Home Blog Page 2857

আৰ্চাৰী খেলুৱৈ সঞ্জয় বড়োক আৱকাৰি বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি

বিটিআৰ ওদালগুৰি জিলাৰ অন্তৰ্গত ডীমাকুছি টতলাপাৰা গাঁ‌ৱৰ নিবাসী সঞ্জয় বড়ো ২০০৫ চনৰ পৰা আৰ্চাৰী  খেলৰ প্ৰসিক্ষণৰে প্ৰায় ২০০৮ চনত কোকৰাঝাৰ চাই কেন্দলৈ বাছনি হোৱা সঞ্জয় বড়োয়ে ২০০৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেল প্ৰতিযোগীতাত অংশগ্ৰহণ কৰি সোণাৰ পদক বুটলিবলৈ সক্ষম হোৱা সঞ্জয় বড়োয়ে ক্ৰমান্বয়ে ১০ খনকৈ অন্তৰাষ্ট্ৰীয় আৰ্চাৰী খেলত অংশগ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষলৈ এটাৰ পিছত এটা সোণাম কঢ়িয়াই আনিবলৈ সক্ষমহোৱা অসমৰ আন এগৰাকী পৰিশ্ৰমী খৈলুৱৈ ।হীমা দাস আৰু লাভলিনাৰ পিছত বিটিআৰ অসমৰ আন দুগৰাকী শ্ৰেষ্ঠ খেলুৱৈ সঞ্জয় বড়ো আৰু যুমনা বড়োক  অসম চৰকাৰৰ কেবিনেট সিধান্ত মৰ্মে চৰকাৰীত নিয়োগ কৰা হ’ব।সেই মৰ্মে আপকাৰী বিভাগৰ পৰিদৰ্শকৰ নিযুক্তি পদৰ  ঘোষণাৰ পিছত সমগ্ৰ বিটিআৰ বাসীৰ লগতে সঞ্জয় বড়োৰ পৰিয়াল লোকে ব্যাপক সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে।সঞ্জয় বড়ো, যুমনা বড়োৰ দৰে অসমত থকা আন আন পৰিশ্ৰমি খেলুৱৈ সকলকো চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনাই।

মোৰাঝাৰ ষ্টেড বেংকৰ শাখা পুনৰ স্থাপনৰ দাবীত সাংসদৰ স্মাৰকপত্ৰ

হোজাইৰ মোৰাঝাৰ অঞ্চল এক কৃষিপ্ৰধান অঞ্চল৷ বহু সমস্যাৰে জৰ্জৰিত অঞ্চলটিৰ এটা অতি গুৰুত্বপূৰ্ণ সমস্যা হল বেংক সমস্যা৷ ভাৰতীয় ষ্টেড বেংকৰ  মোৰাঝাৰ শাখা মোৰাঝাৰত পুনৰ স্থাপন কৰাৰ দাবীত আজি গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰৱন্ধক Chief General Manager (CGM) ক স্মাৰকপত্ৰ প্ৰদান কৰে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে৷ লগতে যমুনামুখ সমষ্টিৰ  যুৱ নেতা ৰেহান উদ্দিন,মোৰাঝাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি বিলাল উদ্দিন আৰু মোৰাঝাৰ ব্যৱসায়ী সন্থাৰ  সম্পাদক শ্বাহনেৱাজ মনজুৰ হুছেইনেও সংগ দিয়ে৷ মহাপ্ৰবন্ধক গৰাকীয়ে অতি কম সময়ৰ ভিতৰত বেংকৰ শাখাটি পুনৰ মোৰাঝাৰত স্থাপন কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে প্ৰয়োজনত নতুন শাখা প্ৰদান কৰা হব বুলি সাংসদক আশ্বাস প্ৰদান কৰে ৷ সাংসদ গৰাকীয়ে CGM কাৰ্যালয়ত উপস্থিত হৈ  স্মাৰকপত্ৰ খন প্ৰদান কৰাত সাংসদক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলটিৰ সচেতন ৰাইজে৷ উল্লেখ যোগ্য যে ১৯৮৬ স্থাপিত হোৱা শাখাটি শেহতীয়া বেংকত সংগঠিত কোটিটকীয়া দুৰ্নীতিৰ বাবে  নীলবাগানত স্থানান্তৰিত হোৱাত গ্ৰাহকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷

চামগুৰিৰ ভূৰবন্ধাত দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ

 নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ১ নং ভূৰবন্ধা অঞ্চলত আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহু উদ্ধাৰ হয় ৷ জানিব পৰা মতে ১ নং ভূৰবন্ধা অঞ্চলৰ কেইজন মান লোকে আজি পুৱা এটা দুষ্প্ৰাপ্য কেটেলা পহুৱে বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উক্ত কেটেলা পহুটো উদ্ধাৰ কৰি লাওখোৱা বন বিভাগৰ হাতত চমজাই দিয়ে ৷ বন বিভাগৰ লোকে উক্ত দুষ্প্ৰাপ্য কেটেলা পহুটো পৰৱৰ্তী সময়ত লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনত মুকলি কৰি দিয়ে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য খনৰ বহু এলেকা বুৰাই পেলাইছে ৷ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্য খনৰ পৰাই উক্ত কেটেলা পহুটো ওলাই জনাঞ্চলত প্ৰেৱশ কৰিছিল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে

ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ প্ৰতিষ্ঠা দিৱস পালন

বোকাজান মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ইষ্টাৰ্ণ কাৰ্বি আংলং কলেজৰ ২৪ তম প্ৰতিষ্ঠা দিৱস যোৱা ১ চেপ্তেম্বৰ তাৰিখে কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তেনেই অনুষ্টুপীয়াকৈ পালন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯.৩০ বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ ড° অনিল চন্দ্ৰ দাসে। ইয়াৰ পাছতে উপাধ্যক্ষ চুখলাল চুব্বাই দেশ আৰু সমাজৰ বাবে প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে । এই কাৰ্যসূচীত মহাবিদ্যালয়ৰ সকলো শিক্ষক তথা কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। বিজ্ঞান শাখাৰ সমুখৰ বাকৰিত গছপুলি ৰোপনৰ এটি কাৰ্যসূচীও সম্পন্ন কৰা হয়। অনুষ্ঠানৰ আঁত ধৰে সহকাৰী অধ্যাপক ড° নয়নমণি মেধিয়ে। সম্পূৰ্ণ কোভিড নীতি-নিয়ম মানি অধ্যক্ষ ড° দাসৰ সভাপতিত্বত শিক্ষক, কৰ্মচাৰী, ছাত্ৰ আৰু প্ৰাক্তন ছাত্ৰৰ প্ৰতিনিধিৰ মাজত এখনি মত বিনিময় সভাও অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ১৯৯৭ চনত সৰিয়হজান অঞ্চলৰ কেইগৰাকীমান সমাজকৰ্মী আৰু সদৌ ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনে এইবছৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। কোভিড অতিমাৰীজনিত পৰিস্থিতিৰ বাবে ৰূপালী জয়ন্তী অনুষ্ঠান উদযাপনৰ বাবে আগবাঢ়িব পৰা নাই যদিও পৰিস্থিতি অনুকূল হ’লেই স্থানীয় ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী উৎসৱ পালন কৰাৰ পৰিকল্পনাৰ বিষয়ে সভাত অধ্যক্ষই ব্যক্ত কৰে। তদুপৰি তেখেতে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ আৰু অধিক উন্নত কৰি সৰিয়হজানবাসী ৰাইজৰ আশা – আকাংক্ষাক বাস্তৱায়িত কৰাৰ লগতে পাহাৰীয়া জিলাখনক উচ্চ শিক্ষাৰ আগবাঢ়ি যোৱাত ক্ষেত্ৰত বৰঙণি যোগোৱাৰ বাবে সকলো শিক্ষকক কাম কৰি যাবলৈ আহ্বান জনায়। লগতে অধ্যক্ষ ড° দাসে মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰাৰ অৰ্থে চৰকাৰ, প্ৰশাসন, জনপ্ৰতিনিধি, ৰাইজ তথা প্ৰাক্তন ছাত্ৰ সমাজৰ সহায় – সহযোগিতা কামনা কৰে।

নলবাৰীত অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ

নলবাৰী জিলাৰ বিভিন্ন ঠাইত গোপনে চলাই থকা অনুজ্ঞাপত্ৰ বিহীন কাঠ মিলৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ৷ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত নলবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ অনুজ্ঞাপত্ৰ বিহীন কাঠফলা মিলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ সফলতাৰ অংশ হিচাপে কালি অৰ্থাৎ ১ ছেপ্তেম্বৰৰ পুৱাৰ ভাগত নলবাৰী বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দলে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাবাৰী আৰু আল্লিয়া অঞ্চলৰ পৰা দুটা কাঠফলা মিল জব্দ কৰা হয়৷ জব্দাকৃত সামগ্ৰী সমূহ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জমা ৰখা বুলি জনা গৈছে৷ ইপিনে জিলাখনৰ বিভিন্ন ঠাইত বৰ্তমানেও চলি থকা অনুজ্ঞাপত্ৰবিহীন কাঠফলা মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা : নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ

⚫এইবাৰ নতুন কৌশলেৰে কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা

⚫নেতৃত্ব দিবলৈ সাজু দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰ

⭕নতুন পৰিকল্পনা আৰু কৌশলেৰে আৰম্ভ হ’ব কংগ্ৰেছৰ পুনৰুত্থান যাত্ৰা।
⭕শীঘ্ৰেই কংগ্ৰেছৰ হাতত ধৰিব দেশৰ ৰাজনীতিৰ ‘মিৰাকল মেন’ প্ৰশান্ত কিশোৰে।
⭕কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীয়ে এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
⭕দেশৰ আটাইতকৈ চৰ্চিত, প্ৰভাৱশালী আৰু সফল ৰাজনৈতিক কৌশল নিৰ্ধাৰক বুলি পৰিচিত প্ৰশান্ত কিশোৰে ৰাহুল, ছোনিয়া আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে জুলাই মাহত কেইবালানি আলোচনাত অংশ লৈছে।
⭕ছোনিয়া গান্ধীৰ সিদ্ধান্তই এইক্ষেত্ৰত শেষ সিদ্ধান্ত হ’ব।
⭕অৱশ্যে একাশ জ্যেষ্ঠ নেতাই এই সিদ্ধান্তক বিৰোধ কৰা বুলি জানিব পৰা গৈছে।
⭕অৱশ্যে এগৰাকী পৰামৰ্শদাতাৰ সন্ধানত থকা ছোনিয়া গান্ধীয়ে প্ৰশান্ত কিশোৰক তেওঁৰ কাষত ৰাখি ২০২৪লৈ শক্তিশালীভাৱে আগবঢ়াৰ পোষকতা কৰাৰে সম্ভাৱনা অধিক বিবেচিত হৈছে।

চতিয়াত নাগশংকৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰীড়া ষ্টেডিয়াম উদ্ধোধন

চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম হাজৰিকা, শ্রীপ্ৰমোদ বৰঠাকুৰ, শ্রীপৃথ্বিৰাজ ৰাভা, শ্রীকৃষ্ণকমল তাঁতী আৰু শ্রীগণেশ লিম্বু উপস্থিত থাকে৷ষ্টেডিয়ামখন ২০১৮-১৯ বৰ্ষৰ এক ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও মুখ্য মন্ত্ৰীয়ে ভাষণত এই ষ্টেডিয়ামৰ কাষতে এখন ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুল নিৰ্মাণৰ বাবেও ১০ কোটি টকা প্রদানৰ প্রতিশ্রুতি প্ৰদান কৰে

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু | ৪০ বছৰৰ বয়সত মৃত্যু সৰুপৰ্দাৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ | হ্ৰদয়ৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটে অভিনেতা গৰাকীৰ | বিগ বছ ১৩ ৰ বিজয়ী আছিল অভিনেতা গৰাকীৰ| TV ৰ লগতে বহুতো হিন্দী চিনেমাতো অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা অভিনেতা গৰাকী বৰ্তমান আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ললে | অভিনেতা গৰাকীৰ এনে মৃত্যুত এতিয়া সমগ্ৰ চলচিত্ৰ জগতত এক গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে |

অসম মালা আঁচনিত ১৬৪ কৌটিৰো অধিক টকা ব্যয়ৰে অগ্ৰগতিত চলিছে পলাশবাৰী মিৰ্জা মুদুকীলৈ চলিছে পথৰ কাম

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম মালা আঁচনিখনৰ যোৱা ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে ঢেকীয়াজুলিত শুভাৰম্ভ কৰিছিল। হাজাৰ হাজাৰ কৌটিটকীয়া অভিলাষী আঁচনিখনৰ অংশস্বৰূপে চৰকাৰৰ গড়কাপ্টানি বিভাগৰ জড়িয়তে ৰাজ্যৰ আন সমষ্টিৰ দৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত ব্ৰহ্মপুত্ৰৰ পলাশবাৰী ঘাটৰপৰা মিৰ্জা মামণি ৰয়ছম গোস্বামী চ’ক হৈ চানডুবি জৰাজীৰ্ণ গড়কাপ্টানি পথছোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফ’ৰলেন কৰাৰ ৰাইজক আশ্বাস প্ৰতিশ্ৰুতি দিছিল। সেইমৰ্মে যোৱা ৯ মাৰ্চৰপৰা পলাশবাৰী-জামৰতল,বৰিহাট হৈ মুদুকীলৈ ১৬৪ কৌটি টকাৰো অধিক টকা খৰচেৰে প্ৰায় ৩০ কি:মিটাৰ পথছোৱাৰ ব্যৱহাৰিকভাৱে জগলীয়া পাৰত কামৰ আৰম্ভ কৰা হৈছিল। এই গুৰুত্বপূৰ্ণ পথছোৱাৰ কামৰ আৱণ্টন লাভ কৰে বিশিষ্ট ঠিকাদাৰ অনিল দাসে। প্ৰায় ক্ষীপ্ৰ গতিত চলা এই কামৰ মাজতে  অলপতে বৰিহাট বজাৰ এলেকাৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰাস্তা বহল কৰাৰ স্বাৰ্থত অঞ্চলটোৰ সচেতন লোক, ব্যৱসায়ী, বৰিহাট ব্যৱসায়ী সুৰক্ষা সমিতি, সচেতন নাগৰিক সমাজ, বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চ, বৰিহাট বজাৰ উন্নয়ন সমিতি, ত্ৰিধাৰা আঞ্চলিক ক’লা সংঘ, অৰুণোদয় কালচাৰেল ক্লাৱ, স্বেচ্ছাসেৱী সংগঠন ‘জন সাৰথি’কে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সহিতে প্ৰায় অগণন লোক ৰাজপথলৈ ওলাই আহে। এইক্ষেত্ৰত অলপতে বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চই বৰিহাট ব্যৱসায়ী সুৰক্ষা সমিতিক জনোৱা আহ্বানমৰ্মে আমৰাঙ্গা ক’লা মন্দিৰত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া-প্ৰতিনিধিৰ উপস্থিতিত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায়। সভাত বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক কন্দৰ্প দাস, ক’লা মন্দিৰৰ প্ৰাক্তন সভাপতি সমূদ্ৰ নাথ দাস, যতীন দাস, ড.গজেন্দ্ৰ অধিকাৰী, ম: ৰেকৰ্ড আলী, কুশল ডেকা, জোতি প্ৰসাদ দাস, উদ্ধৱ কলিতা, দীপক মহলদাৰকে ধৰি ত্ৰিধাৰা আঞ্চলিক ক’লা সংঘৰ বিষয়ববীয়া, বৰিহাট বজাৰ উন্নয়ন সমিতি, নৱাৰুণ সাহিত্য সভাৰো কেইবাজনো বিষয়ববীয়াৰ মাজত হোৱা এক আলোচনামৰ্মে সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক কন্দৰ্প দাসৰ স্বাক্ষৰিত এখনি পত্ৰ প্ৰাক্তন কাউন্সিলাৰ প্ৰদীপ গোস্বামী, মঃ ৰেকৰ্ড আলী, আমৰাঙ্গা গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুশল ডেকা, পঞ্চায়ত সভাপতি হেমন্ত কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, গজেন্দ্ৰজিৎ দাস, নীৰেন্দ্ৰ চন্দ্ৰ ৰাভা, মিলন মহন্ত সহিতে কেইবাজনো লোক মিলি ঠিকাদাৰ অনিল দাসক বৰিহাট বজাৰ পথ বহল কৰা সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰা হয়। বৰিহাট বজাৰ অঞ্চলৰ পথছোৱা বৰ্তমান থকাতকৈ সংকূচিত হ’ব খোজাত তীব্ৰ যান-যটৰ সষ্টি হ’ব কাৰণে ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে বুলি পত্ৰখনত উল্লেখ কৰে । পথছোৱা সংকূচিত নকৰি চৰকাৰী ভূমি থকা ঠাইত কিছু বহল কৰি ৰাইজৰ উপকাৰ কৰিবলৈ আহ্বান জনায়। লগে লগে ঠিকাদাৰ অনিল দাস, গড়কাপ্টানি বিভাগৰ মিৰ্জাৰ বিষয়া ভৱেন শৰ্মা, অভিযন্তাসহ কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে বৰিহাট বজাৰত উপস্থিত হয়।তেওঁলোকে ৰাইজৰ আপত্তি, অভিযোগ শুনি পথ নিৰ্মাণ কৰোতে মানুহৰ ক’ৰবাত কমকৈ ক’ৰবাত বেছিকৈ ভূমি যোৱা বুলি জানিব পাৰে। লগতে একাংশ লোকে চৰকাৰী ভূমি দখল কৰি থকা কথাৰো অৱগত হয়। দুয়োফালে ওখকৈ ফুটপাথ দিলে বৰিহাট বজাৰ এলেকাত ভয়ংকৰ যান-যঁটৰ সমস্যাই দেখা দিব। লগতে ড্ৰেইনবোৰ পৰিকল্পিত আৰু মজবুট হোৱাতো অঞ্চলটোৰ ৰাইজে বিচাৰে। ৰাইজ, সংগঠনৰ আপত্তি শুনি তেওঁলোকে এই সমাধানৰ কামত হাতে কামে লগা পৰিলক্ষিত হয়। বিভিন্ন লোকৰ সৈতে বুজ লৈ তেওঁলোকে সমবেত লোকৰ সহযোগত দোকানী, ব্যৱসায়ী তথা একাংশ লোকৰ দখলত থকা চৰকাৰী ভূমিৰ কেইবা মিটাৰ বেদখল মুক্ত কৰি এক সীমা নিৰ্ধাৰণ কৰি ৰঙা চিন দিয়ে। বজাৰ এলেকাৰ দক্ষিণত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰাত সেই ঠাইৰ কাষতে নিৰ্মাণ কৰিবলৈ লোৱা এটি পকী ড্ৰেইনৰ কামো বন্ধ কৰি দিয়ে । ফলত সেই ড্ৰেইনটো পথলৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ঠিকাদাৰ অনিল দাসে। এনে কাৰ্যত বিষয়া ভৱেন শৰ্মা, ঠিকাদাৰ অনিল দাসক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় সমবেত লোকসকলে। আনহাতে নাগৰিক মঞ্চই অতি কম দিনৰ ভিতৰত চৰকাৰী অধীকৃত ভূমি এৰি দিবলৈ ৰাইজলৈ আহ্বান জনায়।

নন্দিতা শইকীয়াৰ আত্মাৰ সৎগতিৰ অৰ্থে ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম ” ৰ মৌন পোহৰ সমদল

 ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া ধেমাজি চহৰত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত ৰিণ্টু শৰ্মা নামৰ এজন উন্মাদ যুৱকৰ আক্ৰমণৰ বলি হৈ পিছত চিকিৎসালয়ত কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দি ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম “ৰ শিৱসাগৰ জিলা সমিতিয়ে অভিযুক্ত ঘাতক ৰিণ্টু শৰ্মা আৰু এই ঘটনাৰ লগত জড়িত সকলক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত ভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে । যোৱা নিশা সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নাজিৰা মহকুমাৰ জয়া তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপৰি নন্দিতা শইকীয়াৰ বিদেহ আত্মাৰ সৎগতিৰ লগতে ‘ মহিলা সুৰক্ষা বিধেয়ক ‘ অৱলম্বনৰ উদ্দেশ্যে এক ” মৌন পোহৰ সমদল ” বাহিৰ কৰে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক সুনিল গগৈ , নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি দিগন্ত ফুকন , সম্পাদক বিতুল গগৈ আৰু বকতা আঞ্চলিক সমিতি বিষয় – ববীয়া সহ দুই শতাধিক যুৱক – যুৱতীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী জয়া তিনিআলিৰ পৰা আৰম্ভ কৰি প্ৰায় দহ কিলোমিটাৰ জোৰি বকতাত সমৰণী মাৰে ।