯ মহামাৰীৰ বাবে আয়োজকে গণ জগিং, নৃত্য প্ৰতিযোগিতা আৰু খেলুৱৈৰ সম্বৰ্ধনা কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল যিটো ক্ৰীড়া দিৱসৰ অবিচ্ছেদ্য অংশ। ১৯৬৬ চনৰ এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱা। এজন ভাৰতীয় প্ৰাক্তন এথলীট আৰু প্ৰশিক্ষক। ১৯৬৬ চনৰ এছিয়ান গেমছত পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথম গৰাকী অসমবাসীৰ ভিতৰত এজন আছিল। তেওঁ 1966 চনৰ এছিয়ান গেমছৰ 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদকৰ বিজয়ী আছিল। বৰুৱাৰ জন্মদিন প্ৰতি বছৰে ৩ ছেপ্টেম্বৰত অসমত পালন কৰা হয়, যাক তেওঁৰ সন্মানত “অভিৰুচি ক্ৰীড়া দিৱস” বুলি কোৱা হয়। তেওঁ ৯০ ৰ দশকৰ আৰম্ভণিতে গুৱাহাটীৰ দিম’ত এখন ক্ৰীড়া একাডেমী আৰম্ভ কৰিছিল। কিন্তু তিনি বছৰ কাম কৰাৰ পিছত, পুঁজিৰ অভাৱৰ বাবে তেওঁ কাম বন্ধ কৰি দিছিল। তেওঁ অৰ্জুন বঁটা প্ৰাপক। অৰ্জুন বঁটা লাভ কৰা তেওঁ প্ৰথম জন অসমবাসী।

ড্ৰাগছ আসক্ত সম্পর্কীয় ভাতৃয়ে নৃশংসভাৱে হত্যা কৰে ডিম্পলক

ডিম্পল কুমাৱাটৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে মহানগৰ আৰক্ষীয়ে৷ ডিম্পলক সম্পর্কীয় ককায়েক আশ্বিক গুপ্তাই হত্যা কৰিছিল৷ আৰক্ষীৰ জেৰাত ঘাতক আশ্বিকে ডিম্পলক হত্যা কৰা বুলি স্বীকাৰ কৰে৷ মধ্য আৰক্ষী জিলাৰ ডিচিপি ৰাজবীৰে সংবাদ মাধ্যমক আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰে৷ আৰক্ষীৰ জেৰাত ১৩ বছৰীয়া ভগ্ণী ডিম্পলক কেনেদৰে নৃশংসভাৱে হত্যা কৰিছিল, সেই কথাও অকপটে স্বীকাৰ কৰিছে ঘাতক আশ্বিকে৷ কালি দিনৰ প্রায় ১০.৪৫ বজাত কোনো কথাক লৈ ডিম্পল আৰু আশ্বিকৰ মাজত কাজিয়াৰ সূত্রপাত হৈ দুয়োৰে মাজত মাৰপিট হয়৷ আশ্বিকে ভগ্ণী ডিম্পলক ওচৰতে থকা এটা প্রেছাৰ কুকাৰেৰে প্রচণ্ড জোৰেৰে প্রহাৰ কৰে৷ ডিম্পল বিছনাত পৰি যোৱাত আশ্বিকে প্রথমে ছুৰীৰে পেটত আৰু পাছত পিঠিত দহবাৰকৈ হানি–খুঁচি হত্যাৰ চেষ্টা চলায়৷ তেতিয়াও ডিম্পল জীয়াই থকাত পটাগুটিৰে মূৰত প্রচণ্ড জোৰেৰে আঘাত কৰে৷ ঘাতক আশ্বিকে মূৰত পটাগুটিৰে প্রহাৰ কৰাত তেজে তুমৰলি হৈ পৰে কোঠাটো৷ এই আঘাত ইমানেই প্রচণ্ড আছিল ডিম্পলৰ দেহৰ পৰা ওলোৱা তেজৰ ছিটিকনিৰে কোঠাটোৰ বেৰ ৰাঙলি হৈছিল৷

ডিম্পলক হত্যা কৰি আশ্বিকে বাথৰুমত গাত লাগি থকা তেজ ধুই পুনৰ হত্যাকাণ্ড সংঘটিত কৰা কোঠাটোলৈ আহে৷ তেনে সময়তে ডিম্পলৰ পিতৃৰ ফোন অহাত আশ্বিকে ফোনটো ৰিচিভ কৰে৷ পিতৃ অশোক কুমাৱাটে ডিম্পলৰ কথা সোধাত আশ্বিকে ডিম্পলে গা ধুবলৈ যোৱা বুলি কয়৷ ইয়াৰ কিছু সময়ৰ পাছতে ঘাতক আশ্বিকে ডিম্পলৰ ম’বাইলৰ পৰা বন্ধু কৰণলৈ ফোন কৰি ঘৰৰ পৰা ওলাই যায়৷ ঘাতক আশ্বিকে প্রায় ১১.২০ বজাত ডিম্পলৰ পিতৃৰ উজান বজাৰৰ ব্যৱসায়িক প্রতিষ্ঠানলৈ যায়৷ ডিম্পলৰ পিতৃয়ে আশ্বিকক কিছু টকা দি ঘৰলৈ খোৱাবস্তু লৈ যাবলৈ কয়৷ ডিম্পলৰ পিতৃৰ পৰা আশ্বিকে টকা লৈ উজান বজাৰৰ আৰিকাটিবস্তিত গাঞ্জা সেৱন কৰে৷ তাৰ পাছত বাৰোৱাৰী ৰে’লৱে কলনীত থকা বন্ধু চিণ্টু দাসৰ ঘৰলৈ গৈ ডিম্পলৰ ম’বাইল ফোনটো কাপোৰেৰে মেৰিয়াই এটা ড্রামৰ তলত লুকাই থয়৷ ডিম্পলৰ হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ কিছু সময়ৰ পাছতেই আশ্বিকে ঘটনাস্থলীত উপস্থিত হৈ ভগ্ণীৰ মৃত্যুত চিঞৰি চিঞৰি কান্দি উঠে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আৰক্ষীকো সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াইছিল আশ্বিকে৷ আনকি আৰক্ষীয়ে স্নিফাৰ ডগ লৈ ঘটনাস্থলীত ক্লু বিচাৰি অভিযান চলাওঁতে আশ্বিক আৰক্ষীৰ পিছে পিছে গৈছিল৷

ডিম্পলৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দর্ভত লতাশিল থানাত ৰুজু হোৱা ৩০৩/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে কালি নিশা প্রায় ৯.৩০ বজাত সন্দেহবশতঃ আশ্বিক গুপ্তা ওৰফে আশ্বিক, বন্ধু কৰণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বাসগৃহটোত ভাৰাতীয়া হিচাপে থকা এজন যুৱকক সোধা–পোছাৰ বাবে আটক কৰে৷ আৰক্ষীৰ জেৰাত আশ্বিকে হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰ কৰাত লতাশিল থানাৰ আৰক্ষীয়ে ঘাতক আশ্বিকক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ঘাতকৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিম্পলৰ ম’বাইল ফোন আৰু ভঙা ছিমখন বাৰোৱাৰীৰ বন্ধুৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আশ্বিকে ড্রাগ্ছ সেৱন কৰিছিল৷ ড্রাগ্ছ আসক্ত আশ্বিকে কেইমাহমান পূর্বে গডৰেজৰ লকাৰ ভাঙি পিতৃয়ে জমা কৰি থোৱা পাঁচ লাখ টকা চুৰি কৰি নিছিল৷

ইয়াৰ পাছৰে পৰা ঘাতক আশ্বিক ডিম্পলহঁতৰ ঘৰতে আছিল৷ বিগত প্রায় দুমাহ ধৰি ডিম্পলহঁতৰ ভাৰাঘৰত থকা আশ্বিকে অতি নৃশংসতাৰে ভগ্ণী ডিম্পলক হত্যা কৰা ঘটনাক লৈ সমগ্র অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে৷ ইফালে আজি স্থানীয় মহিলা সমিতি আৰু দল–সংগঠনে ডিম্পলৰ হত্যাকাৰীক কঠোৰ শাস্তি প্রদানৰ দাবীত উজান বজাৰত প্রতিবাদ সাব্যস্ত কৰে৷ ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে লতাশিল থানা ঘেৰাও কৰি হত্যাকাৰীক কঠোৰতকৈ কঠোৰ শাস্তি প্রদানৰ দাবী জনায়৷ আজি জি এম চি এইচত মৰণোত্তৰ পৰীক্ষাৰ অন্তত ডিম্পলৰ নিথৰ দেহ উজান বজাৰৰ বাসগৃহলৈ অনা হয়৷ ডিম্পলৰ মৃতদেহ উজান বজাৰলৈ অনাৰ পাছতেই এক শোকাকুল পৰিৱেশ সৃষ্টি হয়৷ ডিম্পলৰ মৃতদেহত অঞ্চলটোৰ ৰাইজে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই নৱগ্রহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷

আল্লিয়াত এখন দলঙে জ্বলা-কলা খুৱাইছে ১০খন গাঁৱৰ জনসাধাৰণক

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং আল্লিয়া গাঁও পঞ্চায়তৰ এলেকাধীন আল্লিয়া মিলন বজাৰ সমীপৰ  নোনা নৈৰ ওপৰত এখন অৰ্ধনমিত পকী দলঙে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ ৰাজহ গাঁৱৰ জনসাধাৰণক যাতায়ত ক্ষেত্ৰত জ্বলা-কলা খুৱাইছে বুলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ তুলিছে। উল্লেখ‍্য যে ঘগ্ৰাপাৰ হাইৱে চ’কৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দুৰৈত অৱস্থিত উক্ত দলংখন নিৰ্মাণৰ কাম আজিৰে পৰা প্ৰায় আঢ়ৈ  বছৰ পুৰ্বে এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰে কাম আৰম্ভ কৰিছিল যদিও নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ গুৰুত্বহীনতা তথা হেমাহিত আজিও দলংখনৰ নিৰ্মান কাৰ্য সম্পূৰ্ণ নোহোৱাত স্থানীয় ৰাইজ তথা আছুৱে এই স্থানত উপস্থিত হৈ আজিও ক্ষোভ প্ৰকাশ কৰে। উল্লেখ‍্য যে পকী দলংখনৰ কাষেৰে উপপথ হিচাপে এখন বাঁহৰ দলং নিৰ্মাণ কৰিছিল যদিও বাঢ়নী পানীয়ে অস্থায়ী দলংখন  উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৮/১০ খন গাঁৱৰ পথচাৰী,ছাত্ৰ-ছাত্রী আদিয়ে যাতায়ত-যোগাযোগৰ ক্ষেত্ৰত যমৰ-যাতনা ভূগি অহাৰ সময়তে কালি  আবেলি আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে উক্ত স্থান পৰিভ্ৰমণ কৰে।পৰিভ্ৰমণ কালত নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপসভাপতি কল্প ৰাজবংশীয়ে অভিযোগ উত্থাপিত কৰি নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা,ঠিকাদাৰ,আমোলা-বিষয়াক ধিক্কাৰ প্ৰদান কৰে। লগতে আছুনেতা ৰাজবংশীয়ে বিধায়ক জয়ন্ত মল্ল বৰুৱাক এই অঞ্চলৰ ৰাইজে নিৰ্বাচনৰ পিছত গাঁৰ ছাঁ টোকে দেখা নাই বুলি মন্তব্য কৰি এই অঞ্চলৰ  ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়ে কি দৰে যাতায়ত-যোগাযোগ কৰি আহিছে এবাৰ নিজ চকু চাই আহিবলৈ আছু নেতাগৰাকীয়ে আহ্বান জনায়। ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসে কয় যে বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়ত-যোগাযোগ পথ হিচাপে চিহ্নিত– আল্লিয়া-দ্বাৰকুছি সংযোগী পথৰ নোনা নৈৰ ওপৰত উক্তস্থানত নিৰ্মিত পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ কৰিবলৈ অসম চৰকাৰ আৰু নলবাৰী জিলা উপায়ুক্তক দাবী কৰিছে।অন্যথা পৰৱৰ্তী সময়ত ৰাইজৰ সহায়োগত গণতান্ত্ৰিক আন্দোলন কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।উল্লেখ‍্য যে পুৰ্বেও আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও আজি পৰ্যন্ত সুফল পোৱা নাই বুলি জানিব দিয়ে।

দুৰ্নীতিৰ বিৰুদ্ধে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উল্লেখনীয় পদক্ষেপ

কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টি তথা জনপ্ৰতিনিধি খনছিং ৰংপিৰ সমষ্টি হাওৰাঘাটত বিভিন্ন বিভাগত বিগত চাৰিটা বছৰে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ পিছত দৰিদ্ৰ হিতাধীকাৰীৰ অভিযোগৰ ভিত্তিত মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে তাৎক্ষণিকভাৱে দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি গ্ৰাম্য সখী চাকৰি নিযুক্তি দিয়াৰ নামত হাওৰাঘাট বি এল চি চি’ৰ চেয়াৰমেন মৰমী শইকীয়া আৰু হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক বৰ্খাস্ত কৰি মৰমী শইকীয়াৰ ঠাইত নতুনকৈ মুকুল নাথ আৰু গণেশ ইংহিৰ ঠাইত নতুনকৈ বিলিচন ইংতিক আজি আনুষ্ঠানিকভাৱে হাওৰাঘাটৰ এখন সভাৰ যোগেদি নিযুক্তি প্ৰদান কৰে ১১ টা ব্লকৰ চেয়াৰমেন জৰ্ণেল ৰংহাঙে । বিজেপিৰ হাওৰাঘাট ব্লক মণ্ডলৰ সভাপতি ৰামায়ণ চৌহানৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকি মথুৰা ফংলোচাই লগতে পুনৰ কয় যে দুবছৰ ধৰি আমি ৰাইজক একো দিব পৰা নাছিলোঁ । আমি কান্দি কান্দি চকুলো টুকি টুকি আলোচনা কৰিছিলোঁ । কি কিয় ইমান দুৰ্নীতিবোৰ সংঘটিত হৈ আছে । দুৰ্নীতিৰ বিৰুদ্ধে দুবছৰ ধৰি আমি ষ্টিং অপাৰেশ্যন চলাই আছিলো । পূৰ্বৰ প্ৰাক্তন হাওৰাঘাট ভি ডি চি’ৰ চেয়াৰমেন যীশু কেম্পাইয়ে দুৰ্নীতি সংঘটিত কৰি ডিঙিলৈকে গিলি বিজেপিৰ কৰ্মকৰ্তাক পানীত ডুবাই থৈ গৈছিল বুলি কোৱাৰ লগতে কয় যে খনছিং ৰংপিয়ে নিজৰ পচন্দ মতে পুনৰ দ্বিতীয়জন ভি ডি চি’ৰ চেয়াৰমেন গণেশ ইংহিক নিযুক্তি তেওঁকো দুৰ্নীতিৰ পোহাৰ মেলাৰ সুযোগ দিয়া বুলি অভিযোগ কৰে । এঘাৰটা ব্লকৰ চেয়াৰমেনৰ লগত আলোচনা কৰি দুৰ্নীতিৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যনত মণ্ডলৰ এটা টিম আৰু লগত মিডিয়া লৈ এমাহ  সোতৰ দিন ধৰি দিনে নিশাই অভিযান চলোৱা হৈছিল। যাতে দুৰ্নীতি কৰা ভ্ৰষ্টাচাৰীসকলক একেবাৰে যমুনা নদীত বিসৰ্জন দিব পৰা যায় । যতে যাও তাতেই গ্ৰাম্য সখী নিযুক্তি দিয়ৰ নামত টকা লোৱা,যতে যাও তাতেই জবকাৰ্ডৰ ধন লুণ্ঠন কৰা, যতে যাও তাতেই পি ডি এছ ৰ পি এম ৱাই আঁচনিৰ টকা লোৱা আদিবোৰ দেখি দেখি সেইবোৰ অসহ্য লাগি গৈছিল বুলি কৈ মথুৰা ফংলোচাই কয় সেইবাবেই আমি ১৫ জনীয়া ষ্টিং অপাৰেশ্যন টিম গঠন কৰিছিলো বুলি কয় ।